টেৰ’ সাপ্তাহিক ৰাশিফল
টেৰ’ কাৰ্ড হৈছে এক প্ৰাচীন বিদ্যা যাৰ প্ৰয়োগ ভৱিষ্যতৰ বিষয়ে জানিবৰ বাবে কৰা হয়। ইয়াৰ প্ৰয়োগ প্ৰাচীন কালৰপৰাই টেৰ’ কাৰ্ড ৰীডাৰ আৰু ৰহস্যবাদীসকলৰদ্বাৰা অন্তৰ্জ্ঞান প্ৰাপ্ত কৰিবৰ বাবে আৰু কোনো বিষয়ৰ গভীৰলৈকে যাবৰ বাবে কৰা হৈছিল।
পৃথিৱীৰ বিদ্বান টেৰ’ ৰীডাৰসকলৰ সৈতে কল/চাট্ কৰি কথা পাতক আৰু জানক কেৰিয়াৰ সম্বনন্ধীয় সকলোবোৰ তথ্য
বৰ্ষ 2024ৰ ষষ্ঠ মাহ জুনৰ প্ৰথম সপ্তাহ অৰ্থাৎ টেৰ’ সাপ্তাহিক ৰাশিফল 02 জুনৰপৰা 08 জুন 2024 য়ে কি লৈ আহিব? সেয়া জানিবৰ বাবে প্ৰথমে আমি টেৰ’ কাৰ্ডৰ বিষয়ে কথা পাতিম। আপোনাক জনাব বিচাৰিছোঁ যে টেৰ’ৰ উৎপত্তি আজিৰপৰা 1400 বৰ্ষ পূৰ্বেই হৈছিল আৰু ইয়াৰ সৰ্বপ্ৰথম বৰ্ণনা ইটালীত পোৱা গৈছিল। আৰম্ভণিতে টেৰ’ তাচপাত হিচাপে ৰাজ পৰিয়ালবোৰৰ পাৰ্টীত খেলা হৈছিল। অৱশ্যে, টেৰ’ কাৰ্ডৰ বাস্তৱিক প্ৰয়োগ যোড়শ শতাব্দীত ইউৰোপৰ কোনো কোনো লোকৰদ্বাৰা কৰা হৈছিল যেতিয়া তেওঁলোকে জানিছিল আৰু বুজিছিল যে কেনেদৰে 78 কাৰ্ডৰ সহায়ত ভৱিষ্যতৰ বিষয়ে জানিব পৰা যায়, সেই সময়ৰপৰাই ইয়াৰ মহত্ব যথেষ্ট পৰিমাণে বৃদ্ধি হৈছিল।
তেনেহ’লে আহক আগবাঢ়ি যাওঁ আৰু জুনৰ এই প্ৰথম সপ্তাহটো অৰ্থাৎ 02 জুনৰপৰা 08 জনু 2024 ৰ সময়খিনি 12 টা ৰাশিৰ জাতকসকলৰ বাবে কেন হোৱাৰ সম্ভাৱনা আছে সেই সম্পৰ্কে অৱগত হওঁ?
টেৰ’ সাপ্তাহিক ৰাশিফল 02 জুনৰপৰা 08 জুন, 2024: ৰাশি অনুসৰি ফলাফল
মেষ ৰাশি
প্ৰেম জীৱন: এচ অৱ স্বৰ্ডচ্
আৰ্থিক জীৱন: থ্ৰী অৱ ৱেণ্ডচ্ (ৰিভাৰ্চড)
কেৰিয়াৰ: চিক্স অৱ কপচ্ (ৰিভাৰ্চড)
স্বাস্থ্য: জাষ্টিছ
মেষ ৰাশিৰ জাতকসকলৰ বাবে এই সময়খিনিয়ে সম্পৰ্কলৈ স্পষ্টতা আৰু সফলতা কঢ়িয়াই আনিব। আপোনালোক দুয়োৱে যি প্ৰত্যাহ্বানৰ সম্মুখীন হৈছে সেইবোৰৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবৰ বাবে নিজৰ সঙ্গীৰ সৈতে বিশ্বাসেৰে আৰু মুকলিকৈ আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছে।
আৰ্থিক ৰীডিঙত থ্ৰী অৱ ৱেণ্ডচ্ (ৰিভাৰ্চড্) -য়ে সংকেত প্ৰদান কৰিছে যে এইখিনি সময়ত আপুনি আৰ্থিক জীৱনত স্থিৰতা লাভ কৰাটো কিছু জটিল হ’ব পাৰে।
কেৰিয়াৰৰ ক্ষেত্ৰত দেখা গৈছে যে এই সপ্তাহত চিক্স অৱ কপচ্ (ৰিভাৰ্চড্) কাৰ্ড প্ৰাপ্ত হৈছে, যি সংকেত প্ৰদান কৰিছে যে এই সময়খিনিত আপুনি কৰ্মক্ষেত্ৰত উদ্যমৰ অভাৱ অনুভৱ কৰিব পাৰে।
স্বাস্থ্যৰ ক্ষেত্ৰত জাষ্টিছ কাৰ্ডে সংকেত প্ৰদান কৰিছে যে এই সময়ছোৱাত আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা আছো। খোৱা-বোৱাৰ প্ৰতি মনোযোগ দিয়ক অন্যথা সমস্যাৰ সম্মুখীন হ’ব পাৰে।
ভাগ্যশালী ফুল: ড্ৰেগন ফুল
বৃষ ৰাশি
প্ৰেম জীৱন: থ্ৰী অৱ পেণ্টাকলচ্
আৰ্থিক জীৱন: টু অৱ স্বৰ্ডচ্
কেৰিয়াৰ: এইট অৱ পেণ্টাকলচ্
স্বাস্থ্য: নাইন অৱ স্বৰ্ডচ্
প্ৰেম জীৱনত জুনৰ প্ৰথম সপ্তাহটোত আপোনাৰ থ্ৰী অৱ পেণ্টাকলচ্ কাৰ্ড প্ৰাপ্ত হৈছে, যি সংকেত প্ৰদান কৰিছে যে এই সময়ছোৱাত আপুনি নিজৰ সঙ্গীৰ সৈতে মিলি নতুন পৰিকল্পনাত একেলগে কাম কৰিব পাৰে আৰু ভৱিষ্যতৰ বাবে একেলগে আঁচনি প্ৰস্তুত কৰিব পাৰে, যাৰ জৰিয়তে আপোনালোক দুয়োৰে মাজৰ বিশ্বাস আৰু অধিক গভীৰ হ’ব।
আৰ্থিক দিশত দেখা যায় যে আপুনি টু অৱ স্ৱৰ্ডচ্ কাৰ্ড প্ৰাপ্ত কৰিছে আৰু ইয়াৰ ফলস্বৰূপে এই সময়খিনিত আপুনি এনে সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হ’ব পাৰে যি আপোনাৰ বাবে সঠিক নহ’বও পাৰে। ইয়াৰ উপৰিও আপুনি কাৰো পৰা সমৰ্থন বা সহযোগিতা লাভ নকৰিব পাৰে।
কেৰিয়াৰৰ ক্ষেত্ৰত বৃষ ৰাশিৰ জাতকসকলে এইট অৱ পেম্টাকলচ্ কাৰ্ড প্ৰাপ্ত কৰিছে, যি অৱগত কৰিছে যে এই সপ্তাহত আপোনাৰ সম্পূৰ্ণ মনোযোগ কেৰিয়াৰ আৰু নিজৰ কামৰ ওপৰত থাকিব।
স্বাস্থ্য ৰীডিঙত নাইন অৱ স্ৱৰ্ডচ্-য়ে প্ৰকাশ কৰিছে যে এই সপ্তাহত আপোনাৰ শৰীৰৰ বিভিন্ন অংশত বিষ বা অন্য কোনো সমস্যা হ’ব পাৰে অথবা আপুনি কোনো আঘাত প্ৰাপ্ত কৰিব পাৰে, যাৰ ফলত আপোনাৰ স্বাস্থ্য বেয়া হ’ব পাৰে।
ভাগ্যশালী ফুল: বগা লিলি
बृहत् कुंडली में छिपा है, आपके जीवन का सारा राज, जानें ग्रहों की चाल का पूरा लेखा-जोखा
মিথুন ৰাশি
প্ৰেম জীৱন: দ্য মুন
আৰ্থিক জীৱন: দ্য মেজিচিয়ান
কেৰিয়াৰ: এচ অৱ ৱেণ্ডচ্
স্বাস্থ্য: এচ অৱ কপচ্
প্ৰেম জীৱনত মুন কাৰ্ড আপোনাৰ বাবে অনুকূল দেখা নাযায়। এই সময়খিনিত আপুনি অস্থিৰ হ’ব পাৰে আৰু ভ্ৰমৰ স্থিতি উৎপন্ন হ’ব পাৰে।
আৰ্থিক জীৱনত দ্য মেজিচিয়ান কাৰ্ডে সংকেত প্ৰদান কৰিছে যে আপুনি নতুন সুযওগ লাভ কৰিব পাৰে। অৱশ্যে আপুনি আৰ্থিক জীৱনত পৰিকল্পনা প্ৰস্তুত কৰি চলাৰ আৱশ্যকতা আছে।
কেৰিয়াৰৰ বাবে এচ অৱ ৱেণ্ডচ্ কাৰ্ডে প্ৰকাশ কৰিছে যে এই সময়খিনিত কৰ্মক্ষেত্ৰত আপোনাৰ ওপৰত বোজা বৃদ্ধি হ’ব পাৰে।
স্বাস্থ্যৰ ৰীডিঙত এচ অৱ কপচ্ হৈছে এক উৎকৃষ্ট কাৰ্ড। এই এই কথাৰ সংকেত প্ৰদান কৰিছে যে আপুনি পূৰ্বৰ বেমাৰৰপৰা সকাহ লাভ কৰিব।
ভাগ্যশালী ফুল: অৰ্কিড
কৰ্কট ৰাশি
প্ৰেম জীৱন: চিক্স অৱ ৱেণ্ডচ্
আৰ্থিক জীৱন: দ্য চান
কেৰিয়াৰ: এচ অৱ পেণ্টাকলচ্
স্বাস্থ্য: কুইন অৱ পেণ্টাকলচ্
প্ৰেম জীৱনৰ বাবে চিক্স অৱ ৱেণ্ডচ্ কাৰ্ড প্ৰতীত হৈছে, যি সংকেত প্ৰদান কৰিছে যে এই সময়খিনিত আপোনালোক দুয়োৰে মাজত অধিক ভাল বুজা-পৰা দেখা যাব। আপুনি আৰু আপোনাৰ জীৱনসঙ্গীয়ে একেলগে কাম কৰিব আৰু পৰস্পৰৰ লক্ষ্যৰ প্ৰতি সমৰ্থন আগবঢ়াব।
আৰ্থিক জীৱনৰ ক্ষেত্ৰত দ্য চান কাৰ্ড প্ৰাপ্ত হৈছে যি অৱগত কৰিছে যে এইখিনি সময়ত আপুনি সফলতা প্ৰাপ্ত কৰিব। আপুনি বিনিয়োগ কৰিবলৈ সক্ষম হ’ব আৰু আৰ্থিক জীৱনত সমৃদ্ধি প্ৰাপ্ত কৰিব।
যেতিয়া কেৰিয়াৰ আৰু বৃত্তিগত জীৱনৰ কথা আহে, সেইক্ষেত্ৰত ক’ব পাৰি যে এচ অৱ পেণ্টাকলচ্-য়ে আপোনাক বিকাশ আৰু সফলতাৰ নতুন সুযোগৰ সংকেত প্ৰদান কৰে।
স্বাস্থ্যৰ ক্ষেত্ৰত ক’ব পাৰি যে কুইন অৱ পেণ্টাকলচ্ কাৰ্ডে উৎকৃষ্ট স্বাস্থ্যৰ প্ৰতিনিধিত্ব কৰে যি স্বাস্থ্যকৰ ভোজন, নিয়মিত ব্যায়াম আৰু প্ৰচুৰ মাত্ৰাৰ অৱকাশ আৰু আৰামৰপৰা আহে।
ভাগ্যশালী ফুল: ডেইজী
পাওক আপোনাৰ সোঁৱৰণি আধাৰত সঠিক শনি প্ৰতিৱেদন
সিংহ ৰাশি
প্ৰেম জীৱন: নাইট অৱ পেণ্টাকলচ্
আৰ্থিক জীৱন: এইট অৱ পেণ্টাকলচ্
কেৰিয়াৰ: এইট অৱ স্বৰ্ডচ্
স্বাস্থ্য: ফ’ৰ অৱ পেণ্টাকলচ্
নাইট অৱ পেণ্টাকলচ্ প্ৰেম জীৱনৰ বাবে ভাল কাৰ্ড হিচাপে প্ৰতীত হৈছে। আপোনাৰ সম্পৰ্ক যথেষ্ট সুন্দৰ হ’ব আৰু উন্নত বুজা-পৰা দেখিবলৈ পোৱা যাব।
আৰ্থিক ৰীডিঙত এইট অৱ পেণ্টাকলচ্ কাৰ্ডে সংকেত প্ৰদান কৰিছে যে যদিহে আপুনি আৰ্থিক সংকটৰ মাজেৰে পাৰ হৈ আছে তেনেহ’লে আপুনি শীঘ্ৰেই তাৰপৰা পৰিত্ৰাণ লাভ কৰিব।
কেৰিয়াৰক লৈ এইট ইৱ স্বৰ্ডচ্ কাৰ্ডে সংকেত প্ৰদান কৰিছে যে এই সপ্তাহত আপুনি নিজৰ বৰ্তমানৰ পৰিস্থিতিত ফচি থকা যেন বা প্ৰতিবন্ধিত হৈ থকা যেন অনুভৱ কৰিব।
স্বাস্থ্য ৰীডিঙৰ ক্ষেত্ৰত দেখা গৈছে যে ফ’ৰ অৱ পেণ্টাকলচ্-য়ে শাৰীৰিক ৰূপত স্বাস্থ্যৱান হৈ থকাৰ ইংগিত প্ৰদান কৰিছে। কিন্তু মানসিক ৰূপৰপৰা আপুনি নেতিবাচক চিন্তা আৰু বহুতো মানসিক আঘাতৰ সম্মুখীন হ’ব পাৰে যি আপোনাৰ মানসিক স্বাস্থ্যক সম্পূৰ্ণৰূপে প্ৰভাৱিত কৰিব।
ভাগ্যশালী ফুল: সূৰ্য্যমুখী ফুল
কন্যা ৰাশি
প্ৰেম জীৱন: টেন অৱ ৱেণ্ডচ্
আৰ্থিক জীৱন: ফ’ৰ অৱ ৱেণ্ডচ্ (ৰিভাৰ্চড্)
কেৰিয়াৰ: দ্য ডেভিল
স্বাস্থ্য: চেভেন অৱ স্বৰ্ডচ্ (ৰিভাৰ্চড্)
কন্যা ৰাশিত জাতকসকলৰ প্ৰেম জীৱনৰ ক্ষেত্ৰত টেন অৱ ৱেণ্ডচ্ কাৰ্ডে সংকেত দিছে যে আপোনালোক দুয়োৱে নিজৰ সম্পৰ্কত এটা ব্ৰেক লোৱা উচিত। আপুনি নিজৰ সম্পৰ্কৰপৰা হেৰাই যোৱা উজ্বলতা ঘূৰাই আনিবৰ বাবে নিজৰ দায়িত্বসমূহৰপৰা কিছু সময় উলিয়াই একেলগে সময় কটোৱাৰ আৱশ্যকতা আছে।
ফ’ৰ অৱ ৱেণ্ডচ্ কাৰ্ডে উপাৰ্জনৰ হানি, অস্থিৰ কোম্পানীবোৰৰ বন্ধ হোৱাৰ বা দেউলীয়া হোৱাৰ স্থিতিক প্ৰতিনিধিত্ব কৰে।
কেৰিয়াৰত দ্য ডেভিলে দৰ্শায় যে আপোনাৰ কেৰিয়াৰ অলপো আগ নাবাঢ়িব আৰু আপুনি একেখন ঠাইতেই আৱদ্ধ হৈ থকা যএন অনুভৱ কৰিব।
স্বাস্থ্য ৰীডিঙত চেভেন অৱ স্বৰ্ডচ্ (ৰিভাৰ্চড্) কাৰ্ডে এই কথাৰ সংকেত প্ৰদান কৰিছে যে আপোনাৰ স্বাস্থ্য লাহে-লাহে পুণৰ ভাললৈ আহিব।
ভাগ্যশালী ফুল: পিটুনিয়া
কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন
তুলা ৰাশি
প্ৰেম জীৱন: থ্ৰী অৱ স্বৰ্ডচ্ (ৰিভাৰ্চড্)
আৰ্থিক জীৱন: কুইন অৱ পেণ্টাকলচ্
কেৰিয়াৰ: থ্ৰী অৱ ৱেণ্ডচ্
স্বাস্থ্য: চিক্স অৱ কপচ্
থ্ৰী অৱ স্বৰ্ডচ্ (ৰিভাৰ্চড্) য়ে ইংগিত দিছে যে আপোনাৰ অলপতে ব্ৰেক আপ হৈছে আৰু এতিয়া আপুনি লাহে-লাহে জটিলতাৰপৰা বাহিৰলৈ ওলাই আহিব পাৰিব।
আৰ্থিক জীৱনৰ বাবে কুইন অৱ পেণ্টাকলচ্ কাৰ্ডে আৰ্থিক স্বতন্ত্ৰতা আৰু প্ৰচুৰতাৰ সংকেত দিয়ে। আপুনি নিজকে আৰ্থিক ৰূপত সুৰক্ষিত কৰাৰ দিশত কাম কৰিব আৰু আপুনি এইক্ষেত্ৰত সফলতা লাভ কৰিব।
যদিহে আপুনি বিদেশত চাকৰি কৰে তেনেহ’লে থ্ৰী অৱ ৱেণ্ডচ্ কাৰ্ডে কেৰিয়াৰৰ সফলতাৰ সংকেত দিয়ে। এই কাৰ্ডে ইংগতি দিছে যে এই সপ্তাহত আপুনি নতুন চাকৰিৰ বিকল্পৰ চিন্তা কৰিব পাৰে।
চিক্স অৱ কপচ্ কাৰ্ডে পুৰণি বন্ধুৰ সৈতে লগ পোৱাৰ আৰু মন খুলি কথা পাতি আৱেগক বোজা দূৰ কৰাৰ সংকেত দিয়ে।
ভাগ্যশালী ফুল: পেইন্সী
বৃশ্চিক ৰাশি
প্ৰেম জীৱন: কুইন অৱ কপচ্
আৰ্থিক জীৱন: নাইট অৱ ৱেণ্ডচ্
কেৰিয়াৰ: কিং অৱ কপচ্
স্বাস্থ্য: কিং অৱ স্বৰ্ডচ্
বৃশ্চিক ৰাশিৰ জাতকলকলৰ বাবে এই সপ্তাহটোৱে ইচ্ছা পূৰণৰ লগতে আৱেগিক স্থিৰতা প্ৰদান কৰিব। অৱশ্যে, এই জাতকসকলৰ সম্পৰ্কৰ ভৱিষ্যত এই কথাৰ ওপৰত নিৰ্ভৰ কৰে যে আৱেগিক দিশত আপুনি কিমান সহজ আৰু কিমান বিশ্বাসী।
নাইট অৱ ৱেণ্ডচ্-য়ে কয় যে আৰ্থিক জীৱনত আপুনি শীঘ্ৰেই ভাল পৰিমাণৰ ধন লাভ কৰিব যাৰ ফলত আপুনি সন্তুষ্ট অনুভৱ কৰিব।
কিং অৱ কপচ্ -ক আপোনাৰ কেৰিয়াৰৰ বাবে অত্যন্ত ভাল কাৰ্ড বুলি ক’ব পৰা যায় কাৰণ এই সপ্তাহত কৰ্মক্ষেত্ৰত আপুনি উন্নতিৰ বহুতো সুযোগ লাভ কৰিব। অফিচত বহুতো জ্যেষ্ঠ্য বিষয়াই আপোনাৰ সহায় কৰিব অথবা আপোনাক পথ প্ৰদৰ্শন কৰিব।
কিং অৱ স্বৰ্ডচ য়ে ভৱিষ্যতবাণী কৰিছে যে এইখিনি সময়ত এটা স্বাস্থ্যকৰ জীৱন লাভ কৰাৰ ইচ্ছাই আপোনাক নিয়মীয়া জীৱনশৈলী পালন কৰিবৰ বাবে অনুপ্ৰাণিত কৰিব।
ভাগ্যশালী ফুল: কুইন অৱ ফৰেষ্ট
ধনু ৰাশি
প্ৰেম জীৱন: পে’জ অৱ স্বৰ্ডচ্
আৰ্থিক জীৱন: টেম্পৰেন্স
কেৰিয়াৰ: দ্য ষ্টাৰ
স্বাস্থ্য: দ্য হেংগড্ মেন
পে’জ অৱ স্বৰ্ডচ্ কাৰ্ডে সংকেত প্ৰদান কৰিছে যে আপুনি এইখিনি সময়ত শক্তিৰে পৰিপূৰ্ণ অনুভৱ কৰিব। এই সপ্তাহত আপুনি হাঁহি-ধেমালিৰ মেজাজত থাকিব আৰু কোনো গভীৰ সম্পৰ্কৰ সন্ধানৰ থকাৰ সলনি নতুন বন্ধু-বৰ্গ গঢ়ি তুলিব।
আৰ্থিক ৰীডিঙত টেম্পৰেন্স-য়ে ভাল সংকেত প্ৰদান কৰিছে আৰু ই দৰ্শিত কৰে যে আপুনি এই সপ্তাহত আৰ্থিক দিশৰপৰা আৰামদায়ক অনুভৱ কৰিবহ আৰু আপোনাৰ বাবে সপ্তাহটো আৰামদায়ক হ’ব।
কেৰিয়াৰ ৰীডিঙত দ্য ষ্টাৰ-য়ে ইংগতি প্ৰদান কৰে যে এই সপ্তাহত আপুনি দ্ৰুততাৰে উন্নতি লাভ কৰিব আৰু আগবাঢ়ি যাব। যদিহে আপুনি নিজৰ কেৰিয়াৰত ভাল প্ৰদৰ্শন কৰিব পৰা নাই তেনেহ’লে এই সময়খিনিত আপুনি নিজৰ যোগ্যতা প্ৰমাণ কৰিব পাৰিব আৰু সফলতা লাভ কৰাৰ সঠিক সুযোগ লাভ কৰিব।
দ্য হেগড্ মেন-য়ে ইংগিত দিয়ে যে এই সময়খিনিত আপুনি ভাল স্বাস্থ্য লাভ কৰিবৰ বাবে বাহিৰলৈ যোৱা আৰু নিজৰ বন্ধু-বৰ্গ তথা প্ৰিয়জনৰ সৈতে সময় কটোৱা উচিত। আপুনি বাহিৰলৈ যাবৰ বাবে আৰু মানুহৰ সৈতে মিলা-মিছা কৰিবৰ বাবে নিজকে প্ৰেৰিত কৰা উচিত।
ভাগ্যশালী ফুল: নাৰ্জী
এতিয়া ঘৰত বহিয়েই বিশেষজ্ঞ পুৰোহিতৰদ্বাৰা কৰাওক ইচ্ছানুসৰি অনলাইন পূজা আৰু লাভ কৰক উত্তম ফলাফল!
মকৰ ৰাশি
প্ৰেম জীৱন: ফ’ৰ অৱ স্বৰ্ডচ্
আৰ্থিক জীৱন: দ্য এম্পেৰৰ
কেৰিয়াৰ: এইট অৱ ৱেণ্ডচ্
স্বাস্থ্য: ফাইৱ অৱ ৱেণ্ডচ্ (ৰিভাৰ্চড্)
ফ’ৰ অৱ কপচ্ য়ে সংকেত দিছে যে মকৰ ৰাশিৰ জাতকসকলে এতিয়ালৈকে নিজৰ পূৰ্বৰ সম্পৰ্কক লৈ মন বেয়া কৰি আছিল আৰু আপুনি সেই সম্পৰ্ক ভাগি যোৱাৰ দুখৰপৰা বাহিৰলৈ ওলাই আহিব পৰা নাছিল। আপুনি অনুভৱ কৰিব পাৰিব যে আপোনাৰ কাষত বহুতো কিবাকিবি আছে আৰু আপুনি সেইবোৰক লৈ সুখী হ’বলৈ বিচাৰিব। আপুনি আকৌ এবাৰ সম্পৰ্কত সোমোৱাৰ কথা বিবেচনা কৰা উচিত।
মকৰ ৰাশিৰ জাতকসকলৰ আৰ্থিৰ জীৱনৰ ক্ষেত্ৰত ক’ব পাৰি যে দ্য এম্পেৰৰ কাৰ্ডে সংকেত প্ৰদান কৰিছে এই সপ্তাহত আপোনাৰ আৰ্থিক স্থিতিৰ নিয়ন্ত্ৰণ আপোনাৰ হাততেই থাকিব আৰু আপুনি ইয়াক ভালজদৰে পৰিচালনা কৰিবলৈ সক্ষম হ’ব। আৰ্থিক দিশৰপৰা শক্তিশালী হোৱাৰ ফলস্বৰূপে আপোনাৰ ভিতৰত অহংকাৰৰ জন্ম হ’ব পাৰে আৰু এই সপ্তাহত আপোনাৰ লগতো এনে হ’ব পাৰে।
আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত এইট অৱ ৱেণ্ডচ্-য়ে আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত দৰ্শিত কৰে যে আপুনি যি কাম কৰিব সেয়া সম্পূৰ্ণ কষ্ট আৰু সমৰ্পণৰ সৈতে কৰিব। এই স্পতাহত আপোনাৰ প্ৰথম অগ্ৰাধিকাৰ আপোনাৰ কাম হ’ব আৰু কেৰিয়াৰক লৈ আপুনি কোনো দীৰ্ঘকালীন পৰিকল্পনা নিৰ্মাণ কৰিব পাৰে যি পূৰা কৰিবলৈ আপুনি সক্ষম হ’ব।
স্বাস্থ্য়ৰ দিশত ফাইৱ অৱ ৱেণ্ডচ্ (ৰিভাৰ্চড্) য়ে প্ৰকাশ কৰিছে যে আপুনি এই সপ্তাহত চাপ বা কোনো ৰোগৰপৰা বাহিৰলৈ ওলাই আহিবৰ বাবে সফল হ’ব।
ভাগ্যশালী ফুল: হাইড্ৰেঞ্জিয়া
কুম্ভ ৰাশি
প্ৰেম জীৱন: দ্য হাই প্ৰীষ্টেচ
আৰ্থিক জীৱন: নাইন অৱ পেণ্টাকলচ্
কেৰিয়াৰ: নাইন অৱ কপচ্
স্বাস্থ্য: পে’জ অৱ কপচ্
প্ৰেম জীৱনত প্ৰীষ্টেচ কাৰ্ডে সংকেত দিছে এই সপ্তাহত আপুনি নিজৰ সঙ্গীৰ সৈতে মুকলিকৈ কথা পাতিব পাৰিব আৰু এই কথা-বতৰাই আপোনালোক দুয়োকে পৰস্পৰক ভালদৰে বুজাত আৰু কথা পতাত সহায় কৰিব।
আৰ্থিক জীৱনৰ ক্ষেত্ৰত ক’ব পাৰি যে নাইন অৱ পেণ্টাকলচ্-য়ে দৰ্শিত কৰিছে যে এই সময়ছোৱাত স্থিৰতা প্ৰাপ্ত কৰিবৰ বাবে আপুনি কঠোৰ পৰিশ্ৰম কৰিব আৰু আপুনি নিজৰ বাবে ইমান ধন উপাৰ্জন কৰিব যে এতিয়া আপুনি যি অৰ্জন কৰিলে তাৰেই সহজ আৰু সুখী হৈ থাকিব পাৰিব।
কেৰিয়াৰ ৰীডিঙত নাইন অৱ কপচ্ হৈছে এক অত্যন্ত ইতিবাচক কাৰ্ড আৰু ই দৰ্শিত কৰে যে আপোনাৰ কেৰিয়াৰ ঠিক সেই দিশত আগবাঢ়িব যেনেদৰে আপুনি বিচাৰিছিল।
পে’জ অৱ কপচ্-য়ে বাল স্বাস্থ্যৰ সংকেত দিয়ে আৰু দৰ্শিত কৰে যে এই সপ্তাহত আপুনি বন্ধু-বৰ্গ আৰু পৰিয়ালৰদ্বাৰা আৱৰি থাকিব আৰু তেওঁলোকৰ মৰম আৰু পৰিচৰ্য্যাই আপোনাৰ স্বাস্থ্য উত্তম কৰি ৰাখিব।
ভাগ্যশালী ফুল: কাৰ্নেচন্স
মীন ৰাশি
প্ৰেম জীৱন: নাইট অৱ স্বৰ্ডচ্
আৰ্থিক জীৱন: দ্য হেৰ’ফণ্ট
কেৰিয়াৰ: টু অৱ ৱেণ্ডচ্
স্বাস্থ্য: দ্য লাভাৰ
মীন ৰাশিৰ জাতকসকলে এই সময়খিনিত এই কথা বুজাত বিফল হ’ব যে আপোনাৰ সম্পৰ্কত কি ভুল হৈছে। আপুনি আৰু আপোনাৰ জীৱনসঙ্গীয়ে নিজৰ পছন্দ-অপছন্দৰ বিষয়ে মুকলিকৈ কথা পাতিব যি ক’ৰবাত নহয় ক’ৰবাত আপোনালোকৰ ভাৱনাক আঘাত দি আছে।
মীন ৰাশিৰ জাতকসকলে জুন মাহৰ প্ৰথম সপ্তাহত নিজৰ আৰ্থিক স্থিতিক লৈ সন্তুষ্ট হৈ থাকিব। এই সময়খিনিত আপুনি আৰ্থিক স্থিৰতা প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব আৰু লগতে, আপুনি কোনো ভুল পথৰ আশ্ৰয় নোলোৱাকৈ ধন উপাৰ্জন কৰিব।
কেৰিয়াৰ ৰীডিঙত টু অৱ ৱেণ্ডচ্ কাৰ্ডে সূচিত কৰে যে কেৰিয়াৰৰ দিশৰপৰা এই সপ্তাহৰ আৰম্ভণি যথেষ্ট ভাল হব। এই সময়খিনিত আপুনি কেৰিয়াৰত উৎকৃষ্টতা প্ৰাপ্ত কৰি আগবাঢ়িব আৰু উন্নতিৰ সোণালী সুযোগ প্ৰাপ্ত কৰিব।
মীন ৰাশিৰ জাতকসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত দ্য লাভাৰ কাৰ্ডে সংকেত প্ৰদান কৰিছএ যে আপুনি যি স্বাস্থ্যজনিত প্ৰত্যাহ্বানৰ সম্মুখীন হৈ আছে সেয়া দূৰ কৰিবলৈ এই সপ্তহত আপুনি সঠিক সমৰ্থন লাভ কৰিব।
ভাগ্যশালী ফুল: গোলাপ
সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: অনলাইন শ্বপিং ষ্টোৰ
আমি আশা ৰাখিছোঁ যে আপুনি আমাৰ এই প্ৰৱন্ধটো নিশ্চয় ভাল পাইছে। এষ্ট্ৰোচেজৰ সৈতে জড়িত হৈ থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ। ধন্যবাদ
সঘনাই সোধা প্ৰশ্ন
টেৰ’ কাৰ্ড কিমান প্ৰকাৰৰ হয়?
টেৰ’ ডেকত 78 খন কাৰ্ড থাকে যাক মেজৰ আৰ্কানা আৰু মাইনৰ আৰ্কানা বুলি কোৱা হয়।
টেৰ’ৰ অৰ্থ কি?
টেৰ’, কাৰ্ডৰ ৰহস্যময় পৃথিৱী আৰু ভৱিষ্যতৰ পূৰ্বানুমানৰ সৰ্বপ্ৰিয় বিধা।
টেৰ’ কাৰ্ডৰ আগমন ক’ৰপৰা হৈছিল?
টেৰ’ ডেকৰ আৱিষ্কাৰ ইটালীত হৈছিল।
টেৰ’ ৰীডিং কেতিয়া আৰম্ভ হৈছিল?
টেৰ’ৰ উৎপত্তি 1400 দশকত হৈছিল বুলি বিশ্বাস কৰা হয়।
Astrological services for accurate answers and better feature
Astrological remedies to get rid of your problems
AstroSage on MobileAll Mobile Apps
- Horoscope 2026
- राशिफल 2026
- Calendar 2026
- Holidays 2026
- Shubh Muhurat 2026
- Saturn Transit 2026
- Ketu Transit 2026
- Jupiter Transit In Cancer
- Education Horoscope 2026
- Rahu Transit 2026
- ராசி பலன் 2026
- राशि भविष्य 2026
- રાશિફળ 2026
- রাশিফল 2026 (Rashifol 2026)
- ರಾಶಿಭವಿಷ್ಯ 2026
- రాశిఫలాలు 2026
- രാശിഫലം 2026
- Astrology 2026






