বৃশ্চিক ৰাশিৰ পৰৱৰ্তী মাহৰ ৰাশিফল - Scorpio Next Monthly Horoscope in Assamese
April, 2025
বৃশ্চিক ৰাশিৰ জাতকসকলৰ বাবে এই মাহটো অনুকূল হোৱাৰ সম্ভাৱনা আছে।কিছু কিছুমান ক্ষেত্ৰত আপুনি যথেষ্ট সাৱধান হ’ব লাগিব। কেৰিায়ৰৰ দিশপৰা এই মাহটো ভাল হ’ব। ভাল চাকৰি আৰু পদ লাভ কৰাৰ প্ৰৱল যোগ আছে। ব্যৱসায় কৰা জাতকসকলৰ বাবেও মাহটো ভাল হ’ব। শিক্ষাৰ্থীসকলৰ বাবে এই মাহটো কঠোৰ পৰীক্ষামূলক হ’ব। যদি আপুনি অধ্যয়নৰ বাবে বিদেশলৈ যাব বিচাৰে তেনেহ’লে এই মাহত আপোনাৰ সেই সপোন পূৰ্ণ হোৱাৰ যোগ আছে। এই মাহটো পাৰিবাৰিক দিশৰপৰা পূৰ্বৰ তুলনাত অনুকূল হ’ব। আপুনি ভাতৃভগ্নীৰ সহযোগ আৰু সমৰ্থন লাভ কৰিব। প্ৰেম জীৱনৰ ক্ষেত্ৰত দেখা গৈছে যে আপোনাৰ বাবে মাহটোৱে মিশ্ৰিত পৰিণাম কঢ়িয়াই আনিব। আপোনাৰ বিয়া ঠিক হ’ব পাৰে। বিবাহিত জীতকসকলৰ বাবে মাহটো অনুকূল হ’ব। গ্ৰহৰ স্থিতি আপোনাৰ পক্ষত থাকিব আৰু জীৱনসঙ্গীৰ সৈতে আপোনাৰ সম্পৰ্ক মধুৰ হ’ব। আৰ্থিক দিশৰ ক্ষেত্ৰত ক’ব পৰা যায় যে এই মাহত আপোনাৰ আৰ্থিক দিশৰ ভাল বৃদ্ধি হ’ব পাৰে। স্বাস্থ্যৰ দিশপৰা মাহটো মধ্যমীয়া ৰূপত ফলদায়ক হ’ব। আপোনাৰ পাচন তন্ত্ৰৰ সৈতে জড়িত সমস্যা হ’ব পাৰে। ইয়াৰ উপৰিও বদহজমী, অজীৰ্ণতা আৰু এচিডিটি হ’ব পাৰে।
উপায়
মঙ্গলবাৰে শ্ৰী হনুমান চালিশা অথবা সুন্দৰাকাণ্ড পাঠ কৰক।