টেৰ’ সাপ্তাহিক ৰাশিফল (13 -19 এপ্ৰিল, 2025)
পৃথিৱীৰ বহুতো জনপ্ৰিয় টেৰ’ ৰীডাৰ আৰু জ্যোতিষীসকলে বিশ্বাস কৰে যে টেৰ’ই কেৱল ব্যক্তিৰ জীৱনৰ ভৱিষ্যতবাণী কৰাই নহয় লগতে মানুহক পথ প্ৰদৰ্শনো কৰে। কোৱা হয় যে টেৰ’ কাৰ্ড নিজৰ প্ৰতিপালন কৰাৰ আৰু নিজৰ বিষয়ে জনাৰ এক মাধ্য়ম।

টেৰ’ই এই কথাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে যে আপুনি ক’ত আছিল, এতিয়া আপুনি ক’ত আছে আৰু কি স্থিতিত আছে আৰু আগন্তুক ভৱিষ্যতত আপোনাৰ সৈতে কি হ’ব পাৰে। ই আপোনাক শক্তিৰে পৰিপূৰ্ণ পৰিৱেশত প্ৰৱেশ কৰাৰ সুযোগ প্ৰদান কৰে আৰু নিজৰ ভৱিষ্যতৰ বাবে সঠিক বিকল্প বাছনি কৰাত সহায় কৰে। যিদৰে এক ভৰসাজনক পৰামৰ্শদাতাই আপোনাক নিজৰ ভিতৰলৈ জুমি চাবলৈ শিকায় সেইদৰে টেৰ’ইও আপোনাক নিজৰ আত্মাৰ সৈতে কথা পতাৰ সুযোগ দিয়ে।
আপোনাৰ এনে লাগিব পাৰে যে জীৱনৰ পথত আপুনি বিভ্ৰান্ত হৈ পৰিছে আৰু আপোনাক দিগদৰ্শন বা সহায়ৰ প্ৰয়োজন আছে। পূৰ্বতে আপুনি টেৰ’ক উপলুঙা কৰিছিল কিন্তু এতিয়া আপুনি ইয়াৰ সঠিকতাৰদ্বাৰা প্ৰভাৱিত হৈ পৰিছে অথবা আপুনি এগৰাকী জ্যোতিষী যাক মাৰ্গদৰ্শন বা দিগদৰ্শনৰ প্ৰয়োজন আছে। অথবা আপুনি নিজৰ সময় কটাবৰ বাবে কোনো নতুন চখৰ সন্ধানত আছে। এই কাৰণসমূহৰ বাবে বা অন্য কোনো কাৰণবশতঃ টেৰ’ৰ প্ৰতি মানুহৰ আগ্ৰহ যথেষ্ট বাঢ়ি গৈছে। টেৰ’ ডেকৰ78 খন কাৰ্ডৰ সহায়ত ভৱিষ্যতৰ বিষয়ে জানিব পৰা যায়। এই কাৰ্ডসমূহৰ সহায়ত আপুনি নিজৰ জীৱনৰ মাৰ্গদৰ্শন লাভ কৰিব পাৰে।
টেৰ’ৰ উৎপত্তি 15শ শতাব্দীত ইটালীত হৈছিল। আৰম্ভণিতে টেৰ’ক কেৱল মনোৰঞ্জন হিচাপে গণ্য কৰা হৈছিল আৰু ইয়াত আধ্যাত্মিক মাৰ্গদৰ্শনৰ গুৰুত্ব কম আছিল। অৱশ্যে, টেৰ’ কাৰ্ডৰ বাস্তৱিক ব্যৱহাৰ 16শ শতাব্দীত ইউৰোপত কোনো কোনো লোকৰদ্বাৰা কৰা হৈছিল যেতিয়া তেওঁলোকে জানিব পাৰিছিল যে কেনেদৰে 78খন কাৰ্ডৰ সহায়ত ভৱিষ্যতৰ বিষয়ে জানিব পৰা যায়, সেই সময়ৰপৰাই ইয়াৰ মহত্ব যথেষ্ট বৃদ্ধি পাইছিল।
টেৰ’ হৈছে এনে এক মাধ্যম যাৰ সহায়ত মানসিক আৰু আধ্যাত্মিক বিকাশ প্ৰাপ্ত কৰিব পৰা যায়। আপুনি কোনো স্তৰত আধ্যাত্মিকতাৰ সৈতে, অলপমান নিজৰ অন্তৰাত্মাৰ সৈতে আৰু অলপমান নিজৰ অন্তৰ্জ্ঞান আৰু আত্ম-সংশোধন আনিবৰ বাবে আৰু বাহিৰৰ পৃথিৱীৰ সৈতে জড়িত হ’ব।
তেনেহ’লে আহক এই সপ্তাহৰ সাপ্তাহিক ৰাশিফল আৰম্ভ কৰোঁ আৰু 13ৰপৰা 19 এপ্ৰিল, 2025 পৰ্য্যন্ত এই সপ্তাহটোৱে ৰাশি চক্ৰৰ 12 টা ৰাশিৰ বাবে কেনে ধৰণৰ ফলাফল লৈ আহিব সেই বিষয়ে অৱগত হওঁ।
এয়াও পঢ়ক: ৰাশিফল 2025
পৃথিৱীৰ বিদ্বান টেৰ’ ৰীডাৰসকলৰ সৈতে কল/চাট্-ত কথা পাতক আৰু জানক কেৰিয়াৰ সম্পৰ্কীয় সকলোবোৰ তথ্য
টেৰ’সাপ্তাহিক ৰাশিফল 13 ৰপৰা 19 এপ্ৰিল, 2025: ৰাশি অনুসৰি ৰাশিফল
মেষ ৰাশি
প্ৰেম জীৱন: দ্য মেজিচিয়ান
আৰ্থিক জীৱন: চিক্স অৱ ৱেণ্ডচ্
কেৰিয়াৰ: চেভেন অৱ পেণ্টাকলচ্
স্বাস্থ্য: ফাইৱ অৱ ৱেণ্ডচ্
মেষ ৰাশি ৰ জাতকসকলে প্ৰেম জীৱনত দ্য মেজিচিয়ান কাৰ্ডখন প্ৰাপ্ত কৰিছে যি দৰ্শায় যে আপুনি নিজৰ ৰোমাণ্টিক সপোনবোৰৰ ওপৰত মনোনিৱেশ আৰু সঠিক ধৰণে সাকাৰ কৰিব পাৰিব। এই কাৰ্ডখনে এক নতুন সম্পৰ্কৰ আৰম্ভণি, বৰ্তমানৰ সম্পৰ্কটো শক্তিশালী কৰাৰ বা নিজৰ ৰোমাণ্টিক সপোনবোৰ বাস্তৱায়িত কৰিবৰ বাবে কোনো পদক্ষেপ লোৱাৰ সংকেত দিয়ে।
টেৰ’ সাপ্তাহিক ৰাশিফল অনুসৰিচিক্স অৱ ৱেণ্ডচ কাৰ্ডখনে সফলতা, বিজয় আৰু অভিজ্ঞতাক দৰ্শায়। এই কাৰডখনে প্ৰকাশ কৰে যে এতিয়া আপুনি আৰ্থিক ৰূপত স্থিৰতা লাভ কৰিব। লগতে আপোনাৰ বেতন বৃদ্ধি আৰু পদোন্নতিৰ সম্ভাৱনা আছে।
কেৰিয়াৰৰ ক্ষেত্ৰত চেভেন অৱ পেণ্টাকলচ্ কাৰ্ডখনে কয় যে আপুনি নিজৰ কামত নিজস্ব প্ৰচেষ্টা ফল লাভ কৰিব আৰু লক্ষ্যত উপনীত হ’ব পাৰিব।
স্বাস্থ্যৰ ক্ষেত্ৰত ফাইৱ অৱ ৱেণ্ডচ্ কাৰ্ডখনে উপচাৰক সূচিত কৰে। আশা কৰা হৈছে যে আপুনি কোনো বেমাৰ বা স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজ দিয়াৰ পিছত সমস্যা আৰু সংঘৰ্ষৰপৰা মুক্তি পাব। তথাপি আপোনাক স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।
শুভ ধাতু: তাম আৰু সোণ
বৃষ ৰাশি
প্ৰেম জীৱন: দ্য হীৰ’ফেণ্ট
আৰ্থিক জীৱন: ফাইৱ অৱ স্ৱৰডচ্
কেৰিয়াৰ: চেভেন অৱ স্ৱৰডচ্
স্বাস্থ্য: থ্ৰী অৱ ৱেণ্ডচ্
প্ৰেম জীৱনত বৃষ ৰাশি ৰ জাতকসকলে দ্য হীৰ’ফেণ্ট কাৰ্ডখনে দৰ্শায় যে আপুনি নিজৰ সঙ্গীৰ প্ৰতি সম্পূৰ্ণ ৰূপে প্ৰতিশ্ৰুতিৱদ্ধ হৈ থাকিবৰ বাবে প্ৰস্তুত আৰু আপুনি নিজৰ প্ৰেমৰ সম্পৰ্কক বিবাহৰ সম্পৰ্কলৈ ৰূপান্তৰিত কৰিব বিচাৰে। আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজত ভাল পাৰস্পৰিক বুজাবুজি থাকিব।
এই সপ্তাহত বৃষ ৰাশিত জাতকসকলে ধন, সম্পত্তি বা পৈতৃক সম্পত্তিক লৈ পাৰিবাৰিক বিবাদৰ সম্মুখীন হ’ব পাৰে। লগতে আপোনাৰ ধন চুৰি হোৱাৰো সম্ভাৱনা আছে।
কেৰিয়াৰৰ ক্ষেত্ৰত চেভেন অৱ স্ৱৰডচ্ কাৰ্ডখনে প্ৰকাশ কৰে যে আপুনি নিজৰ বৃত্তিগত দক্ষতাসমূহ আৰু অধিক আগবঢ়াই নিব লাগিব। আপুনি গ্ৰাহক আৰু সহকৰ্মীসকলৰ সৈতে সততা অৱলম্বন কৰিব লাগিব।
স্বাস্থ্যৰ ক্ষেত্ৰত থ্ৰী অৱ ৱেণ্ডচ্ কাৰ্ডখনে উত্তম স্বাস্থ্য আৰু কোনো বেমাৰ ভাল হোৱাৰ সংকেত প্ৰদান কৰে। বন্ধু-বৰ্গ আৰু পৰিয়ালৰ সৈতে থাকিলে আপুনি সোনকালে আৰোগ্য হোৱাত সহায় পাব।
শুভ ধাতু: প্লেটিনাম আৰু ৰূপ
বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ
মিথুন ৰাশি
প্ৰেম জীৱন: জাষ্টিচ
আৰ্থিক জীৱন: ফ’ৰ অৱ ৱেণ্ডচ্
কেৰিয়াৰ: ফাইৱ অৱ ৱেণ্ডচ্
স্বাস্থ্য: টু অৱ স্ৱৰডচ্
টেৰ’ সাপ্তাহিক ৰাশিফল অনুসৰি মিথুন ৰাশি ৰ জাতকসকলে প্ৰেম জীৱনত প্ৰাপ্ত কৰা জাষ্টিচ কাৰ্ডখনৰ মতে এই সপ্তাহত আপুনি নিজৰ প্ৰেম জীৱনত ভিন ভিন অভিজ্ঞতা লাভ কৰিব আৰু আপুনি ইয়াৰপৰা বহু কথা শিকিব পাৰিব। ইয়াৰদ্বাৰা আপোনালোক দুয়োৰে মাজৰ পাৰস্পৰিক বুজাবুজি ভাল হ’ব।
আৰ্থিক জীৱনত ফ’ৰ অৱ ৱেণ্ডচ্ কাৰ্ডখনে আৰ্থিক ৰূপত শক্তিশালী হোৱাৰ লালসাক বৰ্ণিত কৰে। আপুনি আৰ্থিক স্থিৰতা প্ৰাপ্তিৰ বাবে লক্ষ্য নিৰ্দ্ধাৰিত কৰিব পাৰে। ধন ব্যয়ৰ ক্ষেত্ৰত আপুনি কৃপণ হ’ব পাৰে।
ফাইৱ অৱ ৱেণ্ডচ্ কাৰ্ডখনে কয় যে কাৰ্য্যালয়ত মতভেদ আৰু প্ৰতিযোগিতাৰ আপুনি সম্মুখীন হ’ব পাৰে। কাৰ্য্যালয়ত আপুনি কাৰোা অহংকাৰক আঘাত দিয়াটো উচিত নহ’ব আৰু লগতে সফলতা প্ৰাপ্তিৰ বাবে আপোনালোকে মিলিজুলি কেনেদৰে কাম কৰিব পাৰিব সেই বিষয়ে চিন্তা কৰা উচিত।
স্বাস্থ্যৰ ক্ষেত্ৰত টু অৱ স্ৱৰডচ্ কাৰ্ডখনে কৈছে যে আপুনি মানসিক স্বাস্থ্যৰ লগত জড়িত সমস্যাৰ সম্মুখীন হ’ব পাৰে অথবা আপুনি চিকিৎসকৰ সহায়তা লোৱাৰ প্ৰয়োজন আছে।
শুভ ধাতু: সোণ
কৰ্কট ৰাশি
প্ৰেম জীৱন: নাইন অৱ স্ৱৰডচ্
আৰ্থিক জীৱন: ষ্ট্ৰেংথ
কেৰিয়াৰ: দ্য টাৱাৰ (ৰিভাৰ্চড্)
স্বাস্থ্য: টেম্পেৰেন্স (ৰিভাৰ্চড্)
কৰ্কট ৰাশি ৰ জাতকসকলে প্ৰেম জীৱনত লাভ কৰা নাইন অৱ স্ৱৰডচ্ কাৰ্ডখনে প্ৰকাশ কৰে যে আপুনি নিজৰ সম্পৰ্কত প্ৰত্যাহ্বানৰ সম্মুখীন হ’ব লাগিব। লগতে আপোনাৰ নিজৰ সঙ্গীৰ প্ৰতি নেতিবাচক চিন্তা আহিব পাৰে। কিবা সমস্যা হ’লে সঙ্গীৰ সৈতে খোলাখুলিকৈ কথা পাতক।
আৰ্থিক জীৱনত ষ্ট্ৰেংথ কাৰ্ডখনে কৈছে যেআপুনি নিজৰ খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখা উচিত। লগতে আৱেগিক স্তৰত সন্তুলন আৰু আত্মবিশ্বাস ৰখা উচিত।
দ্য টাৱাৰ কাৰ্ডখনে কেৰিয়াৰৰ ক্ষেত্ৰত বৰ্তমানৰ স্থিতিৰ পৰিৱৰ্তনৰ প্ৰতি অসন্মত হোৱাৰ সংকেত দিয়ে। আপুনি পৰিৱৰ্তন মানি চলাৰ সলনি পুৰণি নিয়ম মতেই চলিবলৈ ইচ্ছুক হ’ব পাৰে।
স্বাস্থ্যৰ ক্ষেত্ৰ দেখা যায় যে স্বাস্থ্যৰ অৱনতি হোৱাৰ বাবে আপোনাৰ মনোযোগ ভংগ হ’ব পাৰে। আপুনি নিজৰ স্বাস্থ্য অটুত ৰাখিবলৈ চেষ্টা কৰা উচিত। কৰ্মক্ষেত্ৰৰ সৈতে জড়িত সমস্যাই আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে।
শুভ ধাতু: ৰূপ
পাওক আপোনাৰ কুণ্ডলী আধাৰিত সঠিক শনি প্ৰতিৱেদন
সিংহ ৰাশি
প্ৰেম জীৱন: ফ’ৰ অৱ স্ৱৰডচ্
আৰ্থিক জীৱন: থ্ৰী অৱ ৱেণ্ডচ্
কেৰিয়াৰ: থ্ৰী অৱ কপচ্
স্বাস্থ্য: ফাইৱ অৱ ৱেণ্ডচ্
সিংহ ৰাশি ৰ জাতকসকলে প্ৰেম জীৱনত ফ’ৰ অৱ স্ৱৰডচ্ কাৰ্ডখন লাভ কৰিছে যি কয় যে আপুনি কিছু সময় অকলে থাকিবলৈ পছন্দ কৰিব যাতে আপুনি বুজিব পাৰে যে আপুনি এই সম্পৰ্কৰপৰা কি বিচাৰে। চিংগল জাতকসকলে কোনো সম্পৰ্কত সোমোৱাৰ আগতে নিজকে উন্নত কৰিবলৈ চেষ্টা কৰা উচিত।
আৰ্থিক জীৱনত থ্ৰী অৱ ৱেণ্ডচ্ কাৰ্ডখনে আপোনাৰ বাবে ভাল সংকেত দিয়ে। আপুনি অতি শীঘ্ৰেই উপাৰ্জনৰ নতুন স্ৰোঁত লাভ কৰিব। আপুনি কোনো নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে বা ভাল দৰমহাৰ বাবে চাকৰি সলনি কৰাৰ কথা ভাবিব পাৰে।
টেৰ’ সাপ্তাহিক ৰাশিফল অনুসৰিকেৰিয়াৰৰ ক্ষেত্ৰত থ্ৰী অৱ ৱেণ্ডচ্ কাৰ্ডখনে প্ৰকাশ কৰে যে আপুনি এতিয়া নিজৰ বৃত্তিগত জীৱনৰ কোনো জটিল সময়ৰপৰা বাহৰিলৈ ওলাই আহিবলৈ সক্ষম হ’ব। আপুনি নিজৰ বৃত্তিগত জীৱন সন্তুলিত আৰু সুৰক্ষিত কৰিব পাৰিব।
স্বাস্থ্যৰ ক্ষেত্ৰত ফাইৱ অৱ ৱেণ্ডচ্ কাৰ্ডখনে কয় যে এই সপ্তাহত আপুনি যথেষ্ট চাপত থাকিব পাৰে আৰু এই কাৰণবশতঃ আপোনাৰ স্বাস্থঅযৰ অৱনতি হ’ব পাৰে। আপুনি এই সময়ত নিজৰ স্বাস্থ্য়ৰ প্ৰতি সজাগ হোৱা উচিত।
শুভ ধাতু: সোণ
কন্যা ৰাশি
প্ৰেম জীৱন: কিং অৱ কপচ্
আৰ্থিক জীৱন: চিক্স অৱ পেণ্টাকলচ্
কেৰিয়াৰ: এচ্ অৱ পেণ্টাকলচ্
স্বাস্থ্য: থ্ৰী অৱ স্ৱৰডচ্
প্ৰেম জীৱনত কন্যা ৰাশি ৰ জাতকসকলে প্ৰাপ্ত কৰা কিং অৱ কপচ্ কাৰ্ডখনে প্ৰকাশ কৰিছে যে এই সপ্তাহত আপোনাৰসঙ্গীয়ে আপপোনাৰ প্ৰতি যথেষ্ট যত্ন ল’ব। ইয়াৰ ফলত আপোনালোক দুয়োৰে মাজৰ অন্তৰংগতা বৃদ্ধি পাব।
চিক্স অৱ পেণ্টাকলচ্ কাৰ্ডখনে প্ৰকাশ কৰিছে যে এই সময়খিনিত আপোনাৰ সম্পূৰ্ণ মনোযোগ নিজৰ আৰ্থিক স্থিতি শক্তিশালী কৰাৰ ওপৰত কেন্দ্ৰিত হ’ব।আপুনি আৰ্থিক লক্ষ্য প্ৰাপ্ত কৰিবল বাবে শক্তিশালী যোঁজনা প্ৰস্তুত কৰিব।
কেৰিয়াৰৰ ক্ষেত্ৰত এচ অৱ পেণ্টাকলচ্ কাৰ্ডখনে কয় যে এই সময়ছোৱাত আপুনি নতুন অভিজ্ঞতা লাভ কৰিব। আপোনাৰ বৃত্তিগত জীৱনত কিবা নতুন হ’ব। আপুনি নতুন চাকৰি লাব কৰিব পাৰে আৰু ব্যৱসায়ীসকলে নতুন ব্যৱসায়িক অংশীদাৰ বা সম্পৰ্ক স্থাপনক কৰাৰ সুযোগ লাভ কৰিব পাৰে।
স্বাস্থ্যৰ দিশত থ্ৰী অৱ স্ৱৰডচ্ কাৰ্ডখন সিমান ভাল সংকেত নহয়। স্বাস্থ্যক লৈ সৰু সুৰা সমস্যা হ’লেও আপুনি চিকিৎসকৰ কাষ চপা উচিত।
শুভ ধাতু: সোণ
তুলা ৰাশি
প্ৰেম জীৱন: ফ’ৰ অৱ পেণ্টাকলচ্
আৰ্থিক জীৱন: চিক্স অৱ পেণ্টাকলচ্
কেৰিয়াৰ: নাইন অৱ পেণ্টাকলচ্
স্বাস্থ্য: কিং অৱ কপচ্
প্ৰেম জীৱনত তুলা ৰাশি ৰ জাতকসকলে প্ৰাপ্ত কৰা ফ’ৰ অৱ পেণ্টাকলচ্ কাৰ্ডখনে দৰ্শায় যে এই সময়খিনিত আপুনি নিজৰ প্ৰেমৰ সম্পৰ্ক গোপনে ৰাখিবলৈ ইচ্ছা কৰিব। আপুনি নিজৰ কাম আৰু দায়িত্বৰপৰা আতৰি নিজৰ সঙ্গীৰ সৈতে কিছু সময় অকলে কটাবলৈ মন কৰিব।
চিক্স অৱ পেণ্টাকলচ্ কাৰ্ডখনৰ মতে এই সপ্তাহত আপোনাক যি সহায়ৰ প্ৰয়োজন আছে সেই সহায় আপুনি নিশ্চয় লাভ কৰিব। এই কাৰ্ডখনৰ মতে আপুনি নিজৰ চকা-পইচা চম্ভালিবৰ বাবে বা চাকৰিৰ বাবে আৱশ্যকীয় সহায় নিশ্চয় প্ৰাপ্ত কৰিব।
টেৰ’ সাপ্তাহিক ৰাশিফল অনুসৰিনাইন অৱ পেণ্টাকলচ্ কাৰ্ডখনে ইতিবাচকতাৰ সংকেত দিয়ে। আপুনি যি কাম কৰি আছে তাত আনন্দ অনুভৱ কৰিব। এই সময়খিনিত আপোনা কৰ্মক্ষেত্ৰত যি চলি আছে সেয়া আপোনাৰ বাবে কোনো সপোন পূৰণ হোৱাৰ দৰে আৰু আপুনি নিশ্চিতভাৱে এই ইতিবাচক সময়ৰ আনন্দ উপভোগ কৰিব পাৰিব।
কিং অৱ কপচ কাৰ্ডখনে আপোনাৰ বাবে ভাল স্বাস্থ্যৰ ইংগিত দিয়ে। এই সপাতহত আপোনাক কোনো গুৰুতৰ স্বাস্থ্যজনিত সমস্যাই অসুবিধাত নেপেলায়।
শুভ ধাতু: প্লেটিনাম আৰু পঞ্চধাতু
বৃশ্চিক ৰাশি
প্ৰেম জীৱন: কিং অৱ স্ৱৰডচ্
আৰ্থিক জীৱন: এচ অৱ পেণ্টাকলচ্
কেৰিয়াৰ: কিং অৱ ৱেণ্ডচ্
স্বাস্থ্য: জাষ্টিচ
বৃশ্চিক ৰাশি ৰ জাতকসকলৰ বাবে কিং অৱ স্ৱৰডচ্ কাৰ্ডখনে প্ৰকাশ কৰে যে আপুনি অকলেই সুখী হৈ থাকিব। আপুনি এগৰাকী শক্তিশালী আৰু স্বতন্ত্ৰ ব্যক্তিত্বৰ গৰাকী। আপোনাক কোনো জীৱনসঙ্গীৰ প্ৰয়োজন নাই।
আৰ্থিক জীৱনত এচ অৱ পেণ্টাকলচ্ কাৰ্ডখনে কয় যে এই সময়ছোৱাত ধনৰ ক্ষেত্ৰত আপোনাৰ আৰ্থিক স্থিতি শক্তিশালী হ’ব। আপুনি নিজৰ নতুন ব্যৱসায়ত সফলতা লাভ কৰিব আৰু ভাল লাভ অৰ্জন কৰিবলৈ সক্ষম হ’ব। চাকৰিয়াল জাতকসকলৰ দৰমহা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।
কিং অৱ ৱেণ্ডচ্ কাৰ্ডখনে কয় যে এই সময়ছোৱাত আপোনাৰ নিজৰ কেৰিয়াৰৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ থাকিব। আপুনি নিজৰ কোম্পানীত কোনো উচ্চ পদ লাভ কৰিব পাৰে। আনহাতে ব্যৱসায়ীসকলৰ নিজৰ ব্যৱসায়ৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ থাকিব।
স্বাস্থ্যৰ দিশত জাষ্টিচ কাৰ্ডখনৰ মতে আপোনাৰ স্বাস্থ্য ভালে থাকিব আৰু আপুনি জীৱনৰ সম্পূৰ্ণ আনন্দ ল’ব পাৰিব। অৱশ্যে, যদিহে আপুনি অসুস্থ অনুভৱ কৰেও তেনেহ’লে আপোনাৰ স্বাস্থ্য সোনকালেই ভালো হ’ব।
শুভ ধাতু: তাম
ধনু ৰাশি
প্ৰেম জীৱন: থ্ৰী অৱ ৱেণ্ডচ্
আৰ্থিক জীৱন: টু অৱ কপচ্
কেৰিয়াৰ: চেভেন অৱ পেণ্টাকলচ্
স্বাস্থ্য: দ্য টাৱাৰ
প্ৰেম জীৱনত ধনু ৰাশি ৰ জাতকসকলে থ্ৰী অৱ ৱেণ্ডচ্ কাৰ্ড লাভ কৰিছে যাৰ মতে এই সপ্তাহটো আপোনাৰ সম্পৰ্কৰ বাবে পৰীক্ষাৰ দৰে হ’ব। আপুনি আৰু আপোনাৰ সঙ্গী দুয়োৱেই এনে পৰিস্থিতিৰ সম্মুখীন হ’ব পাৰে য’ত দুয়োৱে ধৈৰ্য্য আৰু পৰস্পৰৰ বাবে প্ৰতিশ্ৰুতিৱদ্ধতাৰ পৰীক্ষা দিবলগীয়া হ’ব পাৰে। দুয়োৱে ইজনে সিজনৰ সৈতে ভালদৰে মিলা-মিছা কৰাৰ চেষ্টা কৰক যাতে এই জটিল পৰিস্থিতি আপোনালোকে সহজে পাৰ কৰিব পাৰে।
টেৰ’ সাপ্তাহিক ৰাশিফল অনুসৰিআৰ্থিক জীৱনত টু অৱ কপচ্ কাৰ্ডখনে কয় যে আপুনি এই সপ্তাহত নিজৰ ব্যৱসায়িক অংশীদাৰ বা পৰিয়াল আৰু বন্ধু-বৰ্গৰ যথেষ্ট সহযোগিতা লাভ কৰিব। তেওঁলোকে আপোনাক আৰ্থিক সহায় প্ৰদান কৰিব পাৰে।
কেৰিয়াৰৰ ক্ষেত্ৰত ধনু ৰাশিৰ জাতকসকলে প্ৰাপ্ত কৰা চেভেন অৱ পেণ্টাকলচ্ কাৰ্ডখনে আপোনাৰ বাবে ভাল খবৰ লৈ আহিব পাৰে। যিসকল চাকৰিয়াল লোকে দীৰ্ঘ সময়ৰপৰা পদোন্নতিৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকৰ মনোকামনা এতিয়া পূৰণ হোৱাৰ যোগ আছে।
স্বাস্থ্যৰ দিশপৰা দ্য টাৱাৰ কাৰ্ডখনে ভাল সংকেত দিয়া নাই। এই কাৰ্ডখন আপোনাৰ বাবে শাৰীৰিক বেমাৰ আৰু আঘাত পোৱাৰ ইংগিত দিয়ে। আপুনি এই সময়খিনিত সাৱধান অৱলম্বন কৰা উচিত।
শুভ ধাতু: সোণ আৰু পিতল
মকৰ ৰাশি
প্ৰেম জীৱন: টেন অৱ কপচ্
আৰ্থিক জীৱন: নািন অৱ কপচ্
কেৰিয়াৰ: দ্য এম্প্ৰেচ
স্বাস্থ্য: দ্য় টেম্পৰেন্স
মকৰ ৰাশি ৰ জাতকসকলে প্ৰেম জীৱনত টেন অৱ কপচ্ কাৰ্ডখন প্ৰাপ্ত কৰিছে যাৰ মতে এই সময়খিনি আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ বাবে অনুকূল হ’ব। আপুনি নিজৰ পৰিয়াল আৰু জীৱনসঙ্গীৰ সৈতে আনন্দ উপভোগ কৰিব।
আৰ্থিক জীৱনত মকৰ ৰাশিৰ জাতকসকলে নাইন অৱ কপচ্ কাৰ্ডখন লাভ কৰিছে আৰু এই কাৰ্ডখনে প্ৰকাশ কৰে যে আপোনাৰ আৰ্থিক স্থিতি তেনে হ’ব যেনেকুৱা আপুনি বিচাৰে। আপুনি নিজৰ বিনিয়োগৰপৰা যথেষ্ট ভাল লাব পাব আৰু এই সময়খিনিত আৰ্থিকভাৱে সুৰক্ষিত আৰু স্থিৰ অনুভৱ কৰিব।
মকৰ ৰাশিৰ জাতকসকলে এই সপ্তাহত কেৰিয়াৰৰ ক্ষেত্ৰত উন্নতি লাভ কৰাৰ সম্ভাৱনা আছে। যদিহে আপুনি পদোন্নতিৰ বাবে অপেক্ষা কৰি আছে তেনেহ’লে এতিয়া সেয়াও লাভ কৰিব। এই কাৰ্ডখন হৈছে শক্তি আৰু আধিপত্যৰ প্ৰতীক।
এই সময়খিনিত আপুনি নিজৰ জীৱনশৈলীৰ মূল্যায়ন কৰা উচিত আৰু স্বাস্থ্যৰ ক্ষেত্ৰত সন্তুলন ৰক্ষা কৰিবৰ বাবে প্ৰয়োজনীয় পৰিৱৰ্তন কৰিব পাৰে। এনে হ’ব পাৰে যে আপুনি চাপৰ সৈতে মোকাবিলা কৰিবৰ বাবে ভুল পদ্ধতি অৱলম্বন কৰিব পাৰে।
শুভ ধাতু: পঞ্চধাতু
কুম্ভ ৰাশি
প্ৰেম জীৱন: এচ অৱ কপচ্
আৰ্থিক জীৱন: জাজমেণ্ট
কেৰিয়াৰ: চেভেন অৱ ৱেণ্ডচ্
স্বাস্থ্য: দ্য ডেভিল (ৰিভাৰ্চড্)
কুম্ভ ৰাশিৰ জাতকসকলে প্ৰেম জীৱনত এচ অৱ কপচ্ কাৰ্ডখন লাভ কৰিছে যি প্ৰকাশ কৰে যে এই সপ্তাহত আপোনাৰ বাবে এক নতুন সম্পৰ্কৰ আৰম্ভণি হ’ব পাৰে। যদিহে আপুনি কাৰোবাক প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ কথা ভাবি আছে তেনেহ’লে আপুনি ইতিবাচক সঁহাৰি লাভ কৰিব পাৰে। চিংগল জাতকৰ জীৱনলৈ তেওঁৰ পছন্দৰ ব্যক্তিৰ আগমন ঘটিব পাৰে।
জাজমেণ্ট কাৰ্ডখনৰ মতে কুম্ভ ৰাশিৰ জাতকসকলে বিত্তীয় জীৱনত নিজৰ যোগ্যতা অনুসৰি পৰিণাম লাভ কৰিব। চাকৰিয়াল জাতকসকলৰ দৰমহা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আপুনি অতি শীঘ্ৰেই দৰমহা বৃদ্ধিৰ পত্ৰ লাভ কৰিব পাৰে। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ বাবে আপুনি প্ৰশংসিত হ’ব।
চেভেন অৱ ৱেণ্ডচ্ কাৰ্ডখনে কয় যে আপুনি যথেষ্ট পৰিশ্ৰমী ব্যক্তি। আপোনাৰ জেষ্ঠ্য বিষয়া আৰু মূৰব্বীয়ে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ পৰিচয় লাভ কৰিব আৰু আপুনি নিজৰ কোম্পানীত এগৰাকী আস্থাভাজন কৰ্মচাৰী হিচাপে সমাদৃত হ’ব।
স্বাস্থ্য ৰীডিঙত দ্য ডেভিল কাৰ্ডখনে প্ৰকাশ কৰিছে যে কিছুমান স্বাস্থ্যজনিত সমস্যা পাৰ কৰাৰ পিছত এতিয়া আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিয়া উচিত। আপুনি হয়তো ইতিমধ্যে বেয়া স্বাস্থ্যৰ সৈতে যুঁজ দিছে কিন্তু এতিয়া আপোনাৰ স্থিতিলৈ শুধৰণি আহিছে আৰু আপুনি নিজৰ স্বাস্থ্যক লৈ সচেতন হৈছে।
শুভ ধাতু: লোহা
আপোনাৰ কুণ্ডলীত আছে নেকি ৰাজযোগ? জানক আপোনাৰ ৰাজযোগ প্ৰতিৱেদন
মীন ৰাশি
প্ৰেম জীৱন: হুইল অৱ ফৰচ্যুন
আৰ্থিক জীৱন: ফ’ৰ অৱ স্ৱৰডচ্
কেৰিয়াৰ: নাইট অৱ স্ৱৰডচ্
স্বাস্থ্য: দ্য ৱৰ্ল্ড
মীন ৰাশি ৰ জাতকসকলৰ বাবে প্ৰেম জীৱনত প্ৰাপ্ত কৰা হুইল অৱ ফৰচ্যুন কাৰ্ডখনে কৈছে যে এই সময়খিনিত আপোনাৰ প্ৰেম জীৱনলৈ ইতিবাচক পৰিৱৰ্তন আহিব। আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ মাজত অন্তৰংগতা বৃদ্ধি হ’ব। আপুনি নিজৰ সম্পৰ্কক আৰু এখোজ আগুৱাই লৈ যাব পাৰে।
আৰ্থিক জীৱনত ফ’ৰ অৱ স্ৱৰডচ্ কাৰ্ডে কয় যে আপুনি নিজৰ মনলৈ অহা অযথা চিন্তাবোৰ আতৰাই পঠিওৱা উচিত। আপুনি আন কোনো ভাল কথা চিন্তা কৰাটো আপোনাৰ বাবে উচিত হ’ব। বিচলিত কৰা চিন্তা আৰু নেতিবাচক ভাৱনাই আপোনাক কেৱল অশান্তিহে দিব।
নাইট অৱ স্ৱৰডচ্ কাৰ্ডখনে প্ৰকাশ কৰে যে আপুনি নিজৰ কেৰিয়াৰত যি প্ৰাপ্ত কৰিব বিচাৰে তাক লৈ আপুনি যথেষ্ট আশাবাদী। চাকৰিৰ ক্ষেত্ৰত আপুনি কোনো কথালৈ ভয় নকৰে। আপুনি যি কামেই কৰিব তাতেই উৎকৃষ্টতা লাভ কৰিব আৰু আপুনি নিজৰ প্ৰজেক্ট সম্পূৰ্ণ দক্ষতাৰে সৈতে সম্পূৰ্ণ কৰিব।
টেৰ’ সাপ্তাহিক ৰাশিফল অনুসৰিস্বাস্থ্যৰ দিশত আপুনি লাভ কৰা দ্য ৱৰ্ল্ড কাৰ্ডখন আপোনাৰ বাবে এক ইতিবাচক সংকেত। এই সপ্তাহটো আপোনাৰ বাবে স্বাস্থ্যৰ ফালৰপৰা অত্যন্ত ভাল হ’ব আৰু আপোনাৰ স্বাস্থ্যও ভালে থাকিব। আপুনি এই সময়খিনিত স্বাস্থ্যৱান আৰু সুখী হৈ থাকিব।
শুভ ধাতু: সোণ আৰু পিতল
সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ
আমি আশা ৰাখিছোঁ যে আপুনি আমাৰ এই প্ৰৱন্ধটো নিশ্চয় ভাল পাইছে। এষ্ট্ৰোচেজৰ সৈতে জড়িত হৈ থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ।
সঘনাই সোধা প্ৰশ্ন
1. টেৰ’ ভৱিষ্যতবাণী কৰাৰ সঠিক পদ্ধতি হয় নে?
টেৰ’ প্ৰকৃততে ভৱিষ্যতবাণী কৰাৰ সলনি মাৰ্গদৰ্শন কৰাৰ এক পদ্ধতি।
2. টেৰ’ ডেকত সকলোতকাৈ দুখী কাৰ্ড কোনখন?
এট অৱ কপচ্।
3. টেৰ’ ডেকত সকলোতকাৈ উৰ্জাৱান কাৰ্ড কোনখন?
দ্য ফুল আৰু দ্য চান।
Astrological services for accurate answers and better feature
Astrological remedies to get rid of your problems

AstroSage on MobileAll Mobile Apps
- August 2025 Overview: Auspicious Time For Marriage And Mundan!
- Mercury Rise In Cancer: Fortunes Awakens For These Zodiac Signs!
- Mala Yoga: The Role Of Benefic Planets In Making Your Life Comfortable & Luxurious !
- Saturn Retrograde July 2025: Rewards & Favors For 3 Lucky Zodiac Signs!
- Sun Transit In Punarvasu Nakshatra: 3 Zodiacs Set To Shine Brighter Than Ever!
- Shravana Amavasya 2025: Religious Significance, Rituals & Remedies!
- Mercury Combust In Cancer: 3 Zodiacs Could Fail Even After Putting Efforts
- Rahu-Ketu Transit July 2025: Golden Period Starts For These Zodiac Signs!
- Venus Transit In Gemini July 2025: Wealth & Success For 4 Lucky Zodiac Signs!
- Mercury Rise In Cancer: Turbulence & Shake-Ups For These Zodiac Signs!
- Horoscope 2025
- Rashifal 2025
- Calendar 2025
- Chinese Horoscope 2025
- Saturn Transit 2025
- Jupiter Transit 2025
- Rahu Transit 2025
- Ketu Transit 2025
- Ascendant Horoscope 2025
- Lal Kitab 2025
- Shubh Muhurat 2025
- Hindu Holidays 2025
- Public Holidays 2025
- ராசி பலன் 2025
- రాశిఫలాలు 2025
- ರಾಶಿಭವಿಷ್ಯ 2025
- ਰਾਸ਼ੀਫਲ 2025
- ରାଶିଫଳ 2025
- രാശിഫലം 2025
- રાશિફળ 2025
- రాశిఫలాలు 2025
- রাশিফল 2025 (Rashifol 2025)
- Astrology 2025