টেৰ’ সাপ্তাহিক ৰাশিফল (16-22 মাৰ্চ, 2025)

পৃথিৱীৰ বহুতো জনপ্ৰিয় টেৰ’ ৰীডাৰ আৰু জ্যোতিষীসকলে বিশ্বাস কৰে যে টেৰ’ই কেৱল ব্যক্তিৰ জীৱনৰ ভৱিষ্যতবাণী কৰাই নহয় লগতে মানুহক পথ প্ৰদৰ্শনো কৰে। কোৱা হয় যে টেৰ’ কাৰ্ড নিজৰ প্ৰতিপালন কৰাৰ আৰু নিজৰ বিষয়ে জনাৰ এক মাধ্য়ম।

টেৰ' সাপ্তাহিক ৰাশিফল

টেৰ’ই এই কথাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে যে আপুনি ক’ত আছিল, এতিয়া আপুনি ক’ত আছে আৰু কি স্থিতিত আছে আৰু আগন্তুক ভৱিষ্যতত আপোনাৰ সৈতে কি হ’ব পাৰে। ই আপোনাক শক্তিৰে পৰিপূৰ্ণ পৰিৱেশত প্ৰৱেশ কৰাৰ সুযোগ প্ৰদান কৰে আৰু নিজৰ ভৱিষ্যতৰ বাবে সঠিক বিকল্প বাছনি কৰাত সহায় কৰে। যিদৰে এক ভৰসাজনক পৰামৰ্শদাতাই আপোনাক নিজৰ ভিতৰলৈ জুমি চাবলৈ শিকায় সেইদৰে টেৰ’ইও আপোনাক নিজৰ আত্মাৰ সৈতে কথা পতাৰ সুযোগ দিয়ে।

আপোনাৰ এনে লাগিব পাৰে যে জীৱনৰ পথত আপুনি বিভ্ৰান্ত হৈ পৰিছে আৰু আপোনাক দিগদৰ্শন বা সহায়ৰ প্ৰয়োজন আছে। পূৰ্বতে আপুনি টেৰ’ক উপলুঙা কৰিছিল কিন্তু এতিয়া আপুনি ইয়াৰ সঠিকতাৰদ্বাৰা প্ৰভাৱিত হৈ পৰিছে অথবা আপুনি এগৰাকী জ্যোতিষী যাক মাৰ্গদৰ্শন বা দিগদৰ্শনৰ প্ৰয়োজন আছে। অথবা আপুনি নিজৰ সময় কটাবৰ বাবে কোনো নতুন চখৰ সন্ধানত আছে। এই কাৰণসমূহৰ বাবে বা অন্য কোনো কাৰণবশতঃ টেৰ’ৰ প্ৰতি মানুহৰ আগ্ৰহ যথেষ্ট বাঢ়ি গৈছে। টেৰ’ ডেকৰ78 খন কাৰ্ডৰ সহায়ত ভৱিষ্যতৰ বিষয়ে জানিব পৰা যায়। এই কাৰ্ডসমূহৰ সহায়ত আপুনি নিজৰ জীৱনৰ মাৰ্গদৰ্শন লাভ কৰিব পাৰে।

টেৰ’ৰ উৎপত্তি 15শ শতাব্দীত ইটালীত হৈছিল। আৰম্ভণিতে টেৰ’ক কেৱল মনোৰঞ্জন হিচাপে গণ্য কৰা হৈছিল আৰু ইয়াত আধ্যাত্মিক মাৰ্গদৰ্শনৰ গুৰুত্ব কম আছিল। অৱশ্যে, টেৰ’ কাৰ্ডৰ বাস্তৱিক ব্যৱহাৰ 16শ শতাব্দীত ইউৰোপত কোনো কোনো লোকৰদ্বাৰা কৰা হৈছিল যেতিয়া তেওঁলোকে জানিব পাৰিছিল যে কেনেদৰে 78খন কাৰ্ডৰ সহায়ত ভৱিষ্যতৰ বিষয়ে জানিব পৰা যায়, সেই সময়ৰপৰাই ইয়াৰ মহত্ব যথেষ্ট বৃদ্ধি পাইছিল।

টেৰ’ হৈছে এনে এক মাধ্যম যাৰ সহায়ত মানসিক আৰু আধ্যাত্মিক বিকাশ প্ৰাপ্ত কৰিব পাৰ যায়। আপুনি কোনো স্তৰত আধ্যাত্মিকতাৰ সৈতে, অলপমান নিজৰ অন্তৰাত্মাৰ সৈতে আৰু অলপমান নিজৰ অন্তৰ্জ্ঞান আৰু আত্ম-সংশোধন আনিবৰ বাবে আৰু বাহিৰৰ পৃথিৱীৰ সৈতে জড়িত হ’ব।

তেনেহ’লে আহক এই সপ্তাহৰ সাপ্তাহিক ৰাশিফল আৰম্ভ কৰোঁ আৰু 16মাৰ্চৰপৰা 22 মাৰ্চ, 2025 পৰ্য্যন্ত এই সপ্তাহটোৱে ৰাশি চক্ৰৰ 12 টা ৰাশিৰ বাবে কেনে ধৰণৰ ফলাফল লৈ আহিব সেই বিষয়ে অৱগত হওঁ।

এয়াও পঢ়ক: ৰাশিফল 2025

পৃথিৱীৰ বিদ্বান টেৰ’ ৰীডাৰসকলৰ সৈতে কল/চাট্-ত কথা পাতক আৰু জানক কেৰিয়াৰ সম্পৰ্কীয় সকলোবোৰ তথ্য

টেৰ’সাপ্তাহিক ৰাশিফল 16 মাৰ্চৰপৰা 22 মাৰ্চ, 2025: ৰাশি অনুসৰি ৰাশিফল

মেষ ৰাশি

প্ৰেম জীৱন: টু অৱ ৱেণ্ডচ্

আৰ্থিক জীৱন: জাজমেণ্ট

কেৰিয়াৰ: দ্য চেৰিয়ট

স্বাস্থ্য:হুইল অৱ ফৰচ্যুন

টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰি টু অৱ ৱেণ্ডচ্ কাৰ্ডখনে সংকেত প্ৰদান কৰে যে আপুনি নিজৰ সম্পৰ্কক লৈ অসন্তুষ্ট বা অসহজ অনুভৱ কৰিব পাৰে। এই কাৰ্ডখনে নতুন সম্পৰ্কৰ প্ৰতি আগবঢ়াৰ অথবা বৰ্তমান সম্পৰ্কত থকাৰ মাজত সিদ্ধান্ত লোৱাৰ স্থিতিক দৰ্শায়।

বিত্তৰ ক্ষেত্ৰত দ্য জাজমেণ্ট কাৰ্ডখনে সূচিত কৰে যে আপুনি ভাবি-চিন্তি সিদ্ধান্ত গ্ৰহণ কৰা উচিত, আৱেগৰ বশৱৰ্তী হৈ কোনো কৰাটো উচিত নহ’ব আৰু যদিহে আপুনি ধনৰ ক্ষেত্ৰত সৎ আৰু পৰিপক্ক হয়, তেনেহ’লে আপুনি নিজৰ বিত্তীয় সমস্যাসমূহ সমাধান কৰিবলৈ সক্ষম হ’ব।

কেৰিয়াৰৰ দিশত মেষ ৰাশি ৰ জাতকসকলে দ্য চেৰিয়ট কাৰ্ডখন প্ৰাপ্ত কৰিছে যি সফল হোৱাৰ ইচ্ছা, প্ৰত্যাহ্বান অতিক্ৰম কৰাৰ আৰু নিজৰ লক্ষ্যত উপনীত হ’বৰ বাবে অনুপ্ৰাণিত হোৱাৰ সংকেত দিয়ে। এই কাৰ্ডখনে দৰ্শায় যে আপোনাৰ ওচৰত নিজৰ লক্ষ্যত উপনীত হ’বৰ বাবে প্ৰেৰণা আৰু আত্ম-নিয়ন্ত্ৰণ আছে।

স্বাস্থ্যৰ দিশপৰা আপুনি হুইল অৱ ফৰচ্যুন কাৰ্ডখন লাভ কৰিছে যি স্বাস্থ্যৰ পৰিৱৰ্তনৰ সংকেত প্ৰদান কৰে। এই কাৰ্ডখনৰ মতে আপোনাৰ স্থিতিৰ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে। এই কাৰ্ডখনে কোনো ৰোগৰপৰা উপশম মুক্তি পোৱাৰ, নতুন স্বাস্থ্যৰ স্থিতিত প্ৰৱেশ কৰাৰ আৰু পৰিস্থিতি সন্তুলিত কৰিবৰ বাবে জীৱনশৈলীলৈ কোনো পৰিৱৰ্তন অনাৰ আৱশ্যকতাক সূচিত কৰে।

শুভ সংখ্যা: 18

বৃষ ৰাশি

প্ৰেম জীৱন: দ্য ষ্টাৰ

আৰ্থিক জীৱন: টু অৱ স্ৱৰডচ্

কেৰিয়াৰ: এচ অৱ কপচ্

স্বাস্থ্য: এট অৱ স্ৱৰডচ্

প্ৰেম জীৱনত বৃষ ৰাশি ৰ জাতকসকলে প্ৰাপ্ত কৰিছে দ্য ষ্টাৰ কাৰ্ডখন যাৰ মতে আপোনাৰ ৰোমাণ্টিক সম্পৰ্ক শক্তিশালী হ’ব। যদিহে আপুনি চিংগল তেনেহ’লে আপুনি নিজৰ পুৰণি সম্পৰ্কৰ বোজাৰপৰা বাহিৰলৈ আহিব পাৰিব। ইয়াৰ জৰিয়তে আপুনি অধিক সুযোগ লাভ কৰিব আৰু আপুনি নতুন মানুহ লগ পাব।

টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰিধনৰ ক্ষেত্ৰত টু অৱ স্ৱৰডচ্ কাৰ্ডখনে কয় যে আপুনি বাস্তৱৰ সৈতে সম্মুখীন হোৱাৰপৰা পলায়ন কৰিছে অথবা আপোনাৰ ভিতৰত ইয়াৰ সম্মুখীন হ’বলৈ ক্ষমতা নাই। যদিহে আপুনি এইখিনি সময়ত কোনো আৰ্থিক সমস্যাৰ সম্মুখীন হৈছে তেনেহ’লে আপুনি সেয়া উপেক্ষা কৰাটো উচিত নহ’ব।

এচ্ অৱ কপচ্ কাৰ্ডখনে নতুন সম্ভাৱনা আৰু ভাল চিন্তাক সূচিত কৰে। কেৰিয়াৰৰ ক্ষেত্ৰত আপুনি এই চিন্তাক বিভিন্ন ধৰণেৰে চাব পাৰে। চাকৰিৰ সন্ধান কৰি থকা জাতকসকলৰ বাবে এই কাৰ্ডখনে কেৰিয়াৰৰ ক্ষেত্ৰত নতুন আৰম্ভণিৰ সংকেত দিয়ে।

এট অৱ স্ৱৰডচ্ ৰিভাৰ্চড্ কাৰ্ডখনে আপোনাক ৰোগৰপৰা আৰোগ্য হোৱাৰ, মানসিকভাৱে শক্তিশালী হৈ থকাৰ আৰু চিন্তাৰপৰা মুক্তি পোৱাৰ পথ প্ৰদৰ্শন কৰিছে। ইয়াৰ লগতে, এই কাৰ্ডখনে আপোনাক মনত পেলাই দিয়ে যে আপুনি আৰোগ্য হ’বৰ বাবে আৰু স্বাস্থ্যকৰ জীৱন জীয়াবৰ বাবে সক্ষম।

শুভ সংখ্যা: 6

বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ

মিথুন ৰাশি

প্ৰেম জীৱন: দ্য এম্প্ৰেচ

আৰ্থিক জীৱন: এট অৱ ৱেণ্ডচ্

কেৰিয়াৰ: পে’জ অৱ কপচ্

স্বাস্থ্য: দ্য চান

প্ৰেম জীৱনত মিথুন ৰাশি ৰ জাতকসকলে দ্য এম্প্ৰেচ কাৰ্ডখন লাভ কৰিছে যি বিবাহ, অংশীদাৰিত্ব আৰু প্ৰেমৰ সৈতে সম্পৰ্কিত। এই কাৰ্ডখনে আপোনাৰ বাবে নতুন সম্পৰ্কৰ আৰম্ভণি বা আপোনাৰ বৰ্তমানৰ সম্পৰ্কৰ বিকাশ বা সম্পৰ্কৰ সফলতাৰ সংকেত প্ৰদান কৰে। এই কাৰ্ডখন প্ৰেম, প্ৰজনন ক্ষমতা আৰু মাতৃত্বৰো প্ৰতীক হ’ব পাৰে।

এট অৱ ৱেণ্ডচ্ কাৰ্ডখনৰ গতি আপোনাৰ ধনৰ সৈতে জড়িত। এই সময়খিনিত যিমান দ্ৰুততাৰে আপোনাৰ ওচৰলৈ ধন আহিব সিমান দ্ৰুততাৰে আপোনাৰ হাতৰপৰা ওলায়ো যাব। এই কাৰ্ডখন এইখিনি সময়ত আপোনাৰ আকৰ্ষণীয় যেন লাগিব পাৰে কিন্তু আপুনি আৱেগৰ বশৱৰ্তী হৈ ধন ব্যয় কৰাটো এই সময়খিনিত পৰিহাৰ কৰিব লাগিব।

দ্য পে’জ অৱ কপচ্ কাৰ্ডখনেটেৰ’সাপ্তাহিক ৰাশিফল অনুসৰিশুভ বাৰ্তা আৰু চাকৰিৰ পৰিৱৰ্তনৰ সংকেত প্ৰদান কৰিছে। এই কাৰ্ডখন বিশেষভাৱে সেইসকল লোকৰ বাবে যিসকলে কেৰিয়াৰ সলনি কৰাৰ কথা ভাবি আছে। ইয়াৰ উপৰিও এই কাৰ্ডখনে এই কথাৰো সংকেত দিয়ে যে আপুনি চাকৰিৰ বাবে আৱেদন কৰাৰ ক্ষেত্ৰত বা প্ৰমোশ্যন লাভ কৰাত সফলতা লাভ কৰিব পাৰিব।

দ্য চান কাৰ্ডখন হৈছে জীৱনশক্তি, শান্তি আৰু উত্তম স্বাস্থ্যৰ প্ৰতীক। এই কাৰ্ডখনে কয় যে আপুনি এতিয়া অতি শীঘ্ৰেই সুস্বাস্থ্য লাভ কৰিব আৰু পূৰ্বতকৈ অধিক স্বাস্থ্যৱান অনুভৱ কৰিব। ইয়াৰ উপৰিও এই সময়খিনিত আপোনাৰ আধ্যাত্মিক আৰু ব্যক্তিগত বিকাশো হ’ব।

শুভ সংখ্যা: 5

কৰ্কট ৰাশি

প্ৰেম জীৱন: নাইট অৱ স্ৱৰডচ্

আৰ্থিক জীৱন: চিক্স অৱ কপচ্

কেৰিয়াৰ: দ্য এম্পেৰৰ

স্বাস্থ্য: এট অৱ কপচ্

কৰ্কট ৰাশি ৰ জাতকসকলে প্ৰেমৰ ক্ষেত্ৰত নাইট অৱ স্ৱৰডচ্ কাৰ্ড লাভ কৰিছে। এই কাৰ্ডখনৰ মতে আপোনাৰ সঙ্গীগৰাকী সাহসী, সৰল আৰু বুদ্ধিমান হ’ব পাৰে অথবা আপোনৰ ভিতৰত এই গুণসমূহ থাকিব পাৰে। এই কাৰ্ডখনে আত্মবিশ্বাসেৰে পৰিপূৰ্ণ আৰু সাহসী প্ৰেমিক বা প্ৰেমিকা হোৱাৰ অথবা আপোনাক এই ধৰণৰ সম্পৰ্কলৈ অহাৰ সংকেত প্ৰদান কৰে।

টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰিচিক্স অৱ কপচ্ কাৰ্ডখনে দান বা উপহাৰৰ দিয়া-লোৱাৰ সংকেত দিয়ে। এই কাৰ্ডখনৰ মতে আপুনি পৈতৃক সম্পত্তিও লাভ কৰিব পাৰে। চিক্স অৱ কপচ্ কাৰ্ডখন তেতিয়া প্ৰদৰ্শিত হয় যেতিয়া আপুনি উইল বা দলিলৰ বিষয়ে বা ইয়াক প্ৰস্তুত কৰাৰ কথা চিন্তা কৰে। আপুনি নিজৰ পিতৃ-মাতৃৰ ঘৰত গৈ থাকিলে নিজৰ বাবে অধিক ধন সঞ্চয় কৰিব পাৰিব। আনফালে আপুনি নিজৰ ঘৰলৈ পৰিয়ালৰ সদস্যসকলক পুণৰ মাতিব পাৰে আৰু নিজৰ সংসাধনসমূহ ভগাই ল’ব পাৰে।

আপুনি নিজৰ কেৰিয়াৰত কঠোৰ পৰিশ্ৰম, মনোযোগ আৰু ব্যৱস্থিত দৃষ্টিভংগীৰদ্বাৰা সফলতা প্ৰাপ্ত কৰাৰ আশা কৰিব পাৰে। যদিহে বৰ্তমান সময়ত আপোনাৰ কৰ্মক্ষেত্ৰ বা আপোনাৰ কাম কৰাৰ প্ৰক্ৰিয়া কিছু অব্যৱস্থিত বা চিন্তনীয় তেনেহ’লে এতিয়া আপুনি লেকাম নিজৰ হাতত লোৱাটো আপোনাৰ বাবে লাভজনক হ’ব আৰু আপুনি কাম কৰিবৰ বাবে নতুন পৰিকাঠামো নিৰ্মাণ কৰিব পাৰে। ইয়াৰদ্বাৰা আপুনি আৰু আপোনাৰ সহকৰ্মীসকলে ভালদৰে কাম কৰিবৰ বাবে সহায় লাভ কৰিব। এই কাৰ্ডখনৰ মতে আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত জেষ্ঠ্য সহকৰ্মী বা তত্ত্বাৱধায়কৰপৰা নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত মাৰ্গদৰ্শন বা সহায়তা লাভ কৰাৰ যোগ আছে।

স্বাস্থ্যৰ দিশত আপুনি এট অৱ কপচ্ কাৰ্ড লাভ কৰিছে যাৰ মতে আপুনি এই সময়ছোৱাত আৱেগিকভাৱে চাপৰ সম্মুখীন হ’ব পাৰে। আপুনি থেৰাপী বা ধ্যানৰ জৰিয়তে কিছু উপশম পোৱাৰ আশা আছে। যদিহে আপোনাৰ এনে লাগে যে কথা পাতিলে আপোনাৰ ভাল লাগিব বা সকাহ অনুভৱ কৰিব, তেনেহ’লে আপুনি নিজৰ ঘনিষ্ঠ বন্ধু বা পৰিয়ালৰ কোনো সদস্যৰ সৈতে কথা পতা উচিত।

শুভ সংখ্যা: 20

পাওক আপোনাৰ কুণ্ডলী আধাৰিত সঠিক শনি প্ৰতিৱেদন

সিংহ ৰাশি

প্ৰেম জীৱন: চেভেন অৱ ৱেণ্ডচ্

আৰ্থিক জীৱন: নাইন অৱ পেণ্টাকলচ্

কেৰিয়াৰ: কুইন অৱ স্ৱৰডচ্

স্বাস্থ্য: দ্য হাৰ্মিট

সিংহ ৰাশিৰ জাতকসকলে প্ৰেম জীৱনত চেভেন অৱ ৱেণ্ডচ্ কাৰ্ডখন লাভ কৰিছে যি সাধাৰণতে সূচিত কৰে যে আপুনি নিজৰ সম্পৰ্কটো বচাবলৈ চেষ্টা কৰা উচিত। ইয়াৰ ভিতৰত বাহ্যিক চাপ বা প্ৰতিদ্বন্দীসকলৰ সৈতে মোকাবিলা কৰাটো অন্তৰ্ভুক্ত থাকিব পাৰে। আপুনি কিছুমান সীমা নিৰ্দ্ধাৰণ কৰি আৰু নিজৰ প্ৰয়োজনীয়তাসমূহ সঠিকভাৱে ব্যক্ত কৰি নিজৰ প্ৰেমৰ বাবে যুঁজ দিব লাগিব আৰু শক্তিশালী হৈ থাকিব লাগিব।

টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰিআৰ্থিক দিশৰ ক্ষেত্ৰত নাইন অৱ পেণ্টাকলচ্ কাৰ্ডখনে প্ৰকাশ কৰে যে আপুনি নিজৰ কঠোৰ পৰিশ্ৰম আৰু সাৱধানীপূৰ্বকভাৱে পৰিকল্পনা প্ৰস্তুত কৰি চলাৰ বাবে বিত্তীয় সুৰক্ষা, স্ৱতন্ত্ৰতা আৰু স্থিৰতা প্ৰাপ্ত কৰিছে। এই কাৰ্ডখনে সংকেত প্ৰদান কৰে যে আপুনি এক এনে স্থিতিত উপনীত হৈছে, য’ত আপুনি কোনো চিন্তা নকৰাকৈ ভৌতিক সুখ-সুবিধা আৰু বিলাসিতাৰ আনন্দ ল’ব পাৰে। এই কাৰ্ডখনে বিত্তীয় সফলতা অৰ্জন কৰাৰ সূচিত কৰে।

কেৰিয়াৰৰ টেৰ’ ৰীডিঙত কুইন অৱ স্ৱৰডচ্ কাৰ্ডখনে আপোনাৰ বা কোনো অধিক অভিজ্ঞতাসম্পন্ন ব্যক্তিৰ প্ৰতিনিধিত্ব কৰিব পাৰে। এই ব্যক্তিগৰাকী তথ্যসমৃদ্ধ, ভৰসাজনক আৰু গুৰুত্বপূৰ্ণ আলোচনা বা সমীক্ষা প্ৰদান কৰিবৰ বাবে সক্ষম হ’ব। তেওঁ আপোনাক কেৰিয়াৰৰ ক্ষেত্ৰত উন্নতি লাভ কৰিবৰ বাবে উন্নত পৰামৰ্শ আগবঢ়াব পাৰে।

স্বাস্থ্যৰ দিশত দ্য হাৰ্মিট কাৰ্ডখনে আপোনাক সোঁৱৰাই দিয়ে যে স্বাস্থ্যৰ প্ৰতি আপুনি অত্যাধিক কৰাটো পৰিহাৰ কৰিব লাগিব। যেতিয়া আমি কামৰ মাজত বিৰতি লোৱাটো পৰিহাৰ কৰোঁ তেতিয়া ইয়াৰ প্ৰভাৱ আমাৰ স্বাস্থ্যৰ ওপৰত পৰে। লাগিলে আপুনি মাত্ৰ কেইমিনিটমানৰ কাৰণে লওক ব্ৰেক্, দ্য হাৰ্মিট কাৰ্ডখনে আপোনাক নিজৰ সময়সূচীৰপৰা কিছু সময় উলিয়াই আৰাম কৰিবলৈ আৰু শৰীৰৰ লগতে মনৰ সৈতে সংযুক্ত হৈ থাকিবলৈ পৰামৰ্শ দিছে।

শুভ সংখ্যা: 10

কন্যা ৰাশি

প্ৰেম জীৱন: হুইল অৱ ফৰচ্যুন

আৰ্থিক জীৱন: দ্য চেৰিয়ট

কেৰিয়াৰ: জাজমেণ্ট

স্বাস্থ্য: টু অৱ ৱেণ্ডচ্

কন্যা ৰাশি ৰ জাতকসকলে প্ৰেম জীৱনতহুই অৱ ফৰচ্যুন কাৰ্ড প্ৰাপ্ত কৰিছে যি অধিকাংশ পৰিস্থিতিত ইতিবাচক হয় কিন্তু এই কাৰ্ডখনে প্ৰতিকূল প্ৰভাৱৰ সংকেতো কেতিয়াবা দিব পাৰে। আপোনাৰ সম্পৰ্কৰ বাবে এয়া পৰীক্ষাৰ সময় হ’ব পাৰে আৰু আপোনালোক দুয়োৱে একেলগে থাকিবৰ বাবে যথেষ্ট কষ্ট কৰাৰ বা কোনো ত্যাগ কৰাৰ প্ৰয়োজন হ’ব পাৰে। যদিহে আপোনালোক দুয়োৱে একেলগে মিলি জীৱনৰ উত্থান-পতনবোৰ চম্ভালি ল’বলৈ শিকে, তেনেহ’লে ইয়াৰদ্বাৰা আপোনালোকৰ সম্পৰ্ক অধিক শক্তিশালী আৰু গভীৰ হ’ব।

বিত্তৰ ক্ষেত্ৰত দ্য চেৰিয়ট কাৰ্ডখনে আপোনাক নিজৰ আৰ্থিক সমস্যাবোৰৰ সৈতে মোকাবিলা কৰিবৰ বাবে মনোযোগ কেন্দ্ৰিত কৰি ৰাখিবলৈ আৰু দৃঢ় হ’বলৈ পৰামৰ্শ দিয়ে। এই কাৰ্ডখনে ধনৰ পৰিচালনা কৰা, পৰিপক্কভাৱে বিনিয়োগ কৰা আৰু বিত্তীয় বাধাসমূহ অতিক্ৰম কৰাক সূচিত কৰে।

কেৰিয়াৰৰ ক্ষেত্ৰত জাজমেণ্ট কাৰ্ডখনে আত্ম-মূল্যাংকন আৰু সমীক্ষা কৰা বা কেৰিয়াৰৰ কোনো ডাঙৰ পৰিৱৰ্তনৰ সম্ভাৱনাক সূচিত কৰে। এই কাৰ্ডখনে আপোনাৰ পদোন্নতি বা নতুন সুযোগ লাভৰ সংকেত দিয়ে। ইয়াৰ উপৰিও আপুনি নিজৰ বৰ্তমানৰ কেৰিয়াৰক লৈ কোনো অভিজ্ঞতা লাভ কৰিব পাৰে যাৰদ্বাৰা আপোনাৰ কেৰিয়াৰৰ দিশৰ পুণৰ মূল্যায়ন কৰাৰ বা কোনো প্ৰয়োজনীয় পৰিৱৰ্তন কৰাৰ কথা আপুনি ভাবিব পাৰে।

টু অৱ ৱেণ্ডচ কাৰ্ডখনে স্বাস্থ্যৰ ক্ষেত্ৰত দীৰ্ঘকালীন উদ্দেশ্যসমূহৰ প্ৰতি মনোযোগ ৰখাৰ পৰামৰ্শ দিয়ে। এই কাৰ্ডখনে এই কথাৰো সংকেত প্ৰদান কৰে যে আপুনি নিজৰ কমফ’ৰ্ট জ’নৰপৰা বাহিৰলৈ ওলোৱাৰ বা কোনো নতুন স্বাস্থ্যগত কৌশল আঁকোৱালি লোৱাৰ প্ৰয়োজনীয়তা আছে।

শুভ সংখ্যা: 32

তুলা ৰাশি

প্ৰেম জীৱন: নাইট অৱ ৱেণ্ডচ্

আৰ্থিক জীৱন: পে’জ অৱ কপচ্

কেৰিয়াৰ: ফ’ৰ অৱ পেণ্টাকলচ্

স্বাস্থ্য: চিক্স অৱ স্ৱৰডচ্

নাইট অৱ ৱেণ্ড কাৰ্ডখন হৈছে প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত উদ্যম আৰুপৰিকল্পনাৰ প্ৰতীক। এই কাৰ্ডখনে প্ৰকাশ কৰে যে আপোনালোকৰ সম্পৰ্ক শক্তিশালী কৰি তুলিবৰ বাবে আপোনালোক দুয়োৱে সময় দিয়াৰ আৰু প্ৰয়াস কৰাৰ আৱশ্যকতা আছএ। এই কাৰ্ডখনে এয়াও সংকেত দিয়ে যে আপুনি আৰু আপোনাৰ সঙ্গীয়ে একেলগে যাত্ৰা কৰিব পাৰে অথবা কোনো নতুন অভিজ্ঞতা ল’ব পাৰে।

পে’জ অৱ কপচ কাৰ্ডখনে সপোন দেখা আৰু অবাস্তৱিক বিত্তীয় প্ৰতীক্ষা কৰাক দৰ্শায়। আপুনি লটাৰী বা কোনো আন বিপদাশংকা থকা বিনিয়োগৰ জৰিয়তে নিজৰ ইচ্ছাসমূহ পূৰণ কৰাৰ সলনি নিজৰ ভৱিষ্যতৰ বাবে ব্যৱহাৰিক বস্তুৰ ওপৰত মনোযোগ কেন্দ্ৰিত কৰা আৰু এটা সময়ত এটা লক্ষ্যৰ ওপৰত ধ্যান নিৱিষ্ট কৰা উচিত।

চাকৰিৰ ক্ষেত্ৰত আপুনি ফ’ৰ অৱ পেণ্টাকলচ্ কাৰ্ডখন প্ৰাপ্ত কৰিছে যাৰ অৰ্থ হৈছে এতিয়া আপুনি অৱশেষত নিজৰ বৃত্তিৰ ক্ষেত্ৰত কিছু সুৰক্ষা বা স্থিৰতা প্ৰাপ্ত কৰিছে। যদিহে আপুনি পূৰ্বে এই স্থিৰতা লাভ কৰাত সমস্যাৰ সম্মুখীন হৈছিল অথবা এইটো আপোনাৰ প্ৰথম চাকৰি তেনেহ’লে আপুনি এতিয়াও নিজৰ পদক লৈ আশংকিত হ’ব পাৰে। ইয়াৰ ফলস্বৰূপে আপুনি সতৰ্ক, অসহজ আৰু সন্দেহবাদী হ’ব পাৰে। যদিহে আপুনি ইয়াক নিয়ন্ত্ৰণৰ বাহিৰলৈ যাবলৈ দিয়ে তেনেহ’লে আপুনি অধিক লোকচানৰ সম্মুখীন হ’ব পাৰে।

টেৰ’ কাৰিড ৰীডিঙত চিক্স অৱ স্ৱৰডচ্ কাৰ্ডখনে স্বাস্থ্যৱান হ’বৰ বাবে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰাৰ সংকেত প্ৰদান কৰিছে।টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰিইয়াৰ অৰ্থ হৈছে আপোনাৰ স্বাস্থ্যলৈ লাহে লাহে শুধৰণি আহিব অথবা আপুনি কোনো ৰোগৰপৰা আৰোগ্য হ’ব। এই কাৰ্ডখনে আৰাম কৰাৰ প্ৰয়োজনীয়তা আৰু মজবুত স্বাস্থ্য়ৰ দিশত আগবঢ়াৰ প্ৰতি সংকেত দিয়ে।

শুভ সংখ্যা: 33

বৃশ্চিক ৰাশি

প্ৰেম জীৱন: থ্ৰী অৱ স্ৱৰডচ্

আৰ্থিক জীৱন: এট অৱ কপচ্

কেৰিয়াৰ: ফাইৱ অৱ পেণ্টাকলচ্

স্বাস্থ্য: টু অৱ কপচ্

বৃশ্চিক ৰাশি ৰ জাতকসকলে প্ৰেম জীৱনত থ্ৰী অৱ স্ৱৰডচ্ আপৰাইট কাৰ্ড লাভ কৰিছে যি হৃদয় ভঙাৰ, দুখৰ আৰু সম্পৰ্কত কাজিয়া হোৱাৰ কথা সূচিত কৰে। এই কাৰ্ডখনে সমস্য়া, ভুল বুজাবুজি বা প্ৰতাৰণাকো দৰ্শায়। যিকোনো ধৰণৰ সমস্যা সমাধান কৰিবৰ বাবে আৰু সম্পৰ্ক উন্নত কৰিবৰ বাবে, এই কাৰ্ডখনে আপোনাক আপোনাৰ সঙ্গীৰ সৈতে খোলাখুলিকৈ আৰু স্পষ্টকৈ কথা পাতিবলৈ পৰামৰ্শ দিছে।

বিত্তৰ ক্ষেত্ৰত এট অৱ কপচ্ কাৰ্ডখনে সূচিত কৰে যে আপুনি নিজৰ বিত্তীয় স্থিতিক অসন্তুষ্ট হ’ব পাৰে। এই কাৰ্ডখনে সংকেত দিয়ে যে আপুনি কোনো কেৰিয়াৰ বাব বিনিয়োগৰপৰা বাহিৰলৈ ওলাই অহাৰ কথা চিন্তা কৰিব পাৰে যি সুৰক্ষিত, কিন্তু আপুনি তাত অসন্তুষ্ট হ’ব পাৰে।

কেৰিয়াৰৰ ৰীডিঙত ফাইৱ অৱ পেণ্টাকলচ্ কাৰ্ডখনে বিত্তীয় অস্থিৰতা, চাকৰিৰ অসুৰক্ষা বা সুযোগৰ অভাৱক দৰ্শায়। ইয়াৰ ফলস্বৰূপে প্ৰায়েই কৰ্মক্ষেত্ৰত উপেক্ষা বা বহিষ্কাৰৰ চিন্তা মনলৈ আহি থাকিব পাৰে। এই কাৰ্ডখনে ইয়াৰো সংকেত দিয়ে যে আপোনাৰ চাকৰি যাব পাৰে, আপুনি বেলেগ চাকৰি বিচাৰিবলগীয়া হ’ব পাৰে অথবা উপাৰ্জনৰ এক স্থিৰ উৎস ৰখাত সমস্যা হ’ব পাৰে।

টু অৱ কপচ্ কাৰ্ডখনে স্বাস্থ্যৰ ক্ষেত্ৰত সন্তুলন দেখুৱাইছে। এই কাৰ্ডখনে কয় যে যদিহে আপুনি কোনো দীৰ্ঘকালীন বেমাৰ বা স্বাস্থঅযজনিত সমস্যাৰ সৈতে যুঁজি আছে তেনেহ’লে এতিয়া তাৰপৰা সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰিব। দৈনন্দিত চাপে কেতিয়াবা নতুন বেমাৰৰ জন্ম দিব পাৰে অথবা পুৰণা বেমাৰ বৃদ্ধি কৰিব পাৰে সেয়েহে ইয়াৰপৰা বাচি থাকক।

শুভ সংখ্যা: 27

কেৰিয়াৰক লৈ হৈ আঠে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন

ধনু ৰাশি

প্ৰেম জীৱন: টু অৱ পেণ্টাকলচ্

আৰ্থিক জীৱন: টু অৱ স্ৱৰডচ্

কেৰিয়াৰ: এট অৱ ৱেণ্ডচ্

স্বাস্থ্য: নাইন অৱ স্ৱৰডচ্

ধনু ৰাশি ৰ জাতকসকলে প্ৰেম জীৱনত টু অৱ পেণ্টাকলচ্ কাৰ্ডখন প্ৰাপ্ত কৰিছে যি কয় যে আপুনি এতিয়া বা অতি শীঘ্ৰেই প্ৰতিশ্ৰুতিৱদ্ধ, অনুকূল আৰু সুখময় সম্পৰ্কত সোমাব। আপুনি আৰু আপোনাৰ সঙ্গীৰ পৰস্পৰৰ সৈতে সকলো কথাত একমত নহ’ব পাৰে বা দুয়োৰে ভিন ভিন প্ৰাথমিকতা থাকিব পাৰে, কিন্তু তথাপিও আপোনালোক দুয়োৱে নিজৰ নিজৰ মতভেদসমূহ ভালদৰে চম্ভালিব পাৰিব আৰু ইজনে সিজৰ প্ৰয়োজনীয়তাসমূহৰ সৈতে সামঞ্জস্য ৰক্ষা কৰিবলৈ সক্ষম হ’ব।

বিত্তীয় জীৱনত প্ৰাপ্ত কৰা টু অৱ স্ৱৰডচ্ কাৰ্ডখনে প্ৰকাশ কৰে যে আপুনি বাস্তৱৰ সম্মুখীন হোৱাৰপৰা পলায়ন কৰিছে অথবা আপোনাৰ ভিতৰত ইয়াৰ সম্মুখীন হ’বৰ বাবে সাহস নাই। যদিহে আপুনি এইখিনি সময়ত কোনো আৰ্থিক সমস্যাৰ সম্মুখীন হৈছে তেনেহ’লে আপুনি সেয়া উপেক্ষা কৰাটো উচিত নহ’ব।

কেৰিয়াৰৰ ক্ষেত্ৰত দেখা যায় যে আপুনি এট অৱ ৱেণ্ডচ্ কাৰ্ড লাভ কৰিছে যি দ্ৰুত বিকাশ, গতি আৰু ৰোমাঞ্চকৰ নতুন সুযোগক দৰ্শায়। আন কথাত ক’ব পাৰি যে, আপুনি নিজৰ প্ৰচেষ্টাৰ ফল লাভ কৰিব আৰু আপুনি অনুকূল পৰিণামৰ লগতে কেৰিয়াৰত উন্নতি লাভ কৰাৰ আৰু ভৱিষ্যতে দ্ৰুত উন্নতি লাভ কৰাৰ সম্ভাৱনা আছে।

টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰি স্বাস্থ্য ৰীডিঙত আপুনি নাইন অৱ স্ৱৰডচ্ কাৰ্ডখন প্ৰাপ্ত কৰিছে যি সাধাৰণতে গভীৰ চিন্তা, অনিদ্ৰা, অত্যাধিক চাপ আৰু ভয়ৰ স্থিতিক সূচিত কৰে। ই প্ৰায়েই শাৰীৰিক লক্ষণ যেনে মূৰৰ বিষ, পেটৰ সৈতে জড়িত সমস্যা বা মানসিক চাপ ৰ বাবে হোৱা বেমাৰ আদিৰ সংকেত দিয়ে।

শুভ সংখ্যা: 3

মকৰ ৰাশি

প্ৰেম জীৱন: দ্য ৱৰ্ল্ড

আৰ্থিক জীৱন: পে’জ অৱ ৱেণ্ডচ্

কেৰিয়াৰ: থ্ৰী অৱ ৱেণ্ডচ্

স্বাস্থ্য: দ্য চান

প্ৰেম জীৱনত প্ৰাপ্ত দ্য ৱৰ্ল্ড কাৰ্ডখনে কয় যে আপোনাৰ সম্পৰ্কলৈ এনে কোনো ডাঙৰ পৰিৱৰ্তন আহিব পাৰে যাৰ বাবে আপুনি অলপো প্ৰস্তুত নাছিল। এই পৰিৱৰ্তন সদায় নেতিবাচক নহ’বও পাৰে কিন্তু আপুনি কিছুমান পৰিৱৰ্তন কৰাৰ প্ৰয়োজন হ’ব পাৰে। আপোনাৰ সম্পৰ্কৰ বাবে এই সময়খিনি পৰীক্ষাৰ সময় হ’ব পাৰে আৰু আপোনালোক দুয়োৱে পৰস্পৰৰ সৈতে একেলগে থাকিবৰ বাবে যথেষ্ট কষ্ট বা কোনো ত্যাগ কৰাৰ আৱশ্য়কতা হ’ব পাৰে।

বিত্তৰ ক্ষেত্ৰত পে’জ অৱ ৱেণ্ডচ্ কাৰ্ডখনে নতুন বিত্তীয় সুযোগ, উপাৰ্জনৰ সম্ভাব্য উৎসৰ বাবে নতুন চিনাত বা এক নতুন ব্যৱসায় আৰম্ভ কৰিবৰ বাবে উৎসাহিত কৰাক দৰ্শায়। এই সময়খিনি হৈছে ধন উপাৰ্জনৰ বাবে নতুন উপায়ৰ সন্ধান কৰাৰ সময়। কিন্তু এইক্ষেত্ৰত সাৱধান হওক আৰু কোনো পদক্ষেপ গ্ৰহণ কৰাৰ পূৰ্বে চাই লওক যে আপোনাৰ বিচাৰ বাস্তৱিকতাৰ ওপৰত আধাৰিত হয় নে নহয়।

থ্ৰী অৱ ৱেণ্ডচ্ টেৰ’ কাৰ্ডখনে বৃত্তিগত জীৱনৰ বিকাশ আৰু উন্নতিৰ সময়ক সূচিত কৰে। এই কাৰ্ডখনে আপোনাক বাধাসমূহ অতিক্ৰম কৰিবৰ বাবে আৰু নিজৰ কমফ’ৰ্ট জ’নৰপৰা বাহিৰলৈ ওলাই আহিবৰ বাবে অনুপ্ৰাণিত কৰে।

আপোনাৰ স্বাস্থ্যৰ বাবে কিছু ৰ’দ পুওৱাটো লাভজনক হ’ব কিন্তু অধিক ৰ’দ ল’লে আপোনাৰ লোকচানো হ’ব পাৰে। ৰ’দ ল’লে আপোনাৰ শৰীৰে ভিটামিন ডি গ্ৰহণ কৰিব পাৰিব যি স্বাস্থ্যৱান হাড়ৰ বাবে অতি প্ৰয়োজনীয়। ই শৰীৰত মেলাটনিন নিৰ্মাণ নিয়ন্ত্ৰিত কৰি আপোনাৰ মুড আৰু নিদ্ৰাৰ ধৰণৰ শুধৰণি কৰিব পাৰে।

শুভ সংখ্যা: 17

কুম্ভ ৰাশি

প্ৰেম জীৱন: টেম্পেৰেন্স

আৰ্থিক জীৱন: চিক্স অৱ পেণ্টাকলচ্

কেৰিয়াৰ: টেন অৱ পেণ্টাকলচ্

স্বাস্থ্য: নাইন অৱ ৱেণ্ডচ্

কুম্ভ ৰাশিৰ জাতকসকলে প্ৰেম জীৱনত দ্য টেম্পেৰেন্স কাৰ্ডখন লাভ কৰিছে যি সন্তুলিত আৰু স্বাস্থ্যৱান সম্পৰ্কক সূচিত কৰে। যদিহে আপুনি প্ৰেমৰ সম্পৰ্কত আছে তেনেহ’লে আপুনি এই সপ্তাহত প্ৰেমময় আৰু সন্তোষজনক সম্পৰ্কৰ আনন্দ উপভোগ কৰিব পাৰিব। ই জীৱনসঙ্গীৰ সৈতে সম্পৰ্কক দৰ্শায়। এই কাৰ্ডখনে চিংগল জাতকসকলক ডেটিং আৰু নিজৰ প্ৰতি যত্ন লোৱাৰ মাজত সন্তুলন ৰক্ষা কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে।

বিত্তৰ ক্ষেত্ৰত ক’ব পৰা যায় যে চিক্স অৱ পেণ্টাকলচ্ কাৰ্ডখন হৈছে সাধাৰণভাৱে কিবা দিয়াৰ আৰু প্ৰাপ্ত কৰাৰ প্ৰতীক। এই কাৰ্ডখনে উপাৰ্জনৰ সঠিক বিতৰণ কৰিবলৈ, নিজৰ বিত্তীয় স্থিতি স্থিৰভাৱে ৰাখি দান কৰিবলৈ আৰু আনৰ সহায় কৰিবলৈ বাবে কয়।

কেৰিয়াৰৰ দিশত টেন অৱ পেণ্টাকলচ্ কাৰ্ডখনে স্থিৰ, সুৰক্ষিত আৰু লাভদায়ক স্থিতিক দৰ্শায়। ইয়াৰ অৰ্থ হৈছে আপোনাৰ বৃত্তিগত জীৱনৰ বাবে এই সময়খিনি লাভজনক। এই কাৰ্ডখনে প্ৰায়েই কেৰিয়াৰৰ দীৰ্ঘকালীন লক্ষ্যসমূহ প্ৰাপ্ত কৰাৰ, কোনো সংস্থাত শক্তিশালী স্থিতি লাভ কৰাৰ সংকেত প্ৰদান কৰে। আপুনি এনে কোনো ব্যৱসায় আৰম্ভ কৰিব পাৰে যাৰ জৰিয়তে আপোনাৰ উত্তৰ প্ৰজন্মও সমৃদ্ধ হ’ব।

স্বাস্থ্যৰ ক্ষেত্ৰত নাইন অৱ ৱেণ্ডচ্ কাৰ্ডখনে শীঘ্ৰেই কোনো ৰোগৰপৰা বা আঘাতৰপৰা আৰোগ্য লাভ কৰাক সূচিত কৰে। এই কাৰ্ডখনে স্বাস্থ্যৰ ক্ষেত্ৰত কিছুমান সীমা নিৰ্দ্ধাৰণ কৰাৰ আৰু নিজৰ প্ৰতি যত্ন লোৱাক অগ্ৰাধিকাৰ দিয়াৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে যাতে আপুনি আগলৈ আৰু চাপৰ সম্মুখীন নহয়। লগতে এই কাৰ্ডখনে কিছু শিথিল হোৱাৰ, সমস্যাৰ সৈতে মোকাবিলা কৰিবৰ বাবে দৃঢ় হোৱাৰ আৰু পুণৰ সম্পূৰ্ণৰূপে স্বাস্থ্যৱান হ’বৰ বাবে সতৰ্ক হৈ থকাক দৰ্শায়।

শুভ সংখ্যা: 26

মীন ৰাশি

প্ৰেম জীৱন: দ্য এম্প্ৰেচ

আৰ্থিক জীৱন: জাষ্টিচ

কেৰিয়াৰ: পে’জ অৱ পেণ্টাকলচ্

স্বাস্থ্য: দ্য ডেভিল

প্ৰেম জীৱনত মীন ৰাশিৰ জাতকসকলে প্ৰাপ্ত কৰিছে দ্য এম্প্ৰেচ কাৰ্ডখন যি হৈছে গভীৰ সম্পৰ্কৰ প্ৰতীক। আপুনি নতুন সম্পৰ্কৰ আৰম্ভণি কৰিব পাৰে অথবা এই কাৰ্ডখনে বৰ্তমানৰ সম্পৰ্কৰ শক্তিশালী প্ৰতিশ্ৰুতিৱদ্ধতাৰ সংকেত প্ৰদান কৰে। এই কাৰ্ডখনে এনে ব্যক্তিক দৰ্শায় যি আৱেগিক আৰু সম্পৰ্ক এটা ভালদৰে চলাবৰ বাবে সক্ষম।

টেৰ’ ৰীডিঙত জাষ্টিচ কাৰ্ডখনে বিত্তীয় লেন-দেনৰ ক্ষেত্ৰত সততা, নিৰপেক্ষতা আৰু দায়িত্বশীল হোৱাৰ আৱশ্যকতাক প্ৰদৰ্শিত কৰে। এই কাৰ্ডখনে কয় যে আপুনি বিত্তীয় লেন-দেনৰ ক্ষেত্ৰত বিশেষকৈ ধনৰ সৈতে সম্পৰ্কিত আইনী বিষয়ত নৈতিকতা বজাই ৰখা উচিত আৰু নিৰপেক্ষ ফলাফলৰ বাবে অপেক্ষা কাৰ উচিত। আপোনাক নিজৰ বিত্তীয় বিষয়ত সৎপৰায়ণ হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।

পে’জ অৱ পেণ্টাকলচ্ কাৰ্ডখনে বৃত্তিগত জীৱনত কোনো নতুন সুযোগ বা কেৰিয়াৰৰ কোনো শুভ বাৰ্তাৰ সংকেত দিছে। এই কাৰ্ডখনে কয় যে আুনি আপোনাৰ সম্মুখলৈ অহা সুযোগবোৰৰ লাভ আদায় কৰা উচিত।

স্বাস্থ্যৰ দিশৰপৰা দ্য ডেভিল কাৰ্ডখনে বদঅভ্যাস যেনে অত্যাধিক খোৱা, নিচা সেৱন কৰা বা মদ সেৱন কৰা আদিৰ বাবে হোৱা বেয়া স্বাস্থ্যৰ প্ৰতি সংকেত দিয়ে। ইয়াৰ বাহিৰেও এই কাৰ্ডখনে মানসিক স্বাস্থ্য়ৰ সৈতে সম্পৰ্কিত সমস্যা যেনে ছিজ’ফ্ৰেনিয়া, বাইপোলাৰ ডিজঅৰ্ডাৰ, চিন্তা, পেনিক এটেক্ আৰু অৱসাদ আদিৰো সংকেত প্ৰদান কৰে। যদিহে আপুনি যিকোনো মানসিক স্বাস্থ্যজনিত সমস্যা অনুভৱ কৰিছে তেনেহ’লে আপুনি কেৱল কাৰ্ডৰ ওপৰত নিৰ্ভৰ নকৰিব। লগতে কোনো মানসিক স্বাস্থ্য বিশেষজ্ঞৰো সহায় লওক।

শুভ সংখ্যা: 12

সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ

আমি আশা ৰাখিছোঁ যে আপুনি আমাৰ এই প্ৰৱন্ধটো নিশ্চয় ভাল পাইছে। এষ্ট্ৰোচেজৰ সৈতে জড়িত হৈ থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ।

সঘনাই সোধা প্ৰশ্ন

1. টেৰ’ই কি কৰিব পাৰে?

টেৰ’ই সঠিক ভৱিষ্যতবাণী প্ৰদান কৰিব পাৰে।

2. টেৰ’ ডেকত কোনখন কাৰ্ডে বিবাহৰ বিষয়ে কয়?

দ্য ফ’ৰ অৱ ৱেণ্ডচ্ কাৰ্ডখনে।

3. টেৰ’ত কোনখন কাৰ্ডে সংসাধনশীলতাক দৰ্শায়?

দ্য মেজিচিয়ান কাৰ্ডখনে।

Astrological services for accurate answers and better feature

33% off

Dhruv Astro Software - 1 Year

'Dhruv Astro Software' brings you the most advanced astrology software features, delivered from Cloud.

Brihat Kundli
What will you get in 250+ pages Colored Brihat Kundli.
Finance
Are money matters a reason for the dark-circles under your eyes?
Ask A Question
Is there any question or problem lingering.
Career / Job
Worried about your career? don't know what is.
AstroSage Year Book
AstroSage Yearbook is a channel to fulfill your dreams and destiny.
Career Counselling
The CogniAstro Career Counselling Report is the most comprehensive report available on this topic.

Astrological remedies to get rid of your problems

Red Coral / Moonga
(3 Carat)

Ward off evil spirits and strengthen Mars.

Gemstones
Buy Genuine Gemstones at Best Prices.
Yantras
Energised Yantras for You.
Rudraksha
Original Rudraksha to Bless Your Way.
Feng Shui
Bring Good Luck to your Place with Feng Shui.
Mala
Praise the Lord with Divine Energies of Mala.
Jadi (Tree Roots)
Keep Your Place Holy with Jadi.

Buy Brihat Kundli

250+ pages

Brihat Kundli

AstroSage on MobileAll Mobile Apps

Buy Gemstones

Best quality gemstones with assurance of AstroSage.com

Buy Yantras

Take advantage of Yantra with assurance of AstroSage.com

Buy Feng Shui

Bring Good Luck to your Place with Feng Shui.from AstroSage.com

Buy Rudraksh

Best quality Rudraksh with assurance of AstroSage.com
Call NowTalk to
Astrologer
Chat NowChat with
Astrologer