অংক জ্যোতিষ (23 মাৰ্চ-29 মাৰ্চ, 2025)
অংকজ্যোতিষ সাপ্তাহিক ভৱিষ্যতফল জনাৰ ক্ষেত্ৰত অংক জ্যোতিষ মূলাংকৰ যথেষ্ট ভূমিকা আছে। মূলাংকক জাতকৰ জীৱনৰ গুৰুত্বপূৰ্ণ সংখ্য হিচাপে বিবেচনা কৰা হয়। আপোনাৰ জন্ম মাহৰ যি তাৰিখে হয়, তাক একক অংকলৈ ৰূপান্তৰ কৰাৰ পিছত যি সংখ্যা প্ৰাপ্ত হয় তাকেই আপোনাৰ মূলাংক বুলি কোৱা হয়। মূলাংক 1 ৰপৰা 9 অংকৰ ভিতৰত যিকোনো হ’ব পাৰে, উদাহৰণস্বৰূপে- আপোনাৰ জন্ম কোনো মাহৰ 10 তাৰিখে হ’লে আপোনাৰ মূলাংক হ’ব 1+0 অৰ্থাৎ1 ।

এনেদৰে যি কোনো মাহৰ 1 তাৰিখৰপৰা 31 তাৰিখ পৰ্য্যন্ত জন্ম হোৱা মানুহৰ বাবে 1 ৰপৰা 9 পৰ্য্যন্ত মূলাংকৰ গণনা কৰা হয়। এইদৰে সকলো জাতকৰনিজৰ ৰুট নম্বৰ জানি লৈ তাৰ আধাৰত সাপ্তাহিক ৰাশিফলো জানিব পৰা যায়।
এয়াও পঢ়ক: ৰাশিফল 2025
পৃথিৱীৰ বিদ্বান অংক জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক আৰু জানক কেৰিয়াৰ সম্বন্ধীয় সকলোবোৰ তথ্য
নিজৰ জন্মতিথিৰপৰা জানক সাপ্তাহিক অংক ৰাশিফল (23 মাৰ্চৰপৰা 29 মাৰ্চ 2025)
আমাৰ জীৱনত অংকজ্যোতিষৰ পোণপটীয়া প্ৰভাৱ পৰে কাৰণ আমাৰ জন্ম তাৰিখেই সংখ্য়াৰদ্বাৰা প্ৰস্তুত হয়। তলত দিয়া লিখনীটোত অৱগত কৰা হৈছে যে সকলো ব্যক্তিৰ জন্ম তাৰিখিৰ হিচাপ মতে তেওঁৰ একমূলাংক নিৰ্দ্ধাৰিত কৰা হয় আৰু এই সকলোবোৰ অংক বেলেগ বেলেগ গ্ৰহৰদ্বাৰা শাসিত।
যেনেদৰে মূলাংক1 ত সূৰ্য্য দেৱৰ আধিপত্য থাকে। চন্দ্ৰমা হৈছে মূলাংক 2 ৰ স্বামী। অংক 3ত দেৱগুৰু বৃহস্পতি ৰ স্বামীত্ব থাকে, ৰাহু হৈছে অংক 4 ৰ ৰজা। অংক 5 বুধ গ্ৰহৰ অধীন। 6 অংকৰ ৰজা হৈছে শুক্ৰ দেৱ আৰু 7 অংকৰ হৈছে কেতু গ্ৰহৰ। শনি দেৱতাক 8 ৰ স্বামী হিচাপে মনা হয়। অংক 9 হৈছে মঙ্গল দেৱৰ অংক আৰু এই গ্ৰহসমূহৰ পৰিৱহনৰ পৰিৱৰ্তনৰদ্বাৰা জাতকসকলৰ জীৱনলৈ বহুতো পৰিৱৰ্তন আহে।
বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ
মূলাংক 1
(যদিহে আপোনাৰ জন্ম কোনো এটা মাহৰ 1, 10, 19 বা 28 তাৰিখে হৈছিল)
অংক জ্যোতিষ অনুসৰিএই মূলাংকৰ জাতকসকলে সিদ্ধান্তত অটল হৈ চলিবলৈ পছন্দ কৰে আৰু এই সিদ্ধান্তসমূহৰ ভিত্তিতেই সফলতাৰ দিশত আগবাঢ়ে। এই লোকসকল অধিক শৃংখলাৱদ্ধ হয়।
প্ৰেম জীৱন: এই সপ্তাহত আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে অধিক মিলি-জুলি থাকিব। ইয়াৰ বাবে আপুনি আনন্দিত হ’ব আৰু আপুনি সঙ্গীৰ সৈতে আনন্দ ভগাই ল’ব।
শিক্ষা: যদিহে আপুনি উচ্চ শিক্ষা গ্ৰহণ কৰি আছে তেনেহ’লে এই সপ্তাহত আপুনি অধিক নম্বৰ লাভ কৰাত সমস্যাৰ সম্মুখীন হ’ব পাৰে। তাৰোপৰি এই সময়খিনিত আপুনি অধ্যয়নক লৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাটো পৰিহাৰ কৰা উচিত।
বৃত্তিগত জীৱন: এই সপ্তাহত চাকৰিয়াল জাতকসকলে কামৰ সন্দৰ্ভত উচ্চ লক্ষ্যত উপনীত হ’বলৈ আৰু লক্ষ্য নিৰ্দ্ধাৰিত কৰিবলৈ অসমৰ্থ হ’ব পাৰে। আনফালে ব্যৱসায়ীসকলেও অধিক লাভ উপাৰ্জন কৰাত সমস্যাৰ সম্মুখীন হ’ব পাৰে।
স্বাস্থ্য: এই সপ্তাহত আপোনাৰ দুৰ্বলতাৰ বাবে কপনি হ’ব পাৰে। আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ প্ৰয়োজনীয়তা আছে।
উপায়: 6 মাহ পৰ্য্যন্ত দেওবাৰে সূৰ্য্য দেৱতাৰ বাবে পূজা কৰক।
মূলাংক 2
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 2, 11, 20, 29 তাৰিখে হৈছে)
এই মূলাংকৰ জাতকসকলৰ চিন্তা-ভাৱনাত দ্বন্দ দেখিবলৈ পোৱা যাব পাৰে। এই লোকসকলে যাত্ৰাৰ সময়ত বাধাৰ সম্মুখীন হ’ব পাৰে। এওঁলোক কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অসমৰ্থ হ’ব পাৰে।
প্ৰেম জীৱন: এই সপ্তাহত আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজত অহংকাৰ সম্পৰ্কীয় সমস্যা হোৱাৰ বাবে আপোনালোকৰ সম্পৰ্কৰ সুখ-শান্তি বিনষ্ট হ’ব পাৰে। ইয়াৰ বাবে আপোনালোকৰ মাজৰ ব্যৱধান বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে।
শিক্ষা: এই সময়খিনিত শিক্ষাৰ্থীসকলৰ পঢ়া-শুনাৰ প্ৰতি আগ্ৰহ হ্ৰাস পাব পাৰে আৰু এই কাৰণবশতঃ তেওঁলোকে অধ্যয়নত অধিক উন্নতি লাভ কৰিব নোৱাৰিব পাৰে। আপোনাৰ একাগ্ৰতাৰ অভাৱ হোৱাৰ সংকেত দেখা গৈছে আৰুু ইয়াৰ ফলত আপুনি মানসিকভাৱে চিন্তিত হ’ব পাৰে।
বৃত্তিগত জীৱন: এই সপ্তহাত চাকৰিয়াল জাতকসকলৰ কামত প্ৰদৰ্শন দুৰ্বল হ’ব পাৰে আৰু এই কাৰণবশতঃ আপোনাৰ ওপৰত আপোনাৰ জেষ্ঠ্য বিষয়াসকলৰ ভৰসা হ্ৰাস পাব পাৰে। ব্যৱসায়ীসকলে মধ্যমীয়া লাভ প্ৰাপ্ত কৰিব আৰু তেওঁলোকৰ কোনো লাভ বা লোকচান নহয়।
স্বাস্থ্য: আপোনাৰ এই সময়ত ভৰি আৰু উৰুৰ বিষ হ’ব পাৰে।ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱৰা বাবে আপুনি এই সমস্যাবোৰৰ সম্মুখীন হ’ব পাৰে।
উপায়: সোমবাৰে দেৱী পাৰ্বতীৰ বাবে যজ্ঞ হোম কৰক।
কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন ।
মূলাংক 3
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 3, 12, 21, 30 তাৰিখে হৈছে)
এই মূলাংকৰ জাতকসকল সাহসী, নিৰ্ভয়ী আৰু দৃঢ় সংকল্পৱদ্ধ হয়। এই জাতকসকলে নিজৰ জীৱনত কিছুমান নীতি মানি চলে আৰু সেইবোৰত অটল হৈ থাকে।
প্ৰেম জীৱন: इএই সপ্তাহত আপোনাৰ পৰিয়ালত বিভিন্ন সমস্যা উৎপন্ন হোৱাৰ আশংকা কৰা হৈছে। আপুনি এই সমস্যাবোৰ সমাধান কৰাত সময় লাগিব পাৰে। ইয়াৰ কাৰণে আপুনি আপোনাৰ জীৱনসঙ্গীৰপৰা দূৰত থাকিব।
শিক্ষা: এই সময়ছোৱাত শিক্ষাৰ্থীসকলে অধিক নম্বৰ লাভ কৰিবৰ বাবে নিজৰ দক্ষতা প্ৰদৰ্শন কৰাত বিফল হ’ব পাৰে। পঢ়া-শুনাৰ ক্ষেত্ৰত আপুনি নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিব নোৱাৰিব পাৰে।
বৃত্তিগত জীৱন: চাকৰিয়াল জাতকসকলৰ ওপৰত কামৰ হেঁচা বৃদ্ধি পাব পাৰে। ইয়াৰ বাবে আপোনাৰ কামৰ মানদণ্ড প্ৰভাৱিত হ’ব পাৰে। ব্যৱসায়ীসকলে পুৰণি ৰণনীতিৰদ্বাৰা উচ্চ লাভ প্ৰাপ্ত কৰিব নোৱাৰিব।
স্বাস্থ্য: স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কলেষ্ট্ৰল আৰু পাচনৰ সৈতে জড়িত সমস্যা হ’ব পাৰে। এই কাৰণবশতঃ আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হ’ব পাৰে।
উপায়: আপুনি নিয়মতিভাৱে 11 বাৰ 'ঔঁ শিৱা ঔঁ শিৱা ঔঁ' জপ কৰক।
মূলাংক 4
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 4, 13, 22, 31 তাৰিখে হৈছে)
এই মূলাংকৰ জাতকসকল অধিক চতুৰ হয়। মূলাংক 4 ৰ জাতকসকলে নিজৰ ভৱিষ্যতক লৈ অধিক চিন্তা কৰিব পাৰে।
প্ৰেম জীৱন: অংক জ্যোতিষ অনুসৰিএই সপ্তাহত আপুনি নিজৰ জীৱনসঙ্গীৰপৰা ব্যৱধান অনুভৱ কৰিব পাৰে। এই কাৰণবশতঃ আপুনি তেওঁৰপৰা আতৰি যাব পাৰে। আপোনালোকৰ সম্পৰ্কত সুখ-শান্তি হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।
শিক্ষা: এই সময়ছোৱাত শিক্ষাৰ্থীসকলৰ পঢ়া-শুনাত প্ৰদৰ্শন বেয়া হ’ব পাৰে। এই সপ্তাহত কামত অধিক প্ৰয়াস কৰা স্বত্বেও আপোনাৰ উদ্দেশ্য সিদ্ধি নহ’ব পাৰে।
বৃত্তিগত জীৱন: কামৰ বোজাৰ বাবে আপোনাৰ যথেষ্ট সময় নষ্ট হ’ব পাৰে আৰু ইয়াৰ ফলত কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰদৰ্শনো বেয়া হ’ব পাৰে। যদিহে আপুনি ব্যৱসায় কৰে তেনেহ’লে আপোনাৰ বৰ্তমানৰ চেটআপ বা ব্যৱসায় বিকশিত কৰিবৰ বাবে আপোনাক অধিক সময়ৰ প্ৰয়োজন হ’ব পাৰে কিন্তু তথাপিও আপুনি আকাংক্ষিত ফলাফল লাভ কৰিব নোৱাৰাৰ সম্ভাৱনা অধিক।
স্বাস্থ্য: এই সপ্তাহত আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ বাবে আপোনাৰ ছালৰ সৈতে জড়িত কোনো সমস্যা হ’ব পাৰে। আপুনি এই সময়ত স্নায়ুৰ সৈতে জড়িত সমস্যাৰ বাবেও অশান্তি পাব পাৰে।
উপায়: দৈনিক 13 বাৰ 'ঔঁ মহাকালী নমঃ' জপ কৰক।
মূলাংক 5
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 5, 14, 23 তাৰিখে হৈছে)
এই মূলাংকৰ জাতকসকলৰ ব্যৱসায়, জুৱা আৰু ইয়াৰপৰা লাভ কৰাৰ প্ৰতি আগ্ৰহ থাকে। এওঁলোকে যথেষ্ট ভাবি-চিন্তি সিদ্ধান্ত গ্ৰহণ কৰে।
প্ৰেম জীৱন: এই সপ্তাহত আপুনি নিজৰ জীৱনসঙ্গীৰ প্ৰতি প্ৰেমপূৰ্ণ হৈ থাকিব আৰু ইয়াৰ ফলত আপুনি নিজৰ সঙ্গীৰ সৈতে জীৱনৰ আনন্দ উপভোগ কৰিব পাৰিব তথা আপোনালোকৰ সম্পৰ্কৰ মধুৰতা অটুত থাকিব।
শিক্ষা: এই সপ্তাহত শিক্ষাৰ্থীসকলে উচ্চ নম্বৰ আৰু উচ্চ সফলতা লাভ কৰিবলৈ সক্ষম হ’ব। ইয়াৰ ফলত আপোনাৰ প্ৰতিভা উজ্বলি উঠিব।
বৃত্তিগত জীৱন: চাকৰিয়াল জাতকসকলে এই সপ্তাহত ভাল প্ৰদৰ্শন কৰিব। আপুনি নিজৰ কৰ্মদক্ষতাৰ বলত সফলতা প্ৰাপ্ত কৰিব। যদিহে আপুনি ব্যৱসায় কৰে তেনেহ’লে আপুনি নিজৰ প্ৰতিদ্বন্দীসকলৰ সম্মুখত এগৰাকী শক্তিশালী প্ৰতিদ্বন্দী হিচাপ েথিয় দিব পাৰিব।
স্বাস্থ্য: এই সময়ত আপুনি শাৰীৰিক ভাৱে ফিট হৈ থাকিব আৰু এয়া আপোনাৰ দৃঢ় সংকল্পৱদ্ধতাৰ বাবে সম্ভৱ হ’ব।আপোনাৰ সন্তুষ্টি আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ’ব।
উপায়: দৈনিক 41 বাৰ 'ঔঁ বুধায় নমঃ' জপ কৰক।
আপোনাৰ কুণ্ডলীত আছে নেকি ৰাজযোগ? জানক আপোনাৰ ৰাজযোগ প্ৰতিৱেদন
মূলাংক 6
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 6, 15, 24 তাৰিখে হৈছে)
এই মূলাংকৰ জাতকসকলৰ সংগীতৰ প্ৰতি আগ্ৰহ থাকে আৰু এওঁলোকে মনোৰঞ্জনৰ কাৰ্য্যকলাপত অংশগ্ৰহণ কৰে। এই জাতকসকল মুকলি চিন্তাধাৰাৰ অধিকাৰী হয়।
প্ৰেম জীৱন: এই সপ্তাহত আপুনি নিজৰ বুদ্ধিমত্তাৰদ্বাৰা সঙ্গীৰ সম্মুখত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰিব। এই সময়ছোৱাত আপুনি সঙ্গীৰ সম্মুখত নিজৰ ভাৱমূৰ্তি উন্নত কৰিবলৈ চেষ্টা কৰিব পাৰে।
শিক্ষা: এই সময়ছোৱাত শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত অত্যন্ত ভাল প্ৰদৰ্শন কৰিব। আপুনি বৃত্তিগত পাঠ্যক্ৰম যেনে ভিজুৱেল কমিউনিকেশ্যন, ফাইনেন্সিয়েল একাউণ্টিং আৰু কষ্টিং আদিত ভাল নম্বৰ লাভ কৰিব পাৰিব।
বৃত্তিগত জীৱন: আপুনি কৰ্মক্ষেত্ৰত নিজৰ অনন্য দক্ষতাসমূহ প্ৰদৰ্শন কৰিব পাৰিব আৰু ইয়াৰদ্বাৰা মানুহে আপোনাৰ প্ৰতিভাৰ পৰিচয় লাভ কৰিব। আপুনি চাকৰিৰ সুযোগ লাভ কৰিব পাৰে। ব্যৱসায়ীসকলে কামৰ সন্দৰ্ভতত যাত্ৰা কিৰবলগীয়া হ’ব পাৰে আৰু আগন্তুক নতুন ব্যৱসায়িক সুযোগবোৰৰদ্বাৰা লাভাম্বিত হোৱাৰ সম্ভাৱনা আছে।
স্বাস্থ্য: যিহেতু, এই সপ্তাহত আপোনাৰ মেজাজ যথেষ্ট ভালে থাকিব সেয়েহে আপোনাৰ স্বাস্থ্যও ভালে থাকিব। আপোনাক এই সময়ত কোনো গুৰুতৰ স্বাস্থ্যজনিত সমস্যাই অসুবিধাত নেপেলায়।
উপায়: শুক্ৰবাৰে শুক্ৰ গ্ৰহৰ বাবে যজ্ঞ-হোম কৰক।
মূলাংক 7
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 7, 16, 25 তাৰিখে হৈছে)
মূলাংক 7 ৰ জাতকসকল অধিক ধাৰ্মিক প্ৰকৃতিৰ হয় আৰু যাত্ৰাৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ থাকে। এই লোকসকলে ভগৱানৰ প্ৰতি আস্থা ৰাখে। এই লোকসকল কোনো ধৰ্মীয় যাত্ৰাত যাব পাৰে।
প্ৰেম জীৱন: এই সপ্তাহত আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ সম্পৰ্ক দুৰ্বল হ’ব পাৰে আৰু আপোনালোকৰ মাজৰপৰা সুখ-আনন্দ নাইকিয়া হ’ব পাৰে। ইয়াৰ ফলত আপোনালোকৰ মাজলৈ দূৰত্ব অহাৰ সম্ভাৱনা আছে।
শিক্ষা: শিক্ষাৰ্থীসকলে এই সপ্তাহত পঢ়া-শুনাত ভাল নম্বৰ লাভ কৰিবৰ বাবে সমৰ্পিত আৰু একাগ্ৰ হৈ থকাৰ প্ৰয়োজন আছে। এই সময়ছোৱাত আপোনাক কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো পৰিহাৰ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে।
বৃত্তিগত জীৱন: এই সপ্তাহত চাকৰিয়াল জাতকসকলে নিজৰ কামত ভাল প্ৰদ্ৰশন কৰিব নোৱাৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ উন্নতিত বাধা আহিব পাৰে। ব্যৱসায়ীসকলে নিজৰ প্ৰতিদ্বন্দীসকলক কঠোৰ প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ অসমৰ্থ হ’ব।
স্বাস্থ্য: এই সময়ছোৱাত আপোনাৰ তীব্ৰ মূৰৰ বিষ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপুনি স্বাস্থ্যৱান হৈ থাকিব নোৱাৰিব পাৰে। আপোনক ধ্যান আৰু যোগাভ্যাস কৰিবলৈ পৰামৰ্শ প্ৰদান কাৰ হৈছে।
উপায়: আপুনি 6 মাহৰ বাবে ভগৱান গণেশৰ পূজা কৰক।
মূলাংক 8
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 8, 17, 26 তাৰিখে হৈছে)
এই মূলাংকৰ জাতকসকলে অনুশাসনত থাকি কাম কৰে। এই লোকসকলে সদায় ধৰ্মীয় নীতিত চলিবলৈ পছন্দ কৰে।
প্ৰেম জীৱন: এই সপ্তাহত আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে মধুৰ সম্পৰ্কৰ আনন্দ উপভোগ কৰিব নোৱাৰিব পাৰে। কেতিয়াবা আপোনাৰ এনে লাগিব পাৰে যেন আপুনি নিজকেই হেৰুৱাই পেলাইছে।
শিক্ষা: শিক্ষাৰ্থীসকলে পঢ়া-শুনাত অধিক সাৱধান হৈ থকাৰ প্ৰয়োজনীয়তা আছে কাৰণ এই সময়ছোৱাত তেওঁলোকৰ একাগ্ৰতা হ্ৰাস পাব পাৰে। এনে পৰিস্থিতিত আপুনি নিজৰ একাগ্ৰতা বৃদ্ধিৰ বাবে চেষ্টা কৰা উচিত।
বৃত্তিগত জীৱন: অংক জ্যোতিষ অনুসৰিএই সপ্তাহত আপোনাৰ কামৰ মানদণ্ড হ্ৰাস পাব পাৰে। ইয়াৰ বাবে আপুনি চিন্তিত হ’ব পাৰে। আনহাতে ব্যৱসায়ীসকলৰ লাভ কম হোৱাৰ সম্ভাৱনা আছে।
স্বাস্থ্য: এই সপ্তাহত মূলাংক 8 ৰ জাতকসকলৰ ভৰি আৰু আঁঠুৰ বিষ হোৱাৰ সম্ভাৱনা আছে। এই কাৰণবশতঃ আপোনাৰ অসহজ অনুভৱ হ’ব পাৰে।
উপায়: আপুনি 11 বাৰ 'ঔঁ বায়ুপুত্ৰায় নমঃ:' মন্ত্ৰ জপ কৰক।
পাওক আপোনাৰ কুণ্ডলী আধাৰিত শনি প্ৰতিৱেদন
মূলাংক 9
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 9, 18, 27 তাৰিখে হৈছে)
মূলাংক 9 ৰ জাতকসকল মুকলি চিন্তাধাৰাৰ অধিকাৰী হয় আৰু তেওঁলোক শৃংখলাৱদ্ধ হয়। ইয়াৰ বাহিৰেও এই জাতকসকলে নিজৰ সিদ্ধান্ত চলিবলৈ পছন্দ কৰে।
প্ৰেম জীৱন: এই সপ্তাহত আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজত অহংকাৰ সম্বন্ধীয় সমস্যা হ’ব পাৰে। এনে পৰিস্থিতিত আপোনালোকৰ মাজৰ ভালপোৱা হ্ৰাস পাব পাৰে যাৰ বাবে আপোনালোকৰ সম্পৰ্কলৈ তিক্ততা আহিব পাৰে।
শিক্ষা: এই সময়ছোৱাত শিক্ষাৰ্থীসকলৰ পঢ়া-শুনাত মনোযোগৰ ইচ্ছা কমি যাব পাৰে। ইয়াৰ বাবে আপোনাৰ একাগ্ৰতা হ্ৰাস পাব পাৰে। পঢ়া-শুনাৰ প্ৰতি আপোনাৰ আগ্ৰহ নাইকিয়া হ’ব পাৰে।
বৃত্তিগত জীৱন: এই সপ্তাহত আপোনাৰ ওপৰত কামৰ হেঁচা বৃদ্ধি পাব পাৰে যাৰ বাবে আপুনি উন্নত প্ৰদৰ্শন কৰিবলৈ অসমৰ্থ হ’ব পাৰে। যদিহে আপুনি ব্যৱসায় কৰে তেনেহ’লে আপোনাৰ হাতৰপৰা লাভ আৰু ভাল সুযোগ হেৰাব পাৰে।
স্বাস্থ্য: গাড়ী চলোৱাৰ সময়ত আপোনাৰ দুৰ্ঘটনা হোৱাৰ সম্ভৱনা আছে। ইয়াৰ বাবে আপোনাৰ স্বাস্থ্য়ৰ লোকচান হ’ব পাৰে। আপুনি নিজৰ স্বাস্থ্য়ৰ প্ৰতি অদিক যত্ন লোৱা উচিত।
উপায়: মঙ্গলবাৰে মঙ্গল গ্ৰহৰ পূজা কৰক।
সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: অনলাইন শ্বপিং ষ্টোৰ
আমি আশা কৰিছোঁ যে আমাৰ এই প্ৰৱন্ধটো আপুনি নিশ্চয় ভাল পাইছে। এষ্ট্ৰোচেজৰ সৈতে সংযুক্ত হৈ থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ!
সঘনাই সোধা প্ৰশ্ন
1. অংকজ্যোতিষক ইংৰাজীত কি বুলি কোৱা হয়?
অংকজ্যোতিষত ইংৰাজীত নিউমেৰ’ল’জী বুলি কোৱা হয়।
2. কোনটো সংখ্যা অংকজ্যোতিষত আটাইতকৈ বেয়া?
4 সংখ্যাটোক অশুভ হিচাপে গণ্য কৰা হয়।
3. কোনটো নম্বৰ আটাইতকৈ লাকী হয়?
7 সংখ্যাটো সকলোতকৈ সৌভাগ্যশালী হয়।
Astrological services for accurate answers and better feature
Astrological remedies to get rid of your problems

AstroSage on MobileAll Mobile Apps
- Horoscope 2025
- Rashifal 2025
- Calendar 2025
- Chinese Horoscope 2025
- Saturn Transit 2025
- Jupiter Transit 2025
- Rahu Transit 2025
- Ketu Transit 2025
- Ascendant Horoscope 2025
- Lal Kitab 2025
- Shubh Muhurat 2025
- Hindu Holidays 2025
- Public Holidays 2025
- ராசி பலன் 2025
- రాశిఫలాలు 2025
- ರಾಶಿಭವಿಷ್ಯ 2025
- ਰਾਸ਼ੀਫਲ 2025
- ରାଶିଫଳ 2025
- രാശിഫലം 2025
- રાશિફળ 2025
- రాశిఫలాలు 2025
- রাশিফল 2025 (Rashifol 2025)
- Astrology 2025