টেৰ’ সাপ্তাহিক ৰাশিফল (09-15 মাৰ্চ, 2025)
পৃথিৱীৰ বহুতো জনপ্ৰিয় টেৰ’ ৰীডাৰ আৰু জ্যোতিষীসকলে বিশ্বাস কৰে যে টেৰ’ই কেৱল ব্যক্তিৰ জীৱনৰ ভৱিষ্যতবাণী কৰাই নহয় লগতে মানুহক পথ প্ৰদৰ্শনো কৰে। কোৱা হয় যে টেৰ’ কাৰ্ড নিজৰ প্ৰতিপালন কৰাৰ আৰু নিজৰ বিষয়ে জনাৰ এক মাধ্য়ম।

টেৰ’ই এই কথাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে যে আপুনি ক’ত আছিল, এতিয়া আপুনি ক’ত আছে আৰু কি স্থিতিত আছে আৰু আগন্তুক ভৱিষ্যতত আপোনাৰ সৈতে কি হ’ব পাৰে। ই আপোনাক শক্তিৰে পৰিপূৰ্ণ পৰিৱেশত প্ৰৱেশ কৰাৰ সুযোগ প্ৰদান কৰে আৰু নিজৰ ভৱিষ্যতৰ বাবে সঠিক বিকল্প বাছনি কৰাত সহায় কৰে। যিদৰে এক ভৰসাজনক পৰামৰ্শদাতাই আপোনাক নিজৰ ভিতৰলৈ জুমি চাবলৈ শিকায় সেইদৰে টেৰ’ইও আপোনাক নিজৰ আত্মাৰ সৈতে কথা পতাৰ সুযোগ দিয়ে।
আপোনাৰ এনে লাগিব পাৰে যে জীৱনৰ পথত আপুনি বিভ্ৰান্ত হৈ পৰিছে আৰু আপোনাক দিগদৰ্শন বা সহায়ৰ প্ৰয়োজন আছে। পূৰ্বতে আপুনি টেৰ’ক উপলুঙা কৰিছিল কিন্তু এতিয়া আপুনি ইয়াৰ সঠিকতাৰদ্বাৰা প্ৰভাৱিত হৈ পৰিছে অথবা আপুনি এগৰাকী জ্যোতিষী যাক মাৰ্গদৰ্শন বা দিগদৰ্শনৰ প্ৰয়োজন আছে। অথবা আপুনি নিজৰ সময় কটাবৰ বাবে কোনো নতুন চখৰ সন্ধানত আছে। এই কাৰণসমূহৰ বাবে বা অন্য কোনো কাৰণবশতঃ টেৰ’ৰ প্ৰতি মানুহৰ আগ্ৰহ যথেষ্ট বাঢ়ি গৈছে। টেৰ’ ডেকৰ78 খন কাৰ্ডৰ সহায়ত ভৱিষ্যতৰ বিষয়ে জানিব পৰা যায়। এই কাৰ্ডসমূহৰ সহায়ত আপুনি নিজৰ জীৱনৰ মাৰ্গদৰ্শন লাভ কৰিব পাৰে।
টেৰ’ৰ উৎপত্তি 15শ শতাব্দীত ইটালীত হৈছিল। আৰম্ভণিতে টেৰ’ক কেৱল মনোৰঞ্জন হিচাপে গণ্য কৰা হৈছিল আৰু ইয়াত আধ্যাত্মিক মাৰ্গদৰ্শনৰ গুৰুত্ব কম আছিল। অৱশ্যে, টেৰ’ কাৰ্ডৰ বাস্তৱিক ব্যৱহাৰ 16শ শতাব্দীত ইউৰোপত কোনো কোনো লোকৰদ্বাৰা কৰা হৈছিল যেতিয়া তেওঁলোকে জানিব পাৰিছিল যে কেনেদৰে 78খন কাৰ্ডৰ সহায়ত ভৱিষ্যতৰ বিষয়ে জানিব পৰা যায়, সেই সময়ৰপৰাই ইয়াৰ মহত্ব যথেষ্ট বৃদ্ধি পাইছিল।
টেৰ’ হৈছে এনে এক মাধ্যম যাৰ সহায়ত মানসিক আৰু আধ্যাত্মিক বিকাশ প্ৰাপ্ত কৰিব পাৰ যায়। আপুনি কোনো স্তৰত আধ্যাত্মিকতাৰ সৈতে, অলপমান নিজৰ অন্তৰাত্মাৰ সৈতে আৰু অলপমান নিজৰ অন্তৰ্জ্ঞান আৰু আত্ম-সংশোধন আনিবৰ বাবে আৰু বাহিৰৰ পৃথিৱীৰ সৈতে জড়িত হ’ব।
তেনেহ’লে আহক এই সপ্তাহৰ সাপ্তাহিক ৰাশিফল আৰম্ভ কৰোঁ আৰু 09মাৰ্চৰপৰা 15 মাৰ্চ, 2025 পৰ্য্যন্ত এই সপ্তাহটোৱে ৰাশি চক্ৰৰ 12 টা ৰাশিৰ বাবে কেনে ধৰণৰ ফলাফল লৈ আহিব সেই বিষয়ে অৱগত হওঁ।
এয়াও পঢ়ক: ৰাশিফল 2025
পৃথিৱীৰ বিদ্বান টেৰ’ ৰীডাৰসকলৰ সৈতে কল/চাট্-ত কথা পাতক আৰু জানক কেৰিয়াৰ সম্পৰ্কীয় সকলোবোৰ তথ্য
টেৰ’সাপ্তাহিক ৰাশিফল 09 মাৰ্চৰপৰা 15 মাৰ্চ, 2025: ৰাশি অনুসৰি ৰাশিফল
মেষ ৰাশি
প্ৰেম জীৱন: দ্য হীৰ’ফেণ্ট
আৰ্থিক জীৱন: নাইট অৱ স্ৱৰ্ডচ্ (ৰিভাৰ্চড্)
কেৰিয়াৰ: এচ অৱ কপচ্
স্বাস্থ্য: টেন অৱ ৱেণ্ডচ্
টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰিপ্ৰেম জীৱনত মেষ ৰাশিৰ জাতকসকলে প্ৰাপ্ত কৰা হীৰ’ফেণ্ট আপৰাইট কাৰ্ডখনে কয় যে ধৰ্মই ৰোমাণ্টিক সম্পৰ্ক আৰু জীৱনসঙ্গী বাছনি কৰাত প্ৰভাৱ পেলাব পাৰে। এই কাৰ্ডখনে কয় যে আপুনি নিজৰ বাবে পৰম্পৰাগত আৰু ভাল জীৱনসঙ্গীৰ সন্ধান কৰা উচিত। অতি আধুনিক জীৱনসঙ্গী বিচাৰিলে আপুনি পিছত সমস্যাৰ সম্মুখীন হ’ব। প্ৰেম জীৱনত এই কাৰ্ডখনে আধ্যাত্মিক দিশক দৰ্শায় আৰু ই লগতে মনত পেলায় দিয়ে যে আমি নিজৰ জীৱনসঙ্গীৰ সৈতে মান-সন্মান আৰু নৈতিকতাৰে আচৰণ কৰা উচিত। কেতিয়াবা কেতিয়াবা এই কাৰ্ডখনে বিবাহৰো সংকেত দিয়ে।
টেৰ’ ৰাশিফলত ৰিভাৰ্ড্ নাইট অৱ স্ৱৰডচ্ কাৰ্ডখনে একাগ্ৰতা আৰু ধৈৰ্য্যৰ অভাৱ আৰু সুযোগ হেৰুওৱা বা নভবা-নিচিন্তাকৈ কাম কৰাক সূচিত কৰে। ইয়াৰ ফলস্বৰূপে খৰধৰকৈ সিদ্ধান্ত গ্ৰহণ আৰু ভালদৰে চিন্তা নকৰাকৈ কোনো কাম কৰিব পাৰে।
আপৰাইট এচ অৱ কপচ্ কাৰ্ডখনে ভাল চিন্তা আৰু নতুন সুযোগক দৰ্শায়। কেৰিয়াৰৰ ক্ষেত্ৰত আপুনি ইয়াৰ বিভিন্ন ধৰণে প্ৰয়োগ কৰিব পাৰে। যদিহে আপুনি চাকৰিৰ সন্ধানত আছে, তেনেহ’লে এই কাৰ্ডখনে কেৰিয়াৰৰ ক্ষেত্ৰত এক নতুন আৰম্ভণিৰ সংকেত দিয়ে।
স্বাস্থ্যৰ দিশৰপৰা দেখা যায় আপুনি টেন অৱ ৱেণ্ডচ কাৰ্ড প্ৰাপ্ত কৰিছে যি প্ৰকাশ কৰে যে আপুনি অতি বেছি কাম কৰি আছে আৰু চাপ অনুভৱ কৰিছে। আপুনি সকলোবোৰ নিজেই কৰাৰ সলনি আনৰ ওপৰত কিছু কাম ন্যস্ত কৰাৰ বা আনৰপৰা সহায় লোৱাৰ প্ৰয়োজন আছে।
শুভ ৰং: ৰঙা
বৃষ ৰাশি
প্ৰেম জীৱন: ফ ’ ৰ অৱ কপচ্
আৰ্থিক জীৱন: থ্ৰী অৱ পেণ্টাকল্
কেৰিয়াৰ: কুইন অৱ ৱেণ্ডচ্
স্বাস্থ্য: চেভেন অৱ কপচ্ (ৰিভাৰ্চড্)
প্ৰেম জীৱনত বৃষ ৰাশি ৰ জাতকসকলে ফ’ৰ অৱ কপচ্ কাৰ্ড লাভ কৰিছে যি অসংযমতা, উদাসীনতা অথবা নিজৰ দৃষ্টিভংগীৰ ওপৰত পুণৰ্বিচাৰ কৰাৰ আৱশ্য়কতাক প্ৰতিনিধিত্ব কৰে। এই কাৰ্ডখনে এয়াও সংকেত প্ৰদান কৰে যে আপুনি আৱেগিকভাৱে একে ঠাইতে আৱদ্ধ হৈ আছে সেয়েহে আপুনি নতুন বিকল্পৰ বিষয়ে চিন্তা কৰা উচিত।
থ্ৰী অৱ পেণ্টাকলচ কাৰ্ডখনে কয় যে আপুনি কোনো উদ্দেশ্য সিদ্ধিৰ বাবে নিজৰ জ্ঞান আৰু যোগ্যতাক কোনো ডাঙৰ সমূহৰ সৈতে একত্ৰিত কৰি কাম কৰি আছে। ই আৰ্থিক ৰূপত সুৰক্ষিত হোৱাৰ এক সংকেত। ইয়াৰদ্বাৰা আপুননি সুৰক্ষিত জীৱন জীয়াব পাৰিব আৰু কিছু পৰিমাণে বিলাসিতাৰো আনন্দ ল’ব পাৰিব। আপোনাৰ বেতন বৃদ্ধি হোৱাৰো সম্ভাৱনা আছে।
টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰি কুইন অৱ ৱেণ্ডচ্ কাৰ্ডখনে কেৰিয়াৰ আৰু বিত্তৰ ক্ষেত্ৰত অত্যাধিক উদ্যম আৰু কাৰ্য্যক্ষমতাক প্ৰতিনিধিত্ব কৰে। আপুনি এইখিনি সময়ত অনুপ্ৰাণিত আৰু প্ৰভাৱশালী অনুভৱ কৰিব আৰু বহুতো কাম একেলেগে চম্ভালিবলৈ সক্ষম হ’ব। আপুনি নিজৰ কেৰিয়াৰত এইবাবে সফলতা লাভ কৰিব পাৰিব কাৰণ আপুনি নিজৰ জীৱনটো চম্ভালিবলৈ আৰু আঁচনি প্ৰস্তুত কৰি আগবাঢ়িবলৈ সক্ষম হৈছে।
চেভেন অৱ কপচ্ ইনভাৰ্টেড কাৰ্ডখনে জীৱনশৈলীৰ সৈতে সম্পৰ্কিত ভুল সিদ্ধান্ত সূচিত কৰে। এই সিদ্ধান্তই স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। উদাহৰণস্বৰূপে যদিহে আপুনি অধিক ভোজন বা নিচা সেৱন কৰে তেনেহ’লে চেভেন অৱ কপচ্ কাৰ্ডখনে আপোনাক এই কথাৰ সংকেত দিয়ে যে এতিয়া আপুনি নিজৰ স্বাস্থ্যৰ ওপৰত মনোযোগ কেন্দ্ৰিত কৰাৰ সময় আহি গৈছে।
শুভ ৰং: ওপাল হোৱাইট বা বগা
বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ
মিথুন ৰাশি
প্ৰেম জীৱন: দ্য এম্পেৰৰ
আৰ্থিক জীৱন: কুইন অৱ কপচ্
কেৰিয়াৰ: এচ অৱ স্ৱৰডচ্
স্বাস্থ্য: ফ’ৰ অৱ স্ৱৰডচ্
প্ৰেম জীৱনৰ ক্ষেত্ৰত ক’ব পৰা যায় যে মিথুন ৰাশি ৰ জাতকসকলে দ্য এম্পেৰৰ কাৰ্ডখন লাভ কৰিছে। ৰোমাঞ্চৰ দিশৰপৰা এই কাৰ্ডখন বৰ বিশেষ ৰোমাণ্টিক নহয় আৰু এগৰাকী যথেষ্ট গম্ভীৰ ব্যক্তিক প্ৰতিনিধিত্ব কৰে কিন্তু তথাপিও টেৰ’ ৰাশিফলত এই কাৰ্ডখন অহাটোক যথেষ্ট সহায়ক হিচাপে গণ্য কৰা হয়। এই কাৰ্ডখনে কয় যে আমি ৰোমাঞ্চ আৰু সম্পৰ্কক পৰিপক্কতা, অনুশাসন, আঁচনি আৰু যুক্তিৰে সৈতে চম্ভালা উচিত। যদিহে সম্পৰ্কক ভালদৰে চম্ভালি নলয়, তেনেহ’লে ই আপোনাৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব পাৰে।
কুইন অৱ কপচ্ কাৰ্ডখনে প্ৰকাশ কৰে যে আৰ্থিক দিশৰ ক্ষেত্ৰত স্থিতি অনুকূল হোৱাৰ সম্ভাৱনা আছে। এই কাৰ্ডখনৰ মতে বিত্তীয় স্থিতি স্থিৰ আৰু সুৰক্ষিত হৈ থাকিব আৰু আপুনি ধন পৰিচালনাক লৈ সন্তুলিত দৃষ্টিভংগী আগত ৰাখিব। এই কাৰ্ডখনে প্ৰায়ে এই কথাৰো সংকেত প্ৰদান কৰে যে ধনৰ সৈতে ইতিবাচক সম্পৰ্ক বৰ্তাই ৰখাৰ ক্ষেত্ৰত মনোযোগ দিয়া উচিত আৰু জটিল তথা বিপদাশংকা থকা কাৰ্য্য বা বিনিয়োগৰপৰা আতৰি থকা উচিত।
যিহেতু এচ অৱ স্ৱৰডচ্ কাৰ্ডখন সদায় নতুন আৰম্ভণিৰ প্ৰতীক, সেয়েহে এচ অৱ স্ৱৰডচ্ কাৰ্ডে নতুন বৃত্তি, পদ বা কেৰিয়াৰক সূচিত কৰে। এই বিষয়বোৰে আপোনাক মানসিক ৰূপত উত্তেজিত কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ আশে-পাশে এনে সহকৰ্মী থাকিব পাৰে যি নতুন অৱধাৰণা আৰু চিন্তাৰ ওপৰত কথা পাতিবলৈ পছন্দ কৰে, সেয়েহে আপোনৰা বাবে তেওঁলোকৰ সৈতে কথা পতাটো সহজ হ’ব।
স্বাস্থ্য টেৰ’ ৰীডিঙত ফ’ৰ অৱ স্ৱৰ্ডচ্ কাৰ্ডখনে সাধাৰণতে আৰাম কৰাৰ আৰু বেমাৰৰপৰা ভাল হোৱাৰ সূচিত কৰে। ইয়াৰ অৰ্থ হৈছে যে আপুনি নিজৰ শৰীৰৰ প্ৰতি মনোযোগ দিবৰ বাবে আৰু নিজৰ প্ৰতিপাল কৰাক প্ৰাথমিকতা দিবৰ বাবে আপোনাৰ দিনচৰ্য্যাৰপৰা কিছু বিৰতি লোৱাৰ প্ৰয়োজন আছে। ইয়াৰদ্বাৰা আপুনি মানসিক ক্লান্তি আৰু চাপৰপৰা পৰিত্ৰাণ পাব পাৰিব অথবা শৰীৰটোৱে কোনো বেমাৰৰপৰা উপশম পোৱাৰ সুযোগ লাভ কৰিব।
শুভ ৰং: পেষ্টেল গ্ৰীণ
কৰ্কট ৰাশি
প্ৰেম জীৱন: কিং অৱ কপচ্
আৰ্থিক জীৱন: টেম্পৰেন্স
কেৰিয়াৰ: দ্য মেজিচিয়ান
স্বাস্থ্য:দ্য লাভাৰ্চ
কৰ্কট ৰাশি ৰ জাতকসকলে প্ৰেম জীৱনত কিং অৱ কপচ্ কাৰ্ড লাভ কৰিছে যাৰ মতে আপোনাৰ সঙ্গী পৰিপক্ক হ’ব, আপোনাক আৱেগিকভাৱে সহযোগিতা প্ৰদান কৰিহ আৰু আপোনাক যথেষ্ট প্ৰেম কৰিব। এই কাৰ্ডখনে এনে এক সম্পৰ্কক প্ৰতিনিধিত্ব কৰে যাৰ আধাৰ হৈছে সহানুভূতি আৰু পাৰস্পৰিক বুজাবুজি আৰু আৱেগিকভাৱে শক্তিশালী সম্পৰ্ক। এই কাৰ্ডখনে প্ৰায়েই এক সুখী আৰু সন্তোষজনক সম্পৰ্কক দৰ্শায় য’ত সঙ্গী সদায় সৎ আৰু প্ৰতিশ্ৰুতি পৰায়ণ হয়।
টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰিআৰ্থিক জীৱনত দ্য টেম্পৰেন্স কাৰ্ডখনে সন্তুলিত আৰু ভাবি-চিন্তি লোৱা আৰ্থিক সিদ্ধান্তৰ গুৰুত্বক সূচিত কৰে। এই কাৰ্ডখনে আপোনাক খৰধৰকৈ সিদ্ধান্ত লোৱাৰপৰা বাচিবলৈ আৰু নিজৰ ব্যয় কৰাৰ ধৰণৰ প্ৰতি মনোযোগ দিবলৈ পৰামৰ্শ দিয়ে।
দ্য মেজিচিয়ান কাৰ্ডখনে কেৰিয়াৰৰ দিশত অপাৰ সম্ভাৱনীয়তাৰ সংকেত দিয়ে। এই কাৰ্ডখনে কয় যে আপোনাৰ ওচৰত নিজৰ সপোন সাকাৰ কৰিবৰ বাবে আৰু নিজে নিৰ্বাচন কৰা ক্ষেত্ৰত সফলতা লাভ কৰিবৰ বাবে আৱশ্যকীয় ক্ষমতা, সংসাধন আৰু দক্ষতা আছে। এই কাৰ্ডখনে আপোনাৰ প্ৰথমতে কৰিবলৈ আৰু নিজৰ দক্ষতা প্ৰয়োগ কৰিবলৈ অনুপ্ৰাণিত কৰে।
টেৰ’ স্বাস্থ্য ৰীডিং অনুসৰি দ্য লাভাৰ্চ কাৰ্ডখনে সন্তুলন আৰু সামঞ্জস্য ৰখাৰ প্ৰয়োজনীয়তাক সূচিত কৰে। এই কাৰ্ডখনে আপোনাক নিজৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ প্ৰতি মনোযোগ ৰাখিবলৈ অনুপ্ৰাণিত কৰে যাৰদ্বাৰা আপুনি নিজৰ শৰীৰৰ প্ৰয়োজনীয়তাসমূহ বুজিবলৈ আৰু সেইবোৰৰ ধ্যান ৰাখিবললৈ পৰিপক্কভাৱে সিদ্ধান্ত ল’ব পাৰিব। এই কাৰ্ডখনে এনে সম্পৰ্কক প্ৰাধান্য দিয়ে যি আপোনাৰ স্বাস্থ্য শক্তিশালী কৰাত সহায় কৰে।
শুভ ৰং: পাৰ্ল হোৱাইট
পাওক আপোনাৰ কুণ্ডলী আধাৰিত সঠিক শনি প্ৰতিৱেদন
সিংহ ৰাশি
প্ৰেম জীৱন: ফাইৱ অৱ স্ৱৰডচ্
আৰ্থিক জীৱন: হুইল অৱ ফৰচ্যুন
কেৰিয়াৰ: ফাইৱ অৱ ৱেণ্ডচ্
স্বাস্থ্য: নাইন অৱ স্ৱৰডচ্
সিংহ ৰাশি ৰ জাতকসকলে প্ৰেম জীৱনত ফাইৱ অৱ স্ৱৰডচ্ কাৰ্ড প্ৰাপ্ত কৰিছে যি সম্পৰ্কত সমস্যা আৰু বিবাদৰ ইংগিত বহন কৰে। এই বিবাদ কথা-বতৰা কম হোৱাৰ বাবে হ’ব পাৰে আৰু ইয়াৰ ফলত যুক্তি-তৰ্ক বা মতভেদ হোৱাৰ আশংকা আছে। গম্ভীৰ পৰিস্থিতিত এই কাৰ্ডখনে আক্ৰমণাত্মকতা, দুৰ্ব্যৱহাৰ আৰু দাবী-ধমকিৰ সংকেত দিয়ে।
আৰ্থিক দিশৰ ক্ষেত্ৰত আপুনি প্ৰাপ্ত কৰিছে হুইল অৱ ফৰ্যুন কাৰ্ডখন যি আৰ্থিক স্থিতিৰ পৰিৱৰ্তনৰ সংকেত দিয়ে। এই কাৰ্ডখনে কয় যে আপুনি নিজৰ টকা-পইচা ভালদৰে ভাবি-চিন্তি পৰিচালনা কৰা উচিত আৰু আকস্মিক ব্যয়ৰ বাবে প্ৰস্তুত হৈ থকা উচিত। ইয়াৰ উপৰিও যদিহে আপুনি আৰ্থিকভাৱে শক্তিশালী, তেনেহ’লে আপুনি অধিক ধন সঞ্চয় কৰা উচিত।
কেৰিয়াৰৰ ক্ষেত্ৰত ফাইৱ অৱ ৱেণ্ডচ্ কাৰ্ডখনে প্ৰতিযোগিতামূলক ক্ষেত্ৰত যেনে চেলচ্, বেংকিং আৰু এথলীট্সকলৰ প্ৰতি সংকেত দিয়ে। যদিহে আপুনি এই ক্ষেত্ৰসমূহত কাম নকৰে বা আপোনাৰ ক্ষেত্ৰত প্ৰতিযোগিতা নাই তেনেহ’লে আপুনি আপোনাৰ কেৰিয়াৰত কোনো সমস্যাৰ সম্মুখীন হোৱাৰ সম্ভাৱনা থাকিব পাৰে। আপুনি বেতন বৃদ্ধি বা পদোন্নতিৰ বাবে কোনো ব্যক্তিৰ সৈতে প্ৰতিদ্বন্দিতা কৰিবলগীয়া হ’ব পাৰে। বৰ্তমান আপুনি যিবোৰ মতভেদৰ সম্মুখীন হৈ আছে তাত আপুনি আনৰ অহংকাৰৰ সৈতেও মোকাবিলা কৰিবলগীয়া হ’ব পাৰে।
স্বাস্থ্যৰ দিশত নাইন অৱ স্ৱৰডচ্ কাৰ্ডে চিন্তা, টোপনিৰ অসুবিধা, মূৰৰ বিষ বা হৰমনৰ অসন্তুলন আদিৰ দৰে স্বাস্থঅযজনিত সমস্যাৰ সংকেত দিয়ে।
শুভ ৰং: ক্ৰীমচাম
কন্যা ৰাশি
প্ৰেম জীৱন: নাইট অৱ স্ৱৰডচ্
আৰ্থিক জীৱন: টু অৱ কপচ্
কেৰিয়াৰ: থ্ৰী অৱ স্ৱৰডচ্
স্বাস্থ্য: থ্ৰী অৱ ৱেণ্ডচ্
প্ৰেমৰ ক্ষেত্ৰত নাইট অৱ স্ৱৰডচ্ কাৰ্ডখনে কয় যে আপোোনাৰ সঙ্গী আপোনাতকৈ অধিক প্ৰভাৱশালী হ’ব পাৰে আৰু আপোনালোকৰ দুয়োৰে ব্যক্তিত্বৰ মাজত পাৰ্থক্য থাকিব পাৰে, তাৰ ফলত আপোনালোকৰ সম্পৰ্কত অসন্তুলন সৃষ্টি হ’ব পাৰে। জীৱনসঙ্গীৰ অত্যাধিক দাবী কৰাৰ ফলস্বসস্বৰূপে আপোনাৰ বাবেে তেওঁৰ সৈতে সম্পৰ্কত থকাটো জটিল হৈ পৰিব পাৰেে। আপুনি তেওঁৰ সৈতে কথা পাতি সমসস্যাৰ সমাধান উলিয়াবলৈ চেষ্টা কৰা উচিত।
আৰ্থিক স্তৰত আপুনি টু অৱ কপচ্ কাৰ্ড লাভ কৰিছে যি নিৰপেক্ষতা আৰু সন্তুলনক প্ৰতিনিধিত্ব কৰেে। এই কাৰ্ডখৰ মতে এই সপ্তাহত আপুনি নিজৰ টকা-পইচা ভালদৰে চম্ভালিবলৈ সক্ষম হ’ব আৰু আপোনাৰাৰ দায়িত্ববোৰ পালন কৰিবৰ বাবে আপোনাাৰ ওচৰত পৰ্যাপ্ত পৰিমাণৰ ধন থাকিব।
এই সময়খিনি আপোনাৰ বাবে চাপ, বিৰক্তি আৰু নিৰাশাৰ কাৰণণ হৈ পৰিব পাৰেে। এই কাৰ্ডখনৰ মতে আকস্মিকভাৱে আপোনাৰ চাকৰি যাব পাৰে বা ব্যৱসায় ডুবিব পাৰে। এই কাৰ্ডখনৰ মতে কৰ্মক্ষেত্ৰত সহকৰ্মী বা ক্লায়েণ্টৰ সৈতে কোনো কথাক লৈ আপোনাৰ অসন্মতি হ’ব পাৰে। আপুনি নিজৰ সহকৰ্মীসকলৰ সৈতে খোলাখুলিকৈ আৰু বিনম্ৰভাৱে কথা পতা উচিত। আপুনি তেওঁলোকৰপৰা আৰু তেওঁলোকে আপোনাৰপৰা বহু কিবাকিবি শিকিবলৈ পাব পাৰে।
থ্ৰী অৱ ৱেণ্ডচ্ কাৰ্ডখনৰ মতে আপুনি দূৰদৰ্শিতা গ্ৰৰহণ কৰা উচিত, নিজৰ সুখ-সুবিধা ত্যাগ কৰি জটিলতাৰ সম্মুখীন হোৱা উচিত। এই কাৰ্ডখনৰ মতে আপুনি সম্পূৰ্ণ আত্মবিশ্বাস, উদ্দেশ্য আৰু নিষ্ঠাৰে আগন্তুক ভৱিষ্যতৰ সম্মুখীন হোৱা উচিত।
শুভ ৰং: এমাৰেল্ড গ্ৰীণ
তুলা ৰাশি
প্ৰেম জীৱন: কিং অৱ পেণ্টাকলচ্
আৰ্থিক জীৱন: এচ অৱ পেণ্টাকলচ্
কেৰিয়াৰ: চিক্স অৱ পেণ্টাকলচ্
স্বাস্থ্য: নাইট অৱ পেণ্টাকলচ্
টেৰ’ ৰীডিঙত আপৰাইট কিং অৱ পেণ্টাকলচ্ কাৰ্ডখনে সম্পৰ্কত সমৰ্পণ আৰু বুজাবুজিৰ মনোভাৱৰ লগতে শক্তিশালী অংশীদাৰিত্বক প্ৰতিনিধিত্ব কৰে। কিিং অৱ পেণ্টাকলচ্ কাৰ্ডে এনে এগৰাকী সৎ জীৱনসঙ্গীক দৰ্শায় যি পাৰ্থিৱ আৰু আৱেেগিত সহযোগিতা প্ৰদান কৰিব পাৰে।
এচ অৱ পেণ্টাকলচ্ কাৰ্ডখনে আৰ্থিক জীৱনৰ সমৃদ্ধি আৰু নতুন সুযোগৰৰ সংকেত দিয়ে। এই কাৰ্ডখনে ব্যৱসায়, প্ৰমোশ্যন বা নতুন পদৰ জৰিয়তে আৰ্থিক সফলতা প্ৰাপ্ত কৰাৰ সম্ভাৱনাক সূচিত কৰে। এই কাৰ্ডখনে পৰামৰ্শ প্ৰদান কৰে যেে আপুনি এই সুযোগবোৰৰ লাভ আদায় কৰিবলৈ চেষ্টা কৰক আৰু ভাবি-চিন্তি বিপদাশংকা লওক।
টেৰ’ ৰীডিঙত চিক্স অৱ পেণ্টাকলচ্ কাৰ্ডখনে বৃত্তিগত জীৱনৰ প্ৰগতি, বিত্তীয় স্থিৰতা বা সহযোগ প্ৰাপ্তিৰ সুযোগক সূচিত কৰে। এই কাৰ্ডখনে প্ৰকাশ কৰে যে আপুনি আনৰ বাবে যিমান কৰে, সিমানখিনি যাতে আপুনি নিজেও লাভ কৰে, তাৰ মাজত সন্তুলন ৰক্ষা কৰা উচিত।
স্বাস্থ্য ৰীডিঙতটেৰ’সাপ্তাহিক ৰাশিফল অনুসৰিনাইট অৱ পেণ্টাকলচ্ কাৰ্ডখনে স্বাস্থ্যৰ প্ৰতি ইতিবাচক দৃষ্টিকোণ ৰখাৰ প্ৰতি সংকেত দিয়ে। ইয়াৰ ভিতৰত আছে নিজৰ প্ৰতি মনোযোগ ৰখা, স্বাস্থ্যৰ প্ৰতি সন্তুলিত দৃষ্টিকোণ ৰখা আৰু স্বাস্থ্যকৰ অভ্যাস তথা দিনচৰ্য্যাৰ জৰিয়তে শাৰীৰিক ৰূপত স্বাস্থ্যৱান হৈ থকা ইত্যাদি।
শুভ ৰং: ডাঠ গুলপীয়া
বৃশ্চিক ৰাশি
প্ৰেম জীৱন: চেভেন অৱ পেণ্টাকলচ্
আৰ্থিক জীৱন: ফাইৱ অৱ পেণ্টাকলচ্ (ৰিভাৰ্চড্)
কেৰিয়াৰ: থ্ৰী অৱ স্ৱৰডচ্(ৰিভাৰ্চড্)
স্বাস্থ্য: চিক্স অৱ ৱেণ্ডচ
বৃশ্চিক ৰাশি ৰ জাতকসকলে প্ৰেম জীৱনত চেভেন অৱ পেণ্টাকলচ্ আপৰাইট কাৰ্ডখন প্ৰাপ্ত কৰিছে। এই কাৰ্ডখনে কয় যে আপুনি নিজৰ সম্পৰ্কৰ প্ৰতি মনোযোগ প্ৰদান কৰিছে আৰু নিজৰ সঙ্গীৰ সম্পূৰ্ণ যত্ন লৈছে। এই কাৰ্ডখনৰ অৰ্থ হৈছে আপুনি এনে এক সম্পৰ্কক নিজৰ শক্তি আৰু সময় দিবলৈ প্ৰস্তুত হৈছে যি দীৰ্ঘ সময় ধৰি চলিব আৰু আপোনাক সন্তুষ্টি প্ৰদান কৰিব।
আপুনি লাহে লাহে আৰ্থিক সমস্যাৰপৰা মুক্তি লাভ কৰাৰ সম্ভাৱনা আছে। আপুনি কোনো ডাঙৰ লোকচানৰ পিছত জৰুৰীকালীন স্থিতিৰ বাবে পুণৰ ধন জমা কৰিব পাৰে অথবা কোনো ঋণ পৰিশোধ কৰিব পাৰে। চেষ্টা কৰি থকাৰ ফলস্বৰূপে আপোনাৰ বিত্তীয় স্থিতি পুণৰ ঠিক হ’ব পাৰে। বেয়া সময় এতিয়া পাৰ হৈ গৈছে।
কৰ্মক্ষেত্ৰত পুণৰ পৰিস্থিতি ভাললৈ আহিব। আপোনাৰ দৃষ্টিকোণ আৰু সন্তুষ্টি দুয়োটাই বৃদ্ধি হ’ব আৰু চাপপূৰ্ণ বিবাদ শেষ হ’ব। যি সহকৰ্মীৰ সৈতে আপোনাৰ বিবাদ হৈছিল, হ’ব পাৰে তেওঁ এতিয়া তাৰপৰা বহুদূৰ আগবাঢ়ি গৈছে অথবা যি ব্যক্তিয়ে আপোনাৰ অশান্তি দি আছিল তেওঁ আতৰি গৈছে। কৰ্মক্ষেত্ৰত সকলোৱেই ভৱিষ্য়তৰ প্ৰতি মনোনিৱেশ কৰিব পাৰে আৰু পৰস্পৰৰ পুৰণি ভুলবোৰ পাহৰি আগবাঢ়ি গৈছে। পুৰণা ভুলবোৰৰ পুণৰাবৃত্তি কৰাৰপৰা বাচিবৰ বাবে নতুন কাৰ্য্যপ্ৰণালী বা পদ্ধতি প্ৰয়োগ কৰিব পাৰে আৰু কথা-বতৰাৰ শুধৰণি কৰিব পাৰে।
টেৰ’ কাৰ্ডত চিক্স অৱ ৱেণ্ডচ্ কাৰ্ডখনে স্বাস্থ্যৰ ক্ষেত্ৰত অনুকূল ফলাফলক সূচিত কৰে। ইয়াত কোনো বেমাৰৰপৰা সম্পূৰ্ণৰূপে ভাল হোৱা আৰু স্বাস্থ্যৰ স্থিতিলৈ শুধৰণি অহাটো অন্তৰ্ভুক্ত আছে। ইয়াৰ লগতে আপুনি এয়াও উপলব্ধি কৰিব পাৰে যে নিজৰ স্বাস্থ্য উন্নত কৰিবৰ বাবে যি প্ৰয়াস কৰি আছে সেয়া সফল হৈছে আৰু আপুনি পুণৰ উৎসাহ তথা উদ্যমেৰে পৰিপূৰ্ণ হৈ পৰিছে।
শুভ ৰং: ক ’ লা/গ্ৰে’
কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন
ধনু ৰাশি
প্ৰেম জীৱন: দ্য মেজিচিয়ান
আৰ্থিক জীৱন: ফ’ৰ অৱ পেণ্টাকলচ্
কেৰিয়াৰ: টেন অৱ কপচ্
স্বাস্থ্য: নাইন অৱ ৱেণ্ডচ্
ধনু ৰাশি ৰ জাতকসকলে প্ৰেম জীৱনত দ্য মেজিচিয়ান কাৰ্ডখন লাভ কৰিছে যি আপোনাৰ নিজৰ প্ৰেমৰ ভাৱনা উপস্থাপন কৰিবৰ বাবে পৰামৰ্শ দিয়ে। প্ৰেমৰ ক্ষেত্ৰত সফলতা সাহস, জেদ আৰু সপোনক বাস্তৱত পৰিণত কৰাৰদ্বাৰাহে লাভ কৰিব পৰা যায়। যাক আপুনি বিচাৰে বা পছন্দ কৰে তেওঁক লগ পাবলৈ চেষ্টা কৰক। এই কাৰ্ডখন প্ৰতিভা আৰু সমস্যা সমাধান কৰাৰ কৌশলৰো প্ৰতীক কিন্তু তথাপিও আপুনি এই কথাৰ প্ৰতি মনোযোগ দিব লাগিব যে আপোনাৰ সম্পৰ্কত যাতে ভ্ৰমৰ স্থিতি উৎপন্ন নহয়। এই কাৰ্ডখনে চিংগল আৰু কাপ’ল দুয়োকেই নতুন বস্তু আঁকোৱালি ল’বলৈ প্ৰেৰিত কৰে আৰু কৌতুহল জন্ম কৰে।
টেৰ’ ৰাশিফলত ধনু ৰাশিৰ জাতকসকলে আৰ্থিক দিশৰ ক্ষেত্ৰত আপৰাইট ফ’ৰ অৱ পেণ্টাকলচ্ কাৰ্ডখন প্ৰাপ্ত কৰিছে যি স্থিৰতা আৰু আৰ্থিক শক্তিৰ সংকেত দিয়ে। এই কাৰ্ডখনে এয়াও কয় যে আপুনি পইচা বচোৱাৰ প্ৰয়াস কৰিছে। আপুনি ঘৰ বা কোনো ডাঙৰ বিক্ৰীৰ বাবে পইচা সঞ্চয় কৰিব পাৰে অথবা এই পইচা নিজৰ অৱসৰপ্ৰাপ্ত জীৱনৰ বাবে ৰাখিব পাৰে।
সাধাৰণতে টেন অৱ কপচ্ কাৰ্ডখনৰ সম্পৰ্ক কামৰ সলনি পৰিয়ালৰ সৈতে থাকে কিন্তু তথাপি এই কাৰ্ডখনে আপোনাৰ কেৰিয়াৰৰ উন্নতিৰ সংকেত দিছে।টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰি এই কাৰ্ডখনৰ মতে আপুনি নিজৰ বৰ্তমানৰ ভূমিকা বা পদক লৈ সুৰক্ষিত আৰু স্বীকৃত অনুভৱ কৰিব। আপুনি নিজৰ বৃত্তিগত জীৱনৰ এই দিশবোৰক লৈ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই কাৰণ আপুনি উন্নতিৰ কেইবাটাও সুযোগ লাভ কৰিব। আপুনি নিজৰ কাৰ্য্যালয়ৰ পৰিৱেশ সহযোগিতাপূৰ্ণ আৰু উৎসাহজনক অনুভৱ কৰিব আৰু আপুনি তথা সহকৰ্মীসকল পৰস্পৰৰ সৈতে সুখী হৈ থাকিব।
স্বাস্থ্যৰ ক্ষেত্ৰত নাইন অৱ ৱেণ্ডচ্ কাৰ্ডখনে আপোনাক কয় যে আপুনি স্বাস্থ্যৰ অৱনতি ঘটাৰ পূৰ্বেই আপুনি অলপ ৰৈ কিছু বিশ্ৰাম কৰা উচিত। আপুনি শাৰীৰিক আৰু মানসিকভাৱে ভাগৰি পৰিছে সেয়েহে আপোনাক কিছু আৰামৰৰ প্ৰয়োজন হৈছে।
শুভ ৰং: পাতল হালধীয়া
মকৰ ৰাশি
প্ৰেম জীৱন: দ্য চেৰিয়ট
আৰ্থিক জীৱন: টু অৱ ৱেণ্ডচ্
কেৰিয়াৰ: জাজমেণ্ট
স্বাস্থ্য: হুইল অৱ ফৰচ্যুন
মকৰ ৰাশি ৰ জাতকসকলে প্ৰেম জীৱনত দ্য চেৰিয়ট কাৰ্ডখন লাভ কৰিছে যি অৱগত কৰে যে এতিয়া সময় আহি গৈছে আপুনি নিজৰ প্ৰেমৰ বাঘজৰী নিজৰ হাতত লোৱাৰ আৰু লগতে প্ৰেম তথা ৰোমাঞ্চক লৈ আপুনি কি বিচাৰে সেয়া বুজি উঠাৰ। দ্য চেৰিয়ট কাৰ্ডখনে তেতিয়া আপোনাক কোনো পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে প্ৰেৰিত কৰে যেতিয়া আপুনি জানে যে আপোনাৰ লক্ষ্য কি অথবা আপুনি ক’লৈ যাব বিচাৰে। নিজৰ ৰোমাণ্টিক জীৱনৰ লেকাম নিজৰ হাতত লোৱাৰ ফলত আপুনি নিশ্চিতভাৱে লাভাম্বিত হ’ব। সাহস, ইচ্ছা আৰু আত্মবিশ্বাসৰ বলত আপুনি সফলতা লাভ কৰিব পাৰিব।
টু অৱ ৱেণ্ডচ কাৰ্ডখনে সাধাৰণতে দীৰ্ঘকালীন পৰিকল্পনাৰ ওপৰত মনোযোগ দিয়া, নতুন বিত্তীয় সুযোগৰ সন্ধান কৰা আৰু ভৱিষ্যতে সমৃদ্ধ হ’বৰ বাবে সম্ভাৱনীয় প্ৰকল্প বা সুযোগৰ মূল্যাংকন কৰা আদিক সূচিত কৰে।
কেৰিয়াৰৰ ক্ষেত্ৰত জাজমেণ্ট কাৰ্ডখনে মূল্যাংকন কৰা বা বেতন বৃদ্ধিৰ সংকেত দিয়ে।টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰি আপুনি এই সময়খিনিত কেইবাটাও গুৰুত্বপূৰ্ণ অভিজ্ঞতা লাভ কৰিব বা আপোনাৰ চাকৰিলৈ বহুতো পৰিৱৰ্তন আহিব পাৰে। সফল হ’বৰ বাবে আপুনি নিজৰ মনৰ কথা শুনক আৰু আৱশ্যকীয় পৰিৱৰ্তন কৰক।
হুইল অৱ ফৰচ্য়ুন কাৰ্ডখনে স্বাস্থ্যৰ দিশত পৰিৱৰ্তনক সূচিত কৰে। আপোনাৰ স্বাস্থ্যৰ স্থিতিলৈ পৰিৱৰ্তন অহাৰ সম্ভাৱনা আছে। আপুনি কোনো বেমাৰৰপৰা উপশম পাব পাৰে, আপোনাৰ শক্তিৰ স্তৰৰ পৰিৱৰ্তন হ’ব পাৰে অথবা পৰিস্থিতি সন্তুলিত কৰিবৰ বাবে আপুনি নিজৰ জীৱনশৈলীৰ কোনো পৰিৱৰ্তন কৰিব পাৰে।
শুভ ৰং: ফিৰোজা বা পাতল নীলা
কুম্ভ ৰাশি
প্ৰেম জীৱন: চিক্স অৱ স্ৱৰডচ্
আৰ্থিক জীৱন: ফ’ৰ অৱ পেণ্টাকলচ্
কেৰিয়াৰ: পে’জ অৱ কপচ্
স্বাস্থ্য: নাইট অৱ ৱেণ্ডচ্
প্ৰেম জীৱনত কুম্ভ ৰাশি ৰ জাতকসকলে চিক্স অৱ স্ৱৰডচ্ কাৰ্ড প্ৰাপ্ত কৰিছে যাৰ মতে আপোনাৰ সংগ্ৰামৰ অন্ত পৰিব। এয়া দুই ধৰণে হ’ব পাৰে : আপোনাৰ সম্পৰ্কৰ যতি পৰিব পাৰে বা সম্পৰ্কত জটিল সময়ৰ পিছত ভাল সময় আহিব পাৰে। যিকোনো স্থিতিত এয়া নিজৰ অতীতক পাহৰি যাবৰ বাবে আৰু এক অজ্ঞাত অথচ অধিক আশাব্যঞ্চক ভৱিষ্যতৰ দিশে আগবঢ়াৰ ইচ্ছাক প্ৰতিনিধিত্ব কৰে। যদিহে আপুনি চিংগল তেনেহ’লে আপুনি নিজৰ সেই অংশটোক ত্যাগ কৰিবৰ বাবে প্ৰস্তুত হ’ব পাৰে, যি আপোনাক প্ৰেমক স্বীকাৰ কৰিবৰ বাবে বাধা দি আছিল।
আৰ্থিক টেৰ’ ৰীডিঙত আপুনি আপৰাইট ফ’ৰ অৱ পেণ্টাকলচ্ কাৰ্ড লাভ কৰিছে যি হৈছে আৰ্থিক স্থিৰতা আৰু সুৰক্ষাৰ প্ৰতীক। এই কাৰ্ডখনে কয় যে আপুনি নিজৰ আৰ্থিক স্থিতি সুৰক্ষিত কৰাৰ প্ৰয়াস কৰি আছে। ইয়াৰ ভিতৰত থাকিব পাৰে অৱসৰপ্ৰাপ্ত জীৱনৰ বাবে ধনৰ সঞ্চয় কৰা বা কোনো ডাঙৰ ক্ৰয় যেনে কাৰ বা ঘৰৰ বাবে ধন সঞ্চয় কৰা।
কেৰিয়াৰৰ ক্ষেত্ৰত পে’জ অৱ কপচ্ কাৰ্ডখনে প্ৰকাশ কৰে যে যদিহে আপুনি সৃষ্টিশীল বা মনোৰঞ্জনৰ ক্ষেত্ৰৰ লগত জড়িত তেনেহ’লে আপুনি যথেষ্ট ভাল প্ৰদৰ্শন কৰিব। এই কাৰ্ডখনে স্পষ্ট সংকেত প্ৰদান কৰে যে আপুনি নতুন সুযোগ লাভ কৰিব আৰু জীৱনত উৎকৃষ্টতা প্ৰাপ্ত কৰিব। আপুনি চাকৰি এৰি ব্যৱসায় আৰম্ভ কৰাৰ সম্ভাৱনা আছে।
স্বাস্থ্যৰ দিশত নাইট অৱ ৱেণ্ডচ্ কাৰ্ডখন হৈছে এক শুভ সংকেত। এই কাৰ্ডখন হৈছে উদ্যম, শক্তি আৰু উৎসাহৰ প্ৰতীক। আপুনি খৰধৰকৈ কাম কৰাৰ ফলত আঘাতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা আছে। সেয়েহে আপোনাক সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
শুভ ৰং: জামু ৰঙী
মীন ৰাশি
প্ৰেম জীৱন: চেভেন অৱ ৱেণ্ডচ্
আৰ্থিক জীৱন: নাইন অৱ পেণ্টাকলচ্
কেৰিয়াৰ: কুইন অৱ স্ৱৰডচ্
স্বাস্থ্য: দ্য হাৰ্মিট
মীন ৰাশিৰ জাতকসকলে টেৰ’ ৰীডিঙত প্ৰেম জীৱনৰ ক্ষেত্ৰত চেভেন অৱ ৱেণ্ডচ্ কাৰ্ড লাভ কৰিছে যি সংকেত প্ৰদান কৰে যে আপুনি নিজৰ সম্পৰ্ক সুৰক্ষিত কৰি ৰখাৰ আৰু তাত এক সীমা নিৰ্দ্ধাৰিত কৰাৰ প্ৰয়োজনীয়তা আে। এই কাৰ্ডখনে এয়াও কয় যে আপুনি কোনো প্ৰতিদ্বন্দিতা বা বাধাৰ সম্মুখীন হৈছে।
নাইন অৱ পেণ্টাকলচ্ কাৰ্ডখন হৈছে ভৌতিক সফলতা, বিত্তীয় স্বতন্ত্ৰতা আৰু স্থিৰতাৰ প্ৰতীক। এই কাৰ্ডখনে প্ৰকাশ কৰে যে আপুনি সেই পৰ্য্যায়ত উপনীত হৈছে য’ত আপুনি নিজৰ প্ৰচেষ্টাৰ ফল লাভ কৰিছে আৰু এতিয়া আপুনি আৰাম তথা সুৰক্ষাৰ সৈতে নিজৰ কষ্টৰ ফলৰ আনন্দ উপভোগ কৰিব পাৰিব।
টেৰ’সাপ্তাহিক ৰাশিফল অনুসৰি টেৰ’ ৰীডিঙত কুইন অৱ স্ৱৰডচ্ কাৰ্ডখনে বৃত্তিগত ধৰণে কাম কৰা, জ্ঞান আৰু স্পষ্ট কথা-বতৰা আদিক সূচিত কৰে। এই কাৰ্ডখনে এনে এগৰাকী অভিজ্ঞতাসম্পন্ন সহকৰ্মীৰ ফালে সংকেত দিব পাৰে যি আপোনাৰ সমীক্ষা আৰু পথ প্ৰদৰ্শন কৰিব পাৰে।
স্বাস্থ্যৰ দিশত দ্য হাৰ্মিট কাৰ্ডখনে আত্মনীৰিক্ষণ, আত্মচিন্তন আৰু নিজৰ প্ৰতি যত্ন লোৱাৰ গুৰুত্বক দৰ্শায়। এই কাৰ্ডখনৰ মতে আপুনি নিজৰ শৰীৰৰ প্ৰতি মনোযোগ দিয়া উচিত, লগতে এই কাৰ্ডখনে আপোনাক প্ৰয়োজন হ’লে বিশ্ৰাম কৰাৰ আৰু নিজৰ স্বাস্থ্য সম্বন্ধীয় প্ৰয়োজনীয়তাসমূহৰ বিষয়ে ভালদৰে বুজিবৰ বাবে আন্তৰিক মাৰ্গদৰ্শন লোৱাৰ পৰামৰ্শ প্ৰদান কৰে।
শুভ ৰং: সৰিয়হ হালধীয়া
সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ
আমি আশা ৰাখিছোঁ যে আপুনি আমাৰ এই প্ৰৱন্ধটো নিশ্চয় ভাল পাইছে। এষ্ট্ৰোচেজৰ সৈতে জড়িত হৈ থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ।
সঘনাই সোধা প্ৰশ্ন
1. পৃথিৱীৰ সকলোটে টেৰ’ আইনীভাৱে বৈধ নে?
টেৰ’ত কোনো ধৰণৰ বেআইনী কথা নাই কিন্তু কিছুমান দেশত সাংস্কৃতিক আৰু ধৰ্মীয় মান্যতাৰ বাবে দিব্য কাৰ্য্য কৰাৰ অনুমতি নাই। সেয়েহে এনে কিছু দেশত টেৰ’ত বাধা আছে।
2. কোনখন টেৰ’ কাৰ্ডে গহীন চিন্তনক দৰ্শায়?
দ্য হাৰ্মিট কাৰ্ডখনে।
3. কোনখন কাৰ্ডে আত্মাৰ অনুসন্ধানক সূচিত কৰে?
দ্য হাই প্ৰিষ্টেচ কাৰ্ডখনে।
Astrological services for accurate answers and better feature
Astrological remedies to get rid of your problems

AstroSage on MobileAll Mobile Apps
- Horoscope 2025
- Rashifal 2025
- Calendar 2025
- Chinese Horoscope 2025
- Saturn Transit 2025
- Jupiter Transit 2025
- Rahu Transit 2025
- Ketu Transit 2025
- Ascendant Horoscope 2025
- Lal Kitab 2025
- Shubh Muhurat 2025
- Hindu Holidays 2025
- Public Holidays 2025
- ராசி பலன் 2025
- రాశిఫలాలు 2025
- ರಾಶಿಭವಿಷ್ಯ 2025
- ਰਾਸ਼ੀਫਲ 2025
- ରାଶିଫଳ 2025
- രാശിഫലം 2025
- રાશિફળ 2025
- రాశిఫలాలు 2025
- রাশিফল 2025 (Rashifol 2025)
- Astrology 2025