সূৰ্য্য গ্ৰহণ 2024
এষ্ট্ৰোছেজৰ এই ব্লগটোত, আপুনি 08 এপ্ৰিল 2024ত লাগিবলগীয়াসূৰ্য্য গ্ৰহণ 2024 -ৰ বিশ্বৰ ওপৰত প্ৰভাৱৰ বিষয়ে তথ্য প্ৰাপ্ত কৰিব। জ্যোতিষ শাস্ত্ৰত সূৰ্য্যগ্ৰহণৰ যথেষ্ট গুৰুত্ব আছে। এই ব্লগটোত, আমি এই বৰ্ষৰ প্ৰথম সূৰ্যগ্ৰহণটোৰ বিষয়ে, ইয়াৰ প্ৰভাৱৰ বিষয়ে আৰু লগতে, বিশ্বৰ ওপৰত এই সূ্যৰ্যগ্ৰহণৰ প্ৰভাৱ কেনেধৰণৰ হ'ব সেই বিষয়ে কথা পাতিম। এই নিৰ্দিষ্ট ব্লগটোৰ জৰিয়তে, আমি আপোনাক এই গুৰুত্বপূৰ্ণ জ্যোতিষীয় পৰিঘটনাটোৰ বিষয়ে তথ্যসমূহ প্ৰদান কৰিম। আমি সদায় এয়াই প্ৰচেষ্টা কৰি আহিছোঁ যে আমি যাতে আমাৰ পাঠকসকলক সময়ৰ আগতেই যিকোনো গুৰুত্বপূৰ্ণ জ্যোতিষীয় পৰিঘটনাৰ বিষয়ে অৱগত কৰিব পাৰোঁ যাতে আপুনি আগতীয়াকৈয়েই আপোনাৰ জীৱনত এইবোৰৰ প্ৰভাৱৰ বিষয়ে অৱগত হৈ থাকে।

পৃথিৱীৰ বিদ্বান জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক আৰু জানক কেৰিয়াৰৰ লগত জড়িত সকলো তথ্য
হিন্দু পঞ্জিকা অনুসৰি, এই গ্ৰহণ ভাৰতীয় উপমহাদেশত দৃশ্যমান নহ'ব। যাৰ অৰ্থ হৈছে যে পৃথিৱীৰ ছাঁয়ে চন্দ্ৰপৃষ্ঠক এক নিশ্চিত সীমা পৰ্য্যন্ত লুকুৱাই ৰাখিব। জনাব বিচাৰিছোঁ যে যেতিয়া সূৰ্য্য, পৃথিৱী আৰু চন্দ্ৰ একেডাল সৰল ৰেখাত স্থিত হয়, অৰ্থাৎ সূৰ্য্য আৰু পৃথিৱীৰ মাজত চন্দ্ৰমা উপস্থিত হয়, তেতিয়া এনে পৰিস্থিতিক সূৰ্য্য গ্ৰহণ বুলি কোৱা হয়। সূৰ্য্য আৰু পৃথিৱীৰ মাজলৈ যেতিয়া চন্দ্ৰ আহে, তেতিয়া পৃথিৱীৰ ওপৰত ইয়াৰ ছাঁ পৰে। এই সময়ছোৱাত, ই সূৰ্যৰ পোহৰ সম্পূৰ্ণ বা আংশিকভাৱে ঢাকি ধৰে। বৈদিক জ্যোতিষশাস্ত্ৰৰ অধীনত, সূৰ্যক আত্মাৰ কাৰক হিচাপে গণ্য কৰা হয়, সেয়েহে যেতিয়াই সূৰ্যগ্ৰহণ সংঘটিত হয়, তেতিয়া পৃথিৱীত বাস কৰা সকলো প্ৰাণীৰ ওপৰত ইয়াৰ কিবা নহয় কিবা প্ৰভাৱ নিশ্চিতভাৱে পৰে।
আহক আমি এই ব্লগটোৰ জৰিয়তে প্ৰথম সূৰ্য্য গ্ৰহণ 2024 আৰু ইয়াৰ লগত জড়িত তাৰিখ আৰু সময়ৰ বিষয়ে তথ্যসমূহ প্ৰাপ্ত কৰোঁ। আপুনি এই ব্লগটোত সূৰ্য্যগ্ৰহণৰ দৃশ্যমানতা পৃথিৱীত ক'ত ক’ত থাকিব, ই পূৰ্ণ সূৰ্য্যগ্ৰহণ হ'ব নে আংশিক সূৰ্য্যগ্ৰহণ হ'ব, সূৰ্যগ্ৰহণৰ সুতক কাল কেতিয়া হ'ব আৰু সূৰ্য্যগ্ৰহণৰ ধৰ্মীয় আৰু আধ্যাত্মিক তাৎপৰ্য কি হ'ব সেই সম্পৰ্কে জানিব পাৰিব। লগতে, জ্যোতিষীয় দৃষ্টিকোণৰ পৰা আপুনি এয়াও জানিব পাৰিব যে সূৰ্য্যগ্ৰহণ প্ৰভাসমূহ কেনে হ’ব। সকলোবোৰ তথ্যৰ বাবে, অনুগ্ৰহ কৰি শেষলৈকে ব্লগটো পঢ়ক।
এয়াও পঢ়ক: ৰাশিফল 2024
সূৰ্য্য গ্ৰহণ 2024: খগোলীয় আৰু জ্যোতিষীয় মহত্ব
সৰল শব্দত ক’ব পাৰি যে সূৰ্য্যগ্ৰহণ তেতিয়া হয় যেতিয়া চন্দ্ৰই পৃথিৱীক পৰিক্ৰমা কৰি থাকোঁতে ই সূৰ্য্য আৰু পৃথিৱীৰ মাজত স্থিত হয়, যাৰ দ্বাৰা সূৰ্য্য অৱৰূদ্ধ হৈ পৰে আৰু সূৰ্য্যৰ পোহৰ আমাৰ তথা পৃথিৱীৰ ওচৰলৈ আহিব নোৱাৰে। সূৰ্য্যৰ কিমান অংশ চন্দ্ৰমাই আৱৰি ধৰে তাৰ ওপৰত ভিত্তি কৰি গ্ৰহণ কেইবাপ্ৰকাৰৰো হ’ব পাৰে।
জ্যোতিষীয় দৃষ্টিকোণৰ পৰা, যেতিয়া সূৰ্য্য আৰু ৰাহু কোনো ৰাশি চিহ্নত একেলগে স্থিত হয় তেতিয়া গ্ৰহণ যোগ গঠন হয়। জ্যোতিষ শাস্ত্ৰত, এই যোগক অতি অশুভ হিচাপে গণ্য কৰা হয়। সূৰ্য্যগ্ৰহণ 2024 চ’ত মাহৰ কৃষ্ণ পক্ষৰ মীন আৰু ৰেৱতী নক্ষত্ৰত সংঘটিত হ'বলৈ গৈ আছে।
বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য,জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ
দৃশ্যতা আৰু সময়
সময়ৰ ক্ষেত্ৰত ক’ব পাৰি যে, বছৰটোৰ প্ৰথম সূৰ্য্য গ্ৰহণ 2024 08 এপ্ৰিলৰ নিশা 09 বাজি 12 মিনিটৰ পৰা 09 এপ্ৰিলৰ মাজনিশা 02 বাজি 22 মিনিট পৰ্য্যন্ত থাকিব। ই হৈছে বছৰটোৰ প্ৰথম সূৰ্য্যগ্ৰহণ আৰু হিন্দু পঞ্জিকা অনুসৰি, ই চ’ত মাহৰ কৃষ্ণ পক্ষত লাগিব। দৃশ্যতাৰ ক্ষেত্ৰত ক’ব পাৰি যে, এই সূৰ্যগ্ৰহণ ভাৰতত দৃশ্যমান নহ'ব।
কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন
তিথি | বাৰ আৰু তাৰিখ |
সূৰ্য্য গ্ৰহণ আৰম্ভণি (ভাৰতীয় সময় অনুসৰি) |
সূৰ্য্য গ্ৰহণ সমাপ্তি | ক’ত ক’ত দেখা পোৱা যাব? |
চ’ত মাহৰ কৃষ্ণ পক্ষ | সোমবাৰ, 08 এপ্ৰিল 2024 | নিশা 09 বাজি 12 মিনিটৰপৰা | মাজনিশা 26:22 পৰ্য্যন্ত (9 এপ্ৰিলৰ ৰাতিপুৱা 02 বাজি 22 মিনিট পৰ্য্যন্ত) |
পশ্চিম ইউৰোপ পেছিফিক, আটলাণ্টিক, আৰ্কটিক মেক্সিকো, উত্তৰ আমেৰিকা (আলাস্কাক বাদ দি), কানাদা, মধ্য আমেৰিকা, দক্ষিণ আমেৰিকাৰ উত্তৰ ভাগত, ইংলেণ্ডৰ উত্তৰ পশ্চিম ক্ষেত্ৰত, আয়াৰলেণ্ড (ভাৰতত দৃশ্যমান নহয়) |
দ্ৰষ্টব্য: এই বৰ্ষৰসূৰ্য্য গ্ৰহণ 2024 অনুসৰি, মন কৰিবলগীয়া কথাটো হ'ল ওপৰত উল্লেখ কৰা সময়বোৰ ভাৰতীয় সময় অনুসৰি দিয়া হৈছে। ই বৰ্ষটোৰ প্ৰথম সূৰ্য্যগ্ৰহণ হ’ব যিটো সম্পূৰ্ণ সূৰ্য্যগ্ৰহণ হ'ব, কিন্তু ভাৰতত দৃশ্যমান নোহোৱাৰ বাবে ভাৰতত ইয়াৰ কোনো ধৰ্মীয় প্ৰভাৱ নপৰে বা ইয়াৰ সুতক কালক কাৰ্যকৰী বুলি গণ্য কৰা নহ'ব। এনে পৰিস্থিতিত, আপুনি সুতক কাল বা গ্ৰহণ সম্পৰ্কীয় যিকোনো ধৰণৰ ধৰ্মীয় নিয়ম পালন কৰাৰ প্ৰয়োজন নাই। এনেদৰে সকলো লোকে নিজা নিজা সকলো কাৰ্য্যকলাপ সুচাৰুৰূপে অব্যাহত ৰাখিব পাৰিব।
এতিয়া ঘৰত বহিয়েই বিশেষজ্ঞ পুৰোহিতৰদ্বাৰা কৰাওক ইচ্ছানুসৰি অনলাইন পূজা আৰু লাভ কৰক উত্তম পৰিণাম!
সূৰ্য্য গ্ৰহণ : বিশ্বব্যাপী প্ৰভাৱ
সূৰ্য্য গ্ৰহণ 2024 ৰ সময়ত সূৰ্য্য আৰু ৰাহু দুয়োটা ৰেৱতী নক্ষত্ৰত স্থিত হ’ব সেয়েহে ৰেৱতী নক্ষত্ৰৰদ্বাৰা শাসিত জাতকসকলৰ ওপৰত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিবপাৰে আৰু এই সময়ছোৱাত তেওঁলোকৰ শক্তিৰ অভাৱ অনুভৱ হ’ব পাৰে। আহক তেনেহ’লে সূৰ্য্যগ্ৰহণে দেশ-দুনীয়াৰ ওপৰত কেনে ধৰণৰ প্ৰভাৱ পেলাব সেই সম্পৰ্কে অৱগত হওঁ।
- সূৰ্য হৈছে চকুৰ কাৰক আৰু এনে পৰিস্থিতিত, বিশেষকৈ মীন ৰাশিৰ জাতকসকলে সূৰ্য্য গ্ৰহণ 2024ৰ সময়ত চকু সম্পৰ্কীয় সমস্যাৰ সম্মুখীন হ’ব পাৰে কিয়নো ৰেৱতী নক্ষত্ৰ মীন ৰাশিত পৰে।
- ৰেৱতী নক্ষত্ৰৰ ওপৰত বুধৰ শাসন থাকে সেয়েহে ছালৰ এলাৰ্জি বা অন্যান্য ছাল সম্পৰ্কীয় সমস্যা বা মাংসপেশীৰ সৈতে জড়িত সমস্যাত ভূগি থকা লোকসকল আৰু অধিক সমস্যাৰ সম্মুখীন হ'ব পাৰে।
- ভাৰতৰ কেইবাখনো ৰাজ্য আৰু পৃথিৱীৰ কিছু অংশত যিকোনো ধৰণৰ পানীৰ সংক্ৰমণ হ’ব পাৰে কাৰণ মীন ৰাশি হৈছে এক জল তত্ত্বৰ ৰাশি।
- 8 এপ্ৰিল তাৰিখে হ’বলগীয়া পৰিবহনলৈ যদিহে মন কৰোঁ, তেনেহলে দেখা যায় যে চন্দ্ৰ, সূৰ্য্য আৰু ৰাহু তিনিওটাই মীন ৰাশিত যুটি কৰিব। এনে পৰিস্থিতিত, কোনো কোনো লোক গ্ৰহণৰ সময়ত চাপ আৰু উদ্বেগৰ সম্মুখীন হ’ব পাৰে।
- যদি সূৰ্য্য গ্ৰহণ 2024 ৰ সময়ছোৱাত বিশিষ্ট নেতা আৰু ডাঙৰ ব্যৱসায়ীসকলে কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে তেনেহ'লে সেই সিদ্ধান্তবোৰ তেওঁলোকৰ বাবে অনুকূল প্ৰমাণিত নোহোৱাৰ সম্ভাৱনা দেখা যায়। আপুনি গ্ৰহণ কৰা সিদ্ধান্তবোৰে দেশ-দুনীয়াৰ ওপৰত এক ধ্বংসাত্মক প্ৰভাৱ পেলাব পাৰে।
- আমাৰ দেশৰ চৰকাৰ আৰু পৃথিৱীৰ মুখ্য চৰকাৰসমূহ তেওঁলোকৰ নেতাসকলৰ ৰাশিফলৰ ওপৰত ভিত্তি কৰি সৰু বা ডাঙৰ বাধাৰ সন্মুখীন হ'ব পাৰে কিয়নো সূৰ্যক চৰকাৰৰ কাৰক হিচাপে গণ্য কৰা হয়।
- সূৰ্য্য গ্ৰহণ 2024 হৈ থকাৰ সময়ত সূৰ্য মীন ৰাশিত ৰেৱতী নক্ষত্ৰত স্থিত হ’ব আৰু আমি সকলোৱে জানো যে ৰেৱতী নক্ষত্ৰৰ স্বামী হৈছে বুধ গ্ৰহ আৰু মীন ৰাশিৰ স্বামী হৈছে বৃহস্পতি সেয়েহে দেশ আৰু সমগ্ৰ বিশ্বলৈ কিছুমান প্ৰাকৃতিক দুৰ্যোগ আহিব পাৰে ।
- বৃহস্পতিৰ ৰাশিচিহ্নত সূৰ্য্য আৰু চন্দ্ৰৰ উপস্থিতিয়ে কোনো কোনো দেশত যুদ্ধৰ কাৰ্যকলাপ বন্ধ কৰিব পাৰে আৰু সকাহ আনি দিব পাৰে।
- গ্ৰহণৰ ফলস্বৰূপে, দেশ আৰু পৃথিৱীৰ উত্তৰ অংশত কঠোৰ শৰৎ ঋতু অনুভূত হ’ব পাৰে আৰু এনেদৰে বতৰৰ কিছু পৰিৱৰ্তন দেখা পাব পাৰে।
- সূৰ্য্য গ্ৰহণ 2024 য়ে অত্যাৱশ্যকীয় সামগ্ৰী যেনে শস্য আৰু অন্যান্য ঘৰুৱা সামগ্ৰীৰ মূল্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। মূল্যৱান বস্তু যেনে সোণৰ গহনা আৰু ধাতুৰে নিৰ্মিত আন সকলো সামগ্ৰী যেনে পিতল আদিৰ দৰে ব্যয়বহুল সামগ্ৰীৰ মূল্য আৰু অধিক বৃদ্ধি পাব পাৰে।
এই বৰ্ষত হ’বলগীয়া গ্ৰহণৰ বিস্তৃত তথ্যৰ বাবে পঢ়ক: গ্ৰহণ 2024
সূৰ্য্য গ্ৰহণ : জানক শ্যেয়াৰ মাৰ্কেটৰ অৱস্থা
- সূৰ্য্য গ্ৰহণ 2024 ৰ বাবে চাহ আৰু কফী উদ্যোগ, চিমেণ্ট হাউচিং, গধুৰ অভিযান্ত্ৰিক, সাৰ আদিত মন্দাৱস্থা দেখা যাব পাৰে। অৱশ্যে, ফাৰ্মা খণ্ড, ৰাজহুৱা খণ্ড, বেংক খণ্ড, বনস্পতি তেল উদ্যোগ, দুগ্ধজাত সামগ্ৰী, শিপিং কৰ্পোৰেচন, ৰিলায়েন্স, পেট্ৰ'লিয়াম উদ্যোগ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।
- লৌহ উদ্যোগ, ইস্পাত উদ্যোগ, অভিযান্ত্ৰিক, চিমেণ্ট হাউচিং, চাহ আৰু কফি উদ্যোগকে ধৰি অন্যান্য উদ্যোগ দ্ৰুতগতিত বৃদ্ধি পাব।
- সোণৰ মূল্যলৈ স্থিৰ আহিব পাৰে। একে সময়তে, গধুৰ ধাতু আৰু খনিজ পদাৰ্থৰ মূল্যও বৃদ্ধি হ'ব পাৰে।
- পিতল আৰু তামৰ দৰে ধাতুৰ মূল্যতো স্থিৰতা দেখা যাব পাৰে।
- সূৰ্য্য গ্ৰহণ 2024 ৰ ফলস্বৰূপে সেউজ শক্তি উদ্যোগবোৰত ভাল পৰ্যায় দেখা পোৱা যাব।
সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: অনলাইন শ্বপিং ষ্টোৰ
আমি আশা ৰাখিছোঁ যে আপুনি আমাৰ এই প্ৰৱন্ধটো নিশ্চয় ভাল পাইছে। যদিহে ভাল পাইছে তেনেহ’লে আপোনাৰ অন্য শুভাকাংক্ষীসকলকো এই প্ৰৱন্ধটোৰ কথা জনাওক। ধন্যবাদ
Astrological services for accurate answers and better feature
Astrological remedies to get rid of your problems

AstroSage on MobileAll Mobile Apps
- Sun Transit In Leo Blesses Some Zodiacs; Yours Made It To The List?
- Venus Nakshatra Transit Aug 2025: 3 Zodiacs Destined For Luck & Prosperity!
- Janmashtami 2025: Read & Check Out Date, Auspicious Yoga & More!
- Sun Transit Aug 2025: Golden Luck For Natives Of 3 Lucky Zodiac Signs!
- From Moon to Mars Mahadasha: India’s Astrological Shift in 2025
- Vish Yoga Explained: When Trail Of Free Thinking Is Held Captive!
- Kajari Teej 2025: Check Out The Remedies, Puja Vidhi, & More!
- Weekly Horoscope From 11 August To 17 August, 2025
- Mercury Direct In Cancer: These Zodiac Signs Have To Be Careful
- Bhadrapada Month 2025: Fasts & Festivals, Tailored Remedies & More!
- सूर्य का सिंह राशि में गोचर, इन राशि वालों की होगी चांदी ही चांदी!
- जन्माष्टमी 2025 पर बना दुर्लभ संयोग, इन राशियों पर बरसेगी श्रीकृष्ण की विशेष कृपा!
- अगस्त में इस दिन बन रहा है विष योग, ये राशि वाले रहें सावधान!
- कजरी तीज 2025 पर करें ये विशेष उपाय, मिलेगा अखंड सौभाग्य का वरदान
- अगस्त के इस सप्ताह मचेगी श्रीकृष्ण जन्माष्टमी की धूम, देखें व्रत-त्योहारों की संपूर्ण जानकारी!
- बुध कर्क राशि में मार्गी: इन राशियों को रहना होगा सावधान, तुरंत कर लें ये उपाय
- भाद्रपद माह 2025: त्योहारों के बीच खुलेंगे भाग्य के द्वार, जानें किस राशि के जातक का चमकेगा भाग्य!
- अंक ज्योतिष साप्ताहिक राशिफल: 10 से 16 अगस्त, 2025
- टैरो साप्ताहिक राशिफल (10 अगस्त से 16 अगस्त, 2025): इस सप्ताह इन राशि वालों की चमकेगी किस्मत!
- कब है रक्षाबंधन 2025? क्या पड़ेगा भद्रा का साया? जानिए राखी बांधने का सही समय
- Horoscope 2025
- Rashifal 2025
- Calendar 2025
- Chinese Horoscope 2025
- Saturn Transit 2025
- Jupiter Transit 2025
- Rahu Transit 2025
- Ketu Transit 2025
- Ascendant Horoscope 2025
- Lal Kitab 2025
- Shubh Muhurat 2025
- Hindu Holidays 2025
- Public Holidays 2025
- ராசி பலன் 2025
- రాశిఫలాలు 2025
- ರಾಶಿಭವಿಷ್ಯ 2025
- ਰਾਸ਼ੀਫਲ 2025
- ରାଶିଫଳ 2025
- രാശിഫലം 2025
- રાશિફળ 2025
- రాశిఫలాలు 2025
- রাশিফল 2025 (Rashifol 2025)
- Astrology 2025