উপনয়ন মুহুৰ্ত 2025

Author: Lobitha Dutta | Updated Thu, 20 June, 2024 6:37 PM

সনাতম ধৰ্মত নিৰ্দ্ধাৰিত কৰা 16টা সংস্কাৰৰ ভিতৰত দশম সংস্কাৰ হৈছে উপনয়ন সংস্কাৰ অৰ্থাৎ লগুণ দিয়নি সংস্কাৰ। সনাতম ধৰ্মত পুৰুষসকলে লগুণ ধাৰণ কৰাৰ পৰম্পৰা প্ৰচলিত হৈ আহিছে। উপনয়ম শব্দৰ অৰ্থ হৈছে নিজকে আন্ধাৰৰপৰা আতৰাই আনি পোহৰৰ দিশে লৈ যোৱা। মান্যতা অনুসৰি কোৱা হয় যে উপনয়ম সংস্কাৰ হোৱাৰ পিছতহে বালকে ধৰ্মীয় কাৰ্য্যত অংশগ্ৰহণ কৰিব পাৰে। এই কাৰণবশতঃ হিন্দু ধৰ্মত উপনয়ন সংস্কাৰক বিশেষ গুৰুত্ব প্ৰদান কৰা হয়। আজি আপোনাক এই লিখনিটোৰ মাধ্যমেৰে শুভ উপনয়ন মুহুৰ্ত 2025 সম্পৰ্কে তথ্য প্ৰদান কৰিম। লগতে উপনয়ন সংস্কাৰৰ সৈতে জড়িত কিছুমান মনোগ্ৰাহী কথাও অৱগত কৰিম।


উপনয়ন সংস্কাৰ দৰাচলতে কি?

উপনয়ন সংস্কাৰত বালকসকলক লগুণ ধাৰণ কৰোৱা হয়। লগুণ হৈছে তিনিডাল জৰীৰ এডাল সূতা যাক পুৰুষে নিজৰ বাঁও কান্ধৰ ওপৰৰপৰা সোঁ বাহুৰ তলেৰে ধাৰণ কৰে। যদিহে আপুনি বৰ্ষ 2025 ত লগুণ ধাৰণ বা উপনয়ম সংস্কাৰ কৰিব বা কাৰোবাৰ বাবে কৰোৱাৰ কথা ভাবিছে তেনেহ’লে উপনয়ন মুহুৰ্ত 2025 সম্পৰ্কীয় সকলোতকৈ সঠিক আৰু বিস্তৃত তথ্য লাভ কৰিবৰ বাবে আমাৰ এই লিখনিটো শেষলৈকে পঢ়ক।

Read in English: Upnayana Muhurat 2025

উপনয়ন মুহুৰ্তৰ গুৰুত্ব

হিন্দু ধৰ্মৰ পালন কৰা লোকসকলৰ বাবে এই পৰম্পৰা বা সংস্কাৰক যথেষ্ট শক্তিশালী আৰু গুৰুত্বপূৰ্ণ হিচাপে গণ্য কৰা হয়। লগুণ দিয়নি সংস্কাৰ বা উপনয়ন সংস্কাৰৰ সৈতে বালকৰ বাল্যাৱস্থাৰপৰা যৌৱন অৱস্থালৈ উদয় হয়। এইখিনি সময়ত পূজাৰী বা কোনো পণ্ডিতে বালকজনৰ বাঁও কান্ধৰ ওপৰেৰে লৈ সোঁ বাহুৰ তলেৰে এডাল পৱিত্ৰ সূতা যাক লগুণ বুলি কোৱা হয় সেইডাল পিন্ধাই দিয়ে। লগুণ মুখ্যতঃ তিনিডাল সূতাৰে নিৰ্মিত হয় আৰু এই তিনিডাল সূতাই ব্ৰহ্মা, বিষ্ণু আৰু মহেশক প্ৰতিনিধিত্ব কৰে। এই সূতাকেইডালে দেৱগণ, পিতৃগণ আৰু ঋষিগণকো প্ৰতিনিধিত্ব কৰে।

ইয়াৰ উপৰিও আন এটা মত অনুসৰি কোৱা হয় যে এই সূতাকেইডালে সত্ব, ৰজঃ আৰু তম গুণক প্ৰতিনিধিত্ব কৰে। চতুৰ্থ মত অনুসৰি কোৱা হয় যে এই সূতাকেইডাল হৈছে গায়ত্ৰী মন্ত্ৰৰ তিনিটা চৰণৰ প্ৰতীক। উপনয়ন মুহুৰ্ত 2025 প্ৰৱন্ধ অনুসৰি পঞ্চম মত অনুসৰি কোৱা হয় যে এই সূতা হৈছে আশ্ৰমৰ প্ৰতীক। লগুণৰ কেইটামান মুখ্য কথা আছে যেনে,

নডাল জৰী: ইয়াত 9 ডাল জৰী থাকে। লগুণৰ প্ৰতিডাল সূতাত তিনিডাল জৰী থাকে যাক যুক্ত কৰিলে 9 ডাল হয়। এনে পৰিস্থিতিত মুঠ সংখ্যা 9 হয়।

পাঁচটা গাঁঠি: লগুণত পাঁচটা গাঁঠি থাকে। এই পাঁচটা গাঁঠিয়ে ব্ৰহ্মা, ধৰ্ম, কৰ্ম, কাম আৰু মোক্ষক প্ৰতিনিধিত্ব কৰে।

লগুণৰ দৈৰ্ঘ্য: লগুণৰ দৈৰ্ঘ্যৰ ক্ষেত্ৰত দেখা যায় যে উপনয়ন মুহুৰ্ত 2025 ত উল্লেখ কৰা অনুসৰি লগুণৰ দৈৰ্ঘ্য 96 আঙুলি হয়। ইয়াত লগুণ ধাৰণ কৰা ব্যক্তিগৰাকীক 64 কলা আৰু 32 বিদ্যা শিকিবৰ বাবে প্ৰয়াস কৰিবলৈ আহ্বান কৰা হৈছে। 32 বিদ্যাত থাকে চাৰি বেদ, চাৰি উপবেদ, 6 দৰ্শন, 6 আগম, 3 সূত্ৰ আৰু 9 আৰণ্যক।

লগুণ ধাৰণ কৰা: যেতিয়া কোনো বালকে লগুণ ধাৰণ কৰে তেতিয়া তেওঁ কেৱল এডাল দণ্ড হাতত লৈ থাকে। তেওঁ কেৱল এটা বস্ত্ৰ ধাৰণ কৰে য’ত কোনো চিলাই নাথাকে, গলত হালধীয়া ৰঙৰ বস্ত্ৰ লয়।

যজ্ঞ: লগুণ ধাৰণ কৰাৰ সময়ত এক যজ্ঞ কৰা হয় য’ত বালক আৰু তেওঁৰ পৰিয়ালৰ লোকে অংশগ্ৰহণ কৰে। তাৰপিছত পণ্ডিতক গুৰু দীক্ষা দিয়া হয়।

জীৱনৰ প্ৰতিটো সৰু-বৰ সমস্যাৰ সমাধান লাভ কৰিবৰ বাবে বিদ্বান জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক আৰু চাট্ কৰক

গায়ত্ৰী মন্ত্ৰ: লগুণৰ আৰম্ভণি গায়ত্ৰী মন্ত্ৰৰে হয়। গায়ত্ৰী মন্ত্ৰত তিনিটা চৰণ থাকে।

তৎসবিদূৰ্ভৰেণ্যম- এয়া হৈছে প্ৰথম চৰণ।

ভৰ্গ দেৱস্য ধীমহি- ই হৈছে দ্বিতীয় চৰণ আৰু

ধিয়ো য়ো ন প্ৰচোদয়াৎ॥ তৃতীয় চৰণ হৈছে এয়া।

हिंदी में पढ़े : उपनयन मुहूर्त 2025

লগুণ সংস্কাৰৰ মন্ত্ৰ

য়জ্ঞোপৱীতং পৰমং প্ৰজাপতেৰ্য়্যৎসহজং পুৰস্তাত্।

আয়ুধংগ্ৰ প্ৰতিমুঞ্চ শুভ্ৰং যজ্ঞোপৱীতং বলমস্তু তেজঃ।।

2025 বৰ্ষৰ উপনয়ন মুহুৰ্ত

যদিহে আপুনি নিজৰ সন্তানৰ বাবে অথবা নিজৰ কোনো আপোন মানুহৰ বাবে উপনয়ন সংস্কাৰ মুহুৰ্তৰ সন্ধানত আছে তেনেহ’লে আমি আপোনাক সমস্যাৰ সমাধান প্ৰদান কৰিম কাৰণ এই বিশেষ লেখাটোত আমি আপোনাক উপনয়ন মুহুৰ্ত 2025 সম্পৰ্কীয় সঠিক তথ্য প্ৰদান কৰিবলৈ গৈ আছোঁ। এই মুহুৰ্ত নক্ষত্ৰ আৰু গ্ৰহসমূহৰ গতি-বিধি আৰু স্থিতিৰ ওপৰত গুৰুত্ব দি প্ৰস্তুত কৰা হৈছে।

জীৱনৰ যিকোনো সমস্যাৰ সমাধান লাভ কৰিবৰ বাবে প্ৰশ্ন সোধক

জানুৱাৰী 2025- শুভ উপনয়ন মুহুৰ্ত 2025

তাৰিখ

সময়

1 জানুৱাৰী 2025

07:45-10:22

11:50-16:46

2 জানুৱাৰী 2025

07:45-10:18

11:46-16:42

4 জানুৱাৰী 2025

07:46-11:38

13:03-18:48

8 জানুৱাৰী 2025

16:18-18:33

11 জানুৱাৰী 2025

07:46-09:43

15 জানুৱাৰী 2025

07:46-12:20

13:55-18:05

18 জানুৱাৰী 2025

09:16-13:43

15:39-18:56

19 জানুৱাৰী 2025

07:45-09:12

30 জানুৱাৰী 2025

17:06-19:03

31 জানুৱাৰী 2025

07:41-09:52

11:17-17:02

ফেব্ৰুৱাৰী 2025- শুভ উপনয়ন মুহুৰ্ত 2025

তাৰিখ

সময়

1 ফেব্ৰুৱাৰী 2025

07:40-09:48

11:13-12:48

2 ফেব্ৰুৱাৰী 2025

12:44-19:15

7 ফেব্ৰুৱাৰী 2025

07:37-07:57

09:24-14:20

16:35-18:55

8 ফেব্ৰুৱাৰী 2025

07:36-09:20

9 ফেব্ৰুৱাৰী 2025

07:35-09:17

10:41-16:27

14 ফেব্ৰুৱাৰী 2025

07:31-11:57

13:53-18:28

17 ফেব্ৰুৱাৰী 2025

08:45-13:41

15:55-18:16

মাৰ্চ 2025- শুভ উপনয়ন মুহুৰ্ত 2025

তাৰিখ

সময়

1 মাৰ্চ 2025

07:17-09:23

10:58-17:29

2 মাৰ্চ 2025

07:16-09:19

10:54-17:25

14 মাৰ্চ 2025

14:17-18:55

15 মাৰ্চ 2025

07:03-11:59

14:13-18:51

16 মাৰ্চ 2025

07:01-11:55

14:09-18:47

31 মাৰ্চ 2025

07:25-09:00

10:56-15:31

এপ্ৰিল 2025- শুভ উপনয়ন মুহুৰ্ত 2025

তাৰিখ

সময়

2 এপ্ৰিল 2025

13:02-19:56

7 এপ্ৰিল 2025

08:33-15:03

17:20-18:48

9 এপ্ৰিল 2025

12:35-17:13

13 এপ্ৰিল 2025

07:02-12:19

14:40-19:13

14 এপ্ৰিল 2025

06:30-12:15

14:36-19:09

18 এপ্ৰিল 2025

09:45-16:37

30 এপ্ৰিল 2025

07:02-08:58

11:12-15:50

মে’ 2025- শুভ উপনয়ন মুহুৰ্ত 2025

তাৰিখ

সময়

1 মে’ 2025

13:29-20:22

2 মে’ 2025

06:54-11:04

7 মে’ 2025

08:30-15:22

17:39-18:46

8 মে’ 2025

13:01-17:35

9 মে’ 2025

06:27-08:22

10:37-17:31

14 মে’ 2025

07:03-12:38

17 মে’ 2025

07:51-14:43

16:59-18:09

28 মে’ 2025

09:22-18:36

29 মে’ 2025

07:04-09:18

11:39-18:32

31 মে’ 2025

06:56-11:31

13:48-18:24

জুন 2025- শুভ উপনয়ন মুহুৰ্ত 2025

তাৰিখ

সময়

5 জুন 2025

08:51-15:45

6 জুন 2025

08:47-15:41

7 জুন 2025

06:28-08:43

11:03-17:56

8 জুন 2025

06:24-08:39

12 জুন 2025

06:09-13:01

15:17-19:55

13 জুন 2025

06:05-12:57

15:13-17:33

15 জুন 2025

17:25-19:44

16 জুন 2025

08:08-17:21

26 জুন 2025

14:22-16:42

27 জুন 2025

07:24-09:45

12:02-18:56

28 জুন 2025

07:20-09:41

30 জুন 2025

09:33-11:50

শনি প্ৰতিৱেদনৰ জৰিয়তে জানক আপোনাৰ জীৱনত শনিৰ প্ৰভাৱৰ বিষয়ে

জুলাই 2025- শুভ উপনয়ন মুহুৰ্ত 2025

তাৰিখ

সময়

5 জুলাই 2025

09:13-16:06

7 জুলাই 2025

06:45-09:05

11:23-18:17

11 জুলাই 2025

06:29-11:07

15:43-20:05

12 জুলাই 2025

07:06-13:19

15:39-20:01

26 জুলাই 2025

06:10-07:51

10:08-17:02

27 জুলাই 2025

16:58-19:02

আগষ্ট 2025- শুভ উপনয়ন মুহুৰ্ত 2025

তাৰিখ

সময়

3 আগষ্ট 2025

11:53-16:31

4 আগষ্ট 2025

09:33-11:49

6 আগষ্ট 2025

07:07-09:25

11:41-16:19

9 আগষ্ট 2025

16:07-18:11

10 আগষ্ট 2025

06:52-13:45

16:03-18:07

11 আগষ্ট 2025

06:48-11:21

13 আগষ্ট 2025

08:57-15:52

17:56-19:38

24 আগষ্ট 2025

12:50-17:12

25 আগষ্ট 2025

06:26-08:10

12:46-18:51

27 আগষ্ট 2025

17:00-18:43

28 আগষ্ট 2025

06:28-12:34

14:53-18:27

ছেপ্তেম্বৰ 2025- শুভ উপনয়ন মুহুৰ্ত 2025

তাৰিখ

সময়

3 ছেপ্তেম্বৰ 2025

09:51-16:33

4 ছেপ্তেম্বৰ 2025

07:31-09:47

12:06-18:11

24 ছেপ্তেম্বৰ 2025

06:41-10:48

13:06-18:20

27 ছেপ্তেম্বৰ 2025

07:36-12:55

অক্টোবৰ 2025- শুভ উপনয়ন মুহুৰ্ত 2025

তাৰিখ

সময়

2 অক্টোবৰ 2025

07:42-07:57

10:16-16:21

17:49-19:14

4 অক্টোবৰ 2025

06:47-10:09

12:27-17:41

8 অক্টোবৰ 2025

07:33-14:15

15:58-18:50

11 অক্টোবৰ 2025

09:41-15:46

17:13-18:38

24 অক্টোবৰ 2025

07:10-11:08

13:12-17:47

26 অক্টোবৰ 2025

14:47-19:14

31 অক্টোবৰ 2025

10:41-15:55

17:20-18:55

নৱেম্বৰ 2025- শুভ উপনয়ন মুহুৰ্ত 2025

তাৰিখ

সময়

1 নৱেম্বৰ 2025

07:04-08:18

10:37-15:51

17:16-18:50

2 নৱেম্বৰ 2025

10:33-17:12

7 নৱেম্বৰ 2025

07:55-12:17

9 নৱেম্বৰ 2025

07:10-07:47

10:06-15:19

16:44-18:19

23 নৱেম্বৰ 2025

07:21-11:14

12:57-17:24

30 নৱেম্বৰ 2025

07:42-08:43

10:47-15:22

16:57-18:52

ডিচেম্বৰ 2025- শুভ উপনয়ন মুহুৰ্ত 2025

তাৰিখ

সময়

1 ডিচেম্বৰ 2025

07:28-08:39

5 ডিচেম্বৰ 2025

07:31-12:10

13:37-18:33

6 ডিচেম্বৰ 2025

08:19-13:33

14:58-18:29

21 ডিচেম্বৰ 2025

11:07-15:34

17:30-19:44

22 ডিচেম্বৰ 2025

07:41-09:20

12:30-17:26

24 ডিচেম্বৰ 2025

13:47-17:18

25 ডিচেম্বৰ 2025

07:43-12:18

13:43-15:19

29 ডিচেম্বৰ 2025

12:03-15:03

16:58-19:13

আপুনি এই কথা জানেনে? অনেক শাস্ত্ৰত নাৰীয়ে লগুণ ধাৰণ কৰাৰ কথাও উল্লেখ আছে। কিন্তু সেয়া পুৰুষৰ দৰে কান্ধৰপৰা বাহুলৈ নহয় বৰঞ্চ ডিঙিৰ হাৰৰ দৰে ধাৰণ কৰা হয়। প্ৰাচীন সময়ক বিবাহিত পুৰুষসকলে দুডাল পৱিত্ৰ সূতা বা লগুণ ধাৰণ কৰিছিল যাৰ এডাল তেওঁলোকে নিজৰ বাবে আৰু আনডাল নিজৰ পত্নীৰ বাবে ধাৰণ কৰিছিল।

প্ৰেম সম্পৰ্কীয় সমস্যাৰ সমাধানৰ বাবে গ্ৰহণ কৰক প্ৰেম সম্পৰ্কীয় পৰামৰ্শ

উপনয়ন সংস্কাৰৰ সঠিক বিধি

এতিয়া কথা পাতোঁ এই এই সংস্কাৰৰ সঠিক বিধিৰ বিষয়ে। উপনয়ন সংস্কাৰ বা লগুণ দিয়নি সংস্কাৰ আৰম্ভ কৰাৰ পূৰ্বে বালকৰ মুণ্ডন নিশ্চিতভাৱে কৰাব লাগে।

উপনয়ন সংস্কাৰৰ সৈতে জড়িত বিশেষ নিয়ম

উপনয়ন সংস্কাৰ 2025 সম্পৰ্কীয় কিছুমান বিশেষ নিয়মো নিৰ্দ্ধাৰিত কৰা হৈছে। এই নিয়মসমূহৰ বিষয়ে জানো আহক।

মনোগ্ৰাহী তথ্য: কোৱা হয় যে উপনয়ম সংস্কাৰৰ সময়ত লগুণ পৰিধান কৰাৰ ফলত ব্যক্তি আধ্যাত্মিকতাৰ সৈতে জড়িত হৈ পৰে। তেওঁলোক বেয়া কাম, বেয়া চিন্তাৰপৰা আতৰি যায় আৰু নিজৰ জীৱনটো আধ্যাত্মিক কৰি তোলে।

লগুণৰ ধৰ্মীয় আৰু বৈজ্ঞানিক গুৰুত্ব আপুনি জানে নে?

উপনয়ন মুহুৰ্ত 2025 প্ৰৱন্ধ অনুসৰি হিন্দু সংস্কাৰত কোৱা হৈছে যে সকলো সংস্কাৰৰ ধৰ্মীয় গুৰুত্বৰ লগতে বৈজ্ঞানিক গুৰুত্বও আছে। লগুণ দিয়নিৰ ক্ষেত্ৰত দেখা যায় যে ইয়াৰ ধৰ্মীয় আৰু বৈজ্ঞানিক গুৰুত্বৰ লগতে স্বাস্থ্যসন্মত লাভো আছে, লগুণ ধাৰণ কৰাৰ ফলত কিছুমান উচিত নিয়মৰ পালন কৰা হয় আৰু যদিহে কোনো ব্যক্তিয়ে এই নিয়মসূহৰ পালন কৰে তেতিয়া সেই ব্যক্তিগৰাকীয়ে অত্যন্ত সফল জীৱন যাপন কৰিব পাৰে, এনে ব্যক্তিয়ে কোনো দুঃস্বপ্ন নেদেখে কাৰণ লগুণ হৃদয়ৰ সৈতে জড়িত হৈ থাকে।

লগতে এই সূতাডালে ব্যক্তিক দাঁত, পেট আৰু বেক্টেৰিয়াৰপৰা হোৱা সমস্যাৰপৰা আতৰাই ৰাখে। যেতিয়া এই পৱিত্ৰ সূতাডাল কান্ধৰ ওপৰেৰে বন্ধা যায় তেতিয়া ইয়াৰদ্বাৰা সূৰ্য্য নাড়ী দাগ্ৰত হয়। এই সূতাডালে ব্যক্তিক পেটৰ সৈতে জড়িত সমস্যা আৰু ৰক্তচাপৰপৰা দূৰত ৰাখে। লগতে ই ক্ৰোধৰো নিয়ন্ত্ৰণ কৰে।

2025 বৰ্ষৰ উপনয়ন সংস্কাৰ: এই কথাকেইটাৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক

যেতিয়া উপনয়ন মুহুৰ্ত 2025 সম্পৰ্কে গণনা কৰা হয় তেতিয়া ইয়াৰ বাবে কিছুমান কথাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰিব লাগে যেনে,

নক্ষত্ৰ: উপনয়ন মুহুৰ্তৰ বাবে আৰ্দ্ৰা নক্ষত্ৰ, অশ্বিনী নক্ষত্ৰ, হস্ত নক্ষত্ৰ, পুষ্য নক্ষত্ৰ, অশ্লেষা নক্ষত্ৰ, পুণৰ্বসু নক্ষত্ৰ, স্বাতী নক্ষত্ৰ, শ্ৰৱণ নক্ষত্ৰ, ধনিষ্ঠা নক্ষত্ৰ, শতভিষা নক্ষত্ৰ, মূল নক্ষত্ৰ, চিত্ৰা নক্ষত্ৰ, মৃগশিৰা নক্ষত্ৰ, পূৰ্বফাল্গুনী নক্ষত্ৰ, পূৰ্বষাড়া নক্ষত্ৰ, পূৰ্বভাদ্ৰপদ নক্ষত্ৰক বিশেষ শুভ হিচাপে গণ্য কৰা হয়। এনে পৰিস্থিতিত এই নক্ষত্ৰসমূহৰ প্ৰতি বিশেষ মনোযোগ ৰাখিব লাগে।

বাৰ: বাৰৰ ক্ষেত্ৰত দেখা যায় যে উপনয়ন মুহুৰ্তৰ বাবে দেওবাৰ, সোমবাৰ, বুধবাৰ, বৃহস্পতিবাৰ আৰু শুক্ৰবাৰক বিশেষ শুভ হিচাপে গণ্য কৰা হয়।

লগ্ন : লগ্নৰ ক্ষেত্ৰত দেখা যায় যে লগ্নৰপৰা শুভ গ্ৰহ সপ্তম, অষ্টম আৰু দ্বাদশ গৃহত স্থিত হোৱাটোক যথেষ্ট শুভ বুলি ভবা হয় অথবা শুভ গ্ৰহ কোনো তৃতীয়, ষষ্ঠ, একাদশ গৃহত স্থিত হ’লে ইয়াক শুভ হিচাপে গণ্য কৰা হয়। ইয়াৰ উপৰিও যদিহে চন্দ্ৰমা লগ্ন গৃহত বৃষ ৰাশি বা কৰ্কট ৰাশিত স্থিত হয় তেতিয়া ইয়াক অত্যন্ত শুভ স্থিতি বুলি বিবেচিত কৰা হয়।

মাহ: মাহৰ ক্ষেত্ৰত ক’ব পাৰি যে চ’ত মাহ, ব’হাগ মাহ, মাঘ মাহ আৰু ফাগুন মাহক লগুণ দিয়নি সংস্কাৰৰ বাবে অতি শুভ হিচাপে গণ্য কৰা হয়।

লগুণ ধাৰণ কৰিছে যদি এই কথাকেইটাৰ প্ৰতি বিশেষ মনোযোগ দিয়ক

সকলো ধৰণৰ জ্যোতিষীয় সমাধানৰ বাবে ক্লিক কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ

আমি আশা কৰিছোঁ যে আমাৰ এই উপনয়ন মুহুৰ্তৰ বিশেষ লিখনিটো আপোনাৰ বাবে নিশ্চয় সহায়ক প্ৰমাণিত হ’ব আৰু আপুনি ইয়াৰপৰা সঠিক তথ্যসমূহ লাভ কৰিব পাৰিব। যদিহে এনে হয় তেনেহ’লে আপুনি ইয়াক নিজৰ শুভাকাংক্ষীসকলৰ সৈতে শ্যেয়াৰ কৰিবলৈ নাপাহৰিব। এষ্ট্ৰোচেজৰ সৈতে সংযুক্ত হৈ থকাৰ বাবে আপোনাক অশেষ অশেষ ধন্যবাদ!

Talk to Astrologer Chat with Astrologer