শনি জয়ন্তী 2024
আমাৰ এই শনি জয়ন্তী 2024 শীৰ্ষক প্ৰৱন্ধটোৰ মাধ্যমেৰে আমি শনি জয়ন্তীৰ লগত জড়িত বিভিন্ন ধৰণৰ তথ্য আপোনাক ইৱগত কৰিবলৈ লৈছোঁ। হিন্দু ধৰ্মত শনি জয়ন্তীৰ পৰ্বক বিশেষ গুৰুত্ব প্ৰদান কৰা হয়। এই দিনটোত শনি দেৱতা ৰ বিধিৱদ্ধভাৱে পূজা কৰা হয়। আপোনাক অৱগত কৰিব বিচাৰোঁ যে শনি জয়ন্তী বৰ্ষটোত দুবাৰ পালন কৰা হয় এবাৰ ব’হাগ মাহত আৰু এবাৰ জেঠ মাহত। আমাৰ এই বিশেষ ব্লগটোত আমি অৱগত হ’ম এই বৰ্ষটোত শনি জয়ন্তী কোনদিনা পালন কৰা হ’ব, এই দিনটোত কোনবোৰ কাম ভুলতেও কৰিব নালাগে, ৰাশি অনুসৰি কি উপায় অৱলম্বন কৰি আপুনি শনি দেৱতাক সন্তুষ্ট কৰিব পাৰিব, লগতে জানক শনি জয়ন্তীৰ সৈতে জড়িত কিছুমান মনোগ্ৰাহী কথা।
20204 বৰ্ষত শনি জয়ন্তী কেতিয়া আছে?
আমি আপোনাক শনি জয়ন্তী 2024 প্ৰৱন্ধত ইতিমধ্যে অৱগত কৰিছোঁ যে শনি জয়ন্তী বৰ্ষটোত দুবাৰ পালন কৰা হয়। কিছুমান ঠাইত শনি জয়ন্তী ব ’ হাগৰ অমাৱস্যা ৰ দিনা পালন কৰা হয় আৰু কিছুমান ঠাইত শনি জয়ন্তী জেঠ মাহৰ অমাৱস্যাৰ দিনা পালন কৰা হয়। এই বৰ্ষত ব’হাগৰ অমাৱস্যা 8 মে’ আৰু জ্যেষ্ঠ অমাৱস্যা 6 জুনত আছে। এনে পৰিস্থিতিত এই দুয়োটা দিনতেই ভিন ভিন স্থানত শনি জয়ন্তী পালন কৰা হয়।
পৃথিৱীৰ বিদ্বান জ্যোতিষীসকলৰ সৈতে কল কৰক/চাট-ত কথা পাতক আৰু জানক আপোনাৰ সন্তানৰ ভৱিষ্যতৰ সৈতে জড়িত সকলো তথ্য
শনি জয়ন্তীৰ মহত্ব
শাস্ত্ৰ অনুসৰি শনি জয়ন্তীৰ পৰ্বৰ বিশেষ মহত্ব আছে। এই দিনটোত সূৰ্য্য পুত্ৰ শনি দেৱতাৰ জয়ন্তী পালন কৰা হয়। জ্যোতিষশাস্ত্ৰত শনি দেৱতাক ন্যায়ৰ দেৱতা বুলি কোৱা হয় অৰ্থাৎ ই ব্যক্তিক তেওঁৰ কৰ্ম অনুসৰি ফল প্ৰদান কৰে। যিসকল লোকৰ কৰ্ম ভাল হয় তেওঁলোকে শনি দেৱতাৰ প্ৰতি ভয় কৰাৰ কোনো প্ৰয়োজন নাই বৰঞ্চ শনিয়ে তেওঁলোকৰ পৰিশ্ৰমত সোণত সুৱগা চৰোৱাই তেওঁলোকক ৰজা যেন কৰি তোলে আনহাতে যিসকল লোকৰ কৰ্ম ভাল নহয় তেওঁলোকে প্ৰতিটো খোজত শনিলৈ ভয় কৰাটো দৰকাৰী আৰু এনে লোকসকলৰ ওপৰত শনিৰ প্ৰকোপ নিশ্চিত ৰূপত দেখা যায়।
আপোনাৰ সোঁৱৰণিত শনিৰ স্থিতি কেনে? শনি প্ৰতিৱেদন ৰপৰা লাভ কৰক উত্তৰ
এতিয়া আহক আগবাঢ়ি যাওঁ আৰু শনিৰ দুষ্প্ৰভাৱ কম কৰিবৰ বাবে কি বিধিৰে শনি জয়ন্তীত শনি দেৱতাৰ পূজা কৰা উচিত সেই সম্পৰ্কে অৱগত হওঁ। ইয়াৰ উপৰিও বহুতো লোকে শনি জন্তীৰ দিনা শনি দেৱতাৰ বাবে ব্ৰত পালন কৰে। যদিহে কোনো ব্যক্তিৰ সোঁৱৰণিত শনি দোষ থাকে বা শনিৰ স্থিতি দুৰ্বল হয় তেতিয়া বিশেষভাৱে এনে লোকসকলক শনি জয়ন্তীৰ দিনাখন ব্ৰত ৰাখিবলৈ, শনি ভগৱানৰ মন্দিৰলৈ গৈ তেওঁক সৰিয়হ তেল ক’লা তিল, নীলা ফুল, শমী গছৰ পাত আদি অৰ্পণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। ইয়াৰদ্বাৰা তেওঁলোকে নিশ্চিত ৰূপত শনিৰ প্ৰকোপৰপৰা পৰিত্ৰাণ পাব পাৰিব।
সনাতন ধৰ্মত শনি জয়ন্তীৰ পৰ্বৰ বিশেষ মহত্ব আছে। এই দিনটোত শনি দেৱতাৰ পূজা কৰাৰ ফলত শনিৰ সাড়েসাতী, শনিৰ ধেইয়াৰ দুষ্প্ৰভাৱৰপৰা ব্যক্তিয়ে পৰিত্ৰাণ লাভ কৰে। ইয়াৰ লগতে শনি দেৱতাৰ পূজা কৰাৰ ফলত ব্যক্তিৰ ব্যৱসায় আৰু চাকৰিত সফলতা প্ৰাপ্ত হয়।
শনি দেৱ জয়ন্তী 2024: শুভ মুহুৰ্ত
সৰ্বপ্ৰথমে কথা পাতোঁ আহক শনি জয়ন্তী 2024 ৰ শুভ মুহুৰ্তৰ বিষয়ে। এই বৰ্ষৰ বৈশাখ অমাৱস্যা 7 মে’ 2024 ৰ ৰাতিপুৱা 11:40 ৰপৰা আৰম্ভ হ’ব আৰু ইয়াৰ সমাপ্তি 8 মে’ৰ ৰাতিপুৱা 8:40 বজাত হ’ব। এই কাৰণবশতঃ শনি জয়ন্তী 8 মে’ত পালন কৰা হ’ব। শনিৰ পূজা কৰিবৰ বাবে সময়ৰ ক্ষেত্ৰত ক’ব পাৰি যে সন্ধিয়া 5 বজাৰপৰা 7 বজালৈ সময় থাকিব।
আনহাতে জেঠ মাহৰ শনি জয়ন্তী অৰ্থাৎ 6 জুনৰ শনি জয়ন্তীৰ মুহুৰ্ত বেলেগ হ’ব। জুন মাহৰ অমাৱস্যা 5 জুন 2024 তাৰিখে 7:54 বজাৰপৰা আৰম্ভ হ’ব আৰু ইয়াৰ সমাপ্তি 6 জুনৰ 6:07 বজাত হ’ব।
শনি জয়ন্তী কথা
শনি জয়ন্তী 2024 প্ৰৱন্ধৰ জৰিয়তে জনাব বিচাৰিছোঁ যে সূৰ্য্য দেৱতাৰ বিবাহ ৰজা দক্ষৰ পুত্ৰী সংজ্ঞাৰ সৈতে হৈছিল। সূৰ্য্য দেৱতাৰ তিনি সন্তান মনু, যমৰাজ আৰু যমুনা। পৌৰাণিক কথা অনুসৰি কোৱা হয় যে এবাৰ সংজ্ঞায়ে নিজৰ পিতৃ দক্ষৰ ওচৰত সূৰ্য্যৰ প্ৰকোপৰ বাবে হোৱা সমস্যাৰ বিষয়ে গোচকৰ দিছিল। তেতিয়া ৰজা দক্ষই নিজৰ পুত্ৰীৰ কথাৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰিলে। তেওঁ ক’লে যে তুমি এতিয়া সূৰ্য্য দেৱতাৰ অৰ্দ্ধাংগিনী। পিতৃয়ে এনেদৰে কোৱাৰ ফলত সংজ্ঞায়ে তপোবলৰদ্বাৰা নিজৰ ছাঁয়া প্ৰকট কৰিলে আৰু তেওঁৰ নাম থ’লে সবৰ্ণা ৰখা।
পিছলৈ সূৰ্য্য দেৱতাৰ পত্নী সংজ্ঞাৰ গৰ্ভৰপৰা শনি দেৱতাৰ জন্ম হ’ল। শনি দেৱতাৰ সম্পূৰ্ণ শ্যাম বৰণীয়া আছিল। যেতিয়া সূৰ্য্য দেৱতাই জানিব পাৰিলে যে সবৰ্ণা তেওঁৰ অৰ্দ্ধাংগিনী নহয় তেতিয়া সূৰ্য্য দেৱতাই শনি দেৱতাক নিজৰ পুত্ৰ হিাপে স্বীকৃতি দিবলৈ অমান্য হয়। ইয়াৰ ফলত শনি দেৱতা ক্ৰোধিত হৈ পৰে আৰু তেওঁৰ দৃষ্টি সূৰ্য্য দেৱতাৰ ওপৰত পৰে যাৰ ফলত সূৰ্য্য দেৱতা ক’লা পৰি গ’ল আৰু গোটেই সংসাৰখন অন্ধকাৰ হৈ পৰিবলৈ ধৰিলে। চিন্তিত হৈ সূৰ্য্য দেৱতা ভগৱান শিৱৰ ওচৰলৈ গ’ল। তেতিয়া ভগৱান শিৱই তেওঁক ছাঁয়াৰ ওচৰত ক্ষমা বিচাৰিবলৈ ক’লে তেতিয়া সূৰ্য্য দেৱতাই ছাঁয়াৰপৰা ক্ষমা বিচাৰিলে আৰু তেতিয়াহে শনিৰ ক্ৰোধৰপৰা তেওঁ মুক্ত হ’ল।
শনি জয়ন্তীৰ সঠিক পূজন বিধি
পূজন বিধিৰ ক্ষেত্ৰত ক’ব পাৰি যে,
- শনি জয়ন্তী 2024 অনুসৰি শনি জয়ন্তীৰ দিনা ৰাতিপুৱা স্নান কৰাৰ পিছত শনি মন্দিৰলৈ যাওক আৰু শনি দেৱতাক সৰিয়হৰ তেল অৰ্পণ কৰক।
- এই দিনটোত শনি দেৱতাক ক’লা ৰঙৰ বস্ত্ৰ অৰ্পণ কৰক।
- ইয়াৰ পিছত তেওঁক ক’লা তিল, মাটি ডালি আৰু লোহা আগবঢ়াওক।
- সম্ভৱ হ’লে দৰিদ্ৰ লোকক জোতা, ছাটি আৰু বস্ত্ৰ দান কৰক।
বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ
শনি জয়ন্তীৰ দিনা ভুলতেও নকৰিব এইসমূহ কাম
- শনি দেৱতাৰ পূজাত কেতিয়াও তামৰ বাচন ব্যৱহাৰ কৰিব নালাগে। তামৰ সম্পৰ্ক প্ৰকৃততে সূৰ্য্যৰ সৈতে আছে, আৰু সূৰ্য্য আৰু শনিৰ মাজত শত্ৰুতাৰ সম্পৰ্ক আছে। সাধাৰণতে দুয়োৱেই হৈছে পিতা-পুত্ৰ কিন্তু পৰস্পৰ হৈছে শত্ৰু সেয়েহে তেওঁৰ পূজাত কেতিয়াও তামৰ বাচন প্ৰয়োগ কৰিব নালাগে।
- শনি দেৱতাৰ কুদৃষ্টিৰপৰা বাছিবৰ বাবে তেওঁৰ মূৰ্ত্তিৰ ঠিক সম্মুখত থিয় হৈ আৰু তেওঁৰ চকুত চকু থ’ব নালাগে। শনি দেৱতাৰ পূজা কৰাৰ সময়ত নিজৰ মুখখন সদায় পশ্চিম দিশলৈ কৰিব লাগে।
- শনি জয়ন্তীৰ দিনা নিমখ, লোহা, তেল আদি ক্ৰয় কৰিব নালাগে। যদিহে আপুনি দান কৰিবও বিচাৰে তেনেহ’লে এদিন পূৰ্বে ক্ৰয় কৰি ঘৰত ৰাখি থওক।
- শনি জয়ন্তীৰ দিনাখন শনিৰ সৈতে সম্বন্ধিত কোনো বস্তু ক্ৰয় কৰি ঘৰলৈ নানিব অন্যথা ইয়াৰ ফলত জীৱনলৈ সমস্যা আহিব পাৰে।
- শনি জয়ন্তীৰ দিনা ভুলতেও কোনো পশু-পক্ষীক আমনি নকৰিব।
- শনি জয়ন্তীৰ দিনা মাংসহাৰী ভোজন নকৰিব, নিচা নকৰিব, অন্যথা ইয়াৰদ্বাৰা শনি দেৱতা ক্ৰোধিত হ’ব পাৰে।
- শনি জয়ন্তীৰ দিনা ভুলতেও দৰিদ্ৰ, অসহায় লোকক অশান্তি নকৰিব। শনি দেৱতাক দৰিদ্ৰৰ ৰক্ষক হিচাপে জনা যায় সেয়েহে বিশেষভাৱে তেওঁলোকক আমনি নিদিব।
শনি জয়ন্তীৰ ধৰ্মীয় মহত্ব
শনি জয়ন্তী পৰ্বক বিশেষ গুৰুত্ব প্ৰদান কৰা হয়। শনি দেৱতা হৈছে ভগৱান শিৱৰ পৰম ভক্ত। তেওঁক সেৱা আৰু ব্যৱসায়ৰ দৰে কামৰ স্বামী হিচাপে গণ্য কৰা হয়। কোৱা হয় যে য’ত শনি দেৱতাই প্ৰত্যক্ষ দৃষ্টি পেলায় তাতেই হুলস্থুল লাগি যায়। অৱগত কৰিব বিচাৰিছোঁ যে যেতিয়া ৰাৱণে ভগৱান শনিক বন্দী কৰি লৈছিল তেতিয়া হনুমান জীয়ে তেওঁক ৰক্ষা কৰিছিল। তেতিয়া শনি দেৱতাই সন্তুষ্ট হৈ কৈছিল যে যিয়েই বজৰংগবলীৰ পূজা ভক্তি ভাৱেৰে কৰিব তেওঁৰ ওপৰত কেতিয়াও শনি দোষ নপৰে। লগতে এনে জাতকসকলৰ ওপৰত শনি দেৱতাৰ কৃপাদৃষ্টি সদায়য় থাকিব।
কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন
শনি জয়ন্তীত ৰাশি অনুসৰি কৰক এই জ্যোতিষীয় উপায়সমূহ
মেষ ৰাশি: শনি জয়ন্তী 2024 ৰ দিনা মেষ ৰাশিৰ জাতকসকলে শনি জয়ন্তীৰ দিনা সৰিয়হৰ তেল বা ক’লা তিল দান কৰা উচিত।
বৃষ ৰাশি: শনি জয়ন্তীৰ দিনা বৃষ ৰাশিৰ জাতকসকলে দৰিদ্ৰ আৰু অভাৱী লোকক ক’লা কম্বল দান কৰক।
মিথুন ৰাশি: শনি জয়ন্তীৰ দিনা বয়োবৃদ্ধ লোকক প্ৰণাম কৰক, তেওঁলোকক কিবা উপহাৰ নিশ্চিত ৰূপতত দিয়ক। ইায়ৰ উপৰিও শনি মন্দিৰলৈ গৈ শনি দেৱতাৰ সৈতে জড়িত বস্তু অৰ্পণ কৰক।
কৰ্কট ৰাশি: কৰ্কট ৰাশিৰ জাতকসকলে শনি জয়ন্তীৰ দিনাখন দৰিদ্ৰ লোকক ক’লা তিল, মাটি ডালি, সৰিয়হৰ তেল, বস্ত্ৰ দান কৰক।
সিংহ ৰাশি: সিংহ ৰাশিৰ জাতকসকলে শনি জয়ন্তীৰ দিনা হনুমান জীৰ পূজা কৰি তাৰপিছত শনি দেৱতাৰ পূজা কৰক আৰু ছাঁয়াবস্ত্ৰ দান কৰক।
কন্যা ৰাশি: কন্যা ৰাশিৰ জাতকসকলে শনি জয়ন্তীৰ দিনা শনি মন্দিৰলৈ গৈ পূজা-পাঠ কৰক আৰু শনি মন্ত্ৰ জপ কৰক।
তুলা ৰাশি: তুলা ৰাশিৰ জাতকসককল শনি জয়ন্তীৰ দিনা শনি দেৱতাৰ পূজা কৰক। ইয়াৰ পিছত ক’লা বা নীলা বস্ত্ৰ, তিল, কম্বল আদি অভাৱী লোকক দান কৰক।
বৃশ্চিক ৰাশি: শনি জয়ন্তীৰ দিনা হনুমান জীৰ পূজা কৰক। পূজাৰ পিছত ক’লা কুকুৰৰ সেৱা কৰক।
ধনু ৰাশি: ধনু ৰাশিৰ জাাতকসকলে শনি জয়ন্তীৰ দিনাখন বটগছৰ পূজা কৰক আৰু সৰিয়হ তেলৰ চাকি জলাওক।
মকৰ আৰু কুম্ভ ৰাশি: মকৰ আৰু কুম্ভ ৰাশিৰ জাতকসকলৰ স্বামী গ্ৰহ হৈছে শনি। এনে পৰিস্থিতিত, শনি জয়ন্তীৰ দিনা বিধিৱদ্ধভাৱে পূজা কৰাৰ পিছত শনিৰ প্ৰিয় বস্তু সমূহ অভাৱী লোকক দান কৰক।
মীন ৰাশি: মীন ৰাশিৰ জাতকসকলে শনি জয়ন্তীৰ দিনা হালধীয়া বস্ত্ৰ, হালধী, কেশৰৰ দান কৰক আৰু সম্ভৱ হ’লে বিষ্ণু চালিশা জপ কৰক।
সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: অনলাইন শ্বপিং ষ্টোৰ
আমি আশা ৰাখিছোঁ যে আপুনি আমাৰ এই প্ৰৱন্ধটো নিশ্চয় ভাল পাইছে। যদিহে ভাল পাইছে তেনেহ’লে আপোনাৰ অন্য শুভাকাংক্ষীসকলকো এই প্ৰৱন্ধটোৰ কথা জনাওক। ধন্যবাদ
সঘনাই সোধা প্ৰশ্ন
1 : শনি জয়ন্তী বৰ্ষ 2024 ত কেতিয়া আছে?
2024 ত শনি জয়ন্তী ব’হাগ মাহৰ 8 মে’ত আছে আৰু জেঠ মাহৰ শনি জয়ন্তী 6 জুনত আছে।
2 : 2024 বৰ্ষত শনি দেৱতাক কেনেদৰে প্ৰসন্ন কৰিব?
প্ৰদোষ ব্ৰতৰ দিনা নিয়ম-নীতিৰে সন্ধিয়া সময়তত শনি দেৱতাৰ পূজা কৰক আৰু তেওঁৰ আশীৰ্বাদ লাভ কৰিবৰ বাবে সৰিয়হ তেলৰ চাকি জলাই বটগছৰ তলত ৰাখক।
3 : শনি জয়ন্তীৰ দিনা কি কৰিব?
শনি জয়ন্তীৰ দিনা শনি দোষৰপৰা মুক্তি পাবৰ বাবে ৰাাতিপুৱা শীঘ্ৰে উঠি স্নান কৰক আৰু তাৰপিছত বিধিপূৰ্বকভাৱে শনি দেৱতাৰ পূজা কৰি তেওঁৰ মন্দিৰলৈ গৈ সৰিয়হ তেল অৰ্পণ কৰক।
4 : শনি জয়ন্তীত কি ৰঙৰ বস্ত্ৰ পৰিধান কৰা উচিত?
শনি দেৱতাৰ প্ৰিয় ৰং হৈছে ক’লা। সেয়েহে শনি জয়ন্তীৰ দিনা ক’লা ৰঙৰ বস্ত্ৰ পৰিধান কৰিব পাৰে, ইয়াৰদ্বাৰা তেওঁ প্ৰসন্ন হ’ব।
Astrological services for accurate answers and better feature
Astrological remedies to get rid of your problems
AstroSage on MobileAll Mobile Apps
- Horoscope 2026
- राशिफल 2026
- Calendar 2026
- Holidays 2026
- Shubh Muhurat 2026
- Saturn Transit 2026
- Ketu Transit 2026
- Jupiter Transit In Cancer
- Education Horoscope 2026
- Rahu Transit 2026
- ராசி பலன் 2026
- राशि भविष्य 2026
- રાશિફળ 2026
- রাশিফল 2026 (Rashifol 2026)
- ರಾಶಿಭವಿಷ್ಯ 2026
- రాశిఫలాలు 2026
- രാശിഫലം 2026
- Astrology 2026






