চৈত্ৰ নৱৰাত্ৰি 2025
হিন্দু উৎসৱসমূহৰ ভিতৰত চৈত্ৰ নৱৰাত্ৰিৰ অত্যন্তু গুৰুত্ব আছে। সমগ্ৰ দেশত অত্যন্ত শ্ৰদ্ধা আৰু আধ্যাত্মিক উৎসাহেৰে চৈত্ৰ নৱৰাত্ৰি পালন কৰা হয়। ভাৰতৰ বিভিন্ন প্ৰান্তত চৈত্ৰ নৱৰাত্ৰি ৰপৰাই হিন্দু নৱবৰ্ষৰ আৰম্ভণি হয় আৰু নৱৰাত্ৰিৰ নটা দি হৈছে মা দুৰ্গা আৰু তেওঁৰ নটা ৰূপৰ প্ৰতি সমৰ্পিত। শাৰদীয় নৱৰাত্ৰি শৰৎ ঋতুত হয় কিন্তু চৈত্ৰ নৱৰাত্ৰি বসন্ত ঋতুত হয়। বিন্দু পঞ্চাংগ অনুসৰি চ’ত মাহ অৰ্থাৎ মাৰ্চ বা এপ্ৰিলত নৱৰাত্ৰি পালন কৰা হয়। এইবাৰ দেওবাৰ 30 মাৰ্চ, 2025 ৰপৰাচৈত্ৰ নৱৰাত্ৰি2025 আৰম্ভণি হ’ব আৰু ইয়াৰ সমাপ্তি ঘটিব 07 এপ্ৰিল, 2025 তাৰিখে।

চৈত্ৰ নৱৰাত্ৰিৰ প্ৰথম দিনটোৰ অত্যন্ত গুৰুত্ব থাকে কাৰণ ইয়াৰপৰা সম্পূৰ্ণ ন দিনৰ বাবে আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হয়। নৱৰাত্ৰিৰ প্ৰথম দিনটো মা শৈলপুত্ৰীৰ প্ৰতি সমৰ্পিত যি হৈছে মা দুৰ্গাৰ প্ৰথম ৰূপ। এই দিনকেইটাত শ্ৰদ্ধাৱানসকলে সুখ-সমৃদ্ধি, উত্তম স্বাস্থ্য আৰু সফলতাৰ বাবে অনুষ্ঠান আৰু বিশেষ পূজাৰ আয়োজন কৰে আৰু মা দুৰ্গাৰ আশীৰ্বাদ গ্ৰহণ কৰে।
এয়াও পঢ়ক: ৰাশিফল 2025
ভৱিষ্যতৰ সৈতে জড়িত যিকোনো সমস্যাৰ সমাধান লাভ কৰিব বিদ্বান জ্যোতিষীসকলৰ সৈতে কথা পাতি
এষ্ট্ৰোচেজ এ’আই-ৰ এই বিশেষ প্ৰৱন্ধটোত ন দিন পৰ্য্যন্ত চলিবলগীয়া চৈত্ৰ নৱৰাত্ৰি 2025 ৰ প্ৰথম দিনটোৰ তাৰিখ সম্পৰ্কে অৱগত কৰা হৈছে। লগতে ঘট স্থাপনাৰ বিধি, গুৰুত্ব আদিৰো তথ্য প্ৰদান কৰা হৈছে। তেনেহ’লে আহক বিলম্ব নকৰি আগবাঢ়ি যাওঁ আৰু চৈত্ৰ নৱৰাত্ৰিৰ প্ৰথম দিনটোৰ বিষয়ে অৱগত হওঁ।
2025 বৰ্ষৰ চৈত্ৰ নৱৰাত্ৰিৰ প্ৰথম দিন: ঘট স্থাপনাৰ সময় আৰু তিথি
হিন্দু পঞ্জিকা অনুসৰি চৈত্ৰ নৱৰাত্ৰি 2025 ৰ আৰম্ভণি চত মাহৰ প্ৰতিপদ তিথিৰপৰা অৰ্থাৎ 30 মাৰ্চ, 2025 ৰপৰা হ’ব। ঘট স্থাপনাৰ শুভ সময় হৈছে:
ঘট স্থাপনা মুহুৰ্ত
ঘট স্থাপনা মুহুৰ্ত: ৰাতিপুৱা 06 বাজি 13 মিনিটৰপৰা 10 বাজি 22 মিনিট পৰ্য্যন্ত
সময়াৱধি: 4 ঘণ্টা 8 মিনিট
ঘট স্থাপনা অভিজীত মুহুৰ্ত: দুপৰীয়া 12 বাজি 01 মিনিচৰপৰা দুপৰীয়া 12 বাজি 50 মিনিট পৰ্য্যন্ত
সময়াৱধি: 50 মিনিট
বৃহৎ কুণ্ডলী : জানক গ্ৰহসমূহৰ আপোনাৰ জীৱনত প্ৰভাৱ আৰু উপায়
2025 ৰ চৈত্ৰ নৱৰাত্ৰি: মা দুৰ্গাৰ বাহন
ধৰ্মীয় মান্যতা অনুসৰি নৱৰাত্ৰিৰ সময়ত মা দুৰ্গাই কোনো বিশেষ বাহনত বহি পৃথিৱীলৈ আহে আৰু প্ৰত্যেক বাহনৰ ভিন ভিন অৰ্থ বা গুৰুত্ব থাকে। এই বছৰ চৈত্ৰ নৱৰাত্ৰি 2025 ৰ পৰ্ব দেওবাৰে আৰম্ভ হ’ব আৰু এই বাৰ মা দুৰ্গা হাতীত উঠি পৃথিৱালৈ আহিব।
মা দুৰ্গা হাতীত উঠি অহাটো হৈছে বিকাশ, শান্তি আৰু ইতিবাচক পৰিৱৰ্তনৰ প্ৰতীক। ই সংকেত দিয়ে যে এইবাৰ বৰষুণ ভাল হ’ব যাৰ বাবে ফচল ভাল হ’ব আৰু ভূমি সমৃদ্ধ হ’ব। এয়া কৃষিৰ বাবে অনুকূল পৰিস্থিতি আৰু ভক্তসকলে কষ্টৰপৰা মুক্তি লাভ কৰিব।
2025 বৰ্ষৰ চৈত্ৰ নৱৰাত্ৰি: ঘট স্থাপনাৰ পূজন বিধি
চৈত্ৰ নৱৰাত্ৰিৰ প্ৰথম দিনটোত পৰ্বৰ আৰম্ভণিৰ বাবে কলহ বা ঘট স্থাপনা কৰা হয়। মান্যতা আছে যে কলহ স্থাপন কৰাৰ ফলত ঘৰলৈ সুখ-শান্তি আৰু সমৃদ্ধিৰ আগমন ঘটে। তেনেহ’লে আহকচোন আগবাঢ়ি যাওঁ আৰু চৈত্ৰ নৱৰাত্ৰিৰ প্ৰথম দিনটোত কলহ স্থাপনা বা ঘট স্থাপনা কৰাৰ পূজন বিধি কি হয় সেই বিষয়ে দৃষ্টিপাত কৰোঁ:
- শাৰীৰিক আৰু আধ্যাত্মিক ৰূপৰপৰা শুদ্ধ হ’বৰ বাবে আপুনি ব্ৰহ্ম মুহুৰ্তত উঠি স্নান কৰি লওক।
- এটা পাত্ৰত মাটি ঢালক। ই হৈছে প্ৰজনন আৰু বিকাশৰ প্ৰতীক।
- এতিয়া সেই মাটিত জোৱাৰৰ বীজ ৰাখক যি ঘৰৰ ভিতৰৰ সমৃদ্দি আৰু সম্পন্নতাক দৰ্শায়।
- এতিয়া মাটিৰ পাত্ৰটোৰ ওপৰত এটা মাটিৰ কলহ বা ঘট ৰাখক। কলহ হৈছে সম্পন্নতা আৰু দিব্য শক্তিৰ প্ৰতীক।
- বাতাবৰণ পৱিত্ৰ কৰি ৰাখিবৰ বাবে কলহৰ ভিতৰত গংগাজল ঢালি লওক।
- কলহৰ ভিতৰত চুপাৰী, সিকি আৰু ফুল ৰাখক। এই বস্তুবোৰ হৈছে সম্পন্নতা, সমৃদ্ধি আৰু ভক্তিৰ প্ৰতীক।
- এই কলহটো মাটিৰ ঢাকোন এখনেৰে ঢাকি দিয়ক আৰু তাৰ ওপৰত অক্ষত ৰাখক। ই শুদ্ধতা আৰু পূৰ্ণতাক সূচিত কৰে।
- মুখ্য দেৱ-দেৱীৰ ৰূপত কলহৰ সম্মুখত মা দুৰ্গাৰ মূৰ্ত্তি বা ছবি স্থাপন কৰক।
- বৈদিক অনুষ্ঠান অনুসৰি পূজন আৰু পৱিত্ৰ মন্ত্ৰ জপ কৰক। আপুনি মা দুৰ্গাক ধূপ-ধূনা, চাকি, ফুল আৰু মিঠাই অৰ্পণ কৰক।
- নৱৰাত্ৰিৰ নটা দিন পৰ্য্যন্ত একেৰাহে পূজা কৰা হয় আৰু মাতা ৰাণীক দৈনিক প্ৰসাদ আগবঢ়োৱা হয়।
- ন দিনৰ দিনাখন অৰ্থাৎ নৱৰাত্ৰিৰ নৱম তিথিটো ভগৱান ৰামৰ জন্মোৎসৱ হিচাপে পালন কৰা হয়। এই দিনটো হৈছে নৱৰাত্ৰিৰ সমাপ্তিৰ প্ৰতীক।
- নৱৰাত্ৰিৰ অন্তিম দিনটোত কন্যা পূজন কৰা হয়। এই দিনটোত সৰু ছোৱালীক দেৱীৰ ৰূপত পূজা কৰা হয় আৰু তেওঁলোকক ভোজন খুওৱাই উপহাৰ দিয়া হয়।
2025 বৰ্ষৰ চৈত্ৰ নৱৰাত্ৰিৰ প্ৰথম দিনটোৰ গুৰুত্ব
সংস্কৃতত নৱৰাত্ৰিৰ অৰ্থ হৈছে ন দিন যি মা দুৰ্গাৰ নটা ৰূপৰ প্ৰতি সমৰ্পিত।চৈত্ৰ নৱৰাত্ৰি2025 এই প্ৰৱন্ধটোৰ জৰিয়তে আপোনাক জনাও যেনৱৰাত্ৰিৰ প্ৰতি দিনায়ে মা দুৰ্গাৰ ভিন ভিন অৱতাৰৰ পূজা কৰা হয় যি দিব্য নাৰীৰৰ বিভিন্ন গুণ আৰু শক্তিক দৰ্শায়। হিন্দু পঞ্জিকা অনুসৰি, চৈত্ৰ নৱৰাত্ৰিৰপৰাই হিন্দুসকলৰ নৱবৰ্ষৰ আৰম্ভণি হয়। সেয়েহে এই পৰ্বটোৰ অত্যন্ত গুৰুত্ব আছে। নতুন কাম আৰম্ভ কৰিবৰ বাবে, ফচল সিঁচিবৰ বাবে আৰু ধৰ্মীয় যাত্ৰা কৰিবৰ বাবে এই সময়খিনিক শুভ হিচাপে গণ্য কৰা হয়।
মা দুৰ্গাৰ নটা স্বৰূপ
- শৈলপুত্ৰী: নৱৰাত্ৰিৰ প্ৰথমটো দিনত মা শৈলপুত্ৰীৰ পূজা কৰা হয়। শৈলপুত্ৰী হৈছে পৰ্বতৰ কন্যা আৰু ব্ৰহ্মা, বিষ্ণু তথা মহেশৰ শক্তিৰ প্ৰতীক।
- ব্ৰহ্মচাৰিণী: দ্বিতীয় দিনাখন মা ব্ৰহ্মচাৰিণীৰ পূজা কৰা হয় যি হৈছে তপস্যা আৰু কঠোৰ সাধনাৰ প্ৰতীক। এই ৰূপত মায়ে আধ্যাত্মিক জ্ঞানৰ প্ৰতিনিধিত্ব কৰে।
- চন্দ্ৰঘণ্টা: তৃতীয় দিনাখন মা চন্দ্ৰঘণ্টাৰ পূজা কৰা হয় যি হৈে সাহস আৰু দৃঢ়তাৰ প্ৰতীক।
- কুষ্মাণ্ডা: বিশ্বাস কৰা হয় যে মা কুষ্মাণ্ডাৰ দিব্য হাঁহিৰপৰাই ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিল আৰু তেওঁৰ এই স্বৰূপে সৃষ্টিশীলতা আৰু শক্তিক দৰ্শায়।
- স্কন্দমাতা: নৱৰাত্ৰিৰ পঞ্চম দিনাখন মা স্কন্দমাতাৰ পূজা কাৰ হয় যি ভগৱান কাৰ্তিকেয় অৰ্থাৎ স্কন্দৰ মাতৃ। মা দুৰ্গাৰ এই ৰূপটো হৈছে মাতৃ শক্তিৰ প্ৰতীক।
- কাত্যায়নী: ষষ্ঠ দিনত মা কাত্যায়নীৰ আৰাধনা কৰা হয়। এই ৰূপত মা দুৰ্গা যোদ্বাৰ প্ৰতীত হয় আৰু এই ৰূপটো হৈছে সাহসৰ প্ৰতীক।
- কালৰাত্ৰি: সপ্তম দিনত কালৰাত্ৰিৰ পূজা কৰা হয় যি অহংকাৰ আৰু অজ্ঞানতা নাশ কৰিবৰ বাবে উগ্ৰ আৰু বিনাশকাৰী ৰূপ ধাৰণ কৰে।
- মহাগৌৰী: অষ্টম দিনত মা গৌৰাৰ উপাসনা কৰা হয় যি পৱিত্ৰতা আৰু শান্তিৰ প্ৰতীক।
- সিদ্ধিদাত্ৰী: নৱৰাত্ৰিৰ নৱম অৰ্থাৎ অন্তিম দিনটোত মা দুৰ্গাৰ নৱম স্বৰূপৰ আৰাধনা কৰা হয় আৰু এই ৰূপটোৱে অলৌকিক শক্তি প্ৰদান কৰাৰ লগতে সকলো ইচ্ছা পূৰণ কৰে।
আপোনাৰ কুণ্ডলী আছে নেকি ৰাজ যোগ? জানক আপোনাৰ ৰাজযোগ প্ৰতিৱেদন
নৱৰাত্ৰিৰ প্ৰথমটো দিনত মা শৈলপুত্ৰীৰ পূজা
নৱৰাত্ৰিৰ প্ৰথম দিনটো মা শৈলপুত্ৰীৰ প্ৰতি সমৰ্পিত যি হৈছে মা দুৰ্গাৰ প্ৰথম স্বৰূপ। যিহেতু, মা দুৰ্গায়ে দেৱী পাৰ্বতীৰ ৰূপত হিমালয়ৰ পুত্ৰী হিচাপে জন্ম লৈছিল সেয়েহে তেওঁক ‘পৰ্বতৰ কন্যা’ৰ ৰূপত মা শৈলপুত্ৰী নামৰে পূজা কৰা হয়। তেওঁ নদীত থাকে আৰু তেওঁৰ এটা হাতত ত্ৰিশূল আৰু আনটো হাতত পদুম ফুল থাকে।
দেৱী শৈলপুত্ৰীৰ সম্বন্ধ মূলাধাৰ চক্ৰৰ সৈতে আছে যি স্থিৰতা, সন্তুলন আৰু শক্তিৰ প্ৰতীক। নৱৰাত্ৰিৰ প্ৰথম দিনটোত মা শৈলপুত্ৰীৰ পূজা কৰাৰদ্বাৰা ভক্তসকলৰ আত্মাৰ শুদ্ধি হয়, তেওঁলোকৰ সকলো পাপ খণ্ডন হয় আৰু আধ্যাত্মিক ৰূপত আগবাঢ়ি যাবৰ বাবে অসীম শক্তি প্ৰাপ্ত কৰে। মা শৈলপুত্ৰীৰ সম্পৰ্ক চন্দ্ৰমাৰ সৈতে থাকে সেয়েহে কোৱা হয় যে পৱিত্ৰ মনেৰে মা শৈলপুত্ৰীৰ পূজা কৰিলে কুণ্ডলীত চন্দ্ৰমা ৰ স্থিতি শক্তিশালী হয় , ইতিবাচকতা আহে আৰু চন্দ্ৰমাৰ সৈতে সম্বন্ধিত ক্ষেত্ৰসমূহত অনুকূল পৰিণাম প্ৰাপ্ত হয়।
মা শৈলপুত্ৰীৰ মন্ত্ৰ
বীজ মন্ত্ৰ: 'য়া দেৱী সৰ্বভূততেষু মা শৈলপুত্ৰী ৰূপেণ সমস্থিতল নমস্তস্যৈ নমস্তস্যৈ নমস্তসৈ নমো নমঃ।।
ঔঁ এং হীং ক্লীং চামুণ্ডায়ে বিচ্চৈ ঔঁ শৈলপুত্ৰী দেৱৈ নমঃ।।
মৈ শৈলপুত্ৰীৰ পৌৰাণিক কথা
নৱৰাত্ৰিৰ প্ৰথম দিনা মা শৈলপুত্ৰীৰ পূজা কৰা হয় যি হৈছে মা দুৰ্গাৰ প্ৰথম স্বৰূপ। শৈলপুত্ৰী নামৰ অৰ্থ হৈছে পৰ্বতৰ কন্যা। তেওঁক ভগৱান শিৱৰ প্ৰথমা পত্নী সতীৰ পুণৰ্জনম হিচাপে গণ্য কৰা হয়। দেৱী শৈলপুত্ৰীক এক দিব্য ৰূপত দৰ্শোৱা হয় যি নদীত সাঁতুৰি থাকে। তেওঁৰ কপালত চন্দ্ৰমা বিৰাজমান হৈ থাকে আৰু এখন হাতত ত্ৰিশূল, আনখন হাতত পদুম ফুল থাকে।
পুণৰ্জন্মত মা শেলপুত্ৰীয়ে ৰজা দক্ষৰ পুত্ৰী সতীৰ ৰূপত জন্ম লৈছিল যি হৈছে ভগৱান শিৱৰ প্ৰথমা পত্নী। সতীয়ে ভগৱান শিৱৰ সৈতে বিবাহ পাশত বহিব বিচাৰিছিল কিন্তু তেওঁৰ পিতৃ দক্ষ প্ৰজাপতিয়ে শিৱৰ তিৰস্কাৰ কৰিছিল আৰু তেওঁ শিৱৰ সৈতে নিজৰ কন্যাক বিয়া দিবলৈ অস্বীকাৰ কৰিছিল।
এবাৰ ৰজা দক্ষই মহাযজ্ঞৰ আয়োজন কৰিছিল আৰু তালৈ তেওঁ সকলো দেৱী-দেৱতা, ঋষিক আমন্ত্ৰণ কৰিছিল কিন্তু ভগৱান শিৱলৈ নিমন্ত্ৰণ প্ৰেৰণ কৰা নাছিল। সতীয়ে এই যজ্ঞত অংশগ্ৰহণ কৰিব বিচাৰিছিল কিন্তু শিৱই তেওঁক সাৱধান কৰি দিছিল যে যদিহে তেওঁ অনিমন্ত্ৰিত হৈ এই যজ্ঞলৈ যায় তেনেহ’লে তেওঁ তাত অপমানিত হ’ব। সতীয়ে ভগৱনা শিৱৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব নিদি ৰজা দক্ষৰ মহলত উপস্থিত হ’ল। কিন্তু যজ্ঞৰ সময়ত সতীক দেখা পাই ৰজা দক্ষই তেওঁৰ বহুত তিৰস্কাৰ কৰিলে আৰু ভগৱান শিৱৰ অত্যন্ত নিন্দা কৰিলে। নিজৰ স্বামীৰ প্ৰতি সেই অপমান লাভ কৰাৰ পিছত সতীয়ে সহ্য কৰিব নোৱাৰিলে আৰু তেওঁ যজ্ঞৰ পৱিত্ৰ অগ্নিতেই নিজকে ভস্ম কৰিবলৈ সিদ্ধান্ত ল’লে।
সতীৰ মৃত্যৰ পিছত ভগৱান শিৱ অত্যন্ত দুখী আৰু ক্ৰোধিত হৈ পৰিল। তেওঁ সতীৰ মৃত শৰীৰটো কান্ধত লৈ তাণ্ডৱ কৰিবলৈ লাগিলে। ই সম্পূৰ্ণ সৃষ্টিৰ বিনাশৰ প্ৰতি সংকটৰ সৃষ্টি কৰিলে। শিৱৰ এই প্ৰলয়ংকাৰী ৰূপৰপৰা সৃষ্টিৰ বিনাশৰ প্ৰতি শংকা উৎপন্ন হৈ পৰিল।
এই মহাবিনাশত বাধা প্ৰদান কৰিবৰ বাবে ভগৱান বিষ্ণুৱে নিজৰ সুদৰ্শন চক্ৰৰে মাতা সতীৰ শৰীৰ খণ্ড বিখণ্ড কৰি পেলালে যি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত গৈ পৰিলগৈ। যি যি স্থানত মা সতীৰ অংগবোৰ পৰিলে সেই স্থানবোৰক শক্তিপীঠৰ নাম দিয়া হ’ল আৰু এই স্থানসমূহ মা দুৰ্গাৰ পৱিত্ৰ তীৰ্থস্থান হিচাপে গঢ়ি উঠিল।
ইয়াৰ পিছত পৰ্বতৰ ৰজা হিমালয়ৰ ঘৰত মাতা সতীয়ে দেৱী শৈলপুত্ৰী নামেৰে পুণৰ জন্ম ল’লে আৰু তাত তেওঁ পাৰ্বতী নাম লাভ কৰে। কম বয়সৰেপৰাই দেৱী পাৰ্বতী ভগৱান শিৱৰ পৰম ভক্ত আছিল আৰু শিৱক লাভ কৰিবৰ বাবে দেৱী পাৰ্বতীয়ে কঠোৰ তপস্যা কৰিছিল। তেওঁৰ অসীম ভক্তিক সন্তুষ্ট হৈ ভগৱান শিৱয়ে পুণৰ তেওঁক নিজ পত্নী হিচাপে স্বীকাৰ কৰিছিল।
কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন
চৈত্ৰ নৱৰাত্ৰি 2025 : দেৱীৰ ন ৰূপৰ সৈতে সম্বন্ধিত গ্ৰহ
নৱৰাত্ৰিৰ দিন | দেৱীৰ ৰূপ | সম্বন্ধিত গ্ৰহ |
প্ৰথম দিন : প্ৰতিপদ | মা শৈলপুত্ৰী | চন্দ্ৰমা |
দ্বিতীয় দিন : দ্বিতীয়া | মা ব্ৰহ্মচাৰিণী | মঙ্গল |
তৃতীয় দিন : তৃতীয় | মা চন্দ্ৰঘণ্টা | শুক্ৰ |
চতুৰ্থ দিন : চতুৰ্থী | মা কুষ্মাণ্ডা | সূৰ্য্য |
পঞ্চম দিন : পঞ্চমী | মা স্কন্দমাতা | বুধ |
ষষ্ঠ দিন: ষষ্ঠী | মা কাত্যায়নী | বৃহস্পতি |
সপ্তম দিন : সপ্তমী | মা কালৰাত্ৰি | শনি |
অষ্টম দিন : অষ্টমী | মা মহাগৌৰী | ৰাহু |
নৱম দিন : নৱমী | মা সিদ্ধিদাত্ৰী | কেতু |
চৈত্ৰ নৱৰাত্ৰি 2025 ত কি কৰিব কি নকৰিব
কি কি কৰিব
- ৰাতিপুৱা সোনকালে উঠি স্নান কৰক।
- ঘৰ আৰু পূজন স্থল পৰিস্কাৰ কৰক।
- দৈনিক দুৰ্গা সপ্তশতী বা দেৱী মাহাত্ম্য পাঠ কৰক।
- মাতা ৰাণীক সতেজ ফুল আৰু ভোগ আগবঢ়াওক।
- সম্পূৰ্ণ শ্ৰদ্ধাৰে ব্ৰত ৰাখক আৰু কেৱল সাত্বিক ভোজন কৰক।
কি কি নকৰিব
- নৱৰাত্ৰিৰ কেইদিন চুলি আৰু নখ কাটিব নালাগে।
- মাংসহাৰী ভোজন, মদ বা ধপাত ইত্যাদি সেৱন কৰিব নালাগে।
- নেতিবাচক চিন্তা, ক্ৰোধ আৰু নিন্দা পৰিহাৰ কৰক।
- নৱৰাত্ৰিৰ সময়ত ক’লা ৰঙৰ বস্ত্ৰ নিপিন্ধিব কাৰণ ইয়াক অশুভ হিচাপে গণ্য কৰা হয়।
- দিনৰ ভাগত শোৱাপাটিলৈ নাযাব বা নুশুভ কাৰণ ইয়াৰদ্বাৰা ব্ৰতৰ আধ্যাত্মিক লাভ প্ৰাপ্ত কৰিব নোৱাৰিব।
মা দুৰ্গাক সন্তুষ্ট কৰিবৰ বাবে চৈত্ৰ নৱৰাত্ৰি 2025 ৰ উপায়
- নৱৰাত্ৰিৰ প্ৰথম দিনাখন নিজৰ ঘৰৰ বাহিৰত স্বাস্তিক বনাওক। ইয়াৰদ্বাৰা নেতিবাচক শক্তি নাশ হয় আৰু ঘৰৰ ভিতৰলৈ ইতিবাচকতা আহে।
- ঘৰৰ ভিতৰত সুখ-শান্তিৰ আগমনৰ বাবে ৰঙা ৰঙৰ ফুল আৰু ৰঙা ৰঙৰ চুৰ্ণী মা দুৰ্গাক অৰ্পণ কৰক।
- নৱৰাত্ৰিৰ সময়ত মা দুৰ্গাৰ সপ্তশতীৰ পাঠ কৰক। ইয়াৰদ্বাৰা সকলো ইচ্ছা পূৰণ হয় আৰু জীৱনলৈ অহা সকলো বাধা আতৰি যায়।
- মা দুৰ্গাৰ আশীৰ্বাদ লাভ কৰিবৰ বাবে আৰু মনোকামনা পূৰণৰ বাবে পদুম ফুল অৰ্পণ কৰক।
- নৱৰাত্ৰিৰ সম্পূৰ্ম ন দিন পৰ্য্যন্ত অক্ষয় বন্তি জ্বলাওক। এয়া হৈছে দিব্য শক্তিৰ প্ৰতীক আৰু ইয়াৰদ্বাৰা সকলো ইচ্ছা পূৰণ হয়।
- সৰু ছোৱালীক অষ্টমী বা নৱমীৰ দিনা পূজা কৰক। ইয়াৰদ্বাৰা ঘৰ-পৰিয়াললৈ সুখ-শান্তি আহে।
- হোম কৰাৰ ফলত নেতিবাচকতা দূৰ হয়, বাস্তু দোষ নাশ হয় আৰু বেয়া দৃষ্টিৰপৰা ৰক্ষা পৰা যায়। যদিহে আপুনি দৈনিক হোম নকৰে, তেনেহ’লে অষ্টমী, নৱমী বা দশমীৰ দিনাখন হোম কৰক।
2025 বৰ্ষৰ চৈত্ৰ নৱৰাত্ৰিত ৰাশি অনুসৰি উপায়
চৈত্ৰ নৱৰাত্ৰিত নিজৰ নিজৰ ৰাশি অনুসৰি নিম্নোক্ত উপায়সমূহ কৰক:
- মেষ ৰাশি: মা দুৰ্গাৰ ৰঙা ৰঙৰ চামেলী ফুল অৰ্পণ কৰক আৰু দৰিদ্ৰ লোকক মচুৰ দাইল দাান কৰক।
- বৃষ ৰাশি: মা লক্ষ্মীৰ পূজা কৰক আৰু সৰু ছোৱালীক পাৰফিউম আৰু শৃংগাৰৰ সামগ্ৰীৰ উপহাৰ দিয়ক।
- মিথুন ৰাশি: 'ঔঁ বুধায় নমঃ' মন্ত্ৰ জপ কৰক আৰু সেউজীয়া ৰঙৰ ফল-মূল আৰু শাাক-পাচলি যেনে মধুৰিআম আৰু পালেং আদি দান কৰক।
- কৰ্কট ৰাশি: মা ব্ৰহ্মচাৰিণীৰ উপাসনা কৰক আৰু দৰিদ্ৰ লোকক গাখীৰ আৰু চাউলৰপৰা তৈয়াৰী বস্তু দান কৰক।
- সিংহ ৰাশি: এই ৰাশিৰ জাতকসকলে গায়ত্ৰী মন্ত্ৰ জপ কৰক আৰু মন্দিৰত গুড় দান কৰক।
- কন্যা ৰাশি: সুখ-সমৃদ্ধিৰ বাবে কন্যা ৰাশি ৰ জাতকসকলে মা সৰস্বতীৰ পূজা কৰক, তেওঁক ৰঙা ৰঙৰ ফুল অৰ্পণ কৰক আৰু সৰু ছোৱালীক সেউজীয়া ৰঙৰ বস্ত্ৰ উপহাৰ দিয়ক।
- তুলা ৰাশি: মা লক্ষ্মী আৰু মা দুৰ্গাৰ পূজা কৰক। দৰিদ্ৰ লোকক চাউল, গাখীৰ, চেনী, চেঁৱৈ দান কৰক বা হালৱা বা পায়স বিতৰণ কৰক।
- বৃশ্চিক ৰাশি: মা চন্দ্ৰঘণ্টাৰ পূজা কৰক আৰু দৰিদ্ৰ লোকক তামৰ বাচন দান দিয়ক।
- ধনু ৰাশি: 'ঔঁ বৃহস্পতায়ে নমঃ' মন্ত্ৰ জপ কৰক আৰু মা সৰস্বতীৰ পূজা কৰক।
- মকৰ ৰাশি: নিজৰ ঘৰৰ পূজন স্থলত সৰিয়হৰ তেলৰ চাকি জ্বলাওক আৰু দৰিদ্ৰ আৰু অনাথ লোকক অন্ন দান কৰক।
- কুম্ভ ৰাশি: ক’লা তিল দান কৰক আৰু সৌভাগ্য বৃদ্ধিৰ বাবে দৰিদ্ৰ লোকক অন্ন আৰু পানী দিয়ক।
- মীন ৰাশি: মা স্কন্দমাতাৰ উপাসনা কৰক, বঞ্চিত শিশুসকলৰ বিদ্যালয়লৈ যাওক আৰু তেওঁলোকক কিতাপ বা পঢ়া-শুনাৰ বস্তু দান কৰক।
সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ
আমি আশা ৰাখিছোঁ যে আপুনি এই প্ৰৱন্ধটো ভাল পাইছে। এষ্ট্ৰোচেজৰ সৈতে সংযুক্ত হৈ থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ!
সঘনাই সোধা প্ৰশ্ন
1. 2025 বৰ্ষত চৈত্ৰ নৱৰাত্ৰি কেতিয়া আছে?
এই বৰ্ষত 30 মাৰ্চ, 2025 ত দেওবাৰে চৈত্ৰ নৱৰাত্ৰি আৰম্ভ হ’ব আৰু ইয়াৰ সমাপ্তি 07 এপ্ৰিল, 2025 ত হ’ব।
2. এই বৰ্ষত মা দুৰ্গা কি বাহনত আহিব?
এই বৰ্ষত মা দুৰ্গা হাতীত উঠি আহিব।
3. চৈত্ৰ নৱৰাত্ৰিৰ প্ৰথম দিনাখন মা দুৰ্গাৰ কোনটো ৰূপৰ পূজা কৰা হয়?
নৱৰাত্ৰিৰ প্ৰথম দিনটো মা শৈলপুত্ৰীৰ প্ৰতি সমৰ্পিত আৰু প্ৰথম দিনা এই ৰূপৰ পূজা কৰা হয়।
Astrological services for accurate answers and better feature
Astrological remedies to get rid of your problems

AstroSage on MobileAll Mobile Apps
- Weekly Horoscope From April 28 to May 04, 2025: Success And Promotions
- Vaishakh Amavasya 2025: Do This Remedy & Get Rid Of Pitra Dosha
- Numerology Weekly Horoscope From 27 April To 03 May, 2025
- Tarot Weekly Horoscope (27th April-3rd May): Unlocking Your Destiny With Tarot!
- May 2025 Planetary Predictions: Gains & Glory For 5 Zodiacs In May!
- Chaturgrahi Yoga 2025: Success & Financial Gains For Lucky Zodiac Signs!
- Varuthini Ekadashi 2025: Remedies To Get Free From Every Sin
- Mercury Transit In Aries 2025: Unexpected Wealth & Prosperity For 3 Zodiac Signs!
- Akshaya Tritiya 2025: Guide To Buy & Donate For All 12 Zodiac Signs!
- Tarot Monthly Horoscope (01st-31st May): Zodiac-Wise Monthly Predictions!
- अक्षय तृतीया से सजे इस सप्ताह में इन राशियों पर होगी धन की बरसात, पदोन्नति के भी बनेंगे योग!
- वैशाख अमावस्या पर जरूर करें ये छोटा सा उपाय, पितृ दोष होगा दूर और पूर्वजों का मिलेगा आशीर्वाद!
- साप्ताहिक अंक फल (27 अप्रैल से 03 मई, 2025): जानें क्या लाया है यह सप्ताह आपके लिए!
- टैरो साप्ताहिक राशिफल (27 अप्रैल से 03 मई, 2025): ये सप्ताह इन 3 राशियों के लिए रहेगा बेहद भाग्यशाली!
- वरुथिनी एकादशी 2025: आज ये उपाय करेंगे, तो हर पाप से मिल जाएगी मुक्ति, होगा धन लाभ
- टैरो मासिक राशिफल मई: ये राशि वाले रहें सावधान!
- मई में होगा कई ग्रहों का गोचर, देख लें विवाह मुहूर्त की पूरी लिस्ट!
- साप्ताहिक राशिफल: 21 से 27 अप्रैल का ये सप्ताह इन राशियों के लिए रहेगा बहुत लकी!
- अंक ज्योतिष साप्ताहिक राशिफल (20 अप्रैल से 26 अप्रैल, 2025): जानें इस सप्ताह किन जातकों को रहना होगा सावधान!
- टैरो साप्ताहिक राशिफल : 20 अप्रैल से 26 अप्रैल, 2025
- Horoscope 2025
- Rashifal 2025
- Calendar 2025
- Chinese Horoscope 2025
- Saturn Transit 2025
- Jupiter Transit 2025
- Rahu Transit 2025
- Ketu Transit 2025
- Ascendant Horoscope 2025
- Lal Kitab 2025
- Shubh Muhurat 2025
- Hindu Holidays 2025
- Public Holidays 2025
- ராசி பலன் 2025
- రాశిఫలాలు 2025
- ರಾಶಿಭವಿಷ್ಯ 2025
- ਰਾਸ਼ੀਫਲ 2025
- ରାଶିଫଳ 2025
- രാശിഫലം 2025
- રાશિફળ 2025
- రాశిఫలాలు 2025
- রাশিফল 2025 (Rashifol 2025)
- Astrology 2025