হোলিকা দহন 2024 : তাৰিখ, মুহূৰ্ত্ত আৰু শুভ ৰং জানক
মাঘৰ পিছত ফাগুন মাহৰ আগমন ঘটে। ফাগুনৰ নাম শুনাৰ লগে লগেই মানুহে হোলীৰ বাবে অপেক্ষা কৰিবলৈ আৰম্ভ কৰে। সুখৰ এই উৎসৱত, সকলোৱে ৰঙৰ আনন্দত মতলীয়া হোৱাৰ সুযোগ পায়। হোলী উৎসৱ প্ৰকৃততে হোলিকা দহনৰপৰাই আৰম্ভ হয়। ফাগুন মাহৰ পূৰ্ণিমাৰ নিশা হোলিকা দহন সম্পন্ন কৰা হয় আৰু পিছদিনা হোলী উৎসৱ উদযাপন কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি, এই উৎসৱটো অশুভৰ ওপৰত শুভৰ জয় হিচাপে আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰা হয়। পুৰাণত, নাৰায়ণ ভক্ত প্ৰহ্লাদৰ কাহিনী হোলিকা দহনৰ প্ৰসংগত বৰ্ণনা কৰা হৈছে। লিখা আছে যে এজনগৰাকী অত্যাচাৰী ৰজা হিৰণ্যকাশ্যপে তেওঁৰ পুত্ৰ প্ৰহ্লাদক হত্যা কৰাৰ বাবে বহুতো ষড়যন্ত্ৰ ৰচিছিল, যি ভগৱান নাৰায়ণৰ কৃপায় বিফল হৈ আছিল। এই উৎসৱক ভাৰতৰ বিভিন্ন প্ৰান্তত চোটি হোলী আৰু হোলিকা দীপক বুলিও জনা যায়।এষ্ট্ৰোছেজৰ এই বিশেষ ব্লগটোৰ জৰিয়তে আমি আপোনাকহোলিকা দহন 2024ৰ বিষয়ে অৱগত কৰিম।

ভৱিষ্যতৰ সৈতে জড়িত যিকোনো সমস্যাৰ সমাধান লাভ কৰিব বিদ্বান জ্যোতিষীসকলৰ সৈতে কথা পাতি
গতিকে আহক এষ্ট্ৰোছেজৰ এই বিশেষ ব্লগটোৰ যোগেদি হোলিকা দহন কিয় কৰা হয় সেই সম্পৰ্কে জানো? লগত জানো আহক ইয়াৰ গুৰুত্ব কি? এইবাৰ হোলিকা দহনৰ সঠিক তাৰিখ আৰু সময় কি? আৰু লগতে সেই দিনা ৰাশি অনুসৰি অগ্নিত কি কি সামগ্ৰী আগবঢ়োৱা উচিত।
এয়াও পঢ়ক: ৰাশিফল 2024
হোলিকা দহন 2024: তিথি আৰু মুহূৰ্ত্ত
হিন্দু পঞ্জিকা অনুসৰি, হোলিকা দহন 2024ৰ বাবে শুভ সময় হৈছে 24 মাৰ্চৰ নিশা 11 বাজি 15 মিনিটৰপৰা 12 বাজি 23 মিনিট পৰ্য্যন্ত। শাস্ত্ৰ অনুসৰি সূৰ্য্যাস্তৰ পিছত হোলিকাৰ পূজা কৰা হয় আৰু সূৰ্যাস্তৰ পিছতহে জ্বলাই দিয়া হয়। সেই দিনা ভদ্ৰাও লাগিব। এই ভদ্ৰা 24 মাৰ্চৰ সন্ধিয়া 06 বাজি 09 মিনিটৰপৰা আৰম্ভ হ'ব আৰু সন্ধিয়া 08 বাজি 09ত মিনিটত সমাপ্ত হ'ব। হোলিকা দহনৰ সময়ত ভদ্ৰাৰ ছাঁয়া নাথাকিব। এনে পৰিস্থিতিত পূজাৰ ক্ষেত্ৰত কোনো বাধা নাথাকে।
হোলিকা দহনৰ মুহূৰ্ত্ত : 24 মাৰ্চৰ ৰাতি 11 বাজি 15 মিনিটৰপৰা 12 বাজি 23 মিনিট পৰ্য্যন্ত
অৱধি: 1 ঘণ্টা 7 মিনিট
ভদ্ৰা পুঞ্চ: 06 বাজি 49 মিনিটৰপৰা 08 বাজি 09 মিনিট পৰ্য্যন্ত
ভদ্ৰা মুখ: 08 বাজি 09 মিনিটৰপৰা 10 বাজি 22 মিনিট পৰ্য্যন্ত
বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ
হোলিকা দহন পালন কৰাৰ আঁৰৰ কাৰণ
হিন্দু ধৰ্মত, এই উৎসৱক অশুভৰ ওপৰত শুভৰ জয় হিচাপে উদযাপন কৰা হয়। জনশ্ৰুতি অনুসৰি, এই দিনটোত ৰাক্ষস ৰজা হিৰণ্যকাশ্যপৰ ভগ্নী হোলিকাই প্ৰহ্লাদক অগ্নিত জ্বলাই দিবলৈ চেষ্টা কৰিছিল, কিন্তু ভগৱান বিষ্ণুৱে ভক্ত প্ৰহ্লাদক সুৰক্ষা দিছিল আৰু সেই জুইত হোলিকাক ভস্ম দিছিল। এনে পৰিস্থিতিত এই দিনটোত অগ্নি দেৱতাৰ পূজা কৰাৰ নিয়ম আছে আৰু সেই জুইত শস্য আৰু বাৰ্লি, মিঠাই আদি ৰখা হয়। হোলিকানৰ ভস্মক অতি পৱিত্ৰ আৰু বিশুদ্ধ হিচাপে গণ্য কৰা হয়। মানুহে হোলিকা দাহ কৰাৰ পিছত নিজৰ ঘৰলৈ ইয়াৰ চিতাভস্ম আনি ঘৰৰ মন্দিৰ বা যিকোনো পবিত্ৰ স্থানত ৰাখে। বিশ্বাস কৰা হয় যে এনে কৰিলে ঘৰত সুখ-সমৃদ্ধি বৰ্ত্তি থাকে আৰু সকলো ধৰণৰ নেতিবাচক শক্তি দূৰ হয়। হিন্দু পঞ্জিকা অনুসৰি, ফাগুন মাহৰ পূৰ্ণিমাৰ নিশা হোলিকা দাহ সম্পন্ন কৰা হয়। এই উৎসৱৰ পিছদিনা, মানুহে ৰঙেৰে হোলী খেলে আৰু ইজনে সিজনৰ গাত ৰং সানে।
কেনেদৰে পালন কৰা হয় হোলিকা
ওপৰত উল্লেখ কৰা অনুসৰি, হোলিকা দহন প্ৰতি বছৰে ফাগুন মাহৰ শুক্ল পক্ষৰ পূৰ্ণিমা তিথিত প্ৰদোষ কালত কৰা হয়। হোলিকাৰ দহন কোনো মুকলি ঠাইত কৰা হয়। ইয়াৰ বাবে, কাঠ গোটোৱা হয় আৰু তাত হোলিকা আৰু ভক্ত প্ৰহ্লাদক শুদ্ধ গোবৰেৰে নিৰ্মাণ কৰি স্থাপন কৰা হয়, যাক গুলাৰী বা বড়কুল্লা নামেৰে জনা যায়। ইয়াৰ পিছত, হোলিকাৰ ওচৰত গোবৰেৰে তৈয়াৰ কৰা ঢাল ৰখা হয় আৰু তাত চাৰিডাল মালা ৰখা হয়, যিবোৰ মল্লি ফুল, গুলাল আৰু গোবৰেৰে তৈয়াৰ কৰা পুতলাৰে নিৰ্মাণ কৰা হয়। ইয়াৰ পিছত, হোলিকা দাহৰ পৱিত্ৰ সময়ত পূজা আৰম্ভ কৰা হয়। ইয়াৰ বাবে গোবৰেৰে নিৰ্মিত ঢালৰ ওপৰত এডাল মালা পূৰ্বপুৰুষৰ নামত উৎসৰ্গিত কৰিব লাগে, দ্বিতীয়ডাল মালা হনুমানজীক অৰ্পণ কৰিব লাগে, তৃতীয়ডাল মালা শীতলা মাতা আৰু চতুৰ্থ মালা ঘৰ-পৰিয়ালৰ বাবে ৰাখিব লাগে।
পাওক আপোনাৰ সোঁৱৰণি আধাৰিত সঠিক শনি প্ৰতিৱেদন
হোলিকা দহনৰ গুৰুত্ব
সনাতন ধৰ্মত হোলিকাৰ বিশেষ গুৰুত্ব আছে। এনে পৰিস্থিতিত, আজিৰ দিনটোত মানুহে তেওঁলোকৰ ঘৰ আৰু জীৱনত সুখ-শান্তি তথা সমৃদ্ধিৰ বাবে হোলিকাৰ পূজা কৰে। বিশ্বাস কৰা হয় যে হোলিকা জ্বলাই, ঘৰৰ পৰা ঋণাত্মক শক্তি দূৰ কৰা হয় আৰু ইতিবাচক শক্তিক আদৰণি জনোৱা হয়। হোলিকা দাহৰ প্ৰস্তুতি কেইবাদিনো পূৰ্বৰেপৰাই আৰম্ভ হয়। মানুহে কাঠ, গোবৰৰ পিঠা আদি সংগ্ৰহ কৰে আৰু তাৰ পিছত হোলিকাৰ দিনা জ্বলাই অশুভৰ ওপৰত শুভৰ জয় উদযাপন কৰে। হোলিকাৰ দহনৰ অগ্নি অতি লাভদায়ক হয়। বিশ্বাস কৰা হয় যে হোলিকা দাহৰ অগ্নিত প্ৰতিটো সমস্যা আৰু অসুবিধা জলি নাইকিয়া হৈ যায়। তদুপৰি, মানুহৰ সকলো মনোকামনা পূৰণ হয় আৰু দেৱ-দেৱীসকলৰ বিশেষ কৃপা লাভ কৰে।
হোলিকা দহনৰ পূজন বিধি আৰু সামগ্ৰী
- হোলিকা দাহৰ দিনা সূৰ্য্যোদয়ৰ আগতে উঠি স্নান কৰক আৰু এই দিনটোত ব্ৰতৰ সংকল্প লওক।
- ইয়াৰ পিছত, হোলিকা য’ত দহন কৰা হ’ব সেই ঠাইখিনি ভালদৰে পৰিষ্কাৰ কৰক আৰু তাত শুকান কাঠ, গোবৰৰ পিঠা আদি একগোট কৰক।
- তাৰ পিছত ঘৰৰ মন্দিৰত মাটিৰে হোলিকা আৰু প্ৰহ্লাদৰ মূৰ্তি নিৰ্মাণ কৰক।
- সন্ধিয়া পুনৰ পূজা কৰক আৰু ইয়াৰ বাবে প্ৰথমে থালীখন সজাই লওক।
- হোলিকাৰ দহনৰ পূজাৰ বাবে এখন থালীত ৰোলি, মালা, অক্ষত, গন্ধ, পুষ্প, ধূপ, গুড়, কেঁচা সূতা, বাটাচা-নাৰিকল আৰু পাঁচবিধ ফল ৰাখক।
- তাৰ পিছত সম্পূৰ্ণ শ্ৰদ্ধাৰে হোলিকাৰ চাৰিওফালে 7, 11 বা 21 বাৰ পৰিক্ৰমা কৰি কেঁচা সূতাডাল ।মেৰিয়াই দিয়ক
- ইয়াৰ পিছত, হোলিকা জ্বলাই দিয়ক আৰু সকলোবোৰ সামগ্ৰী এটা এটাকৈ জুইত ৰাখক আৰু তাৰ পিছত পানীৰে অৰ্ঘ্য দিয়ক। ইয়াৰ পিছত, হোলিকা দাহৰ পিছত পাঁচবিধ ফল আৰু চেনীৰে তৈয়াৰ কৰা খেলনাবোৰ আহুতি হিচাপে উৎসৰ্গা কৰক।
- অৱশেষত হোলিকাত গুলাল দিয়ক।
- ইয়াৰ পিছত, যেতিয়া হোলিকাৰ জুই শান্ত হ’ব তেতিয়া ইয়াৰ চিতাভস্ম নিজৰ ঘৰ বা মন্দিৰত বা কোনো পৰিষ্কাৰ পবিত্ৰ স্থানত ৰাখক।
অনলাইন চফ্টৱেৰৰপৰা বিনামূলীয়া জন্ম কোষ্ঠী লাভ কৰক
হোলিকা দহনৰ দিনা কৰা হয় সংকটমোচন পূজা
হোলিকা দাহৰ দিনা সন্ধিয়া হোলিকাৰ দহন কৰা হয়। এই সময়ছোৱাত, ৰাতি ভগৱান হনুমানৰ পূজা কৰাৰ বিধান আছে। বিশ্বাস কৰা হয় যে যদি এই দিনটোত ভগৱান হনুমানক সম্পূৰ্ণ শ্ৰদ্ধা-ভক্তিৰে পূজা কৰা হয়, তেতিয়া এগৰাকী ব্যক্তিয়ে সকলো ধৰণৰ দুখ-কষ্ট আৰু পাপৰপৰা পৰিত্ৰাণ লাভ কৰে। জ্যোতিষশাস্ত্ৰ অনুসৰি, নতুন সংৱৎসৰৰ ৰজা আৰু মন্ত্ৰী উভয়েই মঙ্গল গ্ৰহ। মঙ্গলৰ কাৰক হৈছে ভগৱান হনুমান। এনে পৰিস্থিতিত যদি হোলিকাৰ দহনৰ দিনা হনুমানজীৰ সৈতে সম্পৰ্কিত কিছুমান উপায় গ্ৰহণ কৰা হয় তেতিয়া মানুহৰ ডাঙৰ ডাঙৰ দুখ-কষ্টও দূৰ হয়। হোলিকা নিশা হনুমানজীৰ পূজা কৰি আৰু সুন্দৰকান্দ পাঠ কৰি এগৰাকী ব্যক্তিয়ে সকলো ক্ষেত্ৰতে উন্নতি প্ৰাপ্ত কৰে।
হনুমান জীৰ পূজা বিধি
- হোলিকা দহনৰ নিশা, প্ৰথমে স্নান কৰিব, পৰিষ্কাৰ বস্ত্ৰ পৰিধান কৰিব আৰু তাৰ পিছত হনুমান মন্দিৰলৈ যাব বা ঘৰৰ মন্দিৰত হনুমানজীৰ সন্মুখত বহি তেওঁৰ পূজা কৰিব।
- পূজা আৰম্ভ কৰাৰ আগতে ভগৱান হনুমানক ৰঙা সেন্দুৰ আৰু ৰজনীগন্ধা তেল আগবঢ়াব।
- এই দিনটোত, হনুমানজীক সেন্দূৰ আগবঢ়াওক। ইয়াৰ পিছত, তেওঁক সম্পূৰ্ণ ৰীতি-নীতিৰে পূজা-আৰাধনা কৰক।
- ভগৱান হনুমানক ৰঙা ফুল অৰ্পণ কৰক।
- ইয়াৰ পিছত, বজৰংবলীক হালধীয়া ৰঙৰ প্ৰসাদ অৰ্পণ কৰক আৰু দেশী ঘিউৰ চাকি জ্বলাওক।
- ইয়াৰ পিছত, হনুমান চালিশা পঢ়ক আৰু আৰতি কৰক।
- হনুমানজীক গুড়-বুট আগবঢ়াওক আৰু তাৰ পিছত ইয়াক প্ৰসাদ হিচাপে মানুহৰ মাজতবিতৰণ কৰক।
- বিশ্বাস কৰা হয় যে হোলীৰ নিশা হনুমান চালিশা আৰু বজৰং বান জপ কৰা উচিত। ইয়াৰ দ্বাৰা, ব্যক্তিয়ে সকলো দুখ-কষ্টৰ পৰা পৰিত্ৰাণ পায়।
বৰ্ষ 2024 ত আপোনাৰ জীৱনলৈ প্ৰেমৰ আগমন ঘটিব নে? প্ৰেম ৰাশিফল 2024 য়ে দিব উত্তৰ
হোলিকা দহন 2024 ৰ দিনা কি কৰিব আৰু কি নকৰিব, ইয়াত জানক
ঘৰ আৰু পৰিয়ালৰ সুখ-সমৃদ্ধিৰ বাবে, হোলিকাৰ দহনৰ দিনা ভুলতেও কিছুমান কাম কৰিব নালাগে আৰু কিছু কাম নিশ্চিতভাৱে কৰিব লাগে। এইবোৰৰ বিষয়ে জানো আহক।
এই কামবোৰ কৰিব নালাগে
- হোলিকা দাহৰ দিনা ঘৰত সুখ-সমৃদ্ধি কামনা কৰা হয়, সেয়েহে এই দিনটোত মাংস আৰু সুৰা পান পৰিহাৰ কৰিব লাগে।
- যদি আপুনি ধন-সম্পত্তি বৃদ্ধি কৰিব বিচাৰে, তেন্তে হোলিকা দাহৰ দিনা যিমানেই ডাঙৰ সমস্যা উদ্ভৱ নহওঁক কিয়, ঋণ দিয়া আৰু লোৱা পৰিহাৰ কৰা উচিত।
- বৃদ্ধসকলক সদায় সন্মান কৰা উচিত আৰু অপমান কৰা উচিত নহয়, বিশেষকৈ হোলিকাৰ দিনা, বৃদ্ধ লোকক অপমান কৰাটো পৰিহাৰ কৰিব লাগে।
- সম্ভৱ হ'লে হোলিকানৰ দিনা আন কাৰোবাৰ ঘৰত খাদ্য খোৱাটো পৰিহাৰ কৰিব
- বিশ্বাস কৰা হয় যে বহু প্ৰকাৰৰ নেতিবাচক শক্তি হোলিকাৰ দাহৰ দিনা ঘূৰি থাকে, সেয়েহে মহিলাসকলে এই দিনটোত চুলি মেলি ৰাখিব নালাগে আৰু বান্ধি ৰাখিব লাগে।
- যদি কোনো মহিলা গৰ্ভৱতী হয় তেন্তে তেওঁ হোলিকাৰ দহনৰ দিনা হোলিকাৰ পৰিক্ৰমা কৰিব নালাগে।
এই কামবোৰ নিশ্চয় কৰক
হোলিকা দহনৰ পিছত, আপুনি আপোনাৰ গোটেই পৰিয়ালৰ সৈতে মিলি চন্দ্ৰ দেৱতাৰ দৰ্শন কৰা উচিত। এনে কৰাৰ দ্বাৰা, অকাল মৃত্যুৰ ভয় দূৰ হয়।
ইয়াৰ বাহিৰেও, হোলিকা দহনৰ পূৰ্বে হোলিকাক সাত বা এঘাৰবাৰ পৰিক্ৰমা কৰিব লাগে আৰু ইয়াত মিঠাই, পিঠা, ইলাচী, লং, শস্য আদি সামগ্ৰী ৰাখিব লাগে, ই পৰিয়ালৰ সুখ-শান্তি বৃদ্ধি কৰে।
হোলিকা দহনত ৰাশি অনুসৰি দিয়ক আহুতি
জ্যোতিষ শাস্ত্ৰ অনুসৰি, হোলিকাৰ দহনত সদায় ৰাশি অনুসৰি আহুতি দিব লাগে, যাতে জীৱনত সুখ- সম্পদৰ উপৰিও শান্তি বৰ্ত্তি থাকে। আহক, হোলিকা দহনত কোন ৰাশিৰ ব্যক্তিয়ে কি সামগ্ৰী অগ্নিত আহুতি দিয়াটো শুভ বুলি গণ্য কৰা হয় সেই সম্পৰ্কে জানো:
মেষ ৰাশি
হোলিকা দহন 2024 অনুসৰিমেষ ৰাশিৰ লোকসকলে হোলিকাৰ দহনত গুড় আহুতি দিব লাগে। ই আপোনাৰ বাবে ভাগ্যৱান প্ৰমাণিত হ'ব।
বৃষ ৰাশি
বৃষ ৰাশিৰ লোকসকলে হোলিকাৰ দহনত বাটাছা আহুতি দিয়া উচিত। অনে কৰাৰ দ্বাৰা আপুনি লাভান্বিত হ'ব।
মিথুন ৰাশি
মিথুন ৰাশিৰ লোকসকলে হোলিকা দাহত কৰ্পূৰ আহুতি দিব লাগে। এনে কৰাৰ দ্বাৰা আপুনি শুভ ফলাফল পাব।
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ জাতকসকলে হোলিকাৰ অগ্নিত চেনী আহুতি দিয়া উচিত। এনে কৰাৰ দ্বাৰা, আপোনাৰ সকলো কাম সম্পন্ন হ'ব।
বৰ্ষ 2024 मेंত কেনে থাকিব আপোনাৰ স্বাস্থ্য? স্বাস্থ্য ৰাশিফল 2024 ৰপৰা লাভ কৰক উত্তৰ
সিংহ ৰাশি
সিংহ ৰাশিৰ লোকসকলৰ বাবে গুড় আহুতি দিয়াটো লাভজনক হ'ব। এনে কৰাৰ দ্বাৰা, আপোনাৰ সকলো ইচ্ছা পূৰণ হ'ব।
কন্যা ৰাশি
হোলিকা দহন 2024 তকন্যা ৰাশিৰ লোকসকলে কৰ্পূৰ আহুতি দিয়া উচিত। এনে কৰাৰ দ্বাৰা, আপোনাৰ ঘৰত ইতিবাচক শক্তি বৰ্ত্তি থাকিব।
তুলা ৰাশি
অক্ষতৰ আহুতি দিয়াটো তুলা ৰাশিৰ লোকসকলৰ বাবে লাভজনক প্ৰমাণিত হ'ব। এনে কৰাৰ দ্বাৰা, আপুনি ব্যৱসায় আৰু কৰ্মক্ষেত্ৰ দুয়োটাতে উন্নতি লাভ কৰিব।
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ লোকসকলে শুকান নাৰিকল আগবঢ়াব লাগে। এনে কৰাৰ দ্বাৰা, ভগৱান বিষ্ণুৱে আপোনাৰ ওপৰত বিশেষ আশীৰ্বাদ প্ৰদান কৰিব।
ধনু ৰাশি
ধনু ৰাশিৰ লোকসকলে হোলিকাৰ দহনত হালধীয়া সৰিয়হ আহুতি দিব লাগে। যদি আপুনি সন্তানহীন আৰু সন্তানৰ কামনা কৰে, তেনেহ'লে আপুনি এইক্ষেত্ৰত সফলতা লাভ কৰিব।
মকৰ ৰাশি
মকৰ ৰাশিৰ লোকসকলেহোলিকা দহন 2024 তহোলিকাৰ অগ্নিত লং আগবঢ়াব লাগে। এনে কৰাৰ দ্বাৰা, আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত লাভান্বিত হ'ব আৰু আপোনাৰ বিত্তীয় পৰিস্থিতি দ্ৰুতগতিত উন্নত হ'ব।
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ লোকসকলে হোলিকাৰ জুইত ক'লা তিল ছটিয়াব লাগে। এনে কৰাৰ দ্বাৰা, আপুনি গ্ৰহদোষৰপৰা পৰিত্ৰাণ লাব কৰিব।
মীন ৰাশি
মীন ৰাশিৰ লোকসকলে হোলিকা অগ্নিত সৰিয়হ দিব লাগে। আপোনাৰ ঘৰলৈ তেতিয়া সুখ-সমৃদ্ধি আহিব আৰু আপুনি প্ৰতিটো প্ৰত্যাহ্বান সহজে অতিক্ৰম কৰিবলৈ সক্ষম হ'ব।
সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: অনলাইন শ্বপিং ষ্টোৰ
আমি আশা ৰাখিছোঁ যে আপুনি আমাৰ এই প্ৰৱন্ধটো নিশ্চয় ভাল পাইছে। যদিহে ভাল পাইছে তেনেহ’লে আপোনাৰ অন্য শুভাকাংক্ষীসকলকো এই প্ৰৱন্ধটোৰ কথা জনাওক। ধন্যবাদ
Astrological services for accurate answers and better feature
Astrological remedies to get rid of your problems

AstroSage on MobileAll Mobile Apps
- Shukraditya Rajyoga 2025: 3 Zodiac Signs Destined For Success & Prosperity!
- Sagittarius Personality Traits: Check The Hidden Truths & Predictions!
- Weekly Horoscope From April 28 to May 04, 2025: Success And Promotions
- Vaishakh Amavasya 2025: Do This Remedy & Get Rid Of Pitra Dosha
- Numerology Weekly Horoscope From 27 April To 03 May, 2025
- Tarot Weekly Horoscope (27th April-3rd May): Unlocking Your Destiny With Tarot!
- May 2025 Planetary Predictions: Gains & Glory For 5 Zodiacs In May!
- Chaturgrahi Yoga 2025: Success & Financial Gains For Lucky Zodiac Signs!
- Varuthini Ekadashi 2025: Remedies To Get Free From Every Sin
- Mercury Transit In Aries 2025: Unexpected Wealth & Prosperity For 3 Zodiac Signs!
- अक्षय तृतीया से सजे इस सप्ताह में इन राशियों पर होगी धन की बरसात, पदोन्नति के भी बनेंगे योग!
- वैशाख अमावस्या पर जरूर करें ये छोटा सा उपाय, पितृ दोष होगा दूर और पूर्वजों का मिलेगा आशीर्वाद!
- साप्ताहिक अंक फल (27 अप्रैल से 03 मई, 2025): जानें क्या लाया है यह सप्ताह आपके लिए!
- टैरो साप्ताहिक राशिफल (27 अप्रैल से 03 मई, 2025): ये सप्ताह इन 3 राशियों के लिए रहेगा बेहद भाग्यशाली!
- वरुथिनी एकादशी 2025: आज ये उपाय करेंगे, तो हर पाप से मिल जाएगी मुक्ति, होगा धन लाभ
- टैरो मासिक राशिफल मई: ये राशि वाले रहें सावधान!
- मई में होगा कई ग्रहों का गोचर, देख लें विवाह मुहूर्त की पूरी लिस्ट!
- साप्ताहिक राशिफल: 21 से 27 अप्रैल का ये सप्ताह इन राशियों के लिए रहेगा बहुत लकी!
- अंक ज्योतिष साप्ताहिक राशिफल (20 अप्रैल से 26 अप्रैल, 2025): जानें इस सप्ताह किन जातकों को रहना होगा सावधान!
- टैरो साप्ताहिक राशिफल : 20 अप्रैल से 26 अप्रैल, 2025
- Horoscope 2025
- Rashifal 2025
- Calendar 2025
- Chinese Horoscope 2025
- Saturn Transit 2025
- Jupiter Transit 2025
- Rahu Transit 2025
- Ketu Transit 2025
- Ascendant Horoscope 2025
- Lal Kitab 2025
- Shubh Muhurat 2025
- Hindu Holidays 2025
- Public Holidays 2025
- ராசி பலன் 2025
- రాశిఫలాలు 2025
- ರಾಶಿಭವಿಷ್ಯ 2025
- ਰਾਸ਼ੀਫਲ 2025
- ରାଶିଫଳ 2025
- രാശിഫലം 2025
- રાશિફળ 2025
- రాశిఫలాలు 2025
- রাশিফল 2025 (Rashifol 2025)
- Astrology 2025