অংক জ্যোতিষ - Numerology In Assamese (23 জুন- 29 জুন, 2024)
অংকজ্যোতিষ সাপ্তাহিক ভৱিষ্যতফল জনাৰ ক্ষেত্ৰত অংক জ্যোতিষ -ৰ যথেষ্ট গুৰুত্ব আছে। মূলাংক বাে ৰূট নম্বৰ জানিবৰ বাবে আপোনাৰ জন্ম মাহটোৰ যিটো তাৰিখত হয়, সেই অংকটোত এটা একক অংকলৈ পৰিৱৰ্তন কৰা হয়। উদাহৰণস্বৰূপে- যদিহে আপোনাৰ জন্ম কোনো মাহৰ 10 তাৰিখে হৈছে তেনেহ’লে আপোনাৰ মূলাংক 1+0 অৰ্থাৎ1 হ’ব। এইদৰে আপুনি নিজৰ মূলাংক উলিয়াব পাৰে আৰু মূলাংক আদাৰত ভৱিষ্যতফলৰপৰা নিজৰ সাপ্তাহিক ৰাশিফল জানিব পাৰে।

ভৱিষ্যতৰ সৈতে জড়িত যিকোনো সমস্যাৰ সমাধান লাভ কৰিব বিদ্বান জ্যোতিষীসকলৰ সৈতে কথা পাতি
জানক আপোনাৰ মূলাংক আধাৰিত সাপ্তাহিক ৰাশিফল
নিউমেৰ’লজী বা অংক জ্যোতিষ -য়ে আমাৰ জীৱনত যথেষ্ট গভীৰ প্ৰভাৱ পেলায় কিয়নো আমাৰ জন্ম তাৰিখ অংকৰদ্বাৰাই গঠিত। আমি আপোনাক পূৰ্বে কোৱাৰ দৰেই কোনো ব্যক্তিৰ মূলাংক হৈছে তেওঁৰ জন্ম তাৰিখৰ একক অংক। এই অংকসমূহৰ ওপৰত ভিন ভিন গ্ৰহৰ প্ৰভাৱ থাকে।
1 অংকৰ ওপৰত সূৰ্য্য দেৱতাৰ আধিপত্য থাকে আৰু 2 অংকৰ ওপৰত চন্দ্ৰমাৰ আধিপত্য থাকে, 3 ৰ ওপৰত দেৱ গুৰু বৃহস্পতিৰ, 4ৰ ওপৰত ৰাহুৰ, 5 ৰ ওপৰত বুধৰ, 6 ৰ ওপৰত শুক্ৰ দেৱতাৰ, 7ৰ ওপৰত কেতুৰ, 8 ৰ ওপৰত শনিৰ আৰু 9 অংকৰ ওপৰত মঙ্গল গ্ৰহৰ আধিপত্য থাকে। এই গ্ৰহসমূহৰ পৰিবহনৰ ফলস্বৰূপে জাতকসকলৰ জীৱনলৈ বহুতো পৰিৱৰ্তন আহে আৰু এই গ্ৰহবোৰৰদ্বাৰা শাসিত অংকসমূহে আমাৰ জীৱনত গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰে।
তেনেহ’লে আহক আগবাঢ়ি যাওঁ আৰু মূলাংক অনুসৰি 23 জুনৰপৰা 29 জুন পৰ্য্যন্ত সময়খিনি আপোনাৰ বাবে কেনে হ’ব জানো আহক।
অংকজ্যোতিষ সাপ্তাহিক ৰাশিফল 23-29 জুন, 2024
মূলাংক 1
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 1, 10, 19 বা 28 তাৰিখে হৈছে)
অংক জ্যোতিষ অনুসৰিমূলাংক 1 ৰ জাতকসকল নিজৰ দৃষ্টিভংগীত অধিক দক্ষ আৰু স্পষ্ট হয়। তেওঁলোকে নিজৰ সকলো কাম সময়মতে সম্পন্ন কৰে।
প্ৰেম জীৱন: এই সপ্তাহত আপুনি নিজৰ জীৱনসঙ্গীৰ প্ৰতি আচৰণত অধিক সংযমিত হৈ থাকিব লাগিব কাৰণ যুক্তি-তৰ্ক আৰু কাজিয়া হোৱাৰ প্ৰৱল আশংকা আছে। আপোনাৰ সম্পৰ্কলৈ অহা অহংকাৰ সম্পৰ্কীয় সমস্য়াৰ বাবে এনে হ’ব পাৰে।
শিক্ষা: এই সপ্তাহত আপোনাৰ একাগ্ৰতাৰ অভাৱ হ’ব পাৰে। আপোনাৰ নিজৰ ভুলৰ বাবে পৰীক্ষাত কম নম্বৰ লাভ কৰিব পাৰে।
বৃত্তিগত জীৱন: এই সপ্তাহত মূলাংক 1 ৰ জাতকসকলে ডাঙৰ অভিজ্ঞতা লাভ কৰিবলৈ আৰু নিজৰ কামত দক্ষতা প্ৰদৰ্শন কৰিবলৈ সক্ষম নহ’ব। আপোনাৰ ভিতৰত ব্যৱসায়িক দৃষ্টিভংগীৰ অভাৱ হ’ব পাৰে যাৰ বাবে আপুনি সময় মতে নিজৰ লক্ষ্যত উপনীত হ’ব নোৱাৰিব পাৰে।
স্বাস্থ্য: এই সপ্তাহত মূলাংক 1 ৰ জাতকসকলৰ পাচন সম্পৰ্কীয় সমস্য়া বা যথেষ্ট মূৰৰ বিষ হ’ব পাৰে যি আপোনাক জীৱনত সঠিক সফলতা প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিব পাৰে।
উপায়: দৈনিক 21 বাৰ 'ঔঁ ভাস্কৰায় নমঃ' মন্ত্ৰ জপ কৰক।
মূলাংক 2
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 2, 11, 20 বা 29 তাৰিখে হৈছে)
মূলাংক 2 ৰ জাতকসকল সাধাৰণতে ভ্ৰমিত মানসিকতাৰ অধিকাৰী হ’য় বা তেওঁলোক সদায় দোমোজাত থাকে যাৰ ফলস্বৰূপে আপুনি নিজৰ হিতৰ বাবে সিদ্ধান্ত লোৱাৰ স্থিতিত নাথাকিব পাৰে। এই সপ্তাহত জাতকসকলৰ গুৰুত্বহীনতাৰ বাবে ধন হানি হ’ব পাৰে।
প্ৰেম জীৱন: অংক জ্যোতিষ অনুসৰিএই সপ্তাহত আপুনি জীৱনসঙ্গীৰ সৈতে সম্পৰ্কত আপুনি নিজকে গুৰুত্বহীন অনুভৱ কৰিব পাৰে। এনে পৰিস্থিতিত আপুনি ধৈৰ্য্য ধৰিব লাগিব অন্যথা আপোনাৰ সম্পৰ্কৰ স্থিতি আৰু অধিক বেয়ালৈ যাব পাৰে।
শিক্ষা: শিক্ষাৰ ক্ষেত্ৰত আপুনি জটিলতাৰ সম্মুখীন হ’ব পাৰে কাৰণ আপুনি মনে বিছৰা বিষয়ত সফলতা প্ৰাপ্ত কৰিব নোৱাৰিব পাৰে। আপুনি নিজৰ পছন্দৰ কোনো নতুন বিষয় অধ্যযনৰ ৰূপত প্ৰাপ্ত কৰিব পাৰে।
বৃত্তিগত জীৱন: যদিহে আপুনি চাকৰি কৰে তেনেহ’লে আপুনি কামৰ হেঁচা আৰু জ্যেষ্ঠ্য বিষয়াসকলৰপৰা লাভ কৰা চাপৰ বাবে অশান্তি অনুভৱ কৰিব পাৰে। যদিহে আপুনি ব্যৱসায়ৰ সৈতে জড়িত তেনেহ’লে অংশীদাৰিত্বৰ সমস্যা বা ব্যৱসায়িক কৌশলৰ অভাৱৰ ফলস্বৰূপে আপুনি আকস্মিকভাৱে কোনো লোকচানৰ সম্মুখীন হ’ব পাৰে।
স্বাস্থ্য: এই সপ্তাহত আপোনাৰ ঠাণ্ডাৰ সৈতে জড়িত কোনো সমস্যা হ’ব পাৰে অথবা কোনো এলাৰ্জীৰ সমস্যাই আপোনাক অশান্তি দিব পাৰে। এই সময়খিনিত আপোনাৰ বাবে স্বাস্থ্যৰ প্ৰতি মনোযোগ দিয়াটো আৰু নিজকে সুস্বাস্থ্যৱান কৰি ৰখাটো অধিক প্ৰয়োজনীয় হ’ব।
উপায়: সোমবাৰে মা পাৰ্বতীৰ বাবে যজ্ঞ-হোম কৰক।
বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ
মূলাংক 3
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 3, 12, 21 বা 30 তাৰিখে হৈছে)
মূলাংক 3 ৰ জাতকসকল মুকলি চিন্তাধাৰাৰ অধিকাৰী হয় আৰু অধিক নীতিগত হয়। এইসকল জাতক পোণপটীয়া স্বভাৱৰ হোৱাৰ লগতে নিজৰ কথাত তেওঁলোক অটল হৈ থাকে আৰু তেওঁলোকৰ মাজত কিছু অহংকাৰ দেখা যায়।
প্ৰেম জীৱন : এই সপ্তাহত আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে মিলামিছাৰ অভাৱ অনুভৱ কৰিব পাৰে যাৰ মুখ্য কাৰণ হ’ব আপোনাৰ সঙ্গীৰ সৈতে হোৱা অহংকাৰ সম্পৰ্কীয় সমস্যা। জীৱনসঙ্গীৰ সৈতে প্ৰেম-ভালপোৱা অটুত ৰাখিবৰ বাবে আপুনি নিজৰ ফালৰপৰা প্ৰয়াস কৰা উচিত।
শিক্ষা: অংক জ্যোতিষ অনুসৰিএই সপ্তাহত শিক্ষাৰ ক্ষেত্ৰত আপুনি নিজৰ গুৰু বা শিক্ষকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগিব যি আপোনাৰ পঢ়া-শুনাত অধিক নম্বৰ লাভ কৰাত আৰু শীৰ্ষস্থানত উপনীত হোৱাত পথ প্ৰদৰ্শন কৰিব।
বৃত্তিগত জীৱন: মূলাংক 3 ৰ জাতকসকলে কামৰ সন্দৰ্ভত এই সপ্তাহত নিজৰ শীৰ্ষস্থান হেৰুৱাব পাৰে আৰু আপোনাৰ সহকৰ্মীসকলৰপৰা উৎপন্ন কৰা বাধাৰ বাবে এনে হ’ব পাৰে। যদিহে আপুনি ব্যৱসায়ৰ সৈতে জড়িত তেনেহ’লে এই সপ্তাহত আপুনি লাভো নাই লোকচানো নাই ধৰণৰ পৰিস্থিতিৰ সম্মুখীন হ’ব পাৰে আৰু ইয়াৰ ফলত আপুনি কিছু নিৰাশ হ’ব পাৰে।
স্বাস্থ্য: এই সপ্তাহত মূলাংক 3 ৰ জাতকসকলক মেদবহুলতাৰ সমস্যাই আমনি দিব পাৰে। যি অসময়ত ভোজন কৰাৰ ফলস্বৰূপে হ’ব পাৰে। আপুনি ইয়াৰ প্ৰতি মনোযোগ দিয়াৰ আৰু নিজকে স্বাস্থ্যৱান কৰি ৰাখিবলৈ প্ৰয়াস কৰা প্ৰয়োজন আছে।
উপায়: দৈনিক 21 বাৰ 'ঔঁ নমঃ শিৱায়' মন্ত্ৰ জপ কৰক।
মূলাংক 4
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 4, 13, 22 বা 31 তাৰিখে হৈছে)
মূলাংক 4 ৰ জাতকসকল কিছু জেদী প্ৰকৃতিৰ হয় আৰু লগতে তেওঁলোক মুকলি চিন্তাধাৰাৰো অধিকাৰী হয়। এইসকল লোকৰ সৃষ্টিশীল ক্ষমতা থাকে আৰু ইয়াক এক দক্ষতাৰ ৰূপত আগবঢ়াই নিবলৈ তেওঁলোকে প্ৰয়াস কৰে।
প্ৰেম জীৱন: আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে সম্পৰ্কত আকৰ্ষণ বৰ্ত্তাই ৰাখিবলৈ সক্ষম হ’ব যাৰ ফলস্বৰূপে আপুনি নিজৰ সঙ্গীৰ সৈতে উচ্চ স্তৰৰ বুজাপৰা বিকশিত কৰাৰ ভাল সুযোগ লাভ কৰিব।
শিক্ষা: মূলাংক 4 ৰ জাতকসকলে ভিজুৱেল কমিউনিকেশ্যন, চটৱেৰ ইঞ্জিনিয়াৰিং আদিৰ দৰে ব্যৱসায়িক অধ্য়য়নত ভাল প্ৰদৰ্শন কৰিব পাৰিব আৰু আনৰ বাবে এক উদাহৰণ স্থাপন কৰিবলৈ সক্ষম হ’ব।
বৃত্তিগত জীৱন: যদিহে আপুনি চাকৰিয়াল লোক তেনেহ’লে আপুনি বিদেশী প্ৰকল্পত কাম কৰাৰ আৰু তাৰ বাবে পাৰিশ্ৰামিক লাভ কৰাৰ সুযোগ প্ৰাপ্ত কৰিব পাৰে। যদিহে আপুনি নতুন ব্যৱসায়ৰ সৈতে জড়িত হৈছে তেনেহ’লে আপুনি ভাল লাভ প্ৰাপ্ত কৰিব পাৰিব আৰু আউটচ’ৰ্চিং ব্যৱসায়ৰ জৰিয়তে অনুকূল লাভ উপাৰ্জন কৰিবলৈ সক্ষম হ’ব।
স্বাস্থ্য: স্বাস্থ্যৰ ক্ষেত্ৰতঅংক জ্যোতিষ অনুসৰিক’ব পাৰি যে মূলাংক 4 ৰ জাতকসকলৰ স্বাস্থ্য এই সপ্তাহত ভালে থাকিব কেৱল সৰু-সুৰা স্বাস্থ্যজনিত সমস্যা যেনে মূৰৰ বিষ আদিয়ে আপোনাক মাজে মাজে অসুবিধাত পেলাব পাৰে।
উপায়: মঙ্গলবাৰে দেৱী দুৰ্গাৰ বাবে যজ্ঞ-হোম কৰক।
পাওক আপোনাৰ সোঁৱৰণি আধাৰিত সঠিক শনি প্ৰতিৱেদন
মূলাংক 5
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 5, 14 বা 23 তাৰিখে হৈছে)
সাধাৰণভাৱে দেখা যায় যে মূলাংক 5 ৰ জাতকসকল বুদ্ধিমান স্বভাৱৰ হোৱাৰ লগতে তেওঁলোক ব্যৱসায়িক চিন্তাধাৰাৰ অধিকাৰী হয়।অংক জ্যোতিষ অনুসৰিএইসকল জাতকৰ যাত্ৰাৰ প্ৰতি অধিক আগ্ৰহ থাকে আৰু এই যাত্ৰাসমূহে তেওঁলোকৰ উদ্দেশ্যও পূৰণ কৰে।
প্ৰেম জীৱন: আপুনি প্ৰেম জীৱনত সুখী হৈ এই সপ্তাহত নিজৰ জীৱনসঙ্গীৰ সৈতে জীৱন যাপন কৰিবলৈ সক্ষম হ’ব। জীৱনসঙ্গীৰ সৈতে অধিক প্ৰেমময় সময় কটোৱাৰ সুযোগ লাভ কৰিব।
শিক্ষা: এই সপ্তাহত অধ্যয়নৰ ক্ষেত্ৰত দেখা যায় যে আপুনি পঢ়া-শুনাত নিজৰ সহপাঠীসকলক পিছ পেলাই আগবাঢ়ি যাব পাৰিব। ফাইনেন্সিয়ংল একাউণ্টিং, কষ্টিং আৰু লজিষ্টিকৰ সৈতে জড়িত বিষয়সমূহ আপোনাৰ বাবে অনুকূল প্ৰমাণিত হ’ব।
বৃত্তিগত জীৱন: আপুনি এই সপ্তাহত নিজৰ চাকৰিত ভাল প্ৰদৰ্শন কৰিব পাৰিব আৰু অধিক নতুন নতুন সুযোগ প্ৰাপ্ত কৰিব যি আপোনাৰ বাবে অনুকূল প্ৰমাণিত হ’ব।
স্বাস্থ্য: এই সপ্তাহটো আপোনাৰ স্বাস্থ্যৰ বাবে অনুকূল হ’ব। অৱশ্যে ছালৰ সৈতে জড়িত কিছুমান সৰু-সুৰা সমস্যাই দেখা দিব পাৰে। ইয়াৰ বাহিৰে আপোনাৰ স্বাস্থ্য উত্তম হৈ থাকিব।
উপায়: দৈনিক 41 বাৰ 'ঔঁ নমো নাৰায়ণ' মন্ত্ৰ জপ কৰক।
মূলাংক 6
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 6, 15 বা 24 তাৰিখে হৈছে)
মূলাংক 6 ৰ জাতকসকলে এই সপ্তাহত নিজৰ জীৱনত সন্তুষ্টি প্ৰাপ্ত কৰিব আৰু আপোনাৰ দক্ষতা বৃদ্ধি হোৱা দেখা যাব যাৰ ফলত আপুনি অনন্য সফলতা প্ৰাপ্ত কৰা দেখা যাব।
প্ৰেম জীৱন: আপুনি নিজৰ জীৱনসঙ্গীৰ প্ৰতি অধিক প্ৰেম প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰিব।অংক জ্যোতিষ অনুসৰিআপোনাৰ সম্পৰ্কত ৰোমাঞ্চ বৃদ্ধি হ’ব আৰু আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে মধুৰ বাৰ্ত্তালাপ কৰিব আৰু নিজৰ সম্পৰ্কলৈ আত্মীয়তা আৰু সুস্থিৰতা আনিবলৈ সক্ষম হ’ব।
শিক্ষা: আপুনি নিজৰ আশা কৰা মতে ফল লাভ কৰিবলৈ আৰু নিজৰ অধ্যয়নৰ বাবে লক্ষ্য নিৰ্দ্ধাৰিত কৰিবলৈ সক্ষম হ’ব। গ্ৰাফিক ডিজাইনিং, চফটৱেৰ ইঞ্জিনিয়াৰিং আদিৰ দৰে বিষয়ৰ অধ্যয়ন আপোনাৰ বাবে উপযোগী প্ৰমাণিত হ’ব আৰু আপুনি এই ক্ষেত্ৰসমূহত নিজৰ যোগ্যতা প্ৰমাণ কৰিব পাৰিব।
বৃত্তিগত জীৱন: যদিহে আপুনি চাকৰিয়াল তেনেহ’লে এই সপ্তাহটোৱে আপোনাক উচিত সফলতা প্ৰদান কৰিব আৰু আপুনি আশা কৰাতকৈও অধিক সফলতা প্ৰাপ্ত কৰাৰ স্থিতিত থাকিব। এই মূলাংকৰ যিসকল জাতক ব্যৱসায়ৰ সৈতে জড়িত তেওঁলোকে নিজৰ প্ৰতিদ্বন্দীসকলৰ ওপৰত বিজয় প্ৰাপ্ত কৰিব পাৰিব আৰু এক যোগ্য প্ৰতিদ্বন্দী হিচাপে নিজকে প্ৰমাণিত কৰিব পাৰিব।
স্বাস্থ্য: এই সপ্তাহত আপুনি এক উচ্চ স্তৰৰ উৎসাহ আৰু উদ্যম প্ৰাপ্ত কৰিব আৰু ইয়াৰ ফলত আপোনাৰ স্বাস্থ্য ভালে থাকিব। অৱশ্যে আপুনি স্নায়ু সম্বন্ধীয় সমস্যাৰ সম্মুখীন হ’ব পাৰে।
উপায়: দৈনিক 33 বাৰ 'ঔঁ শুক্ৰায় নমঃ' মন্ত্ৰ জপ কৰক।
কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন
মূলাংক 7
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 7, 16 বা 25 তাৰিখে হৈছে)
মূলাংক 7 ৰ অধীনত জন্ম গ্ৰহণ কৰা জাতকসকল অধিক আধ্যাত্মিক প্ৰকৃতিৰ হয় আৰু ভৌতিক পৃথিৱীৰপৰা দূৰত থাকিবলৈ তেওঁলোকে পছন্দ কৰে। এই জাতকসকল সকলো ধৰণৰ দক্ষতাৰ অধিকাৰী হয় আৰু তেওঁলোকে সফলতা প্ৰাপ্ত কৰিবলৈ এইবোৰৰ প্ৰয়োগ কৰে।
প্ৰেম জীৱন: এই সপ্তাহত জীৱনসঙ্গীৰ সৈতে সম্পৰ্কত আকৰ্ষণৰ অভাৱ অনুভৱ হ’ব পাৰে। আকৰ্ষণ আৰু সুখ-শান্তিৰ অভাৱ হোৱাটো আপোনাৰ জীৱনসঙ্গীৰ সৈতে ভাল বুজাবুজি ৰক্ষাৰ ক্ষেত্ৰত কম অনুকূল প্ৰমাণিত হ’ব পাৰে।
শিক্ষা: অংক জ্যোতিষ অনুসৰিএই সপ্তাহত পঢ়া-শুনাৰ ক্ষেত্ৰত আপোনাৰ একাগ্ৰতাৰ অভাৱ হ’ব পাৰে আৰু ই আপোনাৰ বিকাশৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিব পাৰে।
বৃত্তিগত জীৱন: যদিহে আপুনি চাকৰিয়াল তেনেহ’লে এই সপ্তাহটো আপোনাৰ বাবে আশাব্যঞ্জক হ’ব।যদিহে আপুনি ব্যৱসায়ৰ ক্ষেত্ৰৰ সৈতে জড়িত তেনেহ’লেপুৰণা ৰণনীতিসমূহ প্ৰয়োগ কৰাৰ ফলত আপুনি প্ৰতিদ্বন্দীসকলৰ সৈতে পৰাজিত হ’ব পাৰে।
স্বাস্থ্য: এলাৰ্জিৰ বাবে সংক্ৰমণ হোৱাৰ আশংকা কৰা হৈছে যাৰ বাবে আপুনি এই সপ্তাহত সমস্যাৰ সম্মুখীন হ’ব পাৰে আৰু ই আপোনাৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিব পাৰে।
উপায়: 'ঔঁ গং গণপতি নমঃ' প্ৰতিদিনে 43 বাৰ জপ কৰক।
মূলাংক 8
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 8, 17 বা 26 তাৰিখে হৈছে)
মূলাংক 8 ৰ অধীনত জন্ম গ্ৰহণ কৰা জাতকসকল সাধাৰণতে কেৰিয়াৰৰ প্ৰতি সজাগ হয়। তেওঁলোক প্ৰয়াস কৰিবৰ বাবে ইচ্ছুক হয় আৰু সেইক্ষেত্ৰত তেওঁলোকে সফলতাও প্ৰাপ্ত কৰে।
প্ৰেম জীৱন: এই সপ্তাহত আপুনি নিজৰ জীৱনসঙ্গীৰ সৈমান কৰিবলৈ চেষ্টা কৰা দেখা যাব আৰু ইয়াৰ বাবে যথেষ্ট প্ৰয়াসো কৰিব কিন্তু আপুনি আংশিকভাৱেহে সফলতা লাভ কৰিব।
শিক্ষা: আপুনি ভালদৰে অধ্যয়ন কৰিবলৈ আৰু মানদণ্ড অটুত ৰাখিবলৈ সক্ষম হ’ব কিন্তু আপুনি যি আয়ত্ব কৰিব তথা অধ্যয়ন কৰিব তাক আগবঢ়াই নিয়াৰ আৰু নিজৰ লক্ষ্যত উপনীত হোৱাৰ স্থিতিত আপুনি নাথাকিব পাৰে।
বৃত্তিগত জীৱন: যদিহে আপুনি চাকৰিয়াল তেনেহ’লে এই সপ্তাহত চাকৰিত আপুনি সন্তুষ্টিৰ অভাৱৰ বাবে চাকৰি সলনি কৰাৰ কথা ভাবিবলৈ বাধ্য হ’ব পাৰে অথবা কৰ্মক্ষেত্ৰত জ্যেষ্ঠ্য বিষয়াসকলৰ ফালৰপৰা কিছুমান বাধাৰ সম্মুখীন হ’ব পাৰে। ইয়াৰ বাহিৰেও মূলাংক 8 ৰ যিসকল জাতক ব্যৱসায়ৰ ক্ষেত্ৰৰ সৈতে জড়িত তেওঁলোক লোকচানৰ সম্মুখীন হ’ব পাৰে।
স্বাস্থ্য: অংক জ্যোতিষ অনুসৰিএই সপ্তাহত ভৰিৰ বিষ আৰু ছালৰ লগত জড়িত সমস্যা হোৱাৰ আশংকা কৰা হৈছে যাৰ ফলত আপোনাৰ চিন্তা বৃদ্ধি পাব পাৰে।
উপায়: প্ৰতিদিনে 44 বাৰ 'ঔঁ মাণ্ডায় নমঃ' মন্ত্ৰ জপ কৰক।
সোঁৱৰণিত আছে নেকি ৰাজযোগ? ৰাজযোগ প্ৰতিৱেদন ৰপৰা লাভ কৰক উত্তৰ
মূলাংক 9
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 9, 18 বা 27 তাৰিখে হৈছে)
মূালংক 9 ৰ জাতকসকলক সাধাৰণতে প্ৰতিজ্ঞাৱদ্ধ হোৱা দেখা যায় আৰু তেওঁলোক সাহসী স্বভাৱৰ হয়। আ का हुनर आपके अंदर देखने को मिलता है।
প্ৰেম জীৱন: এই সপ্তাহত জীৱনসঙ্গীৰ বা প্ৰেমাস্পদৰ সৈতে সম্পৰ্কত আকৰ্ষণৰ অভাৱ অনুভূত হ’ব পাৰে। অৱশ্যে পাৰস্পৰিক প্ৰয়াসৰদ্বৰা আপোনাৰ সঙ্গীৰ সৈতে এক শক্তিশালী বুজাপৰা আৰু সম্পৰ্ক বিকশিত কৰিব পাৰিব।
শিক্ষা: আপুনি নিজৰ অধ্যয়নৰ ক্ষেত্ৰত মানদণ্ড স্থাপন কৰিবলৈ সক্ষম হ’ব আৰু আপোনাৰ ভিতৰত থকা একাগ্ৰতা আৰু সমৰ্পণৰ ফলস্বৰূপে আপুনি সফলতা প্ৰাপ্ত কৰিবলৈ ক্ষম হ’ব। মেৰিন ইঞ্জিনিয়াৰিং, চিভিল ইঞ্জিনিয়াৰিং আদিৰ দৰে অধ্যয়ন আপোনাৰ বাবে অনুকূল প্ৰমাণিত হ’ব আৰু আপুনি আগলৈ সফলতা প্ৰাপ্ত কৰিবৰ বাবে সুযোগ লাভ কৰিব।
বৃত্তিগত জীৱন: অংক জ্যোতিষ অনুসৰিযদিহে আপুনি নতুন চৰকাৰী চাকৰিৰ সন্ধানত আছে তেনেহ’লেআপুনি নিজৰ কামত উৎকৃষ্টতা লাভ কৰিবলৈ আৰু উল্লেখনীয় সফলতা প্ৰাপ্ত কৰিবলৈ পৰ্যাপ্ত সুযোগ লাভ কৰিব। আপুনি নিজৰ ব্যৱসায়ৰ ক্ষেত্ৰত অধিক লাভ প্ৰাপ্ত কৰিবলৈও সক্ষম হ’ব।
স্বাস্থ্য: এই সপ্তাহত আপোনাৰ ভিতৰত উদ্যম আৰু সুন্দৰ দৃষ্টিভংগী দেখা যাব যাৰ বলত আপুনি ভাল স্বাস্থ্য উপভোগ কৰিব পাৰিব। আপোনাৰ ভিতৰত থকা ভাল ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে এই সপ্তাহত আপুনি সম্পূৰ্ণৰূপে স্বাস্থ্যৱান অনুভৱ কৰিব।
উপায়: প্ৰতিদিনে 27 বাৰ 'ঔঁ ভৌমায় নমঃ' মন্ত্ৰ জপ কৰক।
সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ
আমি আশা কৰিছোঁ যে আপুনি আমাৰ এই ব্লগটো নিশ্চয় পছন্দ কৰিছে। যদিহে এনে হয় তেনেহ’লেআপুনি ইয়াক নিজৰ শুভাকাংক্ষীসকলৰ সৈতে শ্যেয়াৰ কৰক। ধন্যবাদ!
Astrological services for accurate answers and better feature
Astrological remedies to get rid of your problems

AstroSage on MobileAll Mobile Apps
- Shukraditya Rajyoga 2025: 3 Zodiac Signs Destined For Success & Prosperity!
- Sagittarius Personality Traits: Check The Hidden Truths & Predictions!
- Weekly Horoscope From April 28 to May 04, 2025: Success And Promotions
- Vaishakh Amavasya 2025: Do This Remedy & Get Rid Of Pitra Dosha
- Numerology Weekly Horoscope From 27 April To 03 May, 2025
- Tarot Weekly Horoscope (27th April-3rd May): Unlocking Your Destiny With Tarot!
- May 2025 Planetary Predictions: Gains & Glory For 5 Zodiacs In May!
- Chaturgrahi Yoga 2025: Success & Financial Gains For Lucky Zodiac Signs!
- Varuthini Ekadashi 2025: Remedies To Get Free From Every Sin
- Mercury Transit In Aries 2025: Unexpected Wealth & Prosperity For 3 Zodiac Signs!
- Horoscope 2025
- Rashifal 2025
- Calendar 2025
- Chinese Horoscope 2025
- Saturn Transit 2025
- Jupiter Transit 2025
- Rahu Transit 2025
- Ketu Transit 2025
- Ascendant Horoscope 2025
- Lal Kitab 2025
- Shubh Muhurat 2025
- Hindu Holidays 2025
- Public Holidays 2025
- ராசி பலன் 2025
- రాశిఫలాలు 2025
- ರಾಶಿಭವಿಷ್ಯ 2025
- ਰਾਸ਼ੀਫਲ 2025
- ରାଶିଫଳ 2025
- രാശിഫലം 2025
- રાશિફળ 2025
- రాశిఫలాలు 2025
- রাশিফল 2025 (Rashifol 2025)
- Astrology 2025