অংক জ্যোতিষ - Numerology In Assamese (16 জুন- 22 জুন, 2024)
অংকজ্যোতিষ সাপ্তাহিক ভৱিষ্যতফল জনাৰ ক্ষেত্ৰত অংক জ্যোতিষ -ৰ যথেষ্ট গুৰুত্ব আছে। মূলাংকক জাতকৰ জীৱনৰ গুৰুত্বপূৰ্ণ অংক হিচাপে গণ্য কৰা হয়। আপোনাৰ জন্ম মাহটোৰ যিটো তাৰিখত হয়, সেই অংকটোত এটা একক অংকলৈ পৰিৱৰ্তন কৰাৰ পিছত যি অংক প্ৰাপ্ত হয় সেইটোকে আপোনাৰ মূলাংক হিচাপে নিৰ্দ্ধাৰিত কৰা হয়। মূলাংক 1 ৰপৰা 9 অংকৰ ভিতৰত যিকোনো হ’ব পাৰে, উদাহৰণস্বৰূপে- যদিহে আপোনাৰ জন্ম কোনো মাহৰ 10 তাৰিখে হৈছে তেনেহ’লে আপোনাৰ মূলাংক 1+0 অৰ্থাৎ1 হ’ব।
এইদৰে কোনো মাহৰ 1 তাৰিখৰপৰা 31 তাৰিখলৈকে জন্ম গ্ৰহণ কৰা লোকসকলৰ বাবে 1 ৰপৰা 9 পৰ্য্যন্ত মূলাংকৰ গণনা কৰা হয়। এইদৰে সকলো জাতকৰ নিজৰ মূলাংক জানি লৈ তাৰ আধাৰত সাপ্তাহিক ৰাশিফল জানিব পৰা যায়।
ভৱিষ্যতৰ সৈতে জড়িত যিকোনো সমস্যাৰ সমাধান লাভ কৰিব বিদ্বান জ্যোতিষীসকলৰ সৈতে কথা পাতি
নিজৰ জন্ম তাৰিখৰপৰা জানক অংক ৰাশিফল (16 জুনৰপৰা 22 জুন, 2024)
নিউমেৰ’লজী বা অংকজ্যোতিষে আমাৰ জীৱনত যথেষ্ট গভীৰ প্ৰভাৱ পেলায় কিয়নো আমাৰ জন্ম তাৰিখ অংকৰদ্বাৰাই গঠিত। আমি আপোনাক পূৰ্বে কোৱাৰ দৰেই কোনো ব্যক্তিৰ মূলাংক হৈছে তেওঁৰ জন্ম তাৰিখৰ একক অংক। এই অংকসমূহৰ ওপৰত ভিন ভিন গ্ৰহৰ প্ৰভাৱ থাকে।
1 অংকৰ ওপৰত সূৰ্য্য দেৱতাৰ আধিপত্য থাকে আৰু 2 অংকৰ ওপৰত চন্দ্ৰমাৰ আধিপত্য থাকে, 3 ৰ ওপৰত দেৱ গুৰু বৃহস্পতিৰ, 4ৰ ওপৰত ৰাহুৰ, 5 ৰ ওপৰত বুধৰ, 6 ৰ ওপৰত শুক্ৰ দেৱতাৰ, 7ৰ ওপৰত কেতুৰ, 8 ৰ ওপৰত শনিৰ আৰু 9 অংকৰ ওপৰত মঙ্গল গ্ৰহৰ আধিপত্য থাকে। এই গ্ৰহসমূহৰ পৰিবহনৰ ফলস্বৰূপে জাতকসকলৰ জীৱনলৈ বহুতো পৰিৱৰ্তন আহে আৰু এই গ্ৰহবোৰৰদ্বাৰা শাসিত অংকসমূহে আমাৰ জীৱনত গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰে।
তেনেহ’লে আহক আগবাঢ়ি যাওঁ আৰু মূলাংক অনুসৰি 16 জুনৰপৰা 22 জুন পৰ্য্যন্ত সময়খিনি আপোনাৰ বাবে কেনে হ’ব জানো আহক।
এয়াও পঢ়ক: ৰাশিফল 2024
বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ
মূলাংক 1
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 1, 10, 19 বা 28 তাৰিখে হৈছে)
অংক জ্যোতিষ অনুসৰিমূলাংক 1 ৰ জাতকসকলৰ ক্ষেত্ৰত দেখা গৈছে এই জাতকসকলে যথেষ্ট ভাবি-চিন্তি সিদ্ধান্ত গ্ৰহণ কৰে। এইসকল লোকে সকলো কাম শৃংখলাৱদ্ধ ধৰণে কৰে।
প্ৰেম জীৱন: মূলাংক 1 ৰ জাতকসকল প্ৰেম জীৱনৰ ক্ষেত্ৰত দেখা যায় যে আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে প্ৰেমময় ভাৱনা ব্যক্ত কৰা দেখা যাব।
বৃত্তিগত জীৱন: বৃত্তিগত জীৱনৰ ক্ষেত্ৰত দেখা যায় যে এই সপ্তাহত মূলাংক 1 ৰ জাতকসকলে চাকৰিৰ ভাল ভাল সুযোগ প্ৰাপ্ত কৰিব আৰু এই সুযোগসমূহে আপোনাৰ সকলো ইচ্ছা পূৰণ কৰিব আৰু আপোনাৰ সকলো সপোন দিঠক হোৱা দেখা যাব।
শিক্ষা: মূলাংক 1 ৰ জাতকসকলৰ শৈক্ষিক জীৱনৰ ক্ষেত্ৰত ক’ব পৰা যায় যে এই সপ্তাহটো আপোনাৰ বাবে অত্যন্ত ভাল হ’ব। আপোনাৰ পঢঞা-শুনা ভাল হ’ব আৰু আপুনি উন্নত মানদণ্ড স্থাপন কৰাৰ স্থিতিত থাকিব আৰু শিক্ষাৰ ক্ষেত্ৰত ভাল সফলতা লাভ কৰিব পাৰিব।
স্বাস্থ্য: স্বাস্থ্যৰ দৃষ্টিকোণৰপৰা দেখা যায় যে এই সপ্তাহত আপুনি উদ্যমী হৈ থাকিব আৰু আপোনাৰ ৰোগ প্ৰতিৰোধক ক্ষমতা শক্তিশালী হ’ব যাৰ ফলত আপোনাৰ স্বাস্থ্য ভালে থাকিব।
উপায়: প্ৰাচীন পাঠ আদিত্য হৃদয়ম প্ৰতিদিনে জপ কৰক।
বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ
মূলাংক 2
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 2, 11, 20 বা 29 তাৰিখে হৈছে)
এই মূলাংকৰ জাতকসকল সাধাৰণতে কোমল স্বভাৱৰ আৰু অত্যাধিক আৱেগিক হয়। এই আৱেগিক স্বভাৱৰ বাবে তেওঁলোকৰ সঠিক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সমস্যা আহি পৰে।
প্ৰেম জীৱন: অংক জ্যোতিষ অনুসৰি প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত ক’ব পাৰি যে মূলাংক 2 ৰ জাতকসকলৰ বাবে জুন মাহৰ এই সপ্তাহটো যথেষ্ট ভাল প্ৰমাণিত হ’ব। আপোনাৰ পৰিপক্কতা আৰু সততাৰ বাবে আপোনাৰ জীৱনসঙ্গীৰ সৈতে আপোনাৰ সম্পৰ্ক শক্তিশালী হ’ব।
বৃত্তিগত জীৱন: এই সপ্তাহত চাকৰিৰ সন্দৰ্ভত আপুনি দূৰ যাত্ৰা কৰিবলগীয়া হ’ব পাৰে। যদিহে আপোনাৰ দুগ্ধজাত সামগ্ৰী আৰু গাখীৰৰ ব্যৱসায় আছে তেনেহ’লে এই সময়খিনিত আপুনি ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব।
শিক্ষা: শিক্ষাৰ ক্ষেত্ৰক দেখা যায় এই সপ্তাহটো ৰসায়ণ বিজ্ঞান আৰু সামুদ্ৰিক ইঞ্জিনিয়াৰিঙৰ দৰে বিষয় অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলে উন্নত প্ৰদৰ্শ কৰিবলৈ সক্ষম হ’ব আৰু আপুনি এই বিষয়বোৰত ভাল উন্নতি লাভ কৰিব পাৰিব।
স্বাস্থ্য: স্বাস্থ্যৰ দৃষ্টিকোণৰপৰা মূলাংক 2 ৰ জাতকসকল উদ্যমেৰে পৰিপূৰ্ণ হৈ থাকিব, যাৰ ফলস্বৰূপে আপোনাৰ স্বাস্থ্য ভালে থাকিব।
উপায়: প্ৰতিদিনে দুৰ্গা চালিশা জপ কৰক।
কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিাই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন
মূলাংক 3
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 3, 12, 21 বা 30 তাৰিখে হৈছে)
মূলাংক 3 ৰ জাতকসকলৰ পোণপটীয়া স্বভাৱৰ হয় আৰু সিদ্ধান্তত তেওঁলোক অটল থাকে। এই লোকসকল বহল মনৰ হয় আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত মুকলি চিন্তাধাৰাৰ প্ৰয়োগ কৰে।
প্ৰেম জীৱন: এই সপ্তাহত জীৱনসঙ্গীৰ সৈতে আপোনাৰ আচৰণ যথেষ্ট সৰল হ’ব আৰু আপুনি তেওঁৰ সৈতে প্ৰেমময় কথাৃবতৰা পতা দেখা যাব, যাৰ ফলত আপোনালোকৰ সম্পৰ্ক আৰু অধিক শক্তিশালী হ’ব আৰু আপুনি নিজৰ জীৱনসঙ্গীৰ কাষ চাপি আহিব।
শিক্ষা: অংক জ্যোতিষ অনুসৰি শিক্ষাৰ ক্ষেত্ৰত দেখা যায় এই সপ্তাহটো বৃত্তিগত পাঠ্যক্ৰম যেনে মেনেজমেণ্ট, বিজনেছ এডমিনিষ্ট্ৰেশ্যন আদিৰ দৰে বিষয়ত ভাল প্ৰদৰ্শন কৰিব। এই বিষয়সমূহে আপোনাক ভৱিষ্যতে লাভাম্বিত কৰিব।
বৃত্তিগত জীৱন: যদিহে আপুনি চাকৰিয়াল ব্যক্তি তেনেহ’লে জুনৰ এই সপ্তাহটো আপোনাৰ বৃত্তিগত জীৱনৰ বাবে আশা কৰাতকৈও অধিক উত্তম প্ৰমাণিত হ’ব। যদিহে আপুনি ব্যৱসায় কৰে তেনেহ’লে আপুনি মাল্টিলেভেল নেটৱৰ্কিং ব্যৱসায়ত খোজ দিব পাৰিব আৰু এই ব্যৱসায়ত আপুনি যথেষ্ট লাভ প্ৰাপ্ত কৰিব পাৰিব।
স্বাস্থ্য: এই সময়ছোৱাত আপোনাৰ সৰু-সুৰা স্বাস্থ্যজনিত সমস্যা যেনে- মূৰৰ বিষ, কাহ-পানীলগা আদি হ’ব পাৰে। এনে পৰিস্থিতিত, প্ৰতিদিনে ধ্যান আৰু যোগ কৰাটো আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ’ব।
উপায়: "ঔঁ বৃং বৃহস্পতয়ে নমঃ" প্ৰতিদিনে 21 বাৰ জপ কৰক।
মূলাংক 4
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 4, 13, 22 বা 31 তাৰিখে হৈছে)
মূলাংক 4 ৰ জাতকসকলৰ কিছুমান বস্তুৰ প্ৰতি বিশেষ আৱেগিক আকৰ্ষণ থাকে। এই লোকসকলে দীঘলীয়া দূৰত্বৰ যাত্ৰা কৰি ভাল পায় আৰু ইয়াৰ প্ৰতি সদায় আগ্ৰহী হৈ থাকে।
প্ৰেম জীৱন: প্ৰেম জীৱনৰ ক্ষেত্ৰত দেখা যায় যে, পৰিয়ালত চলি থকা প্ৰতিটো স্থিতিৰ সৈতে আপুনি মোকাবিলা কৰাৰ প্ৰয়োজন হ’ব কাৰণ আপোনাৰ পৰিয়ালত দীৰ্ঘ দিন ধৰি চলি থকা সমস্যাৰ বাবে বিবাদ হ’ব পাৰে যাৰ ফলস্বৰূপে আপোনাৰ জীৱনসঙ্গীৰ প্ৰতি আপোনাৰ দৃষ্টিভংগী বেয়া হ’ব পাৰে।
শিক্ষা: মূলাংক 4 ৰ জাতকসকলৰ শৈক্ষিক জীৱনৰ ক্ষেত্ৰত দেখা গৈছে যে 16 জুনৰপৰা 22 জুন পৰ্য্যন্ত আপোনাৰ অধ্যয়নত একাগ্ৰতাৰ অভাৱ অনুভূত হ’ব পাৰে,যাৰ ফলস্বৰূপে কামত ত্ৰুটি হ’ব পাৰে আৰু আপুনি নিজৰ কামত পিছ পৰি থাকিব পাৰে আৰু নিজৰ সহকৰ্মীসকলতকৈ পিছ পৰি ৰ’ব পাৰে।
বৃত্তিগত জীৱন: যদিহে আপুনি চাকৰিয়াল তেনেহ’লে আপোনাৰ ওপৰত কামৰ বোজা বৃদ্ধি হ’ব পাৰে যাৰ ফলস্বৰূপে লক্ষ্যত উপনীত হোৱাটো আপোনাৰ বাবে জটিল অনুভূত হ’ব পাৰে। যিসকল লোকৰ নিজা ব্যৱসায় আছে তেওঁলোকে এই সময়খিনিত বহুতো প্ৰত্য়াহ্বানৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে।
স্বাস্থ্য: অংক জ্যোতিষ অনুসৰিমূলাংক 4 ৰ জাতকসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত দেখা যায় যে আপুনি স্বাস্থ্যজনিত সমস্যাত ভূগিব পাৰে। এলাৰ্জিৰ বাবে ছালৰ লগত জড়িত সমস্যা হ’ব পাৰে যি এইখিনি সময়ত আপোনাক অসুবিধাত পেলাব পাৰে।
উপায়: প্ৰতিদিনে 22 বাৰ "ঔঁ দুৰ্গায় নমঃ" জপ কৰক।
এতিয়া ঘৰত বহিয়েই বিশেষজ্ঞ পুৰোহিতৰদ্বাৰা কৰাওক ইচ্ছানুসৰি অনলাইন পূজা আৰু লাভ কৰক পৰিণাম!
মূলাংক 5
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 5, 14 বা 23 তাৰিখে হৈছে)
অংক জ্যোতিষ অনুসৰি মূলাংক 5 ৰ জাতকসকল সাধাৰণতে বুদ্ধিমান আৰু আত্মনিৰ্ভৰশীল প্ৰকৃতিৰ হয়। এই লোকসকলে সকলোবোৰ কাম পৰিকল্পনা প্ৰস্তুত কৰি সম্পন্ন কৰিবলৈ ভাল পায়।
প্ৰেম জীৱন: এই সপ্তাহৰ আপোনাৰ প্ৰেম জীৱনৰ ক্ষেত্ৰত দেখা যায় যে আপোনাৰ চেন্স অৱ হিউমাৰে আপোনাক জীৱনসঙ্গীৰ আৰু অধিক কাষ চপাই আনিব। আপোনাৰ এনে অনুভৱ হ’ব যেন আপোনালোক দুয়োৰে পৰস্পৰৰ বাবেই জন্ম হৈছে।
শিক্ষা: মূলাংক 5 ৰ জাতকসকলৰ শৈক্ষিক জীৱনৰ ক্ষেত্ৰত ক’ব পাৰি যে আপুনি এই সপ্তাহত নিজৰ দক্ষতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব। বিশেষকৈ সেইসকল লোকৰ বাবে এই সপ্তাহটো সফল প্ৰমাণিত হ’ব যিসকলে ফাইনেন্সিয়েল একাউণ্টিং, মেনেজমেণ্ট আদিৰ দৰে বৃত্তিগত পাঠ্যক্ৰমৰ অধ্যয়ন কৰি আছে।
বৃত্তিগত জীৱন: এই সপ্তাহটো বৃত্তিগত জীৱনৰ বাবে উত্তম প্ৰমাণিত হ’ব। লাগিলে আপুনি চাকৰিয়েই কৰক বা ব্যৱসায়েই কৰক।
স্বাস্থ্য: আপোনাৰ স্বাস্থ্যৰ দিশৰপৰা ক’ব পৰা যায় যে এই সপ্তাহটো স্বাস্থ্যৰ বাবে ভাল হ’ব আৰু আপুনি উৎসাহ তথা উদ্যমেৰে পৰিপূৰ্ণ হৈ থাকিব।এই কাৰণবশতঃ আপোনাৰ স্বাস্থ্যও ভালে থাকিব।
উপায়: প্ৰতিদিনে প্ৰাচীন পাঠ বিষ্ণু সহস্ৰনাম জপ কৰক।
সোঁৱৰণিত আছে নেকি ৰাজযোগ? জানক আপোনাৰ ৰাজযোগ প্ৰতিৱেদন
মূলাংক 6
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 6, 15 বা 24 তাৰিখে হৈছে)
মূলাংক 6 ৰ জাতকসকল সাধাৰণতে কলাত্মক প্ৰকৃতিৰ আৰু সৃষ্টিশীল প্ৰতিভাৰ অধিকাৰী হয় আৰু তেওঁলোকে সাম্প্ৰতিক স্থিতি অনুসৰি নিজকে পৰিৱৰ্তন কৰা প্ৰয়াস কৰে অৰ্থাৎ যি ট্ৰেণ্ড চলি থাকে তাকেই আঁকোৱালি ল’বলৈ প্ৰয়াস কৰে।
প্ৰেম জীৱন: অংক জ্যোতিষ অনুসৰিমূলাংক 6 ৰ জাতকসকলৰ প্ৰেম জীৱনৰ দৃষ্টিকোণৰপৰা ক’ব পৰা যায় যে এই সপ্তাহত আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে মধুৰ সম্পৰ্ক বৰ্ত্তাই ৰখাটো কিছু জটিল হ’ব পাৰে কিয়নো আপুনি নিজৰ ধৈৰ্য্য হেৰুৱাব পাৰে।
শিক্ষা: শৈক্ষিক জীৱনৰ ক্ষেত্ৰত দেখা যায় যে এই সপ্তাহটো আপোনাৰ বাবে সিমান অনুকূল নহ’ব। আশংকা কৰা হৈছে যে এই সপ্তাহত অধ্যয়নত আপুনি ভাল নম্বৰ লাভ কৰাত ব্যৰ্থ হ’ব পাৰে আৰু পঢ়া-শুনাৰপৰা আপোনাৰ মনোযোগ ভংগ হ’ব পাৰে আৰু মনত ৰখাৰ ক্ষমতাও দুৰ্বল হ’ব পাৰে।
বৃত্তিগত জীৱন: বৃত্তিগত জীৱনৰ ক্ষেত্ৰত ক’ব পাৰি যে এই সপ্তাহত আপুনি কাৰ্য্যালয়ত সাৱধানতা অৱলম্বন কৰিব লাগিব কাৰণ আপোনাৰ ওপৰত কামৰ হেঁচা বৃদ্ধি পাব পাৰে যাৰ ফলস্বৰূপে আপোনাৰ কামত ত্ৰুটি হোৱাৰ সম্ভাৱনা আছে। যদিহে আপোনাৰ নিজৰ ব্যৱসায় আছে তেনেহ’লে এই সময়খিনিত আপোনাৰ অধিক লোকচান হোৱাৰ সম্ভাৱনা দেখা যায়।
স্বাস্থ্য: স্বাস্থ্যৰ দিশৰপৰা এইখিনি সম আপোনাৰ বাবে প্ৰতিকূল প্ৰমাণিত হ’ব পাৰে কাৰণ এইখিনি সমত আপোনাৰ ছালৰ খজুৱতি, পানীলগা-জ্বৰ আৰু কোনো ধৰণৰ ডাঙৰ বেমাৰ যেনে টিউমাৰ আদি হ’ব পাৰে, যি আপোনাৰ চিন্তাৰ কাৰণ হৈ পৰিব পাৰে।
উপায়: প্ৰতিদিনে 33 বাৰ "ঔঁ শুক্ৰায় নমঃ" জপ কৰক।
মূলাংক 7
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 7, 16 বা 25 তাৰিখে হৈছে)
মূলাংক 7 ৰ জাতকসকলৰ ব্যক্তিত্বত বহুতো গুণ উপস্থিত থাকে আৰু তেওঁলোকে নিজৰ ভিতৰত থকা এই গুণবোৰৰ জৰিয়তে সফলতা প্ৰাপ্ত কৰে। ইয়াৰ বাহিৰেও আধ্যাত্মিক কাৰ্য্যকলাপৰ প্ৰতি তেওঁলোকৰ যথেষ্ট আগ্ৰহ থাকে।
প্ৰেম জীৱন: মূলাংক 7 ৰ জাতকসকলৰ প্ৰেম জীৱনৰ ক্ষেত্ৰত দেখা গৈছে যে এইসকল লোকে নিজৰ সম্পৰ্কত প্ৰেমৰ অভাৱ অনুভৱ কৰিব পাৰে কাৰণ পৰিয়ালত এনে কিছুমান সমস্যা উৎপন্ন হ’ব পাৰে যাৰ ফলত আপুনি নিজৰ সম্পৰ্কটো শক্তিশালী কৰি ৰখাত সমস্যাৰ সম্মুখীন হ’ব পাৰে।
শিক্ষা: অংক জ্যোতিষ অনুসৰিমূলাংক 7 ৰ জাতকসকলৰ শৈক্ষিক জীৱনৰ ক্ষেত্ৰত দেখা গৈছে যে এই সময়ছোৱা গুঢ় বিজ্ঞান, দৰ্শন আৰু সমাজশাস্ত্ৰ আদি বিষয় অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলৰ বাবে বিশেষ লাভদায়ক নহ’ব।
বৃত্তিগত জীৱন: এই সপ্তাহত আপোনাৰ ভিতৰত অতিৰিক্ত ক্ষতা বিকশিত হ’ব পাৰে আৰু আপুনি নিজৰ কামৰ বাবে স্বীকৃতি লাভ কৰিবলৈও সক্ষম হ’ব। যদিহে আপুনি ব্যৱসায় কৰে তেনেহ’লে আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা আছে।
স্বাস্থ্য: এই সপ্তাহত এলাৰ্জিৰ ফলস্বৰূপে আপোনাৰ ছালৰ জ্বলা-পোৰাৰ সমস্যা হ’ব পাৰে। ইয়াৰ উপৰিও, আপোনাক পাচন সম্পৰ্কীয় সমস্যাই আমনি দিব পাৰে।
উপায়: প্ৰতিদিনে 41 বাৰ "ঔঁ গণেশায় নমঃ" জপ কৰক।
মূলাংক 8
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 8, 17 বা 26 তাৰিখে হৈছে)
মূলাংক 8 ৰ জাতকসকলে এই সপ্তাহত ধৈৰ্য্য হেৰুৱাব পাৰে আৰু সফলতা প্ৰাপ্ত কৰাত পিছ পৰি থাকিব পাৰে। যাত্ৰাৰ সময়ত তেওঁলোকে কোনো মূল্যৱান সামগ্ৰী হেৰুৱাব পাৰে যাক লৈ তেওঁলোক চিন্তাত পৰিব পাৰে।
প্ৰেম জীৱন: এই সপ্তাহত সম্পত্তিক লৈ পৰিয়ালত চলি থকা সমস্যাই আপোনাক চিন্তিত কৰিব পাৰে। আনহাতে আপোনাৰ বন্ধু-বৰ্গই উৎপন্ন কৰা সমস্যাৰ বাবে নিজৰ প্ৰেমাস্পদ বা জীৱনসঙ্গীৰ সৈতে সম্পৰ্ক ভালদৰে বজাই ৰখাৰ ক্ষেত্ৰতো অসুবিধা আহিব পাৰে।
শিক্ষা: অংক জ্যোতিষ অনুসৰিযথেষ্ট প্ৰয়াস কৰাৰ পিছতো আপুনি এই সপ্তাহত অধ্যয়নৰ ক্ষেত্ৰত পিছ পৰি থাকিব পাৰে। সফলতা প্ৰাপ্ত কৰিবৰ বাবে আপুনি অধিক কষ্ট কৰাৰ প্ৰয়োজন হ’ব। ধৈৰ্য্য ধৰি ৰাখক আৰু প্ৰতিজ্ঞাৱদ্ধ তথা দৃঢ় সংকল্পৱদ্ধ হৈ পঢ়া-শুনা কৰক তেতিয়াহে আপুনি ভাল নম্বৰ লাভ কৰিব পাৰিব।
বৃত্তিগত জীৱন: যদিহে আপুনি চাকৰিয়াল তেনেহ’লেআপুনি কৰ্মক্ষেত্ৰত স্বীকৃতি লাভ নকৰিব পাৰে আৰু এই কথাই আপোনাক চিন্তাত পেলাব পাৰে। আনহাতে যিসকল জাতকৰ নিজা ব্যৱসায় আছে তেওঁলোকৰ বাবে এই সময়ছোৱাত উচ্চ মূল্যবোধ অটুত ৰখাত আৰু লাভজনক চুক্তি কৰাৰ ক্ষেত্ৰত সমস্যা আহিব পাৰে।
স্বাস্থ্য: এই সপ্তাহত চাপৰ ফলত আপোনাৰ ভৰি আৰু গাঁঠিৰ বিষ হ’ব পাৰে। এনে পৰিস্থিতিত, চাপে আপোনাক যথেষ্ট অসুবিধা দিব পাৰে।
উপায়: প্ৰতিদিনে হনুমান চালিশা জপ কৰক।
পাওক আপোনাৰ সোঁৱৰণি আধাৰিত সঠিক শনি প্ৰতিৱেদন
মূলাংক 9
(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 9, 18 বা 27 তাৰিখে হৈছে)
মূলাংক 9 ৰ জাতকসকল যথেষ্ট সাহসী আৰু শৃংখলাৱদ্ধ প্ৰকৃতিৰ হয়। তেওঁলোকে ডাঙৰ ডাঙৰ কামো সহজেই সম্পন্ন কৰে। এইসকল জাতক শৃংখলাৱদ্ধ হোৱাৰ লগতে সময়ৰ ক্ষেত্ৰত নিয়মানুৱৰ্ত্তী হয়।
প্ৰেম জীৱন: আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে অধিক নীতিগত আচৰণ কৰিব আৰু সম্পৰ্কত উচ্চ মূল্যবোধ স্থাপন কৰিব। ইয়াৰদ্বাৰা আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজত ভাল পাৰস্পৰিক বুজাবুজি স্থাপিত হ’ব আৰু আপোনালোকৰ সম্পৰ্ক শক্তিশালী হ’ব।
শিক্ষা: অংক জ্যোতিষ অনুসৰিএই সপ্তাহটোত মেনেজমেণ্ট, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আৰু কেমিকেল ইঞ্জিনিয়াৰিঙৰ দৰে বিষয়ত শিক্ষাৰ্থীসকলে ভাল প্ৰদৰ্শন কৰিবৰ বাবে দৃঢ় সংকল্পৱদ্ধ হৈ থাকিব। আপুনি যি অধ্যয়ন কৰিব সেয়া দ্ৰুতগতিত মনত ৰাখিব পাৰিব আৰু পৰীক্ষাত উৎকৃষ্ট প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব।
বৃত্তিগত জীৱন: মূলাংক 9 ৰ জাতকসকলে এই সপ্তাহত নিজৰ কামত যথেষ্ট ভাল প্ৰদৰ্সন কৰিব পাৰিব আৰু তেওঁলোকৰ কামে এই সময়ছোৱাত স্বীকৃতি প্ৰাপ্ত কৰিব। লগতে ব্যৱসায়ীসকলে ভাল লাভ প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব আৰু এইদৰে প্ৰতিদ্বন্দীসকলৰ সম্মুখত তেওঁলোকৰ প্ৰতিষ্ঠা বৃদ্ধি হ’ব।
স্বাস্থ্য: এই সপ্তাহত আপুনি ভাল স্বাস্থ্য ধৰি ৰাখিব পাৰিব আৰু এয়া আপোনাৰ উদ্যমৰ ফলস্বৰূপে হ’ব। ভাল কথাটো হ’ল যে আপুনি কোনো স্বাস্থ্যজনিত গুৰুতৰ সমস্যাৰ সম্মুখীন নহ’ব।
উপায়: মঙ্গলবাৰে মঙ্গল গ্ৰহৰ বাবে যজ্ঞ-হোম কৰক।
সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ
আমি আশা কৰিছোঁ যে আপুনি আমাৰ এই ব্লগটো নিশ্চয় পছন্দ কৰিছে। যদিহে এনে হয় তেনেহ’লেআপুনি ইয়াক নিজৰ শুভাকাংক্ষীসকলৰ সৈতে শ্যেয়াৰ কৰক। ধন্যবাদ!
Astrological services for accurate answers and better feature
Astrological remedies to get rid of your problems
AstroSage on MobileAll Mobile Apps
- Jupiter Retrograde In Cancer: Impacts & Remedies
- Jupiter Retrograde In Cancer: Rethinking Growth From Inside Out
- Mercury Retrograde In Scorpio: Embrace The Unexpected Benefits
- Weekly Horoscope November 10 to 16, 2025: Predictions & More!
- Tarot Weekly Horoscope From 9 November To 15 November, 2025
- Numerology Weekly Horoscope: 9 November To 15 November, 2025
- Mars Combust In Scorpio: Caution For These Zodiacs!
- Margashirsha Month 2025: Discover Festivals, Predictions & More
- Dev Diwali 2025: Shivvaas Yoga Will Bring Fortune!
- November 2025: A Quick Glance Into November 2025
- बृहस्पति कर्क राशि में वक्री-क्या होगा 12 राशियों का हाल?
- गुरु कर्क राशि में वक्री, इन 4 राशियों की रुक सकती है तरक्की; करनी पड़ेगी मेहनत!
- बुध वृश्चिक राशि में वक्री से इन राशियों को मिलेगा अप्रत्याशित लाभ और सफलता के अवसर!
- इस सप्ताह दो बड़े ग्रह होंगे अस्त, जानें किन राशियों को रखना होगा फूंक-फूंक कर कदम!
- टैरो साप्ताहिक राशिफल (09 से 15 नवंबर, 2025): इन राशि वालों के लिए खुलने वाले हैं किस्मत के दरवाज़े!
- अंक ज्योतिष साप्ताहिक राशिफल: 09 नवंबर से 15 नवंबर, 2025
- मंगल वृश्चिक राशि में अस्त, इन राशियों पर टूट सकता है मुसीबतों का पहाड़, रहें सतर्क!
- मार्गशीर्ष माह में पड़ेंगे कई बड़े व्रत त्योहार, राशि अनुसार उपाय से खुलेंगे सुख-समृद्धि के द्वार!
- देव दिवाली 2025: शिववास योग से खुलेंगे सौभाग्य के द्वार, एक उपाय बदल देगा किस्मत!
- नवंबर 2025 में है देवउठनी एकादशी, देखें और भी बड़े व्रत-त्योहारों की लिस्ट!
- Horoscope 2026
- राशिफल 2026
- Calendar 2026
- Holidays 2026
- Shubh Muhurat 2026
- Saturn Transit 2026
- Ketu Transit 2026
- Jupiter Transit In Cancer
- Education Horoscope 2026
- Rahu Transit 2026
- ராசி பலன் 2026
- राशि भविष्य 2026
- રાશિફળ 2026
- রাশিফল 2026 (Rashifol 2026)
- ರಾಶಿಭವಿಷ್ಯ 2026
- రాశిఫలాలు 2026
- രാശിഫലം 2026
- Astrology 2026






