অন্নপ্ৰাশন মুহুৰ্ত 2025

Author: Lobitha Dutta | Updated Thu, 20 June, 2024 6:37 PM

অৰ্থাৎ মাতৃ গৰ্ভত থকা সন্তানৰ মলিন ভোজনৰ যি দোষ হয় তাৰ নাশ হয়।


সনাতম ধৰ্মত নৱজাত শিশুৰ সৈতে সম্পৰ্কিত মুঠ 16 টা সংস্কাৰৰ উল্লেখ কৰা হৈছে। ইয়াৰে এটা হৈৈছে অন্নপ্ৰাশন মুহুৰ্ত 2025 যি সাত নম্বৰত আহহে। দৰাচলতে জন্মৰ পিছৰপৰা পৰৱৰ্তী ছমাহ পৰ্য্যন্ত শিশুৱে সম্পূৰ্ণৰূপে নিজৰ মাতৃ দুগ্ধৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে। ইয়াৰ পিছত যেতিয়া শিশুৱে প্ৰথমবাৰ খাদ্য গ্ৰহণ কৰে তেতিয়া শিশুটোৰ পৰিয়ালে পৰম্পৰাগত বিধিৰে খাদ্য খুওৱাৰ যি নিয়ম সম্পন্ন কৰে সেয়াই হৈছে অন্নপ্ৰাশন সংস্কাৰ।

এই অন্নপ্ৰাশন মুহুৰ্ত 2025 সম্পৰ্কীয় বিশেষ লিখনিটোত আমি আপোনাক বৰ্ষ 2025 ৰ সকলো শুভ তিথি সম্পৰ্কে অৱগত কৰিম। এনে পৰিস্থিতিত যদিহে আপুনি নিজৰ সন্তান বা আপোনাৰ ঘৰৰ কোনো নৱজাত শিশুৰ অন্নপ্ৰাশন সংস্কাৰ অনুষ্ঠিত কৰোৱাৰ কথা ভাবি আছে তেনেহ’লে এই প্ৰৱন্ধটো অন্তলৈকে পঢ়ক।

Read in English: Annaprashana Muhurat 2025

জানক ইয়াৰ গুৰুত্ব আৰু নিয়মসমূহ

অন্নপ্ৰাশন মুহুৰ্ত 2025 সম্পৰ্কে জনাৰ পূৰ্বে আমি এই কথা জানি লওঁ যে প্ৰকৃততে অন্নপ্ৰাশন সংস্কাৰৰ গুৰুত্ব নো কি? দৰাচলতে ভাগৱত গীতা অনুসৰি কোৱা হয় যে অন্নৰদ্বাৰা যে কেৱল ব্যক্তিৰ শৰীৰে পুষ্টি লাভ কৰে এনে নহয়, বৰঞ্চ ব্যক্তিৰ মন, বুদ্ধি, দীপ্ততা আৰু আত্মাইও পুষ্টি লাভ কৰে। অন্নই হৈছে প্ৰাণীৰ প্ৰাণ অথবা তেওঁলোকৰ জীৱনৰ আধাৰ। ইয়াৰ উপৰিও শাস্ত্ৰত কোৱা হৈছে যে শুদ্ধ আহাৰ গ্ৰহণ কৰাৰ ফলস্বৰূপে ব্যক্তিৰ তন আৰু মন শুদ্ধ হয় আৰু শৰীৰৰ তত্ত্ব গুণ বৃদ্ধি হয়। এই কাৰণবশতঃ সনাতন ধৰ্মত অন্নপ্ৰাশন সংস্কাৰক বিশেষ গুৰুত্ব প্ৰদান কৰা হয়। অন্নপ্ৰাশন সংস্কাৰৰ জৰিয়তে শিশুৰ শুদ্ধ, সাত্বিক আৰু পৌষ্টিক অন্ন গ্ৰহণৰ আৰম্ভণি কৰা হয় যাৰ ইতিবাচক প্ৰভাৱ তেওঁলোকৰ বিচাৰ আৰু চিন্তাধাৰাত পৰিলক্ষিত হয়।

জীৱনৰ প্ৰতিটো সৰু-বৰ সমস্যাৰ সমাধান লাভ কৰিবৰ বাবে বিদ্বান জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক আৰু চাট্ কৰক

অন্নপ্ৰাশন সংস্কাৰ কেতিয়া কৰিব?

এতিয়া প্ৰশ্ন আহে যে অন্নপ্ৰাশন সংস্কাৰ কেতিয়া কৰা উচিত। ইয়াৰ বাবে আপুনি বিদ্বান জ্যোতিষীৰপৰা পৰামৰ্শ গ্ৰহণ কৰি অন্নপ্ৰাশন মুহুৰ্ত 2025 ৰ তথ্য প্ৰাপ্ত কৰিব পাৰে। অৱশ্যে যদিহে শাস্ত্ৰ অনুসৰি ক’বলৈ যোৱা যায় তেনেহ’লে ক’ব পাৰি যে যেতিয়া শিশু এটিৰ বয়স ছমাহ বা সাতমাহ হয় তেতিয়া শিশুটিৰ অন্নপ্ৰাশন সংস্কাৰ কৰাটো আটাইতকৈ অনুকূল বুলি গণ্য কৰা হয় কাৰণ আনুমানিক এইখিনি সময়তে শিশুৰ দাঁত গজে আৰু তেওঁলোকে পাতল আহাৰ হজম কৰিবলৈ সক্ষম হয়।

हिंदी में पढ़े : अन्नप्रासन्न मुर्हत 2025

অন্নপ্ৰাশন সংস্কাৰৰ সঠিক বিধি

যিকোনো সংস্কাৰ, পূজা পাঠ বা ব্ৰত তেতিয়াহে ফলদায়ক হয় যেতিয়া সম্পূৰ্ণ বিধি-বিধানেৰে সেই কাৰ্য্য সম্পন্ন কৰা হয়। এনে পৰিস্থিতিত অন্নপ্ৰাশন সংস্কাৰৰ সকলোতকৈ শুদ্ধ আৰু সঠিক বিধিৰ ক্ষেত্ৰত ক’ব পাৰি যে,

অন্নপ্ৰাশন সংস্কাৰৰ নিয়ম

অন্নপ্ৰাশন হৈছে এক সংস্কৃত শব্দ যাৰ সাধাৰণ ভাষাত অৰ্থ হৈছে অন্নৰ সেৱন বা আৰম্ভ কৰা। অন্নপ্ৰাশন সংস্কাৰৰ পিছত সন্তানে মাকৰ গাখীৰ আৰু গৰুৰ গাখীৰ খোৱাৰ লগতে অন্ন, চাউল আৰু অন্য খাদ্য পদাৰ্থও খাব পৰা হয়। সময়ৰ ক্ষেত্ৰত ক’ব পৰা যায় যে শাস্ত্ৰ অনুসৰি পুত্ৰ সন্তানৰ অন্নপ্ৰাশন সম মাহত সম্পন্ন কৰা হয় অৰ্থাৎ যেতিয়া শিশুটো 6, 8, 10, বা 12 মহীয়া হয় তেতিয়া অন্নপ্ৰাশন সংস্কাৰ সম্পন্ন কৰা হয়।

অন্নপ্ৰাশন মুহুৰ্ত 2025 প্ৰৱন্ধ অনুসৰি আনহাতে কন্যা সন্তানৰ অন্নপ্ৰাশন বিষম মাহত কৰা হয় অৰ্থাৎ যেতিয়া কন্যাটি 5, 7, 9 অথবা 11 মহীয়া হয় তেতিয়া অন্নপ্ৰাশন সংস্কাৰ সম্পন্ন কৰা হয়। অন্নপ্ৰাশন মুহুৰ্ত 2025 ৰ গণনা কৰাটোও যথেষ্ট আৱশ্যকীয়। শুভ মুহুৰ্তত শুভ কাম সম্পন্ন কৰিলে ব্যক্তিৰ জীৱনত অনুকূল প্ৰভাৱ পৰে।

বহুতো ঠাইত অন্নপ্ৰাশন সংস্কাৰৰ পিছত এক অনন্য ৰীতি পালন কৰা হয়। ইয়াত শিশুটিৰ সম্মুখত কলম, কিতাপ, সোণৰ বস্তু, ভোোজন আৰু মাটিৰ এটা বাচন থৈ দিয়া হয়। কোৱ হয় যে ইয়াৰ ভিতৰত যিটো বস্তু শিশুটিয়ে বাছি লয় তাৰেই প্ৰভাৱ শিশুটিৰ জীৱনত সদায় দেখিবলৈ পোৱা যায়। যিদৰে শিশুটিয়ে যদিহে সোণ বাছনি কৰি হাতত লয় তেতিয়া তাৰ অৰ্থ হৈছে শিশুটিয়ে নিজৰ জীৱনত অপৰিসীম ধন-সম্পত্তিৰ অধিকাৰী হ’ব। যদিহে শিশুটিয়ে কলম বাছনি কৰে তেতিয়া ইয়াৰ অৰ্থ হৈছে তেওঁ পঢ়া-শুনা তথা লিখা-মেলাত যথেষ্ট আগবাঢ়ি যাব। মাটি বাছনি কৰাৰ অৰ্থ হৈছে শিশুটিৰ জীৱনত অপাৰ মাটি-বাৰী হ’ব আৰু কিতাপ বাছনি কৰাৰ অৰ্থ হৈছে তেওঁ জীৱনত যথেষ্ট পঢ়া-শুনা কৰিব।

यह भी पढ़ें: राशिफल 2025

অন্নপ্ৰাশন সংস্কাৰৰ বাবে জৰুৰী সামগ্ৰী

অন্নপ্ৰাশন সংস্কাৰ কোনো বাধা-বিঘিনি নোহোৱাকৈ সঠিকভাৱে সম্পন্ন কৰিবৰ বাবে কিছুমান সামগ্ৰী হোৱাটো বিশেষভাৱে আৱশ্যকীয় যেনে যজ্ঞ-পূজাৰ সামগ্ৰী, দেৱ পূজনৰ সামগ্ৰী, ৰূপৰ পাত্ৰ, ৰূপৰ চামুচ, তুলসী আৰু গংগাজল।

ইয়াৰ উপৰিও এই কথাৰ প্ৰতিও মনোযোগ ৰাখক যে যিটো পাত্ৰত সন্তানৰ অন্নপ্ৰাশন কৰা হয় সেই পাত্ৰটো শুদ্ধ কৰাটো যথেষ্ট আৱশ্যকীয় কাৰণ কোনো অশুদ্ধ বা অপৰিষ্কাৰ বাচনত যদিহে সংস্কাৰ সম্পন্ন কৰা হয় তেনেহ’লে তাৰ শুভ ফল প্ৰাপ্ত কৰিব পৰা নাযায়। বিশেষকৈ অন্নপ্ৰাশনৰ বাবে ৰূপৰ চামু আৰু বাতিৰ ব্যৱহাৰ কৰা হয় কৰা ৰূপক শুদ্ধতাৰ প্ৰতীক হিতাপে গণ্য কৰা হয় সেয়েহে ৰূপৰ পাত্ৰত অন্নপ্ৰাশন সংস্কাৰ সম্পন্ন কৰা হয় আৰু অন্নপ্ৰাশন সংস্কাৰৰ পূৰ্বে পাত্ৰৰ শুদ্ধীকৰণ কৰা হয়।

অন্নপ্ৰাশন মুহুৰ্ত 2025 প্ৰৱন্ধ অনুসৰি পাত্ৰটো শুদ্ধ কৰিবৰ বাবে সৰ্বপ্ৰথমে ৰূপৰ বাতিত চন্দন বা সেন্দুৰেৰে স্বাত্বিক বনোৱা হয় আৰু তাৰপিছত ইয়াত অক্ষত আৰু ফুল অৰ্পণ কৰা হয়। লগতে দেৱ-দেৱীক প্ৰাৰ্থনা কৰা হয় যাতে এই পাত্ৰত দিব্যতা প্ৰদান কৰে আৰু লগতে এই মন্ত্ৰৰ উচ্চাৰণ কৰা হয়-

ঔঁ হিৰণ্ময়েন পাত্ৰেণ, সত্য়স্যাপিহিতং মুখম।

তত্বং পুষন্নপাবৃণু, সত্যধৰ্মায় দৃষ্টয়ে ।।

জীৱনৰ যিকোনো ধৰণৰ সমস্যাৰ সমাধান লাভ কৰিবৰ বাবে প্ৰশ্ন সোধক

2025 বৰ্ষৰ অন্নপ্ৰাশন মুহুৰ্ত

অন্নপ্ৰাশনৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ কথাবোৰৰ বিষয়ে অৱগত হোৱাৰ পিছত এতিয়া আহক আগবাঢ়ি যাওঁ আৰু অন্নপ্ৰাশন মুহুৰ্ত 2025 সম্পৰ্কীয় তথ্য় প্ৰাপ্ত কৰোঁ।

জানুৱাৰী 2025 ৰ বাবে অন্নপ্ৰাশন মুহুৰ্ত

তাৰিখ

সময়

1 জানুৱাৰী 2025

07:45-10:22

11:50-16:46

19:00-23:38

2 জানুৱাৰী 2025

07:45-10:18

11:46-16:42

18:56-23:34

6 জানুৱাৰী 2025

08:20-12:55

14:30-21:01

8 জানুৱাৰী 2025

16:18-18:33

13 জানুৱাৰী 2025

20:33-22:51

15 জানুৱাৰী 2025

07:46-12:20

30 জানুৱাৰী 2025

17:06-22:34

31 জানুৱাৰী 2025

07:41-09:52

11:17-17:02

19:23-23:56

ফেব্ৰুৱাৰী 2025 ৰ বাবে অন্নপ্ৰাশন মুহুৰ্ত

তাৰিখ

সময়

7 ফেব্ৰুৱাৰী 2025

07:37-07:57

09:24-14:20

16:35-23:29

10 ফেব্ৰুৱাৰী 2025

07:38-09:13

10:38-18:43

17 ফেব্ৰুৱাৰী 2025

08:45-13:41

15:55-22:49

26 ফেব্ৰুৱাৰী 2025

08:10-13:05

মাৰ্চ 2025 ৰ বাবে অন্নপ্ৰাশন মুহুৰ্ত

তাৰিখ

সময়

3 মাৰ্চ 2025

21:54-24:10

6 মাৰ্চ 2025

07:38-12:34

24 মাৰ্চ 2025

06:51-09:28

13:38-18:15

27 মাৰ্চ 2025

07:41-13:26

15:46-22:39

31 মাৰ্চ 2025

07:25-09:00

10:56-15:31

এপ্ৰিল 2025 ৰ বাবে অন্নপ্ৰাশন মুহুৰ্ত

তাৰিখ

সময়

2 এপ্ৰিল 2025

13:02-19:56

10 এপ্ৰিল 2025

14:51-17:09

19:25-25:30

14 এপ্ৰিল 2025

10:01-12:15

14:36-21:29

25 এপ্ৰিল 2025

16:10-22:39

30 এপ্ৰিল 2025

07:02-08:58

11:12-15:50

মে’ 2025 ৰ বাবে অন্নপ্ৰাশন মুহুৰ্ত

তাৰিখ

সময়

1 মে’ 2025

13:29-15:46

9 মে’ 2025

19:50-22:09

14 মে’ 2025

07:03-12:38

19 মে’ 2025

19:11-23:34

28 মে’ 2025

09:22-18:36

20:54-22:58

জুন 2025 ৰ বাবে অন্নপ্ৰাশন মুহুৰ্ত

তাৰিখ

সময়

5 জুন 2025

08:51-15:45

18:04-22:27

16 জুন 2025

08:08-17:21

20 জুন 2025

12:29-19:24

23 জুন 2025

16:53-22:39

26 জুন 2025

14:22-16:42

19:00-22:46

27 জুন 2025

07:24-09:45

12:02-18:56

21:00-22:43

শনি প্ৰতিৱেদনৰ মাধ্যমেৰে জানক নিজৰ জীৱনৰ ওপৰত শনিৰ প্ৰভাৱ

জুলাই 2025 ৰ বাবে অন্নপ্ৰাশন মুহুৰ্ত

তাৰিখ

সময়

2 জুলাই 2025

07:05-13:59

4 জুলাই 2025

18:29-22:15

17 জুলাই 2025

10:43-17:38

31 জুলাই 2025

07:31-14:24

16:43-21:56

আগষ্ট 2025 ৰ বাবে অন্নপ্ৰাশন মুহুৰ্ত

তাৰিখ

সময়

4 আগষ্ট 2025

09:33-11:49

11 আগষ্ট 2025

06:48-13:41

13 আগষ্ট 2025

08:57-15:52

17:56-22:30

20 আগষ্ট 2025

15:24-22:03

21 আগষ্ট 2025

08:26-15:20

25 আগষ্ট 2025

06:26-08:10

12:46-18:51

20:18-23:18

27 আগষ্ট 2025

17:00-18:43

21:35-23:10

28 আগষ্ট 2025

06:28-12:34

14:53-18:39

ছেপ্তেম্বৰ 2025 ৰ বাবে অন্নপ্ৰাশন মুহুৰ্ত

তাৰিখ

সময়

5 ছেপ্তেম্বৰ 2025

07:27-09:43

12:03-18:07

19:35-22:35

24 ছেপ্তেম্বৰ 2025

06:41-10:48

13:06-18:20

19:45-23:16

অক্টোবৰ 2025 ৰ বাবে অন্নপ্ৰাশন মুহুৰ্ত

তাৰিখ

সময়

1 অক্টোবৰ 2025

20:53-22:48

2 অক্টোবৰ 2025

07:42-07:57

10:16-16:21

17:49-20:49

8 অক্টোবৰ 2025

07:33-14:15

15:58-20:25

10 অক্টোবৰ 2025

20:17-22:13

22 অক্টোবৰ 2025

21:26-23:40

24 অক্টোবৰ 2025

07:10-11:08

13:12-17:47

19:22-23:33

29 অক্টোবৰ 2025

08:30-10:49

31 অক্টোবৰ 2025

10:41-15:55

17:20-22:14

নৱেম্বৰ 2025 ৰ বাবে অন্নপ্ৰাশন মুহুৰ্ত

তাৰিখ

সময়

3 নৱেম্বৰ 2025

07:06-10:29

12:33-17:08

18:43-22:53

7 নৱেম্বৰ 2025

07:55-14:00

15:27-20:23

17 নৱেম্বৰ 2025

07:16-13:20

14:48-21:58

27 নৱেম্বৰ 2025

07:24-12:41

14:08-21:19

ডিচেম্বৰ

তাৰিখ

সময়

4 ডিচেম্বৰ 2025

20:51-23:12

8 ডিচেম্বৰ 2025

18:21-22:56

17 ডিচেম্বৰ 2025

17:46-22:21

22 ডিচেম্বৰ 2025

07:41-09:20

12:30-17:26

19:41-24:05

24 ডিচেম্বৰ 2025

13:47-17:18

19:33-24:06

25 ডিচেম্বৰ 2025

07:43-12:18

13:43-15:19

29 ডিচেম্বৰ 2025

12:03-15:03

16:58-23:51

প্ৰেম সম্পৰ্কীয় সমস্যাৰ সমাধানৰ বাবে গ্ৰহণ কৰক প্ৰেম সম্পৰ্কীয় পৰামৰ্শ

অন্নপ্ৰাশন সংস্কাৰ আৰু শাস্ত্ৰ

গীতা অনুসৰি কোৱা হয় যে, 'অন্নই হৈছে প্ৰাণীৰ জীৱনৰ আধাৰ। অন্নৰপৰাই ব্যক্তিৰ মনৰ নিৰ্মাণ হয়। কেৱল মনেই নহয় বৰঞ্চ অন্নৰপৰাই ব্যক্তিৰ বুদ্ধি, তীক্ষ্ণতা আৰু আত্মাৰ পোষণ হয়। শাস্ত্ৰত উল্লেখ আছে যে অন্নৰপৰা ব্যক্তিৰ শৰীৰলৈ শুদ্ধতা আহে আৰু সত্ব গুণ বৃদ্ধি হয়।'

অন্নপ্ৰাশন মুহুৰ্ত 2025 প্ৰৱন্ধ অনুসৰি মহাভাৰতত কোৱা হয় যে, যেতিয়া ভীষ্ম পিতামহে শৰশয্যাত শুই আছিল তেতিয়া তেওঁ পাণ্ডৱক উপদেশ দি আছিল যাৰ বাবে দ্ৰৌপদীক হাঁহি ওলাইছিল। দ্যৌপদীৰ এই ব্যৱহাৰৰ বাবে ভীষ্ম পিতামহ যথেষ্ট আশ্চৰ্য্যচকিত হৈছিল। তেওঁ দ্ৰৌপদীক সুধিছিল যে তুমি কিয় হাঁহি আছা? তেতিয়া দ্ৰৌপদীয়ে বিনম্ৰভাৱে তেওঁক কৈছিল যে আপোনাৰ জ্ঞানত ধৰ্মৰ মৰ্ম নিহিত হৈ আছে। পিতামহ আপুনি কেনে সুন্দৰ সুন্দৰ জ্ঞানগৰ্ভ কথা কৈছে। এয়া শুনি কৌৰৱসকলৰ সভাৰ কথা মনত পৰি গ’ল য’ত মোৰ বস্ত্ৰ হৰণ কৰা হৈছিল। মই চিঞৰি চিঞৰি ন্যায়ৰ বাবে ভিজ্ঞা বিচাৰিছিলোঁ কিন্তু আপোনালোক সকলো তাত আছিল তথাপিও মৌন হৈ থাকি অধৰ্মীসকলক বল প্ৰদান কৰিছিল। আপোনাৰ দৰে ধৰ্মাত্মা সেই সময়ত কিয় মৌন হৈ আছিল? দুৰ্য্যোধনক কিয় বুজোৱা নাছিল আৰু সেই কথা ভাবিয়েই মোৰ হাঁহি উঠি গৈছিল।

তেতিয়া ভীষ্ম পিতামহে গম্ভীৰ হৈ উত্তৰ দিলে, 'পুত্ৰী সেই সময়ত মই দুৰ্য্যোধনৰ অন্ন খাই আছিলোঁ। সেই অন্নৰদ্বাৰই মোৰ ৰক্ত নিৰ্মাণ হৈছিল। যিধৰণৰ স্বভাৱ দুৰ্য্য়োধনৰ আছিল তাৰ প্ৰভাৱ তেওঁ দিয়া অন্ন খোৱাৰ ফলত মোৰ মন আৰু বুদ্ধিতো পৰিছিল কিন্তু যেতিয়া অৰ্জুনৰ শৰে মোৰ পাপৰ অন্নৰে নিৰ্মিত ৰক্ত মোৰ শৰীৰৰপৰা বাহিৰলৈ উলিয়াই দিছিল তেতিয়া মোৰ ভাৱনা শুদ্ধ হৈ পৰিল আৰু সেয়েহে এতিয়া মই ধৰ্ম সম্পৰ্কে অধিক উপলব্ধি কৰিব পাৰিছোঁ আৰু মই সেয়াই কৰিছোঁ যি ধৰ্ম অনুসৰি অনুকূল।'

নিষ্কৰ্ষ: অন্নপ্ৰাশন সংস্কাৰ এক যথেষ্ট গুৰুত্বপূৰ্ণ অনুষ্ঠান যিটো আপুনি নিজৰ শিশুৰ বাবে নিশ্চয় কৰিব লাগে। ইয়াৰদ্বাৰা আপোনাৰ সন্তানৰ ভাল ব্যক্তিত্বৰ অধিকাৰী, বলৱান আৰু ভাল মানুহ হিচাপে গঢ়ি তুলিব। ইয়াৰ বাবে আটাইতকৈ আৱশ্যকীয় হ’ল অন্নপ্ৰাশন সংস্কাৰ আপুনি সম্পূৰ্ণ বিধি-বিধানেৰে কৰাটো। যদিহে আপুনি ইয়াৰ বাবে পূজা কৰিব বিচাৰে তেনেহ’লে আপুনি এতিয়াই বিদ্বান জ্যোতিষীৰ সৈতে সংযুক্ত হৈ ইয়াৰ সৈতে জড়িত সকলো তথ্য প্ৰাপ্ত কৰিব পাৰিব।

সকলো ধৰণৰ জ্যোতিষীয় সমাধানৰ বাবে ক্লিক কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ

আমি আশা কৰিছোঁ যে আমাৰ এই অন্নপ্ৰাশন মুহুৰ্তৰ বিশেষ লিখনিটো আপোনাৰ বাবে নিশ্চয় সহায়ক প্ৰমাণিত হ’ব আৰু আপুনি ইয়াৰপৰা সঠিক তথ্যসমূহ লাভ কৰিব পাৰিব। যদিহে এনে হয় তেনেহ’লে আপুনি ইয়াক নিজৰ শুভাকাংক্ষীসকলৰ সৈতে শ্যেয়াৰ কৰিবলৈ নাপাহৰিব। এষ্ট্ৰোচেজৰ সৈতে সংযুক্ত হৈ থকাৰ বাবে আপোনাক অশেষ অশেষ ধন্যবাদ!

Talk to Astrologer Chat with Astrologer