অংক জ্যোতিষ - Numerology In Assamese (02 জুন- 08 জুন, 2024)

এই সপ্তাহটোৱে ভিন ভিন মূলাংকৰ লোকৰ বাবে বহুতো সোণালী সুযোগ কঢ়িয়াই আনিব। যদিহে আপুনি নিজৰ মূলাংকৰ আধাৰত আপোনাৰ প্ৰেম জীৱন, কেৰিয়াৰ, স্বাস্থ্য বা আৰ্থিক স্থিতিৰ বিষয়ে জানিব বিচাৰে তেনেহ’লে এই প্ৰৱন্ধটো শেষলৈকে পঢ়ক। এই লেখাটোত আমাৰ অভিজ্ঞ অংকজ্যোতিষী তথা জ্যোতিষাচাৰ্য্য হৰিহৰণ জীয়ে মূলাংকৰ আধাৰত অংক জ্যোতিষ সাপ্তাহিক ৰাশিফল 02 জুনৰপৰা 08 জুন, 2024 ৰ বাবে সঠিক ভৱিষ্যতবাণী প্ৰদান কৰিছে।

অংক জ্যোতিষ সাপ্তাহিক ৰাশিফল

আপোনাৰ ৰাশিৰ বাবে কেনে হ’ব এই বৰ্ষটো? বিদ্বান জ্যোতিষীসকল ৰপৰা লাভ কৰক ইয়াৰ উত্তৰ

কেনেদৰে জানিব আপোনাৰ মূখ্য অংক বা মূলাংক?

আপুনি নিজৰ জন্ম তাৰিখক একক সংখ্যালৈ ৰূপান্তৰ কৰি নিজৰ মূখ্য অংক বা মূলাংক জানিব পাৰিব। মূলাংক 1ৰপৰা 9 ৰ ভিতৰলৈ হয়। উদাহৰণস্বৰূপে, যদিহে আপোনাৰ জন্ম মাহৰ 11 তাৰিখে হৈছে, তেনেহ’লে মূখ্য় অংক বা মূলাংক হ’ব 1+1, অৰ্থাৎ2। এইদৰে আপোনাৰ মূলাংক জানি লৈ আপোনাৰ ৰাশিফল জানিব পাৰিব।

জানক আপোনাৰ মূলাংক আধাৰিত সাপ্তাহিক ৰাশিফল (02 জুনৰপৰা 08 জুন, 2024)

আমাৰ জীৱনত অংক জ্যোতিষ ৰ যথেষ্ট গুৰুত্ব আছে কিয়নো আমাৰ জন্ম তাৰিখেই অংকৰদ্বাৰা গঠিত। আপোনাৰ জন্ম তাৰিখৰ আধাৰত আপোনাৰ মূলাংক বা ৰূট নম্বৰ নিৰ্দ্ধাৰিত কৰা হয়। নিজৰ ৰূট নম্বৰ জনাৰ পিছত আপুনি অংকজ্যোতিষৰ অধীনত নিজৰ বিষয়ে বহুতো কথা জানিব পাৰিব আৰু নিজৰ ভৱিষ্যতফলৰ বিষয়ে তথ্য প্ৰাপ্ত কৰিব পাৰিব।

1 অংকৰ ওপৰত সূৰ্য্য দেৱতাৰ আধিপত্য থাকে আৰু 2 অংকৰ ওপৰত চন্দ্ৰমাৰ আধিপত্য থাকে, 3 ৰ ওপৰত দেৱ গুৰু বৃহস্পতিৰ, 4ৰ ওপৰত ৰাহুৰ, 5 ৰ ওপৰত বুধৰ, 6 ৰ ওপৰত শুক্ৰ দেৱতাৰ, 7ৰ ওপৰত কেতুৰ, 8 ৰ ওপৰত শনিৰ আৰু 9 অংকৰ ওপৰত মঙ্গল গ্ৰহৰ আধিপত্য থাকে। এই গ্ৰহসমূহৰ পৰিবহনৰ ফলস্বৰূপে জাতকসকলৰ জীৱনলৈ বহুতো পৰিৱৰ্তন আহে আৰু এই গ্ৰহবোৰৰদ্বাৰা শাসিত অংকসমূহে আমাৰ জীৱনত গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰে।

তেনেহ’লে আহক আগবাঢ়ি যাওঁ আৰু মূলাংক অনুসৰি 2 জুনৰপৰা 08 জুন পৰ্য্যন্ত সময়খিনি আপোনাৰ বাবে কেনে হ’ব জানো আহক।

বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ

মূলাংক 1

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 1, 10, 19 বা 28 তাৰিখে হৈছে)

অংক জ্যোতিষ অনুসৰিএই মূলাংকৰ জাতকসকল যথেষ্ট শৃংখলাৱদ্ধ আৰু বৃত্তিগত মনোভৱৰ হয় আৰু নিজৰ এই গুণৰদ্বাৰা তেওঁলোকে জীৱনত সফলতা প্ৰাপ্ত কৰে। এই সপ্তাহত আপুনি কামৰ সন্দৰ্ভত যাত্ৰা কৰিবলগীয়া হ’ব পাৰে আৰু এই কাৰবশতঃ আপুনি যথেষ্ট ব্যস্ত হৈ থাকিব।

প্ৰেম জীৱন: এই সপ্তাহত আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজত সকলোবোৰ ভালে থাকিব। জীৱনসঙ্গীৰ সৈতে ভালদৰে কথা-বতৰা হোৱাৰ ফলত আপুনি সন্তুষ্ট অনুভৱ কৰিব।

শিক্ষা: এই সপ্তাহত আপুনি অধ্যয়নক আগবঢ়াই নিবৰ বাবে পোছাদাৰী মনোভাৱেৰে কোনো ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিব পাৰে। মেনেজমেণ্ট আৰু পদাৰ্থ বিজ্ঞানৰ দৰে বিষয় আপোনাৰ বাবে সহজ অনুভৱ হ’ব পাৰে সেয়েহে এই সময়খিনিত এই বিষয়বোৰৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব পাৰে।

বৃত্তিগত জীৱন: আপুনি চাকৰিত উৎকৃষ্ট প্ৰদৰ্শন কৰিব। চাকৰিয়াল জাতকসকলৰ পদোন্নতিৰ যোগ আছে। আনহাতে ব্যৱসায়ীসকলে আউটচ’ৰ্চৰ চুক্তিৰপৰা ভাল লাভ প্ৰাপ্ত কৰাৰ আশা আছে।

স্বাস্থ্য: এই সপ্তাহত স্বাস্থ্য যথেষ্ট ভালে থাকিব। আপুনি উৎসাহ আৰু উদ্যমেৰে পৰিপূৰ্ণ হৈ থাকিব। নিয়মিত ব্যায়ামৰদ্বাৰা নিজকে আপুনি সুস্বাস্থ্যৱান কৰি ৰাখিব পাৰিব।

উপায়: দেওবাৰে সূৰ্য্য দেৱতাক সন্তুষ্ট কৰিবৰ বাবে যজ্ঞ-হোম কৰক।

মূলাংক 2

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 2, 11, 20 বা 29 তাৰিখে হৈছে)

এই সপ্তাহত মূলাংক 2 ৰ জাতকসকলৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত দোমোজা আহিব পাৰে যি তেওঁলোকৰ উন্নতিত বাধা প্ৰদান কৰিব পাৰে। যদিহে আপুনি ভাল ফল লাভ কৰিব বিচাৰে, তেনেহ’লে পৰিকল্পনা কৰি আগবাঢ়ক।

প্ৰেম জীৱন: অংক জ্যোতিষ অনুসৰি আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজত যুক্তি-তৰ্ক হোৱাৰ সম্ভাৱনা আছে। এই সময়খিনিত জীৱনসঙ্গীৰ সৈতে যিকোনো ধৰণৰ তৰ্কবাদ পৰিহাৰ কৰি চলাটো আপোনাৰ বাবে ভাল হ’ব।

শিক্ষা: এই সময়খিনিত মূলাংক 2 ৰ জাতকসকলৰ নিজৰ কামৰপৰা মনোযোগ ভংগ হ’ব পাৰে সেয়েহেতেওঁলোকক নিজৰ কামত অধিক মনোযোগ কেন্দ্ৰিত কৰাৰ আৰু সম্পূৰ্ণ একাগ্ৰতাৰে কামবোৰ সম্পন্ন কৰাৰ পৰামৰ্শ প্ৰদান কৰা হৈছে।

বৃত্তিগত জীৱন: চাকৰিয়াল জাতকসকলৰ নিজৰ কামত কোনো ভুল হ’ব পাৰে যি কৰ্মক্ষেত্ৰত তেওঁলোকৰ বিকাশত বাধাৰ উৎপন্ন কৰিব পাৰে। আনহাতে ব্যৱসাীসকলৰ বাবে লোকচানৰ স্থিতি দেখা যায়।

স্বাস্থ্য: এই সময়খিনিত আপোনাৰ কাহ-পানীলগা হোৱাৰ সম্ভাৱনা আছে সেয়েহে আপুনি নিজৰ শাৰীৰিক স্বাস্থ্যৰ ওপৰত অধিক মনোযোগ দিব লাগিব। আপোনাৰ ৰাতি টোপনি অহাত সমস্যা হ’ব পাৰে।

উপায়: দৈনিক 20 বাৰ 'ঔঁ চন্দ্ৰায় নমঃ' মন্ত্ৰ জপ কৰক।

মূলাংক 3

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 3, 12, 21 বা 30 তাৰিখে হৈছে)

এই সপ্তাহত মূলাংক 3 ৰ জাতকসকলে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত সাহসৰ প্ৰদৰ্শন কৰিব আৰু এই সিদ্ধান্ত তেওঁলোকৰ সিহতৰ পক্ষে হ’ব। এই সময়খিনিত আপুনি আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকিব আৰু আধ্যাত্মৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব।

প্ৰেম জীৱন: আপুনি নিজৰ জীৱনসঙ্গীৰ সম্মুখত নিজৰ ৰোমাণ্টিক ভাৱনা প্ৰকাশ কৰিব। আপুনি আৰু আপোনাৰ জীৱনসঙ্গীয়ে পৰস্পৰৰ সম্মুখত নিজৰ চিন্তাধাৰা এনেদৰে ব্যক্ত কৰিব যাৰ ফলত আপোনালোকৰ মাজৰ পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব।

শিক্ষা: অংক জ্যোতিষ অনুসৰি এই সপ্তাহটো শিক্ষাৰ্থীসকলৰ বাবে অত্যন্ত ভাল হ’ব। আপুনি বৃত্তিগত ধৰণে নিজৰ শিক্ষাক আগবঢ়াই লৈ যাবলৈ সক্ষম হ’ব। মেনেজমেণ্ট আৰু বিজনেছ এডমিনিষ্ট্ৰেশ্যনৰ দৰে আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ’ব।

বৃত্তিগত জীৱন: এই সপ্তাহত আপুনি চাকৰিৰ এনে কিছুমান সুযোগ লাভ কৰিব পাৰে যাৰ বাবে আপুনি যথেষ্ট সন্তুষ্ট আৰু প্ৰসন্ন অনুভৱ কৰিব। ব্যৱসায়ীসকলে কোনো নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে য’ত তেওঁলোকে উচ্চ পৰিমাণৰ লাভ প্ৰাপ্ত কৰিব পাৰিব।

স্বাস্থ্য: এই সপ্তাহত আপোনাৰ শাৰীৰিক স্বাস্থ্য যথেষ্ট ভালে থাকিব। আপোনাৰ ভিতৰত উৎসাহ আৰু উদ্যম যথেষ্ট বৃদ্ধি পাব আৰু ইয়াৰ ইতিবাচক প্ৰভাৱ আপোনাৰ স্বাস্থ্যৰ ওপৰত দেখা যাব।

উপায়: দৈনিক 21 বাৰ 'ঔঁ গুৰুৱে নমঃ' মন্ত্ৰ জপ কৰক।

বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ

মূলাংক 4

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 4, 13, 22 বা 31 তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকলৰ মন নিৰাপত্তাহীনতাৰ ভাৱনাই আগুৰি ধৰিব পাৰে আৰু ইয়াৰ ফলস্বৰূপে তেওঁলোকে কোনো প্ৰভাৱশালী সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হ’ব পাৰে। এইখিনি সময়ত দূৰ যাত্ৰাৰ উদ্দেশ্য পূৰ্তিৰ সম্ভাৱনা নিচেই তাকৰ সেয়েহে এই সময়খিনিত দূৰ যাত্ৰা পৰিহাৰ কৰা উচিত।

প্ৰেম জীৱন: এই সপ্তাহত কোনো ভুল বুজাবুিজৰ কাৰণে আপোনাৰ জীৱনসঙ্গীৰ সৈতে তৰ্ক হ’ব পাৰে। নিজৰ জীৱনসঙ্গীৰ সৈতে আপোনাৰ সম্পৰ্ক শক্তিশালী কৰি তুলিবৰ বাবে আপুনি নিজৰ ফালৰপৰা মিলামিছা কৰাৰ প্ৰয়াস কৰিব লাগিব।

শিক্ষা: মনোযোগ ভংগ হোৱাৰ বাবে শিক্ষাৰ্থীসকলে এই সময়খিনিত একাগ্ৰতাৰে অধ্যয়ন কৰাত বাধাৰ সম্মুখীন হ’ব পাৰে। আপুনি এই সপ্তাহত নিজৰ পঢ়া-শুনাত অধিক ধ্যান দিব লাগিব।

বৃত্তিগত জীৱন: কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমক উপেক্ষা কৰাৰ ফলস্বৰূপে আপুনি নিজৰ বৰ্তমানৰ চাকৰিক লৈ কিছু অসন্তুষ্ট অনুভৱ কৰিব পাৰে। ব্যৱসায়ীসকলে নিজৰ বৰ্তমানৰ চুক্তিৰ জৰিয়তে উচ্চ পৰিমাণৰ লাভ প্ৰাপ্ত কৰাৰ সম্ভাৱনা কম।

স্বাস্থ্য: অংক জ্যোতিষ অনুসৰিআপুনি এই সপ্তাহত পাচন সম্পৰ্কীয় সমস্যাত ভূগিব পাৰে আৰু ইয়াৰপৰা বাছিবৰ বাবে আপুনি সময়মতে খোৱা-বোৱা কৰা উচিত।

উপায়: মা দুৰ্গাক সন্তুষ্ট কৰিবৰ বাবে মঙ্গলবাৰে যজ্ঞ-হোম কৰক।

মূলাংক 5

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 5, 14 বা 23 তাৰিখে হৈছে)

এই সপ্তাহত আপুনি নিজৰ সুপ্ত হৈ থকা দক্ষতাৰ বলত ভাল লাভ প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব। আপোনাৰ প্ৰতিটো পদক্ষেপে আপোনাক আগুৱাই লৈ যাব আৰু এই ক্ষেত্ৰত আপোনাৰ তাৰ্কিক শক্তি কামত আহিব।

প্ৰেম জীৱন: আপোনাৰ সম্পৰ্কত উচ্চ মূল্যবোধ স্থাপিত হ’ব আৰু সম্পৰ্কলৈ মধুৰতা আহিব। ইয়াৰ ফলত আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজত পাৰস্পৰিক বুজাবুজি বৃদ্ধি হ’ব আৰু আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে সুখী বৈবাহিক জীৱন উপভোগ কৰিব পাৰিব।

শিক্ষা: অংক জ্যোতিষ অনুসৰিআপুনি অধ্যয়নত যথেষ্ট ভাল প্ৰদৰ্শন কৰিব আৰু আপুনি জটিল বিষয়সমূহো সহজে আয়ত্ব কৰিব পাৰিব। মেকানিকেল ইঞ্জিনিয়াৰিং, লজিষ্টিক আৰু এডভান্স ষ্টাডিজৰ দৰে বিষয়সমূহো আপুনি সহজ অনুভৱ কৰিব।

বৃত্তিগত জীৱন: এই সপ্তাহত আপুনি নিজৰ দক্ষতা আৰু প্ৰতিভাৰ বিষয়ে জানিব পাৰিব আৰু সম্পূৰ্ণ উদ্যমেৰে কাম কৰিব। আনহাতে ব্যৱসায়ীসকলে ব্যৱসায়ৰ ক্ষেত্ৰত শীৰ্ষস্থানত উপনীত হ’ব পাৰিব আৰু নিজৰ অগ্ৰণী কৰি তুলিব।

স্বাস্থ্য: এই সপ্তাহত আপুনি উত্তম স্বাস্থ্যৰ আনন্দ উপভোগ কৰিব পাৰিব। শাৰীৰিক দিশৰপৰা আপুনি স্বাস্থ্য়ৱান আৰু উদ্যমেৰে পৰিপূৰ্ণ অনুভৱ কৰিব।

উপায়: দৈনিক 41 বাৰ 'ঔঁ নমো নাৰায়ণ' মন্ত্ৰ জপ কৰক।

পাওক আপোনাৰ সোঁৱৰণি আধাৰিত সঠিক শনি প্ৰতিৱেদন

মূলাংক 6

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 6, 15 বা 24 তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকলে নিজৰ ভিতৰত সোমাই থকা দক্ষতাসমূহ ভালদৰে চিনি পায় আৰু ইয়াৰ জৰিয়তে তেওঁলোকৰ সৃষ্টিশীলতা বৃদ্ধি হোৱা দেখা যাব, যি তেওঁলোকক শীৰ্ষস্থানত উপনীত হ’বলৈ পথ প্ৰদৰ্শন কৰিব।

প্ৰেম জীৱন: এই সময়খিনিত আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ পাৰস্পৰিক বুজাবুজি যথেষ্ট ভাল হ’ব। গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ক্ষেত্ৰত আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ ভাৱনা আৰু চিন্তাধাৰা পৰস্পৰৰ সৈতে খাপ খাব।

শিক্ষা: এই সপ্তাহত আপুনি উচ্চ শিক্ষা প্ৰাপ্ত কৰিবলৈ আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত অংশগ্ৰহণ কৰিবলৈ সক্ষম হ’ব। আপুনি নিজৰ কোনো বিশিষ্ট দক্ষতাৰ জৰিয়কে শিক্ষাৰ ক্ষেত্ৰত শীৰ্ষস্থান অধিকাৰ কৰিবলৈ সক্ষম হ’ব।

বৃত্তিগত জীৱন: এই সপ্তাহত আপুনি চাকৰিৰ নতুন সুযোগ লাভ কৰি যথেষ্ট সন্তুষ্ট অনুভৱ কৰিব। ব্যৱসায়ীসকলে নিজৰ স্থিতি উন্নত কৰিবলৈ আৰু ভাল লাভ প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব তথা তেওঁলোকে সন্তুষ্ট অনুভৱ কৰিব।

স্বাস্থ্য: অংক জ্যোতিষ অনুসৰিএই সপ্তাহত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হোৱাৰ কাৰণে আপুনি উৎসাহ আৰু উদ্যমেৰে পৰিপূৰ্ণ অনুভৱ কৰিব। ইয়াৰ ইতিবাচক প্ৰভাৱ আপোনাৰ স্বাস্থ্যৰ ওপৰত দেখিবলৈ পোৱা যাব।

উপায়: দৈনিক 33 বাৰ 'ঔঁ শুক্ৰয় নমঃ' মন্ত্ৰ জপ কৰক।

মূলাংক 7

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 7, 16 বা 25 তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকলে এইখিনি সময়ত নিজৰ কামৰ ওপৰত অধিক মনোযোগ দিয়া উচিত কাৰণ তেওঁলোকৰ কামত গুৰুত্বহীনতাৰ বাবে কোনো ত্ৰুটি ৰৈ যাব পাৰে আৰু ইয়াৰ নেতিবাচক প্ৰভাৱ আপুনি লাভ কৰিবলগীয়া পৰিণামৰ ওপৰত দেখা যাব পাৰে।

প্ৰেম জীৱন: আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে সম্পৰ্কত মিলামিছা কৰাৰ প্ৰয়োজনীয়তা আছে। এই সপ্তাহত আপোনালোক দুয়োৰে মাজত সৰু সৰু কথা যুক্তি তৰ্ক হ’ব পাৰে আৰু কাজিয়া হোৱাৰ আশংকা কৰা হৈছে।

শিক্ষা: এই সময়খিনিত শিক্ষাৰ্থীসকলৰ শিকাৰ ক্ষমতা দুৰ্বল হ’ব পাৰে আৰু ইয়াৰ বাবে শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰাত পিছ পৰি থাকিব পাৰে। এই কাৰণবশতঃ এই সপ্তাহটোক শিক্ষাৰ্থীসকলৰ বাবে বিশেষ অনুকূল বুলি ক’ব পৰা নাযায়। বৃত্তিগত জীৱন: অংক জ্যোতিষ অনুসৰিএই সপ্তাহত আপুনি নিজৰ জ্যেষ্ঠ্য বিষয়াসকলৰ সৈতে কথা-বাৰ্ত্তা হওঁতে বিশেষ সাৱধানতা অৱলম্বন কৰা উচিত অন্যথা তেওঁলোকৰ সৈতে যুক্তি-তৰ্ক হোৱাৰ আশংকা আছে। ব্যৱসায়ীসকলে নিজৰ ব্যৱসায়ৰ লাভক লৈ সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজনীয়তা আছে কাৰণ কেতিয়াবা কেতিয়াবা স্থিতি তেওঁলোকৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব পাৰে। স্বাস্থ্য: আপুনি এই সপ্তাহত আঘাতপ্ৰাপ্ত হোৱাৰ আশংকা কৰা হৈছে সেয়েহে বাহন চলোৱাৰ সময়ত সাৱধান হওক। আপুনি কোনো গধূৰ বাহন চলোৱাটো পৰিহাৰ কৰিবলৈ আপোনাক পৰামৰ্শ প্ৰদান কৰা হৈছে।

উপায়: দৈনিক 41 বাৰ 'ঔঁ গণেশায় নমঃ' মন্ত্ৰ জপ কৰক।

মূলাংক 8

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 8, 17 বা 26 তাৰিখে হৈছে)

এই সপ্তাহটো মূলাংক 8 ৰ জাতকসকলৰ বাবে বিশেষ অনুকূল নহ’ব। উন্নত আৰু ভাল ফল প্ৰাপ্ত কৰিবৰ বাবে এতিয়াও কিছু অপেক্ষাৰ প্ৰয়োজন হ’ব।

প্ৰেম জীৱন: পাৰিবাৰিক সমস্যাৰ বাবে আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজৰ দূৰত্ব বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কৰ সুখ-শান্তি ভংগ হ’ব পাৰে আৰু আপুনি সকলোবোৰ হেৰুৱাই পেলোৱা যেন আপোনাৰ অনুভৱ হ’ব পাৰে।

শিক্ষা: এই সপ্তাহত আপোনাৰ একাগ্ৰতায়েই আপোনাৰ শক্তি হ’ব আৰু আপুনি মন পুতি অধ্যয়ন কৰিব। এই সময়ছোৱাত প্ৰতিযোগিতামূলক পৰীক্ষাসমূহ আপোনাৰ বাবে জটিল অনুভৱ হ’ব পাৰে। ইয়াত ভাল নম্বৰ লাভ কৰিবৰ বাবে ভালদৰে প্ৰস্তুতি কাৰৰ প্ৰয়োজন হ’ব।

বৃত্তিগত জীৱন: চাকৰিয়াল জাতকসকলে নিজৰ বৰ্তমানৰ চাকৰিক লৈ অসন্তুষ্ট অনুভৱ কৰাৰ ফলস্বৰূপে চাকৰি সলনি কৰাৰ কথা চিন্তা কৰিব পাৰে আৰু এই কথাই তেওঁলোকক চিন্তাত পেলাব পাৰে। আনহাতে ব্যৱসায়ীসকলৰ বাবে লাভ প্ৰাপ্ত কৰাটো সিমান সহজ নহ’ব।

স্বাস্থ্য: এই সপ্তাহত চাপৰ বাবে আপুনি ভৰিৰ বিষ আৰু গাঁঠিৰ বিষৰ সমস্যাত ভূগিব পাৰে। স্বাস্থ্যৱান হৈ থাকিবৰ বাবে আপুনি ধ্যান আৰু যোগাভ্যাস কৰা উচিত।

উপায়: দৈনিক 44 বাৰ 'ঔঁ মণ্ডায় নমঃ' মন্ত্ৰ জপ কৰক।

কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন

মূলাংক 9

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 9, 18 বা 27 তাৰিখে হৈছে)

অংক জ্যোতিষ অনুসৰিএই মূলাংকৰ জাতকসকলৰ বাবে এই সপ্তাহটো অনুকূল হ’ব। আপুনি এইখিনি সময়ত এনে বহু ভাল সুযোগ প্ৰাপ্ত কৰিব পাৰে যি আপোনাৰ ভৱিষ্যতৰ বাবে যথেষ্ট ভাল হ’ব। আপুনি কেৰিয়াৰৰ সোণালী সুযোগ প্ৰাপ্ত কৰিব পাৰে অথবা আপোনাৰ ধন লাভৰ যোগো আছে।

প্ৰেম জীৱন: এই সপ্তাহত আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজত প্ৰেম-ভালপোৱা আৰু সুখ-শান্তি বৰ্ত্তি থাকিব। যদিহে আপুনি প্ৰেমৰ সম্পৰ্কত আছে তেনেহ’লে আপোনাৰ সম্পৰ্কত সুখ-আনন্দ দেখা যাব। বিবাহিত লোকসকলৰ বাবেও এই সময়খিনি ৰোমাণ্টিক হ’ব।

শিক্ষা: অধ্যয়নৰ ক্ষেত্ৰত এই সপ্তাহটো আপোনাৰ বাবে ভাল হ’ব আৰু আপুনি ভাল নম্বৰ লাভ কৰিবলৈ সক্ষম হ’ব। আপুনি ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আৰু ৰসায়ন বিজ্ঞানৰ দৰে বিষয়ত সুন্দৰ প্ৰদৰ্সন কৰিব পাৰিব।

বৃত্তিগত জীৱন: এই মূলাংকৰ জাতকসকলে চাকৰিৰ নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। যদিহে আপুনি চৰকাৰী চাকৰিৰ প্ৰস্তুতি কৰি আছে তেনেহ’লেআপুনি এইখিনি সময়ত সোণালী সুযোগ প্ৰাপ্ত কৰিব পাৰে। আনহাতে ব্যৱসায়ীসকলে কোনো নতুন ব্যৱসায়ীক চুক্তি লাভ কৰিব পাৰে।

স্বাস্থ্য: এই সপ্তাহত আপুনি ইতিবাচক অনুভৱ কৰাৰ ফলস্বৰূপে শাৰীৰিক ভাৱে শক্তিশালী হৈ থাকিব। আপুনি দৃঢ় সংকল্পৱদ্ধ আৰু আন্তৰিকভাৱে শক্তিশালী হৈ থাকিব যাৰ ফলত নিজকে স্বাস্থ্যৱান কৰি ৰাখিবলৈ সক্ষম হ’ব।

উপায়: দৈনিক 27 বাৰ 'ঔঁ ভূমিপুত্ৰ নমঃ' মন্ত্ৰ জপ কৰক।

সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ

আমি আশা কৰিছোঁ যে আপুনি আমাৰ এই ব্লগটো নিশ্চয় পছন্দ কৰিছে। যদিহে এনে হয় তেনেহ’লেআপুনি ইয়াক নিজৰ শুভাকাংক্ষীসকলৰ সৈতে শ্যেয়াৰ কৰক। ধন্যবাদ!

Astrological services for accurate answers and better feature

33% off

Dhruv Astro Software - 1 Year

'Dhruv Astro Software' brings you the most advanced astrology software features, delivered from Cloud.

Brihat Horoscope
What will you get in 250+ pages Colored Brihat Horoscope.
Finance
Are money matters a reason for the dark-circles under your eyes?
Ask A Question
Is there any question or problem lingering.
Career / Job
Worried about your career? don't know what is.
AstroSage Year Book
AstroSage Yearbook is a channel to fulfill your dreams and destiny.
Career Counselling
The CogniAstro Career Counselling Report is the most comprehensive report available on this topic.

Astrological remedies to get rid of your problems

Red Coral / Moonga
(3 Carat)

Ward off evil spirits and strengthen Mars.

Gemstones
Buy Genuine Gemstones at Best Prices.
Yantras
Energised Yantras for You.
Rudraksha
Original Rudraksha to Bless Your Way.
Feng Shui
Bring Good Luck to your Place with Feng Shui.
Mala
Praise the Lord with Divine Energies of Mala.
Jadi (Tree Roots)
Keep Your Place Holy with Jadi.

Buy Brihat Horoscope

250+ pages @ Rs. 599/-

Brihat Horoscope

AstroSage on MobileAll Mobile Apps

Buy Gemstones

Best quality gemstones with assurance of AstroSage.com

Buy Yantras

Take advantage of Yantra with assurance of AstroSage.com

Buy Feng Shui

Bring Good Luck to your Place with Feng Shui.from AstroSage.com

Buy Rudraksh

Best quality Rudraksh with assurance of AstroSage.com
Call NowTalk to
Astrologer
Chat NowChat with
Astrologer