কামদা একাদশী 2025
হিন্দু ধৰ্মত কামদা একাদশী ব্ৰতৰ যথেষ্ট মহত্ব আছে। জ্যোতিষ শাস্ত্ৰ অনুসৰি এমাহত দুটা একাদশী তিথি পৰে য’ত গোটেই বৰ্ষত 24 টা একদাশী আহে। চ’ত মাহৰ শুক্ল পক্ষত পৰিবলগীয়া একাদশী তিথিক কামদা একাদশী 2025 নেমেৰে জনা যায়। প্ৰত্যেক একাদশীৰ দৰে এই দিনটোতো ভগৱান বিষ্ণু আৰু মা লক্ষ্মীৰ আৰাধনা কৰা হয়। নিজৰ মনোকামনা পূৰ্তি, কষ্টৰপৰা মুক্তি আৰু সুখ-সমৃদ্ধিৰ বাবে এই দিনটোত ব্ৰত পালন কৰা হয়।
এষ্ট্ৰোচেজ এ’আই-ৰ এই বিশেষ লিখনীটোৰ জৰিয়তে আমি আপোনাক কামদা একাদশী 2025 ৰ তাৰিখ, গুৰুত্ব আৰু পূজন বিধি সম্পৰ্কে অৱগত কৰিম। তেনেহ’লে আহক বিলম্ব নকৰি আগবাঢ়ি যাওঁ আৰু বৰ্ষ 2025 ৰ কামদা একাদশী কেতিয়া আছে সেই সম্পৰ্কে অৱগত হওঁ।
এয়াও পঢ়ক: ৰাশিফল 2025
ভৱিষ্যতৰ সৈতে জড়িত যিকোনো সমস্য়াৰ সমাধান লাভ কৰিব বিদ্বান জ্যোতিষীসকলৰ সৈতে কথা পাতি
কেতিয়া আছে কামদা একদশী 2025
কমদা একাদশী 08 এপ্ৰিল, 2025 মঙ্গলবাৰে পৰিছে। 07 এপ্ৰিল, 2025 ৰ ৰাতি 08 বাজি 03 মিনিটৰপৰা একাদশী তিথি আৰম্ভ হ’ব যাৰ সমাপ্তি 08 এপ্ৰিলৰ ৰাতি 09 বাজি 15 মিনিটত হ’ব। কামদা একাদশীক 'চৈত্ৰ শুক্ল একাদশী' নামেৰেও জনা যায় কাৰণ ই চৈত্ৰ নৱৰাত্ৰিৰ পিছত আহে।
2025 বৰ্ষৰ কামদা একাদশীৰ পূজন বিধি
- একাদশী 2025 ব্ৰতৰ এদিন পূৰ্বে ভোজন কৰাৰ পিছত ভগৱান বিষ্ণুৰ ধ্যান কৰক। ইয়াৰ পিছদিনা কামদা একাদশীত ৰাতিপুৱা স্নান কৰি নিবৃত হোৱাৰ পিছত নিজৰ ঘৰৰ পূজন স্থলত ব্ৰত ৰখাৰ সংকল্প লওক।
- এই একাদশীত ভগৱান বিষ্ণুক ফুল, ফল, গাখীৰ, পঞ্চামৃত, তিল আদি অৰ্পণ কৰক।
- পূজনৰ পিছত গোটেই দিনটো ভগৱান বিষ্ণুৰ ধ্যান কৰক আৰু তেওঁৰ নাম ভজনক কৰক। ৰাতি জাগৰণ কৰক। একাদশী ব্ৰতৰ আগদিনা পাৰণ কৰা হয়।
কমদা একদাশী 2025 ৰ ব্ৰতত কি খাব
- কামদা একাদশীত ব্ৰত ৰাখিলে এবাৰতে ভোজন কৰা হয় য’ত গাখীৰৰপৰা প্ৰস্তুত সামগ্ৰী, পাচলি আৰু শুকান মেৱা থাকে।
- এই দিনটোত সাত্বিক আৰু নিৰামিষ ভোজন কৰিব লাগে।
- যিকোনো একদাশীতে ভাত, মগু দালি, ঘেঁহু আৰু জোৱাৰ খাব নালাগে।
- সূৰ্য্যাস্তৰ পূৰ্বে ভজোন কৰি ল’ব লাগে কিন্তু অন্নৰ সেৱন একাদশীৰ আগদিনা ব্ৰাহ্মণক দক্ষিণা আৰু ভোজনি দিয়াৰ পিছতহে কৰিব লাগে।
বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ
কিয় বিশেষ কামদা একাদশী 2025
প্ৰথম একাদশী: কামদা একাদশী হিন্দু নৱবৰ্ষৰ প্ৰথম একাদশী। বিশ্বাস কৰা হয় যে এই দিনাখন ব্ৰত কৰিলে মনোবাঞ্চা পূৰণ হয়।
পাপৰপৰা মুক্তি: একাদশীৰ দিনা সম্পূৰ্ণ বিধি-বিধানেৰে ব্ৰত কৰিলে ব্ৰহ্ম হত্যাৰ দৰে পাপৰপৰা মুক্তি লাভ কৰিব পৰা যায়।
সন্তান প্ৰাপ্তিৰ আশীৰ্বাদ: যদি কোনো ব্যক্তিয়ে সন্তান প্ৰাপ্তিৰ বাবে মনোকামনা ৰাখে তেনেহ’লে কামদা একদাশীত নিশ্চয় ব্ৰত ৰাখিব লাগে। ইয়াৰ লগতে সন্তানৰ দীৰ্ঘায়ু আৰু সফলতাৰ বাবে এই দিনটোোত ব্ৰত ৰখা হয়।
মোক্ষ প্ৰাপ্তি: মান্যতা আছে যেকামদা একাদশীত ব্ৰত কৰিলে সাংসাৰিক সুখৰ আনন্দ লোৱাৰ পিছত মানুহে ভগৱান বিষ্ণুৰ বৈকুণ্ঠ ধামত স্থান লাভ কৰে।
2025 বৰ্ষৰ কামদা একাদশীত ব্ৰত পালন কৰাৰ বিধি
- কামদা একাদশী 2025 তএকাদশী ব্ৰতৰ আগদিনাখন সূৰ্য্যোদয়ৰ পিছত একাদশী ব্ৰত পালন কৰা হয়। দ্বাদশী তিথিৰ ভিতৰত ব্ৰতৰ পালন কৰাটো জৰুৰী।
- হৰি বাসৰৰ সময়ত ব্ৰত পালন কৰিব নালাগে। যদিহে দ্বাদশী তিথিত হৰি বাসৰ চলি থাকে, তেনেহ’লে ই সমাপ্ত হোৱালৈ অপেক্ষা কৰক আৰু ইয়াৰ পিছতহে ব্ৰত খোলক।
- হৰি বাসৰ হৈছে দ্বাদশী তিথিৰ প্ৰথম এক চতুৰ্থাংশ সময়। ব্ৰত খোলাৰ সকলোতকৈ সঠিক সময় হৈছে ৰাতিপুৱা। ইয়াৰ উপৰিও আপুনি দুপৰীয়া সময়তো ব্ৰত খুলিব পাৰে।
2025 ৰ কামদা একাদশীত ভুলতেও নকৰিব এই কাম
কেৱল কামদা একাদশীতেই নহয় বৰঞ্চ যিকোনো একাদশীতে নিম্নোক্ত কামবোৰ কৰাটো উচিত নহয়:
- দেৰিলৈকে নুশুব: শাস্ত্ৰত একাদশী তিথিত ৰাতিপুৱা দেৰিলৈ শোৱাটোক অশুভ হিচাপে গণ্য কৰিছে। ইয়াৰ ফলত ঘৰৰ ভিতৰলৈ নেতিবাচক শক্তিৰ আগমন ঘটে আৰু কামত বাধা আহে। একাদশীত সূৰ্য্যোদয়ৰ পূৰ্বে উঠি স্নান আৰু পূজা কৰা উচিত। ইয়াৰ পিছত সূৰ্য্য দেৱতাক অৰ্ঘ্য দিব লাগে।
- চাউল ভোজন নকৰিব: সৰ্বমুঠ 24 টা একাদশীত চাউল তথা ভাত খাবলৈ মানা কৰা হয়। কোৱা হয় যে এই দিনটোত চাউল খালে ব্ৰত নিষ্ফল হয়। ইয়াৰ বিপৰীত আপুনি গাখীৰ আৰু লাওৰ আটাৰে তৈয়াৰী তথা ফল-মূল খাব পাৰে।
- সাত্বিক ভোজন: এই দিনটোত তামসিক ভোজন কৰাটো বৰ্জন কৰিব লাগে। ইয়াত আছে নহৰু, পিয়াজ, কণী আৰু মদ-মাংস আদি। ইয়াৰ উপৰিও অত্যাধিক মচলাযুক্ত খাদ্য পৰিহাৰ কৰিব লাগে। ইয়াৰ বিপৰীতে সাত্বিক ভোজন কৰাহে উচিত।
- কাকো নিন্দা নকৰিব: একাদশীৰ ব্ৰতক যথেষ্ট শুভ হিচাপে জ্ঞান কৰা হয়। এই দিনাখন ইশ্বৰ ভক্তি আৰু নাম জপত লীন হৈ থাকিব লাগে। এই দিনটোক কাৰো কথা বেয়াকৈ পাতিব নালাগে, কাকো আঘাত দিব নালগে বা কাকো নিন্দা কৰিব নালাগে।
- ব্ৰহ্মাচৰ্য্য ৰাখক: যদিহে আপুনি ব্ৰতৰ সম্পূৰ্ণ ফল প্ৰাপ্ত কৰিব বিচাৰে তেনেহ’লে একাদশী ব্ৰতৰ সময়ত ব্ৰহ্মাচৰ্য্য ৰাখক। এই দিনটোত আপুনি নাম-কীৰ্ত্তনতো অংশগ্ৰহণ কৰিব পাৰে।
- চুলি কটাত বাধা: একাদশীত চুলি বা নথ কটাটোক অশুভ হিচাপে জ্ঞান কাৰ হয়। ইয়াৰ ফলত ঘৰৰ সুখ-শান্তি ভংগ হ’ব পাৰে আৰু ঘৰলৈ দৰিদ্ৰতা আহিব পাৰে।
কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন
2025 ৰ কামদা একাদশীত ব্ৰত নকৰাকৈ কেনেদৰে কৰিব বিষ্ণুক প্ৰসন্ন
যদিহে আপুনি কোনো কাৰণবশতঃ ব্ৰত ৰাখিব নোৱাৰে তেনেহ’লে আপুনি কিছুমান উপায়েৰে ভগৱান বিষ্ণুক প্ৰসন্ন কৰিব পাৰিব।
- একাদশীত সোনকালে শোৱাপাটীৰপৰা উঠি পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ চাফা বস্ত্ৰ পৰিধান কৰক আৰু ইয়াৰ পিছত পূজা-অৰ্চণা কৰক।
- ভগৱান বিষ্ণুক হালধি, চন্দন আৰু সেন্দুৰ লগাওক আৰু তেওঁৰ সম্মুখত ধূপ-ধুনা, চাকি জ্বলাই তুলসী পাত অৰ্পণ কৰক।
- কামদা একাদশীত 108 বাৰ 'ঔঁ নমো ভগৱনতে বাসুদেৱায়' জপ কৰক।
- ভগৱান বিষ্ণুৰ মন্দিৰলৈ গৈ পূজা কৰক আৰু ভোগ লগাওক।
- একাদশীত অন্ন, বস্ত্ৰ আৰু ধন দান কৰাৰ যথেষ্ট গুৰুত্ব আছে। এই দিনটোত গাই গৰুক ঘাঁহ খুৱাব পাৰে।
আপোনাৰ কুণ্ডলীত আছে নেকি ৰাজযোগ? জানক আপোনাৰ ৰাজযোগ প্ৰতিৱেদন
2025 বৰ্ষৰ কামদা একাদশীত ৰাশি অনুসৰি লগাওক ভোগ
জানক কামদা একাদশী 2025 ত ভগৱান বিষ্ণুক প্ৰসন্ন কৰিবৰ বাবে ভগৱান বিষ্ণু আৰু মা মহালক্ষ্মীক প্ৰসন্ন কৰিবৰ বাবে আপুনি ৰাশি অনুসৰি এই বস্তুবোৰৰ ভোগ লগাব পাৰে:
- মেষ ৰাশি: আপুনি বিষ্ণু জীক ডালিম বা মিঠা পোংগল অৰ্পণ কৰক। ইয়াৰদ্বাৰা আপোনাৰ জীৱনলৈ ইতিবাচকতা আহিব আৰু সকলো বাধা দূৰ হ’ব।
- বৃষ ৰাশি: যদি আপোনাৰ বৃষ ৰাশি , তেনেহ’লে আপুনি বিষ্ণু জীক গাখীৰৰপৰা তৈয়াৰী পায়সৰ ভোগ দিয়ক। ইয়াৰদ্বাৰা আপোনাৰ জীৱনলৈ সম্পন্নতা আৰু শুখ-সান্তি আহিব।
- মিথুন ৰাশি: এই ৰাশিৰ জাতকসকলে মাখানা আৰু গুড়ৰ ভোগ জিয়ক। এনে কৰিলে আপোনাৰ বুদ্ধি বৃদ্ধি হ’ব আৰু আপুনি মানসিকভাৱে স্থিৰ হ’ব।
- কৰ্কট ৰাশি: আপুনি একাদশীত বিষ্ণুজীক নাৰিকলৰ লাড়ু আগবঢ়াওক। ইয়াৰদ্বাৰা আপুনি আৱেগকিভাৱে শক্তিশালী হ’ব আৰু আপোনাৰ পৰিয়াললৈ সুখ-শান্তি আহিব।
- সিংহ ৰাশি: এই ৰাশিৰ জাতকসকলে মৌ আৰু আটাৰ বালৱা প্ৰস্তুত কৰি আগবঢ়াওক। এনে কৰাৰ ফলত আপোনাৰ সাহস আৰু আত্মবিশ্বাস বৃদ্ধি হ’ব। লগতে ঈশ্বৰৰ আশীৰ্বাদ প্ৰাপ্ত কৰিব।
- কন্যা ৰাশি: যিসকল লোকৰ জন্ম কন্যা ৰাশি ত হৈছে, তেওঁলোকে তুলসীৰপৰা প্ৰস্তুত পঞ্চামৃত অৰ্পণ কৰক। ইয়াৰ ফলত আপোনাৰ ভিতৰলৈ ইতিবাচক উৰ্জা আহিব।
- তুলা ৰাশি: ভগৱান বিষ্ণুক মিচিৰি আৰু মালাইৰ ভোগ লগাওক। এই উপায় কৰাৰ ফলত আপোনাৰ জীৱনলৈ সন্তুলন আৰু সুখ-আনন্দ লাভ কৰিব।
- বৃশ্চিক ৰাশি: আপুনি ঈশ্বৰক গুড়ক ভোগ লগাওক। ইয়াৰপৰা আপুনি নেতিবাচক শক্তিৰপাৰ মুক্তি লাভ কৰিব।
- ধনু ৰাশি: বিষ্ণু জীক বুট ডাইলৰ হালৱা আগবঢ়াওক। ইয়াৰদ্বাৰা আপুনি জ্ঞান আৰু সম্পন্নতা লাভ কৰিব।
- মকৰ ৰাশি: এই ৰাশিৰ জাতকসকলে একাদশীত তিলৰ লাড়ু অৰ্পণ কৰক। ইয়াৰ ফলত আপুনি প্ৰত্যাহ্বান আৰু জটিলতাৰপাৰ মুক্তি লাভ কৰিব।
- কুম্ভ ৰাশি: ভগৱান বিষ্ণুৰ আশীৰ্বাদ আৰু সমৃদ্ধিলাভ কৰিবৰ বাবে তেওঁক মালপোৱাৰ ভোগ দিয়ক।
- মীন ৰাশি: কামদা একাদশী 2025 তিথিত মীন ৰাশিৰ জাতকসকলক হালধীয়া ৰঙৰ মিঠাইৰ দৰে বচনৰপৰা প্ৰস্তুত লাড়ু অৰ্পণ কৰক।
সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ
আমি আশা ৰাখিছোঁ যে আপুনি আমাৰ এই প্ৰৱন্ধটো নিশ্চয় ভাল পাইছে। যদিহে ভাল পাইছে তেনেহ’লে আপোনাৰ অন্য শুভাকাংক্ষীসকলকো এই প্ৰৱন্ধটোৰ কথা জনাওক। ধন্যবাদ
সঘনাই সোধা প্ৰশ্ন
1. 2025 ত কামদা একাদশী কেতিয়া আছে?
08 এপ্ৰিলত কামদা একাদশী আছে।
2. একাদশীত কাৰ পূজা কৰা হয়?
ভগৱান বিষ্ণু আৰু মা লক্ষ্মীৰ পূজা কৰক।
3. একাদশীত চাউল খাব পাৰি নে?
এই দিনটোত চাউল খোৱাটো বৰ্জন কৰা হয়।
Astrological services for accurate answers and better feature
Astrological remedies to get rid of your problems
AstroSage on MobileAll Mobile Apps
- Horoscope 2026
- राशिफल 2026
- Calendar 2026
- Holidays 2026
- Shubh Muhurat 2026
- Saturn Transit 2026
- Ketu Transit 2026
- Jupiter Transit In Cancer
- Education Horoscope 2026
- Rahu Transit 2026
- ராசி பலன் 2026
- राशि भविष्य 2026
- રાશિફળ 2026
- রাশিফল 2026 (Rashifol 2026)
- ರಾಶಿಭವಿಷ್ಯ 2026
- రాశిఫలాలు 2026
- രാശിഫലം 2026
- Astrology 2026






