ধনু ৰাশিৰ পৰৱৰ্তী মাহৰ ৰাশিফল - Sagittarius Next Monthly Horoscope in Assamese

April, 2025

এই মাহটো ধনু ৰাশিৰ জাতকসকলৰ বাবে মধ্যমীয়াভাৱে ফলদায়ক হ’ব। মাহটোৰ আৰম্ভণিতে ৰাহু, বুধ, শুক্ৰ, সূৰ্য্য আৰু শনি এই পাঁচটা গ্ৰহ আপোনাৰ চতুৰ্থ গৃহত বিৰাজমান হ’ব। এনে পৰিস্থিতিত পাৰিবাৰিক জীৱনত অশান্তিৰ পৰিৱেশ সৃষ্টি হ’ব পাৰে। কেৰিয়াৰৰ দিশৰপৰা মাহটো উত্থান-পতনেৰে পৰিপূৰ্ণ হ’ব। চাকৰিত সমস্যা আহিব পাৰে আৰু ঘৰ-পৰিয়ালৰ সমস্য়াই চাকৰিত সমস্যা বৃদ্ধি কৰিব পাৰে। বব্যৱসায়ত কিছু উত্থান-পতনৰ যোগ আছে। শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত দেখা গৈছে যে মাহটোৰ আৰম্ভণি বিদ্যাৰ্থীসকলৰ বাবে কিছু পৰিমাণে ভাল হ’ব পাৰে। আপুনি যথেষ্ট কষ্ট কৰিব আৰু নিৰন্তৰ প্ৰচেষ্টা কৰিব। যদিহে আপুনি বিদেশলৈ গৈ অধ্যয়ন কৰিব বিচাৰে তেনেহ’লে মাহটোৰ আৰম্ভণি এইক্ষেত্ৰত ভালেই হ’ব, কিন্তু ইয়াৰ পিছত কিছু প্ৰত্যাহ্বান আৰু সমস্যা আহিব পাৰে। পাৰিবাৰিক জীৱনলৈ কিছু উত্থান-পতন আহিব পাৰে। আপোনাৰ সৈতে পৰিয়ালৰ লোকৰ সামঞ্জস্যৰ অভাৱ হ’ব পাৰে যাৰ ফলত সম্পৰ্কত আত্মীয়তা হ্ৰাস পাব পাৰে। প্ৰেম জীৱনৰ ক্ষেত্ৰত দেখা গৈছে যে আপোনাৰ বাবে মাহটোৰ আৰম্ভণি অনুকূল হ’ব। আপুনি নিজৰ সম্পৰ্কক লৈ পৰিপক্ক হৈ থাকিব কিন্তু আপুনি বুজিব নোৱাৰিব যে সম্পৰ্কটো কেনেদৰে ভালদৰে চম্ভালিব লাগে। ইয়াৰ ফলত আপোনালোকৰ মাজৰ সমস্যা বৃদ্ধি হ’ব পাৰে। বিবাহিত জাতকসকলৰ ক্ষেত্ৰত দেখা যায় যে পাৰস্পৰকি সম্পৰ্কৰ কিছু অৱনতি ঘটিব পাৰে আৰু কাজিয়া-পেচাল হ’ব পাৰে। আৰ্থিক স্থিতিৰ ক্ষেত্ৰত উঠা-নমা দেখা যায়। আকস্মিকভাৱে কিছু ধন প্ৰাপ্ত হ’ব পাৰে কিন্তু সেই ধনে সুখৰ সলনি অশান্তিহে দিব পাৰে সেয়েহে আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব। এপ্ৰিল মাহেকীয়া ৰাশিফল 2025 য়ে প্ৰকাশ কৰিছে স্বাস্থ্যৰ দিশৰপৰা এই মাহটো কিছু দুৰ্বল হ’ব। আপোনাৰ বুকু খোচ মাৰি ধৰা আৰু বিষৰ সমস্যা হ’ব পাৰে। গোটেই মাহটোত আপুনি স্বাস্থ্যৰ প্ৰতি মনোযোগ দিব লাগিব।
উপায়
আপুনি নিজৰ ৰাশি স্বামী দেৱগুৰু বৃহস্পতিৰ বীজ মন্ত্ৰ নিয়মিতভাৱে জপ কৰা উচিত।
Talk to Astrologer Chat with Astrologer