অংক জ্যোতিষ - Numerology In Assamese (09 জুন- 15 জুন, 2024)

এই সপ্তাহটোৱে ভিন ভিন মূলাংকৰ লোকৰ বাবে বহুতো সোণালী সুযোগ কঢ়িয়াই আনিব। যদিহে আপুনি নিজৰ মূলাংকৰ আধাৰত আপোনাৰ প্ৰেম জীৱন, কেৰিয়াৰ, স্বাস্থ্য বা আৰ্থিক স্থিতিৰ বিষয়ে জানিব বিচাৰে তেনেহ’লে এই প্ৰৱন্ধটো শেষলৈকে পঢ়ক। এই লেখাটোত আমাৰ অভিজ্ঞ অংকজ্যোতিষী তথা জ্যোতিষাচাৰ্য্য হৰিহৰণ জীয়ে মূলাংকৰ আধাৰত অংক জ্যোতিষ সাপ্তাহিক ৰাশিফল 09 জুনৰপৰা 15 জুন, 2024 ৰ বাবে সঠিক ভৱিষ্যতবাণী প্ৰদান কৰিছে।

অংক জ্যোতিষ সাপ্তাহিক ৰাশিফল

ভৱিষ্যতৰ সৈতে জড়িত যিকোনো সমস্যাৰ সমাধান লাভ কৰিব বিদ্বান জ্যোতিষীসকলৰ সৈতে কথা পাতি

কেনেদৰে জানিব আপোনাৰ মূখ্য অংক বা মূলাংক?

আপুনি নিজৰ জন্ম তাৰিখক একক সংখ্যালৈ ৰূপান্তৰ কৰি নিজৰ মূখ্য অংক বা মূলাংক জানিব পাৰিব। মূলাংক 1ৰপৰা 9 ৰ ভিতৰলৈ হয়। উদাহৰণস্বৰূপে, যদিহে আপোনাৰ জন্ম মাহৰ 11 তাৰিখে হৈছে, তেনেহ’লে মূখ্য় অংক বা মূলাংক হ’ব 1+1, অৰ্থাৎ2। এইদৰে আপোনাৰ মূলাংক জানি লৈ আপোনাৰ ৰাশিফল জানিব পাৰিব।

জানক আপোনাৰ মূলাংক আধাৰিত সাপ্তাহিক ৰাশিফল (09 জুনৰপৰা 15 জুন, 2024)

আমাৰ জীৱনত অংক জ্যোতিষ -ৰ যথেষ্ট গুৰুত্ব আছে কিয়নো আমাৰ জন্ম তাৰিখেই অংকৰদ্বাৰা গঠিত। আপোনাৰ জন্ম তাৰিখৰ আধাৰত আপোনাৰ মূলাংক বা ৰূট নম্বৰ নিৰ্দ্ধাৰিত কৰা হয়। নিজৰ ৰূট নম্বৰ জনাৰ পিছত আপুনি অংকজ্যোতিষৰ অধীনত নিজৰ বিষয়ে বহুতো কথা জানিব পাৰিব আৰু নিজৰ ভৱিষ্যতফলৰ বিষয়ে তথ্য প্ৰাপ্ত কৰিব পাৰিব।

1 অংকৰ ওপৰত সূৰ্য্য দেৱতাৰ আধিপত্য থাকে আৰু 2 অংকৰ ওপৰত চন্দ্ৰমাৰ আধিপত্য থাকে, 3 ৰ ওপৰত দেৱ গুৰু বৃহস্পতিৰ, 4ৰ ওপৰত ৰাহুৰ, 5 ৰ ওপৰত বুধৰ, 6 ৰ ওপৰত শুক্ৰ দেৱতাৰ, 7ৰ ওপৰত কেতুৰ, 8 ৰ ওপৰত শনিৰ আৰু 9 অংকৰ ওপৰত মঙ্গল গ্ৰহৰ আধিপত্য থাকে। এই গ্ৰহসমূহৰ পৰিবহনৰ ফলস্বৰূপে জাতকসকলৰ জীৱনলৈ বহুতো পৰিৱৰ্তন আহে আৰু এই গ্ৰহবোৰৰদ্বাৰা শাসিত অংকসমূহে আমাৰ জীৱনত গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰে।

তেনেহ’লে আহক আগবাঢ়ি যাওঁ আৰু মূলাংক অনুসৰি 09 জুনৰপৰা 15 জুন পৰ্য্যন্ত সময়খিনি আপোনাৰ বাবে কেনে হ’ব জানো আহক।

বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ

মূলাংক 1

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 1, 10, 19 বা 28 তাৰিখে হৈছে)

অংক জ্যোতিষ অনুসৰি মূলাংক 1 ৰ জাতকসকলে ভাবি-চিন্তি সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁলোকে সময়মতে কামসমূহ সম্পূৰ্ণ কৰিবলৈ প্ৰকিজ্ঞাৱদ্ধ হৈ থাকে। এই জাতকসকল সমস্যাৰ কৌশলগতভাৱে সমাধান কৰাৰ বাবে জনাজাত।

প্ৰেম জীৱন: এই সপ্তাহত আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ সম্পৰ্ক মধুৰ হৈ থাকিব। আপোনালোকৰ মাজত পাৰস্পৰিক মিলামিছা আৰু কথা-বতৰা যথেষ্ট ভাল হ’ব আৰু এই কাৰণবশতঃ আপুনি যথেষ্ট সন্তুষ্ট অনুভৱ কৰিব।

শিক্ষা: এই সময়খিনিত শিক্ষাৰ্থীসকলে অধিক পেছাদাৰী মনোভাৱেৰে অধ্যয়ন কৰিবৰ বাবে কোনো ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিব পাৰে। মেনেজমেণ্ট আৰু পদাৰ্থ বিজ্ঞানৰ অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলৰ একাগ্ৰতা এই সময়খিনিত বৃদ্ধি পাব আৰু তেওঁলোকে ভাল ফল প্ৰাপ্ত কৰিব।

বৃত্তিগত জীৱন: আপুনি চাকৰিত সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব। ব্যৱসায়ীসকলে আউটচ’ৰ্চিং চুক্তিৰপৰা ভাল লাভ প্ৰাপ্ত কৰাৰ সুযোগ পাব।

স্বাস্থ্য: এই সপ্তাহত আপুনি উৎসাহ আৰু উদ্যমেৰে পৰিপূৰ্ণ অনুভ কৰিব আৰু আপোনাৰ স্বাস্থ্য ভালে থাকিব। নিয়মিত ব্যায়ামৰ সহায়ত আপুনি অধিক স্বাস্থ্যৱান হৈ থাকিব পাৰিব আৰু উত্তম স্বাস্থ্যৰ আনন্দ উপভোগ কৰিব পাৰিব।

উপায়: মঙ্গল গ্ৰহক সন্তুষ্ট কৰিবৰ বাবে মঙ্গলবাৰে যজ্ঞ-হোম কৰক।

মূলাংক 2

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 2, 11, 20 বা 29 তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকলে সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়ত ভ্ৰমিত হ’ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ উন্নতি বিকাশত বাধা উৎপন্ন হ’ব পাৰে। আপুনি এই সপ্তাহত পৰিকল্পনা প্ৰস্তুত কৰি আগবাঢ়িব লাগিব আৰু লগতে আশাবাদী হৈ থাকিব লাগিব।

প্ৰেম জীৱন: অংক জ্যোতিষ অনুসৰিএই সপ্তাহত আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে তৰ্ক-যুদ্ধত লিপ্ত হোৱাটো পৰিহাৰ কৰিব লাগিব। নিজৰ সম্পৰ্কত ৰোমাঞ্চ আৰু সুখ-শান্তি বজাই ৰাখিবৰ বাবে আপুনি নিজৰ ফালৰপৰা মিলামিছা কৰি চলিবলৈ চেষ্টা কৰিব লাগিব।

শিক্ষা: এই সময়ছোৱাত শিক্ষাৰ্থীসকলৰ পঢ়া-শুনাৰপৰা মনোযোগ ভংগ হ’ব পাৰে সেয়েহে তেওঁলোকে অধ্যয়নত অধিক মনোযোগ কেন্দ্ৰিত কৰিবলৈ চেষ্টা কৰা উচিত। আপুনি কঠোৰ পৰিশ্ৰম সহকাৰে আৰু পেছাদাৰী মনোভাৱেৰে অধ্যয়ন কৰা উচিত।

বৃত্তিগত জীৱন: যদিহে আপুনি চাকৰি কৰে তেনেহ’লে আপোনাৰ কামত কোনো ভুল হ’ব পাৰে, আৰু ই কৰ্মক্ষেত্ৰত আপোনাৰ বিকাশত বাধা উৎপন্ন কৰিব পাৰে। আনহাতে, ব্যৱসায়ীসকলে নিজৰ প্ৰতিদ্বন্দীসকলৰপৰা লাভ কৰাৰ প্ৰত্যাহ্বানৰ ফলস্বৰূপে লোকচানৰ সম্মুখীন হ’ব পাৰে।

স্বাস্থ্য: এই সময়ছোৱাত আপোনাৰ কাহ-পানীলগা হোৱাৰ আশংকা কৰা হৈছে সেয়েহে নিজৰ শাৰীৰিক স্বাস্থ্যৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰাটো আপোনাৰ বাবে ভাল হ’ব। আপুনি ৰাতি নিদ্ৰাহীনতাৰ সমস্যাত ভূগিব পাৰে।

উপায়: চন্দ্ৰমাক সন্তুষ্ট কৰিবৰ বাবে সোমবাৰে যজ্ঞ-হোম কৰক।

মূলাংক 3

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 3, 12, 21 বা 30 তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকলৰ মুকলি চিন্তাধাৰাৰ অধিকাৰী হয় আৰু আধ্যাত্মৰ প্ৰতি জানিবৰ বাবে তেওঁলোকৰ আগ্ৰহ থাকে। তেওঁলোকে নিজৰ সম্পৰ্কত অধিক প্ৰাথমিকতা দিয়ে আৰু সম্পৰ্ক গঢ় দিয়াৰ ক্ষেত্ৰত মনোযোগ দিয়ে।

প্ৰেম জীৱন: এই সপ্তাহত আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ সম্পৰ্কত সুখ-শান্তি বৰ্ত্তি থাকিব। আপোনালোক দুয়োৰে মাজৰ ভাল পাৰস্পৰিক বুজাবুিজৰ বাবে এনে পৰিস্থিতি সম্ভৱ হ’ব।

শিক্ষা: অংক জ্যোতিষ অনুসৰি যদিহে আপুনি মেনেজমেণ্ট, বিজনেছ ইক’নমিক্স আৰু ইক’নমেট্ৰিক্স আদিৰ অধ্যয়ন কৰি আছে, তেনেহ’লে আপুনি এই সপ্তাহত যথেষ্ট ভাল ফল প্ৰাপ্ত কৰাৰ সম্ভাৱনা আছে। ধ্যান, একাগ্ৰতা আৰু শিকাৰ ক্ষমতা শক্তিশালী হোৱাৰ ফলস্বৰূপে শিক্ষাৰ্থীসকলে সফলতা লাভ কৰিব।

বৃত্তিগত জীৱন: চাকৰিয়াল জাতকসকলে এক সফল পেছাদাৰী মনোভাৱেৰে কাম কৰিব। এই সময়ছোৱাত আপুনি নিজৰ কঠোৰ পৰিশ্ৰম আৰু কামৰ প্ৰতি সমৰ্পিত মনোভাৱৰ বাবে পদোন্নতি লাভ কৰাৰ সম্ভাৱনা আছে। ব্যসায়ীসকলৰ বাবে এই সময়খিনিত সফল উদ্যমী হোৱাৰ যোগ আছে।

স্বাস্থ্য: এই সপ্তাহত আপুনি উৎসাহ আৰু উদ্যমেৰে পৰিপূৰ্ণ হৈ থাকিব আৰু নিজৰ ভিতৰত ইতিবাচক শক্তি অনুভৱ কৰিব। আপুনি ইতিবাচকতাৰ লগতে উত্তম স্বাস্থ্য অটুত ৰাখিবলৈ সক্ষম হ’ব।

উপায়: দৈনিক 21 বাৰ 'ঔঁ বৃহস্পতায়ে নমঃ' মন্ত্ৰ জপ কৰক।

বৃহৎ কুণ্ডলী ত নিহিত হৈ আছে, আপোনাৰ জীৱনৰ সকলো গোপন ৰহস্য, জানক গ্ৰহসমূহৰ গতি-বিধিৰ সম্পূৰ্ণ লেখ-জোখ

মূলাংক 4

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 4, 13, 22 বা 31 তাৰিখে হৈছে)

মূলাংক 4 ৰ জাতকসকল দৃঢ় সংকল্পৱদ্ধ হয় আৰু এওঁলোকে এই সপ্তাহত যথেষ্ট ভাল সফলতা প্ৰাপ্ত কৰাৰ যোগ আছে। আপোনাৰ বাবে বিদেশ যাত্ৰাৰো যোগ আছে আৰু এই যাত্ৰাবোৰ আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ’ব।

প্ৰেম জীৱন: আপুনি নিজৰ জীৱনলৈ প্ৰেম আৰু ৰোমাঞ্চ আনিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ সম্পৰ্ক শক্তিশালী হ’ব আৰু আপোনালোক দুয়োৱে পৰস্পৰক ভালদৰে বুজি পাবলৈ সক্ষম হ’ব।

শিক্ষা: আপুনি প্ৰফেছনেল ষ্টাডিজ যেনে গ্ৰাফিক্স, ৱেব ডেভেলপমেণ্ট আদিত বিশেষজ্ঞতা প্ৰাপ্ত কৰিব। আপোনাৰ ভিতৰত এনে কিছুমান দক্ষতা বিকশিত হ’ব যাৰ সহায়ত আপুনি নিজৰ জীৱনত কিছুমান বিশেষ সফলতা প্ৰাপ্ত কৰিব।

বৃত্তিগত জীৱন: এই সপ্তাহত আপুনি কামত যথেষ্ট ব্যস্ত হৈ থাকিব আৰু নিজৰ কামবোৰ সময়তকৈ পূৰ্বেই সম্পূ্ৰণ কৰিবলৈ সক্ষম হ’ব। ব্যৱসায়ীসকলে এই সপ্তাহত কোনো নতুন কাম আৰম্ভ কৰিব পাৰে আৰু এইদৰে আপুনি কোনো বিশেষ ব্যৱসায়িক ক্ষেত্ৰত বিশেষজ্ঞতা প্ৰাপ্ত কৰিবৰ বাবে নিজকে প্ৰস্তুত কৰি তুলিব পাৰে।

স্বাস্থ্য: অংক জ্যোতিষ অনুসৰিএই সপ্তাহত আপুনি নিজৰ স্বাস্থ্যক লৈ অধিক সজাগ হৈ থাকিব। উদ্যম বৃদ্ধি হোৱাৰ বাবে আপুনি সম্পূৰ্ণৰূপে স্বাস্থ্যৱান হৈ থাকিব আৰু ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্ব আকৰ্ষণীয় হ’ব।

উপায়: দৈনিক 22 বাৰ 'ঔঁ দুৰ্গায় নমঃ' মন্ত্ৰ জপ কৰক।

মূলাংক 5

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 5, 14 বা 23 তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকল যথেষ্ট বুদ্ধিমান হয় আৰু নিজৰ সকলো কামত যুক্তিৰ সন্ধান কৰে। এই জাতকসকলৰ আচৰণ অধিক শৃংখলিত হয় আৰু তেওঁলোকে নিজৰ লক্ষ্যসমূহ সময় মতে পেছাদাৰী মনোভাৱেৰে প্ৰাপ্ত কৰিবৰ বাবে দৃঢ় সংকল্পৱদ্ধ হৈ থাকে।

প্ৰেম জীৱন: এই সময়ছোৱাত আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজৰ পাৰস্পৰিক বুজাবুজি যথেষ্ট ভাল হ’ব। আপোনালোক দুয়োৱে পৰস্পৰক যথেষ্ট ভালদৰে বুজি পাব আৰু আপোনালোক দুয়োৰে সম্পৰ্ক শক্তিশালী হ’ব।

শিক্ষা: এই সপ্তাহত অধ্যয়নৰ ক্ষেত্ৰত আপুনি নিজৰ দক্ষতাসমূহ প্ৰমাণিত কৰিবলৈ সক্ষম হ’ব আৰু উন্নতি লাভ কৰিব। আপুনি বৃত্তিগত পাঠ্যক্ৰম যেনে ভিজুৱেল কমিউনিকেশ্যন, মেনেজমেণ্ট আৰু ফাইনেন্সিয়েল একাউণ্টিঙৰ দৰে বিষয়সমূহত ভাল প্ৰদৰ্শন কৰিব।

বৃত্তিগত জীৱন: এই সপ্তাহত আপুনি কৰ্মক্ষেত্ৰত যথেষ্ট ভাল প্ৰদৰ্শন কৰিব। আপুনি যিয়েই কাম কৰিব তাতেই নিজকে যোগ্য আৰু কৌশলী হিচাপে প্ৰমাণিত কৰিবলৈ সক্ষম হ’ব। ব্যৱসায়ীসকলে ভাল লাভ প্ৰাপ্ত কৰাৰ সুযোগ পাব।

স্বাস্থ্য: অংক জ্যোতিষ অনুসৰিআপুনি এই সময়খিনিত যথেষ্ট উৎসাহী আৰু দৃঢ় সংকল্পৱদ্ধ হৈ থাকিব। ইয়াৰ ইতিবাচক প্ৰভাৱ আপোনাৰ স্বাস্থ্যৰ ওপৰত পৰা দেখা যাব আৰু আপুনি সুস্বাস্থ্যৱান হৈ থাকিব।

উপায়: দৈনিক 41 বাৰ 'ঔঁ নমো ভগৱতে বাসুদেৱায়' মন্ত্ৰ জপ কৰক।

পাওক আপোনাৰ সোঁৱৰণি আধাৰিত সঠিক শনি প্ৰতিৱেদন

মূলাংক 6

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 6, 15 বা 24 তাৰিখে হৈছে)

অংক জ্যোতিষ অনুসৰিএই ৰাশিৰ জাতকসকলৰ সৃষ্টিশীল কাৰ্য্যৰ প্ৰতি অধিক আগ্ৰহ থাকে আৰু এওঁলোকে এই ক্ষেত্ৰত উৎকৃষ্ঠতা প্ৰাপ্ত কৰে। ইয়াৰ বাহিৰেও এই লোকসকল হাঁহিমুখীয় স্বভাৱৰ হয় আৰু নিজৰ এই গুণৰ বলত জীৱনত ভাল সফলতা প্ৰাপ্ত কৰিবলৈ সক্ষম হয়।

প্ৰেম জীৱন: এই সপ্তাহত আপুনি নিজৰ জীৱনসঙ্গীৰ সৈতে সম্পৰ্কত অধিক সন্তুষ্ট অনুভৱ কৰিব। আপুনি নিজৰ সম্পৰ্কত আকৰ্ষণ বৃদ্ধি কৰাৰ চেষ্টা কৰিব। আপোনালোক দুয়ো ক’ৰবাত বাহিৰলৈ ফুৰিবলৈও যাব পাৰে।

শিক্ষা: এই সপ্তাহত আপুনি অধ্যয়নত বিশেষজ্ঞতা প্ৰাপ্ত কৰিব আৰু ভিজুৱেল কমিউনিকেশ্যন, চফটৱেৰ এপ্লিকেশ্যন আৰু টেষ্টিং-ৰ দৰে টুলচ্-ত ভাল প্ৰদৰ্শন কৰিব পাৰিব। এই সময়খিনিত শিক্ষাৰ্থীসকলে ভাল নম্বৰ লাভ কৰিব আৰু উপৰোক্ত বিষয়বোৰত সফলতা প্ৰাপ্ত কৰিব।

বৃত্তিগত জীৱন: চাকৰিয়াল জাতকসকলে কৰ্মক্ষেত্ৰত নিজৰ কৰ্মৰ বাবে নাম-যশ আৰু স্বীকৃতি লাভ কৰিব। লগতে ব্যৱসায়ীসকলে এই সময়ছোৱাত সফল উদ্যোগী হিচাপে প্ৰতিষ্ঠা লাভ কৰিব আৰু ভাল লাভ প্ৰাপ্ত কৰিব।

স্বাস্থ্য: এই সপ্তাহত আপোনাৰ স্বাস্থ্য যথেষ্ট ভালে থাকিব। আপুনি উৎসাহেৰে পৰিপূৰ্ণ আৰু স্বাস্থ্যৱান হৈ থাকিব। আপোনাৰ দৃঢ় সংকল্পৱদ্ধতা আৰু সন্তুষ্টিৰ বাবে এই সকলোবোৰ সম্ভৱ হ’ব।

উপায়: দৈনিক 33 বাৰ 'ঔঁ শুক্ৰায় নমঃ' মন্ত্ৰ জপ কৰক।

মূলাংক 7

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 7, 16 বা 25 তাৰিখে হৈছে)

এই মূলাংকৰ লোকসকলৰ মাজত প্ৰায় সকলোবোৰ দক্ষতা দেখা পোৱা যায় আৰু এওঁলোকক নিজৰ এই দক্ষতাবোৰ বিকশিত কৰিবৰ বাবে প্ৰচেষ্টা কৰা দেখা যায়। এই লোকসকল আধ্যাত্মিক প্ৰবৃত্তিৰ হয় আৰু ঈশ্বৰৰ ওপৰত বিশ্বাস তথা আস্থা ৰাখে।

প্ৰেম জীৱন: এই সপ্তাহত আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজৰ সম্পৰ্কৰ সুখ-শান্তি ভংগ হ’ব পাৰে। আপুনি নিজৰ সঙ্গীৰ সৈতে প্ৰেমপূৰ্ণ সম্পৰ্কৰ আনন্দ উপভোগ কৰাৰ ক্ষেত্ৰতো বঞ্চিত হ’ব।

শিক্ষা: গুঢ় বিজ্ঞান, দৰ্শন আৰু সমাজবিজ্ঞানৰ দৰে বিষয়সমূহৰ অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলৰ বাবে এই সপ্তাহটো সিমান লাভজনক নহ’ব। আপুনি পঢ়া-শুনা কৰাত আৰু ভাল নম্বৰ লাভ কৰাত সমস্যাৰ সম্মুখীন হ’ব পাৰে।

বৃত্তিগত জীৱন: এই সপ্তাহত আপোনাৰ ভিতৰত কিছুমান দক্ষতা বিকশিত হ’ব পাৰে। ব্যৱসায়ীসকলৰ বাবে লোকচানৰ স্থিতি দেখা যায়।

স্বাস্থ্য: এই সপ্তাহক এলাৰ্জীৰ বাবে ছালৰ জ্বলা-পোৰা হ’ব পাৰে। ইয়াৰ উপৰিও আপোনাৰ পাচন সম্পৰ্কীয় সমস্যাই দেখা দিয়াৰ সম্ভাৱনা আছে।

উপায়: দৈনিক 41 বাৰ 'ঔঁ গণেশায় নমঃ' মন্ত্ৰ জপ কৰক।

মূলাংক 8

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 8, 17 বা 26 তাৰিখে হৈছে)

এই সপ্তাহত মূলাংক 8 ৰ জাতকসকলৰ ধৈৰ্য্যৰ বান্ধ খোল খাব পাৰে আৰু এওঁলোকে সফলতা প্ৰাপ্ত কৰাত পিছ পৰি থাকিব পাৰে। যাত্ৰাৰ সময়ত আপোনাৰ কোনো মূল্যৱান বস্তু হেৰাব পাৰে যাৰ বাবে আপুনি চিন্তাত পৰিব পাৰে।

প্ৰেম জীৱন: অংক জ্যোতিষ অনুসৰিএই সপ্তাহত প্ৰপাৰ্টিক লৈ পৰিয়ালত চলি থকা সমস্যাই আপোনাক অশান্তি দিব পাৰে। লগতে আপোনাৰ বন্ধু-বৰ্গই দিয়াই সমস্যাৰ বাবে আপোনাৰ জীৱনসঙ্গী বা প্ৰেমাস্পদৰ সৈতে সম্পৰ্ক ভালদৰে বজাই ৰখাতো অসুবিধা আহিব পাৰে।

শিক্ষা: যথেষ্ট প্ৰয়াস কৰাৰ পিছতো এই সপ্তাহটো ত শিক্ষাৰ্থীসকল পঢ়া-শুনাত পিছ পৰি থাকিব পাৰে। সফল হ’বৰ বাবে আৰু আগবাঢ়ি যাবৰ বাবে আপুনি অধিক কষ্ট কৰিব লাগিব।

বৃত্তিগত জীৱন: চাকৰিয়াল জাতকসকলে নিজৰ কামৰ বাবে স্বীকৃতি লাভ নকৰিব আৰু এই কথাই তেওঁলোকক চিন্তাত পেলাব পাৰে। ব্যৱসায়ীসকলে ব্যৱসায়ত উচ্চ মানদণ্ড বজাই ৰখাত আৰু লাভজনক চুক্তি কৰাত সমস্যাৰ সম্মুখীন হ’ব পাৰে।

স্বাস্থ্য: মূলাংক 8 ৰ জাতকসকল এই সপ্তাহত অধিক চাপৰ বাবে ভৰি আৰু গাঁঠিৰ বিষৰ সম্মুখীন হ’ব পাৰে। অসন্তুলিত আহাৰ গ্ৰহণ কৰাৰ ফলস্বৰূপে আপোনাৰ সৈতে এনে হ’ব পাৰে।

উপায়: দৈনিক 11 বাৰ 'ঔঁ বায়ুপুত্ৰায় নমঃ'জপ কৰক।

কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিয়াই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন

মূলাংক 9

(যদিহে আপোনাৰ জন্ম কোনো মাহৰ 9, 18 বা 27 তাৰিখে হৈছে)

এই মূলাংকৰ জাতকসকল যথেষ্ট সাহসী আৰু শৃংখলাৱদ্ধ হয়। তেওঁলোকে ডাঙৰ ডাঙৰ কামো অতি সহজতে কৰি পেলায়। এই জাতকসকল শৃংখলাৱদ্ধ হোৱাৰ লগতে সময়ৰ ক্ষেত্ৰতো নিয়মানুৱৰ্ত্তী হয়।

প্ৰেম জীৱন: আপুনি আপোনাৰ জীৱনসঙ্গীৰ সৈতে অধিকনীতিগত দৃষ্টিভংগী পোষণ কৰিব আৰু সম্পৰ্কত উচ্চ মূল্যবোধ স্থাপন কৰিব। ইয়াৰদ্বাৰা আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ মাজত ভাল পাৰস্পৰিক বুজাবুজি বিকশিত হ’ব।

শিক্ষা: অংক জ্যোতিষ অনুসৰিএই সপ্তাহত মেনেজমেণ্ট, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আদিৰ দৰে বিষয় অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলে ভাল প্ৰদৰ্শন কৰিবৰ বাবে প্ৰতিজ্ঞাৱদ্ধ হৈ থাকিব। আপুনি যিয়েই পঢ়িব সেয়াই দ্ৰুততাৰে মনত ৰাখিব পাৰিব আৰু পৰীক্ষাত উৎকৃষ্ট প্ৰদৰ্শন কৰিবলৈ সমৰ্থৱান হ’ব।

বৃত্তিগত জীৱন: আপুনি নিজৰ কামত যথেষ্ট ভাল প্ৰদ্ৰশন কৰিব আৰু আপোনাৰ কামে স্বীকৃতি লাভ কৰিব। আনহাতে ব্যৱসায়ীসকলে ভাল লাভ প্ৰাপ্ত কৰাৰ বাবে উন্নত সুযোগ লাব কৰিব আৰু এইদৰে প্ৰতিদ্বন্দীসকলৰ সম্মুখত তেওঁলোকৰ প্ৰতিষ্ঠা বৃদ্ধি হ’ব।

স্বাস্থ্য: এই সপ্তাহত আপোনাৰ স্বাস্থ্য যথেষ্ট ভালে থাকিব। বৰ্দ্ধিত উৎসাহ আৰু উদ্যমৰ বাবে আপোনাৰ স্বাস্থ্য ভালে থাকিব।

উপায়: মঙ্গল গ্ৰহক সন্তুষ্ট কৰিবৰ বাবে মঙ্গলবাৰে যজ্ঞ-হোম কৰক।

সকলো জ্যোতিষীয় সমাধানৰ বাবে ক্লিক্ কৰক: এষ্ট্ৰোচেজ অনলাইন শ্বপিং ষ্টোৰ

আমি আশা কৰিছোঁ যে আপুনি আমাৰ এই ব্লগটো নিশ্চয় পছন্দ কৰিছে। যদিহে এনে হয় তেনেহ’লেআপুনি ইয়াক নিজৰ শুভাকাংক্ষীসকলৰ সৈতে শ্যেয়াৰ কৰক। ধন্যবাদ!

Astrological services for accurate answers and better feature

33% off

Dhruv Astro Software - 1 Year

'Dhruv Astro Software' brings you the most advanced astrology software features, delivered from Cloud.

Brihat Horoscope
What will you get in 250+ pages Colored Brihat Horoscope.
Finance
Are money matters a reason for the dark-circles under your eyes?
Ask A Question
Is there any question or problem lingering.
Career / Job
Worried about your career? don't know what is.
AstroSage Year Book
AstroSage Yearbook is a channel to fulfill your dreams and destiny.
Career Counselling
The CogniAstro Career Counselling Report is the most comprehensive report available on this topic.

Astrological remedies to get rid of your problems

Red Coral / Moonga
(3 Carat)

Ward off evil spirits and strengthen Mars.

Gemstones
Buy Genuine Gemstones at Best Prices.
Yantras
Energised Yantras for You.
Rudraksha
Original Rudraksha to Bless Your Way.
Feng Shui
Bring Good Luck to your Place with Feng Shui.
Mala
Praise the Lord with Divine Energies of Mala.
Jadi (Tree Roots)
Keep Your Place Holy with Jadi.

Buy Brihat Horoscope

250+ pages @ Rs. 599/-

Brihat Horoscope

AstroSage on MobileAll Mobile Apps

Buy Gemstones

Best quality gemstones with assurance of AstroSage.com

Buy Yantras

Take advantage of Yantra with assurance of AstroSage.com

Buy Feng Shui

Bring Good Luck to your Place with Feng Shui.from AstroSage.com

Buy Rudraksh

Best quality Rudraksh with assurance of AstroSage.com
Call NowTalk to
Astrologer
Chat NowChat with
Astrologer