অংক জ্যোতিষ - Numerology In Assamese (30 জুন- 06 জুলাই, 2024)

ৰূট নম্বৰ বা মূলাংক জানিবৰ বাবেঅংক জ্যোতিষ -তজন্ম তাৰিখক একক সংখ্যালৈ পৰিৱৰ্তিত কৰা হয়।মূলাংক 1 ৰপৰা 9 অংকৰ ভিতৰত যিকোনো হ’ব পাৰে, উদাহৰণস্বৰূপে- যদিহে আপোনাৰ জন্ম কোনো মাহৰ 12 তাৰিখে হৈছে তেনেহ’লে আপোনাৰ মূলাংক 1+2 অৰ্থাৎ3 হ’ব। এইদৰে আপুনি নিজৰ মূলাংক নিৰ্দ্ধাৰণ কৰিব পাৰে আৰু মূলাংক আধাৰিত ভৱিষ্যতফলৰপৰা সাপ্তাহিক ৰাশিফল জানিব পাৰে।

অংক জ্যোতিষ সাপ্তাহিক ৰাশিফল

পৃথিৱীৰ বিদ্বান জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক/চাট্ কৰক আৰু জানক আপোনাৰ ভৱিষ্যতৰ সৈতে জড়িত সকলো তথ্য

জানক আপোনাৰ মূলাংক আধাৰিত সাপ্তাহিক ৰাশিফল

নিউমেৰ’লজী বা অংক জ্যোতিষ -য়ে আমাৰ জীৱনত যথেষ্ট গভীৰ প্ৰভাৱ পেলায় কিয়নো আমাৰ জন্ম তাৰিখ অংকৰদ্বাৰাই গঠিত। আমি আপোনাক পূৰ্বে কোৱাৰ দৰেই কোনো ব্যক্তিৰ মূলাংক হৈছে তেওঁৰ জন্ম তাৰিখৰ একক অংক। এই অংকসমূহৰ ওপৰত ভিন ভিন গ্ৰহৰ প্ৰভাৱ থাকে।

1 অংকৰ ওপৰত সূৰ্য্য দেৱতাৰ আধিপত্য থাকে আৰু 2 অংকৰ ওপৰত চন্দ্ৰমাৰ আধিপত্য থাকে, 3 ৰ ওপৰত দেৱ গুৰু বৃহস্পতিৰ, 4ৰ ওপৰত ৰাহুৰ, 5 ৰ ওপৰত বুধৰ, 6 ৰ ওপৰত শুক্ৰ দেৱতাৰ, 7ৰ ওপৰত কেতুৰ, 8 ৰ ওপৰত শনিৰ আৰু 9 অংকৰ ওপৰত মঙ্গল গ্ৰহৰ আধিপত্য থাকে। এই গ্ৰহসমূহৰ পৰিবহনৰ ফলস্বৰূপে জাতকসকলৰ জীৱনলৈ বহুতো পৰিৱৰ্তন আহে আৰু এই গ্ৰহবোৰৰদ্বাৰা শাসিত অংকসমূহে আমাৰ জীৱনত গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰে।

তেনেহ’লে আহক আগবাঢ়ি যাওঁ আৰু মূলাংক অনুসৰি 30 জুনৰপৰা 6 জুলাই পৰ্য্যন্ত সময়খিনি আপোনাৰ বাবে কেনে হ’ব জানো আহক।

অংকজ্যোতিষ সাপ্তাহিক ৰাশিফল 30 জুন - 06 জুলাই, 2024

মূলাংক 1

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 1, 10, 19 বা 28 তাৰিখে হৈছে)

অংক জ্যোতিষ অনুসৰিমূলাংক 1 ৰ অধীনত জন্ম গ্ৰহণ কৰা জাতকসকল সাধাৰণতে নিজৰ জীৱনত অধিক পেছাদাৰী মনোভাৱৰ হয় আৰু ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰি তাত অটল হৈ থকাৰ সাহস প্ৰদৰ্শন কৰে।

প্ৰেম জীৱন: এই সপ্তাহত আপোনাৰ সম্পৰ্কত আপোনাৰ মিলিজুলি থকাৰ স্বভাৱ আৰু জীৱনসঙ্গীৰ প্ৰতি আপোনাৰ দায়ৱদ্ধতাই জীৱনলৈ সুখ-আনন্দ কঢ়িয়াই আনিব।

শিক্ষা: এই সপ্তাহটো প্ৰশাসনিক চাকৰি যেনে লোক সেৱা বা কোনো ধৰণৰ চৰকাৰী চাকৰিৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি কৰি থকা শিক্ষাৰ্থীসকলৰ বাবে ভাল হ’ব।

বৃত্তিগত জীৱন: আপুনি অধিকাৰী পদত নতুন সুযোগ লাভ কৰিব পাৰে। আপুনি চৰকাৰ বা উচ্চ অধিকাৰীৰপৰা লাভ প্ৰাপ্ত কৰাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আপোনাৰ মাজত এক উদ্যম দেখা পোৱা যাব আৰু আপোনাৰ নেতৃত্ব দিয়াৰ গুণে প্ৰশংসা লাভ কৰিব।

স্বাস্থ্য: স্বাস্থ্যৰ দৃষ্টিকোণৰপৰা এই সপ্তাহটো আপোনাৰ বাবে যথেষ্ট অনুকূল হ’ব। আপোনাৰ ৰোগ প্ৰতিৰোধক ক্ষমতা আৰু শাৰীৰিক শক্তি অত্যন্ত ভাল হ’ব।

উপায়: প্ৰদিতিনে 19 বাৰ 'ঔঁ ভাস্কৰায় নমঃ' মন্ত্ৰ জপ কৰক।

মূলাংক 2

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 2, 11, 20 বা 29 তাৰিখে হৈছে)

মূলাংক 2 ৰ অধীনত জন্ম গ্ৰহণ কৰা জাতকসকলে সাধাৰণতে নিজৰ পৰিয়ালৰ লোক আৰু প্ৰিয়জনৰ সৈতে আৱেগিক যুক্তি-তৰ্কত লিপ্ত হৈ তেওঁলোকৰ বাবে সমস্যা উৎপন্ন কৰিব পাৰে।

প্ৰেম জীৱন: অংক জ্যোতিষ অনুসৰিএই সপ্তাহত যিমান পাৰে নিজৰ জীৱনসঙ্গীৰ সৈতে তৰ্কত লিপ্ত হোৱাটো বা তেওঁৰ ওপৰত কোনো ধৰণৰ চাপ প্ৰদান কৰাটো পৰিহাৰ কৰক। যদিহে কোনো সমস্যা আছে তেনেহ’লে নিজৰ জীৱনসঙ্গীৰ সৈতে মুকলিকৈ আলোচনা কৰক আৰু তেওঁক বুজাবলৈ চেষ্টা কৰক।

শিক্ষা: এই সপ্তাহত আপুনি নিজৰ পঢ়া-শুনাত মনোযোগ কেন্দ্ৰিত কৰি ৰাখিবৰ বাবে অধিক প্ৰয়াস কৰাৰ প্ৰয়োজন হ’ব কিয়নো উচ্চাকাংক্ষাৰ ফলস্বৰূপে আপোনাৰ ধ্যান ভংগ হ’ব পাৰে যাৰ ফলস্বৰূপে আপোনাৰ জীৱনলৈ সমস্যা আৰু লক্ষ্য প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত বিফলতা আহিব পাৰে।

বৃত্তিগত জীৱন: এই মূলাংকৰ যিসকল জাতক ব্যৱসায়ৰ ক্ষেত্ৰৰ সৈতে জড়িত তেওঁলোকৰ বাবে এইখিনি সময় অনুকূল হ’ব কাৰণ আপোনাৰ ওচৰত সঠিক ৰণনীতি থাকিব আৰু আপোনাৰ প্ৰচেষ্টাই ভাল ফলাফলো কঢ়িয়াই আনিব যাৰ ফলত আপুনি লাব প্ৰাপ্ত কৰিব আৰু লগতে মান-সন্মান তথা প্ৰতিষ্ঠা বৃদ্ধি হ’ব।

স্বাস্থ্য: স্বাস্থ্যৰ ক্ষেত্ৰত দেখা গৈছে যে এই সময়খিনি লু -ৰ ফলস্বৰূপে আপুনি কিছুমান স্বাস্থ্যজনিত সমস্যাৰ সম্মুখীন হ’ব পাৰে সেয়েহে আপোনাক পৰামৰ্শ প্ৰদান কৰা হৈছে যে নিজকে যিমান পাৰে হাইড্ৰেট কৰি ৰাখক, অধিক মাত্ৰাত তৰল পদাৰ্থ সেৱন কৰক।

উপায়: সোমবাৰে চন্দ্ৰ গ্ৰহৰ বাবে 6 মাহৰ পূজা কৰক।

বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ

মূলাংক 3

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 3, 12, 21 বা 30 তাৰিখে হৈছে)

মূলাংক 3 ৰ জাতকসকল সাধাৰণতে বহল মনৰ অধিকাৰী হয়। লগতে এই লোকসকল অধিক আধ্যাত্মিক প্ৰকৃতিৰ হয় আৰু এই নীতিক আঁকোৱালি লৈ তেওঁলোকে নিজৰ মানসিক স্থিতি সুসংগত কৰি ৰাখিবলৈ সক্ষম হয়।

প্ৰেম জীৱন: এই সপ্তাহত আপোনাৰ সম্মুখলৈ কোনো প্ৰতিশ্ৰুতিৱদ্ধতা বা সম্পৰ্কত প্ৰৱেশ কৰাৰ সম্ভাৱনা আহিব পাৰে কিন্তু আপোনাক পৰামৰ্শ পৰ্দান কৰা হৈছে যে আপুনি নিজৰ বুদ্ধিমত্তাৰ প্ৰয়োগ কৰা উচিত আৰু কেৱল আৱেগত উটি-ভাঁহি গৈ সিদ্ধান্ত গ্ৰহণ কৰাটো ভাল নহ’ব।

শিক্ষা: অংক জ্যোতিষ অনুসৰিএই মূলাংকৰ যিসকল শিক্ষাৰ্থীয়ে স্নাতকোত্তৰ বা পিএইডিৰ বাবে উচ্চ শিক্ষাৰ পৰিকল্পনা কৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহটো যথেষ্ট ভাল হ’ব। আপুনি নিজৰ জীৱনত আগবাঢ়ি যোৱাৰ দিশ প্ৰাপ্ত কৰিব, জীৱনৰ সকলো ভ্ৰমৰ অন্ত পৰিব আৰু আপুনি নিজৰ লক্ষ্যৰ প্ৰতি অধিক স্পষ্ট হ’ব।

বৃত্তিগত জীৱন: আপুনি নিজৰ চাকৰিৰ ক্ষেত্ৰত পদোন্নতি লাভ কৰিব। চাকৰিত আপোনাৰ দক্ষতা বৃদ্ধি পাব। যদিহে আপুনি ব্যৱসায় কৰে তেনেহ’লে ব্যৱসায়ী মণ্ডল আৰু সহযোগীসকলৰ মাজত নিজৰ প্ৰতিষ্ঠা বৃদ্ধি কৰাৰ বাবে এয়া সঠিক সময়।

স্বাস্থ্য়: শেষত স্বাস্থ্যৰ ক্ষেত্ৰত ক’ব পাৰি যে এই সপ্তাহটোত মূলাংক 3 ৰ জাতকসকলক ধ্যান আৰু যোগাভ্যাসৰ দৰে কিছুমান আধ্যাত্মিক কাৰ্য্যকলাপত নিয়োজিত হোৱা দেখা যাব যাৰ ফলত আপোনাৰ শৰীৰ আৰু আত্মাত অনুকূল পৰিণাম পৰিলক্ষিত হ’ব।

উপায়: দৈনিক 21 বাৰ 'ঔঁ গুৰুৱে নমঃ' মন্ত্ৰ জপ কৰক।

মূলাংক 4

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 4, 13, 22 বা 31 তাৰিখে হৈছে)

মূলাংক 4 ৰ জাতকসকলে দীঘলীয়া দূৰত্বৰ যাত্ৰা কৰিবলৈ অধিক পছন্দ কৰে আৰু তেওঁলোক এই যাত্ৰাবোৰৰপৰা লাভাম্বিতও হয় আৰু আপোনাৰ উদ্দেশ্য পূৰণো হয়।

প্ৰেম জীৱন: এই সপ্তাহত প্ৰৱল সম্ভাৱনা দেখা গৈছে যে আপুনি কোনো প্ৰতিশ্ৰুতি বা সম্পৰ্কত প্ৰৱেশ কৰিব পাৰে কিন্তু আপোনাক পৰামৰ্শ প্ৰদান কৰা হৈছে যে যাতে আপুনি নিজৰ পৰিপক্কতাৰ প্ৰয়োগ কৰে আৰু আৱেগত উটি-ভাঁহি নাযায় যেন।

শিক্ষা: যদিহে আপুনি উচ্চ শিক্ষা বা বিদেশত অধ্যয়নৰ সুযোগৰ সন্ধানত আছে তেনেহ’লে আপোনাৰ এই আকাংক্ষা এই সপ্তাহত পূৰণ নহব’ও পাৰে।

বৃত্তিগত জীৱন: যদিহে আপুনি চাকৰিয়াল লোক তেনেহ’লে আপুনি যি কাম কৰে সেই কামত আপুনি নিজৰ উৎকৃষ্ট প্ৰদৰ্শন কৰিব নোৱাৰিব পাৰে। যদিহে আপুনি ব্যৱসায়ৰ ক্ষেত্ৰৰ সৈতে জড়িত তেনেহ’লে এইখিনি সময়ত উচ্চ লাভ প্ৰাপ্ত কৰাৰ সম্ভাৱনা যথেষ্ট কম দেখা যায়।

স্বাস্থ্য: অংক জ্যোতিষ অনুসৰিস্বাস্থ্যৰ ক্ষেত্ৰত দেখা গৈছে যে অধিক তেলত ভজা খাদ্য় আৰু বাহি খাদ্য ভোজন কৰাৰ ফলত আপোনাৰ ছালৰ সমস্যা হ’ব পাৰে। এনে পৰিস্থিতিত আপুনি যিমান পাৰে তেলত ভজা খাদ্য পৰিহাৰ কৰা উচিত।

উপায়: দুৰ্গা চালিশা পাঠ কৰ।

পাওক আপোনাৰ সোঁৱৰণি আধাৰিত সঠিক শনি প্ৰতিৱেদন

মূলাংক 5

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 5, 14 বা 23 তাৰিখে হৈছে)

মূলাংক 5 ৰ জাতকসকলক কিতাপ-পত্ৰ অধ্যয়ন কৰি বা আন যিকোনো অধ্য়য়নৰ জৰিয়তে সদায় নিজৰ জ্ঞান বৃদ্ধি কৰিবলৈ প্ৰয়াস কৰা দেখা যায়। ইয়াৰ উপৰিওঅংক জ্যোতিষ অনুসৰিদেখা যায় যেএই সপ্তাহত এই লোকসকলৰ মানসিকতা অধিক আধ্যাত্মিক হ’ব আৰু নিজস্ব সৃজনীশীল শক্তিৰো বৃদ্ধি কৰিব পাৰিব।

প্ৰেম জীৱন: এই সপ্তাহত আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে সামাজিক আচৰণ ভালে ৰখা দেখা যাব। ইয়াৰ ফলত সম্পৰ্কত নৈতিক মূল্যবোধ বৃদ্ধি হোৱা দেখা যাব যাৰ ফলত আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজৰ ঘনিষ্ঠতা বৃদ্ধি হ’ব।

শিক্ষা: এই সপ্তাহত আপুনি ব্যৱসায়িক অধ্যয়ন যেনে ফাইনেন্সিয়েল একাউণ্টিং, কষ্টিং আৰু মেনেজমেণ্টৰ সৈতে জড়িত অধ্যয়ন কৰাৰ ক্ষেত্ৰত ভাল স্থিতিত থাকিব। আপুনি ভাল নম্বৰ লাভ কৰিবলৈ আৰু সেইক্ষেত্ৰত পেছাদাৰী মানদণ্ড স্থাপন কৰিবলৈ সক্ষম হ’ব।

বৃত্তিগত জীৱন: চাকৰিৰ ক্ষেত্ৰত আপুনি ভাল প্ৰদৰ্শন কৰিব আৰু অধিক উপাৰ্জন কৰিব পাৰিব। আনহাতে যদিহে আপুনি ব্যৱসায়ৰ লগত জড়িত তেনেহ’লে দেখা যায় আপুনি যিয়েই কৰে তাতেই যুক্তিৰ সন্ধান কৰাত আপুনি সক্ষম হ’ব আৰু ইয়াক আপুনি নিজৰ ব্যৱসায়ত প্ৰয়োগ কৰিব পাৰিব আৰু ভাল লাভো প্ৰাপ্ত কৰিব পাৰিব।

স্বাস্থ্য: স্বাস্থ্যৰ দিশত দেখা যায় আপোনাৰ ভিতৰত থকা উৎসাহ আৰু উদ্যমৰ বাবে এই সপ্তাহত আপোনাৰ স্বাস্থ্য ভালে থাকিব। আপোনাৰ সৰু-সুৰা মূৰৰ বিষ আৰু ক্লান্তিৰ সমস্যাই দেখা দিব পাৰে।

উপায়: প্ৰতিদিনে কাউৰীক গুড় খাবলৈ দিয়ক।

মূলাংক 6

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 6, 15 বা 24 তাৰিখে হৈছে)

মূলাংক 6 ৰ জাতকসকলৰ মনোৰঞ্জনৰ প্ৰতি অধিক আগ্ৰহ থাকে আৰু আনৰ মনোৰঞ্জন কৰাৰ বাবে তেওঁলোক সদা প্ৰস্তুত হৈ থাকে। তেওঁলোকৰ জীৱনৰ লক্ষ্য সদায় উচ্চ হয় আৰু উচিত মানদণ্ড তেওঁলোকে নিৰ্দ্ধাৰণ কৰে।

প্ৰেম জীৱন: এই সপ্তাহত আপুনি নিজৰ জীৱনসঙ্গীৰ স্বাস্থ্য আৰু আৱেগিক প্ৰয়োজনৰ প্ৰতি অধিক মনোযোগ দিব লাগিব কিয়নো যদিহে আপুনি এই প্ৰয়োজনীয়তাবোৰক উপেক্ষা কৰে তেনেহ’লে ইয়াৰ ঋণাত্মক প্ৰভাৱে আপোনাৰ সম্পৰ্ক বেয়া কৰিব পাৰে।

শিক্ষা: অংক জ্যোতিষ অনুসৰিএই সপ্তাহত আপুনি নিজৰ অধ্যয়নৰ ক্ষেত্ৰত অধিক একাগ্ৰতা প্ৰদৰ্শন কৰাৰ প্ৰয়োজন হ’ব। এই সপ্তাহত আপুনি যি অধ্যয়ন কৰিব সেয়া মনত ৰাখিব নোৱাৰিব আৰু ই আপোনাৰ বাবে বাধা হিচাপে ক্ৰিয়া কৰিব।

বৃত্তিগত জীৱন: যদিহে আপুনি চাকৰি কৰে তেনেহ’লে আপুনি কামত অধিক দক্ষতা প্ৰদৰ্শন কৰিব নোৱাৰিব পাৰে। যদিহে আপুনি ব্যৱসায় কৰে তেনেহ’লে আপুনি নিজৰ ব্যৱসায়ত সময়সীমা নিৰ্দ্ধাৰণ কৰিব নোৱাৰিব পাৰে, উচ্চ লক্ষ্য প্ৰাপ্ত কৰিব নোৱাৰিব পাৰে আৰু ইয়াৰ বাবে অধিক লাভ অৰ্জন কৰাতো বিফল হ’ব পাৰে।

স্বাস্থ্য: এই সপ্তাহত হাড়ৰ সৈতে জড়িত কোনো সমস্যা যেনে গাঁঠিৰ বিষ অথবা চকুৰ সৈতে জড়িত সমস্যাই আপোনাক আমনি কৰিব পাৰে।

উপায়: প্ৰতিদিনে 24 বাৰ 'ঔঁ শুক্ৰায় নমঃ' মন্ত্ৰ জপ কৰক।

কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন

মূলাংক 7

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 7, 16 বা 25 তাৰিখে হৈছে)

অংক জ্যোতিষ অনুসৰিমূলাংক 7 ৰ জাতকসকলৰ ওচৰত জীৱনত বিজয় প্ৰাপ্ত কৰিবৰ বাবে সকলো ধৰণৰ দক্ষতা মজুত থাকে। লগতে আপুনি শীৰ্ষস্থানত উপনীত হ’বৰ বাবে এই দক্ষতাসমূহৰ প্ৰয়োগ কৰিব পাৰে।

প্ৰেম জীৱন: আপুনি নিজৰ খং আৰু অহংকাৰৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব। অন্যথা ইয়াৰ নেতিবাচক প্ৰভাৱ আপোনাৰ সম্পৰ্কৰ ওপৰত পৰিব পাৰে।

শিক্ষা: যদিহে আপুনি ৰাজনীতি, বিজ্ঞা, মানৱ সংস্থান, ইতিহাস আদি বিষয়ৰ সৈতে জড়িত তেনেহ’লে আপুনি নিশ্চিতভাৱে উন্নতি লাভ কৰিব কিন্তু আপুনি অধিক একাগ্ৰতা প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত কিছুমান বাধাৰ সম্মুখীন হ’ব পাৰে।

বৃত্তিগত জীৱন: যদিহে আপুনি চাকৰি কৰে তেনেহ’লে চাকৰিৰ ক্ষেত্ৰত কিছুমান সমস্যা আহিব পাৰে আৰু এই বাধাসমূহ আপুনি সহকৰ্মীৰপৰা লাভ কৰিব পাৰে। যদিহে আপুনি ব্যৱসায়িক ক্ষেত্ৰৰ সৈতে জড়িত তেনেহ’লে অধিক লাভ প্ৰাপ্ত কৰিবৰ বাবে এই সপ্তাহটো কিছু কম অনুকূল হ’ব পাৰে।

স্বাস্থ্য: এই সপ্তাহত আপোনাৰ স্বাস্থ্য সিমান অনুকূল নাথাকিব। আপুনি ছালৰ এলাৰ্জি আৰু চাণবাৰ্ণৰ সমস্যাত ভূগিব পাৰে। ৰোগ প্ৰতিৰোধক ক্ষমতা হ্ৰাস হোৱা দেখা যাব যাৰ ফলস্বৰূপে আপুনি নিজৰ সুস্বাস্থ্য অটুত ৰাখিব নোৱাৰিব পাৰে।

উপায়: হনুমান জীক ৰঙা ৰঙৰ ফুল অৰ্পণ কৰক।

মূলাংক 8

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 8, 17 বা 26 তাৰিখে হৈছে)

মূলাংক 8 ৰ অধীনত জন্ম গ্ৰহণ কৰা জাতকসকল নিজৰ কামৰ প্ৰতি সদায় সতৰ্কৱান হৈ থাকে আৰু এই সপ্তাহত একাগ্ৰতাৰ বাবে নিজৰ মনোযোগ প্ৰদান কৰে।অংক জ্যোতিষ অনুসৰিএই সপ্তাহত এইসকল জাতকে সামগ্ৰিকভাৱে অধিক যাত্ৰা কৰিবলগীয়া হ’ব পাৰে।

প্ৰেম জীৱন: এই সপ্তাহত জীৱনসঙ্গীৰ সৈতে অযথা যুক্তি-তৰ্ক হোৱাৰ আশংকা কৰা হৈছে আৰু ইয়াৰ কাৰণে আপোনালোক দুয়োৰে মাজত আকৰ্ষণৰ অভাৱ অনুভূত হ’ব পাৰে আৰু পৰিয়ালত বিবাদৰ সূত্ৰপাত হ’ব পাৰে। ইয়াৰ ফলত আপোনাৰ জীৱনসঙ্গীৰ সৈতে সম্পৰ্কত পৰিপক্কতা আৰু আস্থাৰ অভাৱ অনুভৱ হ’ব পাৰে।

শিক্ষা: এই সপ্তাহত অধ্যয়নত আপোনাৰ আগ্ৰহ হ্ৰাস পাব পাৰে আৰু ইয়াৰ ফলস্বৰূপে আপোনাৰ একাগ্ৰতা হ্ৰাস পাব পাৰে সেয়েহে নিজ আয়ত্বৰ ক্ষমতা বৃদ্ধি কৰিবৰ বাবে আৰু অধ্যয়নত নিজৰ লক্ষ্য প্ৰাপ্ত কৰিবৰ বাবে অধিক পেছাদাৰী মনোভাৱৰ বিকাশ কৰাটো এই সপ্তাহত আপোনাৰ বাবে জৰুৰী হ’ব।

বৃত্তিগত জীৱন: যদিহে আপুনি চাকৰিয়াল লোক তেনেহ’লে আপুনি বৰ্তমানৰ চাকৰি আৰু তাৰ চাৰিওফালৰ পৰিৱেশত সন্তুষ্ট নাথাকিব পাৰে। যদিহে আপুনি ব্যৱসায়িক ক্ষেত্ৰৰ সৈতে জড়িত তেনেহ’লে আপুনি প্ৰতিদ্বন্দীসকলৰপৰা কঠোৰ প্ৰতিদ্বন্দিতাৰ সম্মুখীন হ’ব পাৰে আৰু লাভ বৃদ্ধি কৰিবৰ বাবে এক ভাল ব্যৱসায়ৰ ৰূপত প্ৰতিষ্ঠা লাভকৰাৰ সম্ভাৱনা এই সপ্তাহত কম দেখা যায়।

স্বাস্থ্য : এই সপ্তাহত আপোনাৰ ভৰি আৰু উৰুৰ বিষ হ’ব পাৰে। আপোনাৰ ভিতৰত ৰোগ প্ৰতিৰোধ ক্ষমতাৰ অভাৱৰ বাবে এনে হোৱাৰ সম্ভাৱনা আছে।

উপায়: শনিবাৰে দিব্যাংগ লোকক দৈ ভাত দান কৰক।

সোঁৱৰণিত আছে নেকি ৰাজযোগ? ৰাজযোগ প্ৰতিৱেদন ৰপৰা লাভ কৰক উত্তৰ

মূলাংক 9

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 9, 18 বা 27 তাৰিখে হৈছে)

মূলাংক 9 ৰ জাতকসকলে কাম আৰু ব্যৱসায়ত ভাল সফলতা আৰু জনপ্ৰিয়তা অৰ্জন কৰিব পাৰে, লগতে সমাজত আপোনাৰ মান-সন্মান তথা খ্যাতি বৃদ্ধি হ’ব। এই জাতকসকলৰ নেতৃত্ব দিয়াৰ আৰু সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষমতা যথেষ্ট ভাল হয় যি সকলো লোককে প্ৰভাৱিত কৰিব পাৰে।

প্ৰেম জীৱন: আপোনাৰ মনলৈ আপোনাৰ জীৱনসঙ্গীৰ প্ৰতি ক্ৰোধ আৰু অহংকাৰৰ সমস্যা আহিব পাৰে যাৰ প্ৰত্যক্ষ প্ৰভাৱ আপোনাৰ প্ৰেম জীৱনৰ ওপৰত পৰিব পাৰে সেয়েহে এই সপ্তাহত বিশেষকৈ আপোনাৰ জীৱনসঙ্গীৰ সৈতে বাদ-বিবাদ আৰু কাজিয়া-পেচাল পৰিহাৰ কৰা উচিত।

শিক্ষা: অংক জ্যোতিষ অনুসৰিআপুনি পঢ়া-শুনা উন্নত কৰিবৰ বাবে এই সপ্তাহটোৰ প্ৰয়োগ কৰিব। এইক্ষেত্ৰত ভাল বোধগম্যতা আৰু মনত ৰখাৰ ক্ষমতা শক্তি এই সপ্তাহত দেখা যাব আৰু আপুনি বিভিন্ন উৎসৰপৰা সহযোগো প্ৰাপ্ত কৰিব।

বৃত্তিগত জীৱন: আপোনাৰ বৃত্তিৰ ক্ষেত্ৰত বিকাশ, পদোন্নতি আৰু দৰমহা বৃদ্ধি আদিৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আপোনাৰ ভিতৰত এক নতুন উদ্যম দেখা যাব আৰু আপোনাৰ নেতৃত্ব দিয়াৰ গুণৰ শলাগ লোৱা হ’ব। যদিহে আপুনি ব্যৱসায়ৰ সৈতে জড়িত তেনেহ’লে আপুনি নিজকে এগৰাকী সফল ব্যৱসায়ী হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিব।

স্বাস্থ্য: স্বাস্থ্যৰ ক্ষেত্ৰত দেখা যায় যে এই সপ্তাহটো এনে এক সময় হিচাপে প্ৰমাণিত হ’ব য’ত আপুনি নিজকে পৰিৱৰ্তন কৰিব পাৰিব আৰু নিজৰ ফিটনেছ তথা উদ্যমক পৰৱৰ্তী স্তৰলৈ লৈ যাবলৈ সক্ষম হ’ব।

উপায় : মঙ্গলবাৰে মঙ্গল গ্ৰহৰ বাবে যজ্ঞ-হোম কৰক।

সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ

আমি আশা কৰিছোঁ যে আপুনি আমাৰ এই ব্লগটো নিশ্চয় পছন্দ কৰিছে। যদিহে এনে হয় তেনেহ’লেআপুনি ইয়াক নিজৰ শুভাকাংক্ষীসকলৰ সৈতে শ্যেয়াৰ কৰক। ধন্যবাদ!

Astrological services for accurate answers and better feature

33% off

Dhruv Astro Software - 1 Year

'Dhruv Astro Software' brings you the most advanced astrology software features, delivered from Cloud.

Brihat Horoscope
What will you get in 250+ pages Colored Brihat Horoscope.
Finance
Are money matters a reason for the dark-circles under your eyes?
Ask A Question
Is there any question or problem lingering.
Career / Job
Worried about your career? don't know what is.
AstroSage Year Book
AstroSage Yearbook is a channel to fulfill your dreams and destiny.
Career Counselling
The CogniAstro Career Counselling Report is the most comprehensive report available on this topic.

Astrological remedies to get rid of your problems

Red Coral / Moonga
(3 Carat)

Ward off evil spirits and strengthen Mars.

Gemstones
Buy Genuine Gemstones at Best Prices.
Yantras
Energised Yantras for You.
Rudraksha
Original Rudraksha to Bless Your Way.
Feng Shui
Bring Good Luck to your Place with Feng Shui.
Mala
Praise the Lord with Divine Energies of Mala.
Jadi (Tree Roots)
Keep Your Place Holy with Jadi.

Buy Brihat Horoscope

250+ pages @ Rs. 599/-

Brihat Horoscope

AstroSage on MobileAll Mobile Apps

Buy Gemstones

Best quality gemstones with assurance of AstroSage.com

Buy Yantras

Take advantage of Yantra with assurance of AstroSage.com

Buy Feng Shui

Bring Good Luck to your Place with Feng Shui.from AstroSage.com

Buy Rudraksh

Best quality Rudraksh with assurance of AstroSage.com
Call NowTalk to
Astrologer
Chat NowChat with
Astrologer