শুভ মুহুৰ্ত 2025

সনাতম ধৰ্মত প্ৰতিটো কাৰ্য্য কৰাৰ পূৰ্বে শুভ মুহুৰ্ত চোৱা হয় যাৰ দ্বাৰা ব্যক্তিয়ে সেই বিশেষ সময়ছোৱাত সম্পন্ন কৰা কামৰ ক্ষেত্ৰত সফলতা প্ৰাপ্ত কৰে। সৰল শব্দত ক’ব পাৰি যে সেই সময় য’ত গ্ৰহৰ স্থিতি, দশা আৰু নক্ষত্ৰ অনুকূল স্থিতিত থাকে সেই সময়ত সম্পন্ন কৰা কাৰ্য্যই সুখ-সমৃদ্ধি তথা সফলতা কঢ়িয়াই আনে। কিন্তু প্ৰায়ে আপোনাৰ মনলৈ এনে প্ৰশ্ন আহিব পাৰে যে এনে কিয় হয়? আপোনাৰ মনত উদয় হোৱা এই প্ৰশ্নসমূহৰ উত্তৰ আপুনি এষ্ট্ৰোছেজৰ এই বিশেষ লেখা “শুভ মুহুৰ্ত 2025” ৰ জৰিয়তে প্ৰাপ্ত কৰিব।

শুভ মুহুৰ্ত 2025

ভৱিষ্যতৰ সৈতে জড়িত যিকোনো সমস্যাৰ সমাধান লাভ কৰিব বিদ্বান জ্যোতিষীসকলৰ সৈতে কথা পাতি

এই প্ৰৱন্ধটোত আপোনাক বৰ্ষ 2025 ত আহিবলগীয়া শুভ তাৰিখ আৰু মুহুৰ্তসমূহৰ বিষয়ে অথবা শুভ মুহুৰ্ত 2025 ৰ বিষয়ে তথ্য প্ৰদান কৰাৰ লগতে হিন্দু ধৰ্মত শুভ মহত্ব, ইয়াক নিৰ্দ্ধাৰিত কৰাৰ নিয়ম আৰু কোনবোৰ কথাৰ প্ৰতি মনোযোগ ৰাখিব লাগিব সেই বিষয়েও অৱগত কৰা হ’ব। তেনেহ’লে আহক পলম নকৰি প্ৰৱন্ধটো আৰম্ভ কৰোঁ আৰু সৰ্বপ্ৰথমে জানি লওঁ শুভ মুহুৰ্ত কি।

শুভ-মুহুৰ্তৰ অৰ্থ

সৰল শব্দত শুভ মুহুৰ্ত 2025 হৈছে এনে সময় য’ত আমি কোনো নতুন কাৰ্য্য বা মাংগলিক কাৰ্য্যৰ আৰম্ভণি কৰিব পাৰোঁ। শুভ মুহুৰ্তৰ সময়ত সকলো গ্ৰহ তথা নক্ষত্ৰ অনুকূল স্থিতিত থাকে সেয়েহে এই সময়োৱাত এইবোৰে ইতিবাচক ফল প্ৰদান কৰিবলৈ সক্ষম হয়। হিন্দুসকলৰদ্বাৰা প্ৰতিটো শুভ তথা মাংগলিক কাৰ্য্য কৰাৰ পূৰ্বে মুহুৰ্ত বা তিথি চোৱা হয় আৰু সকলোতকৈ উত্তম সময়কেই শুভ মুহুৰ্ত হিচাপে গণ্য কৰা হয়। এই সময়খিনিক সকলো ধৰণৰ শুভ কাৰ্য্যৰ বাবে সৰ্বশ্ৰেষ্ঠ হিচাপে বিবেচিত কৰা হয়।

সময়ৰ সৈতে আমি আগবাঢ়ি যোৱাৰ লগে লগে শুভ মুহুৰ্তৰ প্ৰতি মানুহৰ বিচাৰধাৰাৰো পৰিৱৰ্তন হৈছে আৰু মানুহে এতিয়া শুভ মুহুৰ্ত নোচোৱাকৈয়ে কোনো নতুন আৰু মাংগলিক কামৰ আৰম্ভণি কৰি দিয়ে কিন্তু, সেয়েহে তেওঁলোকে সেই কাৰ্য্যৰ ক্ষেত্ৰত নেতিবাচক পৰিণামৰ সম্মুখীন হ’বলগীয়া হয়। এনে কাৰ্য্য শুভ মুহুৰ্তত সম্পন্ন নকৰাৰ ফলস্বৰূপে হয়।

यह भी पढ़ें: राशिफल 2025

কিয় শুভ মুহুৰ্ত ইমান গুৰুত্বপূৰ্ণ?

আমি আপোনাক ইতিমধ্যে অৱগত কৰিছোঁৱেই যে শুভ মুহুৰ্তৰ অত্যন্ত গুৰুত্বপূৰ্ণ স্থান আছে, আমি সকলোৱে এই কথা ভালদৰে জানো যে যেতিয়া কোনো ব্যক্তিয়ে কোনো নতুন কামৰ আৰম্ভণি কৰে তেতিয়া যথেষ্ট আশাৰে তেওঁ সেই কাম কৰে আৰু শুভ মুহুৰ্তৰ কোনো কামৰ সফতা নিৰ্দ্ধাৰণ কৰাৰ ক্ষমতা থাকে। জ্যোতিষশাস্ত্ৰ অনুসৰি, মনুষ্যই নতুন কাৰ্য্য অথবা মাংগলিক কাৰ্য্যত সফলতা তেতিয়াহে লাভ কৰে যেতিয়া সেই কাৰ্য্যটো তেওঁ শুভ মুহুৰ্তত কৰে অৰ্থাৎ গ্ৰহ আৰু নক্ষত্ৰসমূহৰ শুভ স্থিতিৰ অৱধিত সেইসমূহৰ আশীৰ্বাদৰ সৈতে সম্পন্ন কৰা হয়। অৱশ্যে, শুভ আৰু মাংগলিক কাৰ্য্যৰ বাবে শুভ মুহুৰ্ত চোৱাৰ পৰম্পৰাৰ বৈদিক কালৰপৰাই প্ৰচলন আছে কাৰণ শুভ-অশুভ মুহুৰ্তৰপৰাই কাৰ্য্যৰ সফলতা-বিফলতা নিৰ্দ্ধাৰিত হয়।

2025 বৰ্ষৰ শুভ মুহুৰ্ত: তিথি আৰু মুহুৰ্ত

বিশ্বাস কৰা হয় যে যি মানুহে নিজৰ জীৱনত সময়ৰ গুৰুত্ব বুজি পায় তেওঁ নিশ্চিতভাৱে সফলতা প্ৰাপ্ত কৰে আৰু এই কথা শুভ মুহুৰ্তৰ ক্ষেত্ৰতো প্ৰযোজ্য হয়। বিশ্বাস কৰা হয় যে শুভ মুহুৰ্ত্তত যি কাৰ্য্য সম্পন্ন কৰা হয় তাত শুভ ফল প্ৰাপ্ত হয় আৰু সেয়া নিৰ্বিঘ্নে সম্পূৰ্ণ হয়। হিন্দু ধৰ্মত এনে বহু সুযোগ আহে য’ত ব্যক্তিয়ে শুভ মুহুৰ্ত চাই সেই অনুসৰি কাম কৰিবলৈ পছন্দ কৰে যেনে বিবাহ, অন্নপ্ৰাশন, মুণ্ডন, বিদ্যাৰম্ভ, উপনয়ন ইত্যাদি। এই সংস্কাৰসমূহ কৰিবৰ বাবে সদায় শুভ দিন বা শুভ মুহুৰ্তৰ বাছনি কৰা হয় যাৰদ্বাৰা এই ব্যক্তিসকলৰ জীৱনত সৌভাগ্য প্ৰাপ্ত কৰে।

বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ

যদিহে আপুনি আগন্তুক বৰ্ষ অৰ্থাৎ বৰ্ষ 2025ত বিবাহ বা নিজৰ সন্তানৰ মুণ্ডন, অন্নপ্ৰাশন আদি সংস্কাৰৰ বাবে শুভ মুহুৰ্ত 2025 ৰ সন্ধানত আছে তেনহ’লে ইয়াত আমি আপোনাক নামকৰণৰপৰা আৰম্ভ কৰি বিবাহলৈকে শুভ মুহুৰ্ত আৰু শুভ দিন বা তাৰিখসমূহ অৱগত কৰিম।

Click here to read in English: Shubh Muhurat 2025

কৰ্ণবেধ মুহুৰ্ত 2025

বৰ্ষ 2025 ৰ কৰ্ণবেধ মুহুৰ্ত 2025 ৰ সৰ্বাধিক শুভ মুহুৰ্ত আৰু তাৰিখৰ বিষয়ে বিস্তৃতভাৱে জানিবৰ বাবে ইয়াত ক্লিক্ কৰক।

বিবাহ মুহুৰ্ত 2025

বৰ্ষ 2025 ৰ বিবাহ মুহু্ৰত 2025 ৰ সৰ্বাধিক শুভ মুহুৰ্ত আৰু তাৰিখৰ বিষয়ে বিস্তৃতভাৱে জানিবৰ বাবে ইয়াত ক্লিক্ কৰক।

উপনয়ন মুহুৰ্ত 2025

বৰ্ষ 2025 প উপনয়ম মুহুৰ্ত 2025 ৰ সৰ্বাধিক শুভ মুহুৰ্ত আৰু তাৰিখৰ বিষয়ে বিস্তৃতভাৱে জানিবৰ বাবে ইয়াত ক্লিক্ কৰক।

নামকৰণ মুহুৰ্ত 2025

বৰ্ষ 2025 ৰ নামকৰণ মুহুৰ্ত 2025 ৰ সৰ্বাধিক শুভ মুহুৰ্ত আৰু তাৰিখৰ বিষয়ে বিস্তৃতভাৱে জানিবৰ বাবে ইয়াত ক্লিক্ কৰক।

অন্নপ্ৰাশন মুহুৰ্ত 2025

বৰ্ষ 2025 ৰ অন্নপ্ৰাশন মুহুৰ্ত 2025 ৰ সৰ্বাধিক শুভ মুহুৰ্ত আৰু তাৰিখৰ বিষয়ে বিস্তৃতভাৱে জানিবৰ বাবে ইয়াত ক্লিক্ কৰক।

আহক আমি আগবাঢ়ি যাওঁ আৰু আপোনাক অৱগত কৰাওঁ কেনেদৰে হয় শুভ মুহুৰ্তৰ নিৰ্মাণ।

কেনেদৰে হয় শুভ মুহুৰ্তৰ নিৰ্মাণ?

শুভ মুহুৰ্ত 2025 ৰ সৈতে জড়িত কিছুমান গুৰুত্বপূৰ্ণ কথাৰ বিষয়ে আমি আপোনাক প্ৰথমেই অৱগত কৰিছোঁ যেনে শুভ মুহুৰ্ত নো কি আৰু ইয়াৰ গুৰুত্ব কি ইত্যাদি। তৎস্বত্বেও আপোনাক মনত এই প্ৰশনৰ নিশ্চয় উদয় হৈছে যে আচলতে শুভ মুহুৰ্ত নো কিদৰে গঠন হয় আৰু আমি কেনেদৰে জানিব পাৰিম যে গঠিত হোৱা মুহুৰ্তটো শুভ নে অশুভ। এই প্ৰশ্নসমূহৰ উত্তৰ জানিবৰ বাবে জ্যোতিষে আপোনাৰ সহায় কৰিব পাৰে কাৰণ জ্যোতিষ বিদ্যাৰ মাধ্যমেৰে আমি সকলো প্ৰশ্নৰ উত্তৰ জানিব পাৰিম। এনেদৰে, শুভ মুহুৰ্তৰ বিষয়ে জ্যোতিষশাস্ত্ৰত বিস্তাৰপূৰ্বক বৰ্ণনা কৰা হৈছে।

শুভ মুহুৰ্তৰ নিৰ্দ্ধাৰণ কৰিবৰ বাবে তিথি, বাৰ, যোগ, নক্ষত্ৰ, নৱ গ্ৰহৰ স্থিতি, কৰণ, শুক্ৰ-গুৰু অস্ত, অধিক মাহ, মলমাহ, শুভ-অশুভ যোগ, ৰাহুকাল, শুভ লগ্ন আৰু ভদ্ৰা আদিৰ গণনা কৰা হয়। কিন্তু শুভ মুহুৰ্তৰ সমানেই অশুভ মুহুৰ্তও থাকে যি কাৰ্য্যৰ সফলতা-বিফলতা নিৰ্দ্ধাৰণ কৰে। এনেদৰে, সনাতন ধৰ্মত সময় বাছনি কৰাৰ একক হিচাপে মুহুৰ্ত চোৱা হয়।

আনহাতে, পঞ্জিকা অনুসৰি, এটা দিনত 24 ঘণ্টা থাকে যাৰ আধাৰত এটা দিনত মুঠ 30টা মুহুৰ্ত ওলায়। এনে পৰিস্থিতিত, প্ৰতিটো মুহুৰ্ত 48 মিনিট পৰ্য্যন্ত থাকে। এই সূচীৰ মাধ্যমেৰে আপুনি জানিব পাৰিব কোনটো মুহুৰ্ত শুভ আৰু কোনটো অশুভ।

পাওক আপোনাৰ সোঁৱৰণি আধাৰিত সঠিক শনি প্ৰতিৱেদন

শুভ-অশুভ মুহুৰ্তৰ সম্পূৰ্ণ সূচী

মুহুৰ্তৰ নাম

মুহুৰ্তৰ প্ৰবৃতি

ৰূদ্ৰ

অশুভ

আহি

অশুভ

মিত্ৰ

শুভ

পিতৃ

অশুভ

বসু

শুভ

বৰাহ

শুভ

বিশ্বদেৱা

শুভ

বিধি

শুভ (সোমবাৰ আৰু শুক্ৰবাৰৰ বাহিৰে)

সতমুখী

শুভ

পুৰুহুত

অশুভ

বাহিনী

অশুভ

নক্তনকৰা

অশুভ

বৰুণ

শুভ

অৰ্যমা

শুভ (দেওবাৰৰ বাহিৰে)

ভগ

অশুভ

গিৰীশ

অশুভ

অজপাদ

অশুভ

অহিৰ-বুধ্ন্য

শুভ

পুষ্য

শুভ

অশ্বিনী

শুভ

যম

অশুভ

অগ্নি

শুভ

বিধাতৃ

শুভ

কণ্ড

শুভ

অদিতি

শুভ

অতি শুভ

অত্যন্ত শুভ

বিষ্ণু

শুভ

দ্যুমদগদ্যুতি

শুভ

ব্ৰহ্ম

অত্যন্ত শুভ

সমুদ্ৰম

শুভ

কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন

2025 বৰ্ষৰ শুভ মুহুৰ্তৰ গণনাত এই 5 টা কথাৰ প্ৰতি ৰাখক ধ্যান

পঞ্জিকাত শুভ মুহুৰ্ত গণনা কৰাৰ সময়ত তিথি, বাৰ, যোগ, কৰণ আৰু নক্ষত্ৰ আদিৰ প্ৰতি গুৰুত্ব দিয়া হয়। এনে অৱস্থাত, এই পাঁচ তথ্যক শুভ মুহুৰ্ত নিৰ্দ্ধাৰণ কৰাৰ সময়ত সৰ্বপ্ৰথমে চোৱা হয়। আহক শুভ মুহুৰ্ত 2025 ৰ গণনাৰ ক্ষেত্ৰত এই বিষয়মূহৰ বিষয়ে বিস্তৃতভাৱে জানো আহক।

তিথি

শুভ মুহুৰ্ত বাছনি কৰাৰ সময়ত তিথিৰ নাম সৰ্বপ্ৰথমে আহে। পঞ্জিকা অনুসৰি, এটা মাহত মুঠ 30 টা দিন অৰ্থাৎ 30 টা তিথি থাকে যাক 15-15 ৰ দুটা বৰ্গত বিভক্ত কৰা হয়। এই দুটাক শুক্ল পক্ষ আৰু কৃষ্ণ পক্ষ বুলি কোৱা হয়। অমাৱস্যাৰ পক্ষটোক কৃষ্ণ আৰু পূৰ্ণিমাৰ পক্ষটোক শুক্ল পক্ষ বুলি কোৱা হয়। এতিয়া আমি আপোনাক জনাম শুক্ল পক্ষ আৰু কৃষ্ণ পক্ষত পৰা তিথিসমূহৰ বিষয়ে।

শুক্ল পক্ষ

কৃষ্ণ পক্ষ

প্ৰতিপদ তিথি

প্ৰতিপদ তিথি

দ্বিতীয়া তিথি

দ্বিতীয়া তিথি

তৃতীয়া তিথি

তৃতীয়া তিথি

চতুৰ্থী তিথি

চতুৰ্থী তিথি

পঞ্চমী তিথি

পঞ্চমী তিথি

ষষ্ঠী তিথি

ষষ্ঠী তিথি

সপ্তমী তিথি

সপ্তমী তিথি

অষ্টমী তিথি

অষ্টমী তিথি

নৱমী তিথি

নৱমী তিথি

দশমী তিথি

দশমী তিথি

একাদশী তিথি

একাদশী তিথি

দ্বাদশী তিথি

দ্বাদশী তিথি

ত্ৰয়োদশী তিথি

ত্ৰয়োদশী তিথি

চতুৰ্দশী তিথি

চতুৰ্দশী তিথি

পূৰ্ণিমা তিথি

পূৰ্ণিমা তিথি

বাৰ বা দিন

বাৰ বা দিনেও শুভ মুহুৰ্তৰ নিৰ্দ্ধাৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পঞ্জিকাত সপ্তাহত কেইটামান দিন এনে থাকে যেতিয়া মাংগলিক কাৰ্য্য বৰ্জন কৰা হয় য’ত দেওবাৰৰ নাম সৰ্বপ্ৰথমেই আহে। ইয়াৰ বিপৰীতে বৃহস্পতিবাৰ, মঙ্গলবাৰক সকলো কাৰ্য্যৰ বাবে শুভ হিচাপে গণ্য কৰা হয়।

নক্ষত্ৰ

শুভ মুহুৰ্ত নিৰ্দ্ধাৰণৰ তৃতীয় দিশটো হৈছে নক্ষত্ৰ। জ্যোতিষত মুঠ 27 নক্ষত্ৰৰ কথা কোৱা হৈছে ইয়াৰে কিছুমান নক্ষত্ৰক শুভ বা অশুভ হিচাপে গণ্য কৰা হয়। লগতে, প্ৰত্যেক নক্ষত্ৰত কোনো এটা গ্ৰহৰ স্বামীত্ব থাকে। আহক শুভ মুহুৰ্ত 2025 ৰ গণনাৰ ক্ষেত্ৰত কোন নক্ষত্ৰত কোন গ্ৰহৰ শাসন থাকে সেই বিষয়ে জানি লওঁ।

নক্ষত্ৰ আৰু স্বামী গ্ৰহৰ নাম

নক্ষত্ৰৰ নাম

স্বামী গ্ৰহ

অশ্বিনী, মঘা, মূল

কেতু

ভৰণী, পূৰ্বফাল্গুনী, পূৰ্বষাড়া

শুক্ৰ

কৃতিকা, উত্তৰফাল্গুনী, উত্তৰষাড়া

সূৰ্য্য

ৰোহিণী, হস্ত, শ্ৰৱণ

চন্দ্ৰ

মৃগশিৰা, চিত্ৰা, ধনিষ্ঠা

মঙ্গল

আৰ্দ্ৰা, স্বাতী, শতভিষা

ৰাহু

পুণৰ্বসু, বিশাখা, পূৰ্বভাদ্ৰপদ

বৃহস্পতি

পুষ্য, অনুৰাধা, উত্তৰাভাদ্ৰপদ

শনি

অশ্লেষা, জ্যেষ্ঠা, ৰেৱতী

বুধ

যোগ

শুভ মুহুৰ্তৰ নিৰ্দ্ধাৰণত যোগৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে। জ্যোতিষশাস্ত্ৰত সূৰ্য্য আৰু চন্দ্ৰৰ স্থিতিৰ আধাৰত মুঠ 27 টা যোগৰ বৰ্ণনা কৰা হৈছে আৰু ইয়াৰে 9 যোগ অশুভ আৰু 18 টা যোগ শুভ হয় যাৰ নামসমূহ হৈছে এনেধৰণৰ।

শুভ যোগ: হৰ্ষণ, সিদ্ধি, বৰীয়ান, শিৱ, সিদ্ধ, সাধ্য, শুভ, শুক্ল, ব্ৰহ্ম, ঐন্দ্ৰ, প্ৰীতি, আয়ুষ্মান, সৌভাগ্য, শোভন, সুকৰ্মা, ধৃতি, বৃদ্ধি, ধ্ৰুৱ।

অশুভ যোগ: শূল, গণ্ড, ব্যাঘাত, বিষ্কুম্ভ, অতিগণ্ড, পৰিঘ, বৈধৃতি, বজ্ৰ, ব্যতিপাত

কৰণ

কৰণ হৈছে শুভ মুহুৰ্ত নিৰ্দ্ধাৰণৰ পঞ্চম আৰু অন্তিম দিশ। পঞ্জিকা অনুসৰি, এটা তিথিত দুটা কৰণ থাকে আৰু এটা তিথিৰ পূৰ্বাৰ্দ্ধ আৰু উত্তৰাৰ্দ্ধত এটা-এটা কৰণ থাকে। এনে ক্ৰমত কৰণৰ সংখ্যা 11 টা হয় আৰু ইয়াৰে 4 টা কৰণ স্থিৰ আনহাতে 7 টা কৰণ অস্থিৰ প্ৰকৃতিৰ হয়। আহক আগবাঢ়ি যাওঁ আৰু এই কৰণসমূহৰ নাম আৰু প্ৰকৃতিৰ বিষয়ে অৱগত হওঁ। স্থিৰ আৰু অস্থিৰ বা চৰ কৰণৰ নামসমূহ তলত দিয়া হৈছে।

স্থিৰ কৰণ

চতুষ্পাদ, কিস্তুঘ্ন, শকুনি, নাগ

চৰ কৰণ

বিষ্টি বা ভদ্ৰা, কৌলৱ, গৰ, তৈতিল, বণিজ, বৱ, বালৱ

এতিয়া ঘৰত বহিয়েই বিশেষজ্ঞ পুৰোহিতৰদ্বাৰা কৰাওক ইচ্ছানুসৰি অনলাইন পূজা আৰু লাভ কৰক উত্তম পৰিণাম!

বৰ্ষ 2025 ৰ শুভ মুহুৰ্তৰ সময়ত এই কামসমূহ কৰাটো পৰিহাৰ কৰক

  • শুভ মুহুৰ্ত 2025 ত পঞ্জিকাত ৰিক্ত তিথি হিচাপে জনাজাত তিথিসমূহ যেনে চতুৰ্থী, নৱমী বা চতুৰ্দশীৰ দিনাখন কামকাজৰ সৈতে সম্পৰ্কিত কোনো নতুন কাম আৰম্ভ নকৰিব।
  • কোনো গ্ৰহৰ উদয় বা অস্ত হোৱাৰ তিনি দিন পূৰ্বে বা পিছত কোনো শুভ বা মাংগলিক কাৰ্য্য কৰাটো পৰিহাৰ কৰক।
  • যিদিনাখন তিথি, দিন আৰু নক্ষত্ৰৰ যোগ কৰিলে 13 প্ৰাপ্ত হয়, সেইদিনা উৎসৱ বা সমাৰোহৰ আয়োজন নকৰিব।
  • অমাৱস্যা তিথিত কেতিয়াও শুভ কাৰ্য্য নকৰিব।
  • শুভ মুহুৰ্ত 2025 ত ব্যৱসায়ৰ সৈতে সম্পৰ্কিত কোনো ডীল বা চুক্তি দেওবাৰ, মঙ্গলবাৰ আৰু শনিবাৰে নকৰিব।
  • শুভ মুহুৰ্ত 2025 অনুসৰি মঙ্গলবাৰে ধাৰ নল’ব আৰু বুধবাৰে ধাৰ নিদিব।

সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ

আমি আশা কৰিছোঁ যে আপুনি আমাৰ এই ব্লগটো নিশ্চয় পছন্দ কৰিছে। যদিহে এনে হয় তেনেহ’লে আপুনি ইয়াক নিজৰ শুভাকাংক্ষীসকলৰ সৈতে শ্যেয়াৰ কৰক। ধন্যবাদ!

Astrological services for accurate answers and better feature

33% off

Dhruv Astro Software - 1 Year

'Dhruv Astro Software' brings you the most advanced astrology software features, delivered from Cloud.

Brihat Horoscope
What will you get in 250+ pages Colored Brihat Horoscope.
Finance
Are money matters a reason for the dark-circles under your eyes?
Ask A Question
Is there any question or problem lingering.
Career / Job
Worried about your career? don't know what is.
AstroSage Year Book
AstroSage Yearbook is a channel to fulfill your dreams and destiny.
Career Counselling
The CogniAstro Career Counselling Report is the most comprehensive report available on this topic.

Astrological remedies to get rid of your problems

Red Coral / Moonga
(3 Carat)

Ward off evil spirits and strengthen Mars.

Gemstones
Buy Genuine Gemstones at Best Prices.
Yantras
Energised Yantras for You.
Rudraksha
Original Rudraksha to Bless Your Way.
Feng Shui
Bring Good Luck to your Place with Feng Shui.
Mala
Praise the Lord with Divine Energies of Mala.
Jadi (Tree Roots)
Keep Your Place Holy with Jadi.

Buy Brihat Horoscope

250+ pages @ Rs. 399/-

Brihat Horoscope

AstroSage on MobileAll Mobile Apps

Buy Gemstones

Best quality gemstones with assurance of AstroSage.com

Buy Yantras

Take advantage of Yantra with assurance of AstroSage.com

Buy Feng Shui

Bring Good Luck to your Place with Feng Shui.from AstroSage.com

Buy Rudraksh

Best quality Rudraksh with assurance of AstroSage.com
Call NowTalk to
Astrologer
Chat NowChat with
Astrologer