জুন 2024 অৱলোকন (June 2024 awalokan)

জুন মাহটো হৈছে বৰ্ষৰ ষষ্ঠ মাহ আৰু এই মাহত বতৰৰ প্ৰকোপ কিছু উগ্ৰ হয় কাৰণ জেঠ মাহ হোৱাৰ বাবে সূৰ্য্যৰ প্ৰকোপ নিজৰ জ্যেষ্ঠতাত থাকে। এই জুন 2024 অৱলোকন প্ৰৱন্ধটোৰ জৰিয়তে আমি আপোনাক জুন মাহৰ সকলোবোৰ তথ্য প্ৰদান কৰিম। আমি সকলোৱে জানিবলৈ আগ্ৰহী যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব? প্ৰেম জীৱনত মধুৰতা থাকিব নে বিবাদ হ'ব? আপুনি কেৰিয়াৰ আৰু ব্যৱসায়ত কেনে ফলাফল লাভ কৰিব? এই সকলোবোৰ প্ৰশ্নৰ সমাধান আপুনি এই প্ৰৱন্ধটোত লাভ কৰিব।

নোট কৰি লওক এই মাহৰ ব্ৰত-উৎসৱৰ মুখ্য তিথিসমূহ!

ভৱিষ্যতৰ সৈতে জড়িত যিকোনো সমস্যাৰ সমাধান লাভ কৰিব বিদ্বান জ্যোতিষীসকলৰ সৈতে কথা পাতি

জুন 2024 ক এই বিশেষত্বসমূহে কৰি তুলিব সকলোতকৈ বিশেষ

  • এষ্ট্ৰোচেজৰ এই জুন 2024 অৱলোকন লেখাটোৱে আপোনাক জুন মাহত আহিবলগীয়া ব্ৰত-উৎসৱৰ তাৰিখসমূহৰ বিষয়ে অৱগত কৰিব যাৰ ফলস্বৰূপে আপুনি আগতীয়াকৈয়ে এইবোৰৰ বাবে প্ৰস্তুতি কৰিব পাৰিব।
  • আৰু এই মাহত জন্ম গ্ৰহণ কৰা ব্যক্তিসকলক কিহে বিশেষ কৰি তোলে। লগতে জানিব পাৰিম এই লোকসকলৰ ব্যক্তিত্বৰ সৈতে জড়িত কিছুমান মনোগ্ৰাহী কথা।
  • জুন 2024 ত কেতিয়া কেতিয়া আছে বেংক বন্ধ?
  • কি কি গ্ৰহে কেতিয়া কেতিয়া কৰিব নিজৰ ৰাশি আৰু স্থিতি পৰিৱৰ্তন? জুন মাহত কোনো গ্ৰহণ লাগিব নেকি? এই তথ্যও আপুনি এই লেখাটোত প্ৰাপ্ত কৰিব।
  • আৰু জুন মাহটোৱে ৰাশি চক্ৰৰ 12 টা ৰাশিৰ জাতকসকলৰ বাবে কেনে ফলাফল কঢ়িয়াই আনিব? এই সম্পৰ্কে আমি আপোনাক অৱগত কৰিম।

আহক এতিয়া আগবাঢ়ি যাওঁ আৰু জুন 2024 ৰ ওপৰত আধাৰিত এই প্ৰৱন্ধটোত দৃষ্টি নিক্ষেপ কৰোঁ।

জুন 2024 ৰ জ্যোতিষীয় তথ্য় আৰু হিন্দু পঞ্জিকাৰ গণনা

জুন 2024 ৰ পঞ্জিকা অনুসৰি, বৰ্ষ 2024 ৰ ষষ্ঠ মাহ জুনৰ আৰম্ভণি পূৰ্বভাদ্ৰপদ নক্ষত্ৰৰ অধীনত কৃষ পক্ষৰ নৱমী তিথি অৰ্থাৎ 01 জুন 2024 ত হ’ব আৰু ইয়াৰ সমাপ্তি অশ্বিনী নক্ষত্ৰৰ অন্তৰ্গত কৃষ্ণ পক্ষৰ দশমী তিথি অৰ্থাৎ 30 জুন 2024 ত হ’ব। এই মাহৰ পঞ্জিকা আপোনাক অৱগত কৰাৰ পিছত এতিয়া আমি জুন 2024 অৱলোকন প্ৰৱন্ধটোত সেইসকল লোকৰ বিষয়ে কথা পাতিম যাৰ জন্ম জুন মাহত হৈছে।

এয়াও পঢ়ক: ৰাশিফল 2024

বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ

জুন মাহত জন্ম গ্ৰহণ কৰা লোকসকলৰ ব্যক্তিত্বত দেখা যায় এই গুণসমূহ

আমি সকলোৱে এই কথা ভালদৰে জানো যে “নব’ডী ইজ পাৰফেক্ট” অৰ্থাৎ কোনো মানুহেই পাৰফেক্ট নহয়। প্ৰতিগৰাকী মানুহৰে ব্যক্তিত্বত ভাল আৰু বেয়া দুয়োটা গুণেই থাকে যি তেওঁক আনৰপৰা পৃথক কৰি তোলে। অৱশ্যে, এই দোষ-গুণবোৰৰ আধাৰতেই আমি কোনো ব্যক্তিৰ প্ৰতি আকৰ্ষিত হওঁ, কিন্তু আপুনি জানে নে যে প্ৰত্যেক ব্যক্তিৰ ব্যৱহাৰ আৰু স্বভাৱৰনিৰ্দ্ধাৰণৰ আঁৰত সেই মাহটোৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে যিটো মাহত তেওঁৰ জন্ম হয়। এই ক্ৰমত, জুন মাহত জন্ম গ্ৰহণ কৰা লোকসকলৰ মাজত কোনবোৰ বিশেষত্ব পোৱা যায়, আহক জুন 2024 অৱলোকন প্ৰৱন্ধটোত সেই সম্পৰ্কে অৱগত হওঁ।

জ্যোতিষীয় দৃষ্টিকোণৰপৰা, যদিহে আপোনাৰ জন্ম জুন মাহত হৈছে, তেনেহ’লে জনাব বিচাৰিছোঁ যে ই হৈছে বছৰটোৰ ষষ্ট মাহ। এই মাহত জন্ম গ্ৰহণ কৰা লোকসকলৰ ৰাশি মিথুন বা কৰ্কট হয়। এই লোকসকলৰ স্বভাৱ সাধাৰণতে যথেষ্ট ভাল হয় আৰু এওঁলোক সদায় আৱেগেৰে পৰিপূৰ্ণ হৈ থাকে। জুন মাহত জন্ম গ্ৰহণ কৰা লোকসকল সাধাৰণতে মিলি পৰা স্বভাৱৰ হয় আৰু এওঁলোকে মানুহৰ সৈতে মিলা-মিছা কৰি ভালপায়। আন মানুহ তেওঁলোকৰ ভাল স্বভাৱৰদ্বাৰা ততালিকে প্ৰভাৱিত হয়। এই লোকসকলৰ যোগাযোগ দক্ষতা যথেষ্ট ভাল হয় আৰু তেওঁলোকে নিজৰ কথাৰদ্বাৰা আনৰ হৃদয় জয় কৰিব পাৰে। নেতিবাচক দিশৰ ক্ষেত্ৰত ক’ব পৰা যায় যে যিসকল লোকৰ জন্ম জুন মাহত হয় তেওঁলোকৰ সৰু-সৰু কথাতে খং উঠে কিন্তু যিমান সোনকালে তেওঁলোকৰ খং উঠে সিমান সোনকালে খং কমিও যায়।

জুন মাহত জন্ম গ্ৰহণ কৰা লোকসকলৰ বাবে শুভ সংখ্যা: 6, 9

জুন মাহত জন্ম গ্ৰহণ কৰা লোকসকলৰ বাবে শুভ ৰং: সেউজীয়া, হালধীয়া, বেঙুনীয়া

জুন মাহত জন্ম গ্ৰহণ কৰা লোকসকলৰ বাবে শুভ দিন: মঙ্গলবাৰ, শনিবাৰ, শুক্ৰবাৰ

জুন মাহত জন্ম গ্ৰহণ কৰা লোকসকলৰ বাবে শুভ ৰত্ন: ৰূবী

জন মাহত জন্ম গ্ৰহণ কৰা লোকসকলৰ ব্যক্তিত্বৰ বিষয়ে এই মনোগ্ৰাহী তথ্যসমূহ জনাৰ পিছত এতিয়া আমি এই লেখাটোত এই মাহত পৰিবলগীয়া বেংক বন্ধবোৰৰ বিষয়ে কথা পাতিম।

জুন 2024 ত কেতিয়া কেতিয়া আছে বেংক বন্ধ?

দিন বেংক বন্ধ কোন কোন ৰাজ্যত বৈধ হ’ব
9 জুন 2024, দেওবাৰ মহাৰাণা প্ৰতাপ জয়ন্তী হিমাচল প্ৰদেশ, হাৰিয়াণা, ৰাজস্থান
10 জুন 2024, সোমবাৰ শ্ৰী গুৰু অৰ্জুন দেৱ শ্বহিদ দিৱস পঞ্জাৱ
14 জুন 2024, শুক্ৰবাৰ ৰজ উৎসৱ ওড়িশা
15 জুন 2024, শনিবাৰ ৰজ সংক্ৰান্তি ওড়িশা

15 জুন 2024, শনিবাৰ

ৱাইএমএ দিৱস মিজোৰাম
17 জুন 2024,সোমবাৰ ঈদ-ঊল-অধা (বকৰীদ) সমগ্ৰ দেশত (অৰুণাচল প্ৰদেশ, চণ্ডীগড়, দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দীউ, চিকিমৰ বাহিৰে)
18 জুন 2024, মঙ্গলবাৰ ঈদ-ঊল-অধা (বকৰীদ)ৰ বন্ধ জম্মু কাশ্মীৰ
22 জুন 2024, শনিবাৰ সন্ত কবীৰ জয়ন্তী ছত্তীশগঢ়, হিমাচল প্ৰদেশ, হাৰিয়াণা, পঞ্জাৱ
30 জুন 2024, দেওবাৰ ৰেমনা নী মিজোৰাম

জুন 2024 ৰ মুখ্য ব্ৰত আৰু উৎসৱসমূহৰ তিথি

তিথি পৰ্ব
02 জুন 2024, দেওবাৰ অপৰা একাদশী
04 জুন 2024, মঙ্গলবাৰ মাহেকীয়া শিৱৰাত্ৰি, প্ৰদোষ ব্ৰত (কৃষ্ণ)
06 জুন 2024, বৃহস্পতিবাৰ জ্যেষ্ঠ্য অমাৱস্যা
15 জুন 2024, शनिवार মিথুন সংক্ৰান্তি
18 জুন 2024, মঙ্গলবাৰ নিৰ্জলা একাদশী
19 জুন 2024, বুধবাৰ প্ৰদোষ ব্ৰত (শুক্ল)
22 জুন 2024, শনিবাৰ জ্যেষ্ঠ্য পূৰ্ণিমা ব্ৰত
25 জুন 2024, মঙ্গলবাৰ সংকষ্টী চতুৰ্থী

বৰ্ষ 2024 ৰ হিন্দু ধৰ্মৰ সকলোবোৰ পৰ্ব আৰু উৎসৱৰ সকলো তিথি জানিবৰ বাবে ক্লিক্ কৰক: হিন্দু কেলেণ্ডাৰ 2024

জুন মাহত পৰিবলগীয়া বেংক বন্ধ আৰু ব্ৰত-উৎসৱৰ তাৰিখসমূহ জনাৰ পিছত আমি এতিয়া জুন 2024 অৱলোকন লেখাটোত এই মাহত পালন কৰিবলগীয়া উৎসৱসমূহৰ মহত্ব সম্পৰ্কে জানি লওঁ আহক।

অপৰা একাদশী (02 জুন 2024, দেওবাৰ): অপৰা একাদশীত ভগৱান ত্ৰিবিক্ৰমৰ পূজা-অৰ্চনা কৰা হয়। এই একাদশীক জ্যেষ্ঠ কৃষ্ণ একাদশী আৰু অচলা একাদশী নামেৰেও জনা যায়। এই একাদশী হৈছে অপাৰ পুণ্য থকা একাদশী। এই একাদশী ব্ৰত কৰিলে পুণ্য, ধন-সম্পত্তি আৰু কীৰ্তিৰ প্ৰাপ্তি হয়।

মাহেকীয়া শিৱৰাত্ৰি (04 জুন 2024, মঙ্গলবাৰ) : মহাদেৱক সনাতন ধৰ্মত “শিৱ শংকৰ” আৰু “দেৱো কে দেৱ মহাদেৱ”ৰ নামেৰে জনা যায় কাৰণ তেওঁক সন্তুষ্ট কৰিবলৈ সহজ। মহাশিৱৰাত্ৰিৰ পৰ্ব প্ৰতি বছৰে ভক্তসকলৰদ্বাৰা যথেষ্ট শ্ৰদ্ধা আৰু আস্থাৰে পালন কৰা হয়। আনহাতে, প্ৰতি মাহত আহিবলগীয়া মাহেকীয়া শিৱৰাত্ৰিৰো অত্যাধিক মহত্ব আছে যি কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিত পৰে।

জ্যেষ্ঠ অমাৱস্যা (06 জুন 2024, বৃহস্পতিবাৰ): অমাৱস্যা তিথিক পূৰ্বপুৰুষৰ প্ৰতি তৰ্পণ আৰু দান-পুণ্য কৰাৰ বাবে উত্তম বুলি জনা যায়। লগতে, জেঠ মাহৰ অমাৱস্যাক শনি জয়ন্তী হিচাপেও পালন কৰা হয়। শনি জয়ন্তী হোৱাৰ বাবে এই দিনটোত শনি দেৱতাৰ পূজা ফলদায়ক হয়।

মিথুন সংক্ৰান্তি (15 জুন 2023): সূৰ্য্যক নৱগ্ৰহৰ ৰজা বুলি কোৱা হয় আৰু যেতিয়া ই এটা ৰাশিৰপৰা আন এটা ৰাশিত পৰিবহন কৰে তেতিয়া তাক সংক্ৰান্তি বুলি কোৱা হয়। সূৰ্য্যৰ পৰিবহন প্ৰতি মাহে হয় আৰু বছৰত বাৰটা সংক্ৰান্তি হয়। মিথুন সংক্ৰান্তিক যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচনা কৰা হয় যাক দান, পুণ্য, ধৰ্ম, তৰ্পণ আৰু স্নান আদি কাৰ্য্যৰ বাবে শুভ হিচাপে গণ্য কৰা হয়।

নিৰ্জলা একাদশী (18 জুন 2024, মঙ্গলবাৰ): হিন্দু ধৰ্মতনিৰ্জলা একাদশীক শ্ৰেষ্ঠ হিচাপে গণ্য কৰা হয়। পৌৰাণিক বিশ্বাস অনুসৰি ভীমসেনে নিৰ্জলা একাদশীৰ ব্ৰত কৰিছিল সেয়েহে ইয়াক ভীমসেন একাদশী হিচাপেও জনা যায়। এই একাদশীত ব্ৰত কৰাৰ ফলত বছৰটোত আহিবলগীয়া একাদশীবোৰৰ সমান শুভ ফল প্ৰাপ্ত হয়।

প্ৰদোষ ব্ৰত (কৃষ্ণ) (19 জুন 2024, বুধবাৰ): প্ৰদোষ ব্ৰতক শুভ হিচাপে গণ্য কৰা হয় আৰু পঞ্জিকা অনুসৰি এই ব্ৰত প্ৰতি মাহৰ ত্ৰয়োদশী তিথিত পালন কৰা হয়। অৱশ্যে, প্ৰদোষ ব্ৰত এমাহত দুবাৰ কৃষ্ণ আৰু শুক্ল পক্ষৰ ত্ৰয়োদশী তিথিত পালন কৰা হয়। এই ব্ৰতত ভগৱান শিৱৰ উপাসনা কৰা হয়। ধৰ্ম গ্ৰন্থত বৰ্ণিত আছে যে এই দিনটোত ভোলেবাবা প্ৰসন্ন হৈ কৈলাশত নৃত্য কৰে।

জ্যেষ্ঠ্য পূৰ্ণিমা ব্ৰত (22 জুন 2024, শনিবাৰ): জেঠ মাহক যথেষ্ট শুভ আৰু মঙ্গলদায়ক হিচাপে গণ্য কৰা হয় আৰু এই তিথিক স্নান, দান আৰু অন্য ধৰ্মীয় কাৰ্য্য কৰিবৰ বাবে শ্ৰেষ্ঠ হিচাপে গণ্য কৰা হয়। জেঠ পূৰ্ণিমাৰ সম্পৰ্কত ক’ব পাৰি যে এই পূৰ্ণিমাৰ দিনা যি ব্যক্তিয়ে গংগা নদীত স্নান কৰে তেওঁৰ সকলো মনোকামনা পূৰ্ণ হয়।

সংকষ্টী চতুৰ্থী (25 জুন 2024, মঙ্গলবাৰ): সংকষ্টী চতুৰ্থী গৌৰী পুত্ৰ ভগৱান গণেশৰ প্ৰতি সমৰ্পিত। হিন্দু ধৰ্মৰ প্ৰতিটো শুভ আৰু মাংগলিক কাৰ্য্য আৰম্ভ কৰাৰ পূৰ্বে গণেশ জীক স্মৰণ আৰু পূজন কৰা হয়। যিসকল জাতকে বিঘ্নকৰ্তা গণেশৰ কৃপা আৰু আশীৰ্বাদ লাভ কৰিব বিচাৰে তেওঁলোকৰ বাবে সংকষ্টী চতুৰ্থী সৰ্বশ্ৰেষ্ঠ প্ৰমাণিত হয় কাৰণ এই দিনটোত ভগৱান গণেশ জীক পূজা কৰাৰ বিধান আছে।

জুন 2024 ৰ ব্ৰ-উৎসৱৰ পিছত এতিয়া আহক এই মাহৰ ধৰ্মীয় মহত্বৰ বিষয়ে জানো।

ধৰ্মীয় দৃষ্টিকোণৰপৰা জুন মাহটো

এটা বৰ্ষত আহিবলগীয়া প্ৰতিটো দিন, মাহৰ নিজস্ব মহত্ব থাকে। প্ৰতিটো বৰ্ষত বাৰটা মাহ থাকে আৰু প্ৰতি মাহক সনাতন ধৰ্মত যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচনা কৰা হয়। পঞ্জিকাৰ ক্ষেত্ৰত দেখা যায় যে জুন মাহৰ আৰম্ভণি জেঠ মাহৰপৰা হয় আনহাতে এই মাহৰ সমাপ্তি আহাৰ মাহত হয়। জুন 2024 অৱলোকন প্ৰৱন্ধ অনুসৰি হিন্দু কেলেণ্ডাৰত জুন মাহটো জেঠ মাহত পৰে আৰু গ্ৰেগোৰিয়ান কেলেণ্ডাৰত এই মাহটো মে’-জুন মাহত পৰে। অৱশ্যে, বৰ্ষ 2024 ত জেঠ মাহৰ আৰম্ভণি 24 মে’ 2024 ত হ’ব আৰু ইয়াৰ সমাপ্তি 22 জুন 2024 জেঠ পূৰ্ণিমাত হ’ব।

জেঠ মাহৰ মহত্বৰ ক্ষেত্ৰত ক’ব পাৰি যে এই মাহটোত সূৰ্য্য পূজাক বিশেষ গুৰুত্ব প্ৰদান কৰা হয় কাৰণ জেঠ মাহত সূৰ্য্য যথেষ্ট শক্তিশালী হৈ থাকে সেয়েহে পৃথিৱীত সাধাৰণ জনতাই যথেষ্ট গৰম পায়। সূৰ্য্যৰ জ্যেষ্ঠতাৰ বাবেই এই মাহটোক জ্যেষ্ঠ বা জেঠ বুলি কোৱা হয়। লগতে, এই মাহত সূৰ্য্য মহাৰাজ বৃষ ৰাশিৰপৰা বাহিৰ হৈ মিথুন ৰাশিত প্ৰৱেশ কৰে যাৰ ফলস্বৰূপে এই দিনটোক মিথুন সংক্ৰান্তি নামেৰে জনা যায়।

জুন মাহতেই আহাৰ মাহৰ আৰম্ভণি হয়। হিন্দু বৰ্ষপঞ্জীত জুন মাহতেই আহাৰ মাহৰ আৰম্ভণি হয় আৰু ই জুন-জুলাই মাহত পৰে। জেঠ মাহৰ অন্ত হোৱাৰ লগে লগে আাহৰৰ আৰম্ভণি হয়। বৰ্ষ 2024 ত আহাৰ মাহৰ আৰম্ভণি 23 জুনত হ’ব আৰু ইয়াৰ সমাপ্তি আহাৰ পূৰ্ণিমাৰ দিনা 21 জুলাই 2024 ত হ’ব। আহাৰ মাহৰ পূৰ্ণিমাক গুৰু পূৰ্ণিমা হিচাপেও জনা যায়।

জুন 2024 অৱলোকন প্ৰৱন্ধটোত আমি আপোনাক পূৰ্বেই অৱগত কৰিছোঁ যে হিন্দু ধৰ্মত মাহৰ নাম নক্ষত্ৰৰ আধাৰত ৰখা হয়। সাধাৰণ ভাষাত ক’ব পাৰি যে মাহৰ পৰিৱৰ্তনৰ সময়ত চন্ত্ৰমা যি নক্ষত্ৰত উপস্থিত থাকে সেই নক্ষত্ৰৰ নামতেই মাহৰ নাম পৰে। এনেদৰে এই পূৰ্ণিমাৰ দিনা চন্দ্ৰমা পূৰ্বষাড়া আৰু উত্তৰষাড়া নক্ষত্ৰৰ মাজত থাকে সেয়েহে এই মাহটোক আষাড় আৰু অসমীয়াত আহাৰ নামেৰে জনা যায়।

ধৰ্মীয় দৃষ্টিকোণৰপৰা আহাৰ মাহটো জগতৰ পালনকৰ্ত্তা শ্ৰীহৰি বিষ্ণুৰ প্ৰতি সমৰ্পিত আৰু এই মাহটোত তেখেতৰ পূজা কল্যাণকাৰী হয়। আহাৰ মাহত দান, পুণ্য, স্নান, তপ আৰু পূজন আদিৰ কৰাৰ ফলস মানুহে শুভ ফল প্ৰাপ্ত কৰে। এই মাহত মিথুন সংক্ৰান্তি, গুপ্ত নৱৰাত্ৰি, জগন্নাথ ৰথযাত্ৰা আদি ডাঙৰ পৰ্বসমূহ হয়। আহাৰ মাহত দেৱশয়নী একাদশীও পৰে আৰু এই একাদশীত বিষ্ণু জী চাৰি মাহৰ নিদ্ৰালৈ যায়।

অনলাইন চফ্টৱেৰৰপৰা বিনামূলীয়া জন্ম সোঁৱৰণি প্ৰাপ্ত কৰক

জুন 2024 ত পৰিবলগীয়া গ্ৰহণ আৰু পৰিবহন

ব্ৰত-উৎসৱ, বেংক বন্ধ আৰু জুন মাহৰ ধাৰ্মিক মহত্ব জনাৰ পিছত এতিয়া আমি জুন 2024 অৱলোকন লেখাটোত এই মাহত হ’বলগীয়া পৰিবহন আৰু গ্ৰহণ সম্পৰ্কে কথা পাতিম। জুন 2024 ত মুঠ 9 বাৰ গ্ৰহৰ স্থিতি আৰু দশাৰ পৰিৱৰ্তন হোৱা দেখা যাব য’ত 5 টা ডাঙৰ গ্ৰহে পৰিবহন কৰিব আৰু ইয়াত এটা গ্ৰহে 2 বাৰ নিজৰ ৰাশি পৰিৱৰ্তন কৰিব আনহাতে 4 বাৰ গ্ৰহৰ গতি আৰু দশাৰ পৰিৱৰ্তন হ’ব।

মঙ্গলৰ মেষ ৰাশিত পৰিৱৰ্তন (01 জুন 2024): ৰঙা গ্ৰহ হিচাপে প্ৰসিদ্ধ মঙ্গল মহাৰাজে 01 জুন 2024 ৰ দুপৰীয়া 03 বাজি 27 মিনিটত নিজৰ ৰাশি মেষত পৰিবহন কৰিব।

বুধৰ বৃষ ৰাশিত অস্ত (02 জুন 2024): বুধক গ্ৰহসমূহৰ ৰাজকুমাৰ হিচাপে জনা যায় যাৰ এতিয়া 02 জুন 2024 ৰ সন্ধিয়া 06 বাজি 10 মিনিটত বৃষ ৰাশিত অস্ত হ’ব।

বৃহস্পতিৰ বৃষ ৰাশিত উদয় (03 জুন 2024): বৃহস্পতি গ্ৰহক দেৱতাসকলৰ গুৰুৰ আসন দিয়া হয় আৰু এই গ্ৰহৰ উদয় আৰু অস্ত হোৱাৰ ফলত সংসাৰত ইয়াৰ প্ৰভাৱ পৰে। এই গ্ৰহৰ এতিয়া 03 জুন 2024 ৰ ৰাতি 03 বাজি 21 মিনিটত উদয় হ’ব।

শুক্ৰৰ মিথুন ৰাশিত পৰিবহন (12 জুন 2024): প্ৰেম, বিলাসিতা আৰু ভৌতিক সুখৰ কাৰক গ্ৰহ শুক্ৰ দেৱতাই 12 জুন 2024 ৰ সন্ধিয়া 06 বাজি 15 মিনিটত মিথুন ৰাশিত পৰিবহন কৰিব।

বুধৰ মিথুন ৰাশিত পৰিবহন (14 জুন 2024): বুদ্ধি, বক্তব্য আৰু তৰ্কৰ কাৰক গ্ৰহ হিচাপে প্ৰসিদ্ধ বুধ মহাৰাজ 14 জুন 2024 ৰ ৰাতি 10 বাজি 55 মিনিটত মিথুন ৰাশিত পৰিবহন কৰিব।

সূৰ্য্যৰ মিথুন ৰাশিত পৰিবহন (15 জুন 2024): জ্যোতিষত সূৰ্য্য় দেৱতাক নৱগ্ৰহৰ ৰজা হিচাপে কোৱা হয় আৰু ই 15 জুন 2024 ৰ ৰাতি 12 বাজি 16 মিনিটত মিথুন ৰাশিত প্ৰৱেশ কৰিব।

বুধৰ মিথুন ৰাশিত উদয় (27 জুন 2024): জুন মাহত আকৌ এবাৰ বুধ গ্ৰহৰ দশাত কিছু পৰিৱৰ্তন দেখা যাব আৰু ই নিজৰ অস্ত অৱস্থাৰপৰা বাহিৰলৈ ওলাই 27 জুন 2024ৰ ৰাতিপুৱা 04 বাজি 22 মিনিটত মিথুন ৰাশিত উদয় হ’বলৈ গৈ আছে।

বুধৰ কৰ্কট ৰাশিত পৰিবহন (29 জুন 2024): জ্যোতিষত বুধ গ্ৰহক গ্ৰুত বেগেৰে গতি কৰা গ্ৰহ হিচাপে গণ্য কৰা হয় আৰু এনে পৰিস্থিতিত জুন মাহত ই পুণৰ নিজৰ ৰাশি পৰিৱৰ্তন কৰি 29 জুন 2024 ৰ দুপৰীয়া 12 বাজি 13 মিনিটত কৰ্কট ৰাশিত পৰিবহন কৰিব।

শনিৰ কুম্ভ ৰাশিত পশ্চাদগমন (29 জুন 2024): ন্যায় আৰু কৰ্মফল দাতা নামেৰে জনাজাত বিখ্যাত সূৰ্য্য পুত্ৰ শনিৰ নিজৰ ৰাশি কুম্ভতেই 29 জুন 2024 ৰ ৰাতি 11 বাজি 40 মিনিটত পশ্চাদগমন হ’ব।

দ্ৰষ্টব্য: জুন 2024 ত কোনো গ্ৰহৰ গ্ৰহণ নালাগে।

জুন 2024 ৰ বাবে 12 টা ৰাশিৰ জাতকসকলৰ ৰাশিফল আৰু উপায়

মেষ ৰাশি

  • এই ৰাশিৰ জাতকসকলে কেৰিয়াৰত কঠোৰ পৰিশ্ৰম কৰিব আৰু এই পৰিশ্ৰমৰ ফলত আপুনি ভাল সফলতা প্ৰাপ্ত কৰিব পাৰিব।
  • মেষ ৰাশিৰ জাতকসকলৰ পাৰিবাৰিক জীৱন ভালে থাকিব আৰু এইখিনি সময়ত আপোনাৰ পৰিয়ালৰ সদস্যসকলে কোনো গম্ভীৰ বিষয়ত চিন্তা-চৰ্চা কৰা দেখা যাব।
  • প্ৰেম জীৱনৰ বাবে এই মাহটো অনুকূল হ’ব আৰু আপুনি সঙ্গীৰ সৈতে মুকসিকৈ কথা পতাৰ লগতে তেওঁৰ হৃদয়ত নিজৰ বাবে স্থান দখল কৰিব।
  • আৰ্থিক জীৱনৰ দিশৰপৰা এই মাহটো উত্থান-পতনেৰে পৰিপূৰ্ণ হ’ব আৰু ব্যয় বৃদ্ধি হ’ব পাৰে।
  • এই জাতকসকলৰ স্বাস্থ্য ভালে থাকিব কিন্তু তেওঁলোকে কিছু ব্যায়াম আৰু যোগাভ্যাস কৰা উচিত।

উপায়: শনিবাৰে পুৱা মন্দিৰলৈ গৈ চাফ-চিকুণ কৰক।

বৃষ ৰাশি

  • বৃষ ৰাশিৰ জাতকসকলৰ কেৰিয়াৰ জুন 2024 ত অনুকূল হ’ব। আপুনি এইখিনি সময়ত কঠোৰ পৰিশ্ৰম কৰিব।
  • জুন 2024 অৱলোকন প্ৰৱন্ধ অনুসৰি পাৰিবাৰিক জীৱনৰ বাবে এই মাহটো ভাল হ’ব। পৰিয়ালৰ আপোনাৰ মাতৃৰ স্থান শক্তিশালী হ’ব আৰু সকলোৱে তেওঁৰ কথা মানি চলিব।
  • প্ৰেম জীৱনৰ ক্ষেত্ৰত এই মাহটো কিছু জটিল হ’ব কাৰণ আপোনাৰ আৰু সঙ্গীৰ মাজত যুক্তি-তৰ্ক হোৱাৰ সম্ভাৱনা আছে।
  • বৃষ ৰাশিৰ জাতকসকলৰ উপাৰ্জন যথেষ্ট ভাল হ’ব। এইখিনি সময়ত আপোনাৰ উপাৰ্জন বৃদ্ধি হ’ব।
  • এই সময়খিনিত বৃষ ৰাশিৰ জাতকসকলক কিছু স্বাস্থ্যজনিত সমস্যাই আমনি দিব পাৰে যেনে আঘাত আদি হ’ব পাৰে। কিন্তু সময়মতে চিকিৎসা কৰিলে আপুনি স্বাস্থ্যৱান হৈ থাকিব।

উপায়: শুক্ৰবাৰে মাতা মহালক্ষ্মীৰ পূজা কৰক।

মিথুন ৰাশি

  • মিথুন ৰাশিৰ জাতকসকলৰ কেৰিয়াৰ এই মাহত উত্থান-পতনেৰে পৰিপূৰ্ণ হ’ব। এই সময়ছোৱাত আপুনি যি কামেই কৰিব সেয়া সহজে কৰিবলৈ সক্ষম হ’ব।
  • মিথুন ৰাশিৰ জাতকসকলৰ আৰ্থিক জীৱন উত্তম হ’ব আৰু আপোনাৰ জীৱনলৈ আহিবলগীয়া সমস্যাবোৰ দূৰ হ’ব। লগতে, আপোনাৰ উপাৰ্জনো স্থিৰ হ’ব।
  • এই লোকসকলৰ ঘৰৰ বাতাৱৰণ কিছু অশান্তিকৰ হ’ব আৰু এনে পৰিস্থিতিত, আপুনি পৰিয়ালৰ লোকসকলৰ মাজত মিলা-মিছা কৰিবৰ বাবে যথেষ্ট প্ৰয়াস কৰিব লাগিব।
  • জুন 2024 অৱলোকন প্ৰৱন্ধ অনুসৰি আপোনাৰ প্ৰেম জীৱনত জুন মাহত মিলা-মিছা দেখা যাব। এইখিনি সময়ত জীৱনসঙ্গীৰ সৈতে সম্পৰ্ক শক্তিশালী হ’ব যাৰ ফলত আপুনি সুখী হ’ব।
  • স্বাস্থ্যৰ দৃষ্টিকোণৰপৰা এই মাহটো আপোনাৰ বাবে কিছু জটিল হ’ব কাৰণ আপোনাক কোনো কোনো ৰোগে আমনি কৰিব পাৰে। এনে পৰিস্থিতিত আপুনি এইখিনি সময়ত নিজৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিব লাগিব।

উপায়: বুধবাৰে গোমাতাক সেউজীয়া ঘাঁহ বা সেউজীয়া পাচলি খুৱাওক।

কৰ্কট ৰাশি

  • জুন 2024 অৱলোকন প্ৰৱন্ধ অনুসৰি কৰ্কট ৰাশিৰ জাতকসকলৰ কেৰিয়াৰৰ স্থিতি এইখিনি সময়ত শক্তিশালী হ’ব আৰু আপুনি উন্নতি লাভ কৰিব। আপোনাৰ পদ আৰু শক্তি দুয়োটাই বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।
  • এই জাতকসকলৰ পাৰিবাৰিক জীৱন মধ্যমীয়া হ’ব। এইখিনি সমত আপোনাৰ পৈতৃক সম্পত্তি লাভ কৰাৰ যোগ আছে আৰু পাৰিবাৰিক ব্যৱসায়তো উন্নতি লাব কৰিব।
  • এই ৰাশিৰ অকলশৰীয়া জাতকসকলৰ প্ৰেম জীৱনৰ বাবে এই মাহটো অত্যন্ত ভাল হ’ব কাৰণ আপুনি নিজৰ জীৱনসঙ্গীক লগ পাই যাব পাৰে।
  • এই জাতকসকলৰ আৰ্থিক স্থিতি শক্তিশালী হ’ব। বিভিন্ন উৎসৰপৰা উপাৰ্জন লাভ কৰাৰ আৰু ধন প্ৰাপ্ত কৰাৰ যোগ আছে।
  • জুন মাহটো কৰ্কট ৰাশিৰ জাতকসকলৰ স্বাস্থ্যৰ বাবে অনুকূল হ’ব। কিন্তু, কেতিয়াবা কেতিয়াবা আপুনি চাপৰ সম্মুখীন হ’ব পাৰে সেয়েহে নিজৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ ৰাখক।

উপায়: মঙ্গলবাৰে হনুমান জীৰ মন্দিৰত পকা ৰঙা ডালিম আগবঢঞাওক।

সিংহ ৰাশি

  • সিংহ ৰাশিৰ জাতকসকলৰ জুন 2024 মাহত কেৰিয়াৰ অনুকূল হ’ব। চাকৰি বিচাৰি থকা জাতকসকলৰ স্থানান্তৰণ হোৱাৰ সম্ভাৱনা আছে।
  • জুন মাহত ৰাহুৰ স্থিতিয়ে আপোনাৰ বাবে অপ্ৰত্যাশিত ব্যয় কঢ়িয়াই আনিব পাৰে যিটোত বাধা দিয়াটো সম্ভৱ নহ’ব। লগতে, আপুনি লোকচানৰো সম্মুখীন হ’ব পাৰে।
  • জুন 2024 অৱলোকন প্ৰৱন্ধ অনুসৰি পাৰিবাৰিক জীৱনৰ বাবে এই মাহটো মধ্যমীয়া হ’ব। লগতে গ্ৰহসমূহৰ শুভ স্থিতিয়ে ঘৰৰ সদস্যসকলৰ মাজত ভাল মিলা-মিছা বৰ্ত্তাই ৰাখিব।
  • এই ৰাশিৰ সেইসকল জাতকৰ বাবে সময়খিনি ভাল হ’ব যি কাৰোবাক পছন্দ কৰে আৰু তেওঁক নিজৰ হৃদয়ৰ কথা প্ৰকাশ কৰিবৰ বাবে ভাল সময়ৰ সন্ধান কৰি আছে।
  • স্বাস্থ্যৰ দিশৰপৰা এই মাহটো আপোনাৰ বাবে কিছু দুৰ্বল হ’ব পাৰে। এইখিনি সময়ত স্বাস্থ্যক উপেক্ষা নকৰিব অন্যথা আপুনি কোনো গুৰুতৰ বেমাৰৰ চিকাৰ হ’ব পাৰে।

উপায়: প্ৰতিদিনে শ্ৰী আদিত্য় হৃদয় স্তোত্ৰ পাঠ কৰক।

কন্যা ৰাশি

  • কন্যা ৰাশিৰ জাতকসকলৰ কেৰিয়াৰ জুন মাহত সাধাৰণ হ’ব। আপুনি নিজৰ কামত ভাল প্ৰদৰ্শন কৰিব কিন্তু আপুনি সতৰ্কতা অৱলম্বন কৰিব লাগিব।
  • পাৰিবাৰিক জীৱন এই মাহত সচৰাচৰ হ’ব আৰু ইয়াৰ ফলস্বৰূপে পৰিয়ালৰ সৈতে আপুনি আপুনি কোনো দীৰ্ঘ দূৰত্বৰ যাত্ৰালৈ যাব পাৰে।
  • প্ৰেম জীৱন অনুকূল হ’ব আৰু আপুনি নিজকে সঙ্গীৰ ঘনিষ্ঠ অনুভৱ কৰিব। লগতে সুখ-দুখৰ সময়ত পৰস্পৰে পৰস্পৰৰ কাষত থিয় দিব।
  • কন্যা ৰাশিৰ জাতকসকলৰ আৰ্থিক জীৱন এই মাহত মধ্যমীয়া হ’ব। এই সময়খিনিত আপুনি কোনো কামৰ বাবে বেংকৰ পৰা ঋণ ল’ব পাৰে।
  • এই মাহত স্বাস্থ্য কিছু দুৰ্বল হোৱাৰ আশংকা কৰা হৈছে সেয়েহে আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব কাৰণ গুৰুত্বহীনতাৰ বাবে বেমাৰৰ চিকাৰ হ’ব পাৰে।

উপায়: শুক্ৰবাৰে সৰু ছোৱালীক বগা মিঠাই খুৱাওক।

বৰ্ষ 2024 ত আপোনাৰ জীৱনলৈ প্ৰেমৰ আগমন ঘটিব নেকি? প্ৰেম ৰাশিফল 2024 য়ে দিব উত্তৰ

তুলা ৰাশি

  • তুলা ৰাশিৰ জাতকসকলৰ কেৰিয়াৰ এই মাহত উত্থান-পতনেৰে ভৰা হ’ব। শনি দেৱতাৰ স্থিতিয়ে চাকৰিৰ ক্ষেত্ৰলৈ কিছু ডাঙৰ পৰিৱৰ্তন আনিব পাৰে।
  • এই ৰাশিৰ লোকসকলৰ আৰ্থিক জীৱন জুন মাহ কিছু জটিল হ’ব পাৰে। এইখিনি সময়ত আপুনি ব্যৱসায়ত লাভ প্ৰাপ্ত কৰাৰ সম্ভাৱনা আছে। লগতে, ব্যৱসায়ৰ প্ৰকল্পসমূহত সফলতা লাভ কৰিব।
  • পাৰিবাৰিক জীৱন জুন মাহত আপোনাৰ বাবে অনুকূল হ’ব। কিন্তু, পৰিয়ালৰ জ্যেষ্ঠ্য সদস্যসকলৰ স্বাস্থ্য বেয়া হ’ব পাৰে সেয়েহে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ ৰাখিব।
  • এই জাতকসকলৰ প্ৰেম জীৱন এইখিনি সময়ত ভাল হ’ব। যদিহে আপুনি কাৰোবাক প্ৰেম কৰে তেনেহ’লে সেই প্ৰেম প্ৰকৃত হয় নে নহয় সেই কথা এইখিনি সময়ত আপুনি জানিবলৈ সক্ষম হ’ব।
  • এই লোকসকলৰ স্বাস্থ্য কিছু দুৰ্বল হ’ব সেয়েহে আপোনাৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ ৰাখক কাৰণ আপুনি স্বাস্থ্যজনিত সমস্যাই আপোনাক আমনি দিব পাৰে।

উপায়: নিয়মিত ভাৱে দেৱী দুৰ্গাৰ পূজা কৰক আৰু শ্ৰী দুৰ্গা চালিশা পাঠ কৰক।

বৃশ্চিক ৰাশি

  • জুন 2024 অৱলোকন প্ৰৱন্ধ অনুসৰি বৃশ্চিক ৰাশিৰ জাতকসকলৰ কেৰিয়াৰ এই মাহত প্ৰায়ভাগ অনুকূল হ’ব। এই সময়খিনিত চাকৰিত আপোনাৰ প্ৰদৰ্শন ভাল হ’ব।
  • আৰ্থিক জীৱন এই মাহত মধ্যমীয়া হ’ব। আয় বৃদ্ধি হ’ব আৰু আপোনাৰ ওচৰলৈ পৰ্যাপ্ত মাত্ৰাত ধনৰ আগমন ঘটিব।
  • পাৰিবাৰিক জীৱন আপোনাৰ বাবে সাধাৰণ হ’ব। লগতে, এই মাহত গুৰু গ্ৰহৰ স্থিতিৰ ফলস্বৰূপে পৰিয়ালৰ সকলো দায়িত্ব আপোনাৰ জীৱনসঙ্গীৰ ওপৰত পৰিব পাৰে।
  • এই জাতকসকলৰ প্ৰেম জীৱন কিছু জটিল হ’ব। এনে পৰিস্থিতিত, আপোনাৰ সঙ্গীয়ে কিছুমান কথাক লৈ অসহমতি প্ৰকাশ কৰিব পাৰে যাৰ বাবে আপুনি চাপৰ সম্মুখীন হ’ব পাৰে।
  • এই ৰাশিৰ জাতকসকল নিজৰ স্বাস্থ্যৰ প্ৰতি কিছু সাৱধান হ’ব লাগিব কাৰণ আপোনাক পেটৰ লগত জড়িত সমস্যাই আমনি দিব পাৰে সেয়েহে নিজৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ ৰাখক।

উপায়: মঙ্গলবাৰে শ্ৰী বজৰংগ বাণ পাঠ কৰক।

ধনু ৰাশি

  • ধনু ৰাশিৰ জাতকসকলৰ মন কেৰিয়াৰৰ ক্ষেত্ৰৰপৰা কোনো কথাক লৈ বিচলিত হ’ব পাৰে যাৰ ফলস্বৰূপে আপুনি চাকৰিত সমস্যাৰ সম্মুখীন হ’ব পাৰে।
  • জুন মাহত আপোনাৰ পাৰিবাৰিক জীৱন কিছু অশান্ত হৈ থাকিব পাৰে যাৰ ফস্বৰূপে আপুনি বিচালিত হ’ব পাৰে। এনে পৰিস্থিতিত আপুনি কিছু সময় ঘৰৰ বাহিৰত কটোৱা উচিত।
  • জুন মাহত আপোনাৰ আৰ্থিক জীৱন কিছু দুৰ্বল হোৱাৰ আশংকা কৰা হৈছে কাৰণ আপুনি ধনৰ লগত জড়িত সমস্যাৰ সম্মুখীন হ’ব পাৰে।
  • এই ৰাশিৰ জাকসকলৰ প্ৰেম জীৱন প্ৰেমপূৰ্ণ হ’ব আৰু এইখিনি সময়ত আপুনি সঙ্গীৰ হৃদয়ত নিজৰ স্থান দখল কৰিবলৈ সক্ষম হ’ব।
  • জুন 2024 অৱলোকন প্ৰৱন্ধ অনুসৰি স্বাস্থ্যৰ দৃষ্টিকোণৰপৰা এই লোকসকলৰ স্বাস্থ্য দুৰ্বল হ’ব পাৰে। গ্ৰহৰ স্থিতিয়ে বেমাৰৰ সংকেত দিছে। সেয়েহে নিজৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিয়ক।

উপায়: বৃহস্পতিবাৰে ব্ৰাহ্মণ বা বিদ্যাৰ্থীক ভোজন কৰাওক।

মকৰ ৰাশি

  • মকৰ ৰাশিৰ জাতকসকলৰ কেৰিয়াৰ এই মাহত মধ্যমীয়া হ’ব কাৰণ আপুনি চাকৰিত পৰিৱৰ্তন সম্মুখীন হ’ব পাৰে।
  • আপোনাৰ পাৰিবাৰিক জীৱন কিছু উত্থান-পতনেৰে পৰিপূৰ্ণ হ’ব। অৱশ্যে, এই সময়খিনিত আপোনাৰ পৰিয়ালৰ ধন-সম্পত্তি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।
  • এই ৰাশিৰ লোকসকলৰ পাৰিবাৰিক জীৱন মধ্যমীয়া হ’ব কাৰণ এই সময়খিনিয়ে আপোনাৰ জীৱনলৈ আনন্দ আৰু সমস্যা দুয়োটাই কঢ়িয়াই আনিব পাৰে কিন্তু সঙ্গীৰ সৈতে আপুনি ভাল সময় কটাব পাৰিব।
  • আৰ্থিক জীৱনৰ বাবে জুন মাহটো অত্যন্ত ভাল হ’ব। এই সময়খিনিত আপোনাৰ আয় বৃদ্ধি হোৱা দেখা যাব।
  • এই জাতকসকলৰ স্বাস্থ্য অনুকূল হ’ব। কিন্তু, গ্ৰহসমূহৰ বিশেষ স্থিতিয়ে আপোনাক নিজৰ স্বাস্থ্যৰ প্ৰতি সাৱধানতা অৱলম্বন কৰাৰ নিৰ্দেশ দিয়ে, অন্যথা ৰোগে আমনি দিব পাৰে।

উপায় : শনিবাৰে শ্ৰী শনি চালিশা পাঠ কৰক।

কুম্ভ ৰাশি

  • কুম্ভ ৰাশিৰ জাতকসকলৰ কেৰিয়াৰ এই মাহত মিশ্ৰিত হ’ব। যদিহে আপুনি চাকৰি কৰে তেনেহ’লে আপুনি নিজৰ কামত মনোযোগ দিয়া উচিত।
  • আৰ্থিক জীৱনৰ দিশৰপৰা জুন মাহটো মধ্যমীয়া হ’ব। এই সময়খিনিত আপোনাৰ সম্পূৰ্ণ মনোযোগ ঘৰখনৰ সুখ-আনন্দ আৰু সাজ-সজ্জাৰ ওপৰত কেন্দ্ৰিত হ’ব। এনে পৰিস্থিতিত আপুনি ধন ব্যয়ো অধিক কৰিব।
  • এই জাতকসকলৰ পাৰিবাৰিক জীৱন অনুকূল হ’ব আৰু আপোনাৰ পিতৃ-মাতৃৰ স্বাস্থ্য ভাললৈ অহা দেখা যাব।
  • এই মাহত আপোনাৰ প্ৰেম জীৱন ভাল অৱস্থাত থাকিব আৰু আপুনি নিজৰ সঙ্গীক পৰিয়ালৰ লোকসকলৰ সৈতে চিনাকী কৰাই দিব পাৰে।
  • কুম্ভ ৰাশিৰ জাতকসকলৰ স্বাস্থ্য এইখিনি সময় কিছু উন্নত হ’ব। এনে পৰিস্থিতিত যি ৰোগে তেওঁলোকক আমনি দি আছে তাৰপৰা তেওঁলোকে অৱশেষত পৰিত্ৰাণ লাভ কৰিব।

উপায়: সৰু ছোৱালীৰ ভৰি চুই তেওঁলোকৰ আশীৰ্বাদ লওক।

মীন ৰাশি

  • মীন ৰাশিৰ জাতকসকলৰ কেৰিয়াৰ জুন 2024 মাহত অনুকূল হ’ব। আপুনি চাকৰিত নিজৰ প্ৰদৰ্শন উন্নত কৰিব পাৰিব।
  • জুন 2024 অৱলোকন প্ৰৱন্ধ অনুসৰিএই মাহত আপোনাৰ পাৰিবাৰিক জীৱন অনুকূল হ’ব। কিন্তু, আপুনি এই কথাৰ প্ৰতি মনোযোগ ৰাখিব লাগিব যাতে আপুনি আৱেগৰ বশৱৰ্তী হৈ এনে কোনো কাম নকৰে যাৰ বাবে আপোনাৰ সঙ্গীয়ে দুখ পাব পাৰে।
  • মীন ৰাশিৰ জাতকসকলৰ প্ৰেম জীৱন ভাল হ’ব। আপোনাৰ নতুন বন্ধু-বান্ধৱী হ’ব আৰু আপুনি কাৰোবাৰ ঘনিষ্ঠ হ’ব পাৰে। লগতে তেওঁক নিজৰ হৃদয়ৰ কথা ব্যক্ত কৰিব পাৰে।
  • এই লোকসকলে নিজৰ আৰ্থিক জীৱনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। এনে পৰিস্থিতিত, আপুনি ধন সঞ্চয় কৰিবলৈ সক্ষম হ’ব আৰু আপোনাৰ বেংক-বেলেঞ্চ বৃদ্ধি হ’ব।
  • আপোনাৰ স্বাস্থ্য এই মাহত অনুকূল অৱস্থাত থাকিব। গ্ৰহসমূহৰ বিশেষ স্থিতিৰ ফলস্বৰূপে আপোনাৰ স্বাস্থ্য ভাললৈ আহিব আৰু আপুনি বেমাৰৰপৰা পৰিত্ৰাণ লাভ কৰিব।

उपाय: অমাৱস্যাত নাগ-নাগিনৰ যোৰা শিৱলিংগত অৰ্পণ কৰক।

সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: অনলাইন শ্বপিং ষ্টোৰ

আমি আশা ৰাখিছোঁ যে আপুনি আমাৰ এই প্ৰৱন্ধটো নিশ্চয় ভাল পাইছে। যদিহে ভাল পাইছে তেনেহ’লে আপোনাৰ অন্য শুভাকাংক্ষীসকলকো এই প্ৰৱন্ধটোৰ কথা জনাওক। ধন্যবাদ

সঘনাই সোধা প্ৰশ্ন

2024 বৰ্ষত 31 জুন আছে নে?

নাই। জুন 2024 ত 30 দিন আছে।

22 জুনত কি উৎসৱ আছে?

22 জুন 2024 ত জ্যেষ্ঠ পূৰ্ণিমাৰ পৰ্ব পালন কৰা হয়।

12 ত কি হ’ব?

12 জুনত শুক্ৰৰ মিথুন ৰাশিত পৰিবহন হ’ব।

জুন মাহত জন্মগ্ৰহণ কৰা লোকসকল কেনে হয়?

এই লোকসকল স্বভাৱ সাধাৰণতে যথেষ্ট ভাল হয় আৰু তেওঁলোক সদায় অত্যন্ত জেদী স্বভাৱৰ হয়।

Astrological services for accurate answers and better feature

33% off

Dhruv Astro Software - 1 Year

'Dhruv Astro Software' brings you the most advanced astrology software features, delivered from Cloud.

Brihat Horoscope
What will you get in 250+ pages Colored Brihat Horoscope.
Finance
Are money matters a reason for the dark-circles under your eyes?
Ask A Question
Is there any question or problem lingering.
Career / Job
Worried about your career? don't know what is.
AstroSage Year Book
AstroSage Yearbook is a channel to fulfill your dreams and destiny.
Career Counselling
The CogniAstro Career Counselling Report is the most comprehensive report available on this topic.

Astrological remedies to get rid of your problems

Red Coral / Moonga
(3 Carat)

Ward off evil spirits and strengthen Mars.

Gemstones
Buy Genuine Gemstones at Best Prices.
Yantras
Energised Yantras for You.
Rudraksha
Original Rudraksha to Bless Your Way.
Feng Shui
Bring Good Luck to your Place with Feng Shui.
Mala
Praise the Lord with Divine Energies of Mala.
Jadi (Tree Roots)
Keep Your Place Holy with Jadi.

Buy Brihat Horoscope

250+ pages @ Rs. 599/-

Brihat Horoscope

AstroSage on MobileAll Mobile Apps

Buy Gemstones

Best quality gemstones with assurance of AstroSage.com

Buy Yantras

Take advantage of Yantra with assurance of AstroSage.com

Buy Feng Shui

Bring Good Luck to your Place with Feng Shui.from AstroSage.com

Buy Rudraksh

Best quality Rudraksh with assurance of AstroSage.com
Call NowTalk to
Astrologer
Chat NowChat with
Astrologer