শুভ মুহুৰ্ত

Author: Lobitha Dutta | Updated Tue, 14 May 2024 05:12 PM IST

পঢ়ক বছৰটোৰ বিবাহ, মুণ্ডন, অন্নপ্ৰশান, গৃহ প্ৰৱেবেশ, বিদ্যাম্ভ, কৰ্ণবেধ আৰু নামকৰণৰ শুভমুহুৰ্ত।জানক কোন তাৰিখ, সময় আৰু নক্ষত্ৰত কৰিব মাংগলিক কাৰ্য্যৰ শুভাৰম্ভ। লগতে জানক ৰাহু কাল, দো ঘাটি মুহুৰ্ত, উদয় লগ্ন আৰু আজিৰ পৱিত্ৰমুহুৰ্তসমূহ -

মুহুৰ্তৰ অৰ্থ হৈছে যিকোনো শুভ আৰু মাংগলিক কাৰ্য্য আৰম্ভ কৰাৰ বাবে এক নিশ্চিত সময় আৰু তাৰিখ নিৰ্ধাৰণ কৰা। যদিহে আমি ইয়াক সৰল ভাষাত সংজ্ঞায়িত কৰিবলৈ যাওঁ তেনেহ’লে ক’ব পাৰি যে যিকোনো নিৰ্দিষ্ট কামৰ বাবে পঞ্জিকাৰ জৰিয়তে নিৰ্ধাৰণ কৰা সময়াৱধিক 'মুহুৰ্ত' বুলি কোৱা হয়। হিন্দু ধৰ্ম আৰু বৈদিক জ্যোতিষশাস্ত্ৰত, মুহুৰ্ত অবিহনে কোনো শুভ কাৰ্য্যৰ কল্পনা কৰিব পৰা নাযায়। জ্যোতিষ শাস্ত্ৰ অনুসৰি, প্ৰতিটো শুভ কাম আৰম্ভ কৰাৰ এক নিৰ্দিষ্ট সময় আছে। ইয়াৰ কাৰণ হৈছেসেই সময়ত গ্ৰহ আৰু নক্ষত্ৰৰ প্ৰভাৱৰ ফলস্বৰূপে ইতিবাচক শক্তি সঞ্চাৰিত হয়, সেয়েহে এই সময়ত কৰা কামবোৰ মসৃণভাৱে আৰু সফলতাৰে সম্পন্ন হৈ উঠে। হিন্দু ধৰ্মত বিবাহ, গৃহ প্ৰৱেশ, মুণ্ডন, অন্নপ্ৰাশন আৰু কৰ্ণেবেধ ৰীতি-নীতিকে ধৰি বহুতো মাংগলিক কাৰ্য্য কেৱল শুভমুহুৰ্তঅনুযায়ীহে সম্পন্ন কৰা হয়।

এয়াও পঢ়ক: ৰাশিফল 2024

মুহুৰ্ত্তৰ গুৰুত্ব আৰু উপযোগিতা

প্ৰাচীন কালৰ পৰাই হিন্দু ধৰ্মত শুভ মুহুৰ্ত-ক গুৰুত্ব প্ৰদান কৰা হৈছে। মুহুৰ্তৰ বিষয়ে কৰা বিভিন্ন অধ্যয়নত, এয়া প্ৰকাশ পাইছে যে গ্ৰহ আৰু নক্ষত্ৰৰ স্থিতি গণনা কৰিহেমুহুৰ্তনিৰ্ধাৰণ কৰা হয়। ইয়াৰ উপৰিও প্ৰতিটো গুৰুত্বপূৰ্ণ আৰু শুভ কামৰ সময়ত যজ্ঞ আৰু হোম সম্পন্ন কৰাৰ পৰম্পৰা আছে। বিশ্বাস কৰা হয় যে যজ্ঞ আৰু হোমৰপৰা ওলোৱা ধোঁৱাই বায়ুমণ্ডলক বিশুদ্ধ কৰি তোলে আৰু ইতিবাচক শক্তি সংক্ৰমিত হয়। হিন্দু সমাজত মানুহে এতিয়াও শুভ কামবোৰ সফলতাৰে সম্পূৰ্ণ কৰাৰ কামনা কৰিবলৈ শুভ মুহুৰ্ত অহালৈ অপেক্ষা কৰে।

মুহুৰ্তক লৈ প্ৰচলিত বিভিন্ন যুক্তি আৰু ধাৰণাবোৰৰ মাজত, আমি আমাৰ নিজৰ জীৱনত ইয়াৰ প্ৰাসংগিকতা আৰু তাৎপৰ্য অৱলোকন কৰিব লাগিব। মুহুৰ্তৰ আৱশ্যকতা কি? প্ৰকৃততে, মুহুৰ্ত হৈছে এক ধাৰণা, যি এই বিশ্বাসৰ প্ৰতীক যে এক নিৰ্দিষ্ট সময়ত আৰু তাৰিখত আৰম্ভণি হোৱা কামটো শুভ আৰু মঙ্গলময় হ'ব আৰু ই জীৱনলৈ সুখ-শান্তি কঢ়িয়াই আনিব। বিশ্বব্ৰহ্মাণ্ডৰ জ্যোতিৰ্বৈজ্ঞানিক ঘটনাই আমাৰ জীৱনত গভীৰ প্ৰভাৱ পেলায়। কিয়নো বিভিন্ন গ্ৰহৰ গতি-বিধিৰ ফলস্বৰূপে আমাৰ জীৱনলৈ বিভিন্ন পৰিৱৰ্তন আহে। এই পৰিৱৰ্তনবোৰে আমাক শুভ আৰু অশুভ দুয়োধৰণৰ ফলাফল প্ৰদান কৰে। সেয়েহে বাৰ, তাৰিখ আৰু নক্ষত্ৰৰ গণনা কৰি কোনো কাম আৰম্ভ কৰাটো আমাৰ বাবে প্ৰয়োজনীয় হৈ পৰে, যি নিশ্চিতভাৱে শুভ ফলাফল প্ৰদান কৰিব।

নিজৰ ব্যক্তিগত চন্দ্ৰ ৰাশি এতিয়াই জানিবৰ বাবে চন্দ্ৰ ৰাশি কেলকুলেটৰ ব্যৱহাৰ কৰক।

কেনেদৰে জানিব শুভ সময় সম্পৰ্কে?

শুভমুহুৰ্তসম্পৰ্কে জনাৰ একমাত্ৰ উপায় হ'ল পঞ্চাং বা পঞ্জিকা। বৈদিক জ্যোতিষশাস্ত্ৰত পঞ্জিকাৰ যথেষ্ট গুৰুত্ব আছে। পঞ্চিকাৰ 5 টা অংগ ; বাৰ, তিথি, নক্ষত্ৰ, যোগ আৰু কৰণৰ গণনাৰ ওপৰত আধাৰিত কৰিমুহুৰ্তউলিওৱা হয়। ইয়াত তিথিবোৰক পাঁচটা ভাগত বিভক্ত কৰা হৈছে। নন্দা, ভদ্ৰা, জয়া, ৰিক্তা, আৰু পূৰ্ণা তিথি। একেদৰে, পক্ষকো দুটা ভাগত বিভক্ত কৰা হৈছে; শুক্ল পক্ষ আৰু কৃষ্ণ পক্ষ। আনহাতে নক্ষত্ৰবোৰ 27 প্ৰকাৰৰ। এটা দিনত 30টা মুহুৰ্ত থাকে। ইয়াৰে প্ৰথমটো মুহুৰ্তটোৰ নাম ৰুদ্ৰ, যি ৰাতিপুৱা 6 বজাত আৰম্ভ হয়। ইয়াৰ পিছত, ক্ৰমান্বয়ে প্ৰতি 48 মিনিটৰ ব্যৱধানত অহি, মিত্ৰ, পিতৃ, বসু, বৰাহ, বিশ্বদ্বেৱ, বিধি আদি আহে। ইয়াৰ বাহিৰেও, চন্দ্ৰ আৰু সূৰ্যৰ নিৰায়ান আৰু অক্ষাংশক 27 টা ভাগত বিভক্ত কৰি যোগ গণনা কৰা হয়।

নামকৰণ সংস্কাৰ- সংক্ৰান্তিৰ দিনা আৰু ভদ্ৰাৰ বাহিৰে 1, 2, 3, 5, 7, 10, 11, 12, 13 তাৰিখে, জন্মৰপৰা একাদশ বা দ্বাদশ দিনত, সোমবাৰ, বুধবাৰ অথবা শুক্ৰবাৰে তথা যিদিনা অশ্বিনী, ৰোহিণী, মৃগশিৰা, হস্তা, চিত্ৰা, অনুৰাধা, তিনিও উত্তৰা, অভিজিত, পুষ্য, স্বাতী, পুণৰ্বসু, শ্ৰৱণ, ধনিষ্ঠা, শতভিষাকে ধৰি এই নক্ষত্ৰবোৰৰ ভিতৰৰ যিকোনো এটাত চন্দ্ৰমা স্থিত হয়, তেতিয়া সেই শুভ মুহুৰ্ত -ত সন্তানৰ নামকৰণ কৰিব লাগে।

মুণ্ডন সংস্কাৰ- জন্মৰ সময়ৰপৰা বা গৰ্ভধাৰণৰ সময়ৰপৰা তৃতীয় বা সপ্তম বৰ্ষত, চ’ত মাহক বাদি দি উত্তৰায়ণ সূৰ্য্যত, সোমবাৰ, বুধবা, বৃহস্পতিবাৰে বা শুক্ৰবাৰে জ্যেষ্ঠা, মৃগশিৰা, চিত্ৰা, স্বাতী, শ্ৰৱণ, ধনিষ্ঠা, শতভিষা, পুনৰ্বসু, অশ্বিনী, অভিজিত আৰু পুষ্য নক্ষত্ৰত 2, 3, 5, 7, 10, 11, 13 তাৰিখে শিশুৰ মুণ্ডন সংস্কাৰ সম্পন্ন কৰিবৰ বাবে শুভ মুহুৰ্ত হিচাপে গণ্য কৰা হয়।

বিদ্যাৰম্ভ সংস্কাৰ- উত্তৰায়ণত (কুম্ভৰ সূৰ্য্যক বাদ দি) বুধ , বৃহস্পতিবাৰ, শুক্ৰবাৰ বা দেওবাৰে 2, 3, 5, 6, 10, 11, 12 তাৰিখে পুনৰ্বসু, হস্তা, চিত্ৰা, স্বাতী, শ্ৰৱণ, ধনিষ্ঠা, শতভিষা, মূল, তিনিও উত্তৰা, ৰোহিণী, মূল, পুষ্য, অনুৰাধা, অশ্লেষা, ৰেৱতী, অশ্বিনী নক্ষত্ৰত বিদ্যা আৰম্ভ কৰাটো শুভ।

ঘৰ ক্ৰয় কৰিবৰ বাবে- নিৰ্মাণ হৈ থকা ঘৰ ক্ৰয় কৰিবৰ বাবে মৃগ্শিৰা, অশ্লেষা, মঘা, বিশাখা, মূল, পুনৰ্বসু আৰু ৰেৱতী নক্ষত্ৰ হৈছে সৰ্বশ্ৰেষ্ঠ।

ধনৰ লেনদেনৰ বাবে- মঙলবাৰে, সংক্ৰান্তি দিৱস, হস্তা নক্ষত্ৰৰ দিনা দেওবাৰে ঋণ ল’লে ঋণৰপৰা কেতিয়াও আপুনি পৰিত্ৰাণ লাভ কৰিব নোৱাৰিব। মঙলবাৰে ঋণ পৰিশোধ কৰাটো ভাল। বুধবাৰে ধন দিব নালাগে। কৃত্তিকা, ৰোহিণী, আৰ্দ্ৰা, অশ্লেষা, তিনিও উত্তৰা, বিশাখা, জ্যেষ্ঠা, মূলা নক্ষত্ৰত, ভদ্ৰা, অমাৱস্যাত হাতৰপৰা যোৱা ধন কেতিয়াও ঘূৰি নাহে বৰঞ্চ বিবাদ বৃদ্ধি পায়।

মনত ৰাখিব: দৈনন্দিন কাম কৰিবৰ বাবে কোনো মুহুৰ্ত গণনা নহয়, কিন্তু বিশেষ কাম আৰু কামৰ সফলতাৰ বাবে মুহুৰ্তৰ গণনা কৰা উচিত যাতে শুভমুহুৰ্ত-ৰ লাভালাভ প্ৰাপ্ত কৰিব পৰা যায়।

বিশেষ অনুষ্ঠানত ইয়াৰ গুৰুত্ব

শুভমুহুৰ্ত হৈছে যিকোনো শুভ কাৰ্য্য আৰম্ভ কৰাৰ সেই শুভ সময় য'ত সকলো গ্ৰহ আৰু নক্ষত্ৰউ উত্তম ফলাফল প্ৰদান কৰিব পাৰে। আমাৰ জীৱনলৈ বহুতো শুভ আৰু মাংগলিক অনুষ্ঠান আহে। এই অনুষ্ঠানবোৰত আমি চেষ্টা কৰোঁ যাতে এই অনুষ্ঠানবোৰ যাতে অধিক আকৰ্ষণীয়ভাৱে আৰু কোনো বাধা-বিঘিনি নোহোৱাকৈ শান্তিপূৰ্ণভাৱে সম্পন্ন হৈ উঠে। এনে পৰিস্থিতিত, আমি এই কামবোৰ আৰম্ভ কৰাৰ পূৰ্বে শুভ সময়ৰ বাবে জ্যোতিষীৰ পৰামৰ্শ গ্ৰহণ কৰোঁ। কিন্তু বিবাহ, মুণ্ডন আৰু গৃহ প্ৰৱেশৰ দৰে বিশেষ অনুষ্ঠানত মুহুৰ্তৰ গুৰুত্ব আৰু অধিক বৃদ্ধি পায়। বিবাহ হৈছে গোটেই জীৱনজুৰি বান্ধ খাই থকাৰ এক গুৰুত্বপূৰ্ণ বন্ধন, সেয়েহে এই অনুষ্ঠানটো শুভ কৰিব তুলিবৰ বাবে, প্ৰতিটো পৰিয়ালে শুভ বা অনুকূলমুহুৰ্তঅহালৈ অপেক্ষা কৰে যাতে তেওঁলোকৰ সন্তানৰ জীৱন সদায় সুখ-শান্তিৰে ভৰি থাকে। ইয়াৰ উপৰিও, গৃহ প্ৰৱেশ, সম্পত্তি আৰু বাহন ক্ৰয়ৰ দৰে বহু কামত শুভ সময় গণনা কৰাৰ পৰম্পৰা আছে।

সকলোবোৰ জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ

মুহুৰ্ত্তৰ সৈতে জড়িত সাৱধানতা

শুভমুহুৰ্ত-ত সম্পন্ন কৰা কাৰ্য্যবোৰ সফলতাৰে সম্পন্ন হয়, কিন্তু যদিহে মুহুৰ্ত গণনাক লৈ কোনো ভুল হয়, তেন্তে ফলাফল বিপৰীতো হ'ব পাৰে। সেয়েহে, সঠিক সময় বাছনি কৰাটো যথেষ্ট গুৰুত্বপূৰ্ণ। আজিকালি বহুতো টিভি, ইণ্টাৰনেট আৰু বাতৰি কাকতত বহুতো উৎসৱ-পাৰ্বণ আৰু ব্ৰতৰ সৈতে জড়িত মুহুৰ্তৰ উল্লেখ কৰা হয় কিন্তু তথাপিও বিভ্ৰান্তি এৰাই চলিবৰ বাবে এবাৰ এগৰাকী জ্যোতিষীৰ সৈতে যোগাযোগ কৰক। বিশেষকৈ বিবাহ, মুণ্ডন আৰু গৃহপ্ৰৱেশ আদিৰ বাবে, জ্যোতিষীৰ পৰামৰ্শ অবিহনে আগবাঢ়াটো অচিত। কিয়নো শুভ মুহুৰ্ত অনুসৰি আৰম্ভ হোৱা প্ৰতিটো কামে জীৱনলৈ সফলতা আৰু সুখ-সমৃদ্ধি কঢ়িয়াই আনে।

Talk to Astrologer Chat with Astrologer