কৰ্ণবেধ মুহুৰ্ত 2025
এষ্ট্ৰোচেজৰ এই কৰ্মবেধ মুহুৰ্ত 2025 প্ৰৱন্ধটোৰ জৰিয়তে জানক বৰ্ষ 2025 ত কৰ্ণছেদন সংস্কাৰৰ বাবে কি কি শুভ তিথি আছে আৰু এইবোৰৰ শুভ মুহুৰ্ত কি হ’ব। লগতে এই লিখনিটোত আপোনাক কৰ্ণবেধ সংস্কাৰৰ গুৰুত্ব, বিধি আৰু কৰ্ণবেধ মুহুৰ্ত নিৰ্দ্ধাৰিত কৰাৰ সময় কোনবোৰ কথাৰ প্ৰতি গুৰুত্ব দিব লাগে ইত্যাদিৰ বিষয়ে অৱগত কৰিবলৈও আমি প্ৰয়াস কৰিম। তেনেহ’লে আহক পলম নকৰি আগবাঢ়ি যাওঁ আৰু সৰ্বপ্ৰথমে কৰ্ণবেধ মুহুৰ্ত 2025 ৰ সূচীৰ ওপৰত দৃষ্টি আৰোপ কৰোঁ যাৰ জৰিয়তে আপুনি নিজৰ সন্তানৰ কৰ্ণছেদন সংস্কাৰৰ বাবে শুভ মুহুৰ্তৰ অুসন্ধান কৰিব পাৰিব।

Read in English: Karnvedh Muhurat 2025
কৰ্ণবেধ মুহুৰ্ত 2025 অনুসৰি দেখা যায় যে হিন্দু ধৰ্মত বিশেষভাৱে 16 টা সংস্কাৰৰ উল্লেখ কৰা হৈছে। ইয়াৰে নৱম সংস্কাৰটো হৈছে সৰ্ণবেধ সংস্কাৰ। কৰ্ণবেধ সংস্কাৰ অৰ্থাৎ কাণৰ ছেদন বা কাণ ফুটোৱা আৰু তাত আভূষণ পৰিধান কৰা। এই সংস্কাৰ এইকাৰণে কৰা হয় যাতে শিশুৰ শ্ৰৱণ ক্ষমতা বিকশিত হয় আৰু শিশুটোৱে স্বাস্থ্যৱান জীৱন যাপন কৰিব পাৰে। কৰ্ণবেধ সংস্কাৰৰ মতে শিশুৱে কাণত যি আভূষণ ধাৰণ কৰে তাৰদ্বাৰা শিশুটোৰ সৌন্দৰ্য্য বৃদ্ধি হোৱাৰ লগতে শিশুটোৰ জীৱনতো ই দীৰ্ঘস্থায়ী প্ৰভাৱ পেলায়।
জীৱনৰ প্ৰতিটো সৰু-বৰ সমস্যাৰ সমাধান লাভ কৰিবৰ বাবে বিদ্বান জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক আৰু চাট্ কৰক
বিশেষ তথ্যৰ বাবে আমি আপোনাক জনাওঁ যে হিন্দু ধৰ্ম অনুসৰি যেতিয়া পুত্ৰ সন্তানৰ কৰ্ণবেধ সংস্কাৰ কৰা হয় তেতিয়া তেওঁৰ সোঁ কাণত ছেদ কৰাৰ পৰম্পৰা আছে আৰু যেতিয়া কন্যা সন্তানৰ কৰ্ণবেধ কৰা হয় তেতিয়া কন্যাটিৰ প্ৰথমে বাঁঁও কাণৰ ছেদন কৰা হয়।
কেৱল এয়াই নহয় কৰ্ণবেধ সংস্কাৰৰ সৈতে জড়িত আৰু বহুতো মনোগ্ৰাহী কথা আছে যিবোৰ জনাটো সকলোৰে বাবে অত্যন্ত জৰুৰী। সেয়েহে আহক আমাৰ এই কৰ্ণবেধ মুহুৰ্ত 2025 লিখনিটোৰ মাধ্যমেৰে কৰ্ণবেধ সংস্কাৰৰ সৈতে জড়িত কিছুমান গুৰুত্বপূৰ্ণ কথা তথা কৰ্ণবেধ সংস্কাৰৰ গুৰুত্ব সম্পৰ্কে অৱগত হওঁ আৰু লগতে বৰ্ষ 2025 ৰ কি কি তিথিত আপুনি নিজৰ সন্তানৰ কৰ্ণবেধ সংস্কাৰ কৰিব পাৰিব সেই বিষয়ে জানি লওঁ।
हिंदी में पढ़े : कर्णवेध मुर्हत 2025
2025 বৰ্ষৰ কৰ্ণবেধ মুহুৰ্ত: ইয়াৰ গুৰুত্ব কি?
আমি পূৰ্বে উল্লেখ কৰাৰ দৰে কৰ্ণবেধ সংস্কাৰে সন্তানৰ সৌন্দৰ্য্যৰপৰা আৰম্ভ কৰি তেওঁলোকৰ বুদ্ধিমত্তা, তেওঁলোকৰ সুস্বাস্থ্য সকলোকে প্ৰভাৱিত কৰে। ইয়াৰ উপৰিও কোৱা হয় যে এই সংস্কাৰ কৰাৰ কাৰণ হৈছে সন্তানৰ যাতে শুনাৰ ক্ষমতা বা শ্ৰৱণ শক্তি বৃদ্ধি হয়। কৰ্ণবেধ সংস্কাৰৰ পিছত যেতিয়া শিশুৰ কাণত আভূষণ ধাৰণ কৰোৱা হয় তেতিয়া ইয়াৰদ্বাৰা শিশুটিৰ সৌন্দৰ্য্য় আৰু উজ্বলতা বৃদ্ধি হয়। ইয়াৰ বাহিৰেও কৰ্ণবেধ সংস্কাৰ সঠিকভাৱে সম্পন্ন কৰাৰ ফলত শিশুক হাৰ্ণিয়া-ৰ দৰে গুৰুতৰ ৰোগৰপৰাও ৰক্ষা কৰিব পৰা যায়। লগতে এনে সন্তানৰ পক্ষাঘাত হোৱাৰ আশংকাও কম থাকে।
আপুনি এই কথা জানি আশ্চৰ্য্যাম্বিত হ’ব যে প্ৰাচীন কালত হিন্দু কৰ্ণবেধ সংস্কাৰ যিসকলে নকৰাইছিল তেওঁলোকে শ্ৰাদ্ধ কৰাৰ অধিকাৰো লাভ নকৰিছিল।
কেতিয়া আৰু কেনেদৰে কৰা হয় কৰ্ণবেধ সংস্কাৰ?
কৰ্ণবেধ মুহুৰ্ত 2025 প্ৰৱন্ধ অনুসৰিকৰ্ণবেধ সংস্কাৰৰ বাবে অত্যন্ত প্ৰয়োজনীয় হৈছে আপুনি শুভ মুহুৰ্ত (কৰ্ণবেধ মুহুৰ্ত)ৰ বাছনি কৰাটো। সনাতন ধৰ্মৰ মান্যতা অনুসৰি যেতিয়া কোনো শুভ বা মাংগলিক কাৰ্য্য মুহুৰ্ত চাই কৰা হয় তেতিয়া সেই কাৰ্য্যৰ শুভতা আৰু অধিক বৃদ্ধি হয়। এনে পৰিস্থিতিত আমি আপোনাক বৰ্ষ 2025 ৰ কৰ্ণবেধ মুহুৰ্তৰ সকলো তথ্য প্ৰদান কৰিম। অৱশ্যে ইয়াৰ পূৰ্বে আমি আপোনাক কিছুমান অন্য গুৰুত্বপূৰ্ণ কথাৰ বিষয়ে অৱগত কৰিবলৈ বিচাৰিম যেনে কৰ্ণবেধ সংস্কাৰ কৰিবৰ বাবে কোন সময় ভাল হ’ব।
- আপুনি আপোনাৰ সন্তানৰ জন্মৰ বাৰ দিন বা ষোল্ল দিনৰ দিনা কৰ্ণবেধ সংস্কাৰ কৰোৱাব পাৰে।
- বহুতো লোকে সন্তানৰ জন্মৰ ষষ্ঠ, সপ্তম অথবা অষ্টম মাহতো এই সংস্কাৰ সম্পন্ন কৰায়।
- ইয়াৰ উপৰিও প্ৰাচীন মান্যতা অনুসৰি কোৱা হয় যে যদিহে এই সংস্কাৰ সন্তানৰ জন্মৰ এবছৰৰ ভিতৰত কৰা নহয় তেতিয়াহ’লে এই সংস্কাৰ বিষম বৰ্ষ অৰ্থাৎ তৃতীয়, পঞ্চম অথবা সপ্তম বৰ্ষত কৰাব লাগে।
মাহ: মাহৰ ক্ষেত্ৰত ক’ব পৰা যায় যে কৰ্ণবেধ সংস্কাৰৰ বাবে কাতি মাহ, পুহ মাহ, ফাগুন মাহ আৰু চ’ত মাহক যথেষ্ট ফলদায়ক হিচাপে গণ্য কৰা হয়।
দিন/বাৰ: বাৰৰ ক্ষেত্ৰত ক’ব পৰা যায় যে সোমবাৰ, বুধবাৰ, বৃহস্পতিবাৰ আৰু শুক্ৰবাৰক কৰ্ণবেধ সংস্কাৰৰ বাবে উপযুক্ত হিচাপে গণ্য কৰা হয়।
নক্ষত্ৰ: কৰ্ণবেধ সংস্কাৰৰ বাবে উপযুক্ত নক্ষত্ৰৰ ক্ষেত্ৰত ক’ব পৰা যায় যে মৃগশিৰা নক্ষত্ৰ, ৰেৱতী নক্ষত্ৰ, চিত্ৰা নক্ষত্ৰ, অনুৰাধা নক্ষত্ৰ, হস্তনক্ষত্ৰ, পুষ্য নক্ষত্ৰ, অভিজিত নক্ষত্ৰ, শ্ৰৱণ নক্ষত্ৰ, ধনিষ্ঠা নক্ষত্ৰ আৰু পুণৰ্বসু নক্ষত্ৰক এই সংস্কাৰৰ বাবে শুভ হিচাপে গণ্য কৰা হয়।
তিথি: কৰ্ণবেধ সংস্কাৰৰ বাবে চতুৰ্থী, নৱমী আৰু চতুৰ্দশী তিথি আৰু অমাৱস্যা তিথিক বাদ দি সকলো তিথিক শুভ হিচাপে গণ্য কৰা হয়।
লগ্ন: কৰ্ণবেধ সংস্কাৰৰ বাবে বিশেষভাৱে বৃষ লগ্ন, তুলা লগ্ন, ধনু লগ্ন আৰু মীন লগ্নক বিশেষভাৱে শুভ বুলি গণ্য কৰা হয়। ইয়াৰ উপৰিও বৃহস্পতি লগ্নত কৰ্ণবেধ সংস্কাৰ কৰাটোক সকলোতকৈ উত্তম বুলি গণ্য কৰা হয়।
জীৱনৰ যিকোনো সমস্যাৰ সমাধান লাভ কৰিবৰ বাবে প্ৰশ্ন সোধক
বিশেষ তথ্য: খৰমাস, ক্ষয় তিথি, হৰি শয়ন, সম বৰ্ষ অৰ্থাৎ (দ্বিতীয়, চতুৰ্ত ইত্যাদি) ত কৰ্ণবেধ সংস্কাৰ কৰাটো উচিত নহয়।
কেনেদৰে কৰা হয় কৰ্ণবেধ সংস্কাৰ?
- কৰ্ণবেধ মুহুৰ্ত 2025 প্ৰৱন্ধ অনুসৰি কৰ্ণবেধ সংস্কাৰ সম্পূৰ্ণ কৰিবৰ বাবে পিতৃ-মাতৃয়ে নিজৰ সন্তানক কোনো পৱিত্ৰ স্থানলৈ লৈ যায় য’ত এই সংস্কাৰ সম্পন্ন কৰা হয়।
- ইয়াত প্ৰথমে দেৱী-দেৱতাৰ পূজন কৰা হয়, তেওঁলোকৰপৰা আশীৰ্বাদ গ্ৰহণ কৰা হয়, ইয়াৰ পিছত সূৰ্য্যৰ দিশলৈ চাই বহে।
- এইখিনি সময়ত হাতত সোণ, ৰূপ বা লোহাৰ বেজী লোৱা হয় যাৰদ্বাৰা সন্তানৰ কান ফুটোৱা হয়।
- ইয়াৰ পিছত সন্তানৰ কাণত এটা মন্ত্ৰ শুনোৱা হয়। এই মন্ত্ৰটো হৈছে: ভন্দ্ৰ কৰ্ণোভিঃ ক্ষুণুয়াম দেৱা ভন্দ্ৰ পশ্যেমাক্ষভিৰ্যজত্ৰাঃ। স্থিৰৈৰংগৈস্তুষ্টুৱাং সস্তনুভিৰ্ব্যশেমহি দেৱহিতং যদায়ু।।
- ইয়াৰ পিছত পুত্ৰ সন্তানৰ প্ৰথমে সোঁ কাণ আৰু তাৰপিছত বাও কাণ ছেদ কৰি তাত আভূষণ ধাৰণ কৰোৱা হয়ষ কন্যা সন্তান হ’লে প্ৰথমে বাওঁ কাণ আৰু তাৰপিছত সোঁ কাণ ছেদ কৰি আভূষণ ধাৰণ কৰাই দিয়া হয়।
- মান্যতা অনুসৰি এইখিনি সময়ত সোণৰ কুণ্ডল বা আভূষণ পৰিধান কৰাটোক শুভ হিচাপে গণ্য কৰা হয় কাৰণ ইয়াৰদ্বাৰা মস্তিস্কৰ দুয়োটা অংশ বিদ্যুতৰ প্ৰভাৱৰদ্বাৰা শক্তিশালী হৈ উঠে।
- ইয়াৰ উপৰিও কোৱা হয় যে যি ছোৱালীয়ে নিজৰ কাণত সোণৰ আভূষণ পৰিধান কৰে তেওঁ মাহেকীয়াৰ সৈতে জড়িত কোনো ধৰণৰ সমস্যাৰ সম্মুখীন নহয়। ইয়াৰ উপৰিও হিষ্টীৰিয়া নামৰ ৰোগৰ ক্ষেত্ৰতো লাভাম্বিত হোৱা যায়।
শনি প্ৰতিৱেদনৰ জৰিয়তে জানক আপোনাৰ জীৱনত শনিৰ প্ৰভাৱ
2025 বৰ্ষৰ কৰ্ণবেধ মুহুৰ্ত: কৰ্ণবেধ সংস্কাৰ 2025
কৰ্ণবেধ সংস্কাৰৰ যথেষ্ট গুৰুত্ব আছে যেনে আমি ইতিমধ্যেই উল্লেখ কৰিছোঁ যে যেতিয়া শিশুৰ কাণ ফুটোৱা হয় বা তেওঁলোকৰ কৰ্ণছেদন সংস্কাৰ কৰা হয় তেতিয়া কাণৰ এনেকুৱা এটা বিন্দুত হেঁচা পৰে যাৰ ফলত তেওঁলোকৰ মস্তিস্ক আৰু অধিক শক্তিশালী তথা সক্ৰিয় হৈ পৰে। ইয়াৰ উপৰিও মান্যতা অনুসৰি কোৱা হয় যে কৰ্ণবেধ সংস্কাৰৰদ্বাৰা শিশুৰ মেধা শক্তি বৃদ্ধি পায় যাৰ বলত তেওঁলোকে ভাল জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হয়, কৰ্ণবেধৰদ্বাৰা সন্তান বুদ্ধিমান হয়।
ইয়াৰ বাহিৰেও অকুপাংচাৰ পদ্ধতি অনুসৰি কোৱা হয় যে কাণৰ তলৰ অংশ বা লতি অংশৰ চকুৰ স্নায়ুৰ সৈতে সম্পৰ্ক থাকে। এনে অৱস্থাত যেতিয়া এই বিন্দুত কাণৰ ছেদ কৰা হয় তেতিয়া ইয়াৰদ্বাৰা শিশুটোৰ দৃষ্টিশক্তিও বৃদ্ধি পায়। কৰ্ণবেধ সংস্কাৰ বিভিন্ন গুৰুত্ব সম্পৰ্কে অৱগত হোৱাৰ পিছত আহক এতিয়া কৰ্ণবেধ মুহুৰ্ত 2025 কেতিয়া কেতিয়া আছে সেই সম্পৰ্কে জানি লওঁ আহক।
তলত আমি আপোনাক ইয়াৰ সৈতে সম্পৰ্কিত এক সূচী প্ৰদান কৰিছোঁ য’ত আপুনি বৰ্ষটোৰ 12 টা মাহৰ বিভিন্ন কৰ্ণবেধ মহুৰ্তৰ বিষয়ে তথ্য প্ৰাপ্ত কৰিব পাৰিব।
প্ৰেম সম্পৰ্কীয় সমস্যাৰ বাবে গ্ৰহণ কৰক প্ৰেম সম্পৰ্কীয় পৰামৰ্শ
জানুৱাৰী মাহৰ বাবে কৰ্ণবেধ সংস্কাৰৰ শুভ মুহুৰ্ত
তাৰিখ |
মুহুৰ্ত |
---|---|
2 জানুৱাৰী 2025 |
11:46-16:42 |
8 জানুৱাৰী 2025 |
16:18-18:33 |
11 জানুৱাৰী 2025 |
14:11-16:06 |
15 জানুৱাৰী 2025 |
07:46-12:20 |
20 জানুৱাৰী 2025 |
07:45-09:08 |
30 জানুৱাৰী 2025 |
07:45-08:28 09:56-14:52 17:06-19:03 |
ফেব্ৰুৱাৰী মাহৰ বাবে কৰ্ণবেধ সংস্কাৰৰ শুভ মুহুৰ্ত
তাৰিখ |
মুহুৰ্ত |
---|---|
8 ফেব্ৰুৱাৰী 2025 |
07:36-09:20 |
10 ফেব্ৰুৱাৰী 2025 |
07:38-09:13 10:38-18:30 |
17 ফেব্ৰুৱাৰী 2025 |
08:45-13:41 15:55-18:16 |
20 ফেব্ৰুৱাৰী 2025 |
15:44-18:04 |
21 ফেব্ৰুৱাৰী 2025 |
07:25-09:54 11:29-13:25 |
26 ফেব্ৰুৱাৰী 2025 |
08:10-13:05 |
মাৰ্চ মাহৰ বাবে কৰ্ণবেধ সংস্কাৰৰ শুভ মুহুৰ্ত
তাৰিখ |
মুহুৰ্ত |
---|---|
2 মাৰ্চ 2025 |
10:54-17:25 |
15 মাৰ্চ 2025 |
10:03-11:59 14:13-18:51 |
16 মাৰ্চ 2025 |
07:01-11:55 14:09-18:47 |
20 মাৰ্চ 2025 |
06:56-08:08 09:43-16:14 |
26 মাৰ্চ 2025 |
07:45-11:15 13:30-18:08 |
30 মাৰ্চ 2025 |
09:04-15:35 |
31 মাৰ্চ 2025 |
07:25-09:00 10:56-15:31 |
এপ্ৰিল মাহৰ বাবে কৰ্ণবেধ সংস্কাৰৰ শুভ মুহুৰ্ত
তাৰিখ |
মুহুৰ্ত |
---|---|
3 এপ্ৰিল, 2025 |
07:32-10:44 12:58-18:28 |
5 এপ্ৰিল, 2025 |
08:40-12:51 15:11-19:45 |
13 এপ্ৰিল, 2025 |
07:02-12:19 14:40-19:13 |
21 এপ্ৰিল, 2025 |
14:08-18:42 |
26 এপ্ৰিল, 2025 |
07:18-09:13 |
মে’ মাহৰ বাবে কৰ্ণবেধ সংস্কাৰৰ শুভ মুহুৰ্ত
তাৰিখ |
মুহুৰ্ত |
---|---|
1 মে’, 2025 |
13:29-15:46 |
2 মে’, 2025 |
15:42-20:18 |
3 মে’, 2025 |
07:06-13:21 15:38-19:59 |
4 মে’, 2025 |
06:46-08:42 |
9 মে’, 2025 |
06:27-08:22 10:37-17:31 |
10 মে’, 2025 |
06:23-08:18 10:33-19:46 |
14 মে’, 2025 |
07:03-12:38 |
23 মে’, 2025 |
16:36-18:55 |
24 মে’, 2025 |
07:23-11:58 14:16-18:51 |
25 মে’, 2025 |
07:19-11:54 |
28 মে’, 2025 |
09:22-18:36 |
31 মে’, 2025 |
06:56-11:31 13:48-18:24 |
জুন মাহৰ বাবে কৰ্ণবেধ সংস্কাৰৰ শুভ মুহুৰ্ত
তাৰিখ |
মুহুৰ্ত |
---|---|
5 জুন, 2025 |
08:51-15:45 |
6 জুন, 2025 |
08:47-15:41 |
7 জুন, 2025 |
06:28-08:43 |
15 জুন, 2025 |
17:25-19:44 |
16 জুন, 2025 |
08:08-17:21 |
20 জুন, 2025 |
12:29-19:24 |
21 জুন, 2025 |
10:08-12:26 14:42-18:25 |
26 জুন, 2025 |
09:49-16:42 |
27 জুন, 2025 |
07:24-09:45 12:02-18:56 |
জুলাই মাহৰ বাবে কৰ্ণবেধ সংস্কাৰৰ শুভ মুহুৰ্ত
তাৰিখ |
মুহুৰ্ত |
---|---|
2 জুলাই, 2023 |
11:42-13:59 |
3 জুলাই, 2023 |
07:01-13:55 |
7 জুলাই, 2023 |
06:45-09:05 11:23-18:17 |
12 জুলাই, 2023 |
07:06-13:19 15:39-20:01 |
13 জুলাই, 2023 |
07:22-13:15 |
17 জুলাই, 2023 |
10:43-17:38 |
18 জুলাই, 2023 |
07:17-10:39 12:56-17:34 |
25 জুলাই, 2023 |
06:09-07:55 10:12-17:06 |
30 জুলাই, 2023 |
07:35-12:09 14:28-18:51 |
31 জুলাই, 2023 |
07:31-14:24 16:43-18:47 |
আগষ্ট মাহৰ বাবে কৰ্ণবেধ সংস্কাৰৰ শুভ মুহুৰ্ত
তাৰিখ |
মুহুৰ্ত |
---|---|
3 আগষ্ট, 2025 |
11:53-16:31 |
4 আগষ্ট, 2025 |
09:33-11:49 |
9 আগষ্ট, 2025 |
06:56-11:29 13:49-18:11 |
10 আগষ্ট, 2025 |
06:52-13:45 |
13 আগষ্ট, 2025 |
11:13-15:52 17:56-19:38 |
14 আগষ্ট, 2025 |
08:53-17:52 |
20 আগষ্ট, 2025 |
06:24-13:05 15:24-18:43 |
21 আগষ্ট, 2025 |
08:26-15:20 |
27 আগষ্ট, 2025 |
17:00-18:43 |
28 আগষ্ট, 2025 |
06:28-10:14 |
30 আগষ্ট, 2025 |
16:49-18:31 |
31 আগষ্ট, 2025 |
16:45-18:27 |
ছেপ্তেম্বৰ মাহৰ বাবে কৰ্ণবেধ সংস্কাৰৰ শুভ মুহুৰ্ত
তাৰিখ |
মুহুৰ্ত |
---|---|
5 ছেপ্তেম্বৰ, 2025 |
07:27-09:43 12:03-18:07 |
22 ছেপ্তেম্বৰ, 2025 |
13:14-17:01 |
24 ছেপ্তেম্বৰ, 2025 |
06:41-10:48 13:06-16:53 |
27 ছেপ্তেম্বৰ, 2025 |
07:36-12:55 14:59-18:08 |
অক্টোবৰ মাহৰ বাবে কৰ্ণবেধ সংস্কাৰৰ শুভ মুহুৰ্ত
তাৰিখ |
মুহুৰ্ত |
---|---|
2 অক্টোবৰ, 2025 |
10:16-16:21 17:49-19:14 |
4 অক্টোবৰ, 2025 |
06:47-10:09 |
8 অক্টোবৰ, 2025 |
07:33-14:15 15:58-18:50 |
11 অক্টোবৰ, 2025 |
17:13-18:38 |
12 অক্টোবৰ, 2025 |
07:18-09:37 11:56-15:42 |
13 অক্টোবৰ, 2025 |
13:56-17:05 |
24 অক্টোবৰ, 2025 |
07:10-11:08 13:12-17:47 |
30 অক্টোবৰ, 2025 |
08:26-10:45 |
31 অক্টোবৰ, 2025 |
10:41-15:55 17:20-18:55 |
নৱেম্বৰ মাহৰ বাবে কৰ্ণবেধ সংস্কাৰৰ শুভ মুহুৰ্ত
তাৰিখ |
মুহুৰ্ত |
---|---|
3 নৱেম্বৰ, 2025 |
15:43-17:08 |
10 নৱেম্বৰ, 2025 |
10:02-16:40 |
16 নৱেম্বৰ, 2025 |
07:19-13:24 14:52-19:47 |
17 নৱেম্বৰ, 2025 |
07:16-13:20 14:48-18:28 |
20 নৱেম্বৰ, 2025 |
13:09-16:01 17:36-19:32 |
21 নৱেম্বৰ, 2025 |
07:20-09:18 11:22-14:32 |
26 নৱেম্বৰ, 2025 |
07:24-12:45 14:12-19:08 |
27 নৱেম্বৰ, 2025 |
07:24-12:41 14:08-19:04 |
ডিচেম্বৰ মাহৰ বাবে কৰ্ণবেধ সংস্কাৰৰ শুভ মুহুৰ্ত
তাৰিখ |
মুহুৰ্ত |
---|---|
1 ডিচেম্বৰ, 2025 |
07:28-08:39 |
5 ডিচেম্বৰ, 2025 |
13:37-18:33 |
6 ডিচেম্বৰ, 2025 |
08:19-10:23 |
7 ডিচেম্বৰ, 2025 |
08:15-10:19 |
15 ডিচেম্বৰ, 2025 |
07:44-12:58 |
17 ডিচেম্বৰ, 2025 |
17:46-20:00 |
24 ডিচেম্বৰ, 2025 |
13:47-17:18 |
25 ডিচেম্বৰ, 2025 |
07:43-09:09 |
28 ডিচেম্বৰ, 2025 |
10:39-13:32 |
29 ডিচেম্বৰ, 2025 |
12:03-15:03 16:58-19:13 |
কৰ্ণবেধ সংস্কাৰৰ পিছত কি কৰিব?
কৰ্ণবেধ মুহুৰ্ত 2025 প্ৰৱন্ধ অনুসৰি কৰ্ণবেধ সংস্কাৰ কৰাৰ পিছত আপুনি সন্তানৰ কাণত ৰূপৰ বা সোণৰ তাঁৰৰ ফুলি পিন্ধাব পাৰে কাৰণ এই বয়সত শিশু যথেষ্ট সৰু হৈ থাকে আৰু তেওঁলোকৰ কাণ যাতে নপকে তাৰ বাবে তাত হালধি আৰু নাৰিকল তেল মিহলাই লৈ তেতিয়ালৈকে নিয়মিতভাৱে সেই ঠাইত লগাওক যেতিয়ালৈকে ফুটাটো ভালদৰে শুকাই নাযায়।
বৈদিক জ্যোতিষৰ মানদণ্ড অনুসৰি সঠিক নাম বাছনি কৰিবৰ বাবে ইয়াত ক্লিক্ কৰক !
কৰ্ণবেধ সংস্কাৰৰ আধ্যাত্মিক আৰু বৈজ্ঞানিক মহত্ব
কেৱল শাস্ত্ৰতেই নহয় আনকি কৰ্ণবেধ সংস্কাৰক আধ্যাত্মিক আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰপৰাও যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে গণ্য কৰা হয়। কৰ্ণবেধ মুহুৰ্ত 2025 প্ৰৱন্ধ অনুসৰি আধ্যাত্মিক গুৰুত্বৰ ক্ষেত্ৰত ক’ব পাৰি যে কৰ্ণবেধ সংস্কাৰ আহাৰ মাহৰ শুক্ল পক্ষৰ একাদশীৰপৰা কাতি মাহৰ শুক্ল পক্ষৰ একাদশী তিথিৰ ভিতৰত কৰা হয়। এই সংস্কাৰ সম্পন্ন কৰাৰ ফলত শিশুৰ মেধা শক্তি বৃদ্ধি হয়। এনে শিশুসকলে উচ্চ জ্ঞান প্ৰাপ্ত কৰে, তেওঁলোক বুদ্ধিমান হয়, তেওঁলোকৰ জীৱনৰপৰা নেতিবাচকতা দূৰ হয় আৰু তেওঁলোক তীক্ষ্ণ মস্তিষ্কৰ অধিকাৰী হয়।
আনহাতে বৈজ্ঞানিক গুৰুত্বৰ ক্ষেত্ৰত ক’ব পৰা যায় যে আয়ুৰ্বেদ শাস্ত্ৰ অনুসৰি কৰ্ণ অৰ্থাৎ কাণৰ তলৰ অংশ যাক অসমীয়াত লতি আৰু ইংৰাজীত ইয়েৰল’ব (earlobe) বুলি কোৱা হয় তাত ছিদ্ৰ কৰাৰ ফলত মস্তিষ্কৰ এক গুৰুত্বপূৰ্ণ অংশ জাগ্ৰত হৈ পৰে। কাণৰ এই অংশটোৰ আশে-পাশে চকুৰ সৈতে জড়িত এডাল স্নায়ু থাকে যিডালৰ ওপৰত চাপ পৰিলে দৃষ্টিশক্তি উন্নীত হয়। কৰ্ণবেধ মুহুৰ্ত 2025 প্ৰৱন্ধ অনুসৰি এনে পৰিস্থিতিত যেতিয়া কাণ ফুটা কৰোৱা হয় তেতিয়া এক নিশ্চিত বিন্দুত হেঁচা পৰে আৰু তেতিয়া দৃষ্টিশক্তি ভাল হোৱাৰ লগতে মানসিক ৰোগ, শংকা, চিন্তা আদিৰ দৰে সমস্যাসমূহো দূৰ হয়।
আৰ্থিক সমস্যাৰ সমাধানৰ বাবে গ্ৰহণ কৰক ধন সম্পৰ্কীয় পৰামৰ্শ
কৰ্ণবেধ মুহুৰ্ত 2025 প্ৰৱন্ধ অনুসৰি কন্যা সন্তানৰ কাণৰ লগতে নাক ফুটোৱাৰ পৰাম্পৰাও আছে আৰু ইয়াৰো বিভিন্ন ইতিবাচক দিশ আছে। নাক ফুটোৱাৰ ফলত জীৱনত ইতিবাচক শক্তি প্ৰাপ্ত হয় আৰু বিভিন্ন ধৰণৰ ৰোগ দূৰ হয়। কোৱা হয় যে নাকৰ বাওঁফালে এনে বহুতো স্নায়ু থাকে যি মহিলাৰ প্ৰজনন অংগৰ সৈতে জড়িত।
সকলো ধৰণৰ জ্যোতিষীয় সমাধানৰ বাবে ক্লিক কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ
আমি আশা কৰিছোঁ যে আমাৰ এই কৰ্ণবেধ মুহুৰ্তৰ বিশেষ লিখনিটো আপোনাৰ বাবে নিশ্চয় সহায়ক প্ৰমাণিত হ’ব আৰু আপুনি ইয়াৰপৰা সঠিক তথ্যসমূহ লাভ কৰিব পাৰিব। যদিহে এনে হয় তেনেহ’লে আপুনি ইয়াক নিজৰ শুভাকাংক্ষীসকলৰ সৈতে শ্যেয়াৰ কৰিবলৈ নাপাহৰিব। এষ্ট্ৰোচেজৰ সৈতে সংযুক্ত হৈ থকাৰ বাবে আপোনাক অশেষ অশেষ ধন্যবাদ!
Astrological services for accurate answers and better feature
Astrological remedies to get rid of your problems

AstroSage on MobileAll Mobile Apps
- Saturn Transit 2025: Cosmic Shift Of Shani & The Ripple Effect On Your Destiny!
- Shani Sade Sati: Which Phase Really Tests You The Most?
- Dual Transit Of Mercury In June: A Beginning Of The Golden Period
- Sun Transit In Taurus: Gains & Challenges For All 12 Zodiac Signs!
- Multiple Transits This Week: Major Planetary Movements Blessing 3 Zodiacs
- Lakshmi Narayan Yoga 2025: A Prosperous Time For 4 Zodiacs
- Jyeshtha Month 2025: Ekadashi, Ganga Dussehra, & More Festivities!
- Malavya Rajyoga 2025: Venus Planet Forming A Powerful Yoga After A Year
- Rahu Transit In Aquarius: Big Shifts In Technology & Society!
- Bada Mangal 2025: Bring These Items At Home & Fulfill Your Desires
- सूर्य का वृषभ राशि में गोचर इन 5 राशियों के लिए रहेगा बेहद शुभ, धन लाभ और वेतन वृद्धि के बनेंगे योग!
- ज्येष्ठ मास में मनाए जाएंगे निर्जला एकादशी, गंगा दशहरा जैसे बड़े त्योहार, जानें दान-स्नान का महत्व!
- राहु के कुंभ राशि में गोचर करने से खुल जाएगा इन राशियों का भाग्य, देखें शेयर मार्केट का हाल
- गुरु, राहु-केतु जैसे बड़े ग्रह करेंगे इस सप्ताह राशि परिवर्तन, शुभ-अशुभ कैसे देंगे आपको परिणाम? जानें
- बुद्ध पूर्णिमा पर इन शुभ योगों में करें भगवान बुद्ध की पूजा, करियर-व्यापार से हर समस्या होगी दूर!
- इस मदर्स डे 2025 पर अपनी मां को राशि अनुसार दें तोहफा, खुश हो जाएगा उनका दिल
- टैरो साप्ताहिक राशिफल (11 मई से 17 मई, 2025): इन 5 राशि वालों की होने वाली है बल्ले-बल्ले!
- अंक ज्योतिष साप्ताहिक राशिफल: 11 मई से 17 मई, 2025
- बृहस्पति का मिथुन राशि में गोचर: जानें राशि सहित देश-दुनिया पर इसका प्रभाव
- मोहिनी एकादशी पर राशि अनुसार करें उपाय, मिट जाएगा जिंदगी का हर कष्ट
- Horoscope 2025
- Rashifal 2025
- Calendar 2025
- Chinese Horoscope 2025
- Saturn Transit 2025
- Jupiter Transit 2025
- Rahu Transit 2025
- Ketu Transit 2025
- Ascendant Horoscope 2025
- Lal Kitab 2025
- Shubh Muhurat 2025
- Hindu Holidays 2025
- Public Holidays 2025
- ராசி பலன் 2025
- రాశిఫలాలు 2025
- ರಾಶಿಭವಿಷ್ಯ 2025
- ਰਾਸ਼ੀਫਲ 2025
- ରାଶିଫଳ 2025
- രാശിഫലം 2025
- રાશિફળ 2025
- రాశిఫలాలు 2025
- রাশিফল 2025 (Rashifol 2025)
- Astrology 2025