টেৰ’ সাপ্তাহিক ৰাশিফল (23-29 মাৰ্চ, 2025)
পৃথিৱীৰ বহুতো জনপ্ৰিয় টেৰ’ ৰীডাৰ আৰু জ্যোতিষীসকলে বিশ্বাস কৰে যে টেৰ’ই কেৱল ব্যক্তিৰ জীৱনৰ ভৱিষ্যতবাণী কৰাই নহয় লগতে মানুহক পথ প্ৰদৰ্শনো কৰে। কোৱা হয় যে টেৰ’ কাৰ্ড নিজৰ প্ৰতিপালন কৰাৰ আৰু নিজৰ বিষয়ে জনাৰ এক মাধ্য়ম।

টেৰ’ই এই কথাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে যে আপুনি ক’ত আছিল, এতিয়া আপুনি ক’ত আছে আৰু কি স্থিতিত আছে আৰু আগন্তুক ভৱিষ্যতত আপোনাৰ সৈতে কি হ’ব পাৰে। ই আপোনাক শক্তিৰে পৰিপূৰ্ণ পৰিৱেশত প্ৰৱেশ কৰাৰ সুযোগ প্ৰদান কৰে আৰু নিজৰ ভৱিষ্যতৰ বাবে সঠিক বিকল্প বাছনি কৰাত সহায় কৰে। যিদৰে এক ভৰসাজনক পৰামৰ্শদাতাই আপোনাক নিজৰ ভিতৰলৈ জুমি চাবলৈ শিকায় সেইদৰে টেৰ’ইও আপোনাক নিজৰ আত্মাৰ সৈতে কথা পতাৰ সুযোগ দিয়ে।
আপোনাৰ এনে লাগিব পাৰে যে জীৱনৰ পথত আপুনি বিভ্ৰান্ত হৈ পৰিছে আৰু আপোনাক দিগদৰ্শন বা সহায়ৰ প্ৰয়োজন আছে। পূৰ্বতে আপুনি টেৰ’ক উপলুঙা কৰিছিল কিন্তু এতিয়া আপুনি ইয়াৰ সঠিকতাৰদ্বাৰা প্ৰভাৱিত হৈ পৰিছে অথবা আপুনি এগৰাকী জ্যোতিষী যাক মাৰ্গদৰ্শন বা দিগদৰ্শনৰ প্ৰয়োজন আছে। অথবা আপুনি নিজৰ সময় কটাবৰ বাবে কোনো নতুন চখৰ সন্ধানত আছে। এই কাৰণসমূহৰ বাবে বা অন্য কোনো কাৰণবশতঃ টেৰ’ৰ প্ৰতি মানুহৰ আগ্ৰহ যথেষ্ট বাঢ়ি গৈছে। টেৰ’ ডেকৰ78 খন কাৰ্ডৰ সহায়ত ভৱিষ্যতৰ বিষয়ে জানিব পৰা যায়। এই কাৰ্ডসমূহৰ সহায়ত আপুনি নিজৰ জীৱনৰ মাৰ্গদৰ্শন লাভ কৰিব পাৰে।
টেৰ’ৰ উৎপত্তি 15শ শতাব্দীত ইটালীত হৈছিল। আৰম্ভণিতে টেৰ’ক কেৱল মনোৰঞ্জন হিচাপে গণ্য কৰা হৈছিল আৰু ইয়াত আধ্যাত্মিক মাৰ্গদৰ্শনৰ গুৰুত্ব কম আছিল। অৱশ্যে, টেৰ’ কাৰ্ডৰ বাস্তৱিক ব্যৱহাৰ 16শ শতাব্দীত ইউৰোপত কোনো কোনো লোকৰদ্বাৰা কৰা হৈছিল যেতিয়া তেওঁলোকে জানিব পাৰিছিল যে কেনেদৰে 78খন কাৰ্ডৰ সহায়ত ভৱিষ্যতৰ বিষয়ে জানিব পৰা যায়, সেই সময়ৰপৰাই ইয়াৰ মহত্ব যথেষ্ট বৃদ্ধি পাইছিল।
টেৰ’ হৈছে এনে এক মাধ্যম যাৰ সহায়ত মানসিক আৰু আধ্যাত্মিক বিকাশ প্ৰাপ্ত কৰিব পাৰ যায়। আপুনি কোনো স্তৰত আধ্যাত্মিকতাৰ সৈতে, অলপমান নিজৰ অন্তৰাত্মাৰ সৈতে আৰু অলপমান নিজৰ অন্তৰ্জ্ঞান আৰু আত্ম-সংশোধন আনিবৰ বাবে আৰু বাহিৰৰ পৃথিৱীৰ সৈতে জড়িত হ’ব।
তেনেহ’লে আহক এই সপ্তাহৰ সাপ্তাহিক ৰাশিফল আৰম্ভ কৰোঁ আৰু 23মাৰ্চৰপৰা 29 মাৰ্চ, 2025 পৰ্য্যন্ত এই সপ্তাহটোৱে ৰাশি চক্ৰৰ 12 টা ৰাশিৰ বাবে কেনে ধৰণৰ ফলাফল লৈ আহিব সেই বিষয়ে অৱগত হওঁ।
এয়াও পঢ়ক: ৰাশিফল 2025
পৃথিৱীৰ বিদ্বান টেৰ’ ৰীডাৰসকলৰ সৈতে কল/চাট্-ত কথা পাতক আৰু জানক কেৰিয়াৰ সম্পৰ্কীয় সকলোবোৰ তথ্য
টেৰ’সাপ্তাহিক ৰাশিফল 23 মাৰ্চৰপৰা 29 মাৰ্চ, 2025: ৰাশি অনুসৰি ৰাশিফল
মেষ ৰাশি
প্ৰেম জীৱন: দ্য হাই প্ৰিষ্টেচ
আৰ্থিক জীৱন: দ্য জাজমেণ্ট
কেৰিয়াৰ: পে’জ অৱ ৱেণ্ডচ্
স্বাস্থ্য: কিং অৱ কপচ্
টেৰ’ লাভ ৰীডিঙত দ্য হাই প্ৰিষ্টেচ কাৰ্ডখনে কয় যে প্ৰেমৰ অৰ্থ ধৈৰ্য্য আৰু নিজৰ ওপৰত ভৰসা ৰখাৰ ওপৰত থাকে। আপুনি নিজৰ আৰু আনৰ সৈতে সৎ হৈ থাকক আৰু গোপনে থকা কথাবোৰ মুকলি হ’বলৈ দিয়ক। দ্য হাই প্ৰিষ্টেচ কাৰ্ডখনে সম্পৰ্কত স্পষ্টতা আৰু কৰুণাক দৰ্শায়। এই কাৰ্ডখনে প্ৰকাশ কৰে যে শক্তিশালী সম্পৰ্ক গঢ়ি তুলিবৰ বাবে সৎ পৰায়ণ হোৱাটো যথেষ্ট দৰকাৰী।
টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰিবিত্তীয় ক্ষেত্ৰত দ্য জাজমেণ্ট কাৰ্ডখনে ভাবি-চিন্তি সিদ্ধান্ত লোৱাৰ আৰু আৱেগৰ বশৱৰ্তী হৈ কাম কৰাৰ সংকেত দিয়ে। যদিহে আপুনি টকা-পইচাৰ ক্ষেত্ৰত দায়িত্বশীল আৰু সৎ তেনেহ’লে আপোনাৰ আৰ্থিক সমস্যাবোৰৰ সমাধান হ’ব। আন ভাষাত ক’ব পাৰি যে এই কাৰ্ডখনে এক নতুন আৰম্ভণি অথবা টকা-পইচা পৰিচালনা কৰাৰ নতুন প্ৰক্ৰিয়াৰ সংকেত দিয়ে।
এই কাৰ্ডখন অহাৰ অৰ্থ হৈছে যে কামত বিপদাশংকা গ্ৰহণ কৰাৰ বাবে এয়া হৈছে সঠিক সময়। অতি খৰধৰ নকৰিব আৰু সাৱধানতা অৱলম্বন কৰক। এই কাৰ্ডখনে প্ৰত্যাহ্বানৰ ইচ্ছাক সূচিত কৰে কিন্তু ইয়াৰ সম্মুখীন হ’বৰ বাবে আপুনি প্ৰস্তুত নহয়। কোনো নতুন কাম আৰম্ভ কাৰৰ পূৰ্বে আপুনি নিজকে সোধক যে আপুনি ইয়াৰ বাবে প্ৰস্তুত হয় নে নহয়। যদিহে আপুনি প্ৰস্তুত হয় তেনেহ’লে কোনো নতুন পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে আৰু নতুন কাম কৰিবৰ বাবে এয়া অনুকূল সময়।
কিং অৱ কপচ্ কাৰ্ডখন স্বাস্থ্যৰ ক্ষেত্ৰত এক ইতিবাচক সংকেত। এই কাৰ্ডখনে আৱেগিক স্বাস্থ্যক গুৰুত্ব প্ৰদান কৰে। এই কাৰ্ডখনে কয় যে আপুনি নিজৰ আৱেগিক স্থিতিৰ ওপৰত গুৰুত্ব দিয়া উচিত। যদিহে আপুনি ৰোগাক্ৰান্ত তেনেহ’লে এতিয়া আপুনি তাৰপৰা আৰোগ্য হ’ব। এই কাৰ্ডখনে আপোনাক নিজৰ প্ৰতি যত্ন ল’বৰ বাবে আৰু আৱেগিক সন্তুলনক প্ৰাথমিকতা দিবৰ বাবে কয়। ইয়াৰ ফলত আপোনাৰ সম্পূৰ্ণ স্বাস্থ্যৰ শুধৰণি হ’ব।
লাকী প্লাণ্ট: কেকটাচ
বৃষ ৰাশি
প্ৰেম জীৱন: ফাইৱ অৱ ৱেণ্ডচ্
আৰ্থিক জীৱন: ফ’ৰ অৱ পেণ্টাকলচ্
কেৰিয়াৰ: কুইন অৱ পেণ্টাকলচ্
স্বাস্থ্য: পে’জ অৱ স্ৱৰ্ডচ্
প্ৰেম জীৱনত বৃষ ৰাশি ৰ জাতকসকলে ফাইৱ অৱ ৱেণ্ডচ্ কাৰ্ড লাভ কৰিছে যাৰ মতে প্ৰকৃত জীৱনসঙ্গী লাভ কৰিবৰ বাবে আপুনি প্ৰয়াস কৰিব লাগিব। আপুনি সেইগৰাকী ব্যক্তিৰ দিশত যাব খোজে যাৰ প্ৰতি আপুনি আকৰ্ষিত। কিন্তু এয়া অনুমান কৰা হৈছে যে কেৱল আপুনিয়েই নহয় বৰঞ্চ কেইবাগৰাকীয়েও তেওঁক লাভ কৰিবৰ বাবে আশা পুহি ৰাখিছে।
বিত্তীয় জীৱনত ফ’ৰ অৱ পেণ্টাকলচ্ কাৰ্ডখনে স্থিৰতা আৰু আৰ্থিক শক্তিশালীতাক দৰ্শায়। ইয়াৰ উপৰিও এই কাৰ্ডখনে কয় যে আপুনি ধন বচাবৰ বাবে চেষ্টা কৰিছে। ইয়াৰ ভিতৰত অৱসৰপ্ৰাপ্ত জীৱনৰ বাবে ধন বেলেগকৈ ৰখা বা কোনো ডাঙৰ ক্ৰয় যেনে কাৰ বা ঘৰ ক্ৰয় কৰিবৰ বাবে ধন বচোৱাও অন্তৰ্ভুক্ত থাকিব পাৰে।
কেৰিয়াৰৰ ক্ষেত্ৰত আপুনি কুইন অৱ পেণ্টাকলচ্ কাৰ্ডখন লাভ কৰিছে যি কৰ্মক্ষেত্ৰত আপুনি কোনো অভিজ্ঞতাসম্পন্ন ব্যক্তিৰ মাৰ্গদৰ্শন লাভ কৰাৰ সংকেত প্ৰদান কৰে। এই ব্যক্তিগৰাকী আপোনাৰ ব্যৱসায়িক অংশীদাৰ, মেণ্টৰ বাব সহকৰ্মীও হ’ব পাৰে। যদিহে আপুনি এনে কোনো ব্যক্তিৰ সৈতে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে তেনেহ’লে এয়া আপোনাৰ কেৰিয়াৰৰ বাবে যথেষ্ট ফলদায়ক প্ৰমাণিত হ’ব। যদিহে তেওঁ আপোনাক কোনো পৰামৰ্শ দিছে তেনেহ’লে সেয়া শুনক আৰু মানি চলক কাৰণ ই আপোনাৰ লক্ষ্যত উপনীত হ’বৰ বাবে সহায়ক প্ৰমাণিত হ’ব।
স্বাস্থ্যৰ ক্ষেত্ৰত ক’ব পাৰি যে আপোনাৰ বাবে পে’জ অৱ স্ৱৰ্ডচ্ কাৰ্ডখনে এয়া কয় যে এই জাতকসকলে নিজৰ জীৱনত যিবোৰ মানসিক সমস্যাৰ সম্মুখীন হৈ আছিল সেইবোৰৰ সম্মুখীন হৈ এতিয়া তাৰপৰা ওলাই আহিবলৈ সক্ষম হ’ব। এই সময়ছোৱাত আপুনি পুৰণি ৰোগ বা আঘাতৰপৰা মুক্তি পাব। অৱশ্যে, নিজৰ ওপৰত কোনো প্ৰকাৰৰ াপ প্ৰয়োগ নকৰিব, বৰঞ্চ লাহে ধীৰে আগবাঢ়ক।
লাকী প্লাণ্ট : ছুইচ চীজ প্লাণ্ট
বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ
মিথুন ৰাশি
প্ৰেম জীৱন: দ্য এম্পেৰৰ
আৰ্থিক জীৱন: পে’জ অৱ কপচ্
কেৰিয়াৰ: দ্য মেজিচিয়ান
স্বাস্থ্য: পে’জ অৱ ৱেণ্ডচ্
মিথুন ৰাশি ৰ জাতকসকলে প্ৰেম জীৱনত প্ৰাপ্ত কৰা দ্য এম্পেৰৰ কাৰ্ডখনে প্ৰকাশ কৰিছে যে আপুনি জীৱনসঙ্গীৰপৰা দূৰত থাকিব পাৰে কিন্তু আপোনাৰ তেওঁৰ সৈতে সম্পৰ্ক শক্তিশালী হ’ব। লগতে, তেওঁ আপোনাৰ প্ৰতি অত্যন্ত সুৰক্ষাত্মক হব। অৱস্যে, আপুনি অতিসংবেদনশীল হোৱাটো পৰিহাৰ কৰিব লাগিব কাৰণ ই সম্পৰ্কক দুৰ্বল কৰি তুলিব পাৰে আৰু এনে অৱস্থাত আপোনাৰ সঙ্গীয়ে নিজৰ ভাৱনা আপোনাৰপৰা লুকুওৱাটো অধিক ভাল হ’ব বুলি ভাবিব। ইয়াৰ উপৰিও দ্য এম্পেৰৰ কাৰ্ডখনে নিৰন্তৰতা, সমৰ্পণ আৰু জাজমেণ্টক দৰ্শায়।
আৰ্থিক জীৱনত পে’জ অৱ কপচ্ কাৰ্ডখনে প্ৰকাশ কৰে যে কোনো শুভ বাৰ্তা আহিব পাৰে। কিন্তু তথাপিও আপুনি ধনৰ সৈতে জড়িত ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু আৰ্থিক ক্ষেত্ৰৰ সৈতে জড়িত সিদ্ধান্ত খৰধৰকৈ লোৱাটো উচিত নহ’ব। লগতে, এই সময়খিনিত আপুনি বিপদাশংকা থকা ঠাইত ধন বিনিয়োগ কৰাটো উচিত নহ’ব আৰু যিকোনো ক্ৰয় বা বিনিয়োগৰ পূৰ্বে যথেষ্ট চিন্তা-ভাৱনা কৰক। অৱশ্যে, যদিহে আপুনি পৰিকল্পনা প্ৰস্তুত কৰি চলে আৰু সঠিক সিদ্ধান্ত লয়, তেতিয়া আপুনি ইতিবাচক ফল প্ৰাপ্ত কৰিব পাৰিব।
টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰিকেৰিয়াৰৰ ক্ষেত্ৰত দ্য মেজিচিয়ান কাৰ্ডখনক ইতিবাচক বুলি ক’ব পৰা যায় কাৰণ এই কাৰ্ডখনে আপোনাৰ বাবে চাকৰিৰ ক্ষেত্ৰত সফলতা আৰু উপাৰ্জন বৃদ্ধিৰ সুযোগ লৈ আহিব পাৰে। আনফালে, এই কাৰ্ডখনে কয় যে আপুনি নিজৰ চিন্তা-ধাৰণা আৰু দক্ষতাৰ সম্পূৰ্ণৰূপে প্ৰয়োগ কৰা নাই।
স্বাস্থ্যৰ দিশত পে’জ অৱ ৱেণ্ডচ্ কাৰ্ডখনে প্ৰকাশ কৰে যে আপুনি শাৰীৰিকভাৱে সক্ৰিয় হৈ থকাৰ লগতে নিজৰ দৃষ্টিভংগীও ইতিবাচক কৰি ৰাখিব লাগিব। এই কাৰ্ডখনে বিকাশ আৰু প্ৰগতিৰ সময়ক প্ৰতিনিধিত্ব কৰে যি নিজকে স্বাস্থ্যৱান কৰি ৰাখিবৰ বাবে এক নিয়মিত দিনচৰ্য্যা, স্বাস্থ্যকৰ খোৱা-বোৱাৰ অভ্যাস বা ধৰ্মীয় কাৰ্য্যকলাপত ভাগ লোৱাৰ সৈতে সম্বন্ধিত।
লাকী প্লাণ্ট : পেপৰ’মিয়া
কৰ্কট ৰাশি
প্ৰেম জীৱন: নাইন অৱ পেণ্টাকলচ্
আৰ্থিক জীৱন: এট অৱ স্ৱৰডচ্
কেৰিয়াৰ: দ্য টাৱাৰ (ৰিভাৰ্চড্)
স্বাস্থ্য: দ্য মেজিচিয়ান
আপুনি এই কথা মনত ৰাখক যে এতিয়া আপোনাৰ ওচৰত যি আছে তাৰ বাবে আপুনি কৃতজ্ঞ হৈ থকা উচিত। আপোনাক আনে অধিক আকৰ্ষণীয় অনুভৱ কৰিব পাৰে সেয়েহে আপোনাৰ হ’বলগীয়া সঙ্গীয়ে এয়া চেষ্টা কৰা উচিত যে তেওঁ এই আনন্দ হ্ৰাস কৰাৰ সলনি বৃদ্ধি কৰাহে উচিত। যিসকল জাতক প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ অনুভৱ হ’ব পাৰে যে প্ৰতিগৰাকী ব্যক্তিৰে নিজৰ উপলব্ধি, কাম, আগ্ৰহ আৰু সামাজিক জীৱন থাকিব পাৰে। আপোনালোক দুয়োৰে মাজত প্ৰেম আৰু স্বতন্ত্ৰতাৰ ভাল সন্তুলন নিৰ্মাণ হৈ আছে। এই কাৰ্ডখনে কেতিয়াবা এই কথাৰো সংকেত প্ৰদান কৰে যে আপুনি আৰু আপোনাৰ সঙ্গীয়ে মিলি ঘৰৰ মেৰামতি কৰিব পাৰে আৰু সেই ঘৰটোক নিজৰ ঘৰ হিচাপে গঢ়ি তুলিছে।
আৰ্থিক জীৱনত মেষ ৰাশিৰ জাতকসকলে এট অৱ স্ৱৰ্ডচা কাৰ্ড প্ৰাপ্ত কৰিছে যি প্ৰকাশ কৰে যে আপুনি নিজৰ বৰ্তমান স্থিতিৰ বাবে চিন্তিত বা সংকট অনুভৱ কৰিছে কিন্তু আপোনাক জনাব বিচাৰিছোঁ যে দৰাচলতে এনে একো চিন্তনীয় নহয় যেনেদৰে আপুনি ভাবি আছে। যদিহে আপুনি আয় বৃদ্ধি কৰিব বিচাৰে তেনেহ’লে আপুনি সৃষ্টিশীল আৰু কিছু ভিন্ন চিন্তা কৰাৰ প্ৰয়োজন আছে।
আৰ্থিক দিশৰ ক্ষেত্ৰত দ্য টাৱাৰ কাৰ্ডখনে প্ৰকাশ কৰে যে আপুনি কৰ্মক্ষেত্ৰত চাপপূৰ্ণ পৰিস্থিতিসমূহ চম্ভালিবলৈ সক্ষম হ’ব। উদাহৰণস্বৰূপে, যদিহে আপোনাৰ কোম্পানীৰ কিছুমান লোকৰ চাকৰি গৈছে তেনেহ’লে ক’ব পাৰি যে আপুনি সেইসকল লোকৰ মাজত আছে যাৰ চাকৰি বাচিছে। এয়া সকাহৰ কথা হ’ব পাৰে অথবা আপোনাক নিজৰ চাকৰিত সন্তুষ্ট হোৱাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিব পাৰে। কেতিয়াবা কেতিয়াবা দ্য টাৱাৰ কাৰ্ডখনে আমাক নিষ্ক্ৰিয়তাৰপৰা বাহিৰলৈ আহিবলৈ আৰু আমাৰ চাকৰিৰ সুবিধাবোৰ ত্যাগ কৰিবলৈ অনুপ্ৰেৰণাৰ সন্ধান কৰিবৰ বাবে কয়।
স্বাস্থ্য ৰীডিঙত দ্য মেজিচিয়ান কাৰ্ডখনে আপোনাৰ স্বাস্থ্যৰ প্ৰতি সক্ৰিয় দৃষ্টিকোণ ৰাখিবৰ বাবে আৰু শৰীৰক নিজে নিজে ঠিক কৰাৰ ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখিবলৈ কয়। দ্য মেজিচিয়ান কাৰ্ডখনে কয় যে আপুনি নিজৰ স্বাস্থ্যৰ দায়িত্ব ল’বৰ বাবে, ইতিবাচক পৰিৱৰ্তন আনিবৰ বাবে আৰু উপচাৰৰ বাবে নিজৰ আন্তৰিক শক্তিৰ প্ৰয়োগ কৰিবলৈ সক্ষম।
লাকী প্লাণ্ট: ৱাটাৰ লিলি
পাওক আপোনাৰ কুণ্ডলী আধাৰিত সঠিক শনি প্ৰতিৱেদন
সিংহ ৰাশি
প্ৰেম জীৱন: টেন অৱ পেণ্টাকলচ্
আৰ্থিক জীৱন: টু অৱ পেণ্টাকলচ্
কেৰিয়াৰ: হুইল অৱ ফৰচ্যুন
স্বাস্থ্য: পে’জ অৱ পেণ্টাকলচ্
প্ৰেম জীৱনত টেন অৱ পেণ্টাকলচ্ কাৰ্ডখনে সমৰ্পণক দৰ্শায়। ইয়াৰ উপৰিও এই কাৰ্ডখনে এই কথাৰো সংকেত দিয়ে যে আপুনি আৰু আপোনাৰ সঙ্গীয়ে পৰিয়াল আৰম্ভ কৰি আপোনালোকৰ সম্পৰ্কক আগবঢ়াই নিবৰ বাবে প্ৰস্তুত।
টু অৱ পেণ্টাকলচ্ কাৰ্ডখনে ভৱিষ্যতবাণী কৰিছে যে এই জাতকসকলে নিজৰ বিলসমূহ পৰিশোধ কৰিবৰ বাবে যথেষ্ট কষ্ট কৰিছে। অৱশ্যে, এই সপ্তাহত আপুনি ধনৰ সৈতে জড়িত কিছুমান সমস্যাৰো সম্মুখীন হ’ব পাৰে। লগতে, আপোনাৰ সম্মুখলৈ এনে স্থিতি আহিব পাৰে য’ত আপুনি ধনৰ সৈতে জড়িত ক্ষেত্ৰত কোনো দুটা গুৰুত্বপূৰ্ণ বস্তুৰ মাজত যিকোনো এটাৰ বাছনি কৰিবলগীয়া হ’ব পাৰে। এই সময়খিনিত আপুনি অস্থিৰ অনুভৱ কৰিব পাৰে।
কেৰিয়াৰৰ ক্ষেত্ৰত দেখা গৈছে যে হুইল অৱ ফৰচ্যুন কাৰ্ডখনে আপোনাৰ বাবে চাকৰিৰ সুযোগ লৈ আহিব পাৰে যেনে আপুনি নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে অথবা আপুনি কেৰিয়াৰৰ পৰিৱৰ্তন কৰিব পাৰে। ইয়াৰ উপৰিও, এই কাৰ্ডখনে সংকেত দিয়ে যে পৰিস্থিতি আপোনাৰ পক্ষত থাকিব।
স্বাস্থ্যৰ ক্ষেত্ৰত ক’ব পৰা যায় যে এই সপ্তাহত আপোনাক প্ৰাণোচ্ছল আৰু স্বাস্থ্যৱান দেখা যাব। অৱশ্যে, ইয়াৰ কাৰণ আপোনাৰদ্বাৰা আলপতে আৰম্ভ কৰা এক্সাৰটাইজ হ’ব পাৰে।
লাকী প্লাণ্ট: বাৰ্ড অৱ পেৰেডাইজ
কন্যা ৰাশি
প্ৰেম জীৱন: এচ অৱ ৱেণ্ডচ্
আৰ্থিক জীৱন: ফ’ৰ অৱ কপচ্
কেৰিয়াৰ: নাইন অৱ পেণ্টাকলচ্
স্বাস্থ্য: দ্য চান
কন্যা ৰাশি ৰ জাতকসকলৰ বাবে এই সপ্তাহটো নতুন আৰম্ভণি কৰিবৰ দৃষ্টিৰে ভাল হ’ব যেনে বিবাহ, আঙুঠি পিন্ধোৱা বা পৰিয়াল ইত্যাদি। লগতে, এই সময়ছোৱাত এই ৰাশিৰ চিংগল জাতকসকলক বিপদাশংকা গ্ৰহণ কৰি সেই ব্যক্তিগৰাকীৰ সম্মুখত নিজৰ ভাৱনা ব্যক্ত কৰিবলৈ কোৱা হৈছে যাক আপুনি পছন্দ কৰে।
আৰ্থিক জীৱনত ফ’ৰ অৱ পেণ্টাকলচ্ (ৰিভাৰ্চড) কাৰডখনে ধন আৰু কেৰিয়াৰক লৈ মনোযোগ আৰু জেদৰ সংকেত দিয়ে। এই সময়ছোৱাত আপুনি পাৰ হৈ যোৱা সময়ত পোৱা অসন্তুষ্টিৰপৰা আগবাঢ়িব পৰাৰ সম্ভাৱনা আছে। লগতে, আপুনি আৰ্থিক স্থিতিৰ লগতে বৃত্তিগত জীৱনটোও উন্নত কৰিবৰ বাবে প্ৰয়াস কৰা দেখা যাব।
নাইন অৱ পেণ্টাকলচ্ কাৰ্ডখনে ভৱিষ্যতবাণী কৰে যে এই সপ্তাহত আপুনি সমৃদ্ধি, সফতা আৰু আৰ্থিকভাৱে শক্তিশালী হ’ব পাৰিব। এই কাৰ্ডখনে কয় যে আপুনি নিজৰ চাকৰিত যথেষ্ট উন্নতি প্ৰাপ্ত কৰিছে আৰু এনে অৱস্থাত, আপুনি বহুতো পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হ’ব। এতিয়া সময় আহি পৰিছে য’ত আপুনি নিজৰ কষ্টৰ ফল প্ৰাপ্ত কৰিব আৰু আপুনি সফলতাৰ আনন্দ উপভোগ কৰা দেখা যাব।
স্বাস্থ্যৰ ক্ষেত্ৰত দেখা যায় যে দ্য চান কাৰ্ডখন প্ৰাপ্ত হৈছে যাক আপোনাৰ বাবে শুভ বুলি ক’ব পৰা যাব কাৰণ এই কাৰ্ডখনে সৌহাৰ্দ্য, ভাল স্বাস্থ্য আৰু জীৱনশক্তিৰ প্ৰতিনিধিত্ব কৰে। এই সপ্তাহত আপুনি ব্যক্তিগত জীৱনৰ লগতে ধৰ্মীয় ক্ষেত্ৰতো উন্নতি লাভ কৰিব পাৰিব।
লাকী প্লাণ্ট: ৰবৰ প্লাণ্ট
তুলা ৰাশি
প্ৰেম জীৱন: টু অৱ কপচ্
আৰ্থিক জীৱন: ফাইৱ অৱ পেণ্টাকলচ্ (ৰিভাৰ্চড)
কেৰিয়াৰ: নাইন অৱ কপচ্
স্বাস্থ্য: নাইট অৱ ৱেণ্ডচ্
টেৰ’ সাপ্তাহিক ৰাশিফল অনুসৰি টু অৱ কপচ কাৰ্ডখনে জীৱনসঙ্গী আৰু আপোনাৰ মাজৰ শক্তিশালী আৱেগিক সম্পৰ্কক দৰ্শায়। আপুনি বৈবাহিক জীৱনৰ আনন্দ লৈ আছে আৰু আপোনাৰ সঙ্গীয়ে আপোনাৰ যথেষ্ট যত্ন লৈছে। চিংগল জাতকসকলৰ বাবে এয়া হৈছে আনন্দৰ সময় কাৰণ কোনো বিশেষ ব্যক্তি আপোনাৰ জীৱনলৈ আহিব পাৰে।
ফাইৱ অৱ পেণ্টাকলচ্ কাৰ্ডখনে কয় যে এই সময়খিনিত বিত্তীয় জীৱনত আপুনি আশাৰ ৰেঙণি লাভ কৰিব। আপোনাৰ আৰ্থিক স্থিতি ভাল হ’ব আৰু আপুনি পৰিস্থিতিবোৰ ঠিক কৰিবলৈ তথা নিজৰ ধন ভালদৰে পৰিচালনা কৰিবলৈ সক্ষম হ’ব। আপুনি কোনো আৰ্থিক লোকচান বা সংকটৰপৰা সকাহ পাব পাৰে।
কেৰিয়াৰৰ ৰীডিঙত নাইন অৱ কপচ্ কাৰ্ডখনে কয় যে আপোনাৰ ইচ্ছা পূৰণ হ’বলৈ গৈ আছে। যদিহে আপুনি পদোন্নতিৰ বাবে অপেক্ষা কৰি আছে তেনেহ’লে আপুনি এতিয়া সেয়া লাভ কৰিব। এই সময়ছোৱাত আপুনি কেৰিয়াৰৰ ক্ষেত্ৰত নতুন আৰু উন্নত সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। আপুনি নিজৰ কেৰিয়াৰত উৎকৃষ্টতা প্ৰাপ্ত কৰিব।
নাইট অৱ ৱেণ্ডচ্ কাৰ্ডখনে আপোনাৰ বাবে উত্তম স্বাস্থ্যৰ সংকেত দিছে। আপুনি উৎসাহ আৰু উদ্যমেৰে পৰিপূৰ্ণ হৈ থাকিব। ই ভালল স্বাস্থ্যৰ বাবে এক অত্যন্ত ভাল সংকেত। অৱশ্যে, আপোনাক ফ্লু আৰু জ্বৰৰপৰা সাৱধান হ’বলৈ পৰামৰ্শ দিয়া হৈছে।
লাকী প্লাণ্ট: ব্ৰমেলিয়াড
বৃশ্চিক ৰাশি
প্ৰেম জীৱন: টু অৱ ৱেণ্ডচ্
আৰ্থিক জীৱন: পে’জ অৱ ৱেণ্ডচ্
কেৰিয়াৰ: নািট অৱ পেণ্টাকলচ্
স্বাস্থ্য: দ্য লাভাৰ্চ
বৃশ্চিক ৰাশি ৰ জাতকসকলে প্ৰেম জীৱনত টু অৱ ৱেণ্ডচ্ কাৰ্ড লাভ কৰিছে যাৰ মতে আপুনি বৰ্তমান কোনো সম্পৰ্কত নাই আৰু এনেদৰেই আগবাঢ়িব বিচাৰে। এই সময়খিনিত জীৱনত আপুনি আন দিশবোৰক অধিক গুৰুত্বপূৰ্ণ বুলি ভাবিছে। যদিহে আপুনি পূৰ্বৰেপৰাই কাৰোবাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে তেনেহ’লে এই কাৰ্ডখনৰ মতে আপুনি জীৱনৰ এক নতুন অধ্যায়ৰ আৰম্ভণি কৰিব পাৰে। আপুনি ভৱিষ্যতক লৈও চিন্তিত হ’ব পাৰে। অৱশ্যে, সকলোবোৰ ভালদৰে হৈ যাব।
বিত্তীয় জীৱনত বৃশ্চিক ৰাশিৰ জাতকসকলে পে’জ অৱ ৱেণ্ডচ্ কাৰ্ডখন লাভ কৰিছে যি কয় যে এই সপ্তাহত আপুনি এই সপ্তাহত নিজৰ সকলোবোৰ আৰ্থিক প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সক্ষম হ’ব। অৱশ্যে, আশা কৰাতকৈ সঞ্চয় কিছু কম হ’ব পাৰে। আপুনি এতিয়া কেৰিয়াৰত নতুন হৈ আছে সেয়েহে আপোনাৰ উপাৰ্জনো কিছু কম। তথাপিও আৰ্থিকভাৱে সমৃদ্ধ হ’বৰ বাবে আপুনি পৰিপক্কভাৱে সঞ্চয় আৰু বিনিয়োগ কৰাৰ প্ৰয়োজন আছে।
কেৰিয়াৰৰ দিশত নাইট অৱ পেণ্টাকলচ্ কাৰ্ডখনে নতুন ভূমিকা বা পদ আৰু দায়িত্ব লাভ কৰাৰ ইংগিত দিয়ে। যদিহে আপুনি চাকৰি সলনি কৰাৰ কথা ভাবি আছে, তেনেহ’লে ইয়াৰ বাবে এই সময়খিনি অনুকূল হ’ব কাৰণ এইখিনি সময়ত আপুনি ভাল আৰু উন্নত প্ৰস্তাৱ লাভ কৰিব পাৰে।
টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰিস্বাস্থ্য ৰীডিঙত দ্য লাভাৰ্চ কাৰ্ডখনে ভাল স্বাস্থ্য আৰু প্ৰেম লাভ কৰাৰ সংকেত দিয়ে। এই সপ্তাহত আপুনি প্ৰেম আৰু পৰিয়ালৰদ্বাৰা আবৃত হৈ থাকিব। এই সময়খিনিত আপোনাৰ স্বাস্থ্য উত্তম হ’ব।
লাকী প্লাণ্ট: মাৰন্তা
কেৰিয়াৰক লৈ হৈ আঠে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন
ধনু ৰাশি
প্ৰেম জীৱন: পে’জ অৱ ৱেণ্ডচ্
আৰ্থিক জীৱন: দ্য ডেভিল (ৰিভাৰ্চড)
কেৰিয়াৰ: দ্য টেম্পেৰেন্স (ৰিভাৰ্চড)
স্বাস্থ্য: থ্ৰী অৱ স্ৱৰডচ্ (ৰিভাৰ্চড)
ধনু ৰাশি ৰ জাতকসকলে প্ৰেম জীৱনত পে’জ অৱ ৱেণ্ডচ্ কাৰ্ডখন লাভ কৰিছে আৰু এই কাৰ্ডখনে সূচিত কৰে যে যদিহে আপুনি চিংগল তেনেহ’লে আপুনি নতুন নতুন মানুহ লগ পাব আৰু এক নতুন যাত্ৰাৰ আৰম্ভণি কৰিবৰ বাবে উৎসুক হৈ থাকিব। এনে পৰিস্থিতিত, এই সময়ছোৱা আপোনাৰ বাবে সন্তুষ্টিজনক প্ৰমাণিত হ’ব। অৱশ্যে, যদিহে আপুনি কাৰোবাৰ সৈতে দীৰ্ঘদিন ধৰি চলা সম্পৰ্কলৈ আহিব বিচাৰে তেনেহ’লে ই আপোনাৰ বাবে সমস্যা হৈ উঠিব পাৰে। এই সময়ছোৱাত প্ৰেমিক যোৰাবোৰে নতুন নতুন বস্তু আঁকোৱালি ল’ব আৰু নতুন বস্তু শিকিব পাৰিব।
আৰ্থিক জীৱনত দ্য ডেভিল (ৰিভাৰ্চড্) কাৰ্ডখনে আপোনাক ধনৰ সৈতে জড়িত আঁচনিসমূহ সাৱধানতাৰে নিৰ্মাণ কৰাৰ লগতে অযথা ব্যয় নকৰিবলৈ পৰামৰ্শ দিছে। এনে অৱস্থাত, এই জাতকসকলে ঋণ পৰিশোধ কৰিবৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰি চলিব লাগিব। লগতে, পূৰ্বৰ ভুলৰপৰাও শিকিব লাগিব। অৱশ্যে, আপুনি সতৰ্ক হৈ থাকক কাৰণ এই সপ্তাহত আপোনাক আৰ্থিক সমস্যাই আমনি দিব পাৰে আৰু আৰ্থিক সংকট হ’ব পাৰে।
টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰিকেৰিয়াৰৰ ক্ষেত্ৰত দ্য টেম্পেৰেন্স (ৰিভাৰ্চড্) কাৰ্ডখন অহাটোৱে চাকৰিত অসন্তুলন বা সমস্যাৰ সংকেত প্ৰদান কৰে। এই লোকসকলে কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে বিবাদৰ সম্মুখীন হ’ব পাৰে যাৰ কাৰণ আপোনাৰ প্ৰয়োজনতকৈ অধিক কাম কৰা বা বেয়া প্ৰদৰ্শন হ’ব পাৰে। এনে পৰিস্থিতিত, আপুনি শান্ত হৈ থাকি পৰিস্থিতিৰ বিষয়ে চিন্তা কৰি পুণৰ নিজৰ ক্ষমতা অনুসাৰে কাম কৰা উচিত।
স্বাস্থ্য় ৰীডিঙত থ্ৰী অৱ স্ৱৰডচ্ কাৰ্ডখনে প্ৰকাশ কৰে যে আপোনাৰ আৰোগ্য হোৱাৰ সময় আহি পৰিছে। যিবোৰ স্বাস্থ্যজনিত সমস্যা আছিল এতিয়া সেইবোৰ নিশ্চিতভাৱে ঠিক হ’ব।
লাকী প্লাণ্ট: মানষ্টেৰা ডেলিচিঅ’সা
মকৰ ৰাশি
প্ৰেম জীৱন: দ্য এম্প্ৰেচ
আৰ্থিক জীৱন: দ্য ষ্টাৰ
কেৰিয়াৰ: থ্ৰী অৱ পেণ্টাকলচ্
স্বাস্থ্য: ষ্টেংথ্ (ৰিভাৰ্চড)
মকৰ ৰাশি ৰ যিসকল জাতক পূৰ্বৰেপৰাই সম্পৰ্কত আছে, তেওঁলোকৰ বাবে দ্য এম্প্ৰেচ কাৰ্ডখনে এক সমৰ্পিত আৰু প্ৰেমময় সম্পৰ্কৰ ইংগিত দিয়ে। লগতে, এই কাৰ্ডখনে সফল সম্পৰ্কক দৰ্শায়। এই ৰাশিৰ লোকসকলে ৰোমাণ্টিক সময়ৰ আনন্দ উপভোগ কৰা দেখা যাব। আনহাতে, এই ৰাশিৰ মহিলাই গৰ্ভধাৰণ কৰিব পাৰে।
দ্য ষ্টাৰ কাৰ্ডখনে ভৱিষ্যতবাণী কৰে যে যিসকল জাতকে আৰ্থিক সমস্যাৰ সম্মুখীন হৈ আছে তেওঁলোকে এতিয়া বাধাসমূহ নিয়ন্ত্ৰণলৈ আনিব পাৰিব। লগতে, এই সপ্তাহত আপোনাৰ ধন সঠিক কাৰ্য্যত প্ৰয়োগ হ’ব আৰু এনে অৱস্থাত, এই সময়খিনি ধনৰ বিনিয়োগৰ বাবে অনুকূল হ’ব।
কেৰিয়াৰৰ ক্ষেত্ৰত থ্ৰী অৱ পেণ্টাকলচ্ কাৰ্ডখনে কাৰ্য্যত সমৰ্পণ আৰু দৃঢ়তাক প্ৰতিনিধিত্ব কৰে। আপুনি চাকৰিয়েই কৰক বা ব্যৱসায়েই কৰক, আপুনি দুয়োটাতেই কঠোৰ পৰিশ্ৰম কৰিব। এনে স্থিতিত, আপুনি সফলতা প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব।
স্বাস্থ্যৰ দিশত দ্য ষ্ট্ৰেংথ (ৰিভাৰ্চড্) কাৰ্ডখনে বেয়া অভ্যাস আৰু আত্ম-নিয়ন্ত্ৰণৰ অভাৱৰ ইংগিত দিয়ে য়াৰ ফলস্বৰূপে আপুনি শাৰীৰিক আৰু মানসিক সমস্যাৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে।
লাকী প্লাণ্ট: স্নেক প্লাণ্ট
কুম্ভ ৰাশি
প্ৰেম জীৱন: টু অৱ স্ৱৰডচ্
আৰ্থিক জীৱন: এট অৱ স্ৱৰডচ্
কেৰিয়াৰ: ফ’ৰ অৱ ৱেণ্ডচ্
স্বাস্থ্য: ফাইৱ অৱ স্ৱৰডচ্
কুম্ভ ৰাশি ৰ জাতকসকলে প্ৰেম জীৱনত টু অৱ স্ৱৰডচ্ কাৰ্ড লাভ কৰিছে। এই কাৰ্ডখনে ভৱিষ্যতবাণী কৰিছে যে যদিহে আপুনি চিংগল, তেনেহ’লে আপুনি ৰোমাণ্টিক জীৱনৰ আনন্দ উপভোগ কৰিব নোৱাৰিব পাৰে। লগতে, আপুনি প্ৰেমৰ প্ৰস্তাৱৰ মাজৰপৰা কোনো এটা বাছনি কৰিব লাগিব। এনে স্থিতিত, আপুনি সিদ্ধান্ত গ্ৰহণ কৰাৰপৰা বিৰত থকাৰ পথো বাছনি কৰিব পাৰে।
আৰ্থিক জীৱনত এট অৱ স্ৱৰডচ্ কাৰ্ডখনে কয় যে এই জাতকসকল ধনৰ সৈতে জড়িত বিষয়ত বা কোনো আৰ্থিক সমস্যাত ফঁচি আছে। অৱশ্যে, এই কাৰ্ডে এই কথাৰো সংকেত দিয়ে যে আপোনাৰ আৰ্থিক জীৱনৰ লেকাম এতিয়া আপোনাৰ হাতত আছে।
কেৰিয়াৰ ৰীডিঙতটেৰ’সাপ্তাহিক ৰাশিফল অনুসৰিফ’ৰ অৱ ৱেণ্ডচ্ কাৰ্ডখনে প্ৰকাশ কৰে যে আপোনাৰ পদোন্নতি বা উচ্চ লাভ প্ৰাপ্তিৰ সম্ভাৱান আছে। এই সময়ত আপুনি এনে সুযোগ লাভ কৰিব যি আপোনাৰ কেৰিয়াৰক সঠিক দিশলৈ লৈ যাব। আপোনাৰ জেষ্ঠ্য বিষয়াই আপোনাৰ প্ৰশংসা কৰিব।
স্বাস্থ্য ৰীডিঙত ফ’ৰ অৱ স্ৱৰডচ্ কাৰ্ডখনৰ মতে আপোনাৰ কোনো পুৰণি ৰোগ বা আঘাত পুণৰ উক দিব পাৰে। ইয়াৰ ফলস্বৰূপে আপোনাৰ উদ্যম হ্ৰাস পাব পাৰে অথবা আপুনি কিছু সেমেকি পৰিব পাৰে। কিন্তু যদিহে আপুনি সঠিক সময়ত চিকিৎসা কৰে তেনেহ’লে আপুনি শীঘ্ৰেই ভাল হৈ যাব। স্বাস্থঅযৰ যত্ন লওক আৰু ভাল চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।
লাকী প্লাণ্ট: মানী প্লাণ্ট
মীন ৰাশি
প্ৰেম জীৱন: পে’জ অৱ ৱেণ্ডচ্
আৰ্থিক জীৱন: দ্য হাৰ্মিট
কেৰিয়াৰ: থ্ৰী অৱ ৱেণ্ডচ্
স্বাস্থ্য: চিক্স অৱ স্ৱৰডচ্ (ৰিভাৰ্চড)
মীন ৰাশি ৰ জাতকসকলে প্ৰেম জীৱনত পে’জ অৱ ৱেণ্ড কাৰ্ডখন প্ৰাপ্ত কৰিছে যিখন তেওঁলোকৰ বাবে যথেষ্ট শুভ। যিসকল জাতক পূৰ্বৰেপৰাই সম্পৰ্কত আছে তেওঁলোকে এই সময়ছোৱাত প্ৰস্তাৱ লাভ কৰিব পাৰে। লগতে, এই সময়ছোৱাই আপোনাক নিজৰ ভাৱনাসমূহ স্বীকাৰ কৰাৰ লগতে খোলা মনেৰে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ অনুপ্ৰাণিত কৰিব।
বিত্তৰ ক্ষেত্ৰত, দ্য হাৰ্মিট কাৰ্ডখন প্ৰাপ্ত হৈছে যাৰ মতে আপুনি আৰ্থিক বিষয়সমূহ নিজে চম্ভালি লৈছে। আপুনি আৰ্থিকভাৱে শক্তিশালী হোৱাত মনোযোগ কেন্দ্ৰিত কৰিছে। আপুনি শীঘ্ৰেই আৰু নিজে আশা কৰা মতে ফল লাভ নকৰিব পাৰে। কিন্তু আপুনি ভাল কাম কৰি যাওক কাৰণ আপুনি নিজৰ প্ৰয়াসৰ ফলাফল প্ৰাপ্ত কৰিবই।
টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰিকেৰিয়াৰ টেৰ’ ৰীডিঙত থ্ৰী অৱ ৱেণ্ডচ্ কাৰ্ডখনে জীৱনৰ সকলোবোৰ ক্ষেত্ৰত নতুন অভিজ্ঞতা আৰু অনুসন্ধানক সূচিত কৰে। এই কথা কেৰিয়াৰৰ ক্ষেত্ৰত প্ৰযোজ্য হয়। এই সময়খিনিত আপুনি নিজৰ বৃত্তিত নতুন সুযোগৰ সন্ধান লাভ কৰিব পাৰে। ইয়াৰ ভিতৰত বিদেশত কেৰিয়াৰ আৰম্ভ কৰা বা ব্যৱসায়িক যাত্ৰা অন্তৰ্ভউক্ত হ’ব পাৰে, যাৰ বাবে আপুনি সাধাৰণতে অনুপ্ৰাণিত অনুভৱ নকৰে।
স্বাস্থ্যৰ ক্ষেত্ৰত চিক্স অৱ স্ৱৰডচ্ কাৰ্ডখনে প্ৰকাশ কৰে যে এই সপ্তাহত আপোনাৰ কোনো দীৰ্ঘকালীন ৰোগ হ’ব পাৰে অথবা কোনো পুৰণি ৰোগে উক দিব পাৰে। অৱশ্যে, যদিহে আপুনি সাৱধানতা অৱলম্বন কৰে তেনেহ’লে আপুনি বেমাৰৰ সৈতে যুঁজ দিবলৈ সক্ষম হ’ব।
লাকী প্লাণ্ট: যেদ
সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ
আমি আশা ৰাখিছোঁ যে আপুনি আমাৰ এই প্ৰৱন্ধটো নিশ্চয় ভাল পাইছে। এষ্ট্ৰোচেজৰ সৈতে জড়িত হৈ থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ।
সঘনাই সোধা প্ৰশ্ন
1. টেৰ’ ৰীডিঙৰ উদ্দেশ্য কি?
টেৰ’ হৈছে দিব্য জ্ঞান প্ৰাপ্তিৰ সাধন যাৰ আৱিষ্কাৰ মানুহৰ জীৱনৰ মাৰ্গদৰ্শন কৰিবৰ বাবে হৈছিল।
2. টেৰ’ ক’ৰ্চ উপলব্ধ হয় নে?
অনলাইন আৰু অফলাইন বহুতো ক’ৰ্চ আছে।
3. টেৰ’ ৰীডাৰ হ’বৰ বাবে কোনো বিশেষ ডিগ্ৰী ল’ব লাগে নেকি?
চৰ্ট চাৰ্টিফিকেশ্যন ক’ৰ্চৰদ্বাৰা টেৰ’ ৰীডাৰ হ’ব পৰা যায়।
Astrological services for accurate answers and better feature
Astrological remedies to get rid of your problems

AstroSage on MobileAll Mobile Apps
- August 2025 Monthly: List Of Major Fasts And Festivals This Month
- Mars Transit in Virgo: Fortune Ignites For 3 Lucky Zodiac Signs!
- August 2025 Numerology Monthly Horoscope: Lucky Zodiacs
- Saturn Retrograde in Pisces: Karmic Rewards Awaits 3 Lucky Zodiac Signs!
- Venus Transit July 2025: 3 Zodiac Signs Set To Shine Bright!
- A Tarot Journey Through August: What Lies Ahead For All 12 Zodiacs!
- Rahu Transit May 2025: Surge Of Monetary Gains & Success For 3 Lucky Zodiacs!
- August 2025 Planetary Transits: Favors & Cheers For 4 Zodiac Signs!
- Nag Panchami 2025: Auspicious Yogas & Remedies!
- Sun Transit Aug 2025: Jackpot Unlocked For 3 Lucky Zodiac Signs!
- अगस्त के महीने में पड़ रहे हैं राखी और जन्माष्टमी जैसे बड़े व्रत-त्योहार, देखें ग्रह-गोचर की पूरी लिस्ट!
- मासिक अंक फल अगस्त 2025: इस महीने ये मूलांक वाले रहेंगे लकी!
- टैरो मासिक राशिफल: अगस्त माह में इन राशियों की लगेगी लॉटरी, चमकेगी किस्मत!
- दो बेहद शुभ योग में मनाई जाएगी नाग पंचमी, इन उपायों से बनेंगे सारे बिगड़े काम
- कन्या राशि में पराक्रम के ग्रह मंगल करेंगे प्रवेश, इन 4 राशियों का बदल देंगे जीवन!
- इस सप्ताह मनाया जाएगा नाग पंचमी का त्योहार, जानें कब पड़ेगा कौन सा पर्व!
- अंक ज्योतिष साप्ताहिक राशिफल: 27 जुलाई से 02 अगस्त, 2025
- हरियाली तीज 2025: शिव-पार्वती के मिलन का प्रतीक है ये पर्व, जानें इससे जुड़ी कथा और परंपराएं
- टैरो साप्ताहिक राशिफल (27 जुलाई से 02 अगस्त, 2025): कैसा रहेगा ये सप्ताह सभी 12 राशियों के लिए? जानें!
- मित्र बुध की राशि में अगले एक महीने रहेंगे शुक्र, इन राशियों को होगा ख़ूब लाभ; धन-दौलत की होगी वर्षा!
- Horoscope 2025
- Rashifal 2025
- Calendar 2025
- Chinese Horoscope 2025
- Saturn Transit 2025
- Jupiter Transit 2025
- Rahu Transit 2025
- Ketu Transit 2025
- Ascendant Horoscope 2025
- Lal Kitab 2025
- Shubh Muhurat 2025
- Hindu Holidays 2025
- Public Holidays 2025
- ராசி பலன் 2025
- రాశిఫలాలు 2025
- ರಾಶಿಭವಿಷ್ಯ 2025
- ਰਾਸ਼ੀਫਲ 2025
- ରାଶିଫଳ 2025
- രാശിഫലം 2025
- રાશિફળ 2025
- రాశిఫలాలు 2025
- রাশিফল 2025 (Rashifol 2025)
- Astrology 2025