টেৰ’ সাপ্তাহিক ৰাশিফল (20 -26 এপ্ৰিল, 2025)
পৃথিৱীৰ বহুতো জনপ্ৰিয় টেৰ’ ৰীডাৰ আৰু জ্যোতিষীসকলে বিশ্বাস কৰে যে টেৰ’ই কেৱল ব্যক্তিৰ জীৱনৰ ভৱিষ্যতবাণী কৰাই নহয় লগতে মানুহক পথ প্ৰদৰ্শনো কৰে। কোৱা হয় যে টেৰ’ কাৰ্ড নিজৰ প্ৰতিপালন কৰাৰ আৰু নিজৰ বিষয়ে জনাৰ এক মাধ্য়ম।
টেৰ’ই এই কথাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে যে আপুনি ক’ত আছিল, এতিয়া আপুনি ক’ত আছে আৰু কি স্থিতিত আছে আৰু আগন্তুক ভৱিষ্যতত আপোনাৰ সৈতে কি হ’ব পাৰে। ই আপোনাক শক্তিৰে পৰিপূৰ্ণ পৰিৱেশত প্ৰৱেশ কৰাৰ সুযোগ প্ৰদান কৰে আৰু নিজৰ ভৱিষ্যতৰ বাবে সঠিক বিকল্প বাছনি কৰাত সহায় কৰে। যিদৰে এক ভৰসাজনক পৰামৰ্শদাতাই আপোনাক নিজৰ ভিতৰলৈ জুমি চাবলৈ শিকায় সেইদৰে টেৰ’ইও আপোনাক নিজৰ আত্মাৰ সৈতে কথা পতাৰ সুযোগ দিয়ে।
আপোনাৰ এনে লাগিব পাৰে যে জীৱনৰ পথত আপুনি বিভ্ৰান্ত হৈ পৰিছে আৰু আপোনাক দিগদৰ্শন বা সহায়ৰ প্ৰয়োজন আছে। পূৰ্বতে আপুনি টেৰ’ক উপলুঙা কৰিছিল কিন্তু এতিয়া আপুনি ইয়াৰ সঠিকতাৰদ্বাৰা প্ৰভাৱিত হৈ পৰিছে অথবা আপুনি এগৰাকী জ্যোতিষী যাক মাৰ্গদৰ্শন বা দিগদৰ্শনৰ প্ৰয়োজন আছে। অথবা আপুনি নিজৰ সময় কটাবৰ বাবে কোনো নতুন চখৰ সন্ধানত আছে। এই কাৰণসমূহৰ বাবে বা অন্য কোনো কাৰণবশতঃ টেৰ’ৰ প্ৰতি মানুহৰ আগ্ৰহ যথেষ্ট বাঢ়ি গৈছে। টেৰ’ ডেকৰ78 খন কাৰ্ডৰ সহায়ত ভৱিষ্যতৰ বিষয়ে জানিব পৰা যায়। এই কাৰ্ডসমূহৰ সহায়ত আপুনি নিজৰ জীৱনৰ মাৰ্গদৰ্শন লাভ কৰিব পাৰে।
টেৰ’ৰ উৎপত্তি 15শ শতাব্দীত ইটালীত হৈছিল। আৰম্ভণিতে টেৰ’ক কেৱল মনোৰঞ্জন হিচাপে গণ্য কৰা হৈছিল আৰু ইয়াত আধ্যাত্মিক মাৰ্গদৰ্শনৰ গুৰুত্ব কম আছিল। অৱশ্যে, টেৰ’ কাৰ্ডৰ বাস্তৱিক ব্যৱহাৰ 16শ শতাব্দীত ইউৰোপত কোনো কোনো লোকৰদ্বাৰা কৰা হৈছিল যেতিয়া তেওঁলোকে জানিব পাৰিছিল যে কেনেদৰে 78খন কাৰ্ডৰ সহায়ত ভৱিষ্যতৰ বিষয়ে জানিব পৰা যায়, সেই সময়ৰপৰাই ইয়াৰ মহত্ব যথেষ্ট বৃদ্ধি পাইছিল।
টেৰ’ হৈছে এনে এক মাধ্যম যাৰ সহায়ত মানসিক আৰু আধ্যাত্মিক বিকাশ প্ৰাপ্ত কৰিব পৰা যায়। আপুনি কোনো স্তৰত আধ্যাত্মিকতাৰ সৈতে, অলপমান নিজৰ অন্তৰাত্মাৰ সৈতে আৰু অলপমান নিজৰ অন্তৰ্জ্ঞান আৰু আত্ম-সংশোধন আনিবৰ বাবে আৰু বাহিৰৰ পৃথিৱীৰ সৈতে জড়িত হ’ব।
তেনেহ’লে আহক এই সপ্তাহৰ সাপ্তাহিক ৰাশিফল আৰম্ভ কৰোঁ আৰু 20ৰপৰা 26 এপ্ৰিল, 2025 পৰ্য্যন্ত এই সপ্তাহটোৱে ৰাশি চক্ৰৰ 12 টা ৰাশিৰ বাবে কেনে ধৰণৰ ফলাফল লৈ আহিব সেই বিষয়ে অৱগত হওঁ।
এয়াও পঢ়ক: ৰাশিফল 2025
পৃথিৱীৰ বিদ্বান টেৰ’ ৰীডাৰসকলৰ সৈতে কল/চাট্-ত কথা পাতক আৰু জানক কেৰিয়াৰ সম্পৰ্কীয় সকলোবোৰ তথ্য
টেৰ’সাপ্তাহিক ৰাশিফল 20 ৰপৰা 26 এপ্ৰিল, 2025: ৰাশি অনুসৰি ৰাশিফল
মেষ ৰাশি
প্ৰেম জীৱন: ফ’ৰ অৱ স্ৱৰডচ্
আৰ্থিক জীৱন: এচ্ অৱ পেণ্টাকলচ্
কেৰিয়াৰ: এচ্ অৱ ৱেণ্ডচ্
স্বাস্থ্য: চেভেন অৱ ৱেণ্ডচ্
টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰিমেষ ৰাশিৰ জাতকসকলে প্ৰেম জীৱনত প্ৰাপ্ত কৰা ফ’ৰ অৱ স্ৱৰডচ্ কাৰ্ডখনৰ মতে এই সময়খিনি হৈছে আত্ম-নীৰিক্ষণ আৰু আৰাম কৰাৰ সময়। এই কাৰ্ডখনে সংকেত প্ৰদান কৰে যে আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে সম্পৰ্ক বৰ্তাই ৰাখিবৰ বাবে তেওঁৰ পৰা কিছু আতৰি থকা উচিত। এনে কৰাটোৱেই আপোনালোক দুয়োৰে বাবে সঠিক হ’ব।
এচ্ অৱ পেণ্টাকলচ্ কাৰ্ডখনে আৰ্থিক জীৱনত নতুন আৰু শক্তিশালী সুযোগক দৰ্শিত কৰে। ইয়াৰ লগতে এই কাৰ্ডখনে প্ৰকাশ কৰে যে এতিয়া আপুনি আৰ্থিকভাৱে সমৃদ্ধ আৰু সম্পন্ন হ’ব। এই কাৰ্ডখনে কয় যে ধন উপাৰ্জনৰ বাবে আপুনি নতুন সুযোগৰ লাভ আদায় কৰা উচিত আৰু অনুপ্ৰেৰিত হৈ কাম কৰা উচিত।
এচ অৱ ৱেণ্ডচ্ কাৰ্ডখনৰ মতে আপুনি সাহসেৰে প্ৰত্যাহ্বানমূলক কাৰ্য্য আৰু বাধাৰ সম্মুখীন হোৱা উচিত। বৃত্তিগত জীৱনত এই কাৰ্ডখনে সৃষ্টিশীল শক্তি আৰু উৎসাহক সূচিত কৰে। ইয়াৰ লগতে আপুনি কেৰিয়াৰত এক নতুন আৰম্ভণি কৰিব পাৰিব। আপোনাৰ বাবে পদোন্নতিৰ যোগো আছে।
স্বাস্থ্যৰ ক্ষেত্ৰত ক’ব পাৰি যে, চেভেন অৱ ৱেণ্ডচ্ কাৰ্ডখনৰ মতে আপুনি বাধাসমূহ অতিক্ৰম কৰিব পাৰিছে। এই কাৰ্ডখনৰ মতে আপুনি নিজৰ চোৱা-চিতা আৰু নিৰন্তৰ প্ৰচেষ্টা কৰি নিজৰ স্বাস্থ্য ৰক্ষা কৰাৰ ক্ষেত্ৰত সফল হ’ব।
ৰাশি অনুসৰি ফেংশ্যুই চাৰ্ম: স্পেচিয়েল হ’লী স্ক্ৰিপ্চাৰ্চ।
বৃষ ৰাশি
প্ৰেম জীৱন: নাইন অৱ স্ৱৰডচ্
আৰ্থিক জীৱন: ষ্ট্ৰেংথ
কেৰিয়াৰ: দ্য টাৱাৰ (ৰিভাৰ্চড্)
স্বাস্থ্য: দ্য টেম্পেৰেন্স (ৰিভাৰ্চড্)
প্ৰেম জীৱনত বৃষ ৰাশি ৰ জাতকসকলে নাইন অৱ স্ৱৰডচ্ কাৰ্ডখন লাভ কৰিছে যি হৈছে এক অশুভ সংকেত। এই সময়খিনিত আপোনাৰ সম্পৰ্কক জটিলতা আৰু অপ্ৰিয় চিন্তাই আৱৰি ধৰিব পাৰে। নিজৰ সঙ্গীৰপৰা কোনো কথা লুকুৱাই ৰখাৰ বাবে, অন্য কাৰোবাৰ সৈতে সম্পৰ্ক স্থাপন কৰাৰ বাবে বা প্ৰতাৰণা কৰাৰ বাবে আপুনি অপৰাধবোধ আৰু চাপৰ সম্মুখীন হ’ব পাৰে। এই সমস্যাসমূহ সমাধান কৰিবৰ বাবে আৰু নিজৰ সম্পৰ্কটো পুণৰাই উজ্জীৱিত কৰি তুলিবৰ বাবে আপোনালোক দুয়োৱে পৰস্পৰৰ সৈতে সততাৰে আৰু খোলাখুলিকৈ কথা পতা উচিত।
টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰিদ্য ষ্ট্ৰেংথ কাৰ্ডখনে আপোনাক এই সময়খিনিত পৰিপক্কভাৱে ধন ব্যয় কৰিবলৈ আৰু ভাবি-চিন্তি আৰ্থিক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ কৈছে। আপুনি কোনো পুৰস্কাৰ বা কেৰিয়াৰত উন্নতি লাভ কৰিব পাৰে কিন্তু ইয়াৰ লগতে এই কাৰ্ডখনে আপোনাক আৱেগিক স্তৰত সন্তুলন ৰক্ষা কৰিবলৈ আৰু আত্মবিশ্বাস অটুত ৰাখিবলৈ পৰামৰ্শ দিছে।
আপুনিকৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে বিবাদৰ সম্মুখীন হ’ব পাৰে যাৰ কাৰণ আপুনি অত্যাধিক কাম কৰাটো বা আপোনাৰ বেয়া প্ৰদৰ্শন হ’ব পাৰে। আপোনাৰ স্বাস্থ্যইও এই সময়খিনিত আপোনাৰ সহযোগিতা নকৰিব পাৰে। এনে পৰিস্থিতিত, আপুনি শান্ত হৈ পৰিস্থিতিৰ কথা পুণৰ ভাবি সম্পূৰ্ণ ক্ষমতাৰে সৈতে কাম কৰা উচিত। কৰ্মক্ষেত্ৰত হোৱা ঘটনাই আপোনাৰ সফলতাৰ পথত হেঙাৰ হিচাপে থিয় দিব পাৰে আৰু আপোনাৰ স্বাস্থ্যজনিত সমস্যাৰ কাৰণ হ’ব পাৰে। আপুনি এনে হোৱাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা উচিত।
টেৰ’ স্বাস্থ্য ৰীডিঙত দ্য টেম্পেৰেন্স কাৰ্ডখনে দৰ্শায় যে আপোনাৰ স্বাস্থ্য ভালে নাথাকিব পাৰে অছবা বাৰে বাৰে বেমাৰত আক্ৰান্ত বা আঘাতপ্ৰাপ্ত হ’ব পাৰে। ইয়াৰ ফলস্বৰূপে আপুনি উন্নতিৰ দিশত কাম কৰিব নোৱাৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত শুধৰণি আনিবৰ বাবে আপুনি নিজৰ কাম আৰু ব্যক্তিগত জীৱনৰ মাজত সন্তুলন ৰক্ষা কৰা উচিত।
ৰাশি অনুসৰি ফেংশ্যুই চাৰ্ম: এক্টিভেটেড চাৰ্ক’ল কাৰভিং।
মিথুন ৰাশি
প্ৰেম জীৱন: থ্ৰী অৱ পেণ্টাকলচ্
আৰ্থিক জীৱন: দ্য হাই প্ৰিষ্টেচ
কেৰিয়াৰ: এচ্ অৱ কপচ্
স্বাস্থ্য: ফ’ৰ অৱ স্ৱৰডচ্
প্ৰেম জীৱনত মিথুন ৰাশি ৰ জাতকসকলে থ্ৰী অৱ পেণ্টাকলচ্ কাৰ্ডখন প্ৰাপ্ত কৰিছে যি বিবাহৰ বন্ধনত বান্ধ খোৱাৰ সংকেত প্ৰদান কৰে। আপুনি বিবাহৰ প্ৰস্তুতি চলাব পাৰে। ইয়াৰ উপৰিও আপুনি পৰিয়ালৰ অন্য কোনো সদস্যৰ বিবাহ বা আন কোনো অনুষ্ঠানৰ প্ৰস্তুতি চলাব পাৰে। এই কাৰ্ডখনে কয় যে এই সপ্তাহত আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ সম্পৰ্কৰ শুধৰণি হ’ব।
আৰ্থিক জীৱনত দ্য হাই প্ৰিষ্টেচ কাৰ্ডখনে আপোনাক সঠিক পথেৰে আৰু উচিত সূত্ৰৰপৰা ধন উপাৰ্জন কৰিবলৈ পৰামৰ্শ দিছে। এই কাৰ্ডখনে আপোনাক কয় যে আপুনি নিজৰ ধন পৰিপক্কভাৱে ব্যয় কৰা উচিত আৰু অযথা ব্য়য় কৰা উচিত নহয়। ইয়াৰ উপৰিও এই কাৰ্ডখনে আপোনাক পৰিপক্কভাৱে বিত্তীয় যোজনা প্ৰস্তুত কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে।
টেৰ’ কেৰিয়াৰ ৰীডিঙত এচ্ অৱ কপচ্ কাৰ্ডখন হৈছে এখন অতি ভাল কাৰ্ড। এই কাৰ্ডখনে দৰ্শায় যে সকলোবোৰ সঠিক দিশত আগবাঢ়ি গৈছে আৰু আপোনাৰ কেৰিয়াৰ সঠিক পথত আছে। আপুনি নিজৰ কেৰিয়াৰৰপৰা সেই সকলোবোৰ লাভ কৰিব যিবোৰৰ আপোনাৰ প্ৰয়োজনীয়তা আছে। ইয়াত আৰ্থিক স্থিৰতা, জনপ্ৰিয়তা আৰু মান-যশ আদিবোৰৰ কথা কোৱা হৈছে। আপুনি নিজৰ কেৰিয়াৰৰ শীৰ্ষত উপনীত হ’ব পাৰিব।
টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰি ফ’ৰ অৱ স্ৱৰডচ্ কাৰ্ডখনে কয় যে আপুনি কোনো কাম কৰাৰ পূৰ্বে নিজকে স্বাস্থ্যৱান কৰি লোৱা উচিত। আপোনাৰ পূৰ্বৰ সপ্তাহটো যথেষ্ট ব্যস্ততাৰে পাৰ হৈছে সেয়েহে আগন্তুক প্ৰত্যাহ্বানবোৰৰ বাবে নিজকে প্ৰস্তুত কৰিবৰ বাবে আপুনি আৰাম কৰিবলৈ সময় উলিওৱাৰ লগতে নিজকে শক্তিৱান কৰি ৰখা উচিত।
ৰাশি অনুসৰি ফেংশ্যুই চাৰ্ম: পীচউড এড’ৰ্ণমেণ্টচ্।
কৰ্কট ৰাশি
প্ৰেম জীৱন: ফ’ৰ অৱ স্ৱৰডচ্
আৰ্থিক জীৱন: থ্ৰী অৱ কপচ্
কেৰিয়াৰ: থ্ৰী অৱ ৱেণ্ডচ্
স্বাস্থ্য: ফাইৱ অৱ ৱেণ্ডচ্
কৰ্কট ৰাশি ৰ জাকসকলে প্ৰেম জীৱনত ফ’ৰ অৱ স্ৱৰডচ্ কাৰ্ডখন লাভ কৰিছে যাৰ মতে আপুনি প্ৰেমৰ ক্ষেত্ৰত নিজৰ আকাংক্ষাসমূহ জনাৰ আৰু আপোনাৰ সম্পৰ্ক কি দিশত গৈ আছে সেই বিষয়ে চিন্তা কৰাৰ বাবে কিছু সময় উলিওৱা উচিত। এই কাৰ্ডখনে কয় যে যদিহে আপুনি চিংগল তেনেহ’লে আপুনি কোনো সম্পৰ্ক আৰম্ভ কৰাৰ পূৰ্বে নিজকে আৰু অধিক ভাল কৰি তুলিবলৈ প্ৰয়াস কৰা উচিত।
আৰ্থিক ক্ষেত্ৰত থ্ৰী অৱ কপচ্ কাৰ্ডখন হৈছে এক শুভ সংকেত। এই কাৰ্ডখনে দৰ্শায় যে অতি শীঘ্ৰেই আপুনি উপাৰ্জনৰ নতুন উৎস লাভ কৰিব। নিজকে আৰ্থিকভাৱে শক্তিশালী কৰি তুলিবৰ বাবে আপুনি চাকৰি সলনি বা নতুন কোম্পানী আৰম্ভ কৰাৰ কথা ভাবিব পাৰে।
কেৰিয়াৰৰ দিশত থ্ৰী অৱ ৱেণ্ডচ্ কাৰ্ডখনে প্ৰকাশ কৰিছে যে এই সপ্তাহত আপুনি নিজৰ কাৰ্য্যালয়ৰ কোনো জটিল পৰিস্থিতিৰপৰা বাহিৰলৈ ওলাই আহিবলৈ আৰু সকাহ পাবলৈ সক্ষম হ’ব। আপুনি নিজৰ চাকৰিত সহজ অনুভৱ কৰিব আৰু নিজৰ সকলোবোৰ চিন্তাৰপৰা আতৰি আহিব পাৰিব। আপুনি কেৰিয়াৰৰ ক্ষেত্ৰত সুৰক্ষা আৰু স্থিৰতাৰ দিশত আগবাঢ়িব।
স্বাস্থ্য ৰীডিঙত ফাইৱ অৱ ৱেণ্ডচ্ কাৰ্ডখনৰ অৰ্থ হৈছে এই সপ্তাহত আপুনি অত্যাধিক চাপৰ সৈতে যুঁজ জিবলগীয়া হ’ব পাৰে আৰু এই কাৰণবশতঃ আপোনাৰ স্বাস্থ্যৰ অৱনতি হ’ব পাৰে। আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত সতৰ্কৱান হ’বলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে।
ৰাশি অনুসৰি ফেংশ্যুই চাৰ্ম: ব্ৰঞ্জ ভেচেল।
পাওক আপোনাৰ কুণ্ডলী আধাৰিত সঠিক শনি প্ৰতিৱেদন
সিংহ ৰাশি
প্ৰেম জীৱন: থ্ৰী অৱ কপচ্
আৰ্থিক জীৱন: ফাইৱ অৱ ৱেণ্ডচ্
কেৰিয়াৰ: টু অৱ স্ৱৰডচ্
স্বাস্থ্য: দ্য হীৰ’ফেণ্ট
টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰিটেৰ’ ৰীডিং অনুসৰি থ্ৰী অৱ কপচ্ কাৰ্ডখন হৈছে নিজৰ প্ৰেমৰ সৈতে পুণৰ্মিলন, শক্তিশালী সম্পৰ্ক আৰু সুখ-আনন্দৰ প্ৰতীক। আপুনি নিজৰ কোনো ঘনিষ্ঠ লোকৰ প্ৰেমত পৰিব পাৰে। যদিহে আপুনি পূৰ্বৰেপৰাই নিজৰ সঙ্গীৰ সৈতে আছে, তেনেহ’লে সামাজিক সমাৰোহৰ সহায়ত আপোনালোকৰ সম্পৰ্ক শক্তিশালী হ’ব।
ফাইৱ অৱ ৱেণ্ডচ্ কাৰ্ডখনে দৰ্শায় যে আপুনি নিজৰ বিত্তীয় লক্ষ্যসমূহ প্ৰাপ্ত কৰাৰ পথত বাধা আৰু সমস্যাৰ সম্মুখীন হ’ব পাৰে। এই কাৰ্ডখনে কয় যে আপুনি মাৰ্কেট, কৰ্মক্ষেত্ৰ বা বিনিয়োগৰ স্থিতিত সমস্যাৰ সম্মুখীন হ’ব পাৰে আৰু সেইবোৰ সমাধান কৰিবৰ বাবে প্ৰস্তুত হৈ থাকিব লাগিব। যদিহে আপুনি আৰ্থিক সমাধান বিচাৰে, তেনহ’লে আপুনি নিজৰ আৰ্থিক লক্ষ্যত উপনীত হোৱাৰ পথৰ বাধা আৰু বিৰোধৰ সম্মুখীন হ’বলৈ সদাপ্ৰস্তুত হৈ থাকিব লাগিব।
কেৰিয়াৰৰ দিশত টু অৱ স্ৱৰডচ্ কাৰ্ডখনে সংঘৰ্ষ আৰু সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সমস্যা বা এনে সময়ক সূচিত কৰে য’ত আপুনি দুটা সুযোগ বা বিকল্পৰ মাজৰপৰা যিকোনো এটাক বাচনি কৰিব লাগিব।
স্বাস্থ্য়ৰ ক্ষেত্ৰত দ্য হীৰ’ফেণ্ট কাৰ্ডখনে পৰম্পৰাগত চিকিৎসাৰ পৰামৰ্শ মানি চলিবৰ বাবে আৰু উন্নত ফলাফলৰ বাবে বিশেষজ্ঞ চিকিৎসকৰপৰা পৰামৰ্শ গ্ৰহণ কৰিবলৈ কয়। এই কাৰ্ডখনে নিজৰ প্ৰতি চোৱা-চিতা কৰাৰ আৰু চিকিৎসাৰ প্ৰতি সমৰ্পিত হৈ থকাৰ গুৰুত্বক প্ৰাথমিকতা প্ৰদান কৰে।
ৰাশি অনুসৰি ফেংশ্যুই চাৰ্ম: কিৰিন
কন্যা ৰাশি
প্ৰেম জীৱন: ফ’ৰ অৱ পেণ্টাকলচ্
আৰ্থিক জীৱন: কুইন অৱ কপচ্
কেৰিয়াৰ: ফ’ৰ অৱ কপচ্
স্বাস্থ্য: চেভেন অৱ কপচ্
কন্যা ৰাশি ৰ জাতকসকলে প্ৰেম জীৱনত ফ’ৰ অৱ পেণ্টাকলচ্ কাৰ্ডখন প্ৰাপ্ত কৰিছে যাৰ মতে আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজৰ ভৰসা নাইকিয়া হ’ব পাৰে আৰু চাপৰ বাবে সম্পৰ্কটো বেয়া অধ্যায়ৰ মাজেৰে গতি কৰিব পাৰে। কথা-বতৰাৰ মাজেৰে ইয়াৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰক। চিংগল জাতকসকলে নিজৰ পুৰণা বেয়া অনুভৱৰ বাবে এই সময়খিনিত অকলে থাকিবলৈ পছন্দ কৰিব।
টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰি আৰ্থিক জীৱনত কুইন অৱ কপচ্ কাৰ্ডখনে স্থিৰতা আৰু আৱেগিকভাৱে সন্তুলিত হৈ থকাটোক দৰ্শায়। এই কাৰ্ডখনে কয় যে আপুনি বিপদাশংকা থকা বা শংকাজনক কাম কৰাৰ সলনি আৰ্থিক স্থিতি শক্তিশালী কৰিবলৈ চেষ্টা কৰা উচিত। এই কাৰ্ডখনে আপোনাৰ বিত্তীয় দোমোজাৰপৰা বাচিবলৈ আৰু ব্যৱহাৰিক দৃষ্টিকোণ আঁকোৱালি ল’বলৈ পৰামৰ্শ দিছে।
কেৰিয়াৰ ৰীডিঙত ফ’ৰ অৱ কপচ্ কাৰ্ডখনৰ অৰ্থ হৈছে আপোনাৰ নিজৰ কামৰ প্ৰতি আগ্ৰহ নাথাকিব পাৰে। প্ৰজেক্টত মন পুতি কাম কৰা বা বৰ্তমানৰ কামত মন ধ্যান দিয়াটো আপোনাৰ বাবে জটিল হ’ব পাৰে। ইয়াৰ প্ৰভাৱ আপোনাৰ মুডৰ ওপৰতো পৰিব পাৰে। নিজৰ বাবে দুখী অনুভৱ কৰাৰ বাবে আপোনাৰ প্ৰদৰ্শন বা উৎপাদনশীলতা হ্ৰাস পাব পাৰে।
স্বাস্থ্য ৰীডিঙত চেভেন অৱ কপচ্ কাৰ্ডখনে কয় যে আপুনি নিজকে অধিক ভাগৰুৱা কৰি দিয়াটো পৰিহাৰ কৰা উচিত আৰু নিজৰ মানসিক স্বাস্থ্যক প্ৰাথমিকতা প্ৰদান কৰা উচিত। আপুনি নিজৰ প্ৰতি যত্ন আৰু বাস্তৱিকতাৰ মাজত সন্তুলন ৰক্ষা কৰা উচিত। এই কাৰ্ডখনে আপোনাক ভ্ৰম আৰু ভুল বুজাবুজিৰপৰা আতৰি থাকিবলৈ আৰু কোনো বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ কয়।
ৰাশি অনুসৰি ফেংশ্যুই চাৰ্ম: গ’ল্ডেন হোম ডেকৰ।
তুলা ৰাশি
প্ৰেম জীৱন: এচ্ অৱ কপচ্
আৰ্থিক জীৱন: কিং অৱ পেণ্টাকলচ্
কেৰিয়াৰ: জাষ্টিচ
স্বাস্থ্য: দ্য হেংগড্ মেন
তুলা ৰাশি ৰ জাতকসকলে প্ৰেম জীৱনত এচ্ অৱ কপচ্ কাৰ্ডখন প্ৰাপ্ত কৰিছে যি নতুন বস্তুৰ আৰম্ভণি আৰু শক্তিশালী সম্পৰ্কক দৰ্শায়। এই কাৰ্ডখনৰ মতে আপুনি নিজৰ সম্পৰ্কত আৱেগিকভাৱে সন্তুষ্ট অনুভৱ কৰিব।
কিং অৱ পেণ্টাকলচ্ কাৰ্ডখন হৈছে সাংসাৰিক উপলব্ধি, আৰ্থিক সম্পন্নতা আৰু ভৌতিক সুখ-সুবিধাৰ প্ৰতীক। এই কাৰ্ডখনৰ মতে আপুনি নিজৰ উচ্চাকাংক্ষা আৰু আত্মবিশ্বাসৰ বলত আনৰ বাবে ধন উপাৰ্জন কৰিব পাৰিব।
কেৰিয়াৰৰ ক্ষেত্ৰত দ্য জাষ্টিচ কাৰ্ডখনে দায়িত্বশীল, সৎ আৰু নিৰপেক্ষ হোৱাৰ ওপৰত জোৰ দিয়ে। এই কাৰ্ডখনে আপোনাৰ নৈতিক সিদ্ধান্ত চলিবলৈ আৰু নিজৰ কেৰিয়াৰত ন্যায় মানি চলিবলৈ প্ৰোৎসাহিত কৰে
টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰি দ্য হেংগড্ মেন কাৰ্ডখনে কয় যে আপুনি শাৰীৰিক স্বাস্থ্যক প্ৰভাৱিত কৰিবৰ বাবে আৱেগিক সমস্যা আৰু চাপ কম কৰাৰ ওপৰত মনোযোগ দিয়া উচিত। এই কাৰ্ডখনে নিজৰ সীমা শক্তিশালী কৰাৰ আৰু ব্যক্তিগত বিকাশৰ পদ্ধতিৰ অনুসন্ধান কৰাৰ সংকেত দিয়ে।
ৰাশি অনুসৰি ফেংশ্যুই চাৰ্ম: পিক্সিউচ আৰু কম্পা।
কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন
বৃশ্চিক ৰাশি
প্ৰেম জীৱন: টেন অৱ পেণ্টাকলচ্
আৰ্থিক জীৱন: থ্ৰী অৱ স্ৱৰডচ্ (ৰিভাৰ্চড্)
কেৰিয়াৰ: দ্য টাৱাৰ (ৰিভাৰ্চড্)
স্বাস্থ্য: দ্য হাৰ্মিট
টেন অৱ পেণ্টাকলচ্ কাৰ্ডখন হৈছে এক শুভ সংকেত।এই কাৰ্ডখনে এক শক্তিশালী আৰু সুৰক্ষিত সম্পৰ্কক সূচিত কৰে। যদিহে আপুনি চিংগল তেনেহ’লে এই কাৰ্ডখনৰ মতে আপুনি কাৰোবাৰ সৈতে সম্পৰ্কত আহিবৰ বাবে এতিয়া সাজু নহয়।
বিত্তীয় জীৱনত আপুনি থ্ৰী অৱ স্ৱৰডচ্ কাৰ্ড লাভ কৰিছে যি আগবাঢ়ি যাবৰ বাবে আৰু প্ৰয়োজন সাপেক্ষে সহায় বিচাৰিবৰ বাবে কয়।টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰিএই কাৰ্ডখনে প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰিবৰ বাবে, নেতিবাচক চিন্তা ত্যাগ কৰিবৰ বাবে আৰু কেৰিয়াৰৰ ক্ষেত্ৰত আশাবাদী হৈ থাকিবৰ বাবে পৰামৰ্শ দিয়ে।
কেৰিয়াৰৰ ক্ষেত্ৰত দ্য টাৱাৰ ৰিভাৰ্চড্ কাৰ্ডখনে কয় যে আপুনি নিজৰ কেৰিয়াৰত প্ৰয়োজনীয় পৰিৱৰ্তনক স্বীকাৰ কৰিবৰ বাবে বা এনে চাকৰি বা কেৰিয়াৰ এৰিবৰ বাবে দ্বিধাবোধ কৰি আছে, যি আপোনাৰ বাবে সঠিক নহয়। এই কাৰণবশতঃ আপুনি উন্নতিৰ ভাল সুযোগ হেৰুৱাব পাৰে।
দ্য হাৰ্মিট কাৰ্ডখনে আপোনাৰ মানসিক ক্লান্তিৰপৰা বাচিবৰ বাবে আৰু নিজৰ স্বাস্থ্য ভাল কৰিবৰ বাবে নিজৰ বাবে কিছু সময় উলিয়াবলৈ আৰু আৰাম কৰিবলৈ পৰামৰ্শ দিছে। এই কাৰ্ডখনে আপোনাক নিজৰ শৰীৰৰ প্ৰয়োজনীয়তাসমূহৰ প্ৰতি মনোযোগ দিবলৈ আৰু শাৰীৰিক তথা আৱেগিক স্বাস্থ্যক প্ৰাথমিকতা দিবলৈ পৰামৰ্শ দিছে।
ৰাশি অনুসৰি ফেংশ্যুই চাৰ্ম: চিলভাৰ অৰ্ণামেণ্টচ্।
ধনু ৰাশি
প্ৰেম জীৱন: দ্য মুন (ৰিভাৰ্চড্)
আৰ্থিক জীৱন: চিক্স অৱ ৱেণ্ডচ্
কেৰিয়াৰ: এট অৱ কপচ্ (ৰিভাৰ্চড্)
স্বাস্থ্য: এট অৱ ৱেণ্ডচ্
ৰিভাৰ্চড্ দ্য মুন কাৰ্ডখনে প্ৰেম জীৱনত লুকাই থকা সত্য প্ৰকাশিত হোৱাৰ আৰু নিজৰ চিন্তা তথা অসুৰক্ষা সম্মুখলৈ অহাৰ সম্ভাৱনাক দৰ্শায়। এই কাৰ্ডখনে আপোনাক সম্পৰ্কত সৎ হৈ থাকিবলৈ আৰু এনে সম্পৰ্কক আগবঢঞাই নিবলৈ কয় য’ত আপোনালোক দুয়োৱে মন খুলি কথা পাতিব পাৰে। এই কাৰ্ডখনে এয়াও কয় যে আপুনি নিজৰ মনৰ ওপৰত ভৰসা কৰা উচিত।
টেৰ’ কাৰ্ড ৰীডিঙত চিক্স অৱ ৱেণ্ডচ্ কাৰ্ডখনে অভিজ্ঞতা, সফলতা আৰু কামে স্বীকৃতি পোৱাৰ সংকেত দিয়ে। ইয়াৰ ফলত আপোনাৰ পদোন্নতি বা দৰমহা বৃদ্ধি হোৱৰা সম্ভাৱনা আছে।টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰি আপুনি এনে সুযোগ লাভ কৰিব পাৰে য’ত আপুনি কেৰিয়াৰত উন্নতি লাভ কৰাৰ লগতে আৰ্থিকভাৱেও আপুনি শক্তিশালী হ’ব।
কেৰিয়াৰৰ ক্ষেত্ৰত এট অৱ কপচ্ কাৰ্ডখনে দৰ্শায় যে আপুনি এনে চাকৰি ত্যাগ কৰিবলৈ দ্বিধাবোধ কৰি আছে য’ত আপুনি সন্তুষ্ট নহয়। পৰিৱৰ্তন নিবিচৰাৰ এই প্ৰবৃত্তিৰ বাবে কেৰিয়াৰত আপোনাৰ হাতৰপৰা কিছুমান সুযোগ হেৰাব পাৰে আৰু আপুনি একে ঠাইতে ৰৈ যাব পাৰে।
স্বাস্থ্যৰ দিশৰপৰা এট অৱ ৱেণ্ডচ্ কাৰ্ডখনে দ্ৰুতভাৱে আৰোগ্য হোৱাৰ, ইতিবাচ বিকাশ আৰু স্বাস্থ্যৱান হৈ থাকিবৰ বাবে কিছুমান প্ৰয়াস কৰাৰ প্ৰয়োজনীয়তাক সূচিত কৰে। এই কাৰ্ডখনে কয় যে আপুনি সক্ৰিয় আৰু সন্তুলিত জীৱনশৈলী আঁকোৱালি লোৱা উচিত।
ৰাশি অনুসৰি ফেংশ্যুই চাৰ্ম: জেদ্ এম্বেলিচমেণ্টচ্।
মকৰ ৰাশি
প্ৰেম জীৱন: দ্য হাই প্ৰিষ্টেচ
আৰ্থিক জীৱন: দ্য এম্পেৰৰ
কেৰিয়াৰ: চিক্স অৱ স্ৱৰডচ্
স্বাস্থ্য: টু অৱ কপচ্
মকৰ ৰাশিৰ জাতকসকলে প্ৰেম জীৱনত দ্য হাই প্ৰিষ্টেচ কাৰ্ডখন লাভ কৰিছে আৰু এই কাৰ্ডখনে আপোনাৰ চিন্তাৰ পৰিৱৰ্তনক সূচিত কৰে। এই সময়খিনিত আপুনি সামান্য ডে’টত গ’লেও সেয়া প্ৰেমপূৰ্ণ মিলনলৈ পৰিৱৰ্তি হ’ব পাৰে। এই কাৰ্ডখনৰ মতে আপোনালোক দুয়োৱে পৰস্পৰৰ ওপৰত বিশ্বাস ৰখা উচিত আৰু নিজৰ গোপন কথা ইজনে সিজনৰ সম্মুখত প্ৰকাশ কৰা উচিত।
আৰ্থিক জীৱনত আপুনি লাভ কৰিছে দ্য এম্পেৰৰ কাৰ্ড আৰু এই কাৰ্ডখনে স্থিৰতা, গম্ভীৰতা আৰু পৰিপক্কভাৱে ধন পৰিালনা কৰাক প্ৰতিনিধিত্ব কৰে। এই কাৰ্ডখনে ইনভাৰ্টেড আহিলে অস্থিৰতা, ধনৰ ওপৰত অত্যাধি নিয়ন্ত্ৰণ আৰু অব্যৱস্থা আদিক সূচিত কৰে।
টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰিকেৰিয়াৰৰ দিশত চিক্স অৱ স্ৱৰডচ্ কাৰ্ডখনে কৰ্মক্ষেত্ৰত সন্তুলন আৰু সন্তুষ্টিক সূচিত কৰে। এই কাৰ্ডখনে এই কথাৰ সংকেত প্ৰদান কৰে যে আপুনি নিজৰ লক্ষ্য প্ৰাপ্ত কৰিছে আৰু নিজৰ পথলৈ অহা বাধাসমূহৰ ওপৰত বিজয় প্ৰাপ্ত কৰিছে।
টু অৱ কপচ্ কাৰ্ডখনে স্বাস্থ্যৰ ক্ষেত্ৰত সন্তুলনক প্ৰতিনিধিত্ব কৰে। এই কাৰ্ডখনে কয় যে যদিহে আপুনি দীৰ্ঘকালীন সমস্যা বা বেমাৰৰ সৈতে যুঁজ দি আছে তেনেহ’লে আপুনি এতিয়া সম্পূৰ্ণৰূপে আৰোগ্য হ’ব।
ৰাশি অনুসৰি ফেংশ্যুই চাৰ্ম: অচপিচিয়াচ কাৰ্ভিংচ।
কুম্ভ ৰাশি
প্ৰেম জীৱন: দ্য ষ্টাৰ
আৰ্থিক জীৱন: ফ ’ ৰ অৱ ৱেণ্ডচ্
কেৰিয়াৰ: চিক্স অৱ স্ৱৰডচ্
স্বাস্থ্য: এচ্ অৱ স্ৱৰডচ্
কুম্ভ ৰাশিৰ জাতকসকলে প্ৰেম জীৱনত লাভ কৰা দ্য ষ্টাৰ কাৰ্ডখনে প্ৰকাশ কৰে যে আপোনাৰ সঙ্গীয়ে আপোনাক অত্যন্ত ভাল পায় , আপোনাৰ সন্মান কৰে আৰু এই সপ্তাহত তেওঁ আপোনাক নিজৰ জীৱনত এক উচ্চ স্থান দিব বিচাৰিব।
ফ’ৰ অৱ ৱেণ্ডচ্ কাৰ্ডখনে কয় যে কুম্ভ ৰাশিৰ জাকসকলে এই সপ্তাহত নিজৰ ধন কোনো ফাংশ্যন, নিজৰ বিয়া বা পৰিয়ালৰ কোনো সদস্যৰ বিয়াত খৰচ কৰিব। অৱশ্যে আপুনি নিজৰ আৰ্থিক স্থিতও সন্তুলিত কৰি ৰাখিবলৈ সক্ষম হ’ব যাৰ ফলত আপুনি সন্তুষ্ট হ’ব াণ আপুনি আৰ্থিকভাৱে সুৰক্ষিত অনুভৱ কৰিব।
কেৰিয়াৰৰ ক্ষেত্ৰত চিক্স অৱ স্ৱৰডচ্ কাৰ্ডখনে চাকৰিৰ পৰিৱৰ্তন, নতুন চাকৰি বিচৰা বা জটিল পৰিস্থিতিৰপৰা বাহিৰলৈ ওলাই অহা আদিৰ সংকেত দিয়ে। আনৰদ্বাৰা কৰা ষড়যন্ত্ৰৰ বাবে আপুনি কেৰিয়াৰত কোনো ডাঙৰ অসফলতাৰ সম্মুখীন হ’ব পাৰে যাৰ বাবে আপুনি কেৰিয়াৰত পিছ পৰি ৰ’ব পাৰে। অৱশ্যে এতিয়া আপোনাৰ পৰিস্থিতিৰ শুধৰণি হ’ব।
এচ্ অৱ স্ৱৰডচ্ কাৰ্ডখনে কয় যে কুম্ভ ৰাশিৰ জাতকসকলৰ বাবে এই সপ্তাহটো ভাল হ’ব। এনে অৱস্থাত আপুনি কোনো নতুন ব্যায়াম আৰম্ভ কৰিবৰ বাবে উৎসুক হ’ব পাৰে যাৰ বাবে আপুনি ফিটনেচ লাভ কৰিবলৈ সক্ষম হ’ব।
ৰাশি অনুসৰি ফেংশ্যুই চাৰ্ম: গ্ৰীণ প্লাণ্টচ্।
আপোনাৰ কুণ্ডলীত আছে নেকি ৰাজযোগ? জানক আপোনাৰ ৰাজযোগ প্ৰতিৱেদন
মীন ৰাশি
প্ৰেম জীৱন: টু অৱ ৱেণ্ডচ্
আৰ্থিক জীৱন: এচ্ অৱ ৱেণ্ডচ্
কেৰিয়াৰ: টু অৱ পেণ্টাকলচ্
স্বাস্থ্য: জাজমেণ্ট
টু অৱ ৱেণ্ডচ্ কাৰ্ডখনে কয় যে মীন ৰাশিৰ জাতকসকলে নিজৰ জীৱনত এক নতুন আৰম্ভণি কৰাৰ ইচ্ছা ৰাখে। আপুনি সম্পৰ্কত গভীৰ হোৱাৰআৰু নিজৰ সম্পৰ্কটো আগবঢ়াই নিয়াৰ কথা ভাবিব পাৰে।
আৰ্থিক জীৱনত এচ অৱ ৱেণ্ডচ্ কাৰ্ডখনে কয় যে আপুনি এই সপ্তাহত ধন উপাৰ্জন কৰিবৰ বাবে বহুতো সুযোগ প্ৰাপ্ত কৰিব। ই আপোনাৰ বৰ্তমান পৰ্য্যন্ত সকলোতকৈ শক্তিশালী আৰ্থিক স্থিতি হ’ব। আপুনি আৰ্থিকভাৱে স্থিৰ আৰু সুৰক্ষিত অৱস্থাত আছে আৰু অতি শীঘ্ৰেই নিজৰ বিত্তীয় স্থিতি আৰু অধিক ভাল কৰিবৰ বাবে কোনো ভাল খবৰ লাভ কৰিব।
টু অৱ পেণ্টাকলচ্ কাৰ্ডখনে দৰ্শায় যে আপুনি নিজৰ আৰ্থিক স্থিতি শক্তিশালী কৰিবৰ বাবে চাকৰিৰ উপৰিও আৰু কিছুমান বস্তু চম্ভালিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ ওপৰত অতিৰিক্ত দায়িত্ব ন্যস্ত কৰা হ’ব পাৰে।
স্বাস্থ্যৰ ক্ষেত্ৰত দ্য জাজমেণ্ট কাৰ্ডখনে চিকিৎসা আৰু কঠিন সময়ৰ পিছত উত্তম স্বাস্থ্যৰ দিশত আগবাঢ়ি যোৱাৰ সংকেত প্ৰদান কৰে। এই কাৰ্ডখেন আত্ন-নীৰিক্ষণ আৰু স্বাস্থ্যৰ প্ৰতি ব্যাপক দৃষ্টিভংগী ৰাখিবলৈ প্ৰেৰিত কৰে। এই কাৰ্ডখনে কয় যে আপুনি নিজৰ পুৰণি স্বাস্থ্যজনিত সমস্যাবোৰ নাইকিয়া কৰিবৰ বাবে সন্তুলিত জীৱনশৈলী আঁকোৱালি লোৱা উচিত।
ৰাশি অনুসৰি ফেংশ্যুই চাৰ্ম: बुद्धा की मूर्तियां ।
সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ
আমি আশা ৰাখিছোঁ যে আপুনি আমাৰ এই প্ৰৱন্ধটো নিশ্চয় ভাল পাইছে। এষ্ট্ৰোচেজৰ সৈতে জড়িত হৈ থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ।
সঘনাই সোধা প্ৰশ্ন
1. হাই প্ৰিষ্টেচ এখন আধ্যাত্মিক কাৰ্ড নেকি?
হয়, দ্য হাই প্ৰিষ্টেচ এখন অতি আধ্যাত্মিক কাৰ্ড।
2. টেৰ’ত সকলোতকৈ প্ৰফেশ্যনেল কাৰ্ড কোনখন?
কিং অৱ পেণ্টাকলচ্।
3. টেৰ’ত কোনখন কাৰ্ডে ফাইটিং স্পিৰিটক দৰ্শায়?
ফাইৱ অৱ ৱেণ্ডচ্।
Astrological services for accurate answers and better feature
Astrological remedies to get rid of your problems
AstroSage on MobileAll Mobile Apps
- Horoscope 2026
- राशिफल 2026
- Calendar 2026
- Holidays 2026
- Shubh Muhurat 2026
- Saturn Transit 2026
- Ketu Transit 2026
- Jupiter Transit In Cancer
- Education Horoscope 2026
- Rahu Transit 2026
- ராசி பலன் 2026
- राशि भविष्य 2026
- રાશિફળ 2026
- রাশিফল 2026 (Rashifol 2026)
- ರಾಶಿಭವಿಷ್ಯ 2026
- రాశిఫలాలు 2026
- രാശിഫലം 2026
- Astrology 2026






