টেৰ’ সাপ্তাহিক ৰাশিফল (27 এপ্ৰিল-03 মে’, 2025)

পৃথিৱীৰ বহুতো জনপ্ৰিয় টেৰ’ ৰীডাৰ আৰু জ্যোতিষীসকলে বিশ্বাস কৰে যে টেৰ’ই কেৱল ব্যক্তিৰ জীৱনৰ ভৱিষ্যতবাণী কৰাই নহয় লগতে মানুহক পথ প্ৰদৰ্শনো কৰে। কোৱা হয় যে টেৰ’ কাৰ্ড নিজৰ প্ৰতিপালন কৰাৰ আৰু নিজৰ বিষয়ে জনাৰ এক মাধ্য়ম।

টেৰ’ সাপ্তাহিক ৰাশিফল

টেৰ’ই এই কথাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে যে আপুনি ক’ত আছিল, এতিয়া আপুনি ক’ত আছে আৰু কি স্থিতিত আছে আৰু আগন্তুক ভৱিষ্যতত আপোনাৰ সৈতে কি হ’ব পাৰে। ই আপোনাক শক্তিৰে পৰিপূৰ্ণ পৰিৱেশত প্ৰৱেশ কৰাৰ সুযোগ প্ৰদান কৰে আৰু নিজৰ ভৱিষ্যতৰ বাবে সঠিক বিকল্প বাছনি কৰাত সহায় কৰে। যিদৰে এক ভৰসাজনক পৰামৰ্শদাতাই আপোনাক নিজৰ ভিতৰলৈ জুমি চাবলৈ শিকায় সেইদৰে টেৰ’ইও আপোনাক নিজৰ আত্মাৰ সৈতে কথা পতাৰ সুযোগ দিয়ে।

আপোনাৰ এনে লাগিব পাৰে যে জীৱনৰ পথত আপুনি বিভ্ৰান্ত হৈ পৰিছে আৰু আপোনাক দিগদৰ্শন বা সহায়ৰ প্ৰয়োজন আছে। পূৰ্বতে আপুনি টেৰ’ক উপলুঙা কৰিছিল কিন্তু এতিয়া আপুনি ইয়াৰ সঠিকতাৰদ্বাৰা প্ৰভাৱিত হৈ পৰিছে অথবা আপুনি এগৰাকী জ্যোতিষী যাক মাৰ্গদৰ্শন বা দিগদৰ্শনৰ প্ৰয়োজন আছে। অথবা আপুনি নিজৰ সময় কটাবৰ বাবে কোনো নতুন চখৰ সন্ধানত আছে। এই কাৰণসমূহৰ বাবে বা অন্য কোনো কাৰণবশতঃ টেৰ’ৰ প্ৰতি মানুহৰ আগ্ৰহ যথেষ্ট বাঢ়ি গৈছে। টেৰ’ ডেকৰ78 খন কাৰ্ডৰ সহায়ত ভৱিষ্যতৰ বিষয়ে জানিব পৰা যায়। এই কাৰ্ডসমূহৰ সহায়ত আপুনি নিজৰ জীৱনৰ মাৰ্গদৰ্শন লাভ কৰিব পাৰে।

টেৰ’ৰ উৎপত্তি 15শ শতাব্দীত ইটালীত হৈছিল। আৰম্ভণিতে টেৰ’ক কেৱল মনোৰঞ্জন হিচাপে গণ্য কৰা হৈছিল আৰু ইয়াত আধ্যাত্মিক মাৰ্গদৰ্শনৰ গুৰুত্ব কম আছিল। অৱশ্যে, টেৰ’ কাৰ্ডৰ বাস্তৱিক ব্যৱহাৰ 16শ শতাব্দীত ইউৰোপত কোনো কোনো লোকৰদ্বাৰা কৰা হৈছিল যেতিয়া তেওঁলোকে জানিব পাৰিছিল যে কেনেদৰে 78খন কাৰ্ডৰ সহায়ত ভৱিষ্যতৰ বিষয়ে জানিব পৰা যায়, সেই সময়ৰপৰাই ইয়াৰ মহত্ব যথেষ্ট বৃদ্ধি পাইছিল।

টেৰ’ হৈছে এনে এক মাধ্যম যাৰ সহায়ত মানসিক আৰু আধ্যাত্মিক বিকাশ প্ৰাপ্ত কৰিব পৰা যায়। আপুনি কোনো স্তৰত আধ্যাত্মিকতাৰ সৈতে, অলপমান নিজৰ অন্তৰাত্মাৰ সৈতে আৰু অলপমান নিজৰ অন্তৰ্জ্ঞান আৰু আত্ম-সংশোধন আনিবৰ বাবে আৰু বাহিৰৰ পৃথিৱীৰ সৈতে জড়িত হ’ব।

তেনেহ’লে আহক এই সপ্তাহৰ সাপ্তাহিক ৰাশিফল আৰম্ভ কৰোঁ আৰু 27 এপ্ৰিলৰপৰা 03 মে’, 2025 পৰ্য্যন্ত এই সপ্তাহটোত ৰাশি চক্ৰৰ 12 টা ৰাশিৰ বাবেটেৰ’সাপ্তাহিক ৰাশিফল কেনে হ’ব সেই সম্পৰ্কেঅৱগত হওঁ।

এয়াও পঢ়ক: ৰাশিফল 2025

পৃথিৱীৰ বিদ্বান টেৰ’ ৰীডাৰসকলৰ সৈতে কল/চাট্-ত কথা পাতক আৰু জানক কেৰিয়াৰ সম্পৰ্কীয় সকলোবোৰ তথ্য

টেৰ’সাপ্তাহিক ৰাশিফল 27 এপ্ৰিলৰপৰা 03মে’, 2025: ৰাশি অনুসৰি ৰাশিফল

মেষ ৰাশি

প্ৰেম জীৱন: জাষ্টিচ

আৰ্থিক জীৱন: ফ’ৰ অৱ ৱেণ্ডচ্

কেৰিয়াৰ: ফাইৱ অৱ ৱেণ্ডচ্

স্বাস্থ্য: টু অৱ স্ৱৰডচ্

মেষ ৰাশি ৰ জাতকসকলে প্ৰেম জীৱনত লাভ কৰা জাষ্টিচ কাৰ্ডখনে কৈছে যে আপুনি ন ন অনুভৱৰ মাধ্যমেৰে প্ৰেম জীৱনত বহুখিনি শিকিবলৈ পাব। ইয়াৰ ফলস্বৰূপে আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ মাজৰ সম্পৰ্ক শক্তিশালী হ’ব।

আৰ্থিক জীৱনত ফ’ৰ অৱ ৱেণ্ডচ কাৰ্ড লাভ কৰিছে যি আৰ্থিক স্থিৰতা আৰু সুৰক্ষাক প্ৰতিনিধিত্ব কৰে। আপুনি এনে পৰিস্থিতিত নিজৰ পৰিশ্ৰমৰ আনন্দ উপভোগ কৰিব পাৰিব।

টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰিকেৰিয়াৰৰ ক্ষেত্ৰত ফাইৱ অৱ ৱেণ্ডচ্ কাৰ্ডখনে সমস্যা আৰু প্ৰতিদ্বন্দিতাৰ সংকেত দিয়ে। এই সপ্তাহত আপুনি এক প্ৰতিযোগিতামূলক পৰিৱেশ লাভ কৰিব পাৰে যাৰ কাৰণ অহংকাৰৰ সংঘাত হ’ব পাৰে। অৱশ্যে আপোনাৰ বাবে অহংকাৰৰ সংঘাতৰপৰা আতৰি থকা আৰু আনৰ সহায় কৰাটো জৰুৰী হ’ব।

স্বাস্থ্যৰ ক্ষেত্ৰত ক’ব পাৰি যে টু অৱ স্ৱৰডচ্ কাৰ্ডখনে মানসিক স্বাস্থ্যৰ সৈতে জড়িত সমস্যাৰ সংকেত দিছে যিবোৰৰ আপুনি সম্মুখীন হৈ আছে বা যিবোৰৰপৰা পৰিত্ৰাণ লাভ কৰিবৰ বাবে আপোনাক মেডিকেল সহায়তাৰ প্ৰয়োজন হ’ব।

শুভ সংখ্যা: 09

বৃষ ৰাশি

প্ৰেম জীৱন: নাইন অৱ স্ৱৰডচ্

আৰ্থিক জীৱন: ষ্ট্ৰেংথ

কেৰিয়াৰ: দ্য টাৱাৰ (ৰিভাৰ্চড্)

স্বাস্থ্য: টেম্পেৰেন্স (ৰিভাৰ্চড্)

বৃষ ৰাশি ৰ জাতকসকলে প্ৰেম জীৱনত লাভ কৰা নাইন অৱ স্ৱৰডচ্ কাৰ্ডখনক আপোনাৰ বাবে এক অশুভ কাৰ্ড বুলি ক’ব লাগিব। এই সপ্তাহটো আপোনাৰ বাবে প্ৰত্যাহ্বানেৰে পৰিপূৰ্ণ হ’ব পাৰে অথবা আপোনাৰ মনটো নেতিবাচক চিন্তাই আৱৰি ধৰিব পাৰে। এনেবোৰ সমস্যাৰ সমাধান পাবৰ বাবে আপুনি সততাৰে আৰু মন খুলি সঙ্গীৰ সৈতে কথা পতা উচিত।

আৰ্থিক জীৱনৰ ক্ষেত্ৰত দেখা যায় যে ষ্ট্ৰেংথ কাৰ্ডখনে ভাবি-চিন্তি ধন ব্যয় কৰাৰ আৰু খৰধৰকৈ সিদ্ধান্ত লোৱাটো পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে। অৱশ্য়ে এই সময়ছোৱাত আপুনি উন্নতি লাভ কৰিব, কিন্তু আপুনি আত্মবিশ্বাস আৰু আৱেগিত সন্তুলন বৰ্ত্তাই ৰাখিব লাগিব।

কেৰিয়াৰৰ ক্ষেত্ৰত দেখা যায় যে দ্য টাৱাৰ (ৰিভাৰ্চড্) কাৰ্ডখন এই ৰাশিৰ জাতকসকলে লাভ কৰিছে যি আপোনাৰ জীৱনৰ পৰিৱৰ্তনক সূচিত কৰে। এই পৰিৱৰ্তনবোৰ আপুনি সম্পূৰ্ণ মনেৰে আঁকোৱালি নল’ব পাৰে আৰু এনে পৰিস্থিতিত আপুনি পৰিৱৰ্তনৰ সলনি পুৰণি কথাত আঁকোৰগোজ হৈ থাকিব পাৰে, লাগিলে সেয়া আপোনাৰ বাবে কামত অহা নহওকেই।

বৃষ ৰাশিৰ জাতকসকলৰ স্বাস্থ্য কিছু দুৰ্বল হ’ব পাৰে। এনে পৰিস্থিতিত আপুনি এখোজ পিছুৱাই আহি পৰিস্থিতিৰ মূল্যাংকন কৰাৰ আৰু নিজৰ উৰ্জাৰ সন্তুলন কৰাৰ লগতে ইতিবাচক দৃষ্টিভংগী ৰখাৰ প্ৰয়োজনীতা আছে। কৰ্মক্ষেত্ৰৰ সমস্যাই আপোনাক স্বাস্থ্যজনিত সমস্যা প্ৰদান কৰিব পাৰে।

শুভ সংখ্যা:33

বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ

মিথুন ৰাশি

প্ৰেম জীৱন: থ্ৰী অৱ পেণ্টাকলচ্

আৰ্থিক জীৱন: দ্য হাই প্ৰিষ্টেচ

কেৰিয়াৰ: এচ্ অৱ কপচ্

স্বাস্থ্য: ফ’ৰ অৱ স্ৱৰডচ্

মিথুন ৰাশি ৰ জাতকসকলৰ এই সপ্তাহত বিবাহ বন্ধনত বান্ধ খোৱাৰ প্ৰৱল সম্ভাৱনা আছে আৰু আপোনাৰ বিয়াৰ আয়োজন হ’ব পাৰে। আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰো শীঘ্ৰে বিবাহ হ’ব পাৰে। আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ মাজৰ পাৰস্পৰিক বুজাবুজি এই সপ্তাহত ভাল হ’ব।

টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰিআৰ্থিক জীৱনত দ্য হাই প্ৰিষ্টেচ কাৰ্ডখনে সঠিক ধৰণেৰে ধন উপাৰ্জন কৰিবলৈ কয়। লগতে, এই কাৰ্ডখনে আপোনাক ভাবি-চিন্তি ধন ব্যয় কৰিবলৈ আৰু অযথা বস্তুত ধন ব্যয় নকৰিবলৈ পৰামৰ্শ দিযে।

কেৰিয়াৰৰ ক্ষেত্ৰত মিথুন ৰাশিৰ জাতকসকলে এচ অৱ কপচ্ কাৰ্ড লাভ কৰিছে যাক আপোনাৰ বাবে শুভ কাৰ্ড বুলি ক’ব লাগিব। এই কাৰ্ডখনৰ মতে আপোনাৰ কেৰিয়াৰৰ সঠিক পথত আগবাঢ়িছে আৰু সকলোবোৰ তেনেদৰে হ’বলৈ গৈ আছে যেনেদৰে হোৱা উচিত। এই সময়খিনিত আপুনি সফলতাৰ পথত আগবাঢ়ি যাব আৰু কেৰিয়াৰত নাম, যশ, প্ৰসিদ্ধি, সফলতা, স্থিৰতা প্ৰাপ্ত কৰিব।

স্বাস্থ্যৰ ক্ষেত্ৰত ক’ব পাৰি যে ফ’ৰ অৱ স্ৱৰডচ্ কাৰ্ডখনে আপোনাক সকলো কাম আতৰাই নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল’বলৈ আৰু শৰীৰটোক আৰাম দিবলৈ কৈছে। আপুনি নিজকে কিছু বিশ্ৰাস প্ৰদান কৰিব লাগিব যাতে আপুনি আগন্তুক সমস্যাবোৰ অতিক্ৰম কৰিবৰ বাবে সজীৱ অনুভৱ কৰে।

শুভ সংখ্যা: 32

কৰ্কট ৰাশি

প্ৰেম জীৱন: দ্য ষ্টাৰ

আৰ্থিক জীৱন: পে’জ অৱ ৱেণ্ডচ্

কেৰিয়াৰ: টু অৱ ৱেণ্ডচ্

স্বাস্থ্য: নাইন অৱ কপচ্

টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰিপ্ৰেম জীৱনত কৰ্কট ৰাশি ৰ জাতকসকলে দ্য ষ্টাৰ কাৰ্ডখন লাভ কৰিছে যি আপোনাক অতীতৰ কথা পাহৰি ভৱিষ্যতৰ দিশে আগবাঢ়ি যাবলৈ পৰামৰ্শ দিছে। এই কাৰ্ডখনে উপশম, সকাহ, আশা আৰু সোণালী ভৱিষ্যতৰ প্ৰতিনিধিত্ব কৰে। এই সময়খিনিত আপোনালোক দুয়োৱে যিমান পৰস্পৰৰ সৈতে কথা পাতিব সিমানেই আপোনালোক দুয়ো পৰস্পৰৰ কাষ চাপি আহিব।

আৰ্থিক জীৱনত পে’জ অৱ ৱেণ্ডচ্ কাৰ্ডখনে দৰ্শায় যে এই জাতকসকলে শীঘ্ৰেই নগদ ধন প্ৰাপ্ত কৰাৰ যোগ আছে আৰু এয়া আপোনাৰ বাবে অপ্ৰত্যাশিত হ’ব পাৰে। লগতে, আপুনি চাকৰিত আকস্মিকভাৱে ব’নাচ লাভ কৰিব পাৰে।

টু অৱ ৱেণ্ডচ্ কাৰ্ডখনে দীৰ্ঘকালীন লক্ষ্যৰ বিষয়ে চিন্তা কৰাৰ আৰু আৰু আপুনি লাভ কৰা সুযোগবোৰৰ পৰিকল্পনা প্ৰস্তুত কৰাৰ কথা কয়। এই সময়খিনিত বিদেশত কাম কৰিবৰ বাবে বা কেৰিয়াৰৰ সম্প্ৰসাৰণ কৰিবৰ বাবে শ্ৰেষ্ঠ হ’ব।

স্বাস্থ্যৰ দিশৰপৰা নাইট অৱ কপচ্ কাৰ্ডখনে প্ৰকাশ কৰে যে এই সপ্তাহত আপোনাৰ স্বাস্থ্যৰ শুধৰণি দেখা যাব। যদিহে আপুনি স্বাস্থ্য পৰীক্ষাৰ ফলাফলৰ বাবে অপেক্ষা কৰি আছে তেনেহ’লে ক’ব পাৰি যে ফলাফল ভাল অহাৰ সম্ভাৱনা আছে।

শুভ সংখ্যা: 02

পাওক আপোনাৰ কুণ্ডলী আধাৰিত সঠিক শনি প্ৰতিৱেদন

সিংহ ৰাশি

প্ৰেম জীৱন: ষ্ট্ৰেংথ

আৰ্থিক জীৱন: পে’জ অৱ কপচ্

কেৰিয়াৰ: নাইট অৱ ৱেণ্ডচ্

স্বাস্থ্য: থ্ৰী অৱ স্ৱৰডচ্ (ৰিভাৰ্চড্)

প্ৰেম জীৱনত সিংহ ৰাশি ৰ জাতকসকলে ষ্ট্ৰেংথ কাৰ্ডখন লাভ কৰিছে যি এনে সম্পৰ্কক দৰ্শায় যি শক্তিশালী পাৰস্পৰিক বুজাবুজি আৰু ভাল মিলা-মিছাৰ ওপৰত আধাৰিত হ’ব। এই সপ্তাহত আপুনি আৰু আপোনাৰ জীৱনসঙ্গীয়ে মন খুলি কথা পাতি সকলোবোৰ সমস্যাৰ সমাধান উলিয়াব।

আৰ্থিক জীৱনৰ ক্ষেত্ৰত সিংহ ৰাশিৰ জাতকসকলে পে’জ অৱ কপচ্ কাৰ্ডখন লাভ কৰিছে যাক আপোনাৰ বাবে শুভ বুলি ক’ব পাৰি আৰু এই কাৰ্ডখনে আপোনাৰ বাবে ইতিবাচক ফলাফলৰ সংকেত দিয়ে। কিন্তু এই জাতকসকলে কোনো বিনিয়োগ বা ক্ৰয় কৰাৰ পূৰ্বে ভালদৰে ভাবি-চিন্তি চোৱাৰ আৱশ্যকতা আছে।

টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰিনাইট অৱ ৱেণ্ডচ্ কাৰ্ডখনে সংকেত প্ৰদান কৰে যে কেৰিয়াৰৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন আহিব পাৰে। আপোনাৰ কৰ্মক্ষেত্ৰৰ পৰিৱেশ ইতিবাচক হ’ব। ইয়াৰ উপৰিও এই কাৰ্ডখনে নতুন চাকৰি বা নতুন ব্যৱসায়কো সূচিত কৰে।

স্বাস্থ্যৰ ক্ষেত্ৰত ক’ব পৰা যায় যে থ্ৰী অৱ স্ৱৰডচ্ (ৰিভাৰ্চড্) কাৰ্ডখনে নিৰাশাৰপৰা ওলাই আহি আশাবাদী হ’বলৈ আৰু স্বাস্থ্যৱান হ’বৰ বাবে প্ৰয়াসৰত হৈ থাকিবলৈ কয়, যাতে আপুনি সেই চিন্তাবোৰৰপৰা আতৰি থাকিব পাৰে যিবোৰে আপোনাক সমস্যা বা চিন্তাত পেলাইছে আৰু এনে পৰিস্থিতিত আপুনি স্বাস্থ্যৱান হ’বৰ বাবে আশাবাদী হৈ থাকিব লাগিব।

শুভ সংখ্যা:10

কালসৰ্প দোষ প্ৰতিৱেদন – কাল সৰ্প যোগ কেলকুলেটৰ

কন্যা ৰাশি

প্ৰেম জীৱন: চিক্স অৱ স্ৱৰডচ্

আৰ্থিক জীৱন: কিং অৱ পেণ্টাকলচ্

কেৰিয়াৰ: দ্য হাৰ্মিট

স্বাস্থ্য: দ্য হেৰ’ফেণ্ট

কন্যা ৰাশি ৰ জাতকসকলে চিক্স অৱ স্ৱৰডচ্ কাৰ্ডখনে প্ৰেম জীৱনত লাভ কৰিছে যি এক আৱেগিক উত্থান-পতনেৰে ভৰা সময়ৰ পিছত শান্তিপূৰ্ণ আৰু পৰিৱৰ্তনকাৰী সময়ৰ প্ৰতিনিধিত্ব কৰে। এই সময়ছোৱাই পৰিৱৰ্তন, স্থিৰতা, নেতিবাচকতাৰপৰা বাহিৰলৈ ওলাই অহা, সন্তুষ্টি আৰু প্ৰেমপূৰ্ণ সম্পৰ্কৰ প্ৰতিনিধিত্ব কৰে।

আৰ্থিক জীৱনত কিং অৱ পেণ্টাকলচ্ কাৰ্ডখনে সফলতা, আৰ্থিক সমৃদ্ধি আৰু ধন-বৈভৱক প্ৰতিধিত্ব কৰে। এই সময়ছোৱাত আপুনি নিজৰ আত্মবিশ্বাস আৰু ক্ষমতাৰ প্ৰয়োগ কৰি ভাল পৰিমাণৰ ধন উপাৰ্জন কৰিবলৈ সক্ষম হ’ব।

দ্য হাৰ্মিট কাৰ্ডখনে কয় যে কন্যা ৰাশিৰ জাতকসকলে কেৰিয়াৰৰ নিজৰ লক্ষ্যসমূহ বিষয়ে পুণ চিন্তা-চৰ্চা কৰাৰ বা এক নতুন কেৰিয়াৰৰ বাছনি কৰাৰ প্ৰয়োজনীয়তা আছে। লগতে, এই সময়খিনিত আপুনি এটা ব্ৰে’ক লৈ নিজৰ কেৰিয়াৰৰ বিষয়ে ভালদৰে চিন্তা কৰিব পাকে।

স্বাস্থ্যৰ ক্ষেত্ৰত ক’ব পাৰি যে হেৰ’ফেণ্ট কাৰ্ডখনে কয় যে আপুনি চিকিৎসকৰ পৰামৰ্শ মানি চলা উচিত। কিন্তু যদিহে আপুনি ৰিভাৰ্চড্ প্ৰাপ্ত কৰিছে তেনেহ’লে ই ভুল পদ্ধতি গ্ৰহণ কৰাৰ সংকেত দিয়ে।

শুভ সংখ্যা:05

কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন

তুলা ৰাশি

প্ৰেম জীৱন: চিক্স অৱ পেণ্টাকলচ্

আৰ্থিক জীৱন: ফ’ৰ অৱ স্ৱৰডচ্

কেৰিয়াৰ: দ্য ডেভিল (ৰিভাৰচড্)

স্বাস্থ্য: দ্য লাভাৰ্চ

তুলা ৰাশি ৰ জাতকসকলে প্ৰেম জীৱনত চিক্স অ পেণ্টাকলচ্ কাৰ্ডখন লাভ কৰিছে আৰু ই প্ৰেমপূৰ্ণ আৰু সন্তুলিত সম্পৰ্কৰ প্ৰতিনিধিত্ব কৰে। এই সময়ছোৱাই আপোনাক নতুন সম্পৰ্কত সোমোৱাৰ বা পুৰণি সম্পৰ্কত প্ৰেম জগাই তোলাৰ সুযোগ প্ৰদান কৰিব পাৰে।

আৰ্থিক জীৱনত ফ’ৰ অৱ স্ৱৰডচ্ কাৰ্ডখনে কয় যে এই সপ্তাহত আপুনি ধনৰ ক্ষেত্ৰত চাপৰ সম্মুখীন হ’ব পাৰে। এই কাৰ্ডখনৰ মতে আপুনি নিজৰ ব্যস্ততাপূৰ্ম জীৱনৰপৰা কিছু সময় নিজৰ বাবে উলিওৱাৰ বা এটা ব্ৰে’ক লোৱাৰ প্ৰয়োজনীয়তা আছে। লগতে নিজৰ স্বাস্থ্যক প্ৰাথমিকতা দিয়া উচিত।

কেৰিয়াৰৰ ক্ষেত্ৰত দ্য ডেভিল(ৰিভাৰচড্) কাৰ্ডখনে কয় যে আপুনি এনে পৰিস্থিতিৰপৰা বাচিব পাৰিব যি আপোনাক সমস্যাত পেলাই আছিল। এনে পৰিস্থিতিৰপৰা আপুনি নিজকে বচাই বাহিৰলৈ ওলাই অহাটো জৰুৰী হ’ব।

স্বাস্থ্যৰ দিশৰপৰা দ্য লাভাৰ্চ কাৰ্ডখনে কয় যে এই সপ্তাহটো জীৱনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিবৰ বাবে, সহায় লাভ কৰিবৰ বাবে আৰু নিজৰ স্বাস্থ্যক প্ৰাথমিকতা দিবৰ বাবে উত্তম হ’ব। লগতে আপুনি নিজৰ শৰীৰৰ আৱশ্যকতাসমূহৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব।

শুভ সংখ্য:15

বৃশ্চিক ৰাশি

প্ৰেম জীৱন: দ্য ডেভিল (ৰিভাৰ্চড্)

আৰ্থিক জীৱন: নাইন অৱ কপচ্

কেৰিয়াৰ: চিক্স অৱ কপচ্

স্বাস্থ্য: ফাইৱ অৱ স্ৱৰডচ্ (ৰিভাৰ্চড্)

বৃশ্চিক ৰাশি ৰ জাতকসকলে প্ৰেম জীৱনত প্ৰাপ্ত কৰা দ্য ডেভিল(ৰিভাৰ্চড্) কাৰ্ডখনে অস্বাস্থ্যকৰ জীৱনশৈলী বা বেয়া সম্পৰ্কৰপৰা বাহিৰলৈ ওলাই পুণৰ শক্তি আৰু স্বাধীনতা প্ৰাপ্ত কৰাৰ প্ৰতি সংকেত দিছে।

আৰ্থিক জীৱনৰ ক্ষেত্ৰত ক’ব পৰা যায় যে নাইন অৱ কপচ্ কাৰ্ডখনে ধন-সমৃদ্ধি, আৰ্থিক স্থিৰতা আৰু ইচ্ছা পূৰণৰদ্বাৰা লাভ কৰা সন্তুষ্টি আদিৰ প্ৰতিনিধিত্ব কৰে। ইয়াৰ উপৰিও এইঅ সপ্তাহত আপুনি কোনো নতুন বিনিয়োগ কৰিব পাৰে বা আপোনাৰদ্বাৰা কৰা বিনিয়োগৰদ্বাৰা আপুনি দীৰ্ঘকালীন লাভ প্ৰাপ্ত কৰিব পাৰে।

কেৰিয়াৰৰ ক্ষেত্ৰত দেখা যায় যে চিক্স অৱ কপচ্ কাৰ্ডখনে প্ৰকাশ কৰিছে বৃশ্চিক ৰাশিৰ জাতকসকলে এই সময়খিনিত নিজৰ ক্ষমতা আনৰ সম্মুখত প্ৰদৰ্শন কৰিব পাৰে বা অতীতৰ বিষয়ে চিন্তা কৰিব পাৰে যি আপোনাক কোনো পৰিচিত পথলৈ লৈ যাব পাৰে বা আপুনি কোনো পুৰণি চখৰ প্ৰতি পুণৰ আগ্ৰহী হৈ পৰিব পাৰে।

স্বাস্থ্যৰ ক্ষেত্ৰত ক’ব পাৰি যে ফাইৱ অৱ স্ৱৰডচ্(ৰিভাৰ্চড্) কাৰ্ডখনে আপোনাক নিজৰ স্বাস্থ্যক প্ৰাথমিকতা প্ৰদান কৰিবৰ বাবে আৰু সেইবোৰ কামৰপৰা বাচি থাকিবৰ বাবে পৰামৰ্শ দিয়ে যিবোৰে আপোনাৰ লোকচান কৰিব পাৰে। এই সময়খিনিত আপুনি পুৰণা বিবাদৰ কথা ভবাৰ সলনি জীৱনত আগবাঢ়ি যোৱাৰ ওপৰত মনোযোগ কেন্দ্ৰিত কৰা উচিত।

শুভ সংখ্যা:27

বিনামূলীয়া অনলাইন জন্ম কুণ্ডলী চফটৱেৰৰপৰা জানক আপোনাৰ কুণ্ডলীৰ সম্পূৰ্ণ লেখ-জোখ

ধনু ৰাশি

প্ৰেম জীৱন: হুইল অৱ ফৰচ্যুন

আৰ্থিক জীৱন: নাইন অৱ পেণ্টাকলচ্

কেৰিয়াৰ: নাইট অৱ পেণ্টাকলচ্

স্বাস্থ্য: এচ্ অৱ স্ৱৰডচ্

ধনু ৰাশি ৰ জাতকসকলে প্ৰেম জীৱনত হুইল অৱ ফৰচ্য়ুন কাৰ্ডখন প্ৰাপ্ত কৰিছে যিটেৰ’সাপ্তাহিক ৰাশিফল অনুসৰিসূচিত কৰে যে আপোনাৰ জীৱনত সকলোবোৰ সঠিক দিশত আগবাঢ়িছে। এই সময়ছোৱাত আপুনি কোনো নতুন সুযোগ লাভ কৰিব পাৰে।

আৰ্থিক জীৱনৰ বাবে প্ৰাপ্ত কৰা নাইন অৱ পেণ্টাকলচ্ কাৰ্ডখনে কয় যে এই সপ্তাহত আপুনি কঠোৰ পৰিশ্ৰম কৰিলে আৰু ধনৰ সৈতে জড়িত পৰিকল্পনা প্ৰস্তুত কৰি লিলে আৰ্থিক ৰূপত সুৰক্ষিত আৰু আত্মনিৰ্ভৰ অনুভৱ কৰিব। লগতে ব্যৱসায়তো সফলতা লাভ কৰিব।

কেৰিয়াৰৰ ক্ষেত্ৰত নািট অৱ পেণ্টাকলচ্ কাৰ্ডখনে কৰ্মক্ষেত্ৰত উচ্চাকাংক্ষা আৰু একাগ্ৰতাক প্ৰতিনিধিত্ব কৰে। আপুনি নিজৰ লক্ষ্যত উপনীত হ’বৰ বাবে সমৰ্পিত হৈ থাকিব। চাকৰিৰ সন্ধানত থকাসকলে নিজৰ দায়ৱদ্ধতা আৰু দক্ষতা প্ৰদৰ্শন কৰিব লাগিব।

স্বাস্থ্যৰ দিশৰপৰা এচ অৱ স্ৱৰডচ্ কাৰ্ডখনে কয় যে এই জাতকসকলে নিজকে নিয়ন্ত্ৰিত কৰাৰ লগতে নিজৰ বদঅভ্যাসসমূহ ত্যাগ কৰিব লাগিব। আপুনি নিজৰ স্বাস্থ্যক লৈ সাৱধানতা অৱলম্বন কৰিব লাগিবকাৰণ এই সময়খিনিত এই সময়খিনিত আপোনাৰ কোনো অস্ত্ৰোপচাৰ হোৱাৰ সম্ভাৱনা দেখা গৈছে।

শুভ সংখ্যা:12

এতিয়া ঘৰত বহিয়েই বিশেষজ্ঞ পুৰোহিতৰদ্বাৰা কৰাওক ইচ্ছানুসৰি অনলাইন পূজা আৰু লাব কৰক উত্তম পৰিণাম!

মকৰ ৰাশি

প্ৰেম জীৱন: চেভেন অৱ পেণ্টাকলচ্

আৰ্থিক জীৱন: দ্য চেৰিয়ট

কেৰিয়াৰ: নাইট অৱ ৱেণ্ডচ্

স্বাস্থ্য: ফাইৱ অৱ পেণ্টাকলচ্ (ৰিভাৰ্চড্)

মকৰ ৰাশি ৰ জাতকসকলে প্ৰেম জীৱনত লাভ কৰা চেভেন অৱ পেণ্টাকলচ্ কাৰ্ডখনে ভৱিষ্যতবাণী কৰে যে এই লোকসকলে ভালপোৱা লাভ কৰিবৰ বাবে কিছু সময়ৰ প্ৰয়োজন হ’ব পাৰে। এই সময়খিনিত আপুনি কোনো পুৰণা বন্ধু বা বান্ধৱীৰ সৈতে প্ৰেমৰ সম্পৰ্কত সোমাব পাৰে।

আৰ্থিক জীৱনত আপুনি দ্য চাৰিয়ট কাৰ্ডখন প্ৰাপ্ত কৰিছে যাক আপোনাৰ বাবে শুভ বুলি ক’ব পৰা যায়। ই জীৱনৰ প্ৰত্যাহ্বানবোৰৰ ওপৰত বিজয়ক প্ৰতিনিধিত্ব কৰে। এই সময়খিনিত আপুনি কোনো আৰ্থিক সমস্যাৰ সমাধান লাভ কৰিব পাৰে।

কেৰিয়াৰৰ ক্ষেত্ৰত নাইট অৱ ৱেণ্ডচ্ কাৰ্ডখনে পৰিৱৰ্তনশীল সময় আৰু কোনো সোণালী সুযোগৰ প্ৰতিনিধিত্ব কৰে। এই সপ্তাহত আপুনি নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰ সলনি কৰিব পাৰে বা নতুন ব্যৱসায় আৰম্ব কৰিব পাৰে।

স্বাস্থ্যৰ দিশৰপৰা ফাইৱ অৱ পেণ্টাকলচ্(ৰিভাৰ্চড্) কাৰ্ডখনে কয় যে যিসকল জাতকে কোনো স্বাস্থ্যজনিত সমস্যাৰ সম্মুখীন হৈ আছে তেওঁলোকে সঠিক সমাধান বা চিকিৎসা প্ৰাপ্ত কৰিব। আপুনি চিকিৎসাৰ ফল লগে লগে প্ৰাপ্ত নকৰিব পাৰে, কিন্তু আপুনি আশ্বস্ত হ’ব আৰু কিছু ধীৰ গতিৰে হ’লেও ভাল পৰিণাম প্ৰাপ্ত কৰিব।

শুভ সংখ্যা:26

অনলাইন চফটৱেৰৰপৰা বিনামূলীয়া জন্ম কুণ্ডলী প্ৰাপ্ত কৰক।

কুম্ভ ৰাশি

প্ৰেম জীৱন: দ্য ষ্টাৰ

আৰ্থিক জীৱন: কিং অৱ কপচ্

কেৰিয়াৰ: দ্য চান

স্বাস্থ্য: কুইন অৱ ৱেণ্ডচ্

কুম্ভ ৰাশি ৰ জাতকসকলে প্ৰেম জীৱনত দ্য ষ্টাৰ কাৰ্ডখন প্ৰাপ্ত কৰিছে যি প্ৰকাশ কৰে যে এই সপ্তাহটো আপোনাৰ বাবে প্ৰেম আৰু ৰোমাঞ্চেৰে পৰিপূৰ্ণ হ’ব। এই সময়খিনিত আশাবাদী আৰু ইতিবাচক হৈ থকাটোৱে আপোনাৰ বাবে এক চুম্বকৰ দৰে কাম কৰিব যি আপোনাক পূৰ্বৰ তুলনাত অধিক আকৰ্ষণীয় কৰি তুলিব।

আৰ্থিক জীৱনত কিং অৱ কপচ্ কাৰ্ডখনে কয় যে আপুনি সৰু সুৰা লাভৰ সলনি দীৰ্ঘকালীন লাভ আৰু স্থিৰতা প্ৰাপ্ত কৰাৰ উদ্দেশ্যৰে পৰিকল্পনা প্ৰস্তুত কৰাত মনোযোগ কেন্দ্ৰিত কৰা উচিত।

টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰিকেৰিয়াৰৰ ক্ষেত্ৰত ক’ব পাৰি যে দ্য চান কাৰ্ডখনে অপৰিসীম সফলতা, আশা আৰু ইতিবাচক ফলাফলক দৰ্শায়। এই সপ্তাহত আপুনি কোনো সোণালী সুযোগ বা পদোন্নতি লাভ কৰাৰ যোগ আছে।

স্বাস্থ্যৰ ক্ষেত্ৰত কুইন অৱ ৱেণ্ডচ্ কাৰ্ডখনে শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ মাজৰ শক্তিশালী সম্বন্ধক সূচিত কৰে। এই সময়ছোৱাত আপোনাৰ ৰোগ প্ৰতিৰোধক ক্ষমতাও ভাল হ’ব।

শুভ সংখ্যা: 08

মীন ৰাশি

প্ৰেম জীৱন: দ্য লাভাৰ্চ

আৰ্থিক জীৱন: থ্ৰী অৱ ৱেণ্ডচ্

কেৰিয়াৰ: দ্য মেজিচিয়ান

স্বাস্থ্য: ফাইৱ অৱ কপচ্

মীন ৰাশি ৰ জাতকসকলৰ প্ৰেম জীৱনৰ বাবে দ্য লাভাৰ্চ কাৰ্ডখনক এখন শুভ কাৰ্ড বুলি ক’ব লাগিব। আনহাতে এই কাৰ্ডখনে দায়ৱদ্ধতা আৰু জীৱনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহকো প্ৰতিনিধিত্ব কৰে যি আপোনাক এনেদৰে ভাবিবৰ বাবে বাধ্য কৰিব পাৰে যে আপুনি নিজৰ আৰু সঙ্গীৰ সম্পৰ্কৰ প্ৰতি কিমান সমৰ্পিত!

টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰিআৰ্থিক জীৱনত থ্ৰী অৱ ৱেণ্ডচ্ কাৰ্ডখনে দৰ্শায় যে আপুনি নিজৰ লক্ষ্যত উপনীত হ’বৰ বাবে আৰু সুযোগৰ লাভ প্ৰাপ্ত কৰিবৰ বাবে প্ৰস্তুতি কৰাত ব্যস্ত হৈ থাকিব। এনে পৰিস্থিতিত ভৱিষ্যতে আপুনি অপাৰ সফতা লাভ কৰাৰ যোগ আছে।

কেৰিয়াৰৰ দিশৰপৰা আপুনি নিজৰ কামবোৰ সমৰ্পিত হৈ কৰিব লাগিব। লগতে, আপুনি কোম্পানীৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰিব পাৰে যি আপোনাৰ সপোনবোৰ বাস্তৱত পৰিণত কৰিব পাৰে।

স্বাস্থ্যৰ দিশৰপৰা ফাইৱ অৱ কপচ্ কাৰ্ডখনে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল’বলৈ আৰু ভাৱনাৰ উত্থান-পতনক সন্তুলিত কৰি ৰাখিবলৈ পৰামৰ্শ দিয়ে। এই কাৰ্ডখনে কয় যে আপুনি অনুশোচনা বা কোনো বেদনা মনত লৈ আছে যাৰ প্ৰভাৱ আপোনাৰ স্বাস্থ্যৰ ওপৰত পৰিছে। এনে অৱস্থাত আপুনি কাৰোবাৰ সৈতে কথা পতা উচিত।

শুভ সংখ্যা:03

সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ

আমি আশা ৰাখিছোঁ যে আপুনি আমাৰ এই প্ৰৱন্ধটো নিশ্চয় ভাল পাইছে। এষ্ট্ৰোচেজৰ সৈতে জড়িত হৈ থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ।

সঘনাই সোধা প্ৰশ্ন

1. টেৰ’ সম্পূৰ্ণ ৰূপে অন্তৰ্জ্ঞানৰ ওপৰত নিৰ্ভৰশীল নেকি?

টেৰ’ বিভিন্ন ধৰণৰ কাৰ্ড আৰু এইবোৰৰ ভিন ভিন সঠিক অৰ্থৰ ওপৰত নিৰ্ভৰ কৰে যি জাতকক সঠিক পথৰ সন্ধান দিয়ে।

2. টেৰ’ আৰু এঞ্জেল কাৰ্ডৰ পাৰ্থক্য কি?

টেৰ’ কাৰ্ডত বিভিন্ন চিত্ৰ থাকে যি ব্যক্তিৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰক দৰ্শায় আনহাতে এঞ্জেল কাৰ্ডে কোনো বিশেষ সময়াৱধিৰ ওপৰত মনোযোগ কেন্দ্ৰিত কৰে।

3. টেৰ’ ডেকৰ কোনখন কাৰ্ড সকলোতকৈ শক্তিশালী?

টেৰ’ ডেকৰ ষ্টেংথ কাৰ্ডখনক সকলোতকৈ শক্তিশালী হিচাপে গণ্য কৰা হয়।

Astrological services for accurate answers and better feature

33% off

Dhruv Astro Software - 1 Year

'Dhruv Astro Software' brings you the most advanced astrology software features, delivered from Cloud.

Brihat Kundli
What will you get in 250+ pages Colored Brihat Kundli.
Finance
Are money matters a reason for the dark-circles under your eyes?
Ask A Question
Is there any question or problem lingering.
Career / Job
Worried about your career? don't know what is.
AstroSage Year Book
AstroSage Yearbook is a channel to fulfill your dreams and destiny.
Career Counselling
The CogniAstro Career Counselling Report is the most comprehensive report available on this topic.

Astrological remedies to get rid of your problems

Red Coral / Moonga
(3 Carat)

Ward off evil spirits and strengthen Mars.

Gemstones
Buy Genuine Gemstones at Best Prices.
Yantras
Energised Yantras for You.
Rudraksha
Original Rudraksha to Bless Your Way.
Feng Shui
Bring Good Luck to your Place with Feng Shui.
Mala
Praise the Lord with Divine Energies of Mala.
Jadi (Tree Roots)
Keep Your Place Holy with Jadi.

Buy Brihat Kundli

250+ pages

Brihat Kundli

AstroSage on MobileAll Mobile Apps

Buy Gemstones

Best quality gemstones with assurance of AstroSage.com

Buy Yantras

Take advantage of Yantra with assurance of AstroSage.com

Buy Feng Shui

Bring Good Luck to your Place with Feng Shui.from AstroSage.com

Buy Rudraksh

Best quality Rudraksh with assurance of AstroSage.com
Call NowTalk to
Astrologer
Chat NowChat with
Astrologer