Talk To Astrologers

কৰ্কট ৰাশিৰ সাপ্তাহিক ৰাশিফল - Cancer Weekly Horoscope in Assamese

17 Mar 2025 - 23 Mar 2025

"এই সপ্তাহত, আপুনি উপলব্ধি কৰিব যে আপোনাৰ চৌপাশৰ মানুহ আৰু ঘনিষ্ঠ মানুহবোৰে নিজ নিজ কৰ্মক্ষেত্ৰত সচৰাচৰতকৈ ভাল প্ৰদৰ্শন কৰি আছে। এইক্ষেত্ৰত, তেওঁলোকৰ সফলতাক লৈ ঈৰ্ষাম্বিত হোৱাৰ সলনি, আপুনি তেওঁলোকৰ সফলতাৰ প্ৰশংসা কৰা আৰু তেওঁলোকক উৎসাহিত কৰা উচিত। ইয়াৰদ্বাৰা, আপুনি নিজৰ ভাৱমূৰ্ত্তি বিকশিত কৰাৰ লগতে, আপুনি নিজৰ মাজত ধনাত্মক শক্তি অনুভৱ কৰিব পাৰিব। আপোনাৰ চন্দ্ৰ ৰাশিৰপৰা ৰাহু নৱম গৃহত বিৰাজমান হোৱাৰ কাৰণে দেখা গৈছে যে আপুনি প্ৰায়ে আপোনাৰ ধন সঞ্চয় কৰাৰ ক্ষেত্ৰত অসাৱধান হয়। যাৰ নেতিবাচক প্ৰভাৱে আপোনাৰ জীৱনত আৰ্থিক সংকটৰ সৃষ্টি কৰিব পাৰে, সেয়েহে আপুনি এই সপ্তাহত আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে ধন সঞ্চয়ৰ বিষয়ে কথা পতাৰ লগতে তেওঁলোকৰ সৈতে এই বিষয়ে আলোচনা কৰা উচিত। কিয়নো এই সময়ছোৱাত, আপোনাৰ জ্যেষ্ঠসকলৰ পৰামৰ্শ আৰু তেওঁলোকৰ অভিজ্ঞতাহে আপোনাৰ আৰ্থিক অৱস্থা উন্নত কৰাৰ ক্ষেত্ৰত ভৱিষ্যতৰ বাবে সহায়ক প্ৰমাণিত হ"ব। "এই সপ্তাহত, আপোনাৰ জ্ঞানে চৌপাশৰ লোকসকলক প্ৰভাৱিত পৰিব। বিশেষকৈ এই সপ্তাহত, আপুনি নিজৰ ভাল স্বভাৱৰ বাবে ঘৰৰ ওচৰৰ কোনো বিপৰীত লিংগৰ লোকক আকৰ্ষিত কৰিবলৈ সক্ষম হ"ব।" যদিহে আপুনি এতিয়ালৈকে অবিবাহিত আৰু বহু সময় ধৰি বিশেষ কাৰোবাৰ আগমনৰ বাবে অপেক্ষা কৰি আছে তেনেহ’লে আপুনি এই সপ্তাহতো কিছু অপেক্ষা কৰিব লাগিব। কাৰণ এইখিনি সময়ত আপুনি কামৰ অত্যাধিক বোজাৰ বাবে ব্যক্তিগত জীৱনত কম সময় দিব পাৰে, যাৰ ফলত আপুনি বহু ভাল সুযোগ হেৰুৱাব পাৰে। আপোনাৰ চন্দ্ৰ ৰাশিৰপৰা বৃহস্পতি একাদশ গৃহত উপস্থিত হোৱাৰ কাৰণে কেৰিয়াৰ আৰু বৃত্তিৰ ক্ষেত্ৰতএই ৰাশিৰ লোকসকলে এই সপ্তাহত নিজৰ চাপ আৰু উত্থান-পতনৰপৰা সকাহ লাভ কৰিব পাৰিব। কাৰণ এই সময়ছোৱাত আপোনাৰ জীৱনত কিছু ভাল পৰিৱৰ্তন আৰু অপ্ৰত্যাশিত ঘটনা ঘটিব পাৰে যাৰ বাবে আপুনি বহুদিনৰপৰা অপেক্ষা কৰি আছিল।" "এই সময়ছোৱাত, আইি, ইঞ্জিনীয়াৰিং, ইত্যাদি বিষয়ত অধ্যয়ন কৰি থকা শিক্ষৰ্থীসকলে কম পৰিশ্ৰম স্বত্বেও ভাল ফল প্ৰাপ্ত কৰিব পাৰিব। কাৰণ এই সমছোৱাত গ্ৰহীয় সংযোগ অনুসৰি, আপুনি যিয়েই পৰীক্ষাই দিব, তাতেই আপুনি ভাল ফল প্ৰাপ্ত কৰি নিজৰ মেধাৰ পৰিচয় দিবলৈ সক্ষম হ"ব।" আপুনি নিজৰ জীৱনসঙ্গীৰ বিষয়ে এনে কোনো কথা গম পাব পাৰে যাৰ ফলত আপোনাৰ বৈবাহিক জীৱনলৈ আশংকাৰ ক’লীয়া ডাৱৰ নামি আহিব পাৰে। ইয়াৰ ফলত আপোনালোক দুয়োৰে মাজত বিশ্বাসৰ অভাৱ দেখা যাব পাৰে।

উপায়: শনিবাৰে ৰাহু গ্ৰহৰ বাবে যজ্ঞ-হোম কৰক।
Call NowTalk to Astrologer Chat NowChat with Astrologer