কৰ্কট ৰাশিৰ পৰৱৰ্তী মাহৰ ৰাশিফল - Cancer Next Monthly Horoscope in Assamese
April, 2025
এই মাহটো কৰ্কট ৰাশিৰ জাতকসকলৰ বাবে কিছু পৰিমাণে অনুকূল ফলদায়ক হ’ব। আপোনাৰ একাদশ গৃহত দেৱগুৰু বৃহস্পতি বিৰাজমান হৈ পঞ্চম গৃহ, সপ্তম গৃহ আৰু নৱম গৃহত দৃষ্টি প্ৰদান কৰিব আৰু ই আপোনাৰ ভাগ্য বৃদ্ধি কৰিব। কেৰিয়াৰৰ দৃষ্টিকোণৰপৰা এই মহাটো আপোনাৰ বাবে মধ্য়মীয়াভাৱে ফলদায়ক হ’ব। যদিহে আপুনি চাকৰি কৰে তেনেহ’লে দশম গৃহৰ স্বামী মঙ্গল মহাৰাজ মাহটোৰ আৰম্ভণিতে দ্বাদশ গৃহত বিৰাজমান হ’ব যি আপোনাৰ বিদেশ গমন কৰোৱাব পাৰে অথবা কামৰ সন্দৰ্ভত আপোনাক এখন ঠাইৰপৰা আন এখন ঠাইলৈ পঠিয়াব পাৰে। ব্যৱসায় কৰা জাতকসকলৰ বাবে এই মাহটো ভাল হ’ব। শিক্ষাৰ্থীসকলৰ বাবে এই মাহটো উত্থান-পতনেৰে পৰিপূৰ্ণ হ’ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি কৰি থকা জাতকসকলৰ বাবে এই মাহটো অনুকূল হোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক জীৱনৰ বাবে মাহটো মধ্যমীয়া হোৱাৰ সম্ভাৱনা আছে। প্ৰেম জীৱনৰ দিশত এই মাহটো উত্থান-পতনেৰে পৰিপূৰ্ণ হ’ব যদিও আপুনি অনুকূল ফল প্ৰাপ্ত কৰিব। যিসকল লোক অবিবাহিত তেওঁলোক বিবাহ ঠিক হ’ব পাৰে আৰু কিছুমানৰ বিবাহো এইখিনি সময়ত হ’ব পাৰে। বৈবাহিক জীৱনো এই মাহত উত্থান-পতনেৰে ভৰা হ’ব। আৰ্থিক দিশৰপৰা এই মাহতো কেইবাটাও ক্ষেত্ৰত অনুকূল হোৱাৰ সম্ভাৱনা আছে। এপ্ৰিল মাহেকীয় ৰাশিফল 2025 য়ে ভৱিষ্যতবাণী কৰিছে এই মাহটো স্বাস্থ্যৰ দিশৰপৰা ঠিকেই যাব। মাত্ৰ কিছু সাৱধানতা অৱলম্বন কৰাটো ভাল। পাতল আহাৰ খোৱাটো ভাল আৰু ওজন বৃদ্ধি নহ’বৰ বাবে নিয়মতিভাৱে যোগাভ্যাস কৰক।
উপায়
আপোনাৰ ৰাশি স্বামী চন্দ্ৰ মহাৰাজৰ বীজ মন্ত্ৰ জপ কৰা উচিত।