মীন ৰাশিৰ পৰৱৰ্তী মাহৰ ৰাশিফল - Pisces Next Monthly Horoscope in Assamese
April, 2025
এপ্ৰিল মাহেকীয়া ৰাশিফল 2025 অনুসৰি এই মাহটো মীন ৰাশিৰ জাতকসকলৰ বাবে উত্থান-পতনেৰে পৰিপূৰ্ণ হ’ব। কেৰিয়াৰৰ দৃষ্টিকোণৰপৰা এই মাহটো আপোনাৰ বাবে অনুকূল হোৱাৰ সম্ভাৱনা আছে। চাকৰি সলনি হোৱাৰ প্ৰৱল যোগ আছে। ব্যৱসায়ত উত্থান-পতন দেখা যাব। শিক্ষাৰ্থীসকলৰ বাবে মাহটো প্ৰত্যাহ্বানজনক হ’ব পাৰে। যদিহে আপুনি কোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি আছে তেনেহ’লে আপুনি যথেষ্ট কষ্ট কৰিব লাগিব। পাৰিবাৰিক জীৱনৰ বাবে মাহটো উত্থান-পতনেৰে পৰিপূৰ্ণ হোৱাৰ আশা কৰা হৈছে। প্ৰেম জীৱনতো উত্থান-পতন দেখা যাব। আপোনাৰ প্ৰেমাস্পদৰ সৈতে বাৰে বাৰে অহংকাৰৰ সংঘাত হ’ব পাৰে। বিবাহিত জাতকসকলৰ বাবে মাগটো কিছু দুৰ্বল হোৱাৰ আশংকা কৰা হৈছে। আৰ্থকি জীৱনৰ ক্ষেত্ৰত দেখা যায় যে এই মাহটো অনুকূল ফলদায়ক প্ৰমাণিত হ’ব পাৰে। ধীৰে-ধীৰে আপোনাৰ মাটি-বাৰী, ঘৰ ক্ৰয় কৰাৰ ইচ্ছা পূৰণ হ’ব পাৰে। এপ্ৰিল মাহেকীয়া ৰাশিফল 2025 য়ে কয় যে স্বাস্থ্যৰ দিশত এই মাহটোত উঠা-নমা থাকিব। আপোনাৰ মূৰৰ বিষ, শৰীৰৰ বিষ, গাঁঠিৰ বিষ হ’ব পাৰে। তদুপৰি চকুৰ সমস্যা, দাঁতৰ বিষ আদিৰ সমস্যআও হ’ব পাৰে। গোটেই মাহটোত আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হৈ থকা উচিত যাতে সমস্যা বৃদ্ধি নহয় আৰু আপুনি সঠিক সময়ত শাৰীৰিক সমস্যাবোৰৰপৰা উপশম লাভ কৰে।
উপায়
নিজৰ ৰাশি স্বামী দেৱগুৰু বৃহস্পতিৰ হালধীয়া ৰঙৰ পোখৰাজ ৰত্ন সোণৰ আঙুঠিত খটোৱাই শুক্ল পক্ষৰ বৃহস্পতিবাৰে দুপৰীয়া সময়ত নিজৰ তৰ্জনী আঙুলিত ধাৰণ কৰক।