নামৰদ্বাৰা ৰাহি-যোৰা মিলন - Naamor dwara rahi-jura milan
নামৰদ্বাৰা ৰাহি-যোৰা মিলন, এষ্ট্ৰোছেজে আপোনালৈ এনে এটা পৰ্টেল লৈ আহিছে য'ত আপুনি আপোনাৰ জন্মৰ বিৱৰণ অবিহনেও কেৱল আপোনাৰ নামৰ দ্বাৰাই আপোনাৰ ৰাহি-যোৰা মিলাব পাৰিব। নামৰদ্বাৰা ৰাহি-যোৰাৰ মিলন হৈছে এটা এনে কেলকুলেটৰ যি বৈদিক জ্যোতিষশাস্ত্ৰৰ নীতিৰ ওপৰত আধাৰিত কৰি আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ ৰাশিফলৰ সম্পূৰ্ণ গণনাৰ ফলাফল প্ৰদান কৰিব। নাম অনুসৰি ৰাহি-যোৰা মিলনৰদ্বাৰা আপুনি সকলো দোষ আৰু গুণৰ বিষয়ে তথ্য প্ৰাপ্ত কৰিব পাৰিব। আপুনি এই পৃষ্ঠাত শীঘ্ৰেই সংযোজন কৰিবলগীয়া প্ৰপত্ৰখনত আপোনাৰ আৰু আপোনাৰ ভৱিষ্যতৰ জীৱনসংগীৰ নাম পূৰ কৰি বিনামূলীয়াকৈ নামৰদ্বাৰা ৰাহি-যোৰা মিলন কৰিব পাৰে।
নাম অনুসৰি (সোঁৱৰণি) মিলন বা সামঞ্জস্য
জ্যোতিষ শাস্ত্ৰ অনুসৰি জন্মকুণ্ডলী বা সোঁৱৰণি প্ৰস্তুত কৰি তাৰ লগত জড়িত ভৱিষ্যতবাণী কৰিবৰ বাবে বা ৰাহি-যোৰা মিলাবৰ বাবে যিকোনো জাতকৰ জন্ম তাৰিখ, জন্মস্থান আৰু জন্মৰ সময়ৰ বিষয়ে জনাটো অত্যন্ত আৱশ্যকীয়। কিন্তু আমাৰ মাজত এনে বহুতো লোক আছে যিসকলৰ ওচৰত নিজৰ জন্মৰ লগত জড়িত সকলোবোৰ তথ্য উপলব্ধ নাই। এনে পৰিস্থিতিত, ডাঙৰ প্ৰশ্নটো হ'ল যিসকল জাতকৰ ওচৰত তেওঁলোকৰ জন্মৰ সঠিক বিৱৰণ নাই, তেওঁলোকৰ জীৱনৰ সমস্যাবোৰৰ সঠিকভাৱে গণনা কৰি তেওঁলোকক সমাধান দিব পৰা নাযায় নেকি? এনে লোকসকলে তেওঁলোকৰ জীৱনৰ জটিলতাবোৰ কেনেদৰে সমাপ্ত কৰিব? আপোনাৰ এনে সকলোবোৰ প্ৰশ্নৰ উত্তৰ নামৰদ্বাৰা ৰাহি-যোৰা মিলন, এষ্ট্ৰোছেজে আপোনাৰ বাবে লৈ আনিছে।
জন্মৰ বিৱৰণৰ তথ্য অবিহনে কৰক ৰাহি-যোৰা মিলন
নাম অনুসৰি ৰাহি-যোৰা মিলোৱাটোৱে প্ৰায়ে মানুহক এক দ্বিধাত পেলায়। তেওঁলোকৰ মতে, নাম ব্যৱহাৰ কৰি মিলোৱা ৰাহি-যোৰা সম্পূৰ্ণৰূপে শুদ্ধ নহয়, অৰ্থাৎ ইয়াৰ পৰা অহা সিদ্ধান্তবোৰ শুদ্ধ হ'ব নে নহয়? মানুহে ৰাহি-যোৰা মিলাবৰ বাবে বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰে। সেইবোৰৰ ভিতৰত আটাইতকৈ শুদ্ধ আৰু সঠিক হৈছে জন্ম তাৰিখ, সময় আৰু জন্মস্থান অনুসৰি প্ৰস্তুত কৰা কুণ্ডলী। কিন্তু চাবলৈ গ'লে আমাৰ মাজৰ বহুতো লোকেই নিজৰ জন্ম তাৰিখ, সময় আৰু জন্মস্থান নাজানে, যাৰ বাবে তেওঁলোকে সঠিক জ্যোতিষীয় সমাধান প্ৰাপ্ত কৰিবলৈ সক্ষম নহয়। এনে দোমোজা দূৰ কৰিবৰ বাবে, এষ্ট্ৰোছেজে নামৰদ্বাৰা ৰাহি-যোৰা মিলন সেৱা আৰম্ভ কৰিছে, যি বৈদিক জ্যোতিষশাস্ত্ৰৰ নীতিৰ ওপৰত আধাৰিত হোৱাৰ বাবে শুদ্ধতা প্ৰদান কৰে। ইয়াক ব্যৱহাৰ কৰাটো অতি সহজ আৰু ইয়াৰ সহায়ত, আপুনি প্ৰাপ্ত কৰা যিকোনো তথ্য আপোনাৰ বাবে যথেষ্ট সহায়ক হ'ব।
নামৰদ্বাৰা গুণ মিলন সম্ভৱপৰ হয় নে?
নামৰদ্বাৰা ৰাহি-যোৰা মিলনৰ অৰ্থ হৈছে ল’ৰা আৰু ছোৱালী দুয়োৰে নামৰ নক্ষত্ৰ অনুসৰি গুণ মিলোৱা। ইয়াত, তেওঁলোক দুয়োৰে নামৰপৰা তেওঁলোকৰ কিমানটা গুণ মিলিছে আৰু তেওঁলোকৰ বৈবাহিক জীৱন কেনেকুৱা হ'ব তাৰ অনুসন্ধান কৰা হয়। গণনা অনুসৰি, 36 টা গুণ মিলিলে বিবাহৰ বাবে এক শুভ লক্ষণ বুলি গণ্য কৰা হয়।
যেতিয়া এগৰাকী ব্যক্তিয়ে নামৰদ্বাৰা ৰাহি-যোৰা মিলন কৰা হয় বা মিলোৱা হয়, তেতিয়া কিছুমান পৰিস্থিতিত কৰা গণনা সম্পূৰ্ণৰূপে শুদ্ধ নহয়। এনে ক্ষেত্ৰত, দুটা পৰিস্থিতি আছে, প্ৰথমটো হৈছে, আপোনাৰ নাম জন্মৰ সময় গণনা কৰি ৰখা হৈছিল আৰু দ্বিতীয় পৰিস্থিতিটো হৈছে, সেই সময়ত এনেই এটা ভাল লগা নাম ৰাখি দিয়া হৈছিল।
প্ৰাচীন কালত, যেতিয়া কাৰোবাৰ ঘৰত এটা শিশুৰ জন্ম হয় তেতিয়া পৰিয়ালটোৱে জ্যোতিষী বা পণ্ডিতক আমন্ত্ৰন কৰ আনি তেওঁলোকৰ পৰামৰ্শ অনুসৰি শিশুটোৰ নামকৰণ কৰিছিল। জ্যোতিষীয়ে জন্মৰ সময় অনুসৰি শিশুটোৰ নামৰ প্ৰথম অক্ষৰটো ৰাখে, যিটো অক্ষৰৰপৰা শিশুটোৰ নাম ভবা হৈছিল, কিন্তু আজিৰ এই আধুনিক সময়ত দেখা যায় যে মানুহে কোনো জ্যোতিষীয় গণনা অবিহনেই শিশুটোৰ জন্মৰ পূৰ্বেই নাম ভাবি ৰাখে। যিটো জ্যোতিষীয় দৃষ্টিভংগী অনুসৰি শুদ্ধ নহয়। এনে পৰিস্থিতিত, ভৱিষ্যতে এই নামটোৰদ্বাৰা প্ৰস্তুত কৰা ৰাহি-যোৱা মিলন সিমান শুদ্ধ আৰু সঠিক নহয় যিমান জ্যোতিষীৰ পৰামৰ্শ অনুসৰি ৰখা নামৰ ক্ষেত্ৰত শুদ্ধ আৰু সঠিক হোৱা দেখা যায়।
উদাহৰণ স্বৰূপে, যদি কোনো শিশুৰ নাম জন্মৰ সময় অনুসৰি "ম" অক্ষৰৰপৰা দিব লাগিছিল কিন্তু পিতৃ-মাতৃয়ে তেওঁলোকৰ পচন্দ মতে নামটো আন এটা অক্ষৰ "ক "ৰে ৰাখিলে, তেনে ক্ষেত্ৰত যদি সন্তানটোৱে নিজৰ ৰাশিফল চায় বা তাৰপিছত ৰাহি-যোৰা মিলায় তেতিয়া তেওঁ নিজৰ নাম অনুসৰি কৰিব, যিটো দৰাচলতে ভুল হ'ব। ইয়াৰ মুখ্য কাৰণ হৈছে যে সন্তানটোৰ নাম তেওঁৰ জন্মৰ সময়ত ৰাখিবলৈ কোৱা অক্ষৰ অনুসৰি ৰখা হোৱা নাছিল, যাৰ বাবে নামৰ ৰাশি শুদ্ধ নহয় আৰু তাৰপৰা উলিওৱা সিদ্ধানসমূহো সঠিক নহ'ব।
আজিকালি এই টুল-টো যথেষ্ট প্ৰচলিত হৈছে যাক মানুহে ৰাহিযোৰা মিলাবলৈ ব্যৱহাৰ কৰে। জন্মৰ সময়ৰ তথ্য নাজানিলে আপুনি নামটো ব্যৱহাৰ কৰিব পাৰে। নামৰ দ্বাৰা ৰাহি-যোৰা মিলোৱাৰ সময়ত, দৰা-কন্যাৰ গৃহ ৰাশিত চন্দ্ৰৰ অৱস্থান বিচাৰি গুণাগুণবোৰ চিনাক্ত কৰা হয়। ইয়াৰ পৰা প্ৰাপ্ত ফলাফলবোৰো আপোনাৰ ভৱিষ্যত আৰু আগন্তুক বৈবাহিক জীৱনৰ বাবে সহায়ক প্ৰমাণিত হ'ব।
Astrological services for accurate answers and better feature
Astrological remedies to get rid of your problems
AstroSage on MobileAll Mobile Apps
AstroSage TVSubscribe
- Horoscope 2026
- राशिफल 2026
- Calendar 2026
- Holidays 2026
- Shubh Muhurat 2026
- Saturn Transit 2026
- Ketu Transit 2026
- Jupiter Transit In Cancer
- Education Horoscope 2026
- Rahu Transit 2026
- ராசி பலன் 2026
- राशि भविष्य 2026
- રાશિફળ 2026
- রাশিফল 2026 (Rashifol 2026)
- ರಾಶಿಭವಿಷ್ಯ 2026
- రాశిఫలాలు 2026
- രാശിഫലം 2026
- Astrology 2026


