জুন 2024 অৱলোকন (June 2024 awalokan)

Author: Lobitha Dutta | Updated Fri, 17 May 2024 02:50 PM IST

জুন মাহটো হৈছে বৰ্ষৰ ষষ্ঠ মাহ আৰু এই মাহত বতৰৰ প্ৰকোপ কিছু উগ্ৰ হয় কাৰণ জেঠ মাহ হোৱাৰ বাবে সূৰ্য্যৰ প্ৰকোপ নিজৰ জ্যেষ্ঠতাত থাকে। এই জুন 2024 অৱলোকন প্ৰৱন্ধটোৰ জৰিয়তে আমি আপোনাক জুন মাহৰ সকলোবোৰ তথ্য প্ৰদান কৰিম। আমি সকলোৱে জানিবলৈ আগ্ৰহী যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব? প্ৰেম জীৱনত মধুৰতা থাকিব নে বিবাদ হ'ব? আপুনি কেৰিয়াৰ আৰু ব্যৱসায়ত কেনে ফলাফল লাভ কৰিব? এই সকলোবোৰ প্ৰশ্নৰ সমাধান আপুনি এই প্ৰৱন্ধটোত লাভ কৰিব।


ভৱিষ্যতৰ সৈতে জড়িত যিকোনো সমস্যাৰ সমাধান লাভ কৰিব বিদ্বান জ্যোতিষীসকলৰ সৈতে কথা পাতি

জুন 2024 ক এই বিশেষত্বসমূহে কৰি তুলিব সকলোতকৈ বিশেষ

আহক এতিয়া আগবাঢ়ি যাওঁ আৰু জুন 2024 ৰ ওপৰত আধাৰিত এই প্ৰৱন্ধটোত দৃষ্টি নিক্ষেপ কৰোঁ।

জুন 2024 ৰ জ্যোতিষীয় তথ্য় আৰু হিন্দু পঞ্জিকাৰ গণনা

জুন 2024 ৰ পঞ্জিকা অনুসৰি, বৰ্ষ 2024 ৰ ষষ্ঠ মাহ জুনৰ আৰম্ভণি পূৰ্বভাদ্ৰপদ নক্ষত্ৰৰ অধীনত কৃষ পক্ষৰ নৱমী তিথি অৰ্থাৎ 01 জুন 2024 ত হ’ব আৰু ইয়াৰ সমাপ্তি অশ্বিনী নক্ষত্ৰৰ অন্তৰ্গত কৃষ্ণ পক্ষৰ দশমী তিথি অৰ্থাৎ 30 জুন 2024 ত হ’ব। এই মাহৰ পঞ্জিকা আপোনাক অৱগত কৰাৰ পিছত এতিয়া আমি জুন 2024 অৱলোকন প্ৰৱন্ধটোত সেইসকল লোকৰ বিষয়ে কথা পাতিম যাৰ জন্ম জুন মাহত হৈছে।

এয়াও পঢ়ক: ৰাশিফল 2024

বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ

জুন মাহত জন্ম গ্ৰহণ কৰা লোকসকলৰ ব্যক্তিত্বত দেখা যায় এই গুণসমূহ

আমি সকলোৱে এই কথা ভালদৰে জানো যে “নব’ডী ইজ পাৰফেক্ট” অৰ্থাৎ কোনো মানুহেই পাৰফেক্ট নহয়। প্ৰতিগৰাকী মানুহৰে ব্যক্তিত্বত ভাল আৰু বেয়া দুয়োটা গুণেই থাকে যি তেওঁক আনৰপৰা পৃথক কৰি তোলে। অৱশ্যে, এই দোষ-গুণবোৰৰ আধাৰতেই আমি কোনো ব্যক্তিৰ প্ৰতি আকৰ্ষিত হওঁ, কিন্তু আপুনি জানে নে যে প্ৰত্যেক ব্যক্তিৰ ব্যৱহাৰ আৰু স্বভাৱৰনিৰ্দ্ধাৰণৰ আঁৰত সেই মাহটোৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে যিটো মাহত তেওঁৰ জন্ম হয়। এই ক্ৰমত, জুন মাহত জন্ম গ্ৰহণ কৰা লোকসকলৰ মাজত কোনবোৰ বিশেষত্ব পোৱা যায়, আহক জুন 2024 অৱলোকন প্ৰৱন্ধটোত সেই সম্পৰ্কে অৱগত হওঁ।

জ্যোতিষীয় দৃষ্টিকোণৰপৰা, যদিহে আপোনাৰ জন্ম জুন মাহত হৈছে, তেনেহ’লে জনাব বিচাৰিছোঁ যে ই হৈছে বছৰটোৰ ষষ্ট মাহ। এই মাহত জন্ম গ্ৰহণ কৰা লোকসকলৰ ৰাশি মিথুন বা কৰ্কট হয়। এই লোকসকলৰ স্বভাৱ সাধাৰণতে যথেষ্ট ভাল হয় আৰু এওঁলোক সদায় আৱেগেৰে পৰিপূৰ্ণ হৈ থাকে। জুন মাহত জন্ম গ্ৰহণ কৰা লোকসকল সাধাৰণতে মিলি পৰা স্বভাৱৰ হয় আৰু এওঁলোকে মানুহৰ সৈতে মিলা-মিছা কৰি ভালপায়। আন মানুহ তেওঁলোকৰ ভাল স্বভাৱৰদ্বাৰা ততালিকে প্ৰভাৱিত হয়। এই লোকসকলৰ যোগাযোগ দক্ষতা যথেষ্ট ভাল হয় আৰু তেওঁলোকে নিজৰ কথাৰদ্বাৰা আনৰ হৃদয় জয় কৰিব পাৰে। নেতিবাচক দিশৰ ক্ষেত্ৰত ক’ব পৰা যায় যে যিসকল লোকৰ জন্ম জুন মাহত হয় তেওঁলোকৰ সৰু-সৰু কথাতে খং উঠে কিন্তু যিমান সোনকালে তেওঁলোকৰ খং উঠে সিমান সোনকালে খং কমিও যায়।

জুন মাহত জন্ম গ্ৰহণ কৰা লোকসকলৰ বাবে শুভ সংখ্যা: 6, 9

জুন মাহত জন্ম গ্ৰহণ কৰা লোকসকলৰ বাবে শুভ ৰং: সেউজীয়া, হালধীয়া, বেঙুনীয়া

জুন মাহত জন্ম গ্ৰহণ কৰা লোকসকলৰ বাবে শুভ দিন: মঙ্গলবাৰ, শনিবাৰ, শুক্ৰবাৰ

জুন মাহত জন্ম গ্ৰহণ কৰা লোকসকলৰ বাবে শুভ ৰত্ন: ৰূবী

জন মাহত জন্ম গ্ৰহণ কৰা লোকসকলৰ ব্যক্তিত্বৰ বিষয়ে এই মনোগ্ৰাহী তথ্যসমূহ জনাৰ পিছত এতিয়া আমি এই লেখাটোত এই মাহত পৰিবলগীয়া বেংক বন্ধবোৰৰ বিষয়ে কথা পাতিম।

জুন 2024 ত কেতিয়া কেতিয়া আছে বেংক বন্ধ?

দিন বেংক বন্ধ কোন কোন ৰাজ্যত বৈধ হ’ব
9 জুন 2024, দেওবাৰ মহাৰাণা প্ৰতাপ জয়ন্তী হিমাচল প্ৰদেশ, হাৰিয়াণা, ৰাজস্থান
10 জুন 2024, সোমবাৰ শ্ৰী গুৰু অৰ্জুন দেৱ শ্বহিদ দিৱস পঞ্জাৱ
14 জুন 2024, শুক্ৰবাৰ ৰজ উৎসৱ ওড়িশা
15 জুন 2024, শনিবাৰ ৰজ সংক্ৰান্তি ওড়িশা

15 জুন 2024, শনিবাৰ

ৱাইএমএ দিৱস মিজোৰাম
17 জুন 2024,সোমবাৰ ঈদ-ঊল-অধা (বকৰীদ) সমগ্ৰ দেশত (অৰুণাচল প্ৰদেশ, চণ্ডীগড়, দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দীউ, চিকিমৰ বাহিৰে)
18 জুন 2024, মঙ্গলবাৰ ঈদ-ঊল-অধা (বকৰীদ)ৰ বন্ধ জম্মু কাশ্মীৰ
22 জুন 2024, শনিবাৰ সন্ত কবীৰ জয়ন্তী ছত্তীশগঢ়, হিমাচল প্ৰদেশ, হাৰিয়াণা, পঞ্জাৱ
30 জুন 2024, দেওবাৰ ৰেমনা নী মিজোৰাম

জুন 2024 ৰ মুখ্য ব্ৰত আৰু উৎসৱসমূহৰ তিথি

তিথি পৰ্ব
02 জুন 2024, দেওবাৰ অপৰা একাদশী
04 জুন 2024, মঙ্গলবাৰ মাহেকীয়া শিৱৰাত্ৰি, প্ৰদোষ ব্ৰত (কৃষ্ণ)
06 জুন 2024, বৃহস্পতিবাৰ জ্যেষ্ঠ্য অমাৱস্যা
15 জুন 2024, शनिवार মিথুন সংক্ৰান্তি
18 জুন 2024, মঙ্গলবাৰ নিৰ্জলা একাদশী
19 জুন 2024, বুধবাৰ প্ৰদোষ ব্ৰত (শুক্ল)
22 জুন 2024, শনিবাৰ জ্যেষ্ঠ্য পূৰ্ণিমা ব্ৰত
25 জুন 2024, মঙ্গলবাৰ সংকষ্টী চতুৰ্থী

বৰ্ষ 2024 ৰ হিন্দু ধৰ্মৰ সকলোবোৰ পৰ্ব আৰু উৎসৱৰ সকলো তিথি জানিবৰ বাবে ক্লিক্ কৰক: হিন্দু কেলেণ্ডাৰ 2024

জুন মাহত পৰিবলগীয়া বেংক বন্ধ আৰু ব্ৰত-উৎসৱৰ তাৰিখসমূহ জনাৰ পিছত আমি এতিয়া জুন 2024 অৱলোকন লেখাটোত এই মাহত পালন কৰিবলগীয়া উৎসৱসমূহৰ মহত্ব সম্পৰ্কে জানি লওঁ আহক।

অপৰা একাদশী (02 জুন 2024, দেওবাৰ): অপৰা একাদশীত ভগৱান ত্ৰিবিক্ৰমৰ পূজা-অৰ্চনা কৰা হয়। এই একাদশীক জ্যেষ্ঠ কৃষ্ণ একাদশী আৰু অচলা একাদশী নামেৰেও জনা যায়। এই একাদশী হৈছে অপাৰ পুণ্য থকা একাদশী। এই একাদশী ব্ৰত কৰিলে পুণ্য, ধন-সম্পত্তি আৰু কীৰ্তিৰ প্ৰাপ্তি হয়।

মাহেকীয়া শিৱৰাত্ৰি (04 জুন 2024, মঙ্গলবাৰ) : মহাদেৱক সনাতন ধৰ্মত “শিৱ শংকৰ” আৰু “দেৱো কে দেৱ মহাদেৱ”ৰ নামেৰে জনা যায় কাৰণ তেওঁক সন্তুষ্ট কৰিবলৈ সহজ। মহাশিৱৰাত্ৰিৰ পৰ্ব প্ৰতি বছৰে ভক্তসকলৰদ্বাৰা যথেষ্ট শ্ৰদ্ধা আৰু আস্থাৰে পালন কৰা হয়। আনহাতে, প্ৰতি মাহত আহিবলগীয়া মাহেকীয়া শিৱৰাত্ৰিৰো অত্যাধিক মহত্ব আছে যি কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিত পৰে।

জ্যেষ্ঠ অমাৱস্যা (06 জুন 2024, বৃহস্পতিবাৰ): অমাৱস্যা তিথিক পূৰ্বপুৰুষৰ প্ৰতি তৰ্পণ আৰু দান-পুণ্য কৰাৰ বাবে উত্তম বুলি জনা যায়। লগতে, জেঠ মাহৰ অমাৱস্যাক শনি জয়ন্তী হিচাপেও পালন কৰা হয়। শনি জয়ন্তী হোৱাৰ বাবে এই দিনটোত শনি দেৱতাৰ পূজা ফলদায়ক হয়।

মিথুন সংক্ৰান্তি (15 জুন 2023): সূৰ্য্যক নৱগ্ৰহৰ ৰজা বুলি কোৱা হয় আৰু যেতিয়া ই এটা ৰাশিৰপৰা আন এটা ৰাশিত পৰিবহন কৰে তেতিয়া তাক সংক্ৰান্তি বুলি কোৱা হয়। সূৰ্য্যৰ পৰিবহন প্ৰতি মাহে হয় আৰু বছৰত বাৰটা সংক্ৰান্তি হয়। মিথুন সংক্ৰান্তিক যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচনা কৰা হয় যাক দান, পুণ্য, ধৰ্ম, তৰ্পণ আৰু স্নান আদি কাৰ্য্যৰ বাবে শুভ হিচাপে গণ্য কৰা হয়।

নিৰ্জলা একাদশী (18 জুন 2024, মঙ্গলবাৰ): হিন্দু ধৰ্মতনিৰ্জলা একাদশীক শ্ৰেষ্ঠ হিচাপে গণ্য কৰা হয়। পৌৰাণিক বিশ্বাস অনুসৰি ভীমসেনে নিৰ্জলা একাদশীৰ ব্ৰত কৰিছিল সেয়েহে ইয়াক ভীমসেন একাদশী হিচাপেও জনা যায়। এই একাদশীত ব্ৰত কৰাৰ ফলত বছৰটোত আহিবলগীয়া একাদশীবোৰৰ সমান শুভ ফল প্ৰাপ্ত হয়।

প্ৰদোষ ব্ৰত (কৃষ্ণ) (19 জুন 2024, বুধবাৰ): প্ৰদোষ ব্ৰতক শুভ হিচাপে গণ্য কৰা হয় আৰু পঞ্জিকা অনুসৰি এই ব্ৰত প্ৰতি মাহৰ ত্ৰয়োদশী তিথিত পালন কৰা হয়। অৱশ্যে, প্ৰদোষ ব্ৰত এমাহত দুবাৰ কৃষ্ণ আৰু শুক্ল পক্ষৰ ত্ৰয়োদশী তিথিত পালন কৰা হয়। এই ব্ৰতত ভগৱান শিৱৰ উপাসনা কৰা হয়। ধৰ্ম গ্ৰন্থত বৰ্ণিত আছে যে এই দিনটোত ভোলেবাবা প্ৰসন্ন হৈ কৈলাশত নৃত্য কৰে।

জ্যেষ্ঠ্য পূৰ্ণিমা ব্ৰত (22 জুন 2024, শনিবাৰ): জেঠ মাহক যথেষ্ট শুভ আৰু মঙ্গলদায়ক হিচাপে গণ্য কৰা হয় আৰু এই তিথিক স্নান, দান আৰু অন্য ধৰ্মীয় কাৰ্য্য কৰিবৰ বাবে শ্ৰেষ্ঠ হিচাপে গণ্য কৰা হয়। জেঠ পূৰ্ণিমাৰ সম্পৰ্কত ক’ব পাৰি যে এই পূৰ্ণিমাৰ দিনা যি ব্যক্তিয়ে গংগা নদীত স্নান কৰে তেওঁৰ সকলো মনোকামনা পূৰ্ণ হয়।

সংকষ্টী চতুৰ্থী (25 জুন 2024, মঙ্গলবাৰ): সংকষ্টী চতুৰ্থী গৌৰী পুত্ৰ ভগৱান গণেশৰ প্ৰতি সমৰ্পিত। হিন্দু ধৰ্মৰ প্ৰতিটো শুভ আৰু মাংগলিক কাৰ্য্য আৰম্ভ কৰাৰ পূৰ্বে গণেশ জীক স্মৰণ আৰু পূজন কৰা হয়। যিসকল জাতকে বিঘ্নকৰ্তা গণেশৰ কৃপা আৰু আশীৰ্বাদ লাভ কৰিব বিচাৰে তেওঁলোকৰ বাবে সংকষ্টী চতুৰ্থী সৰ্বশ্ৰেষ্ঠ প্ৰমাণিত হয় কাৰণ এই দিনটোত ভগৱান গণেশ জীক পূজা কৰাৰ বিধান আছে।

জুন 2024 ৰ ব্ৰ-উৎসৱৰ পিছত এতিয়া আহক এই মাহৰ ধৰ্মীয় মহত্বৰ বিষয়ে জানো।

ধৰ্মীয় দৃষ্টিকোণৰপৰা জুন মাহটো

এটা বৰ্ষত আহিবলগীয়া প্ৰতিটো দিন, মাহৰ নিজস্ব মহত্ব থাকে। প্ৰতিটো বৰ্ষত বাৰটা মাহ থাকে আৰু প্ৰতি মাহক সনাতন ধৰ্মত যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচনা কৰা হয়। পঞ্জিকাৰ ক্ষেত্ৰত দেখা যায় যে জুন মাহৰ আৰম্ভণি জেঠ মাহৰপৰা হয় আনহাতে এই মাহৰ সমাপ্তি আহাৰ মাহত হয়। জুন 2024 অৱলোকন প্ৰৱন্ধ অনুসৰি হিন্দু কেলেণ্ডাৰত জুন মাহটো জেঠ মাহত পৰে আৰু গ্ৰেগোৰিয়ান কেলেণ্ডাৰত এই মাহটো মে’-জুন মাহত পৰে। অৱশ্যে, বৰ্ষ 2024 ত জেঠ মাহৰ আৰম্ভণি 24 মে’ 2024 ত হ’ব আৰু ইয়াৰ সমাপ্তি 22 জুন 2024 জেঠ পূৰ্ণিমাত হ’ব।

জেঠ মাহৰ মহত্বৰ ক্ষেত্ৰত ক’ব পাৰি যে এই মাহটোত সূৰ্য্য পূজাক বিশেষ গুৰুত্ব প্ৰদান কৰা হয় কাৰণ জেঠ মাহত সূৰ্য্য যথেষ্ট শক্তিশালী হৈ থাকে সেয়েহে পৃথিৱীত সাধাৰণ জনতাই যথেষ্ট গৰম পায়। সূৰ্য্যৰ জ্যেষ্ঠতাৰ বাবেই এই মাহটোক জ্যেষ্ঠ বা জেঠ বুলি কোৱা হয়। লগতে, এই মাহত সূৰ্য্য মহাৰাজ বৃষ ৰাশিৰপৰা বাহিৰ হৈ মিথুন ৰাশিত প্ৰৱেশ কৰে যাৰ ফলস্বৰূপে এই দিনটোক মিথুন সংক্ৰান্তি নামেৰে জনা যায়।

জুন মাহতেই আহাৰ মাহৰ আৰম্ভণি হয়। হিন্দু বৰ্ষপঞ্জীত জুন মাহতেই আহাৰ মাহৰ আৰম্ভণি হয় আৰু ই জুন-জুলাই মাহত পৰে। জেঠ মাহৰ অন্ত হোৱাৰ লগে লগে আাহৰৰ আৰম্ভণি হয়। বৰ্ষ 2024 ত আহাৰ মাহৰ আৰম্ভণি 23 জুনত হ’ব আৰু ইয়াৰ সমাপ্তি আহাৰ পূৰ্ণিমাৰ দিনা 21 জুলাই 2024 ত হ’ব। আহাৰ মাহৰ পূৰ্ণিমাক গুৰু পূৰ্ণিমা হিচাপেও জনা যায়।

জুন 2024 অৱলোকন প্ৰৱন্ধটোত আমি আপোনাক পূৰ্বেই অৱগত কৰিছোঁ যে হিন্দু ধৰ্মত মাহৰ নাম নক্ষত্ৰৰ আধাৰত ৰখা হয়। সাধাৰণ ভাষাত ক’ব পাৰি যে মাহৰ পৰিৱৰ্তনৰ সময়ত চন্ত্ৰমা যি নক্ষত্ৰত উপস্থিত থাকে সেই নক্ষত্ৰৰ নামতেই মাহৰ নাম পৰে। এনেদৰে এই পূৰ্ণিমাৰ দিনা চন্দ্ৰমা পূৰ্বষাড়া আৰু উত্তৰষাড়া নক্ষত্ৰৰ মাজত থাকে সেয়েহে এই মাহটোক আষাড় আৰু অসমীয়াত আহাৰ নামেৰে জনা যায়।

ধৰ্মীয় দৃষ্টিকোণৰপৰা আহাৰ মাহটো জগতৰ পালনকৰ্ত্তা শ্ৰীহৰি বিষ্ণুৰ প্ৰতি সমৰ্পিত আৰু এই মাহটোত তেখেতৰ পূজা কল্যাণকাৰী হয়। আহাৰ মাহত দান, পুণ্য, স্নান, তপ আৰু পূজন আদিৰ কৰাৰ ফলস মানুহে শুভ ফল প্ৰাপ্ত কৰে। এই মাহত মিথুন সংক্ৰান্তি, গুপ্ত নৱৰাত্ৰি, জগন্নাথ ৰথযাত্ৰা আদি ডাঙৰ পৰ্বসমূহ হয়। আহাৰ মাহত দেৱশয়নী একাদশীও পৰে আৰু এই একাদশীত বিষ্ণু জী চাৰি মাহৰ নিদ্ৰালৈ যায়।

অনলাইন চফ্টৱেৰৰপৰা বিনামূলীয়া জন্ম সোঁৱৰণি প্ৰাপ্ত কৰক

জুন 2024 ত পৰিবলগীয়া গ্ৰহণ আৰু পৰিবহন

ব্ৰত-উৎসৱ, বেংক বন্ধ আৰু জুন মাহৰ ধাৰ্মিক মহত্ব জনাৰ পিছত এতিয়া আমি জুন 2024 অৱলোকন লেখাটোত এই মাহত হ’বলগীয়া পৰিবহন আৰু গ্ৰহণ সম্পৰ্কে কথা পাতিম। জুন 2024 ত মুঠ 9 বাৰ গ্ৰহৰ স্থিতি আৰু দশাৰ পৰিৱৰ্তন হোৱা দেখা যাব য’ত 5 টা ডাঙৰ গ্ৰহে পৰিবহন কৰিব আৰু ইয়াত এটা গ্ৰহে 2 বাৰ নিজৰ ৰাশি পৰিৱৰ্তন কৰিব আনহাতে 4 বাৰ গ্ৰহৰ গতি আৰু দশাৰ পৰিৱৰ্তন হ’ব।

মঙ্গলৰ মেষ ৰাশিত পৰিৱৰ্তন (01 জুন 2024): ৰঙা গ্ৰহ হিচাপে প্ৰসিদ্ধ মঙ্গল মহাৰাজে 01 জুন 2024 ৰ দুপৰীয়া 03 বাজি 27 মিনিটত নিজৰ ৰাশি মেষত পৰিবহন কৰিব।

বুধৰ বৃষ ৰাশিত অস্ত (02 জুন 2024): বুধক গ্ৰহসমূহৰ ৰাজকুমাৰ হিচাপে জনা যায় যাৰ এতিয়া 02 জুন 2024 ৰ সন্ধিয়া 06 বাজি 10 মিনিটত বৃষ ৰাশিত অস্ত হ’ব।

বৃহস্পতিৰ বৃষ ৰাশিত উদয় (03 জুন 2024): বৃহস্পতি গ্ৰহক দেৱতাসকলৰ গুৰুৰ আসন দিয়া হয় আৰু এই গ্ৰহৰ উদয় আৰু অস্ত হোৱাৰ ফলত সংসাৰত ইয়াৰ প্ৰভাৱ পৰে। এই গ্ৰহৰ এতিয়া 03 জুন 2024 ৰ ৰাতি 03 বাজি 21 মিনিটত উদয় হ’ব।

শুক্ৰৰ মিথুন ৰাশিত পৰিবহন (12 জুন 2024): প্ৰেম, বিলাসিতা আৰু ভৌতিক সুখৰ কাৰক গ্ৰহ শুক্ৰ দেৱতাই 12 জুন 2024 ৰ সন্ধিয়া 06 বাজি 15 মিনিটত মিথুন ৰাশিত পৰিবহন কৰিব।

বুধৰ মিথুন ৰাশিত পৰিবহন (14 জুন 2024): বুদ্ধি, বক্তব্য আৰু তৰ্কৰ কাৰক গ্ৰহ হিচাপে প্ৰসিদ্ধ বুধ মহাৰাজ 14 জুন 2024 ৰ ৰাতি 10 বাজি 55 মিনিটত মিথুন ৰাশিত পৰিবহন কৰিব।

সূৰ্য্যৰ মিথুন ৰাশিত পৰিবহন (15 জুন 2024): জ্যোতিষত সূৰ্য্য় দেৱতাক নৱগ্ৰহৰ ৰজা হিচাপে কোৱা হয় আৰু ই 15 জুন 2024 ৰ ৰাতি 12 বাজি 16 মিনিটত মিথুন ৰাশিত প্ৰৱেশ কৰিব।

বুধৰ মিথুন ৰাশিত উদয় (27 জুন 2024): জুন মাহত আকৌ এবাৰ বুধ গ্ৰহৰ দশাত কিছু পৰিৱৰ্তন দেখা যাব আৰু ই নিজৰ অস্ত অৱস্থাৰপৰা বাহিৰলৈ ওলাই 27 জুন 2024ৰ ৰাতিপুৱা 04 বাজি 22 মিনিটত মিথুন ৰাশিত উদয় হ’বলৈ গৈ আছে।

বুধৰ কৰ্কট ৰাশিত পৰিবহন (29 জুন 2024): জ্যোতিষত বুধ গ্ৰহক গ্ৰুত বেগেৰে গতি কৰা গ্ৰহ হিচাপে গণ্য কৰা হয় আৰু এনে পৰিস্থিতিত জুন মাহত ই পুণৰ নিজৰ ৰাশি পৰিৱৰ্তন কৰি 29 জুন 2024 ৰ দুপৰীয়া 12 বাজি 13 মিনিটত কৰ্কট ৰাশিত পৰিবহন কৰিব।

শনিৰ কুম্ভ ৰাশিত পশ্চাদগমন (29 জুন 2024): ন্যায় আৰু কৰ্মফল দাতা নামেৰে জনাজাত বিখ্যাত সূৰ্য্য পুত্ৰ শনিৰ নিজৰ ৰাশি কুম্ভতেই 29 জুন 2024 ৰ ৰাতি 11 বাজি 40 মিনিটত পশ্চাদগমন হ’ব।

দ্ৰষ্টব্য: জুন 2024 ত কোনো গ্ৰহৰ গ্ৰহণ নালাগে।

জুন 2024 ৰ বাবে 12 টা ৰাশিৰ জাতকসকলৰ ৰাশিফল আৰু উপায়

মেষ ৰাশি

উপায়: শনিবাৰে পুৱা মন্দিৰলৈ গৈ চাফ-চিকুণ কৰক।

বৃষ ৰাশি

উপায়: শুক্ৰবাৰে মাতা মহালক্ষ্মীৰ পূজা কৰক।

মিথুন ৰাশি

উপায়: বুধবাৰে গোমাতাক সেউজীয়া ঘাঁহ বা সেউজীয়া পাচলি খুৱাওক।

কৰ্কট ৰাশি

উপায়: মঙ্গলবাৰে হনুমান জীৰ মন্দিৰত পকা ৰঙা ডালিম আগবঢঞাওক।

সিংহ ৰাশি

উপায়: প্ৰতিদিনে শ্ৰী আদিত্য় হৃদয় স্তোত্ৰ পাঠ কৰক।

কন্যা ৰাশি

উপায়: শুক্ৰবাৰে সৰু ছোৱালীক বগা মিঠাই খুৱাওক।

বৰ্ষ 2024 ত আপোনাৰ জীৱনলৈ প্ৰেমৰ আগমন ঘটিব নেকি? প্ৰেম ৰাশিফল 2024 য়ে দিব উত্তৰ

তুলা ৰাশি

উপায়: নিয়মিত ভাৱে দেৱী দুৰ্গাৰ পূজা কৰক আৰু শ্ৰী দুৰ্গা চালিশা পাঠ কৰক।

বৃশ্চিক ৰাশি

উপায়: মঙ্গলবাৰে শ্ৰী বজৰংগ বাণ পাঠ কৰক।

ধনু ৰাশি

উপায়: বৃহস্পতিবাৰে ব্ৰাহ্মণ বা বিদ্যাৰ্থীক ভোজন কৰাওক।

মকৰ ৰাশি

উপায় : শনিবাৰে শ্ৰী শনি চালিশা পাঠ কৰক।

কুম্ভ ৰাশি

উপায়: সৰু ছোৱালীৰ ভৰি চুই তেওঁলোকৰ আশীৰ্বাদ লওক।

মীন ৰাশি

उपाय: অমাৱস্যাত নাগ-নাগিনৰ যোৰা শিৱলিংগত অৰ্পণ কৰক।

সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: অনলাইন শ্বপিং ষ্টোৰ

আমি আশা ৰাখিছোঁ যে আপুনি আমাৰ এই প্ৰৱন্ধটো নিশ্চয় ভাল পাইছে। যদিহে ভাল পাইছে তেনেহ’লে আপোনাৰ অন্য শুভাকাংক্ষীসকলকো এই প্ৰৱন্ধটোৰ কথা জনাওক। ধন্যবাদ

Talk to Astrologer Chat with Astrologer